Sunday 7 April 2019

অমিতাভ ঘোষৰ হাঙ্গৰী টাইড আৰু এটা শগুন



সমাজিক ভাবে এজন মানুহে নিজকে যিমানেই  ভদ্র বা ৰাজনৈতিক ভাবে নিৰপেক্ষ নেদেখুৱাওঁ কিয় আমি সকলোৱেই কম-বেছি পৰিমাণে পক্ষপাত দুষ্ট আৰু নিজৰ মতবাদৰ পৰিসৰৰ ভিতৰতেই সোমাই ৰৱ খোজে। মোৰো মনত তেনে বহু চিন্তা আছে যাক মই সযতনে লুকুৱাই ৰাখোঁ কাৰণ মই জানো এই মতবাদৰ আৰত মোৰ নিজা ব্যক্তিস্বাৰ্থও জৰিত আছে। অসমীয়া আলোচনীত হোৱা ইংৰাজী কিতাপৰ প্ৰবন্ধবোৰৰ আৰতো মোৰ মনত তেনে কিছুমান বিবেচনা আছে যাক মই লুকুৱাই ৰাখিছিলোঁ। ‘প্রকাশ’ৰ ফালৰ পৰা গ্রন্থ বিশেষ সংখ্যাত ইংৰাজী গ্রন্থ এখনৰ বিষয়ে লেখিবলৈ সুবিধা পোৱাত সেই বিষয়টোৰ বন্ধ তলাটো খোল খালে আৰু সেইবাবেই এই লেখা। 
বহু দিনে মোৰ মনত চলি থকা প্রশ্নটো এনেধৰণৰ  অসমীয়া আলোচনীত ইংৰাজী গ্ৰন্থৰ সমালোচনা হয় ?
পক্ষপাতদুষ্ট মনটোই উত্তৰত এই কেইটা বাখ্যা দাঙি ধৰে:
১. অসমীয়া গ্রন্থ সমালোচনা কৰাটো এটি অতি স্পৰ্শকাতৰ বিষয়। অভিমানী লেখক আৰু কিছু ব্যৱহাৰিক সমস্যাৰ বাবে এটা গ্রন্থ সমালোচনাৰ গঠন (structure) কিতাপৰ মূল কথা, কিছু ভাল উক্তি, আৰু পাশ্চাত্যৰব্যৱহাৰিক ধাৰা এটাৰ লগত গ্ৰন্থখনৰ কি মিল আছে তাক আলোচনা কৰা হোৱাৰ পিছত কিছু প্ৰশংসা আৰু পিছত এটা বা দুটা বাক্যতেই কিতাপৰ বিয়োগাত্মক দিশবোৰ আলোচনা কৰি শেষ কৰা হয়। সাম্প্রতিক পৰিস্থিতিৰ বাবে তাতকৈ গভীৰলৈ গলে সমস্যাও আহিব পাৰে বুলি কিছু সচেতন সমালোচকে ইংৰাজী গ্ৰন্থৰ সমালোচনা লেখি বিতর্কৰ পৰাও দূৰত থাকিব বিচাৰে
২. ইংৰাজী প্রকাশন গোষ্ঠী সমূহে ব্যৱসায়ৰ জ্ঞান আৰু ধাৰণাৰ সুচতুৰ প্ৰয়োগেৰে গ্রন্থ প্রচাৰ কৰাৰ বাবে বহু গ্ৰন্থইগ্ৰন্থপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বহু সদ্য প্রকাশিত গ্রন্থ বহুচৰ্চিত (বা বিতৰ্কিত) বিষয়কলৈ উপস্থাপন কৰা বাবে ৰাইজৰ মাজত কিতাপখনেউৎসুক তাৰ সৃষ্টি কৰে আৰু তেনে সময়তেই গ্ৰন্থখনৰ ওপৰত লেখা প্রকাশ হলে আলোচনী বা বাতৰি কাকতখনে সমসাময়িক  খা খৱৰ দি থকাৰ কৃতিত্ব আহৰণ কৰে (আৰু লগতে বহুজাতিক ইংৰাজী প্রকাশন গোষ্ঠীয়েও বিনামূলীয়া প্রচাৰ পায়।)
৩. বেছিভাগ সময়তেই সেই নির্বাচিত লেখাৰ কিতাপখন প্ৰতিস্থিত লেখকে লিখা ভাল কিতাপেই হয় যেতিয়া নিবন্ধটোৰ লেখক আৰু পাঠক বিতর্কৰ বাহিৰত থাকে।
৪.  অসমীয়া পাঠকক আন্তৰাষ্ট্ৰীয় সাহিত্যৰ লগত পৰিচয় কৰাই দিয়া।
 প্রকাশ হোৱা প্রবন্ধসমূ্ৰ মুল কাৰণ ৪ নং কাৰণতো মুখ্য কাৰণ হয় বুলি সকলোৱে মানি ল’ব, কিন্তু এই আলোচনাত মই মোৰ মনৰ ভিতৰৰ পক্ষপাত দুষ্ট  দিশটোৰহে উপস্থাপন কৰি তাৰ যুক্তিযুক্ততাৰ পাঠকৰ মনত প্ৰক্ষেপ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সেইবাবেই ‘প্রকাশ’ দিয়া এই সুযোগৰ পুর্ণ ব্যৱহাৰ কৰিবলৈ  মই অমিতাভ ঘোষৰ The Hungry Tide   (২০০৪,Herper Colins ,৪০০ পৃষ্ঠা )গ্ৰন্থখন বাচি ল’লো।  কিতাপখন মই ২০০৬ চনত উপহাৰ হিচাপে পাইছিলোঁ আৰু পঢ়ি তাৰ গুণাত্মক দিশবোৰ লৈ অনুপ্ৰাণিত হৈছিলোঁ যদিও কিছুমান কথাত অসুবিধাও হৈছিল আৰু খূৱ সম্ভৱ এই চিন্তাৰৰ মূল বীজ মনত তেতিয়াই ৰোপণ হৈছিল। ইতিমধ্যে অমিতাভ ঘোষ ভাৰতীয় মূলৰ ইংৰাজী লেখক সমূহৰ মাজত এজন উজ্জল নক্ষত্ৰ হিচাপে প্ৰতিস্থিত হৈ পৰিছে। গতিকে উক্ত উল্লেখিত ৩ নং নিয়ম (প্ৰতিস্থিত লেখক , সমাদৃত গ্রন্থ বিতর্কৰ উৰ্ধত) তেওঁৰক্ষেত্ৰতোপ্ৰযোজ্যউপন্যাসখনত বহু গুণাত্বক দিশ আছে কিন্তু যিহেতু আজি মই মোৰ ভিতৰৰ উপপাদ্যতো হে প্রমাণ কৰাৰ প্ৰয়াস কৰিম সেয়ে পোনপটীয়াকৈ মূল কাহিনীটোলৈ আগবাঢ়োঁ আহক।
মূল কাহিনী : বঙালী মূলৰ মাৰ্কিন যুৱতী পিয়ালী ৰয় পেচাত সমুদ্রীয়-জীৱবিজ্ঞানী (marine biologist ) পিয়ালী বিলুপ্ত প্রায় নদীৰ প্ৰজাতি –ইৰাৱতী ড’লফিনৰ সন্ধানত সুন্দৰ বনলৈ আহাৰ পথত তেও লগ পায় কানাই দত্তক। কানাই দিল্লীৰ ব্যৱসায়ী আৰু সুন্দৰবন ত বাস কৰা নিজৰ বয়সীয়া ল আত্মীয়ৰ আহ্বানত সুন্দৰ বনলৈ আহিছে। ভাৰত -বাংলাদেশৰ কল্পিত বিভাজন ৰেখাৰ মাজত অৱস্থিত সুন্দৰবন পানী ,অৰণ্য আৰু মোহনাৰ মাজত মানুহৰ এক স্বকীয়স্থিতি আছে। পিয়ালীৰ ভাষাৰ সমস্যাৰ বাবে পিছত কানাই দোভাষীৰো কাম কৰিব লগীয়া হয়। তাৰ পিছত সুন্দৰ বনৰ ঘন- অৰণ্য , মোহনাৰ অন্তহীন জলৰাশী ঘঁৰিয়াল আৰু জন্তু-জানোৱাৰ আৰু ঢেঁকিয়াপতিয়াৰ মাজত হেৰাই পৰি পিয়ালীৰ সহচৰ হয় নদীৰ মানুহ ফকিৰৰ। দুয়োৰে মাজত ভাষাৰ ব্যৱধান থাকিলেও নদী আৰু পানীৰ প্রতি থকা আকৰ্ষণৰ বাবে দুয়ো সেই ইৰাৱতীড’লফিন সন্ধানত আগ বাঢ়োঁতেই উপন্যাসখনত খোল খাই সুন্দৰ বনৰ জনবিশ্বাস আৰু তাৰ ইতিহাস।      
ইয়াত মই অনুধাৱন কৰা সমস্যা সমূহ এনে ধৰণৰ-
আৰম্ভণি : চিনেমা/উপন্যাসৰ প্রাথমিকতে হিৰ আৰু হিৰোইনেৰে’ল (কেতিয়াবা উৰাজাহাজ)ৰ নির্জন দবাত লগ হয়, কথা হয় তাৰ পিছত কাহিনী আগ বাঢ়ে। কথকতাৰ ইতিহাসত এনে কাহিনী কিমান বাৰ নিৰ্মাণ হৈছে আপুনি হিচাপ কৰিব পাৰিবনে? আনকি লিখাৰ কোনো ধৰণৰ অভিজ্ঞতা নথকা মানুহক বাটত ধৰি যদি হিৰ আৰু হিৰোইনৰ চিনাকি পর্বনিৰ্মাণ কৰিব দিয়া হয় অধিক সংখ্যক লোকেই কিজানি তেনে এটা পৰিস্থিতি সৃষ্টি কৰাৰ উপদেশেই দিব
সামৰণি : উপন্যাসখনৰ ক্লাইমেক্চত পিয়ালীয়ে ইৰাৱতীড’লফিনৰ মোহনাৰ কোনো এটা সূঁতিত বিচাৰি পালে যদিও পানীৰ মাজৰ ধুমুহা আৰু দুর্ঘটনাৰ বাবে সেই ঠাইৰ বাট হেৰাই পেলাইছিল। তাৰমানে সেই দূর্স্পাপ্য প্ৰানীটোৰ সন্ধান চিৰদিনৰ বাবে হেৰাই গল ?
 কিন্তু তেনে নহ’ল;  কাৰণ পিয়ালীৰ লগত আছিল এটা জিপিএচ আৰু তাইৰ লেপটপৰ সেই জিপিএছটোৰ চফ্টৱেৰততোসময় ভেদে পিয়ালীৰ প্রতিটো দিনৰ প্রতিটো স্থিতি সুৰক্ষিত কৰি ৰাখিছিল। হয়তো ২০০৪ আগত ই ৰোমাঞ্চকৰ ক্লাইমেক্চ আছিল, কিন্তু বর্তমান ই এক অতি সাধাৰণ ঘটনা হৈ পৰিছে। ২০০৭ চনত পঢ়োঁতেই জিপিএচ নামৰ এটা যন্ত্ৰৰ সাম্যক আভাষ মোৰো আছিল , গতিকে উপন্যাসৰ আৰম্ভণিতেই যেতিয়া পিয়ালীৰ হাতত সেই যন্ত্ৰটোঅৱস্থিতি গম পোৱা হৈছিল তেতিয়া তাৰ সম্ভাব্যব্যৱহাৰ কি হব পাৰে তাকো আগতেই অনুধাৱন কৰিব পৰা হৈছিল।
উপ কাহিনী : প্রথম পাঠত উপন্যাসৰ আটাইতকৈ ভাল পোৱা অংশ আছিল ইয়াৰ উপ কাহিনী দুটা। এটা হল সুন্দৰ বনৰ অৰণ্যৰ হিন্দু মুছলিম দুয়োটা সম্রদায়ে মনা বন বিবিৰ আখ্যান  আৰু ইংৰাজী ব্যৱসায়ী ডেনিয়েল হেমিল্টনৰ (১৮৬০-১৯৩৯) প্ৰচেষ্টাতসুন্দৰবন ত গঢ়ি উঠা সৰ্বসম সমাজখনৰ স্মৃতি। কিন্তু সেই সময়তেই মই কিছুমান অৰণ্যপ্রেমী মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছিলোঁ। ভাৰতবৰ্ষৰপ্ৰতিখন অৰণ্য ভ্রমণ কৰা মানুহকেইজনে অমিতাভ ঘোষৰ নাম শুনা নাই ,কিতাপো পঢ়া নাই কিন্তু সুন্দৰবন ভ্রমণ আৰু তাৰ মানুহৰ লগত থকা সম্পৰ্কৰ বাবে বনবিবী আৰু সুন্দৰ বনক আপোন কৰা ইংৰাজজনৰ বিষয়ে কিতাপত বৰ্ণনা কৰাৰ দৰেই হুবহু জ্ঞান থকা গম পালো। তেওঁলোকৰ লগত থকা সুন্দৰবন সম্পৰ্কৰ কিতাপতো তেনে কিছু কথাই উল্লেখ আছিল। সুন্দৰভাৱে উপস্থাপন হৈছে যদিও মনত ভাৱ হল সেই উপ কাহিনীত কোনো নতুনত্ব নাই। উপন্যাসৰ আন এটা উপ কাহিনী হল  ১৯৭৯ চনত সুন্দৰ বনৰথিতাপি লোৱা অবৈধ জন বসতিৰ ওপৰত চৰকাৰে কৰা  মরিচঝাঁপি গণহত্যাৰ ওপৰত। সেই বিষয়ে মোৰ জ্ঞান নাছিল। পিছত ইন্টাৰনেট খুচৰি গম পালো বহু বঙালীৰ স্মৃতিত সেই কাহিনী আছে। সেই উপ কাহিনীতো লেখকে ফ্লেশ্ববেক পদ্ধতিত উপন্যাসৰ মাজে মাজে উত্থাপন কৰিছে কানাই উদ্ধাৰ কৰা ডায়েৰিৰ পাথৰ দ্বাৰা। ইয়াৰ বাবে মূল কাহিনীটোৰপ্ৰবাহ ব্যাধিত হোৱা যেন ভাৱ হল।
চৰিত্ৰসমূহ : মূল প্রটাগনিষ্ট পিয়ালী হল বঙালী মূলৰ মাৰ্কিনছাত্ৰী আৰু উপন্যাসখন পিয়ালীৰ দৃষ্টি ভঙ্গীৰে লিখা হৈছে। চেতন ভগতৰ আগতে ভাৰতীয় মূলৰ বেছিভাগ লেখকৰ উপন্যাসত ইউৰোপ আমেৰিকাৰ পাঠকক আত্মীয়তা কৰা প্ৰচেষ্টাৰ অংশ হিচাপে হয় প্রটাগনিষ্ট নহ’লে আন পৰিস্থিতি ইউৰোপ/আমেৰিকাই চিনাক্ত কৰিব পৰা ঘটনা প্ৰবাহ এটা অনুসৰণ কৰা কথাতো  (ইয়ে কিতাপখনৰ ডিষ্টরিবুশ্বনক নিশ্চয় সহায় কৰিব! ) মনে বহু দিনৰ পৰা লক্ষ কৰি আহিছে। সেইতো কোনো ধৰণৰ পাপ নহয়। আজিৰ যুগত প্ৰতিজন শিক্ষিত ভাৰতীয়ৰ বিশ্লেষণৰ দৃষ্টীভঙ্গীৰেই পাশ্চাত্যকৰণ হৈ গৈছে। হাংগৰী টাইডৰ একমাত্র মুখ্য চৰিত্র যিয়ে প্ৰকৃতসুন্দৰ বনৰ অভ্যন্তৰৰ প্ৰতিনিধিত্ব কৰিব পাৰে সেয়া হল –ফকিৰ। উপন্যাসখনত প্ৰকৃতসুন্দৰ বনৰ মৌলিক বৰ্ণনা পোৱা গল হয় যদিহে কাহিনীতো ফকিৰৰ দ চকুৰে লিখা হল হয়। কিন্তু সেয়া সম্ভৱ নহয় কাৰণ লেখকে ফকিৰৰ জীৱন নির্বাহ কৰা নাই। কৰিছে পিয়লীৰ দৰে এক আধুনিক জীৱন। ফকিৰৰ দৰে মানুহবোৰৰ লগত বার্তালাপ কৰিছে হয় কিন্তু সিঁহতৰ এজন হৈ পৰা নাই। আৰু পৰিলেও তাৰ সমুখত বাধা হৈ নিজৰ বুদ্ধিমত্তা (intellect ) ফকিৰ আৰু পিয়লীৰ প্ৰকৃতি প্রেম একেই যদিও বুদ্ধিমত্তাৰ (গতিকে চিন্তাৰ সৰলতাৰ) আকাশ পাতাল প্ৰভেদ ইয়াৰ বাবেই কিজানি কিতাপখনত আহৰণ কৰা অনুভৱ first hand   পর্য্যবেক্ষনৰ জিয়া কাহিনী নহৈ এটা ৰোমাণ্টিকSummer read হে হৈ পৰিল। আৰু হয়তো হয়তো সুন্দৰ বনৰপর্য্যটনৰ বাবে এটা ভাল বিজ্ঞাপন হল।
উপন্যাসখনৰ বহুতো ভাল দিশো আছে (মই এতিয়া ১ নং ফর্মুলা ওলোটাকৈ ব্যৱহাৰ কৰিম, মানে ভালখিনি দুটামান শাৰিতেই সামৰিম) । কিতাপখন পঢ়িও গম পোৱা যায় যে ইয়াক লিখিবলৈ লেখকে বহু পৰিশ্ৰম,ভ্রমণ আৰু অধ্যয়ন কৰিছে। সেইতো সৰহভাগ অসমীয়া লেখকে নকৰে বুলি এটা বদনাম বহুদিনৰ পৰাই উত্থাপিত হৈ আহিছে। এই সহজলভ্য কাৰ্য্যপদ্ধতিএৰি খোজা অসমীয়া লেখক সকলৰ বাবে এই উপন্যাসক এক আর্হি উদাহৰণ হ’ব পাৰে। আন হাতে  কিতাপখন ভাষা , সুন্দৰবন তাৰ অৰণ্য ,মোহনাৰ উপস্থাপনৰ বাবে ইয়াৰ বিষয়ে অলপো জ্ঞান নথকা মানুহ (যেনে মই) , ভ্রমণ বা ভ্রমণ কাহিনী অনুৰাগী পাঠক , নষ্টালজিক বঙালী ভদ্ৰলোক আদিৰ বাবে কিতাপখন নিশ্চয় অতি সুখ পথ্য হব। মোৰ বাবেও হয় । কিন্তু অমিতাভ ঘোষৰ দৰে প্ৰতিস্থিত বিদ্যান লোকৰ পৰা মোৰ প্ৰত্যাশা অলপ বেছি যেন বোধ হয়।
পুনৰ মূল কথালৈ আহোঁ মোৰ অসমীয়া আলোচনীত ইংৰাজী সাহিত্যৰ সমালোচনা হোৱাত একো আপত্তি নাই কিন্তু সেই প্ৰৱন্ধৰ প্রকাশৰ আৰত উক্ত উল্লেখিত কাৰণ নং ১,, থাকিব নালাগে। আৰু ৩ নং সুত্র (প্রতিস্থিত বিদেশী লেখক সমালোচনাৰ উর্ধত)  সদায় সত্য নহবও পাৰে আৰু তাক সত্য বুলি ধৰি ল’লে এক অহেতুক হীনমন্যতাৰ সৃষ্টি হয় যি সাহিত্যৰ সমালোচনাৰ ধাৰণাৰো বিৰুদ্ধাচৰণ কৰেতাকে উপস্থাপন কৰিবলৈ গৈ হাংগৰী টাইডক উদাহৰণ হিচাপে লোৱা হল কাৰণ -শগুনৰ শাওত বুঢ়া গৰুৱেই নমৰে যেতিয়া হালোৱা বলধৰ নো কি গৰজ পৰিব?

Published in Prakash_January 2019
\