Friday 19 September 2014

পাহৰা কিতাপবোৰ




কিছুদিন আগত এটা সমাজিক জালি বন্ধনৰ (Social Networking challenge )- ভালপোৱা দহখন কিতাপৰ নাম কোৱাৰ(10 book challenge) প্রত্যাহ্বান গ্রহণ কৰিব গৈ বহু খন কিতাপৰেই নাম মনত পৰিছিল।এনে বহু কিতাপ আছিল যিখন পঢ়ি থাকোতে মই বিৰাট ভাল পাইছিলো,কেইদিনমান কিতাপখনৰ কথাই মনত কিলকিলাই আছিল কিন্তু কিছুদিন পাছত (বা অৱশেষত) মই কিতাপখনত নো কি আছিল,তাকেই পাহৰি পেলালো।মাথো কিতাপখনৰ লগত জড়িত কিছুমান অনুভৱহে আজি মনত আছে।তাৰে কেইখনমানৰ কথা লেখি উলিয়াওঁ বুলি বহিলো।
.ক্যো ভেদিজ (Henryk Sienkiewicz)কিতাপখন পঢ়িছিলো জিলা পুথিভঁৰালৰ পৰা আনি,চিকিৎসা মহাবিদ্যালয়ৰ প্রথম বার্ষিক ছাত্র হৈ থাকোতে।কিতাপখন পঢ়ি ইমানেই ভাল পাইছিলো যে মই সেই সময়ত লিখি পৰিচালনা কৰা নাটক-ঐক্যটান নামৰ নাটকখন খ্রীষ্টান আইকনাগ্রাফিৰে ভাৰাই পেলালো। কাহিনী ,গঠন আদিত নাটকখন কিতাপখনৰ লগত সম্পুর্ণ বেলেগ যদিও এই নাটকখনত সন্নিৱিষ্ট সকলো বাইবেলৰ তথ্যৰ দ্বাৰা কিতাপখনৰ দ্বাৰা অনুপ্রাণিত। আজি মই যেতিয়া ঘুৰি চাও ,মই ভাবো মই লেখা উৎকৃষ্ট সৃষ্টিকর্মটো কিজানি হব ঐক্যটান।কিন্তু ক্যো ভেদিচ ? কিতাপখনৰ বিষয়ে মোৰ একোৱেই মনত নাই।মাঠো মনত আছে কিতাপখনত নতুনকৈ খ্রৃষ্টান ধর্মলৈ ধর্মান্তৰণ হোৱা লোক সকলক ৰজাই বর্বৰ ভাবে আক্রমণ কৰিছিল ক্রুচবদ্ধ কৰিছিল।বাকি একো মনত নাই ,মাথো মনত আছে কিতাপখন পঢ়া সেই সময়বোৰ।

.অণ্বেষণ আকলুৱা হিয়া(লেখক মনত নাই) সম বয়সীয়া সকলক সুধিছো, ভষ্টক নামটো মনত আছেনে? আমাৰ দিনত (আজিকালি ভাবো এই শব্দটো ব্যৱহাৰ কৰিব পৰা বয়স আহি পৰিছে কিজানি) নামটোৰ লগত বহু আটক ধুনীয়াকৈ সজোৱা কিতাপ জড়িত হৈ আছে।তেনে এখন ভষ্টকৰ কিতাপেই হল অণ্বেষন আকলুৱা হিয়া।কিতাপখন আছিল এজন হৃদৰোগ বিভাগৰ শৈল চিকিৎসকৰ বিষয়ে বাকি একো মনত নাই। আনকি লেখক বা অনুবাদকৰ বিষয়েও একো মনত নাই ।কিতাপখন কেনেকৈ পঢ়িছিলো সেইতো কিন্তু মনত আছে ।উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি আছিল আৰু বাকি সকলো পৰীক্ষা শেষ মাথো অসমীয়া বাকি আছে মানে মোৰ মনত পৰীক্ষা শেষ(অসমীয়া মই নিজৰ মতে লেখিম কিতাপ পঢ়ি মুখস্ত কৰি লেখিমনে?) কিন্তু ঘৰৰ মতে নহয়। গতিকে পঢ়া টেবুলত কিতাপৰ তলত খুলি ললোঁ বহু দিনৰ পৰা পৰি থকা কিতাপখন।পঢ়ি খুব ভাল লাগিল ।কিন্তু আজি একো মনত নাই।

.মা-(পার্ল এচ বাক আৰু মেক্ছিম গর্কীৰ)  কিজানি মই দুখন মা পঢ়িচো ,পঢ়ি ভাল পাইছো কিন্তু আজি একো মনত নাই কিতাপখনৰ বেটুপাত বাহিৰে। এখন হল মেস্কিম গর্কিৰ মা আন খন হল মুলত চীন দেশৰ আমেৰিকা নিবাসী লেখিকা পার্ল এছ বাকৰ মাদাৰ।আজি শব্দটোৰ মাদকতাটোৰ বাহিৰে একো মনত নাই।

.চিচিলিয়ান(মাৰিও পুজো) : গড ফাডাৰ পঢ়ি ,চাই ভাল পাইছিলো।মানে ঘটনাটো এনেকুৱা যে যেতিয়া গডফাদাৰ টিভিত আহিল-একো বুজি নাপালো।এনেই ইংৰাজী বুজাত দিকদাৰি তাতে ইমান লাহে লাহে ইতালিয়ান আৰু আমেৰিকান এচেন্ট লগাই লাহে লাহে(চিল্ট ফ্রী চাউন্ড) কয় কিন্তু বুজি নাপালো বা বেয়া পালো বুলি কবলৈ মই কোন?কাৰণ বেছিভাগৰ বাবে গডফাডাৰ এটা কাল্টৰ দৰে বস্তু।গতিকে কি কৰা যায়?গতিকে কিতাপখন আনি পঢ়িলো ,তেতিয়াহে ক্লিয়াৰ হল কথাবোৰ।তাৰপিছত চিনেমাখন আকৌ চালো।এইবাৰহে বুজি পালো। যিজন লগৰ লৰাৰ পৰা গডফাদাৰখন আনিছিলো সি আৰু লেখক মাৰিও পুজোৰ ভক্ত।সি কলে গডফাডাৰনো কি তই চিচিলিয়ান পঢ়।একদম বেলেগ কিতাপ।সি দিলে মই পঢ়িলো।পঢ়িলো,ভাল লাগিল কেইদিনমান আজি কিন্তু একো মনত নাই।মাঠো মনত আছে কিতাপখন চিচিলিৰ এজন ৰবিন হুদৰ নিচিনা বিদ্রোহীৰ ওপৰত বছ্।আজি গডফাডাৰৰ বহু অংশ আজিও মনত আছে ,কিন্তু চিচিলিয়ান ,কাভাৰটোও পাহৰিলো।
সেইজন বন্ধুৰ উপদেশ মতে তাৰ পৰা লৈ আৰু বহুত কিতাপ পঢ়িছিলো যেনে বেলা মাফিয়া নামৰ এখন কিতাপ, ৰবার্ট লাডলাম নামৰ লেখক এজনৰ কিতাপ কিন্তু একোৱেই মনত নাইছোন?

.ছিডনী চেলদন: কিতাপ  নহয় লেখক। এই গড ফাদাৰ আৰু চিচিলিয়ান পঢ়োৱা লগৰ জনৰ কৃপাতেই এইজনা লেখকৰ লগত পৰিচিত হৈছিলো।তেতিয়ালৈ মোৰ কিতাপ সম্পর্কে ধাৰণা আছিল ভাল কিতাপ আৰু বেয়া কিতাপ।আনকি দস্যুৰাণী বিজুলী আদিকো ভাল আৰু বেয়াৰেই ভাগ কৰিছিলো।এইজনা লেখকৰ লগত যেতিয়া মোৰ পৰিচয় কৰাই দিছিল তেতিয়া কৈছিল ক্লাছিক ,বা গ্রেইট লেখক বুলি-মই পঢ়িলো ,ভালো লাগিছিল কিজানি কাৰণ প্রতিটো পাততেই কিবা নহয় কিবা হৈ থাকে ,অলপ বোৰ লাগিলেই কিবা এটা যৌন গন্ধী গটনাই আৰু কেইতামান পাত আগুৱাই পঠিয়ই গতিকে বেয়া বুলি কব নোৱাৰি ,কিন্তু গ্রেইট ওহো ,পিছত এতিয়া ভাবি পালো এইজনা হল বেষ্ট চেলাৰৰ লেখক।আজিৰ দিনত হয়টো ভাৰতীয় মুলৰ ইংৰাজী কিতাপত তেনেকুৱা বেষ্ট চেলাৰ ভৰি পৰিছে।অসমটো দুই এজন আছে কিন্তু তেওলোকৰ বেষ্ট চেলোৰ হোৱাৰ কিতিপটো বেলগ। আজি প্রায় বিশ বছৰ পিচত যদি ই নিজকে সোধো- তেওৰ এখনো উপন্যাসৰ এটা কথাও মোৰ মনত নাই।

.ললিতা(ভ্লাডিমিৰ নবকভ):এইখনৰ আৰু বেকগ্রাউন্ডটো বেলেগ ।কিতাপখন পঢ়িবলৈ ওলাইছিলো কিবা এটা বেলেগ বিচাৰি।কাৰণ অতি কম বয়সত ,তেনে কিতাপ পঢ়িব যোৱা মন যোৱা  দিনত অসমীয়া সাহিত্যৰ বাতৰিবোৰ পঢ়ি ললিতাত কি আছে ধৰিব পাৰি সেইটো বিছাৰিহে কিতাপখন মেলিছিলো।কিন্তু সমস্যাটো হল কিতাপখন ইংৰাজীত ,আৰু সেই সময়ত ইংৰাজী সিমান ভালকৈ নোৱাৰো।তাতে টান ইংৰাজী ,বিচাৰা বস্তুটো নাপাওহে নাপাও ...এহ ,কিনো হৈছিল কিতাপখনৰ ভিতৰত একো ধৰিবই নোৱাৰিলো।
.জুলু(ৰঞ্জু হাজৰিকা) ৰঞ্জু হাজৰিকা নামটো আমাৰ শৈষবৰ লগত জড়িত হৈ আছে।কাৰোবাৰ হাতত যদি এখন ৰঞ্জু হাজৰীকাৰ কিতাপ এখন আছে তেনেহলে কিতাপখন নপঢ়ালৈ মানুহজনক তেল মৰা বন্ধ নকৰো।তাৰে বেছিভাগেই আজি মনত নাই আফচোছো নাই।কেইখনমান মনত আছে যেনে এটা দ্বীপ সাতটা কবৰ।এখন মহ এটাৰ ওপৰত কিতাপ আছিল পঢ়ি ভালো লাগিছিল কিন্তু আজি একো মনত নাই ...।

 আৰু বহুত কিতাপেই পুৰা পাহৰিছো ,আফচোচ নাই কিন্তু উক্ত কিতাপ কেইখনৰ স্মৃতি ভাল ,পঢ়া কথাটো মনটো আছে কিন্তু বাকি একো মনত নাই। বহু কিতাপৰ নাম মনলৈ আহে ,কিন্তু সেইবিলাকৰ শ্রেণী বিভাজন বেলেগ,যেনে পঢ়িব নোৱাৰা ক্লাচিক ,বুজি নোপোৱা কিতাপ , দুর্বোধ্য কিতাপ সেয়ে সিহতক আজি নেলিখো ,পিছত সময় পালে লেখিম দিয়ক।কিবা কব লগিয়া আছে যদি জনাবছোন।