Wednesday 28 August 2013

বর্ণ বিভ্রান্তি বেমাৰৰ ঔষধ




মই অসমীয়াতে ভাবো ,আৰু মাজে সময়ে লিখোও।কিন্তু লৰালিৰ কিছুমান বেপৰোৱা স্বভাবৰ বাবে বানান বহু ভুল হয়।তাৰ পিচত ইংৰাজী শিকিলো ,অসমৰ বাহিৰলৈ আহি চাকৰি কৰাৰ পিচত সকলো দৈনন্দিন ব্যবহাৰিক কামত ইংৰাজীত লিখিব  লগা হয় (মানে কমম্পিউতাৰত টাইপ কৰিব লাগে) ।ইংৰাজীটো একেই অবস্থা।কিন্তু ইংৰাজী ভাষাত এটা সুবিধা আছে ,সেয়া হল মহাপুৰুষ বিল গেইটছ আৰু তেওৰ সহযোগী সকলৰ কৃপাত নিগণিৰ সহায়ত (মানে mouse) ভূল বানানটোত সোওটীয়া টেপা (right click) মাৰিলেই হল :শুদ্ধ শব্দটিৰ বানান কি, অর্থটো কি, প্রতিশব্দ কি চব ওলাই পৰে। যিখিনি ভাষাজ্ঞাণ আছিল বিল গেইটৰ সহায়ৰ বাবে তাকো শেষ হল। মই বর্ণাশুদ্ধিৰ ক্ষেত্রত হাজাৰটা বেমাৰ লৈও(বহুতো মণোৰগবিশেষজ্ঞ বন্ধুৰ মতে মই clear cut case of dyslexia,বহুবাৰ নিজৰ নামটোকে ভুলকৈ লিখো দুয়ুটা ভাষাত)।অথাপিও অলপ অচৰপ নাম কৰিব পাৰিছো কেইজন মান বন্ধুৰ  নিৰন্তৰ সহায়ৰ বাবেহে ,নহলেটো কেতিয়াবাই কাহিনী শেষ হল হেতেন। 
শেহতীয়াকৈ যোৱা কেইটা বছৰত অসমীয়া ভাষাৰ চার্চাও কম্পি্টাৰত সম্ভৱ হৈছে ,যঠেষ্ত সংখ্যক লোকে ভাষাটোত চর্চা কৰা আৰম্ভ কৰিছে সেইটো এটা সুখৱৰ। আনকি প্রকৃত বানান, প্রতিশব্দ জানিবলৈও  কাৰিকৰিভাবে বহু কাম আগবাঢ়িছে ।এই ক্ষেত্রত xobdo.org  এ লোৱা ভুমিকা সচাকৈয়ে প্রশংশনিয়।কিন্তু এতিয়ালৈ বানানৰ ক্ষেত্রত আমি কাৰিকৰি ভাবে বৰ এটা আগ বঢ়া নাই : ভাবি চাওকচোন টাইপ কৰিলো নিৰ ,সোহটিয়া টেপা মাৰি গম পালো বানানটো হব লাগে নীৰ (মানে পানী) আৰু যদি বাসস্থান বুজাব খুজিছো তেতিয়া হলে হব লাগে নীড়(মানে বাসস্থান) ।বর্তমান যুগত ভাষাটোৰ চর্চা আৰু প্রসাৰৰ বাবে ই অতি জৰুৰী।আশাকৰো যি সকলে এই দিশত কাম কৰি আছে তেওলোকে সোনকালেই এনে কিচুমান কাৰিকৰি সফলতা লাভ কৰি এই দিশত উল্লেখজোগ্য বৰঙণী আগ বঢ়াব।আনহাতে এনেকুৱা কামবোৰ সামুহিক সহযোগিতাৰ দৰকাৰ হয় ।গতিকে অসমীয়া কথা বতৰা আদিৰ দৰে সফল দলবোৰে  যত বহু সংখ্যক উচ্চমানৰ অক্লান্ত কর্মি আছে এই দিশত কাম কৰিব পাৰে। ভাষা এটাৰ বুনিয়াদ হল তাৰ ব্যাকৰণ ।যি মলুকত ভাষা এটা শুদ্ধকৈ কব পৰা ,লিখিব পঢ়াই দাঙৰ কথা সেই মুলুকত আৰু ব্যাকৰণৰ কথা কত আহে? সেয়া দুখৰ কথা ।কিন্তু সকলো দুখৰ কথাতেই কিছুমান সুখৰ কথাও লুকাই থাকে ।যেনে যিসকল লোকে এই বিষয়ত কাম কৰিব লাগে তেওলোকে নকৰাৰ বাবে অনেক সংখ্যক নৱ প্রজন্মই দায়িত্তটো নিজৰ হাতত লৈছে নানা ধৰনৰ সমুহিয়া প্রচেষ্টাৰ জৰিয়তে।ষেনে  xahitya.org  ,আন আন সকল। যদি এনেকুৱা ভাষা জ্ঞাণ বিষয়ত  নতুন প্রকল্প কিচুমান লোৱা হয় তেনেহলে ভাল হয় ।
উদাহৰণ স্বৰুপে ধৰক তাত এটা ভাগ সচিত্র ভাষা জ্ঞাণ (পিচলৈ বাৰু Audio visual| ৰ কথাও ভাবিব পাৰি) ।এই সময়হিন পৃথিৱীত নত্ব বিধি পঢ়ি মুখস্ত কৰি ভাষা ব্যাকৰণ শিকিব বা শিকাব যোৱাটো এটা কষ্টসাধ্য কাম।তেনেস্থলত আমাৰ হাতত যঠেষ্ত সংখ্যক ভাল চিত্রশিল্পী আছে ।তেওলোকৰ সহায়েৰে  যদি তলত উল্লেখিত ধৰণৰ আকর্শনীয় ছবিৰে ভাষাজ্ঞাণ প্রচাৰ হয় ,আৰু সামাজিক জালিবন্ধনৰ (social networking) যোগেৰে যদি ৰাইজে সেইবোৰ ছৱিৰ প্রচাৰ কৰে নব প্রজন্মটো বাদেই মোৰ নিচিনা বর্ণ বিভ্রান্তিৰ বিকাৰগ্রস্থ চেমি আদহিয়া লোকো সকলো তাৰ দ্বাৰা লাভবান হব। 
 

বিদ্র : উক্ত কথাখিনিটো ভুল আছে ।এনে ভুল হোৱা উচিৎ নহয় ।সেইবাবেই এনে সামুহিক প্রকল্পৰ দৰকাৰ
:-)