Friday 13 April 2012

জীৱনৰ বিজ্ঞান - বাটাৰফ্লাই এফেক্ট




নিউটনৰ প্রথম সুত্রটো মনত আছে নে ? প্রতিতো চলন্ত বস্তুই চলি থাকিব বিছাৰে আৰু গতিশিল সত্তা্ই  গতিত থাকিব বিছাৰে ।যেতিয়ালৈ বাহিৰৰ কোনোবাই তাক দকা হকা দি তাৰ স্ধিতাবস্থা সলনি কৰিবলে সামর্থ নহয়। সেয়াই জতা।
জীৱনো বিজ্ঞানেই।পদার্থ বিজ্ঞানৰ বিজ্ঞানৰ প্রতিতো সুত্রৰ আৰতে বিচাৰিব জানিলে আমি পাও জীৱনৰ নির্মোহ দর্শণ।  জীবনৰ পৰিঘটনাবোৰ সুত্রৰ সীমাত পৰিসীমাৰে আমি নিশ্চয় বান্ধি ৰাখিব নোৱাৰো।কিন্তু  যদি পদার্থ বিজ্ঞানৰ উপপাদ্যবোৰৰ চলকবোৰত প্রকৃত জীবনৰ উপমাৰে ৰিজাও (যেনে ধৰক জীৱন=E ,m= সত্তা  c= পৰিবর্তনশিলতা)  সেই উপপাদ্যবোৰ হৈ পৰিব নির্মোহ সত্য (অহ ঠিক সত্য নহয় ,সত্যৰ দৰে কিয়নো পৃথিৱীৰ সকলো বস্তু আপেক্ষিক)।
  পদার্থ বিজ্ঞানতেই  অস্তিত্তৰ অসহনীয় প্রশ্ণবোৰৰ উত্তৰ পাব পাৰো নেকি ?
এই যে প্রায়ে আমনি কৰে :মই কোন ,কি লেগে মোক ,কোন মই ,কলৈ আহিছো ,কলৈ যাম ? বা কিয় ?
তেনেতে পদার্থ বিজ্ঞানৰ এটি সুত্রই মোক বাৰুকৈয়েই আকর্ষিত কৰিলে :সুত্রটোই কয়   প্রতিটো ঘটনা এটি শৃংখলৰ অংশ।মানে এই যে ইয়াত পখিলাটো উৰিছে ,তাৰ কম্পনেও সৃষ্টি কৰিব পাৰে এটি ধুমুহা।ইয়েইটো বাটাৰফ্লাই এফেক্ট ।মানে এই কোলাহলভৰা  (Chaos  theory ) পৃথিৱীত সত্যৰ উৎস যদি বিছাৰিব খুজিছো তেনেহলে প্রতিতো ঘটনাৰ আৰত কিবা এটি কাৰণ,প্রতিতো কামৰেই কিবা নহয় কিবা এটি ফলাফল আছে ।বাটাৰফ্লাই এফেক্ট  সহজ ভাষাত বুজাবলৈ এনেকৈয়ে কৈছে বিজ্ঞানীসকলে। (চাওক ভাষা নিউটনৰ সুত্রৰ লগতো মিলে আৰু পুৰাণ ,গীতাৰ শ্লোকৰ লগতো মিলে) ,
দৈনদন্তিন জীৱন ঘটি থকা ঘটনাবোৰো যেনে যি হৈ আছে যেনেকৈ হৈ আছে তেনেকৈয়েই চলি থাকিব ।মৰা জনে বাৰে  বাৰে  মৰি থাকিব , মাৰাোতাই মাৰি থাকিব। কোনো ভাবলেশহীন ।
কিন্তু যেতিয়া আমি সৰু এটা ধনাত্মক পদক্ষেপ লও তাৰপিচত  কৰবাত ,হয়তো আমি গম নোপোৱাকৈয়েই কাৰোবাৰ সজ পৰিবর্তনো হব পাৰে।তাকে আমি বাটাৰফ্লই এফেক্ট বুলিব পাৰো নেকি?
মোৰ এটা গল্প বাটাৰফ্লাই এফেক্টত তাকেই ভবা হৈছে :-আফ্রিকা মহাদেশত হোৱা পখিলাৰ কম্পনৰ প্রভাব ভাৰতত হব পাৰে নে?

Wednesday 4 April 2012

অতীতক নাজাবা পাহৰি


অসমৰ আকাশৰ নেজাল তৰা




পাচে ১৬৬৯ শকত আশ্বিত পাচদিন যাঁতে আকাশত নেজলগা তৰা ওলাইছিল, অমঙ্গলসুচক ।
 শ্রীনাথ দুৱাৰা বৰবৰুৱা, তুংখুঙ্গীয়া বুৰঞ্জী। (১৬৬৯ শক =১৭৩৮ খৃস্টাব্দ)

ইতিহাসৰ এক আবেদন আছে ।যাৰ বাবে মই বাৰে বাৰে ইতিহাসত বর্তমানৰ সামন্তৰাল ঘটনা বিছাৰি যাও ।
            যেনে ধৰক কামখ্যা মন্দিৰৰ প্রঙ্গণ পালে মই প্রতিবাৰেই ভাবো :-বাকি লোককথা  সচা হওক বা নহওক এয়া সচা কথা যে প্রায় হাজাৰ বছৰ আগতে এই ঠাইত বহি এজন স্থানীয় ৰজাই তলৰ চহৰৰ  পৰা নিলাচলৰ গর্ভত অবস্থিত মন্দিৰলৈ এক বাট বনাইছিল যাৰ চিন এতিয়াও আছে (তাক আমি মেখেলা উজোৱা পথ বুলি জানো) । এয়া সেই মন্দিৰ যত এজন স্থানীয় যোদ্ধা বিদ্রোহী হৈ ধর্মান্তৰন পিচত এই মন্দিৰ ধ্ধংস কৰিব ওলাইছিল  (তেওক আমি কালাপাহাৰ বুলি জানো),এইতো সেয়া মন্দিৰ যত আহোম ৰজা ৰুদ্রসিংহ পশ্চিমীয় পৰা পুৰোহীত আনি ইয়াত স্থাপিত কৰিছিল যি পৰবর্তি সময়ত অসমৰ ৰাজনীতিত এক গভীৰ প্রভাব ৰাখি গল। 
মোৰ নেজাল তৰা শির্ষক গল্প এটাৰ উৎসই হল তুংখুঙিয়া বুৰঞ্জীৰ ওপৰৰ উক্তিটো যত এক নেজাল তৰাৰ আভির্ভাবে দেশৰ ভবিষ্যত অমঙ্গল সুচোৱা বুজাব খুজি্ছে।
সেই সময়ৰ ধাৰভাস্যকাৰ অন্ধবিশ্বাসী বুলি মই নাভাবো কিন্তু যিকোনো দেশপ্রমী বিজ্ঞ পুৰুষৰ দৰেই তেও নিশ্চয় নিজৰ মনৰ ভাব সেই ভবিষ্যবাণীৰে লিপিবদ্ধ কৰিছিল ।

ইতিহাসৰ পাতত দেখা যাব ঐতিহ্যমণ্ডিত আহোম শাসনৰ ঘাইখুটা লৰিবলৈ আৰম্ভ হৈছিল সেই সময়তে।তাৰ পিচতেই আৰম্ভ হয় আমাৰ দুখ লগা ভয়াবহ ইতিহাস :কির্তিচন্দ্র বৰবৰুৱাৰ উঠ্ঠান , ১৭৬৯ প্রথম মোৱামৰিয়া বিদ্রোহ ,১৭৮২ দ্বীতিয় মোৱামৰিয়া বিদ্রোহ যত গঢ়গাওৰ সকলো গৰিমাময় কিতৃস্তম্ভ ধ্ধংস হয়। দেশত আৰাজকতাৰ আৰম্ভনি হয়  ,১৭৮৬ তৃতিয় মোৱামৰিয়া বিদ্রোহ যাক দমন কৰিবলে তিনিটা ভয়াবহ মাণ সেনাৰ আক্রমণ আসমীৰ জাতীয় ইতিহাসৰ  অভিমানত এনে মাধমাৰ সোধায় যে তাৰ পৰা উদ্ধাৰ পাবলৈ জাতীয় চেতনা আজিলৈ সক্ষম হোৱা নাই।
তেনেকুৱা হাজাৰ ঘটন একে ধৰনেৰেই আমাৰ দেশত আজিও হৈ আছে
উদাহৰণ হাজাৰ ওলাব (যেনে ধৰক আমি উক্ত গল্পটোৰ পটভুমিৰ ভুলবোৰ স্বাধীনতা আন্দোলনত দোহাৰিছো তাৰ ভুলবোৰ ভাষা আনদোলনত ,বিদেশী আনদোলনত তাৰ পিচত আলফা/এনদি্ফবি বিদ্রোহ ইত্যাদি ত দো্হাৰিয়েই আছো দোহাৰিয়েই আছো। এনেবোৰ বাৰংবাৰ কৰা ভুলৰ পাহাৰে মাঠো এয়েই সুচাই যে আমি আমাৰ অতীতৰ ভুলবোৰৰ পৰা একো শিকা নাই



নেজাল তৰা -অসমীয়া চুটি গল্প , 
লেখকৰ সংকলন -বিবৰ্তনত অৰ্ন্তভুক্ত 
প্ৰকাশক : পেপিৰাজ ,
প্ৰাপ্তি :পাণবজাৰ পেপিৰাজ ,আমাজন লিঙ্ক: