Friday 23 November 2012

বিন্দুৰ সিন্ধু।।



সময় আগবঢ়াৰ লগে লাগে মানুহজাতিৰ ধৈর্য্যৰ পৰিধি সৰু হৈ গৈ আছে।কেইদিমান আগে সর্বকালৰ শ্রেষ্ঠ ইংৰাজী উপন্যাসিক চার্লচ ডিকেঞ্চৰ জন্মৰ ১০০ বছৰ হোৱা বাবে কৰা এটা সমীক্ষাত দেখা গৈছিল যে আজিৰ যুগত যদি ধেও ডেভিড কপাৰফিল্ড আদিৰ দৰে দীঘল উপন্যাস লেঘিলে হয় তেতিয়াহলে হয়টো কোনোৱেই তাক নপঢ়িলেহয় ।কিয়নো আজিকালি ইমানবোৰ ঘটনাবহুল জীৱনৰ দুৰর্ন্ত গতিৰ বাবে কৰোৱেই এখন উপন্যাসক ইমান সময়,মনোযোগ দিয়াটো সম্ভব নহয়।
কিন্তু সৃষ্টিকর্তাই টো সৃষ্টি কৰিবই লাগিব !
সেইবাবেই কিজানি আজিকালি দৈর্ঘ্য কমি আহিছে সাহিত্যৰ,চিনেমাৰ।
জনপ্রিয় হৈছে চুটি ছবি ,চুটি কবিতা ।তাৰ ব্যবসায়িক দিশটো ফালে চায়েই চাগে আগবাঢ়ি আহিল যোৱা দহকৰ দ্রুততম জমপ্রিয় সংজোজন চোচিয়েল নেটবর্কিঙ চাইটবোৰ।কম শব্দটেই নিজৰ মনৰ ভাব প্রকাশ কৰা আৰু ক্ষিপ্রভাবে তাক গোটেই পৃথিৱীক জনোৱা- এই বিচাৰধাৰাকেই ব্যবসায়িক ভাবে ব্যবহাৰ কৰি প্রথম বাৰৰ বাবে অভুতপুর্ব সাফল্য লাভ কৰিছিল টুইটাৰে।চৰাই ক্ষুদ্র ধণীকেই পৃথিৱী সলনি কৰা আৱাজ কৰিটোলাত টুইটাৰ সফল হল।ইমানেই সফল হল যে লগে লগে  টুইটাৰত ক্ষুদ্রতম উপন্যাস ,সংগীতৰ স্বৰলিপী লিখাটোও এটা জোৱাৰ আহিল।
লাহে লাহে তেনেকুৱা ক্ষুদ্রধ্ধনীৰ প্রসাৰ আন সকলো চোচিয়েল নেটবর্কিঙ চাইটবোৰে আৰম্ভ কৰি ক্ষুদ্রৰ  পৰা ভুমা দর্শণ আজি এটি ধুন পেচ হৈ পৰিল।

দুৰদর্শী মানুহবোৰৰ কিন্তু অনাগত দিনত চিন্তাৰ পৰিধিয়ে  কেনে ধৰেণেৰে বাট সলাব পাৰে তাক বহু বছৰ আগতে জানিব পাৰে।
আৰু যিজনে ৫০ৰ দহকতে অসমৰ জনসংজোগৰ কথা ভাবিছিল, বিশ্ব চিনেমাৰ লগত ফেৰ মাৰিব পৰা অসমীয়া চিনেমাৰ ৰিতি আৰম্ভ কৰিছিল ,পৰবর্তি সময়ত অসমীয়া সংগীতৰ পৰিচয়েই সলনি কৰি দিছিল  তেওৰ বাবে এ্ই কথাটোৰ পুর্বঅনুমান কৰাটো এটি সাধাৰণ কথা ।
        ক্ষুদ্রৰ অবদানৰ গুৰুত্ত বাৰুকৈয়ে অবুভব কৰি সেই ৭০ চনতেই টুইটাৰৰ কনচেপ্টৰ এখন ক্ষুদ্র আলোচনী উলিয়াইছিল বিন্দু-আৰু তাৰ সম্পাদকীয়ত লিখিছিল :-

।। সমাজত বাকচাতুর্য্য।কার্য্য তাকৰ।সাহিত্যত আখৰ প্রাচুর্য্য তাৰেই হেচাত ভাবৰ মৃত্যু।।
অধিক বর্ণনাৰ পেনপেননিত পঢ়ুৱৈ অতিস্থ।কাগজ ,ছপা ব্লকৰ মুল্য বৃদ্ধি।আলোচনীৰ অকাল মৰণ।লিখোতাৰ আগ্নেয়গিৰিৰ অভাৱৰ বৰষুণ।
।। অধিক পৃষ্ঠাৰ দৌৰাত্ম্যত ব্যস্ত নাগৰিক চিনিক।অধিক ভাগ সাক্ষৰ ভাৰতীয় নাগৰিক প্রতিক ধর্মী প্রেমিক।যুগে যুগে।।
।। মিনি ফ্রন্ট,মিনি এচেম্বলী,মিনি খাদ্য,মিনি দৰমহা,মিনি স্কার্ট,মিনি সাহিত্য আহিল।কম পিন্ধি অধিক দর্শোৱাৰ যুগ এয়া।সকলো মিনিকেই বদ বুলি সাধাৰণীকৰণ কৰাও বদ!সৎ নহয়।দেখা যাওক,অসমৰ শাইট্যিকে নিয়ৰ কণিকাত মহাভাৰত আঁকিব পাৰে নে নোৱাৰে।এটি চেলেঞ্জ।
হয় চেলেঞ্জ।
এই বিন্দুৰ।
গালিবৰ দুশাৰী
হাইকুৰ চাৰি শাৰী
মোপাচাৰ ছশাৰী
ঠাকুৰৰ তিনি শাৰী
স্ফুলিংগই বিৰাট
মনাগ্নি প্রকাশে।
।। মিনি আছে বুলিয়েই মেক্ছি আছে।
।।ব্যক্তি আছে বুলিয়েই সমাজ আছে।
।।বিন্দু আছে বুলিয়েই সিন্ধু আছে।
।। পৃথিবীৰ ক্ষুদ্রতম আলোচনী;আলোড়নী মাইক্রোমিনি বিন্দুৰ জন্ম সেয়েহে।এই মিঠা মিঠা বহাগৰ পৰা অসমীয়া মিনি সাহিত্যই মেছ্কি ওলগেৰে পোখা মেলিলে।
সম্পাদক
বিন্দু

হয়টো আনবোৰ ক্ষেত্রত থকা তেওৰ বিশাল  প্ৰতিচ্ছবি বাবেই চাৰু কলা আৰু  মুলসুতিৰ সাহিত্য  ক্ষেত্রত থকা তেওৰ দুৰদর্ষিতা আৰু অৱদননৰ কথা আমি কমকৈ ৰোমান্থণ কৰো।

Thank You Enajori.com e library for uploading Bindu in eBook section.

Saturday 10 November 2012

Q পৰিঘটনা



হিন্দী চিনেমাৰ পৰা ,ধাৰাবাহিক বোৰলৈ আৰু ধাৰাবাহিকবোৰৰ পৰা ২৪ x ৭ বাতৰি চেনেল সমুহলৈ এটা দৃশ্য শ্রব্য কিটিপ বহুব্যবহৃত হৈ আহিছে ।তাৰ কোনো নাম নাই সেয়ে মই কিটিপটোৰ নাম দিছো- কিউ ?
মানে হিন্দী শব্দ কিয় ?
উক্ত চিনেমা,ধাৰাবাহিক বা নিউজ চেনেল সমুহত যেতিয়াই যিকোনো ধৰনৰ যিকোনো প্রশ্ন হয় যেনে :-
বেইমানীৰে পইচা কিয় ঘটিব লাগে?
ইমান বছৰ মোক এৰি কিয় গুছি গৈছিলা?
চুইচ বেঙ্কৰ পইচাবোৰ চৰাকাৰে কিয় ঘুৰাই আনিব নোৱাৰে?

আতাইবোৰ প্রশ্ণৰ পিচত তিনি চাৰিটা কেমেৰা বিভিণ্ণ ডিগ্রীৰ কোণ কৰি তিব্রগতিত যুম হব আৰোপী নহলে আৰোপকর্তাৰ মুখলৈ ।ধ্‌ধনী বিভাগে নেপঠ্যৰ পৰা শব্দ দিব চিউ ,চিউ !
যিকোনো চেনেল নাচাওক ঘন্টাত তিনিবাৰ চাৰিবাৰ দেখাপাব এই কিয় প্রৰিঘটনা  মানে মই কৈ আহা  Q (why) Phenomenon !

এনেকৈ অসম বা অসমৰ সাহিত্যৰ কথা ভাবিলে মোৰ মনতো বহু প্রশ্ণৰ কিউ ফেনোমেনৰ বোমাবর্ষণ আৰম্ভ হৈ যায় প্রশ্নবোৰ এনে ধৰণৰ
১. অসমৰ পৰা ইমান কম অনুবাদ কিয় হয় ?
২.অসমৰ সাহিত্যৰ কির্তি  ব্রম্হপুত্র উপত্যকাৰ  বাহিৰলৈ ওলাই নাহে কিয়?
৩.অসমত কোনো লিখাক নিজৰ জীৱিকা কৰি লব নোৱাৰে কিয়?
কিয় কিয় কিয়
মাণে
কিউ কিউ কিউ 
এনেকুৱা আৰু হাজাৰটা প্রশ্ণ আছে যাৰ প্রগলভতাত আপুনি হাঁহিব বুলি মই কাকো নকওৱেই ।
এনেকুৱা নহয় যে মোৰ সমস্যাবোৰ অকল অসমৰ সাহিত্য-চক্রৰ লগতহে মোৰ কিউ ফেনোমেন বহুজাতিক প্রকাশন প্রক্রিয়াটোৰ ওপৰতো তেনেকুৱা হাজাৰটা  কিউ ফেনোমেনৰ বোমাবর্ষন চলি থাকে।সেইবোৰ এক,দুই ,তিনি কৰি আলোচনা নকৰি তাৰ সাৰাংস আপোনালোকক জনাব বিচাৰিছো :-
এই কথাটো মানিব লাগিব যে এই আন্তৰাষ্ট্রীয় প্রকাশন গোষ্টি সমুহ অতি শক্তিশালি গতিকে ইচ্চা কৰিলে তেওলোকে সাধাৰণ শ্রেণীৰ সাহিত্যকো অতি জনপ্রিয় সাহিত্যলৈ পৰিবর্তন কৰিব পাৰে আৰু যিহেতু খ্যাতি ,পুৰস্কাৰ ,আন্তৰাষ্ট্রীয় প্রকাশ আৰু অনুবাদ সকোলোবোৰ তেওলোকৰ হাতত থাকে গতিকে ৰাজ্যিক পর্য্যায়ৰ লিখনি ,সাহিত্য ,সকলোবোৰ আমাৰ নিজৰ ঘৰতে বিখ্যাত হৈ থাকে ।ভাষাবোৰৰ উন্নতিৰ বাবে থকা চৰকাৰি গোষ্টি(যেনে সাহিত্য একাডমি) আদিকো দোষ দিব নোৱাৰি কাৰণ এইবোৰে নিজৰ ক্ষমতা ,সীমাবদ্ধতা হিচাপে কিবা কিবি কৰি আছে যদিও সেয়া পর্য্যাপ্ত নহয় আৰু থলুৱা ভাবে আমাৰ  আন্তৰাজ্যিক সপোনবোৰ উদাসহীন।যেনে ধৰক ইংৰাজী প্রকাশন গোষ্ঠীবোৰে আমাৰ থলুৱা ভাষাৰ উন্নতীৰ বাবে কৰণীয় খিনি কৰা নাই ।আমি তেওলোকক কি দোষ দিম কাৰণ সেই দায়িত্তটো আচলতে তেওলোকৰ নহয় আমাৰহে। আৰু ৰাজ্যিক ভাবে অসম,পশ্ছিম বঙ্গ,কেৰেলা আদিত থলুৱা সাহিত্য বেছ জনপ্রীয় ।কিন্তু আমাৰ পৰস্পৰৰ মাজত সংস্পর্ষ  অতি কম বাবে জাতীয় সাহিত্য জাতীয়ই হৈ থাকে আন্তৰাষ্ট্রীয় হোৱাটো দুৰৰেই কথা ৰাষ্ট্রীয় পর্য্যয়েই গৈ নাপায় সেইবোৰ। 
বাকিটো বাদ দিয়ক এতিয়ালৈ আমাৰ অনলাইন কিতাপ বেছাৰ  ব্যবস্থাই অতি দুখজনক ।
এই সাহিত্য-মহোৎসববোৰ যে হয় তাত আচলতে আমি আমাৰ ৰাজ্যিক সহিত্যবোৰতনো কি হৈ আছে ,কোননো আমাৰ পথ প্রদর্শক,  আমাৰ উঠি অহা সাহিত্য কোন দিশে ধাবমান সেইবোৰ কথা আলোচনা হব লাগে ,কিন্তু সেয়া হৈ নুঠে ।তেনেকুৱা দুই এটি প্রচেষ্টা হৈ পৰে কোনোবা চিনেমা অভিনেতা বা বোলছবি অভিনেতাৰ ফটো ফিচাৰ।
আনপিনে দেশৰ বিখ্যাত সাহিত্য মহোৎসৱবোৰৰ(জয়পুৰ ,মুম্বাই ইত্যাদি) কর্ম পদ্ধতিবোৰ দেখি ভাব হয় সেইবোৰো ইংৰাজী প্রকাশক গোষ্ঠী সমুহৰ  ব্যবসায়িক লক্ষ সমুহ পুৰা কৰিবলৈহে পালন কৰা হয় ।ভাবিআছিলো যদি এনেকুৱা স্বাধিন জনপ্রিয় সাহিত্য মহোৎসব যদি এনেবোৰ আঞ্চলিক সাহিত্যৰ গণাগুণ আলোচনা কৰা যায় তেতিয়া হলে হয়তো উৎসুক মানু্বোৰে গম পাব কত কি হৈ আছে ।তেনেতে দেখিলো আহাবছৰ জয়পুৰসাহিত্য মহোৎসবৰ এটা বিশেষ শিতান হব ভাৰতী্য় ভাষাৰ লিখনী।
ভাল লাগিল :বাতৰিতো মনপুতি পঢ়িবলৈ ধৰিলো :- উৎসবত এইবাৰ ১৬টা ভাৰতীয় ভাষাৰ ওপৰত চর্চা হব ।বা: মই আৰু গুৰুত্ত দি পঢ়ি গলো কি কি নো ভাষাৰ ওপৰত হব  –দেখিলো –হিন্দী ,উর্দূ ,ৰাজস্থানী ,তামিল,তেলেগু,ভোজপুৰী ,মৈঠালী ,পাঞ্জাৱী,বেঙ্গলী ,মালায়লম,গুজৰাটী ,চিন্ধী,কানাডা আৰু কাশ্মীৰী .....অলপ সময় ৰখি আকৌ পঢ়িলো কিজানি প্রথম বাৰত অসমীয়া শব্দটো মই নেদেখিলোই ,দুবাৰ তিনিবাৰটো যেতি্য়া দেখা নাপালো তেতিয়াহে মনত আৰম্ভ হল Q ফেনোমেনোন ।
দুখৰ কথা এইবোৰ কথা উনুকিয়াবলৈ বেছিভাগ প্রচাৰ মাধ্যমতেই সাহিত্যৰ বাবে এজন আচুতিয়া বলিষ্ঠ সাম্পাদক নাই যি  অকল সাহিত্যৰ শিতানহে চায়।এইবিলাক কথা উল্লেখ কৰি প্রগতিশীল পৰিবর্তণৰ বাতাবৰণ আনিব পাৰে ।দেখা যায় একে কেইজন মানুহেই ৰাজনিতি, সামজবিজ্ঞাণ ,মানস্তত্ত সকলোতে মত প্রকাশ কৰে ।গতিকে সাহিত্য বিভাগ হৈ পৰে বাতৰিৰ বিভাগ অমুকে এখন কিতাপ উন্মোচন কৰিলে ,তমুকৰ কিতাপত ইমানটা গল্প আছে ।বৰ বেছি সৰু সুৰা বিতর্ক থাকে যেনে :-এই সংকলনখনত কেইজনমান স্বনমধন্য মানুহৰ নাম নাই আৰু বহুজন পাবত গজা সাহিত্যিকে প্রাধাণ্য পাইছে ।তাতকৈ বেছি আন একো আমি কৰিব পৰা নাই।কিন্তু সাহিত্যক উৎজাপণৰ ক্ষেত্রত
মোৰ মনৰ ভিতৰৰ সহস্র জনে মোক প্রশ্ণ কৰি ‌উঠিল :
কিউ ,কিউ কিউ?
(কেমেৰা জুম
নেপঠ্যত শব্দ চ্যুউ .......)