Wednesday 16 February 2022

এজন ডাক্তৰৰ কাহিনী


৭০ৰ দশকত আজিৰ দিনতোত (১৬ ফেব্ৰুৱাৰী) ঘটা এটি সাধাৰণ কাহিনী

ছবি- কাহিনীৰ চিকিৎসকজন (ডা বসন্ত ঠাকুৰীয়াৰ )নাতিয়েক প্ৰত্যুষ ঠাকুৰীয়াই ঘৰত সংগ্ৰীহ এখন তৈলচিত্ৰৰ কাথকলমেৰে অংকনৰ প্ৰয়াষ


সেই সময়ত ভাৰতত জৰুৰী কালীন অৱস্থা ছলি আছিল বাবে সম্ভৱত প্ৰচাৰ মাধ্যম বা চৰকাৰী চাকৰিয়াল সকলে ৰাজহুৱাকৈ কি ক’ও নি নক’ও তেনে ভাবত আছিল কিজানি ৷ আনহাতে সেই সময়তে small pox (বৰ-আই) নামৰ ভাইৰাছ বিধ সমূলঞ্চে ধ্বংস কৰাৰ পণ লৈছিল গোতেই পৃথিৱীয়ে মিলি৷ অসমত হাজাৰ-হাজাৰ বাংলাদেশৰ শৰণাৰ্থীয়ে এক অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা বাবে ভাইৰাচটো যাওঁ-যাওঁ কৈও এটা দুটা বৰ-আই আক্ৰান্ত শিশু ওলাই আছিল আৰু আজিৰ দৰেই ক’ৰবাত তেনে এজন ৰোগী ওলালেই প্ৰশাসনৰ ফালৰ পৰা হৈ ছৈ সৃষ্টি হৈছিল আনকি দুদিন মানতেই WHO ৰ ফালৰ পৰা বগা চাহাব আহি অসমৰ পাণ্ডৱ বৰ্জিত স্থললৈ স্থানীয় চিকিৎসকৰ লগত ধাৱমান হৈছিল৷ স্থানীয় চিকিৎসকক সেই সময়ত মানুহে বিশ্বাসো কৰিছিল, সন্মানো কৰিছিল ,আৰু এটা বৃহত্ এলেকাত এজন চিকিৎসকে সসন্মানে সেৱা কৰি গৈছিল৷ তেতিয়া মল, ইংৰাজী মাধ্যম , আদিৰ দৰে মহানগৰীয়া বেমাৰবোৰো নাছিল বাবে মফচলীয়া চহৰবোৰতেই বা সৰু গাঁওবোৰতো চিকিৎসক প্ৰশাসনিক বিষয়া ,অভিযন্তা সকলো হিন মান্যতা নোহোৱাকৈ বাস কৰাতো সাধাৰণ কথা আছিল৷
তেনে এক চহৰ আছিল ৰঙিয়া ,আৰু মই ক’ব খোজা চিকিৎসকজনক সকলোৱে ঠাকুৰীয়া ডাক্তৰ বুলি জানিছিল৷ ৰঙিয়া আৰু দাঁতিকাষৰীয়া (মানে আজিৰ গোতেই মহকুমাতো বুলিবই পাৰি) একমাত্ৰ চিকিৎসক৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সময়ত উপস্থিত থকাৰ উপৰিও দিনে ৰাতিয়ে ঘৰৰ দুৱাৰত খতখতায়েই থাকে৷ কেতিয়াবা দুৰ দূৰণিৰ পৰা ডাক্তৰ বাবুক নিব আহে ৰোগী আহিব নোৱাৰে বাবে৷ এম্বুলেঞ্চৰ কথাই নাহে , ৰাস্তা পদুলিও ভাল নহয় ,মানুহে গৰু গাৰী , ৰিক্সা আদিৰে হয় ডাক্তৰৰ ওচৰলৈ আহে নহ’লে ডাক্তৰক মাতি লৈ যায়৷ ডাক্তৰে ঘৰলৈ আহি চেলাইন, বেজী আদি দি ৰোগীক ভাল কৰাতো অসমৰ জনজীৱনৰ ইমানেই সাধাৰণ ঘটনা যে বহু অসমীয়া চলচিত্ৰ কাহিনী ভাগতো তেনে ঘটনা প্ৰায়েই দেখা গৈছিল৷ চোৰ ডকাইতৰ অত ত’ত ভয় আছিল যদিও সেই কথা ঠাকুৰীয়া ডাক্তৰৰ লগত প্ৰযোজ্য নহয় , তেওঁৰ মটৰ চাইকেলৰ শব্দৰ লগত গোটেই চহৰখনেই পৰিচিত৷
ধুক-ধুক শব্দ কৰি দিনে নিশাই তাৰ অবাধ বিচৰণ , কেতিয়াবা-কেতিয়াবা ৰাতি বেলি ওলাই গৈ মানুহজন পিছদিনা দুপৰীয়াহে আহি পায় , সেইবোৰ সাধাৰণ ঘটনা৷
তেনে সময়ৰ ঘটনা -ফাগুন মাহৰ প্ৰথম সপ্তাহ – সদায়ৰ দৰেই সেইদিনা খনো এজন মুমূৰ্ষ ৰোগীক বচাবলৈ ডাক্তৰজনৰ ঘৰলৈ এদল মানুহ আহিল , (দেউতাক?) যাওঁ-যাওঁ অবস্থা যেনে তেনে ঠাকুৰীয়া ডাক্তৰে আহিব লাগে ৷
“ মই আজি যাব নোৱাৰোঁ , মোৰ এই মাত্ৰ লৰা এটা হৈছে , মাক আৰু পুতেকক চাব লাগিব ৷
সেই সময়ত institutional delivery ৰ কথা তেনেকৈ নহৈছিল ৷ তাতে চিকিৎসকৰ ঘৰ,তৃতীয় সন্তান , ঘৰতে এটি পুত্ৰ সন্তানৰ জন্ম হল , আৰু কথাতো লৈ ঘৰখনৰ কোনো সিমান সুখী নহয় কিজানি ৷ আগৰ দুজনো লৰা , গতিকে সকলোৱে এজনী কন্যা সন্তানৰ বাবে বৰ আশা কৰিছিল, গতিকে লৰা হোৱাৰ বাবে সকলোৰে মনতো নিশ্চয়েই বেয়া৷ তাতে ইমান দায়িত্ব, লৰা দুটা ইফাল সিফাল দৌৰ দি আছে ,মাক আৰু নৱজাতক বিচনাত , ঘৰত আন মানুহো কোনো নাই
আনহাতে ৰোগীৰ সম্পৰ্কীয় সকল বহাৰ প’ৰা নুঠে -কিবা এটা কৰি হলেও আহক আৰু ডাক্তৰ বাবু ৷
তেতিয়া ডাক্তৰক লপা-থপা দিয়া কাৰবাৰতো নচলিছিল , আলহী বহি আছে , নৱজাতকে কে কেয়াই কান্দি আছে আৰু আলহী মানে ৰোগীৰ আত্মীয়সকল নুথেহে নুথে
ঠিক আছে বুলি ডাক্তৰজনে চিকিৎসালয়ৰ নাৰ্চ এগৰাকীক অনুৰোধ কৰিলে যে আপুনি মাক আৰু লৰাক কেইঘণ্টামান ছাই দিয়ক আৰু মই ওলাই ৰোগীজন চাই আহোঁ,
ডাক্তৰ চাহাব মটৰচাইকেল লৈ ৰোগীৰ ঘৰলৈ বুলি ওলাল যে ওলালেই -দোভাগ ৰাতিলৈ খা খবৰ নাই ৷
ৰাতি ঘুৰি আহিল -ৰোগীজনৰ কি হল , কোন আছিল সেইবোৰ কালৰ গৰ্ভত নোহোৱা হৈ পৰিল৷ আনকি সেই দিনাখন যে তেনে এটা ঘটনা হৈছিল তাক সকলোৱে পাহৰিলে৷
সময় আগবাঢ়িল – তাৰ কেইবছৰমান পিছতেই ডাক্তৰজন এক দুৰাৰোগ্য ৰোগত ভুগি ঢুকাল, সেয়া এক অন্য কাহিনী ৷
ডাক্তৰজনৰ বিষয়ে এনে বহু কথা এতিয়াও উদ্ঘাটন হৈ থাকে - ৰাইজৰ স্মৃতিপটতৰ পৰা৷ কিন্তু সময় বৰ দ্ৰুত গতিত আগবাঢ়িল ৷ নতুন নতুন ঘটনাৰাজিক মনত ৰাখিবলৈয়েই কিজানি স্মৈতিয়ে পুৰণি বহুকথা পাহৰিলৈ মগজুক প্ৰশিক্ষন দিয়ে, লাহে লাহে পাহৰিব ধৰে পুৰ্বৰ প্ৰতিবেশী, বন্ধু, সহপাঠী ,শিক্ষক আদি বহুতৰে কথা ৷ এই ঘটনাতোও বিস্মৃতিত বিলীন হব খোজোঁতেই ঘটনাতো ঘটাৰ প্ৰায় ৪৫ বছৰ পিচত ঠাকুৰীয়া ডাক্তৰৰ পত্নীয়ে সেইদিনাৰ ৰোগীৰ আত্মীয় সকলক লগ পালে এখন কুটুমৰ বিয়াত৷ চিনাকি পৰিচয় হোৱাত নামৰ আদান প্ৰদান হ’ল আৰু তেওলোকে গম পোৱাত - ঠাকুৰীয়া ডাক্তৰৰ নাম শুনিয়েই তেওঁলোকৰ মুখ উজ্জল হৈ উঠিল
“ঠাকুৰীয়া ডাক্তৰৰ পত্নী ?
তেওঁলোকে সেই ঘটনাতো উনুকিয়ালে ৷ বিয়াৰ ঘৰৰ সকলোকে চিনাকি কৰাই সেই ঘটনাৰ ৰোমন্থন কৰিলে -কেনেকৈ তেও নিজৰ সদ্যোজাত সন্তান এৰি তেওৰ ঘৰৰ মুমূৰ্ষ ৰোগীৰ জীৱন বচাইছিল , তাৰ বাবে তেওঁলোক কৃতজ্ঞতা বাৰে-বাৰে জনালে৷ নিষ্ঠাবান চিকিৎসকজন কম বয়সতে সৰু লৰা তিনিটাক এৰি মৃত্যু হোৱা বাবে দুখ প্ৰকাশ কৰিলে , আলঙে-আলঙে তেওঁলোকে খবৰ ৰাখিছিল যে লৰাকেইজনে কালক্ৰমত নিজৰ ভৰিৰ ওপৰত থিয় দিয়া খবৰতো তেওঁলোকৰ জ্ঞাত যদিও সকলো খবৰ ভালকৈ নাপায়৷ নোপোৱাৰো কথা, দুকুৰি পাচ বছৰ কম সময় নহয় ৷
সেইদিনা জন্ম হোৱা লৰাজনে কি কৰে এতিয়া ? আগ্ৰহেৰে সুধিলে
: সি (ৰাইজৰ বিপুল দাবী মানি ) চিকিৎসকেই হল , এতিয়া পাটনাত কাম কৰে
সেই নৱজাতকজন কোন আছিল ধৰিব পাৰিছেই ছাগে ?
দুইদিনমান আগতহে এই বিশেষ বিবৰণ গম পাই নৱজাতক জন গৌৰাবন্নিতও হল জনালে, আনন্দও লাভ কৰিলে




Saturday 5 February 2022

ৰাজহাঁহৰ গান




ৰাজহাঁহৰ গান 

 

Devabrat Das 

 

লেখকৰ ইষ্টাইলেৰে 

 

 

#Swansong: ট্ৰেইলাৰ:  মাইকেল কেইন অৱসৰ প্ৰাপ্ত হেয়াৰড্ৰেচাৰনিজৰ কামলৈ ঘুৰি আহেকিন্তু চিনেমাখনৰ ট্ৰেইলৰতো গোলাপী ৰঙৰ আখৰফেশ্বন শ্বৰ নিছিনা কাপোৰ আৰু  বিটচকু প সংগীতৰ বেকগ্ৰাউণ্ড স্কৰ!  নাই, চিনেমাখন মোৰ ভাল লগা বিধৰ নহমেলিনিয়েল বোৰৰ বাবে বনোৱা-মনলৈ আহিল৷ 

মেলিনিয়েল কিবা বেলেগ প্ৰজাতি নেকি নে মই বুঢ়া হলো ?

দুদিন মান আগত বহু বছৰৰ মুৰত লগৰ সৌৰভক লগ পালো -এ ঘন্টাৰ বাবে মই কলো মোৰ ফ্ৰোজেন চ ল্ডাৰৰ কথা আৰু চুগাৰৰ কথা ,সি কলে তাৰ ভৰিৰ বিষ আৰু ভাগৰ আৰু ঠাণ্ডা  লগা কথা তাৰপিচত দুয়োজন ঘৰাঘৰি৷ মন কৰিছো সম বয়সৰ বেছিভাগেইকোৱা কৰিছে

আগতে যিবোৰ কাম দুঘন্টাত কৰিছিলোঁ আজিকালি সেয়া কৰিবলৈ চাৰি ঘন্টা লগা হৈছে’   

খুব ভাগৰ লাগে অজিকালি’

কি হৈছে মিড লাইফ ক্ৰাইছিছ ??  কবিড ফেটিগ ???

তাকে ভাঙিবলৈ আকৌ চিনেমা চোৱা অভ্যাস কৰিব খুজিছোঁ ২০১২ মানলৈ চিনেমাৰ পৃথিবীত কি হৈ আছিল খৰ ৰাখিছিলোঁ৷ তাৰপিচত বাদ পৰিল  যে পৰিলেই কাম বাঢ়িলসংসাৰ বাঢ়িলসময় কমিল , চিনেমাৰ ধৰন কৰনো সলনি হৱ ধৰিলে৷   তেনেকৈ তো নহব সেয়ে বহু দেৰিকৈ হলেও OTT ললো ২০২১ ত ,৷ সময়ৰ লগত যুজী দুখন মান চিনেমা চালো ,তাতেই লগ পাইছিলো  #Swansong নামৰ চিনেমাখনৰ ট্ৰেইলাৰ আৰু এদিন এই কিতাপখন হাতত পৰিল -ৰাজহাঁহৰ গান

ৰাজহাঁহৰ গান ?

লেখকে বুজাব খুজিছে -এয়াই শেষ আৰু ,বহুত হল আৰু নোৱাৰোঁ ,এইখন শেষ সংকলন -আৰু এইতো নামৰ গল্পতো মোৰ শেষ গল্প ৷ যেনেকৈ তেণ্ডুলকাৰ আদিৰ দৰে খেলুৱৈয়ে খেলৰ আগতে কৈ দিয়ে যে এইখন মোৰ শেষ আন্তৰাষ্ট্ৰীয় খেল হব তেনে ধৰৰ কাৰবাৰ৷ কথাতো বৰ এটা ভাল নাপালোঁ ৷

 

গ্ৰন্থখন মেলি আকৌ আচৰিত হোৱাৰ পাল  প্ৰথম পৃষ্ঠাতে লিখা আছিল 

 

ড০ মীনাক্ষী বৰকটকী

ড০ মৃণাল কলিতা 

ডা০ ভাস্কৰ ঠাকুৰীয়ালৈ 

ৰাজহাঁহৰ গান গ্ৰন্থখন 

এই তিনিজন আপোনজনলৈ চেনেহশলাগ আৰু আগ্ৰহেৰে 

-     দেবু দা 

   (দেৱব্ৰত দাস)

মই কিয়

বছৰত এটা মান গল্প ওলায় যেতিয়া মোকো গল্পকাৰ বুলিব পাৰি  বাৰু  কিন্তু তাৰ বাহিৰে মই নিজে অনুজীৱচেমিনাৰ ,এন্টিবায়টিক, ফাইল আৰু সংসাৰৰ মাজত সাহিত্যৰ জগতৰ ধূমকেতুৰ দৰে মাজে-মাজে হে সোমাব চেষ্টা চালাও৷ হানহাতে গ্ৰন্থখনৰ লেখকে এতিয়া কম লিখে যদি এতিয়া সন্মানেৰে লোৱা নামবোৰৰ ভিতৰত আহে তেওঁৰ নাম মোতকৈ বহু অগ্ৰজ,  তেনে এজন জনপ্ৰিয়তাৰ শিখৰত থকা গল্পকাৰ দেৱব্ৰত দাসৰ  তথাকথিত শেষ গ্ৰন্থখন মোৰ নামত????  

 

গল্পবোৰ :

 

কিতাপখনৰ গল্পবোৰ হল -গল্প লিখাৰ গল্প দেৱব্ৰত দাসৰ গল্পবোৰৰ ষ্টাইল  মই শ্যাম বেনগালৰ সূৰজ কা সাতৱা ঘোৰা নামৰ চিনেমা খনৰ  দৰে  (১৯৯২) পাও -এটা গল্পৰ ভিতৰত আন এটা গল্প; তাৰ ভিতৰত আন এটা আৰু সকলোকে এজন কথকে লগ লগাই থাকে অভিনেতা ৰজত কাপুৰে অতি সুন্দৰ অভিনয় কৰিছিল তাত৷ সেই সময়ত কাৰোবাৰ লগত গল্পৰ বিষয়ে আলোচনা কৰোঁতে কৈছিল যে হিন্দী লেখক ধৰ্মবীৰ ভাৰতী যাৰ গল্পৰ আধাৰত চিনেমাখন কৰা হৈছিল  গল্পবোৰো দেবু দাৰ গল্পবোৰৰ দৰে ৷ যিহেতু মই হিন্দী সাহিত্য নুৰণ নকৰো সেয়ে তাতকৈ সেই বিষয়ে বেছি কব নোৱাৰিম ৷ কিন্তু চিনেমাখনৰ দৰেই গল্পবোৰত গলপকাৰে প্ৰথম পুৰুষতকিছুমান মানুহ লগ পায় গল্পকাৰ মাথো প্রতক্ষদর্শী -লগত সদাই ধৰ্ম পত্নী আৰু তাৰ পিছত কাহিনীলৈ সোমাই আহে কিছুমান ইন্টাৰেষ্টিং মানুহ আৰু ইন্টাৰেষ্টিং মানুহবোৰৰ অভিজ্ঞতাৰ পৰাই ওলাই আহে গল্প৷ কেতিয়াবা কোনো ,উকিল ,কেতিয়াবা বন্ধু কিন্তু সূৰজ কা সাতৱা ঘোৰাৰ দৰেই এটা চৰিত্ৰৰ বহু গল্পত প্ৰবেশ ঘটে -সেয়া হল মাণিকদা ৷

মাণিক ৰহমাআকৰ্ষণীয় ব্যক্তিত্ব ! চিলিমত হোঁপ দি লেখকৰ প্লটবোৰ এনালাইজ কৰে -তাৰপিচত নিজৰ বিশাল অভিজ্ঞতাৰ পৰা যোৰ লগাই গল্পৰ বিভিন্ন টুকুৰাবোৰ৷ লেখকৰ সৃষ্টিৰ মুল প্ৰেৰণা ৷

Writers Block? Creative Death? Sabbatical? 

গোটেইকেইটা শব্দই মোৰ চিন্তাৰ প্ৰিয় বিষয় হযতো বেমাৰ (শব্দ!) তিনিটাৰ কোনতো বেমাৰত  মই নিজে আক্ৰান্ত তাক মই  অনুধাৱন কৰি থাকো সমৰ লেখা মেলা জগত খনৰ সকলো খবৰ ৰাখিব নোৱাৰোঁ যদিও মূলত কি কি হৈ আছে তাৰ সাৰাংশ জানো৷ তেতিয়াই দুবছৰ মান আগতে অনুভৱ হৈছিল দেবু দাই লেখা কমাইছে বা বাদ দিছে সেয়ে পৰোক্ষ ভাবে খবৰ লোৱাৰ ভাও ধৰি লেখা মেলাৰ কথা বাহিৰৰ পৰা টুকুৰিয়াই চাইছিলোঁ 

নাই হে মই বাদ দিছোঁ সেইবিলাক 

ইমান কষ্ট কৰিব নোৱাৰি

তাতকৈ চিনেমা চাও নেটফ্লিক্সত ৷

সৌজন্যতাবসত তাৰ পিছত আৰু নোসোধোঁ কিন্তু এই দীঘলীয়া বিৰতিৰ আৰৰ কথা জানিবলৈ তেওৰ আনুমতি সপেক্ষে কথাতোৰ ভিতৰলৈ সোমাব মন আছিল  SKC শেষৰ পিনেও এনে কিছু কথাৰেই মানুহৰ প্ৰশ্নৰ উত্তৰবোৰ দিছিল৷ যোৱা বছৰ  মই নিজে ক্ৰিয়েটিভ ব্লক বন্ধ কৰিবলৈ পডকাষ্ট এটা খুলিলোঁ তাতে এই বিষয়টো লৈ কথা পাতিম বুলি ঠিৰাঙ কৰিলোঁ কিন্তু এই কভিড, সেই ব্যক্তিগত কাম ৰাতি সাত বজাত ঘৰ আহি পাই একো কৰবিলৈয়েই বল নাথাকে দেখোন  (মিড লাইফ ??) 

সেয়া হৈ নুঠিল ,বা এতিয়ালৈ হোৱাই নাই   

 

ব্যক্তিগত :

২০০ মানত ইতি নামৰ এটা শৃঙ্খল দৈনিক জনসাধাৰণৰ ৰবিবাৰৰ পৰিপুৰিকা ইত্যাদিত ওলাইছিল ধাৰাবাহিক ভাবে সম্পাদক -দিগন্ত ওজা মানুহে ভাল পাইছিল তেতিয়াই এদিন দেবুদাৰ ফোন আহিল  ইতি ভাল পোৱা বুলি কলে৷ তেতিয়া মন সাতখন আঠখন হল চেলিব্ৰিটি ৰাইতাৰে ভাল পোৱা বুলি কৈছে , কি লাগে আৰূ? তাৰপিচত মোৰ প্ৰথম গ্ৰন্থ যাত্ৰাৰ প্ৰকাশৰ বাবেও দেবু দাই আখৰ প্ৰকাশৰ কমল মেধিৰ লগত চিনাকি কৰাই দিছিল   যাত্ৰা সফল হোৱা বুলিয়েই আজি কব পাৰো দ্বিতীয় গ্ৰন্থ সিংহদ্বাৰৰ উন্মোচনতো তেও আহিছিল ৷ মই নিজে দিল্লী , ডেৰাডুন ,মিৰাট দিল্লী, ভাৰতপুৰত পাটনা আদিত তিঘিলঘিলাই ফুৰিছো  দুৰণিত থাকিলেও কেতিয়াবা ভ্ৰমনত লগ পাইছো , লগ ধৰি একেলগে এসাঁজ খাইছিলোঁ , তেনেবোৰ কাৰণত লগত এটা ভাল সম্পৰ্ক নিশ্চয় আছে কিন্তু তথাকথিত  শেষ  গ্ৰন্থ উচৰ্গা ?? নাই হজম হোৱা নাই 

এটা কথা মই সন্দেহ কৰিছিলোঁ দুটা মান কথাত কিজানি তেওঁৰ স্বাভিমানত আঘাত কৰা নাইতো ?

১৷ দুটামান বিশেষ বটাত তেওঁৰ নাম বহুবাৰ আহি আহি চপা হোৱা নাই (অবশ্যে বটাকেইটাৰ এতিয়া আগৰ সে পবিত্ৰ তা নাই)

২৷ নতুন প্ৰজন্মৰ লেখকক সকলে তেওঁক দিব লগা সন্মান দিয়া নাই নেকি?

 

১ নং সমস্যাতো মোৰ কব লগীয়া নাইকিন্তু ২নংতোত কৰবাত ময়ো নাইতো বৰ্তমান যদিও নিজেই মি লাইফ ক্ৰাইছিচ নে কত ভুগিছোঁ তাক ভাবি পাৰাপাৰ পোৱা নাই তথাপিও এটা সময় ছিল যত মই ভাবিছিলোঁ যে আৰু দুবছৰৰ ভিতৰত মই চয়তান ভগতৰ বিক্ৰি আৰু ৰুশ্বদীয়ে পোৱা কাল্ট ষ্টেতাচ দুয়ুতাৰ অধিকাৰী হম৷ যদিও মনৰ সেই গোপন কথা যাতে কোনো গম নাপায় তাক লৈ তি (double) সচেতন আছিলো তথাপিও কিজানি কৰবাত ৱিকিলিকৰ দৰে ভিতৰৰ চয়তান বাহিৰেই হৈছিলেই ??

হোৱাৰ সম্ভাৱনা কম বাৰু কিন্তু মইহে মোৰ গেৰেন্টি দিব পাৰিমআন মেলিনিয়েলবোৰৰ সিঁহতৰ কথাবোৰ আমেৰিকান ৰেপাৰবোৰৰ দৰে -তই এটা কবি মই পাচত কম৷

নাজানোঁ ,গল কথা গল আকৌ কভিড আহিল হস্পিটালত কামেই কাম লৰা ছোৱালী দুটাকো সময় বৰ কম দিব পাৰোঁ ,তথাপিও মাজে-মাজে মনকে ভিতৰৰ ৰুশ্বদী আৰু চয়তান ভগতৰ ম্যুটেন্টতো জাগিব খোজে ,তেতিয়া কিবা কিবি লেখো 

 

মেটাফৰ  :

 

মাইকেল কেইনৰ swan song নাছালোঁ কিন্তু  উপহাৰ পোৱা ৰাজহাঁহৰ গান পঢ়িলোঁজুকিয়াই ললোসঙকলনখনৰ শেষ গল্প -ৰাজহাঁহৰ গাণ ৰ লগত মনৰ মত নিমিলিল- মণিক ৰহমানৰ মৃত্যু হলকভিদত

তাৰমানে লেখকৰ গল্পৰ প্ৰেৰণা উৎসৰ মৃত্যু হলমই আৰু নিলিখোঁ ,নেটফ্লিক্স চাই আৰামত বাকিখিনি সময় কটাই দিম৷৷৷

ণিক ৰহমান সচাঁ চৰিত্ৰ নে লেখকৰ কল্পনাৰ ৰজত কাপুৰ সেয়া মই নাজানোঁ৷

যদি সচাঁ চৰিত্ৰ আৰু তেওঁৰ সঁচাকৈয়ে কভিদত মৃত্যু হৈছিল তেনেহলে তেওঁৰ নামত এটা গল্প নহয় এখন উপন্যাস লেখিব লাগিছিল

লেখকে তেওঁক বাচি থাকোঁতেই মাৰি পেলালে সেয়া অতি অনৈতিক কথা 

আৰু যদি লেখকে মেটাফৰ হিচাপে তেওঁৰ সৃষ্টি  নিকদাক মাৰিলে তেনেহলে আমি সেই মেটফৰৰ লগত সন্মত নহয় বা তাক বেছি ট্ৰেজিক বুলি মানিম

 

Youth :

 

Midlife crisis, কভিড ফেটিগ যিয়েই নোবোলোঁ তাক ভাঙিব লৈয়েই সময় পালে চিনেমাৰ পৃথিবীখন আকৌ ভুমুকি মাৰিব চেষ্টা কৰিলোঁএই মেলিনিয়েল বোৰৰ উত্পাতত চিনেমাৰ ভাষাই সলনি হৈ গৈছেনতুন চিনেমা কেইখনমান চাই আকৌ পুৰণি চিনেমা কিছুমান চাব ৰিলোমোৰ আগৰ ফেভাৰিট -পুৱ ইউৰোপৰ Suicidal tendency থকা চিনেমাবোৰৰ পৰা কিন্তু এইবাৰ আঁতৰি থাকিব যত্ন কৰিলোঁ ৷ 

সেয়ে মাইকেল কেইনৰ Youth নামৰ চিনেমাখনত চকু পৰিল মাইকেইল কেইন -মূল সুতীৰ ভাল ইংৰাজী চিনেমাৰ পাৰ্টেক্ট ইংলিচ জেনটেলমেনভাল আভিনেতা ৷

তেৱোঁ বুঢ়া হৈছে বাৰুকৈয়ে চিনেমাৰ পটভুমি চুইজাৰলেণ্ডৰ হলিডে হোটেল এখন , বহুতো প্ৰাক্তন বিশ্ব বিখ্যাত মানুহে ইয়াত সময় নিৰ্বাহ কৰে -সকলোৱে নিজৰ খ্যাতিৰ সময় অতিক্ৰম কৰিছে  মাৰানাৰ দৰে তাৰকাৰ মেদ বহুল বিলাসিতাচুপাৰহীৰ চৰিত্ৰত আভিনয় কৰি খ্যাতিৰ শিখৰত থকা কিন্তু নিজে সেই কোনো সৃষ্টিশিলতা নথকা চৰিত্ৰটোক ঘিন কৰা এজন অভিনেতানিজকে হেতাই পেলোৱা পোৱা এজন চিত্ৰনিৰ্মাতা আৰু মাইকেল কেইন তাত অৱসৰ বিনোদনৰ বাবে আছে ৷ চিনেমাখনত মাইকেল কেইনৰ চৰিত্ৰতো এসময়ত বিখ্যাত সঙ্গীতজ্ঞ আছিলতিয়া আবসৰপ্ৰাপ্ত ,

পেৰিচৰ পৰা আত্মজীৱনীৰ বাবে এজেন্ট আহে -ঘুৰাই পঠিয়াইঘৈনিয়েকক বহু বছৰ লগ ধৰা নাই আৰু তাৰ বাবে জীয়েকে কুতুৰি থাকে৷ আনকি ৱাকিঙহাম পেলেচৰ পৰা যুবৰাজ চাৰ্লচৰ জন্মদিনত সংগীত পৰিচালনা কৰিবলে অনুৰোধ আহোঁতেও একেই উত্তৰ -not interested due to personal reason 

ৰাণীয়ে পুনৰ অনুৰোধ কৰে সেই একেই  উত্তৰ not interested due to personal reason 

কি personal reason?

পাৰ্চনেল মানে তাক মানুহৰ লগত আলোচনা কৰিব পাৰি নেকি ?

চিনেমাখনত নানা তৰপৰ সৃজনীশীল মানুহৰ creative , block , creative death , passing the golden days আৰু সৃষ্টিৰ তাড়নাৰ ভিতৰত দৰ্শকক লৈ যোৱা হৈছিল 

মাইকেল কেইনে পাইন গছৰ মাজে আহা বতাহ , চকলেটৰ ৰেপাৰৰ শব্দ , পথাৰৰ গাইবোৰৰ গলত বন্ধা ঘন্টা ধ্বণীৰ মাজত সঙ্গীতৰ স্বৰলিপি বিচাৰি অছিল কিন্তু তেও সেই সংগীতৰ জগতলৈ ঘুৰি নোযোৱাতো বদ্ধপৰিকৰ৷

এটা আবেগপূৰ্ণ সময়ত তেও কৈ পেলায় যে তেও ৱাকেঙহাম পালেচত ৰানীৰ আতিথ্যত পৰিবেশন কৰিব নোৱাৰাৰ আৰত আছে তেও পত্নীৰ পতি থকা -ভালপোৱা 

শেষত চিকিৎসকে তেওঁক কয় যে তেওঁৰ কোনো ধৰনৰ বেমাৰ নাই -তেও বয়সত যদি তেওঁৰ সমুখত কিহবাই অপেক্ষা কৰি আছে সেয়া হল যৌৱন৷ চিনেমাখন শেষ হয় মাইকেল কেইনে বৃদ্দাশ্ৰমত শিলৰ দৰে বহি থকা তেওঁৰ পত্নীক লগ ধৰা আৰু তাৰ পিছত ৱাকিঙহাম পেলচত তেওঁৰ বিখ্যাত সংগীত -simple song পৰিবেশন কৰাত৷

 

উপসংহাৰ : 

চিনেমাখন চাই উঠি ভবা কথাবোৰ আন এটা ধৰণেৰে বিশ্লেষণ কৰিবলৈ বিচাৰিলোঁ৷ মোৰ সিদ্ধান্ত দুটা ভুল আছে  এটা এই মেলিনিয়েল বোৰৰ প্ৰতি থকা মোৰ ভয় যাৰ বাবে কিজানি মাজে-মাজে ঘৃণাৰো ভাব প্ৰকাশ কৰিছিলোঁ সেয়া শুদ্ধ নহয়৷

কটনত পঢ়ি থাকোঁতে এবাৰ লক্ষধৰ চৌধুৰীৰ ভাষণ এটা উপভোগ কৰাৰ সৌভাজ্ঞ হৈছিল ৷ তেওঁৰ বিখ্যাত উক্তি জীৱন জুখিবা বন্ধুৰে চকুপানীৰে “ নহয় ইমানেই খুহুতিয়াকৈ কৈছিল যে হাঁহি-হাঁহি বাগৰি পৰিছিলোঁ-হয়তেও মোতকৈ বহুগুণে ডেকা ৷ আৰু সৃষ্টিৰ বাবে স্বঘোষিত অৱসৰ সদাই অৱসৰ হব নোৱাৰে৷ চিনেমাখনত সঙ্গীতজ্ঞজনৰ সংগীতৰ পৰা আতৰি থকাৰ আৰত কিবা এটা কাৰণ আছিল তযাপিও তেওৰ ভিতৰৰ  সঙ্গিতজ্ঞজন মৰি যোৱা নাছিল ৷ শেষত তেও বাধা নেওচি পুনৰ যৌবনপ্ৰাপ্তি কৰিলে৷

আৰু প্ৃথমতে দিয়া এই শচীন টেণ্ডুলকাৰৰ উদাহৰণতো ভুল তাতকৈ ইমৰান খানৰ কথা নাপাতোঁ কিয় - অৱসৰৰ পিছত ৰাষ্ট্ৰপতিআনুৰোত ক্ৰিকেটলৈ ঘুৰি আহিল দেশক বিশ্বকাপ জিকালে ,তাৰপিচত পাকিস্থানক টাটা মেমৰিয়েল দৰে খন কেন্সাৰ হস্পিটাল দিলে ,তাৰ পিছত ৰাজনীতি ,তাৰ পিছত বিবাহ ৷৷৷৷

জীৱন চলি যাকে নতুন-নতুন ৰূপত 

ণিক দা বাৰু মৰিলকিন্তু লেখকে ইমাৰান খান বা  youth চিনেমাখনৰ মাইকেল কেইনৰ আন কিবা ধৰনেৰে নতুন ৰাজহাঁহৰ স্বৰলিপি লেখিব নোৱাৰনে