Thursday 18 April 2013

হেৰোৱা সুবাসৰ সন্ধান

সেৱাগ্রাম

আজিৰ পৃথিৱীত জ্ঞানৰ সন্ধান কৰা হয় যন্ত্রৰ বুটাম টিপি যেনে ধৰক কিবা এটা জানিব লগিয়া হল কম্পিউটাৰ নহলে মবাইল ফোনৰ বুটাম টিপিলেই হল-জানিব লগিয়া তথ্য আহি থিতাতে হাজিৰ হব। ফলত জ্ঞান আহৰণ হয় অনুভৱ অবিহনে।এই প্রৱণতাই সৃষ্টি কৰিছে এক চেতনাহীন যান্ত্রিক প্রজন্মৰহয়টো এতিয়াও আমি পঞ্চেন্দ্রীয়ৰ অনুভূতিবোৰ যেনে দেখা ,শুনা, সোৱাদ আদিবোৰ বুজি পাই আছো  কাৰণ ইশ্বৰে তেনেধৰনেৰে পৃথিৱীখন বুজিবলৈ আমাক সৃষ্টি কৰিছে।কিন্তু এই সন্ধিক্ষনত আমাৰ বেছিভাগৰেই অনুভুতিবোৰ  চিনি বুজি লবলৈ সময়েই নাথাকে।সেয়ে ইন্দ্রিয় অনু্ভুতি বুলিলে মনলৈ কেইতিমান পৰিচিত স্পর্শ , সুবাস ,দৃশ্যতেই আবন্ধ থাকে।হয়টো আমাৰ আত্মা আজি যন্ত্রৰ হাতত এনেভাবে বশিভুত হৈছে যে মৌলিক অনু্ভূতিবোৰক চিনি বুজি লবলৈও আমাৰ হাতত সময়ৰ অভাব।তেনেবোৰ অৱজ্ঞাৰ বাবেই কিজানি আমি চিনি অহা পৃথিৱীখন দিনে দিনে শেষ হৈ আহিছে। আমাৰ ইমানেই সলনি হৈছে নেকি যে আমি সকলোবোৰ বস্তুকেই নতুন ধৰনেৰে অনুভৱ কৰিবলৈ লৈছো । আগতে শিকি বুজি অহা ধৰণেৰে পৃথিৱীখন বুজিবলৈ কোনো দৰকাৰ নাই ?সত্যৰ অণ্ণেষণ ইন্টাৰনেটত নহলে মবাইলত কৰক আৰু যন্ত্রকেই সেই সত্যক অনুভৱ কৰিবলৈ দিয়ক।অনু্ভুতিবোৰক মগজুৰ  স্মৃতিকোথাত বান্ধি থোৱাৰ কোনো প্রয়োজন নাই।
          আধুনিক জীৱনত যন্ত্রৰ অধিগ্রহনৰ প্রভাৱবোৰ দেখি মই তেনেদৰেই ভাবিবলে ধৰিছিলো।কিন্তু কিছুবছৰ আগতে পশ্ছিম ভাৰতৰ এখন গাওত কেইদিন মান থাকি আহি মোৰ সেই ভুলটো ভাঙিল।গাওখনৰ নাম হল সেৱাগ্রাম- মহাৰষ্ট্রৰ ৱার্ধা চহৰৰ ওচৰত অৱস্থিতএশ বছৰ আগলৈ গাওখনক মানুহে চিগাও বুলি জানিছিল।সেই সময়ৰ যিকোনো দুৰণিবতীয়া গাঁৱৰ দৰে ইয়াতো কোনো বিশেষ ঘটনা ঘটা নাছিল-দৈনন্দিন ঘটনাৱলীবোৰৰ বাহিৰে।
ৰাতিপুৱা হয়,সন্ধ্যা নামে তাৰপিছত ৰাতি হয়।
কিঞ্ছিত শীত আৰু বসন্ত
অসহনীয় গৰম নামমাত্র হেমন্ত
দিনৰ পিছত দিন
বছৰৰ পিছত বছৰ
চলি আছিল কালচক্র
তেনেতে ১৯৩৬ চনৰ বহাগ মাহৰ এটি কাহিলী পুৱাত  গাওখনলৈ এজন অতিথি আহিছল আৰু তেতি্য়াৰ পৰাই এই একেঘেয়ামিৰ অন্ত পৰিল।৬৭ বছৰীয়া মানুহজন  দেশখনৰ বাবে আতাইতকৈ গুৰুত্তপুর্ণ মানুহসমুহৰ ভিতৰত এজন ।তেও বিশ্বাস কৰিছিল প্রকৃত ভাৰতবর্ষক ইয়াৰ  গাওবোৰেহে প্রতিনিধিত্ত কৰে।আহিয়েই মানুহজনে গাওবাসীসকলৰ পৰা চিগাওত বসতি স্থাপন কৰিবলৈ অনুমতি বিছাৰিলে- উদ্দেশ্য দেশসেৱা চিগাও তেতিয়া চাৰিওফালৰ পৰা অৰণ্যৰে আবৃত।নিকটবর্তি চহৰ ৱার্ধালৈ অৰণ্যৰ মাজেৰে  এটি মাঠো লুঙলুঙিয়া বাট।আশে পাশে চিগাওৰ লগত নামৰ মিল থকা আৰু এখন গাও আছিল বাবে চিঠি পত্র আহি পোৱাত যঠেস্ত আহুকালৰ সৃষ্টি হৈছিল।সেয়ে গাওখনৰ এক নতুন নামাকৰণ কৰা হল সেৱাগ্রাম মানে সেৱাৰ গাঁও।
যদিও প্রথমতে পত্নীৰ বাহিৰে আনকোনো আনুগতক লগত ৰাখাৰ উদ্দেশ্য তেওৰ নাছিল কিন্তু লাহে লাহে দেশৰ স্বার্থত সেৱাগ্রামত তেও খোলা সৰু আশ্রমখন এখন দাঙৰ অনুস্থান হৈ উঠিল।কিছুদিন আগলৈকে নিদ্রাৰত সৰু গাওখন অনতি পলমেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেন্দ্রবিন্দু হৈ উঠিল।
১৯৪৭ চনত দেশখন স্বাধীন হল আৰু তাৰ পিছৰ বছৰতেই মানুহজনৰ এজন উন্মাদৰ গুলিত   মৃত্যু হল তাথাপি্ও তেওৰ আদর্শই এতিয়াও লক্ষজনক অনুপ্রানিত কৰি আহিছে। সেৱাগ্রামে  সেই তেতিয়াৰ পৰা আজিলৈকে সেই একে উৎসাহেৰে কাম কৰি আছে  আৰু স্বাধিনতাৰ কিছু সময়ৰ ভিতৰতে  দেশখনৰ প্রথমখন গ্রাম্য চিকিৎসা মহাবিদ্যালয়ৰ মিলনস্থলি হল।আতাইতকৈ ভাল কথা হল  যদিও সেৱাগ্রাম আজিৰ দিনত এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্রিক প্রতিস্থানৰ লগতে সকলো তথাকথিত অধুনিক  সা সজুলীৰ অধিকাৰি  তথাপিও ই সেই তাহানিৰ ভাৰতীয় গাওৰ পৰিচয়টো হেৰাই পেলোৱা নাই।
দুই এটা সৰু পৰিবর্তনৰ বাহিৰে গাওখন এতিয়াও ৫০ বছৰৰ আগৰ সেৱাগ্রামেই হৈ আছে -যান্তিকতাৰ সিপাৰে এতিয়াও ইয়াত মানুহে নিজৰ পঞ্চেন্দ্রীয়ৰ অনুভৱবোৰ উপলব্ধি কৰিবলৈ অবকাশ বিচাৰি পোৱাৰ  সুযোগকন আছে।মানুহজনাৰ সেই পজাঘৰটোলৈ গলে এতিয়াও তাহানিৰ সুবাস অনুভৱ কৰিব পাৰি। ঘৰটিক বাপুকুটি বুলি জনা যায়, সেই সময়ত তাতেই মানুহজনে কেনেকৈনো বাস কৰিছিল তাক অনুভৱ কৰিবলে মই দীঘলকৈ উশাহ এটা টানি ললো :- সেই ধুলি,সেই বতাহ, আৰু সেই পৰিস্থিতিৰ স্তব্ধতাই মোক যোৱা শতিকালৈ লৈ গল।চহৰত পাগলৰ দৰে পুৱাৰ পৰা গধুলিলৈ যন্ত্রৰ ওচৰত শৰনাপন্ন হৈ এখন ঠাইৰ গোন্ধক অনুভৱ কৰিবলৈ মই কাহানিবাই পাহৰিছিলো ।কিন্তু সেইদিনা মই থিৰাঙকৈ অনুভৱ কৰিলো এইখিনি ঠাইতে কোনোবা এদিন মোহনদাস কৰমচান্দ গান্ধী নামৰ মানু্জন সোশৰিৰেৰে ঘুৰি ফুৰিছিল।