Wednesday 24 October 2012

সাঁকো



বৈসাদৃশ্য যিমানেই নাথাকক কিয় , যিকোনো ভাষাকেই আমি কেতিয়াও অগ্রহ্য কৰিব নোৱাৰো ।তেনে স্থলত আজিৰ যুগত আন্তৰাষ্ট্রীয় পর্য্যায়ত প্রধান ভাষাৰুপে পৰিগনিত হৈছে ইংৰাজী ভাষা।সেই কথাটো ভাল পাও বেয়া পাও বেলেগ কথা কিন্তু তাক অ্গার্হ্য কৰাটো প্রায় অসম্ভব ।বিশেষকৈ আমাৰ  দৰে চালুকীয়া ৰাজ্যৰ বাবে ইংৰাজীত উচ্চমানৰ চর্চা ,অনুবাদ অতি জৰুৰী ।
কি কাৰণে নাজানো অসমত ভাষাচর্চাৰ প্রকৃয়াটো এফলীয়া ।মানে হয় ইংৰাজী নহলে অসমীয়া ,দুয়ুটাও এ হব পাৰে বহুতে নাভাবেই-পঢ়ুৱৈৰ  শতাংশ উলিয়াব গলে ভাব হব।মিলচ এন্ড বুন পঢ়া এজনে কিজানি সফুঁৰাৰ নাম শুনা নাই ,আৰু ভাইচ ভার্চা।
গতিকে ইংৰাজীত সুদক্ষ বহুজনে নাজেনেই আমাৰ ঘৰৰ কথাবোৰৰ বিষয়ে অজ্ঞাত আৰু নিজৰ ঘৰৰ কথাত পন্ডিত সকল ইংৰাজী মনৰ কথা সব্যস্ত কৰাত উদাসহীন বা সময়হীন। অথাপিও সমস্যা নহলে হয় যদি আমাৰ মাজত কেইখনমান ভাল সাঁকো থাকিল হয়।ভালকৈ মন কৰিলে দেখিব এই মিলচ এ্ড বুন্ড পঢ়া আৰু সফুঁৰা পঢ়া সকলৰ মাজত ,চলিহা অনুৰাগি আৰু চেল্ডনভ ক্তৰ মাজত কোনো ধৰনৰ মতৰ আদান প্রদানেই নহয়।এজন অনুৰাগিয়ে  যদি তেওলোকৰ প্রিয় লেখকৰ বিষয়ে কিবা কয়  আনজনে ধৰিবই নোৱাৰে যে বাকিজনে কি কৈ আছে।এখন ভৌগলিক পৰিসীমাৰ ভিতৰতেই  দুখন বেলেগ পৃথিৱী!
বহু ক্ষেত্রত ইজনে সিজনৰ কথা বিশেষ একো নাজানে বাবে দুয়ুপক্ষ  সমুখা সমুখি হলে  কাজিয়া  বা  ভুলবুজাবুজি হোৱাৰ আকাংক্ষা বেছি হয়।
সাঁকো নথকা নহয় ,কিন্তু সংখ্যাত তেনেই তাকৰ।আবুল লেইচ , দত্তবৰুৱা আদিৰ দৰে সফল জনপ্রিয় অনুবাদক আৰু অনুবাদো  কম আজিকালি ।
গতিকে আমাৰ কাহিনীবোৰ আমি নিজকেই কও ,তাৰ বিশুদ্ধতাৰ তৃপ্তিত হাতচাপৰি মাৰো আৰু দুদিন পিচত পাহৰি যাও।কবলৈ গলে প্রায় কুৱাৰ ভিতৰৰ কাৰবাৰ ।যেনেকৈ  গাঢ়ি এখন আৰু  চাইকেল এখনৰ খুন্ডা খুন্ডি হলে আমি কথাটো কিনো হল কেনেকৈনো হল  নজনাকৈয়ে ধৰি লও যে দোষটো গাঢ়িচালকজনৰ  আৰু দৰকাৰ হলে  আগুৱাই গৈ দুটা গোঢ় লাঠিও সোধাই দিও ,ঠিক তেনেকৈয়েই অসমত ইংৰাজী লিখাৰ কথা ওলালে  আমি অসমৰ বাবাএ সি জৰুৰী নহয় বুলি আলোচনাৰ বাহিৰত ৰাখো। বহু ক্ষেত্রত কও  বিক্রম চেথৰ ছুইতেবল বইৰ  পইচা আৰু খ্যাতিৰ বিষয়টো ( মানে কিতাপখনৰ প্রচাৰৰৰ দ্বাৰা লাভ কৰা  ) জনপ্রীয় হোৱাৰ  পিচত  আমি কোৱা হলো অসমীয়াই ইংৰাজীত লিখে পইচা আৰু খ্যাতিৰ বাবে । 
 এজন অসমীয়া লেখকৰ ৰচনা মই পঢ়ি আহিছো (যদিও কেতিয়াও লগ পোৱা নাই) যি লিখি আছে বিক্রম চেঠৰ আভির্ভাৱৰ বহুদিন আগৰে পৰা।গতিকে পইচা  বা খ্যাতিৰ বাবে তেও ইংৰাজীত লিখাটো সচা হব নোৱাৰে কাৰণ অসমীয়া পঢ়ুৱৈয়ে বহুতে লিখনিৰ কথা যিমান জানিব লাগে সিমানটো নাজানেই বহুজনেটো তেওৰ নামেই শুনা নাই।অসমৰ ভিতৰত তেওৰ দৰে মানুহজনৰ গুৰুত্ত আৰু বহুত বেছি হোৱাৰ দৰকাৰ ।
আহোম স্বর্গদেও সকলৰ সকলৰ প্রথম হিন্দু ৰিতি নীতি মনা ৰজাজনৰ  আৰৰ কাহিনীটো, অসমত চাহ কেনেকৈ আহিল তাৰ কাহিনীটো ,ব্রম্হপুত্রৰ উৎপত্তি কৰ পৰা হৈছিল তাক জানিবলৈ চাহাব বিলাকৰনো কিমান মুৰৰ খজুৱটি হৈছিল এইবোৰৰ বিষয়ে সঠিককৈ  তথ্য  সহকাৰে বহুদিন আগৰে পৰা  ইংৰাজীত লেখি(অসমৰ কথা পথিৱীৰ বাবে) আহিছে।ৰাষ্ট্রীয় আৰু আন্তৰৰাষ্ট্রীয় পর্য্যায়ত যঠেষ্ট  কির্টিও আর্জিচে।ভাৰতৰ প্রায় বেচিবোৰ প্রকাশকেই তেওৰ কিতাপ প্রকাশ কৰিছে  সাহিত্য একাডেমিয়েই হওক বা ৰুপাই হওক ।তেওৰ কিতাপ পৃথিৱীৰো বহু ভাষালৈ অনুদিতও হৈছে এনে চেক,ৰুছ ,জাপান ইত্যাদি ;কিন্তু আছৰিত ভাবে অসমীয়ালৈ তেওৰ কিতাপ আজিলৈ অনুবাদ হোৱা নাই  ।গতিকে আমাৰ কাহিনীবোৰ বাহিৰত প্রচাৰ কৰিবলৈ তেওৰ অবদান কিজানি অসমীয়া ভাষাত চর্চাকৰা  লেখকসকলতকৈ বেছি।ভাবকচোন মার্কুৱে ,কুন্ডেৰা ,ট্লষ্টই আদি সকলোৱে ইংৰাজীত নিলিখিচিল কিন্তু অনুবাদকৰ সাকোঁত উঠি তেওলোকৰ লিখনিয়ে পৃথিৱীৰ সকলোৰে মনৰ মাজলৈ প্রবেশ কৰিছে। 
তেওৰ  বিখ্যাত কিতাপ চা গৰম ,ব্রম্হপুত্র আদিৰ প্রকাশভঙ্গী আৰু জ্ঞাণ আৰু মৌলিকতাক লৈ অতি সুপাথ্য কিতাপ।অকল অসমীয়া ভাষাৰ পঢ়ুৱৈ সকলে ঘৰত থাকিও তেওৰ  কিতাপবোৰৰ এইকাৰনেই  সোৱাদ লব পৰা নাই   কাৰণ তেওলোকে অৰুপ কুমাৰ দত্তৰ  বিষয়ে অজ্ঞ আৰু অসমত সেঁতুৰ অবিহনে মানুহৰ সমস্তিবোৰ হৈ আছে একো একোটা দ্বীপ।