Monday 30 January 2012

মোৰ গুৱাহাটী


গুৱাহাটীৰ এখন গোহাৰীৰ নমুনা
মোৰ চহৰ


গম নোপোৱাকৈয়েই মানু্হ প্রেমত পৰে নিজে ডাঙৰ হোৱা ঠাইখনৰ আৰু কেতিয়াবা কেতিয়াবা সেই প্রেমৰ ৰোমান্থনেই মানুহজনৰ পৰিচয় হৈ পৰে।উদাহৰণ বহু আছে যেনে ধৰক -আৰহান পামুক ।নবেল বিশাৰদ জনৰ লিখনিত বাৰে বাৰে ঘুৰি আহে তেওৰ শৈষৱৰ প্রেম ইষ্টানবুলৰ স্মৃতি।প্রজন্মৰ পিচত প্রজন্মৰ গৌৰৱময় বংশগত ইতিহাসৰ সৈতে ইষ্টানবুলতে জন্ম লৈ ,ডাঙৰ হৈ ,লঞ্ছিত আৰু বহিস্কৃত হোৱাৰ পিচতো ইষ্টানবুলৰ  পিচ পামুকে আৰু পামুকৰ পিচ ইষ্টানবুলে এৰা নাই ।আৰু এতিয়া ইমান বছৰৰৰ পৌণ পৌনিক  কচৰতৰ পিচত আমাৰ দৰে পঢ়ুৱৈৰ বাবে ইষ্টানবুল আৰু পামুক একার্থক শব্দ ৰুপে পৰিগনিত হৈছে।আমাৰ ভাৰত বর্ষতো এনেকুৱা উদাহৰণ বহু আছে ।
মই ব্যক্তিগতভাবে লগ পাই এনে প্রেমৰ অধিকাৰি বুলি অনুভব কৰা আন এজন জনপ্রিয় লেখক হল :- ৰাস্কিন বন্ড । মুছৌৰী আৰু ডেৰাদুনত ডাঙৰ হোৱা মানুহজন শৈষৱতে আংশিক অনাথ হৈছিল । পিচত দেশখন স্বাধীন হল। জন্মশুত্রে বগা তেজ লৈ ডাঙৰ হোৱা মানুহজন কুতুম সকলৰ উপদেশ মানি থিতাপি লাগিবলৈ ইংলেন্ডলৈও গৈছিল ।কিন্তু তিনিতা প্রজন্মৰ পৰা মানুহজনৰ তেজত প্রবাহিত হৈ আছিল হিমালয়ৰ প্রতি অনুৰাগ ।প্রবাসত (!) কেইদিনমান তাতে থাকিয়েই গম পালে যে পাহাৰৰ পৰা ,বন্ধুবোৰৰ পৰা ,আৰু ইয়াৰ আলু টিক্কী বোৰৰ পৰা আতৰি থকাতো অতি যন্ত্রনাদায়ক ।অন্তত মানুহজনে নিজকে চিনি পোৱা ৰাস্কিন বন্ড নামৰ মানুহজনৰ বাবে তাৰে সেই আচহুৱা জীৱন জাপন কৰাতো অসম্ভব। গতিকে প্রথম কেইবছৰৰ পইচাৰে ভাৰতলৈ বুলি জাহাজৰ টিকটৰ পইচাখিনি  জমা হোৱাৰ লগে লগেই তেও ঘৰমুখি হল।আৰু  সেই যে ঘুৰি আহিল আহিলেই :তাৰ পিচত ৰাস্কিন বন্ড মানেই আমি জানো হিমালয় আৰু ডেৰাদুন।
এই শিতান লিখোতা ওপৰত উ্ল্লেখিত সকলৰ দৰে মেধাৰ অধিকাৰি নহলেও নিজৰ বুলি ভবা চহৰ গুৱাহাটীৰ প্রতি প্রায় তেনে এটাই আকর্ষণ কঢ়িয়াই লৈ ফুৰিছো।  যোৱা দহবছৰে কর্মসু্ত্রে মই গুৱাহাটীৰ পৰা আতৰি আছো যদিও বছৰত এবাৰ বা দুবাৰ গুৱাহাটীলৈ আহি কিছুমান বস্তু দেখি তবধ মানো।তাৰে কিছুমান পৰিবর্তন আবশ্যে  গৌৰবৰ কাৰক হয়  কিন্তু ভালেখিনি অতি লাজলগা ধৰনৰ পৰিবর্তন ।
যেনে ধৰক সকলোৱেই ভাবে অসমীয়া মানুহবিলাক সহজ সৰল।ময়ো মানো (!),কিন্তু যোৱা দহবছৰত গুৱাহাটিৰ চুকে কোনে অতিস্থ ৰাইজে দেৱালত লিখিব লগিয়া হৈছে এনে কিছুমান লিখনি: সুসভ্য লোকে ট্রেফিক নিয়ম মানি চলে ,নহলে নিজৰ ঘৰৰ জাৱৰ জোঠৰ যতে ততে পেলাই প্রদুষণ সৃষ্টিৰ পৰা দুৰত থাকক, ৰাজহুৱা স্থাণত মাদক দ্রব্য সেৱণ কৰাৰ পৰা আতৰি থাকক   কিন্তু অলপ ঘুৰা ফুৰা কৰিলেই গমপাব অতিস্থ লিখনি বোৰে একো কামত অহা নাই।মানুহবোৰ দিনে দিনে বহু অসহনশীল আৰু কঠুৱা হৈ গৈছে।
হয়টো গোতেই পৃথিৱীয়েই কঠুৱা হৈ পৰিছে ,কিন্তু মোৰ চহৰ গুৱাহাটীত তেনে ঘটনা?
আপুনি মোৰ কথা মনা নাই ? এটা কাম কৰক প্রমাণ পাই যাব : যোৱা চাৰি বছৰৰ প্রকাশিত হোৱা বাতৰি কাকত সমুহৰ প্রথম দহদিনৰ বাতৰি খুলি লওক ,দেখিব প্রায় প্রতিদিনেই কমেও এটাকৈ লোহমর্ষক হত্যাকান্ড মহানগৰীতেই ঘতিছে ।ঘটনাবোৰো এনে যে আমি ক্রাইম ঠ্রিলাৰবোৰতো ইমান জঘণ্য কাহিনী কিজানি পঢ়িব পোৱা নাই। আমি সাধাৰনতে বাহিৰাগতৰ নামত অপৰাধবোৰ জাপি দিও ,কিন্তু ধৰা পৰা হত্যাকাৰী বোৰৰ নাম আৰু উপাধিসমুহ  লক্ষ কৰিব, অপৰাধী বোৰ  ভয়লগাভাবে স্থানীয়)।
আৰু দুটামান ব্যক্তিগত উদাহৰণ দিও : মই যোৱাবাৰ গুৱাহাটী গৈ পাইয়েই সন্ধিয়া চয় বজাত ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰলৈ আগুৱাই গলো।(দিশপুৰৰ পৰা ৰাজগঢ়) ,তেনেতে ,এজাক বৰষুন দিলে ।চাৰিওপিনে এনেকৈ পানী জমা হল যে ঘৰলৈ ঘুৰি আহাটো অসম্ভব হৈ পৰিল।
পানী খচি বহু কষ্টৰ পিচত ঘৰ আহি পালো ,ঘৰৰ পৰা পানী সিচি বাহিৰ কৰিলো :তাৰপিচত দেখো খাবলৈ পানী নাই।
     গোতেই কেইতা কাৰণৰ প্রতিকাৰৰ বাবেই বাবেই আমি :ডাঙৰ ডাঙৰ টিভি শ্বত চিয়ৰিছো ,নহলে সম্পাদকলৈ চিঠি লেখিচো ,বা  ব্লগ লিখি্ছো ।
কিন্তু দ কৈ ভাবিব গলে গম পাম যেন কৰবাত আমি কৰা দোষ,ভাবলেশহীনতা আদিৰ বাবেই আমাৰ মৰমৰ চহৰখন লাহে লাহে এখন প্রাণহীন :- কঠোৰ(নিস্ঠুৰ) মহানগৰীত পৰিগনিত হৈছে।কিছুমান পৰিবর্তন অসহনীয়।


অথাপিও ভাব হয় যিমানেই গালি নাপাৰো কিয় ,তথাপিও মোৰ চহৰ ,মোৰ চহৰেই ।
সেইবাৰ গুৱাহাটি ভ্রমণৰেই কথা : ডেৰাদুনলৈ ঘুৰি আহিবলে উৰাজাহাজত বহি আছিলো।স্বভাবগতভাবেই  ইমানবোৰ খঙ ৰাগ কৰি উঠিও যেতিয়া ঘুৰি আহিব ওলাইছো তেতিয়া মনটো বেয়া লাগি আহিল। উৰাজাহাজখনে ধেনুভৰিয়া পাকটো লওতে তলত জিলিকি আছিল  লুইতখন আৰু তাৰ কাষত দেখিলো মোৰ চহৰখন:-
ভাব হল:-
স্বপ্ন আৰু বাস্তৱ,বন্ধু আৰু শত্রু,সকলোৰেই এই চহৰ
জীৱনৰ প্রতিতো কোঁহত পিয়াহ ,অমৃত গৰলৰ মোৰ এই চহৰ।
এই চহৰ-মোৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ
এই চহৰ-মোৰ কর্ম,লক্ষ,সুখ আৰু যন্ত্রণাৰ
পলাই কলৈনো যাম?কিমননো দুৰ পাম
সুৰুয দুবে নদীত ভেজা দিয়া পাহাৰৰ শিখৰত
নিয়ন চাকি জ্বলে নৈৰ ইপাৰত(মাথো মোৰ চহৰত)।#
(# লেখকৰ যাত্রা কিতাপৰ চুটীৰ দিনলিপিৰ নামৰ চন্দত লিখা গল্পটোৰ কেইশাৰি মান; পৃষ্ঠা:১৯৮ ।)

Tuesday 24 January 2012

টকলা চর্দাৰ বা স্বৰচিত লোকগীত



আজি অসমীয়া বাতৰি কাকত এখনত  এটা বাকচৰ ভিতৰৰ(!) বাতৰি দেখি শৈশৱৰ হাহি উঠা ঘটনা এটা মনত পৰিল।
কিবা এটা বাহাগী উৎসব (আদৰনী ,বৈতৰনী , বিদায় ,পাহৰনী বা তেনে ধৰনৰ) চলি আছিল ।তেনেতে এজন মানুহ মঞ্চত উঠিল ;নেপথ্য নাৰীকন্থৰ  ঘোষণা :এয়া মঞ্চত শ্রীমান......ৰ লোকগীত । বৰলে বিন্ধা  পানীলাওৰ  জালীৰ দৰে মুখখনৰ গায়ক এজন মঞ্চত আৰু ঘোষণা কৰিলে মই এতিয়া আপোনাৰ আগত স্বৰচিত লোকগীত পৰিবেশন কৰিম ।
মোৰ বয়স তেতিয়া চয় বা সাত ,তেওৰ বাক্যতোৰ ব্যঙ্গতা /মুর্খতাৰ গুৰুত্ত মই তেতিয়া বুজিব  পৰা নাছিলো। আচৰিতভাবে তাত জমা হোৱা বেছিভাগ দর্শকেই মোৰ দৰে ভাবলেশহীন হৈ মঞ্চলৈ চাই থাকিল ;নহলে নিজৰ নিজৰ চানাচুৰ ভজা খোৱাত  ব্যস্ত হৈ গল।
মাঠো মোক লৈ যোৱা দাদা সকল আৰু মাহতেহে উচ্চস্বৰে হাহিব ধৰিলে।প্রথমতেতো মই ভাবিছিলো কিয়নো হাহিছে সিহতে ।মানুহজনে গান লিখিছে ভাল হে কথা ।সময় আগবাঢ়িল অলপ চলপ বুজিলো কথাবোৰ..
তাৰপিচত ইমান বছৰে  স্বৰচিত লোকগীতৰ ঘটনাটো  আমাৰ কেইজনমানৰ বাবে ব্যক্তিগত কৌতুকৰ মাইলৰ খুতি হিচাপে পৰিগনিত হৈছে।

আজি বাতৰি কাকতৰ বাতৰিতোৰ শিৰোণামা আছিল গোৱালপৰীয়া লোকগীতৰ স্বৰলিপি প্রকাশ !!!
(অসমৰ পৰা প্রায় দুহেজাৰ কিলোমিটাৰ দুৰত থাকো যদিও দেশৰ বা ৱাতৰি বাবে ই পেপাৰবোৰ এবাৰ খোলো)
মোৰ শৈষৱৰ সেই ব্যঙ্গাত্মক ঘটনাটো মনত পৰিল।
লোকগীতৰ স্বৰলিপি ?
মানে ধৰক :-
চুট টাই পিন্ধা হিপ্পী।
বা টকলা চর্দাৰ!
অনাসক্ত মদাহী .....
লোকগীত ,আৰু তাৰ ব্যাকৰণ .........।
মানুহৰ মাজত লালিত পালিত গানবোৰক আমি এনেয়েই বহু কাৰনত নাকি লগাব গৈ আছো ,অলপ হবও লাগিব তাতে এয়া মুক্ত ভাব প্রকাশৰ যুগ ।
কিন্তু স্বৰলিপিৰে নাকি লগাব খোজাতো স্বৰচিত লোকগীতৰ দৰেই লির্লজভাবে হাস্যস্পদ ।
লোকগীত মানে স্বত:স্ফুর্ত আৰু স্বাধীন ।

Saturday 21 January 2012

অতৃপ্তিৰ উত্তৰ আৰু ভিজুৱেল নেৰেতিভ


লেবিৰিন্ঠ:  (চিত্র১):গুপ্তধন পাৱলৈ এটিয়েই বাট

মেজখেল (চিত্র ২):গুপ্তধন পাৱলৈ আছে বহু বাট


আধুনিক মানুহৰ প্রধান সমস্যা-অতৃপ্তি, সকলোৰে ভাব কিবা এটা নাই। বহু বছৰৰ পৰা এলানি সমান্তৰাল কাহিনী লিখি আছিলোঁ যত একে চৰিত্র কেইটাৰেই জীৱনৰ বহু মুহুর্ত ধৰাৰ প্রচেষ্টা কৰা হৈছিল। সকলোৰে সমস্যা কিবা এটা নাই। এই যাত্রা যন্ত্রণাময় আছিল আৰু প্রায় দহ বছৰ পিছত মই নিজে সৃষ্টি কৰা এই চৰিত্র সমূহে মই সৃষ্টি কৰা যন্ত্রণাৰ কাৰণে মোক শাওপাত দিব ধৰা যেন ভাব হল মোৰ। এটা সময়ত এন লাগিল যান দিনে ৰাতি চৰিত্রবোৰে মোৰ পিছ লৈ এই যন্ত্রণাৰ পৰা মুক্তি বিচাৰিছিল। এ্‌ই সংঘর্ষ ইমানেই বেছি হল যে মই লেখাই বন্ধই কৰি দিলোঁ, তথাপিও যেন এই চৰিত্রবোৰে, সিঁহতৰ যন্ত্ৰনাই মোৰ পিছ নেৰা হল। যিহেতু চৰিত্রবোৰ মোৰ মাজেৰে সৃষ্টি হৈছিল সিঁহতক যন্ত্রণা মুক্ত কৰাৰ নৈতিক দায়িত্বও মোৰেই। সেইবাবেই নতুন লেখনীৰ মাজেৰে সিঁহতৰ যন্ত্রণাৰ উপশম কৰিব পাৰিম বুলি ভাবিলোঁ।
সেই সময়ত মই ব্যক্তিগত কাৰণত কলা ইতিহাসৰ বিষয়ে পঢ়াশুনা কৰি আছিলোঁ ,আনহাতে মই সৃষ্টি কৰা চৰিত্ৰসমূহৰ সমস্যাবোৰো কলা ইতিহাসৰ দর্শনৰ লগত সামঞ্জস্য আছে। ভাব হল কলা ইতিহাসৰ পাততেই বিচাৰি পাম এই সমস্যাৰ উত্তৰ।  সেইবাবেই যাত্রা আৰম্ভ হল  কলা ইতিহাসৰ গল্প কৰণ। কলা ইতিহাসৰ আবেদময় ভাগ কিছুমানক প্ৰেৰণা হিচাপে লৈ গল্প লিখাৰ কথা ভাবিলোঁ, ভাবিলোঁ যে ভাবিলোই নিজকে একপ্রকাৰ প্ৰতিশ্ৰুতিয়ে  দিলোঁ।
মই কোনো কলা বিশাৰদ বা ইতিহাসবিদ নহয় ,না কোনো বিজ্ঞ পুৰুষ; মাঠোঁ অনুভবেৰে কাহিনী লিখোঁ, ই কলা ইতিহাসৰ শিক্ষাবিষয়ক লিখনী নিশ্চয় নহয়। যেনেকৈ দীপা মেহতাৰ আর্থ (Earth )নামৰ চিনেমাখনত ভূ তত্ব বিজ্ঞানৰ আগ্নেয় শিল ,গেদীয় শিল বিচাৰি নাপাওঁ আমি বিচাৰি পাম মাটি আৰু তাৰ সম্বন্ধীয় মানৱীয় আবেগ ঠিক তেনেদৰেই এই গল্পকেই তাতো কলা ইতিহাস নাই ,কলা ইতিহাসৰ মূল বিষয় শৈলী (Style) বা কোনো দিশক(part) লৈ কিছুমান মানুহৰ কাহিনী লিখাৰ চেষ্টা ৰা হল।
এই শৃঙ্খলটো লিখিব আৰম্ভ কৰিহে অনুভব কৰিলোঁ সমস্যাবোৰৰ উত্তৰ পোৱাতকৈ সমস্যাবোৰ আৰু গভীৰহে হৈ পৰিল,যেন একে কামোৰত খাব খোজা ভীমকলটো গলত লাগি পৰিল। মই যেন এক চাকনৈয়াৰ মাজতহে সোমাই পৰিলোঁ।
তিনি চাৰি বছৰ কক বকাই অৱশেষত শেষ কৰিলোঁ  art history fictionalization যিহেতু কলা ইতিহাস বুলিলে আমি ইউৰোপৰ কলাৰ ইতিহাসৰ কথাই বুজোঁ আৰম্ভ হল কলাৰ ইতিহাসৰ তিনিটা আবেদনময়ি ভাগ Impressionism,  Dadaism,  Surrealism ক গল্পৰ বিষয় বস্তু হিচাপে লৈ গল্প লিখা  আৰম্ভ কৰি দিলোঁ ।এই কাম আন কোনোবাই কৰিছে নে নাই মই নাজানোঁ ।ব্যক্তিগত ভাবে মই ইয়াক কৰিবলৈ অনুপ্ৰাণিত হৈছিলোঁ পোলেণ্ডৰ চিনেমানির্মাতা : Krzysztof Kieślowski ৰ টিভি চিৰিজ ডেকালগ চাই যত তেও খৃষ্টান ধর্মী লোকৰ দহটা জীৱনৰ ধাৰাক (Tenth commandment ) চিনেমাৰ ৰূপত দিছিল। এটা বিষয়(subject )ৰ মূল ভাবৰ আলমত কাহিনী নির্মাণ কৰা দহখন চিনেমা। বুদ্ধিদীপ্ত চিত্রনির্মাতাৰ কাহিনী ভাগত কোনো ধৰণৰ ধর্মপ্রচাৰ বা ,এক কথাৰ পুনৰুক্তি হোৱা নাই ।যেনে ধৰক মন্টাজ ,মন্টাজ হল দাদাবাদ নামাৰ কলা ইতিহাসৰ সৃষ্টি ঠিক কলাজৰ দৰেই ইয়াৰে  বাতৰি কাকতৰ বিভিন্ন অংশ কাটি এক নতুন ইঙ্গিতধর্মী ছবিৰ সৃষ্টি কৰে। কলা ইতিহাসৰ কল্পিত গল্পৰ এটা দাদাবাদ নামৰ গল্পটোত তেনেকুৱা- বাস্তৱ ,চিতবিভ্রম, সৃষ্টি ,সৃজকৰ যন্ত্রণাৰ মন্টাজ বনাবৰ চেষ্টা কৰা হৈছে, ই কোনো দাদাবাদৰ ওপৰত লিখা  শৈক্ষিক গল্প বুলি ভাবি পঢ়িলে হয়তো পঢ়ুৱৈ বিপথে পৰিচালিত হব।  
পঢ়ুৱৈএ জানেই, মই আগতেও কৈছো গল্প হল স্বাধীন সত্তা আৰু মই বা গল্পকাৰ হল তাৰ surrogate মাতৃ ।গল্পবোৰৰে নিজে নিজৰ ৰূপ লোৱা আৰম্ভ কৰিলে সেই তিনিটি চৰিত্রৰ মাজত। যিহেতু ই কলা ইতিহাসৰ বিষয়ে গতিকে গল্পকেই তাৰ কাহিনী ভাগ আগবাঢ়িবলৈ  visual narrative ৰ সহায় ললে। কেতিয়াবা ছবি ,কেতিয়াবা কোনো চিহ্ন।
উক্ত বিষয় তিনিটাৰ উপৰিও কলাৰ ইতিহাসৰ আৰু বহু ভাগ আছে ,কিন্তু লিখি থাকোঁতে কাহিনীৰ চৰিত্রসকলৰ বিশ্বাস হল যে কোনো এটা ইজম (বা বাদৰ  ) মাজত সোমাই ককবকাব ধৰিলে। পৃথিৱীৰ কোনো সত্তাই এটা ইজমৰ গন্ডিৰ ভিতৰত বেছিদিন সোমাই থাকিব নোৱাৰে। গতিকে চৰিত্রবোৰৰ এনেকুৱা লাগিল যেন সিহঁতে কোনো এটা সাঁথৰৰ ৰ মাজত সোমাই আছে ,যেনে লেবিৰিন্ঠ নহলে মেজ খেল ।
মই বুজালোঁ ধৰা হল আমি গুপ্ত ধনৰ সন্ধানত আছো ।,আমি জানো সেই ৰত্নভান্ডাৰ বিলাক কত আছে কিন্তু তালৈ বাটটোহে নাজানোঁ 
লেবিৰিন্ঠ:  (চিত্র১):
মেজ খেল (maze)(চিত্র ২):
দেখাত একে লাগিলেও ভিতৰলৈ সোমালে দেখিম যে : লেবিৰিন্ঠত লক্ষস্থানলৈ যাবলৈ এটাই বাট ,কিন্ত মেজ খেলত দেখিব লক্ষস্ধানলৈ যাবলৈ আছে বহু বাট।
ঠিক জীৱনতো দৰে। প্রশ্নৰ উত্তৰ আছে বহু দিশে
সেয়াও এক ভিজৰেল নেৰেটিভ ! অতৃপ্তিৰ উত্তৰ পাবলৈও নিশ্চয় হাজাৰ বাট আছে। এতিয়া কথা হল লিখনিক বুজাবলৈ ছবিৰ বা ভিজুৱেল নেৰাটিভৰ সহায় কিয় লব লগা হল?
এই প্রশ্নৰ দুটা উত্তৰ হব পাৰে
১.  মেধাৰ অভাব ,গতিকে সম্পৰিক্ষাৰ বাবে এইবোৰ চঙভঙ।
২. শব্দৰ পৃথিৱীৰ অভাব বুজাবলৈ/পুৰাবলৈ ছবিবোৰ আগবাঢ়ি আহিছে। লিখা শব্দৰ বহু সময়ত কিছু আসোঁৱাহ আহি পৰে তাৰ বাবেই সৃষ্টি হয় চিত্রকল্প, সংগীতৰ.. আৰু মই চিত্রশিল্পৰ সহায় ললো।
সৃজক হিচাপে মোৰ ২ নং উত্তৰতো মোৰ উত্তৰ বুলি কম ,প্ৰতিজন পাঠক সমালোচক উত্তৰতো আন ভাবে লোৱাৰ অধিকাৰ আৰু স্বাধীনতা নিশ্চয় আছে
সেই যন্ত্রণাৰ সংঘৰ্ষৰ পিছত কলা ইতিহাসৰ চাকনৈয়াৰ পৰা বাহিৰ হলো আক্টাভিও পাজৰ অধিনাস্তবিক সৃষ্টি টপএমা সহায়ত।
আৰু বহু ছবি (মানে ভিজুৱেল নেৰেতিভৰ সহায়ত) বহু চিন্তাৰ আৰু বহু সংঘৰ্ষৰ পিছত পিচত নিকলাচ ৰৰিকৰৰ দর্শনে চৰিত্র সমূহক সেই চাকনৈয়াৰ পৰা বাহিৰ কৰিব সক্ষম হল কিন্তু তাকে কৰোঁতে খৰচ হল আৰু তিনি বছৰ ,আৰু সৰ্বমুঠ মোৰ জীৱনৰ পোন্ধৰটা বছৰ যত ভিজুৱেল নেৰেটিভত বিচাৰি পালো এই অনন্ত অতৃপ্তিৰ উত্তৰ।

Saturday 7 January 2012

এক নতুন সুত্রধাৰ

এক নতুন সুত্রধাৰ!

কথাবোৰ অলপ খেলিমেলি ।গতিকে বুজাবলৈ প্রথমতে এটা ঘটনা দর্শাও আপোনালোকৰ আগত। মই কিন্তু ঘটনাতোৰ কাহিনীকাৰো নহয়, সুত্রধাৰো নহয়, চৰিত্রও নহয় । মই এজন ক্ষুদ্র প্রতক্ষদর্শীমই যি দেখিছিলো ঠিক তেনেদৰে দর্শাম আপোনালোকৰ আগত-
কেইজনমান মানুহে এটা শান্তিপুর্ণ সমদল উলিয়াইছিল। তেওঁলোকে ভবা মতে কিছুমান নায্য দাবী পূৰণৰ বাবে। সমদলটোক আগবঢ়াই লৈ যোৱা নেতা সদৃশ লোককেইজনৰ বাহিৰে আটাইবোৰ ভাবলেশহীন, যেন আহিব লাগে বাবেই আহিছে, জিন্দাবাদ বুলি চিয়ৰিব লাগে কাৰণেই চিয়ৰিছে ঠিক তেনেকুৱা অবস্থা। অলপদূৰ আগবঢ়াৰ পিছতেই আহি ওলাল বাতৰি কাকত আৰু ২৪ x ৭ বাতৰি পৰিবেশন কৰা টিভি চেনেলবোৰৰ সংবাদিক সকল, তেওঁলোকে সোধপোচ কৰাত নেতা কেইজনে উদ্দাত্ত কন্ঠেৰে তেওলোকৰ সমস্যাতো উপস্থান কৰিলে হয় কিন্তু তেতিয়াও পালিনেতা সকল সেমেনা সেমেনি কৰিয়েই আছেদেখিলে এনে লাগিব যেন সমুখত কাম কৰিবলগিয়া ফাইলবোৰ লৈ বহি থকা কোনো চৰকাৰী কার্য্যালয়ৰ বৰবাবুৰহে মুখ সেইখন। সমদলটোৰ খবৰ কভাৰ কৰিব অহা কেমেৰামেনকেইজনৰ এই কম্পজিচনটো চাই অলপো পচন্দ হোৱা নাই ।
বোলো ফটো ভাল অহা নাই, অলপ জোৰকে ছিয়ৰকএজন কেমেৰামেনে এইবুলি কেমেৰাটো ভাবলেশহীন আন্দোলনকাৰী সকললৈ ঘূৰাইদিলে। এইবাৰ তেওলোকৰ মুখলৈ অলপ পানী আহিল, সকলোৱে পুর্ণ উৎসাহেৰে চিয়ৰিব ধৰিলে।কেমেৰাৰ পাদার্পণৰ খৱৰ ফোন যোগেৰেই খবৰ দিয়াৰ ফলতেই নে কি নাজানো দহ মিনিতৰ ভিতৰতেই আৰু বহু মানুহ আন্দোলনত ভাগ হৈ হাত জোকাৰিব ধৰিলেইমানবোৰ মানুহ  আৰু কেমেৰা দেখি বাটৰ মানুহ বোৰেও কিনো হৈছে ছাবলৈ (বা কেমেৰাৰ আগত ওলাবলৈ) জমা হল। গতিকে সন্ধিয়ালৈ যেতিয়া বাতৰিতো পৰিবেশন কৰা হল ৰাইজে শুনিলে এক বিপুল প্রতিবাদৰ কাহিনী ( যিতো এটা অতি অগূৰুত্তপুর্ণ শান্তি সমদল আছিল প্রথম অবস্থাত।)
মই কোনো  কাহিনী কব খুজা নাই। কবলৈ আজিকালি এটা কাহিনী নাথাকেই, একেটাসময়তেই একেখন ঠাইত বহু ধৰণৰ ঘটনা চলি থাকে, গতিকে কাগজ কলমেৰে তাৰ প্রতিতো দিশ বুজাবলৈ উপযুক্ত সামর্থ কেতিয়াও হব নোৱাৰে। এনেইও ধুনিক যুগৰ কাহিনীবোৰ তেনেই জতিল। সেই হিছাপত আগৰ দিনৰ কথনশৈলিয়েই সহজ আছিল। যেনেধৰক সেইযুগৰ আমাৰ যাত্রাপর্টিবোৰ।
যাত্রা পার্টি ছাই কোনোৱেই এইতো কব নোৱাৰে যে- কিনো হৈছিল মই ধৰিবই নোৱাৰিলো কিন্তু আজিকালি নাটক চাওক, গল্প পঢ়ক, বাতৰি কাকত পঢ়ক বা যিয়েই নকৰক কিয়,আপুনি আছল ঘটনাটোৰ এটা দিশহে বুজিব পাৰিব,আনবোৰ দিশত কি হৈ আছে তাক যে ধৰিব নোৱাৰে যে সেইতো নির্ঘাট। অতি সৰল কাহিনী আৰু কথনৰ  যাত্রাত তেনেধৰণৰ বিভ্রান্তি কেতিয়াও হোৱা নাছিল। যাত্রাপার্টিবোৰটো কাহিনী কবলৈ এজন সূত্রধাৰ ঘুৰি ফুৰিছিল যাৰ নাম বিবেক। যাত্রাবিলাকে কোৱা আখ্যানটোৰ কোনো এটা চৰিত্রই বিবেক নহয়, কিন্তু কাহিনী আগবঢ়াই লৈ যাবলৈ যাত্রাখনত বিবেকৰ যোগদান অপৰিহার্য্য।
লাহে লাহে সকলোবিষয়ৰ দৰে কাহিনীৰ উপাদানবোৰো গনতান্ত্রিক হব ধৰিলে। গনতন্ত্র  মানে অবাধ ব্যক্তিগত স্বাধীনতা, আৰু স্বাধীনতা মানেই প্রচলিত নিয়ম ভাঙি নতুন ধৰনৰ আঙ্গিক আকোৱালি লোৱাৰ অহৰহ প্রচেষ্টা। প্রথমতে প্রতিতো পৰিবর্তনৰেই বহু বিৰোধিতা হয়, কিন্তু লাহে লাহে মানুহে সেই নতুন আহিলাতো জীৱনৰ শৈলি হিছাপে আকোৱালি লব লগিয়া হয়। যাত্রা এদিন লুপ্তপ্রায় হব ধৰিলে, নতুন ধৰনৰ নাটক ওলাল; লগতে ওলাল আন আন কাহিনী কোৱাৰ মাধ্যম। সুত্রধাৰ কিন্তু সকলোতে আছে
সুত্রধাৰ মানে যি কাহিনীতো কৈ শুনায় কিন্তু তাত একো অংশগ্রহণ নকৰে। কিন্তু  আমাৰ মানুহবোৰে মাথো দর্শক হৈ থাকিব ভাল নপোৱা হল, সকলোকে কাহিনীত সক্রিয় ভাগ লগা হল, গতিকে আমি সকলোৱে একে সময়তে ভিন ভিন কাহিনীৰ চৰিত্র হৈ সোমাই গলো, আন অর্থত ৰাইজ হৈ পৰিল ভাওৰিয়া দেশেই নাটঘৰ, পৃথিবীখন যেন এটি ইন্তেৰেক্টিভ ৰিয়েলিটি শ্ব, একেটা সময়তে নানাজনে হাজাৰ বিজাৰ কাহিনীত ভাও লব ধৰিলে, প্রতিটো ঘৰ, প্রতিখন ৰেষ্টুৰেন্ত অলি গলি হৈ পৰিল এটি এটি বেলেগ কহিনীৰ মঞ্চ। আৰু বিৱেক? আধুনিক মঞ্চত বিৱেকৰ বচন তেনেই সিমাব্দ্ধ। বিবেক নামৰ কোনোবা সুত্রধাৰ এসময়ত আছিল বুলিও মানুহবোৰে পাহৰিব ধৰিলে কিন্তু কাহিনী উপস্থাপনত সুত্রধাৰ এতিয়াও এক অপৰিহার্য্য বস্তু, বহু ক্ষেত্রত সুত্রধাৰ নহলে কাহিনীটো আগেই নাবাঢ়ে। তাৰেই সহায়ক হৈ আগবাঢ়ি আহিল আধুনিক প্রযুক্তি বিজ্ঞান, এই বাৰ ৰাইজৰ আগত কাহিনী উপস্থাপন কৰিবলৈ দায়িত্ত ললে ডিজিতেল কেমেৰা, মোবাইল কেমেৰা, স্পাই কেমেৰা, চি চি টিভি ৰ তৃতিয় নেত্র, ২৪ x ৭ নিউজ চেনেলৰ কেমেৰা। কেমেৰাই সম্প্রচাৰ ধৰিলে আমাৰ  অভ্যন্তৰিন অন্ধকাৰ খিনি ৰাজহুৱা ভাবে । যেন আমি ব্যক্তিগতভাবে বন্ধ কুথৰিত আবদ্ধ হৈ আছো বিগ বছৰ অংশগ্রহনকাৰিসকলৰ দৰে, আৰু আমাৰ খোৱা কামোৰাবোৰ চাই আন সকলোৱেই মজা লব ধৰিছে ।কেমেৰা হৈ পৰল আজিৰ যুগৰ নতুন সুত্রধাৰ।
তাৰো বহু বছৰেই হল: নতুন সুত্রধাৰ অতি সফল হল মানব সমাজৰ অন্তর্ণিহিত অভিলাশাৰ বাবে। সেয়া হল ভয়ুৰিজম (আনৰ ভিতৰুৱা কথা লুকাই চুৰকৈ চোৱা আসক্তি)।কেমেৰা গৈ পালে সকলোৰে শুৱনি কোথালৈ, দর্শক  হৈ পৰিল উৎফুল্লিত। আমাৰ জনজীৱনত কেমেৰাৰ প্রভাব দেখুৱাবলৈএই  এই ১৯৯৮ চনত এখন চিনেমা ওলাইছিল   নাম ট্রুমেন শ্ব ট্রুমেন বার্বেক (জিম কেৰি ) যি চিনেমাখনৰ মুখ্য চৰিত্র এজন সাধাৰণ আমেৰিকান যেনেই লাগিল আৰম্ভনিতে। এখন সৰু চহৰত জন্ম হৈ ডাঙৰ দীঘল হৈ প্রেমত পৰি চিনেমাখণৰ শেষত হে তেও গম পাই যে তেওৰ জীৱনতোই এটা ৰিয়েলিতি শ্ব। মানে জন্মৰে পৰাই ট্রুমেন এটা বৃহৎ ষ্টুদিওৰ ভিতৰত আবদ্ধ। তেওৰ ঘৰ, চৌহদ ,চহৰ প্রতিতো বস্তুই এ কৃতিম  আৰু ২৪ x ৭ কেমেৰাই তেওৰ জীৱনৰ প্রতিতো মুহুর্তই  সম্প্রচাৰ কৰি আছে, ৰাইজৰ বাবে । ট্রুমেনৰ মাক, দেউতাক, প্রেমিকা, ঘৰৰ কাম কৰা মানুহ, চহৰৰ সকলো দোকান, পষ্ট আফিছৰ মানুহ সকলো আভিনেতা অভিনেত্রি! আৰু তাকে চাই লাখজনে মজা লৈছে ।
           ইয়ালৈ কোনো সমস্যা নাছিল, কিবা এটা নতুনক আদৰিবলৈ, অগ্রাহ্য কৰিবলৈ বা আকোৱালি লবলৈ অলপ অসুবিধাতো হবই, কিন্তু গনতন্ত্রত আতাইতকৈ ভাল কথাটো হল আমি সকলোতে অমান্তি হব পাৰো অবশ্যে  মাত্র অমান্তিহে হব পাৰো, বাকি যি হৈ আছে যি হব লাগে ইচ্ছা থাকিলেও তাত আমাৰ কোনো কৰনীয় নাইএক হিচাপে ভালো কথা, বছ্ কৈ দিলে হল মোৰ গাত দোষ নাইতাৰ পিচত আৰম্ভ হৈ যাব আমাৰ বুদ্ধিজীবি বিচাৰধাৰা (আধুনিক গনতন্ত্রৰ আন এটা অবদান ) এইটোহে হব লাগিছিল হেন তেন ইত্যাদি ইত্যাদি।  আৰু নানা মতভেদ লৈ নানাজনে  আমান্তি স্বত্তেও বস্তু এটা চালু হোৱাটো  জীবনৰ ধাৰা হৈ পৰাতোত আমি বাধা দিব নোৱাৰো।
এই নতুন সুত্রধাৰৰ অপৰিহার্যতাক লৈয়েই দীবাকৰ বেনার্জীয়ে ২০১০ চনত বানালে LSD , (মাদক দ্রব্য  lysergenic acid নহয় লাভ চেক্ছ ধোকা )। বানিজ্যিভাবে সিমান সফল নহলেও চিনেমাখনৰ নতুন দিশটো আছিল প্রথম বাৰৰ বাবে চিনেমাএখনত সুত্রধাৰ হিচাপে ব্যবহাৰ কৰা হৈছিল কেমেৰা। চিনেমাখনত ঘটা প্রতিতো ঘটনা আমি গম পোৱাকৈ আৰু নোপোৱাকৈ  আমাৰ চাৰিওপিনে নানা ধৰনৰ কেমেৰাবোৰে যেনেকৈ দেখিছে থিক চিনেমাখনৰ কাহিনীতো বর্ণনা কৰা হৈছে।
এযুগ ব্যৱধানৰ পিচত নির্মান হোৱা একেবিষয়ৰ চিনেমা দুখনৰ মাজত মৌলিক  পার্থক্য মোৰ মতে এয়েই (মই নিজকে কলো -সকলোৰে দৰে ময়ো সার্বজনিন বুদ্ধিজিৱী হোৱাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত নকৰো কিয় ?) যে ১৯৯৮ৰ ট্রুমেন শ্ব ই সমৰি লৈছিল সমাজিক ভয়ুৰিজম (Social voyeurism ) দিশতোক, আৰু ২০১০ ত নির্মান হোৱা এলএচডিত সামাজিক ভয়ুৰিজমৰ বাহিৰেও সামৰি লোৱা হৈছে সামজিক এক্ষহিবিচনিজম (Social exhibitionism; এক্ষহিবিচনিজম : যাৰ নিজৰ গোপন অঙ্গ/কথা ৰাজহুৱা থাইত দেখুৱাৰ আগ্রহ আছে)
মানুহে দেখুৱাব বিচাৰিছে কেমেৰাই তাক ধৰি ৰাখিছে, মানুহে চাব বিচাৰিচে কেমেৰাই তাক সম্প্রচাৰ কৰিছে ,থিক আছে তাতেও একো আপত্তি নাই। কিন্তু ইষ্ট ইন্ডিয়া কোম্পানীয়ে অধিবাসীয়ে গম নোপোৱাকৈয়ে ভাৰতৰ নৃপতি হোৱাৰ নিচিনকৈ কেমেৰাই আমি গম নোপোৱাকে আমাৰ জীবন নাটকৰ সুত্রধাৰ হৈ পৰিল সেয়াও আধুনিক যুগৰ আন আন পৰিবর্তনবোৰৰ দৰেই এটা বুলি আমি ধৰি ললো ,তাতেও মোৰ এও আপত্তি নাই।
এতিয়া আহো মুল কথালৈ সুত্রধাৰৰ কর্তব্য কি? সৰাচৰতে আমি জনা সুত্রধাৰজনে কাহিনীতো ৰাইজৰ সম্মুখত উপস্থাপনহে কৰে ,নিজে কোনো ভাগ নলয় ,কিন্তু আজিৰ এই আধুনিক নাটঘৰ ,নাটক ,চৰিত্র বা জীৱন সকলো জতিল ;অতি জতিল ।  সাধাৰনঅর্থত যদি লক্ষ কৰো তেতিয়া আমি আজিও দেখা পাম কেমেৰাই সুত্রধাৰৰেই কাম কৰি আহিছে ।
তাতেই আহি পৰে বাক্যৰ শাৰিবোৰৰ ভিতৰত পর্য্যবেক্ষন কৰাৰ প্রয়োজনটো ।সেইবাবেই ৰচনাটো আৰম্ভ কৰা হৈছে তেনেকুৱা ধৰন উদাহৰন এটাৰে। ভালকৈ বুজিবলৈ আৰু কেইতামান উদাহৰণ লোৱা হওঁক।
এটা কার্য্যালয়ত তোষনৰ আৰোপ চহৰখনত বু বু বা বা চলি আছিল,ধৰা হল এটা যৌন তোষন (যৌন  এই শব্দটো ঘৰুৱা মহলত ব্যবহাৰ কৰা সকলোৱে তলমুৰ কৰিব উঠি যায় হয় কিন্তু , সংবাদ মাধ্যমত ব্যবহাৰ কৰাৰ লগেই দর্শক পঢ়ুৱৈৰ টিআৰ পি বহুগুনে বাঢ়ি যোৱা কথাতোই বুজাই আমাৰ মণ:স্তত্তৰ অৱস্থা  !) আৰোপ বুলি এইকাৰনেই কোৱা হৈছে দুয়ুটা পক্ষৰ অৰোপ প্রত্যাৰোপত কিছুমান সচাযেন লাগে ,কিছুমান ব্যক্তিস্বার্থৰে প্রনোদিত যেন লাগে ।কোনো ধৰণৰ হিংসাৰ কাৰণ অকল্পনিয় আছিল ।তেনেতে কেমেৰা আহি ওলাল আৰোপীৰ ভাষ্য লবলৈ প্রথমৰ কাহিনীতোৰ দৰেই বহু মানুহ জমা হল কেমেৰাৰ চ্যাতাৰ খোল খালে -আৰোপিয়ে নিজৰ বক্তব্য ৰাখিব লৈছিলহে মাথো ৰাইজৰ প্রশ্নবান আৰম্ভ হল আৰু উত্তৰ  নহলেই জমাহোৱা মানুহৰ চৰনৰ ধুলি, হাতৰ  মৰমত মানুহজন গুৰুতৰ ভাবে আহত হল।তাতেই ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে(যি ইমান দিন ইনদিফাৰেন্ট মানে ভাবলেশহীন ৰাইজ আছিল কেমেৰাৰ প্রবেশৰ আগলৈ) আগবাঢ়ি গল চৰকাৰি আচবাব টেবুল চকি ল্নডভন্ড কৰবলৈ ।
        উদাহৰন দুটা পঢ়ি আপোনাৰ লগা নাই নে আপোনাৰ লগা নাই নে যে কাহিনীতোত সুত্রধাৰে অকল কাহিনীতো উপস্থাপন কৰাৰ বাহিৰেও মানুহবোৰক উত্তেজিত কৰি মুল কাহিনীতোৰ ফলাফলতো সলনী কৰিছে ?
আৰু তাতোকৈ দাঙৰ কথাতো হল কেমেৰাৰ সার্বজনিন উপস্থিতি, তাৰবাবে প্রতিটো ঘৰ, প্রতিটো গলি হৈ পৰিছে মঞ্চ আৰু প্রতিজন মানুহ হৈ পৰিছে এজন এজন অভিনেতা নহলে দর্শক। মানে প্রতিজন মানুহৰে মন:স্ত ত্তত ক্রিয়া কৰি তাক নিয়ন্ত্রন কৰি আছে কেমেৰাই। কেমেৰাৰ শ্বাতাৰ খুলিব দিয়ক :কোনোদিনে ৰাজহুৱাভাবে বেয়া মাত নমাতা মানুহ এজনৰ মুখত আপুনি শুনা পাব :অভিধানতো অকল্পনিয় শব্দবোৰ ,কোনো দিনে কাজিয়া নকৰা মানুহ এজনক দেখিব গনপ্রহাৰত নহলেবা, ৰাজহুৱা উদ্ভন্ডালিত ভাগ লৈছে।
নাই মই শব্দৰ মেৰপাকেৰে সংবাদ মাধ্যমৰ বিপক্ষে  সচৰাচৰ  বিবাদৰ  এটা বুনিয়াদ বনাব  বিছৰা নাই, যদি তেনে বুলি ভাবিছে তেতিয়াহলে এই তলৰ উল্লেখিত ছোৱালীজনিৰ ক্ষেত্রত হয়তো সংবাদ মাধ্যম নাহেই আৰু আহিলেও বহুত পিছতহে আহিব পৰে,তাই আমাৰ চুবুৰীৰ ছোৱালীধৰি লোৱা হল  মৰমলগা ছোৱালীজনিৰ নাম মিলি (বা জিন্তি বা পম্পী) সকলোৰে মৰমৰ ৰাঙধালী পম্পীৰ এজন গোপন প্রেমিক থকাৰ কথাটো কোনো গম পোৱা নাই চুবুৰিৰ মানুহবিলাকে (প্রেমত পৰাটো নিশ্চয় কোনো পাপ নহয় আমি সকলোৱে মানো )।এদিন সিহতহালে ক্লাছ বাঙ্ক কৰি ওলাই গল নিৰিবিলি থাইলৈ, লৰাজনে এটা নতুন কেমেৰা ফোন লৈছিল আৰু তাৰপিচত  .......,
তাৰপিছত কি হল ধৰিব পাৰিছেই নিশ্ছয়?
এতিয়া ছোৱালিজনি এটা ৰাতিৰ ভিতৰতেই বেয়া হৈ গল আপোনাৰ চকুত ।কিন্তু এইকথা নাভাবে কিয়  পম্পী যিমান দুৰ ভাব হয়  সুস্ত মস্তিস্কৰ সাধাৰন ঘৰুৱা ছোৱালী (তাই আপোনাৰ ভনীও হব পাৰে ,বান্ধবীও হব পাৰে)।  কেমেৰাৰ ছাটাৰ খোলাৰ লগে লগে কিনো হল তায়ো ধৰিবই নোৰাৰিলে। এনে লাগে নতুন  সূত্রধাৰে তাৰ দায়িত্ব অকল কাহিনী কোৱাতেই সিমাবদ্ধ নাৰাখি, ইয়াৰ শ্বাটাৰ খোলাৰ লগে লগে সমুখত থকা চৰিত্রবোৰৰ মানসিক স্তিতিৰো ৰাসায়নিক বিক্রিয়া (কেমিকেল লোছা!) আৰম্ভ কৰে।কেমেৰাৰ অবস্থিতিত নিচেই সহজ সৰল মানুহবোৰো হৈ পৰে অতি সংবেদনশিল, অতি আবেগিক, মাজে মাজে হিংস্রও হৈ পৰে, আৰু হৈ পৰে যৌন আসক্ত কামুক
আধুনিক জীৱনশৈলিয়ে বহু নতুন নতুন বেমাৰ আনি দিছে ভডিও গেম আসক্তি , ইন্টাৰনেত আসক্তি ,হাইপাৰ টেক্সিং, হাইপাৰ নেটৱর্কিঙ ইত্যাদি ইত্যাদি ।এইবোৰ বেমাৰ ,সিহতৰ জনজীৱনত প্রভাব আদিৰ বহুতৰফিয়া প্রভাবৰ ওপৰত বহু ধৰনৰ লিখা মেলা বাতৰি কাকত , গবেষনা পত্র আদিত পঢ়িবলৈ পাই আহিছো।কেমেৰাই আনি ব্যবহাৰত আনি দিয়া এনে মানশিক পৰিবর্তনৰ বেমাৰতোৰো কিবা নাম আছে নেকি চাবলৈ ময়ো গুগললিলো (googled : অসম্ভব লিপ্যম্তৰ,কিন্তু শব্দটো ব্যবহাৰ নকৰিলে অসম্ভম ভাবান্তৰ) ,নাই কোনো ধৰনৰ গবেষনা পত্র মই কিন্তু বিছাৰি নাপালো।
থিক আছে, এক্ষহিবিচনিষ্টৰ আৰু ভয়ুৰিষ্টৰ মনি কাঞ্ছণ সংযোগ এয়া।কিবা কলেও একো লাভ নাই।এইবোৰ একো নতুন কথাও নহয়, আগতে ঘটি থকা  ঘটনাবোৰেই এতিয়া অলপ সার্বজনিন ভাবে ঘটি আছে, আৰু প্রযুক্তিৰ উন্নতিৰ বাবে আমি বেছিজনে বেছি সোনকালে ঘটনাতো জানিব পৰা হও ।ইও এটা নতুন গৰিস্তজনৰ অনুমোদনত হোৱা  গনতন্ত্রিক পৰিবর্তন।এইতো কথ হয় যে গনতন্ত্রত  কোনো পৰিবর্তন হোৱাৰ আগতে সংখ্যাগৰিষ্টসকলৰ মতামত লোৱা হয় আৰু লগতে ভাষিক ,ধর্মিয় ,জনগোষ্টিয় সকলো ধৰনৰ সংখ্যালঘুৰ মতবাদৰ বাবে সুৰক্ষা আছে ,পৰোৱা নাই কিজানি মাথো নাই এনেধৰনৰ সৰু সৰু সামাজীক সংক্রামকৰ বিৰুদ্ধে উদ্রেক হোৱা  অশংকাৰহে !