Friday 17 December 2021

নিকলাচ ৰ ‘ৰিকৰ আৰু সিংহদ্বাৰ


 

নিকলাচ ৰ ‘ৰিকৰ (১৮৭৪-১৯৪৭) জন্মসূত্ৰে ৰাছিয়াৰ যদিও জীৱনৰ সুদীৰ্ঘ চাৰিটা দশক তেও ভাৰতৰ কুলু ঘৰ কৰি লৈছিল৷ কুলুৰ নগ্গৰ চহৰৰ মানুহৰ বাবে তেও এতিয়াও মহৰ্ষি৷ সমগ্ৰ বিশ্বতে থকা অনুগামী সকলৰ মাজত তেও হিমালয়ৰ হাজাৰ বিজাৰ ছবিতাৰ আগৰ সমগ্ৰ বিশ্বতে বিয়পি থকা ছবি ,গ্ৰন্থদৰ্শন আৰু বিখ্যাত পৰিয়ালৰ সদস্য চকলৰ বাবে জনা যাত (অন্তৰীক্ষৰ এটি তৰা এই বিখ্যাত পৰিয়ালৰ নামত উৎসৰ্গীত তেওঁৰ পুত্ৰ  Svetoslav ৰ পদ্ম বটা বিজয়ী আৰু এটা বলিউড সম্পৰ্কও আছে )

 

মোৰ দ্বিতীয় গ্ৰন্থ -সিংহদ্বাৰ (ৰচনাকাল ২০০০- ২০১৩/১৪) নিকলাচ ৰ ‘ৰিকৰ জীৱন দৰ্শন আৰু ১৯২৩ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত প্ৰথম প্ৰদৰ্শন কৰা ছবিৰ শৃঙ্খল : চাংক্টাৰ প্ৰভাৱ আছে৷ সিংহদ্বাৰে ২০১৬ মুনিন বৰকটকী সাহিত্য বটা পোৱাৰ পিছত প্ৰায় এবছৰৰ ভিতৰতে গ্ৰন্থখন পাবলৈ নোহোৱা হল৷ আজি সুদীৰ্ঘ ৬ বছৰ পিছত পূৰ্বায় প্ৰকাশনে কিতাপখনৰ ২য় প্ৰকাশ কৰি উলিয়াইছে ৷ সেই উপলক্ষে ৰৰিকৰ ৰ চাঙ্কটা শৃঙ্খল আৰু সিংহদ্বাৰৰ মাজৰ সম্পৰ্ক ৰূপে এই ভিডিও৷

Wednesday 18 August 2021

COVID আৰু হেৰুৱা সকল


Photo credit :Rohit Jawalkar @ unspalsh


অতি কম সময়ৰ ভিতৰতে আমি হেৰুৱাইছো অসমীয়া সমাজ জীৱন সাহিত্য ক্ষেত্ৰত বহুবছৰৰ পৰা আৰিহনা যোগাই যোৱা বহুজনক৷ লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰক সমাজৰেই বাটকতিয়া আছিল৷ সমাজ জীৱনত এই শুন্যতা আনুবৱ হৈ ৰব ৷ব্যক্তিগত ভাবে দুই এবাৰ লগ পাওতে তেওলোকে যোগোৱা উৎসাহ অনুপ্ৰেৰণাও মনত ৰব৷
আৰু বহুজনক হেৰুৱাইছো যোৱাকেইদিন মানৰ ভিতৰত৷ মোৰ ঘনিষ্ঠ পৰিষৰৰ ভিতৰতেই আয়ুশমান দত্ত ,সমবয়সীয়া অনুজীৱবিজ্ঞানী উৎপলা দেৱী (নন-কোভিড কিন্তু আপ্ৰত্যাশিত), আমাৰ গুাৱাহাটীৰ চুবুৰীৰ দৈনন্দিন জীৱনৰ ফতিক কলিতা খুড়া , লচকৰ খুড়ী, আনকি সমবয়সীয়া আনকি বহু কনিস্ত অনুজৰো যোৱা কেইদিনতেই আভাবনীয়ভাবে হেৰুৱাই পেলাইছো৷ আতাইবোৰে এক বুজাব নোৱাৰা শুন্যতা আনি দিছে৷ যুব সাংবাদিক আয়ুশমানক তেওৰ কিশোৰ অৱস্থাৰ পৰাই জানো৷ যেতিয়া চেন্টিনেলত কাম কৰিছিল উদ্যম আৰু সৃজনিশিলতাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিছিল৷ তাৰ পচিটিভ ,সংকতজনক আৰু হেৰুৱাৰ তিনিওতা খবৰ আতি ক্ষিপ্ৰভাবে আহিল৷
আৰু ব্যক্তিগত ভাৰতীয় প্ৰেক্ষাপতত ?
ডা টি এন ঢোল চাৰ , ভাৰতৰ আগশাৰীৰ ভাইৰলোজিষ্ট (মাইক্ৰবায়লজীৰ) , ভালেকেইবাৰমান পেচাগত কামত লগ পাওতে তেওৰ উৎসাহ আৰু উৎসাহী ৰুপ মনত পৰে (লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰৰ লেখীয়া)৷ বহু ভাইৰাচৰ লেবৰ ভিতৰত ধৰা পেলোৱাৰ কৌশলবোৰ তেৱেই প্ৰথম ভাৰতত প্ৰতিস্থা কৰিছিল৷ SARS-Cov2 নামৰ এটা ভাইৰাচ আহিল , আৰু তেও প্ৰথম কেইমাহতেই তাৰ কবলত পৰি আৰু ঘুৰি নাহিল৷
দুদিন মান আগলৈকে আমাৰ আনুস্থানত কাম কৰা সহকৰ্মীৰ (চিকিৎসাকৰ্মী) অৰ্ধেক কভিড-১৯ত সংক্ৰমিত আছিল,লাহে লাহে ঘুৰি আহিবলৈ ধৰিছে৷ তাৰে এজন কনিস্ত চিকিৎসক (ঘৰৰ একমাত্ৰ সন্তান ,বাপেক নাই) , প্ৰথম বৰ্ষৰ স্নাতোকত্তৰ হিচাপে নাম ভৰ্তি কৰিছিল এটা চুপাৰস্পেচিয়েলিতি বিভাগত৷ অতিমাৰি আৰম্ভ হোৱাত যোৱা এবছৰে অকল কোভিড সেৱাই কৰিলে , এটাও চুটি লোৱা নাছিল, কোভিড হ’ল , আই চি ইউ লৈ গৈ আৰু ঘুৰি নাহিল৷
আৰু চুবুৰীৰ বা সহকৰ্মী সকলৰ সকলৰ ,জনা নজনা বহু মানুহৰৰ হেৰুৱা বোৰতো আছেই৷
এয়া আকল মোৰেই নহয়, এতিয়া যাৰ লগতেই কথা নাপাতো প্ৰত্যেকৰে একে ভাৱনা৷ আমি এক অব্যক্ত হেৰোৱাৰ বেদনা লৈ ঘুৰি ফুৰিছো৷

Saturday 31 July 2021

অসমীয়া পডকাষ্ট অন্বেষণ


  


পডকাষ্ট কি তাক লৈ বন্ধুমহলত বেছিভাগেই সোধা বাবে জনাইছো যে ই এটা শ্ৰব্য মাধ্যম ৷ মানে ধৰক ব্যক্তিগত ই ৰেডিও ষ্টেশ্বন ৷ You Tube Channel বুলিয়েই ধৰক ৷ কিন্তু এয়া শ্ৰব্য মাধ্যম শুনিবহে পাৰিব ৷ গতিকে চকু কেইতাই অলপ আৰাম পায় আৰু লগতে আপুনি কৰি থকা কামতোও (পঢ়াগাড়ী চলোৱাভাত ৰন্ধা ইত্যাদি ) ব্যাঘাত নহয়৷ সেইবাবে বহুতেই তাক শুনিবলৈপৰিবেশন কৰিবলৈ ধৰিছে৷ গানকথাসাহিত্যগল্প ৰেচিপি , নিজৰ ধোল সাক্ষাৎকাৰ আলোচনা চব শুনিব পাৰি ৷ You Tube ৰ লগত থকা আনতো পাৰ্থক্য হল যে একে পডকাষ্ট বহুত APP ,ৱেবচাইতত উপলব্ধ হব পাৰে যেনে ধৰক Spotify , Apllepodcast Googlepodcast, Anchor  ইত্যাদি ,যেনে ধৰক বিবিধ ভাৰতীৰ গীতমালা গুৱাহাটীইম্ফল দিল্লী ৰেডিওৰ পৰা একেলগা শুনা ৷ বেছিসংখ্যক পডকাষ্ট বিনামুলীয়া৷

এটা দিন আছিল যে কেবল টিভিৰ দৰে এটা World space radio বুলি এটা ৰেডিও চাৰ্ভিচআৰু আমি এনে interestingমাধ্যমত আগ্ৰহী আছিলো বাবে খৰচ কৰি হলেও ভাল content ৰ বাবে তাৰ গ্ৰাহক আছিলো৷ কিন্তু -Video Killed the Radio girl … World space radio বৰ্তিব নোৱাৰিলে ৷

 

কিন্তু তাৰ প্ৰায় পাচ- দহ বছৰ মান পিছত পডকাষ্ট তেনে ৰুচিৰ মানুহৰ বাবে জনপ্ৰিয় হৈ পৰিল 

আগ্ৰহ আৰু creative খজুৱটীৰ বাবেই এটা #অন্বেষন বুলি অসমীয়া পোডকাষ্ট খুলিছোকামৰ হেছাত সিমান সময় পোৱা নাই যদিও খজুৱাইছে যেতিয়া উপাই নাই ৷ বিষয় হিচাপে আনৰ কিছুমান interesting কাম ৷

 

অসমীয়াত পডকাষ্ট আছে যদিও ভিন্নতা কম ,সেয়ে ই খুলিছিলো #অন্বেষন 

অসমীয়া কথা অসমৰ কথা তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় ভাবিবলৈ সময় নহয় , পাৰিলে নিজৰ ধোল নবজাও কাৰণ পৃথিৱীত বহূ মানুহেই বহু ভাল কাম কৰি আছে , সেইবিলাকৰ বিষয়েওতো আলোছনা হব লাগে 

আপোনাৰো যদি কিবা কৱ লগিয়া আছে মোৰ ইমেইলত যোগাযোগ কৰিব-

 

যি সকল ৰাইজ পডকাষ্ট মাধ্যমতোৰ বিষয়ে জানে তেওলোকে তলৰ লিঙকত সংযোগ কৰি #অন্বেষন  শুনিব পাৰে 

 

 

Spotify

Apllepodcast,

Googlepodcast

Anchor

 

 

 

 

 

  

Tuesday 20 July 2021

বিবৰ্তন





                                             Book Trailer Link

এই দুৰ্দিনৰ মাজতেই বহু বছৰৰ সহযোগিতাৰ পিছত অবশেষত প্ৰকাশ পাইছে


ই কাহিনী আফ্ৰিকাৰ বাহিৰত পৃথিৱীৰ প্ৰথম হত্যাকাৰীজনৰ
কঙ্গো ৰ ভিতৰৰ অবৈধ খনিত অপহৃত শিশুজনৰ  
কেচাইখাইটীৰ জীৱন্ত বলি বা তিৰাশীৰ তামোলপুৰীয়া ভুতৰ 
চাহাৰণপুৰত বাছত পোৱা এখন কটা হাতৰ, কৰবেটৰ বলিয়া হাতীৰ 
চিলিকন ভেলেীত সপোনৰ ভিতৰত আবদ্ধ বিজ্ঞানীৰ 
ভবিষ্যতৰ বাৰ কোডত আবদ্ধ পৃথিৱীৰ জনগণৰ

এখন চুটি গল্প (২০০৯-২০১৯ ) সংকলন
বেটুপাত ৰ বাবে ( ছবি : অপুৰ্ব ৰাজবংশী Apurba Rajbongshi , ৰুপাঙ্কণ : উদ্দীপ তালুকদাৰ Uddip Talukdarp ) ওচৰত অলেখ কৃতজ্ঞতা জনাইছো, আগ্ৰহী পঢ়ুৱৈয়ে সময় সুবিধা পালে পঢ়ি পঠন অভিজ্ঞতাৰ মিঠা-তিতা বোৰ অকপতে জনালে ঋণী হৈ ৰ’ম
প্ৰকাশক: পেপিৰাজ বুকছ এণ্ড বিয়ন্ড
পাণ বজাৰ, গুৱাহাটী
মুঠ পৃষ্ঠা :২৮২

আমাজনত উপলব্দ লিংক ইয়াত সংযোগ দিয়া হৈছে : আমাজন

Sunday 20 June 2021

পানী আৰু ভাইৰাচ



ভৰলু নদীত ক’ৰণা ! 

এই বাক্যশাৰিক মেটাফৰ হিচাপে লৈ আমি বিজ্ঞাণ ,সত্য ,ভয় ধাৰণা আদিক লৈ চলা খৱৰৰ গণ শংকাক লৈ আলোচনা কৰিব পাৰি৷ 

প্ৰথমতে মুল কযা , ভৰলু নদীত ক’ৰণা শংকাৰ বিষয় হয় নেকি? 

ভয়ৰ কাৰণ কিয় ? সেই সংক্ৰমণৰ বাহক হব? ঠিক ক’লেৰা, পলিও, তাইফইড আদিৰ দৰে৷   
হ’ব নালাগে৷ কিয় ? কাৰণ কি পদ্ধতিৰে ক’ৰণা ভাইৰাচ নদীৰ পানীত ধৰা পৰিছে , নিশ্ছয় RT-PCR. এতিয়া কথা হল RT-PCR এ ভাইৰাচ জীৱন্তে ধৰিব নোৱাৰে, তাৰ RNA তো হে ধৰিব পাৰে , জীৱিত অবস্থাত নহয়৷ ধৰা হল লাখটকিয়াত আজিৰ পৰা হাজাৰ বছৰ আগৰ ডাইনচৰৰ ফচিল এটা আবিস্কৃত হল ,তাৰ পৰা ডাইনচৰৰ DNA/RNA  RTPCR ত ধৰা পৰিল - সি বাৰু এইধৰনেৰে প্ৰকাশ কৰা হব- লাখটকীয়াত ডাইনচৰৰ আতঙ্ক?

হয় অতিমাৰিৰ আৰম্ভণিৰ পৰাই এই কথা গম পোৱা গৈছিল যে ভাইৰাচটো শৌচৰ পৰাও নিৰ্গত হয়, (RNA) ভালেমান দিনলৈ কিন্তু এতিয়ালৈ ভাইৰাচতো শৌচৰ পৰা জীবিত ভাবে কোনো -virus culture- কৰি সি খাদ্য বা পানীত আন মানুহলৈ সংক্ৰমণ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই৷ খুব সম্ভৱ তাত লিপিড এনভেলপ থকা বাবেই সি পাকস্থলীৰ নানা ধৰনৰ পাচক ৰসৰ প্ৰভাৱৰ বাবে বিচূৰ্ণ হয়? সেইবাবেই থু খেকাৰ ৰ পৰা সকলোৱে ( আতি কম থাইত হলেও যত ভাইৰাচ কালচাৰ কৰাৰ সুবিধা আছে ) ভাইৰাচতো জীবন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ 
মুল কথালৈ আহো ভৰলু নদীত ক’ৰণাৰ RNA কৰ পৰা আহিল , নিশ্চয় শৌচৰ পৰা৷  তাক লৈ ক’ৰণা সংক্ৰমিত বেচিকৈ হ’ব বুলি উদ্দিগ্ন হব লাগে নেকি?   নালাগে ওপৰত উল্লেখিত কৰাৰ কাৰনে ৷ 
কিনতু ই ভাল কথা নেকি ? নহয়
কিন্তু ভৰলুৰ পানী ভাল নে বেয়া জানীবলৈ আমি RT-PCR কৰিব লাগে নেকি ? চকু মেলি চালেই গম পাম যে নদীত চহৰৰ বেচিভাগৰে  শৌচৰ পানীবোৰ প্ৰবাহিত হৈছে , আৰু দূখৰ কথা যে সেই পানীয়ে বহুতৰে খোৱাপানী কলুশিত কৰাৰ সম্ভাবনাই নহয় , নিৰ্ঘাত কথা৷

গতিকে ইয়াৰ পৰা কৰণা (মানে SARS-CoV2 নামৰ ভাইৰাচতো যি বহুতকে COVID-19 বেমাৰ কৰিব পাৰে) সংক্ৰমণৰ শংকা কম যদিও তাতকৈ বহু বেছি ঘাটক সক্ষমতা থকা -কলেৰা , টাইটড, জনদিচ আদি হাজাৰবিধ অনুজীৱৰ কিন্তু কোনো  লেউলেৱাই ৰখি আছে৷