Thursday 31 December 2015

সিংহদ্বাৰৰ উন্মোচনী মুহুর্ত

আঁত ধৰে মনমৰমী মহন্তই
আমাৰ অসম/২/১২/২০১৫
দৈনিক জনসাধাৰণ২১/১২/২০১২
দৈনিক জনসাধাৰণ ২১/১২/২০১৫
নিমন্ত্ৰণ পত্র বিভ্রান্তিৰে সৈতে
শিল্পী জিতেন হাজৰিকা দেৱৰ ভাষন
লেখকৰ ভাষন
লেখকৰ মত বিনিময়
সিংহদ্বাৰৰ চিত্রকৰ ,সম্পাদক উদ্দীপ তালুকদাৰৰ শলাগৰ শৰাই
দর্শক মণ্ডলী
বিশিষ্ট লেখক দেৱব্রত দাসৰ ভাষন

Tuesday 29 December 2015

সমান্তৰাল কাহিনী আৰু সিংহদ্বাৰ





আমি এটা কাহিনীক নির্দিষ্ট আৰম্ভণিৰ পৰা নির্দিষ্ট সমাপ্তিলৈ ঘটনাটো মনলৈ আহে কিন্তু বাস্তৱ জীৱনলৈ চালে দেখা যাব যে “কাহিনীৰ কোনো আৰম্ভণি আৰু শেষ নাই ”।একেটা সময়তে নানা চৰিত্রৰ জীৱনত বহুকেইটা ঘটনা ঘটি থাকিব পাৰে। একেটা চৰিত্রই এটা ঘটনাত  নায়ক কিন্তু আন এটি ঘটনাত খলনায়কো হব পাৰে। জীৱন এটা কাহিনী নহয় বহু কাহিনীৰ শৃংখল। সাধাৰণ গল্পই তেনে বহুমাত্ৰিক দিশবোৰক সামৰিব নোৱাৰাৰ বাবেই সমান্তৰাল কাহিনীৰ আবির্ভাৱ হৈছিল চাগৈ। সমান্তৰাল কাহিনী কি?সমান্তৰাল কাহিনী কি এই প্রশ্নৰ সাধাৰণ ৰাইজক যদি এক কথাত উত্তৰ দিব লগা হয় তেনেহ’লে হয়তো উদাহৰণ দিব লাগিব হিন্দী চলচিত্র: লাইফ ইন এ মেট্র,বা দছ কাহনীয়াৰ দৰে ,প্রতিটো কাহিনী স্বাধীন কিন্তু শেষত ক’ৰবাত নহয় ক’ৰবাত সিহঁতি একেলগ হয়,আমাৰ জীৱন তোৰ দৰে।
এই সমান্তৰাল কাহিনীয়ে পশ্চিমীয়া সাহিত্যত ইতিমধ্যে বলিষ্ঠ উপস্থিতি আগৰ পৰাই বিদ্যমান আৰু  বহু বছৰৰ পৰাই চলচিত্র তো সমান্তৰাল কাহিনীৰ প্রভাব আমাৰ জনাজাত। অসমীয়া সাহিত্যত সমান্তৰাল কাহিনীলৈ চলা সম্পৰিক্ষাৰ সংখ্যা তেনেই তাকৰ।
 ২০০১ চনত প্রান্তিকৰ পাতত মই লেখা ‘সাঁথৰ’ নামৰ এটা গল্প প্রকাশিত হৈছিল যাৰ চৰিত্রবোৰ কালক্রমত অসমৰ ভিন্ন আলোচনী (মূলত সাতসৰীত) ২০১২ চনলৈ ভিন্ন ধর্মী স্বাধীন গল্পৰ চৰিত্র হৈ প্রকাশ পাই অহিছে। গল্পবোৰ যদিও স্বাধীন একে সূতাৰে গুঁঠিলে আমি বুজি পাম ই এক সমান্তৰাল কথন শৈলীৰ উদাহৰণ। এই চৰিত্রসমুহৰ মণ:স্তাত্বিক ঘাট প্রতি ঘাটবোৰক এডাল সূতাৰে গাঁঠিয়েই ১৫ বছৰীয়া কষ্টৰ ফচল হিচাপে প্রস্তুত কৰি উলিওৱা হৈছে এখন নতুন উপন্যাস –সিংহদ্বাৰ।    
সিংহদ্বাৰত মানৱ সভ্যতাৰ আদিৰে পৰা আমাক জুৰুলা কৰি থকা প্রশ্নবোৰ –যেনে মই কোন ?কৰ পৰা আহিছোঁ? কি কৰিছোঁ ?কি কৰিব লাগে আদি   বুনিয়াদী প্রশ্নৰ উত্তৰ বিচৰা হৈছে।

Sunday 27 December 2015

শিল্পীৰ তুলিকাত সিংহদ্বাৰ ১:পৰিনিশা





পৰিনিশাৰ আছিল যৌৱনৰ সকলো প্রতিশ্রুতি
কালক্রমত পৰিনিশা হৈ পৰে চহৰৰ ব্যস্ত স্ত্রী ৰোগ বিশেষজ্ঞ
জীৱন আগবাঢ়ে
লগতে আহে
দুখ  আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,
যান্ত্রিকতা , আত্মগ্লানী আৰু দু:স্বপ্ন

ব্যস্ত মনত আর্দ্রতা বিচাৰি আজিও তাই কেনভাচত হাত বুলাই
জীৱন জানো ইমান অন্ধকাৰ ?
কৰবাত জানো নাই পোহৰৰ দুৱাৰ?
সিংহদ্বাৰ
সুখৰ সন্ধানত এখন উপন্যাস
 Art by Kaberi Sharma
Designe by team Singhadwar

Friday 4 December 2015

সিংহদ্বাৰৰ -সংক্ষিপ্তসাৰ




মোৰ পৰবর্তি প্রকাশ সিংহদ্বাৰ -সংক্ষিপ্তসাৰ
------------------------------------------------
লাখ লাখ বর্ষাকণা আকাশৰ পৰা ধাৰাষাৰে পৰি আছিল।
কোনো ভাইৰাচ আক্রান্ত কম্পিউটাৰৰ মনিটৰৰ পৰা আখৰবোৰ সৰি পৰাৰ দৰেই।
তেনে এটি বর্ষাকণাক চিৰঞ্জীৱৰ কেমেৰাৰে ফিল্মত ধৰি ৰখাৰ আগ্রহ,
পৰিনিশাৰ সিপাৰৰ মুখাবয়ব এখনক তুলিকাৰে কেনভাছত ধৰি ৰাখিবলে মন,
আদিত্য সন্ধানৰত এটি প্রেম কাহিনীৰ
কিন্তু চিৰ চিনাকি শব্দ আৰু তাৰ অর্থ ধুসৰ হবলে ধৰিলে:
কালক্রমত সকলো একাকাৰ হল
কাহিনী আৰু বাস্তব
সৃষ্টি আৰু স্রজক
সত্য আৰু চিতবিভ্রম
মনোবিজ্ঞানী চিৰঞ্জীৱে বাট হেৰুৱায় মানুহৰ মনৰ অন্ধকাৰ গলিত।
পৰিনিশাৰ পিচ লয় এটি দু:স্বপ্নই
আৰু বিৰাণাই গম পালে
কিবা এটা নাই,
সেই একে ভাব ৰাঘবন ,আচেঙলা,মিয়া ৰূষ্টম আৰু পীযুষৰো ; পীযুষ, যি গাখীৰহে নাখায়।
সি তাৰ সেই হেৰোৱা বস্তুটোক বিচাৰিলে নিচাৰ মাজত।
তাৰ পিচতো চলি গল জীৱন
দুখ আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,যান্ত্রিকতা আৱু আত্মগ্লানি
অন্ধকাৰ গলিৰ মাজেৰে
কলা ইতিহাসৰ চমু বুৰঞ্জী আৰু
সৃষ্টিৰ যন্ত্রণাৰ মাজেৰে...
ইয়াৰ শেষ কত?
সত্য অন্বেষণ, চলি থাকিল
সিহতে পালে
চাংক্টা-সভ্যতাৰ বিবর্তণৰ ছয় সত্য।
চলি গল
সিংহদ্বাৰৰ সন্ধান
সিংহদ্বাৰ
সমান্তৰাল কাহিনীৰে গঢ়া এক উপন্যাস

Thursday 24 September 2015

লোকেল চুপাৰহিৰো






আমাৰ কোনো লোকেল চুপাৰহিৰো নাই।শৈশৱতো নাছিল এতিয়াও নাই। সেয়া সম্পর্ণ বিশ্বায়নৰ আগৰ কথা। গতিকে অধিক সংখ্যক শিশুৱেই নিজৰ মাতৃভাষাত পঢ়াশুনা কৰাতো এটা গতানুগতিক কথা আছিল। টিভিৰ মনোৰঞ্জনে আমাৰ দৈনন্দিন জীৱনৰ ইমান এটা সিংহভাগ লব নোৱাৰিছিল বাবে সৰহ সংখ্যক শিশু আৰু কিশোৰে কমিকচ আৰু শিশু আলোচনী পঢ়িয়েই পুলকিত হোৱাতো নিয়মৰ দৰে আছিল। বাইল ফ’নে আমাৰ জৱনত যিটো অপৰিহার্য্য ৰধাৰণ কৰিছে সেইটো তেতিয়াৰ যুগত কল্প-বিজ্ঞানৰহে অংগব পাৰিলেহেতেন।
লোকেল চুপাৰহিৰ নাথাকিলেও চুপাৰহিৰ কেইজনমান আছিল-- যেনে ফেন্টম, মেন্ড্রেক; আৰু কেইজনমানৰ বাবে ছুপাৰমেন, স্পাইদাৰমেন।আজিকালি যিটো আসন চোটা ভমে লৈছে তাৰ ঠাইত আমাৰ হিৰ আছিল –সুপান্দি, কালিয়া বা ম্ভু চিকাৰী। এইকেইটা চৰিত্র হয় আন্তর্জাতিক নহলে সর্বভাৰতয়। কিন্তু স্থানীয় (লোকেল?) চুপাৰহিৰো আমাৰ তেতিয়াও নাছিল এতিয়াও নাই। লোকেল কণী,লোকেল মাছ আছে, লোকে দাদা আছে, কিন্তু শিশুসাহিত্যত লোকেল চুপাৰহিৰ আমাৰ আজিও নাই। হয়টো চিন্তা আৰু প্রযুক্তিৰে উৎসাহৰ ফালেৰে আমি আন্তর্জাতীয় পর্য্যায়তকৈ বহু পিছ পৰি আছো অন্তত: নিজৰ বস্তুক বাণিজ্যিক ৰূপ দিয়াত।
সেয়া আশীৰ দকৰ কথা, নৈৰাজ্য আৰু লোকেলৰ লহৰত গোটেই ৰাজ্যখন ডুব গৈ থাকোতে সেই সময়ৰ জনপ্রিয় শিশু আলোচনী সঁফুৰাত ভূমুকি মাৰিলে এজন আচহুৱা মানুহে। ৰাজস্থানৰ থলুৱা পুতলানাচৰ মানুহৰ দৰে দীঘল মোচ,অমৰা গুটিৰ দৰে চকু, মিলিটাৰী আদৱ-কাদা আৰু মুখত অনবৰত পা মাধ্যমত প্রকাশকৰিব পৰা গালি-‘ডেম’!
ভয়ত সকলো থৰহৰি কম্পমান।  ভাৰাভাষ্যকাৰজনেও নাজানে এই মানুহজনৰ আল নামতো কি? সুধিবও নোৱাৰি সেয়ে ভয়ৰ প্রকোপত সকলোৱে তেওক মাতে ডেম পেহা বুলি।
তেওৰ পালধৰয়াজন আৰু জমনি-খিন মিন চেহেৰা, যেন একদম মিলিটাৰ বেহেৰা। নাম জং-বাহাদুৰ।
প্রথম যেতিয়া মানুহদুজনৰ ছবি সঁফুৰাৰ পাতত দেখিছিলো তেতিয়া জংবাহাদুৰে সোঁহাতত ঘড়ী পিন্ধি আছিল। সেয়ে, আমাৰ ঘৰত ভ উত্তেজনা সোহাতত কিয় ঘড়ী পিন্ধিব? ছবিখন ভুল! (তেতিয়া নতুনকৈ শিকিছিলো যে ঘড়ী বাওহাততহে পিন্ধিব লাগে।) সঁফুৰাৰ লগতে ডেমপেহাৰো জনপ্রিয়তা বাঢ়িব ধৰিলে। কিন্তু মাহেকয়া সঁফুৰাৰ প্রতিটো খণ্ডতে ডেমপেহা নোলা এবাৰ ভালে কেইটামান সংখ্যাত ডেম পেহাৰ কোনো খা-খৰ নোলোৱাত গোটেই অসমতেই হুলস্থল। ডেম পেহা কত?
পঢ়ুৱৈসকলে লিখি পঠিয়ালে-ডেম পেহাক দেখিছোঁ -- বোকাখাতত, নহয় নহয় ডুমডুমাত।
এনে জনপ্রিয়তাৰ কথা এতিয়া বিশ্লেষণ কৰিবললে নিশ্চয় মানিবলৈ বাধ্য হম যে আমাৰ শিশুসাহিত্যত কোনো ‘লোকেল চুপাৰহিৰো’ নাথাকিব পাৰে কিন্তু ডেমপেহাৰ যিটো জনপ্রিয়তা আছিল সেয়া কোনো চুপাৰহিৰোতকৈ কম নহয়। যদিও তেও শক্তিমান বা চুপাৰমেনৰ দৰে উৰিব নোৱাৰে, মেন্ড্রেকছৰ দৰে যাদুও দেখুৱাব নোৱাৰে তথাপিও তেও অতি জনপ্রিয়। আৰু, সেই সময়ৰ পঢ়ুৱৈসকলে (আজিকালি তেওলোক প্রাপ্তবয়স্ক নাগৰিক) আজিও সেই স্মৃতিক শ্রদ্ধাৰে সোঁৱৰে।
ডেম পেহাৰ প্রতি থকা কৌতুহলৰ আঁৰত আন এটি কাৰণ আছিল –ইয়াৰ স্রষ্টাক লৈ। ডেম পেহাৰ কাহিনীৰ লগত লেখকৰ নাম আছিল – অচিন মোমাইদেউ।
এতিয়া অচিন মোমাইদেউ কোন? তাক লৈও চলিচিল বহু ভবা-গুণা, চিঠি-পত্র।
আনহাতে শিশুসকলৰ অভিভাক সকল নিশ্চিন্ত মনে ভাবি লৈছিল যে অচিন মোমাইদেউ সঁফুৰাৰ সম্পাদক ড. ভবেন্দ্রনাথ শইকীয়াৰেই দ্ম নাম।সমীয়া ভাষাত শিশুসকলৰ বাবে ইমান উৎকৃষ্ট লিখনি কিজানি আন কোনো অজান লেখকৰ দ্বাৰা সম্ভৱ নহয়। এই বিষয়েও ইমান আলোচনা আম্ভ হ’ল যে সম্পাদকে ৰাইজক ক’ব লগয়াত পৰিল -- মই অচিন মোমাইদেউ নহয়। কিন্তু যিহেতু তেও অচিন হৈয়েই থাকিব বিচাৰে গতিকে তেও কোন তোমালোকক মই কব নোৱাৰিম। কিন্তু তেওনো দেখাত কেনকুৱা হব পাৰে সেয়া তোমালোকে নাভাবা কিয়?
কিছুদিনৰ ভিতৰতে গোটেই অসমৰ শিশুসকলে অকা অচিন মোমাইদেউৰ ছবিসমহ সঁফুৰাৰ পাতত ওলাব ধৰিলে।
ডেম পেহাৰ জনপ্রিয়তাৰ আঁৰত আন এটা কাৰণ আছিল –কাহিনীবোৰৰ অতি আকৰ্ষণীয় সচিত্র বিৱৰণ। শইকয়া চাৰৰ উপদেশ আৰু চন্দন চুটয়াৰ মনোগ্রাহী বিৱৰৰ বাবে ডেম পেহাৰ ৰপটো প্রতিজন পঢ়ুৱৈৰ মনতে খোদিত হৈ পৰিছিল।আনকি কেইদিনমান আগতে লেখক এজন বন্ধুৰ লগত ফুৰি থাকোতে যেতিয়া এজন দীঘল মোচৰ শকত টপা মানুহ দেখিলে বন্ধুজনে চিঞৰি উঠিছিল –‘আৰে এয়া ডেম পেহা দেখোন।’
সেই যুগৰ বহুত পিচত গম পালো –অচিন মোমাইদেউৰ আৰৰ মানুহজন আছিল এজন প্রচাৰ বিমুখ এই শিশু সাহিত্যিক। বাৰাণসী কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগ অধ্যাপনা আধাতে ৰি গুৱাহাটীত তেও নিগাজীকৈ থাকিবলৈ লৈছিলতেখেতে এতিয়া আৰু আমাৰ মাজত নাই ডেম পেহাৰ বাহিৰেও বহু জনপ্রিয় শিশু সাহিত্যৰ সৃষ্টি কৰি থৈ গৈছে। আৰু, সফুৰাৰ পিতো মৃত্যুৰ আগলৈ তেও ‘সাদিন’ৰ শিশু শিতানটো চোৱা চিতা কৰাৰ দ্বায়িত্বত আছিল।
অসম মুলুকত শিশু সাহিত্যৰ পৰিমা চাহিদা অনুপাতে অতি কম। আৰু নতুনচামে সাহিত্যৰসিকে এই বিষয়টোক বৰ এটা গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে অসমীয়া শিশু সাহিত্যৰ বর্তমান অৱস্থা শোচনীয় বুলিয়েই কব লাগিব। আনহাতে এটা ভাষাৰ ভৱিষ্যত বুনিয়াদৰ বাবে শিশু আৰু কিশোৰৰ বাবে উপযোগী সাহিত্য সৃষ্টি গুৰুত্সহকাৰে লোৱাতো অতি জৰুৰ তেনে এক ইতিবাচক ভবিষ্যতৰ বুনিয়াদৰ বাবে আমাক দৰাচলতে আৰু বহুত ভবেন্দ্রনাথ শইকীয়া, গগন চন্দ্র অধিকাৰী আৰু অচিন মোমাইদেউৰ প্রয়োজন।
তেনে এক পৰিপ্রক্ষিততেই তাহানিৰ ডেম পেহা,অচিন মোমাইদেউৰ অনুগাময়ে সঁফুৰাত প্ৰকাশিত ‘অচিন মোমাইদেউৰ’ সকলোখিনি লিখনি একগোট কৰি এটি সকলন আগবঢ়াইছে – নাম: অচিন মোমাইদেউৰ সঁফুৰা সম্ভাৰ, ২৪৮ পৃষ্ঠাৰ পকা-বন্ধা এই সংকলনটিৰ মূল্য ২৬০ টকা। অচিন মোমাদেউৰ লিখনীত  ব্যৱহৃত কিছুমান সহজে নুশুনা অসমীয়া জতুৱা ঠাঁচ আৰু শব্দৰ অৰ্থও কিতাপখনৰ পৰিশিষ্টত যোগ দিয়া হৈছে। প্রকাশ কৰিছে সাঁচিপাতে।
ইয়াৰ ভালেখিনি লিখনি সময়ৰ গতিত হেৰাই পৰিছিল ,আনহাতে ইয়াৰ প্রতিটো লিখনি সমকালিন সময়তো শিশুসকলৰ মনত আমোদ তথা জ্ঞান উদ্রেককাৰি ,আৰু বর্তমানৰ শিশুসাহিত্যৰ শূণ্যতাত এই কিতাবখনিক অধিক গুৰুত্ত প্রদান কৰিছে বুলি ভাব হয়।