Monday 26 March 2012

ঘৰৰ মুর্গী ....


Holy Smokeৰ পষ্টাৰ আজাৰ বিজাৰ কিন্তু  অসমীয়া চিনেমাখনৰ ছৱি পবলে নাই

কিছুদিন আগতে আমি জাতীয় হীনমণ্যতাৰ  কথা আলোচনা কৰি আছিলো ।কথাটো হয় ঘৰৰ মুর্গীৰ ,প্রতিবেশীৰ পত্নী ইত্যাদী দৰে ফকৰা যোজনা কিজানি তাৰবাবেই চলি আছে।
১৯৯৭ চনত এখন অসমীয়া  চিনেমা চাইছিলো মুক্তিলাভ কৰাৰ তিনিদিন নে চাৰিদিনৰ দিনাখন।সকলো দিশৰ পৰা চিনেমাখনৰ পৰিপক্ক উপস্থাপন দেখি চাই উঠিয়েই ব্যক্তিগতভাবে মই অভিভুত হৈছিলো ।আৰু যিহেতু মই বিশ্বাস কৰো যে ভাল চিত্রনাট্য এখন চিনেমাৰ ভেটি স্বৰুপ সেই প্রসংশাৰ সিংহভাগ মই চিত্রনাত্যকাৰক দিছিলো ।কিন্তু অলপ দুখো লাগিছিল ,কাৰণ তৃতীয় দিনাৰ প্রথম দর্শনিত দর্শকৰ সংখ্যা পচিশৰ বেছি নহয় ।কেইদিনমান পিচতে হলৰ পৰা চিনেমাখন নোহোৱা হল।
কেইতিমান ৰাষ্ট্রীয় পুৰস্কাৰ পালে,আৰু বহু চিনে মহোৎসবত  জদিও চিনেমাখন সমাদৃত হল মোৰ দৃহ বিশ্বাস প্রযোজকে কিজানি নিজৰ ধন সম্পুর্ণভাবে ঘুৰাই নাপালে ।
হয় ;যে আর্ট চিনেমাৰ বাবে হাজাৰ হাজাৰ দর্শক নাই।কিন্তু দুই কৌটি (সেই সময়ত অসমৰ আনুমানিক জনসংখ্যা ) লোকে বসবাসকৰা ৰাজ্যখনত অন্তত কেইটামান হলত চিনেমাখন এসপ্তাহ অন্তত চলিব লাগিছিল।
তেনে নহল।
মোৰ চিনেমাখন আন্তৰাষ্ট্রীয় পর্য্যায়ৰ যেন লাগিছিল .উৎসাহেৰে লগৰ এজন চিনেমাপ্রেমীক কথাটো  কলো। সি একে বাক্যৰে উত্তৰ দিলে :-এহ অসমৰ লেভেল । (জাতীয়হীনমণ্যতা! )
  গল কথা গুছিল।
দুবছৰ পিচত এখন বিগ বাজেট হলিউদ চিনেমা ওলাল নাম Holy smokeটাইটানিক খ্যাত কেট ৱিনছলেটজও আছে তাত।কাইনীটো এনেকুৱা :ভাৰত ভ্রমনলৈ আহি এক ৰুঠ বেৰন নামৰ এক বিদেশিনী এক গুৰুৰ প্রভাবত  পৰি সন্যাসী হৈ পৰে আৰু তাকে দেখি তাইৰ পিতৃ মাতৃয়ে গুৰুৰ প্রভাবৰ পৰা তাইক বছাবলৈ এজন পেচাদাৰি  মানুহৰ সহায় বিছাৰে।সময় আগবঢ়াৰ লগে লগে সিহত দুয়ুৰে প্রতি কামভাব জাগে ......।...প্লটটো চিনাকি চিনাকি লাগিছেনে ? হয় ৰাগ বিৰাগ নামৰ অসমীয়অ চিনামাখনৰ লগত প্লটটো একে ।ঘটনাটো কিজানি কাকতলীয় ।(কিজানি নহয় !) ৰাগবিৰাগে নিশ্চয় নকল কৰা নাই কাৰন ৰাগ-বিৰাগ দুবছৰ আগতেই মুক্তি পাইছে ) ।যি কি নহওক  ৰাগবিৰাগ চিনেখন চালে আমি তাৰ চৰিত্রসমুহৰ সমস্যা উপলব্ধী কৰিব পাৰিম ,কিন্তু Holy smoke সেইটো হৈ নুঠিল ।মানে Holy smokeৰ চিত্রনাট্যতকৈ ৰাগ বিৰাগৰ চিত্রনাট্য বহু ভাল:-বিশ্বাস নকৰে যদি নিজে চাই লব দুয়ুখন চিনেমা)
আগতেই কোৱা হৈছে  Holy smoke বিগ বাজেট হলিউদৰ চিনেমা ,কিন্তু  উপভোগ কৰি উঠি নতুনত্ত দেখিব ৰাগ বিৰাগতহে । কিজানি পৰিচালক আৰু প্রয়াত ফটো্গ্রাফাৰ মৃনাল কান্তি দাসে তেনেকুৱা কেমেৰা ,লাইটআৰু পইচা পোৱা নাছিল তথাপিও এই উন্নত প্রদর্শন ।
অ ; কামউত্তেজক দৃশ্যত অবশ্ব্যে Holy smoke ৰাগবিৰাগতকৈ আগত আছে ।কিন্ত সেয়া চাবলৈ দৰকাৰ হলে আমি আন নাম নোহোৱা চিনেমা চাম ,বোলচবি চোৱাৰ দৰকাৰ কিজানি নহব ।
সেই একে চি্ত্রনাত্যকাৰৰ আন এখন চবিৰ বিষয় বস্তু আছিল কবিতা :-আৰু অন্তত চিত্রনাট্যহিচাপে এইখনো এখন সম্পুর্ণ সফল চিত্রনাট্য ।
আজি ৰাগ বিৰাগ ওলোৱাৰ পোন্ধৰ বছৰ হৈছেহে ,কিন্তু চিনেমাখণৰ বিষয়ে কতো একো পাবলৈ নাই ।কিজানি কিছুমান চিনেমাৰসিকৰ বাদে চিনেমাখন আজি পাহৰনীৰ গর্ভত ।
আমাৰ ভাষাত এনে বিষয়ত চিনেমা কৰাৰ সাহস মানুহে কৰিব পাৰে সেয়া ডাঙৰ কথা সেয়া জানো আমাৰ জাতীয় গৌৰবৰ কাৰণ হব নোৱাৰে?

Thursday 22 March 2012

মন্ঠন


ছবিখণ ৱিকিপেডিয়াৰ পৰা লয় হয় ।কিন্তু সহজলভ্য বাবে নহয় কপিৰাইট মুক্ত বাবেহে

মোৰ ভাব অসমত জন্ম গ্রহণ কৰি ইয়াৰ মাটিত ডাঙৰ দীঘল হোৱাৰ লগতে স্বভাবগত ভাবে জন্ম হয় দেশপ্রেম আৰু দুটা অবাঞ্চিত জাতীয় দোষ:

১. আবেগিক অহেতুক দাম্ভিকতা (আৰু তাৰ ফলত সৃষ্টি হোৱা)
২. জাতীয় হীণমান্যতা
বুজিবলে দিকদাৰি হৈছে? উদাহৰণ দি বুজাব গলে বহু উদাহৰণ পাম ,কিন্তু উপমা হিচাপে মই দুটামানহে উদাহৰণহে তলত আলোচনা কৰিম ।
আবেগিক অহেতুক দাম্ভিকতা:
অসমত মাজে সময়ে দেখা পাব এনে কিছুমান বাতৰি লৈ হুলস্থুল হৈ আছে যাৰ কোনো বাস্তবিক ভেটিয়েই নায় ।যেনে :
১.এদিন সকলো স্থানীয় বাতৰি কাকতত ওলাল অসমীয়া যুবকক চফ্তৱেৰ আবিস্কাৰৰ বাবে নোকয়া কম্পেনিৰ ডাঙৰ শলাগ ।সকলো অসমীয়াই বাতৰিতো পঢ়ি গৌৰৱত আবেগ বিহ্বল ।পিচত গম পোৱা গল বাতৰিতোৱেই ভুৱা ।

২. শিৰোনামা ২ :- পপ শিল্পী চাকিৰা শংকৰদেৱৰ ফেন!

৩.শিৰোনামা ৩ :বাৰাক ওবামা বিহু শুনি অভিভুত

বিশ্ব বা ভাৰত  কি অসমৰ পতভুমিতেই বাতৰিবোৰ আচলতে বাতৰিয়েই নহয় তেনেকুৱা ঘটনা সচৰাচৰ দেখা পোৱা যায় অসমৰ সংবাদ পত্র আৰু ইলেক্টনিক মাধ্যমত ।
এনেকুৱা বাতৰিৰ প্রাধাণ্যতাৰ যদি কাৰণ বিছৰা যায় আমি হয়তো বিছাৰি পাম আমাৰ দুই নম্বৰ জাতীয় দোষ সেয়া হল  হল জাতীয় হিন মাণ্যতা
অসমীয়া বুলিলেই আমি এটা  পৰিষৰৰ বাহিৰত ভাবিব নোৱাৰো ,গতিকে কোনোবা স্বজনে যদি কলিকাতা বা আটলান্টাত সৰু কাম এটা কৰিলেই (আলহীক কিটি পার্টিলৈ মাতাৰ দৰে খৱৰবোৰো) সেয়া খৱৰ হৈ পৰে আৰু তাক পঢ়ি আমি বহুজনে আমাৰ আবেগিক অহেতুক দাম্ভিকতাত গদগদ হও।
হয় আমি যিমানেই আমি অসমীয়া নহও দুখীয়া  বুলি ফোপজহী নামাৰো কিয় ।ভিতৰুৱাকৈ আছলতে  জাতীয় হিন মাণ্যতাত ভুগি আছো।যেনে

১.অসমীয়া চিনেমা ,অসমীয়া গান ,আমি যিমানেই নকও মনৰ ভিতৰত আমি মানি লৈছো আমি বলিউদতকৈ পিছপৰা (আচলতে তেনে নহবও পাৰে)।

২.অসমৰ হস্পিতাল/মেডিকেল কলেজ  চেন্নাই, দিল্লীৰ হস্পিতালতকৈ পিচপৰা।(আছলতে কথাটো ১০০% শুদ্ধ নহয় ,মই অসমৰ মেডিকেল কলেজত পঢ়া-,নার্ছিঙ হোমতো কাম কৰা আৰু বাহিৰৰ হস্পিতাল মেডিকেল কলেজত পঢ়োৱা/কাম কৰাৰ অভিজ্ঞতাৰ পৰা কৈছো)

৩. অসমীয়া কিতাপ ? (লেখকৰ) ধনগত লাভৰ ক্ষেত্রৰ ফালৰ আমি পিচ পৰি থাকিব পাৰো ।কিন্তু গুণগত ক্ষেত্রত অসমীয়া কিতাপ বুলিলে ইমান হতাশাজনক পৰিস্থিতি কিজানি নহয় ।কিন্তু জাতিগত হিনমান্যতাই এনেবোৰ কথা ভাবিবই নিদিয়ে আমাক।
 
কিন্তু লগে লগে এই কথাটোও আমিয়েই ভাবিব লাগিব যে :-এতিয়ালৈ বিশ্বস্থৰত অসমৰ  সত্তা  গৌৰৱউজ্জল বুলি সন্তনা লভাৰ কোনো কথাই থাকিব‌ই নোৱাৰে ।এটা জাতিৰ চিনাকি বা গৌৰবৰ কাৰণ মাঠো কেইতামান মাইলৰ খুটি আহি পায়েই (যেনে :এটা ৰাষ্ট্রীয় নিউজ চেনেলৰ  প্রধান বা ,এজন সকলোৱে ভাল পোৱা  গায়ক , বা এইমচ জাতিয় চিকিৎসালয়ৰ প্রধাণ অসমীয়া হওতেই) উন্নতিৰ শিখৰ আহি পোৱা বুলি যদি তৃপ্তিৰ নিশপালি দি থাকিলে কেনেকে হব ?
ভাবি চাওক বিশ্ব কি গোতেই ভাৰতৰ সকলোৱে চিনি পোৱা কোনোবা অসমৰ খেলুৱৈ,লেখক,কিতাপ,চিনেমা,ৰাজনিতীবিদ আমাৰ আছেনে?  নাই ?
সেইটো দকৈ ভাবিবলে গলে সকলোৰে আৰম্ভ হয়  জাতীয় হীণমান্যতা ,এইফেৰা আৰু মাৰত্মকভাবে ঋণাত্মক
যেতিয়া এনেকুৱা ভাববোৰ হলে আমাৰ যিখিনি সম্পদ আছে সেইখিনিকলৈও সন্দেহ আৰম্ভ হয় ,
বহু বস্তু আমাৰ আছে হয় কিন্তু সেয়া অসমৰ পৰিচয় হৈ পৰা নাই :
ভাল প্রচাৰ আৰু পর্য্যতন বিজ্ঞাপনৰ বাবে বাহিৰৰ সকলোৱে কেৰেলাৰ চাহ বাগিচা/ বা বাগিছাৰ ছবী দেখিছে ।কিন্তু অসমৰ চাহ /গডৰ কথা কিজানি শুনিছেহে ,কিন্তু ভালকৈ নাজানে ।আছৰিত ভাবে  বেচিভাগ খাৰ খাই ডাঙৰ হোৱা অসমীয়াইও বাহিৰা কোনোবাই যদি অসমৰ বিষয়ে সুধে আমি ভালকৈ কব নোৱাৰো।
কথাটো বেয়া হয় কিন্তু আমি কলেজত থকা দিনবোৰত কথাবোৰ আৰু ভংঙ্কৰ আছিল।যেনে ধৰক ১৯৯৫ৰ পৰা ১৯৯৮লৈ যেতিয়া মই এটা চার্ভে  কৰি গম পাইছিলো ইংৰাজী মাধ্যমৰ :৭০ % ই ভবেন্দ্র নাথ শইকীয়াৰ নাম শুণা নাই আৰ আছৰিতভাবে অসমীয়া মাধ্যমৰো ৩০% ই তেওৰ নাম শুনা নাই।(গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মোৰ তলৰ আটাইকেইজনক সুধী কথাটোৰ সতাসত্য জানিব পৰিব যে মই ধপোৱা নাই)।
সেয়া শতাংশ আজিকালি কিজানি বাঢ়িব। (মানে ধনাত্মক পৰিবর্তন) কাৰণ কি হব পাৰে?
যোৱা দুটা দহকত বহু ধনাত্মক পৰিবর্তন ঘতিছে।তাৰ আৰত নিশ্ছয় ইন্টাৰনেট ,আধুনিক নৃত্য ,অসমীয়া ইলেক্ট্রনিক মাধ্যম এফ এম ৰেডিও, ইত্যাদিৰ বাবেই হব ,যিতো ভাল কথা।আৰম্ভনিতে মই অলপ সন্দিহান আচিলো কিন্তু এতিয়া ভাবিছো চব ভালৰ কাৰনেই হৈছিল।
যেনে ধৰক আধুনিক নৃত্য :এই বস্তুতো চল্টি হবলৈ আৰম্ভ হৈ জনপ্রিয় হোৱা নাই তেতিয়ালৈ । বস্তুতো মই বৰ বেয়া পাইছিলো ,টেপত গান বজাব আৰু হওকে নহওকে লৰা ছোৱালিবোৰে নাছিব  ।কিন্তু পিচৰফালে এনে লাগিল আধুনিক নৃত্য জনপ্রিয় হোৱাৰ লগে লগে :-হেৰাব ধৰা গান ,নৃত্য মানু্বোৰো আমি মনত পেলাব ধৰিলো।কাৰণ ৯০ৰ দহকত ৰেডিও(মানে গিতিমালিকা বা কল্পতৰু হেৰাই গৈছিল আৰু জাতিয় ভাষাত টিভিৰ জনপ্রিয়তা শেষ হৈ গৈছিল।)গতিকে FM আৰু আসমীয়া প্রাইভেট তেলিভিচন আহাৰ আগতে আমাৰ গানবোৰ ,সাজপাৰ বোৰ ,আৰু কিছু ক্ষেত্রত লোক নৃত্তও সেইকেইদিন অসম্ভব ভাবে জনপ্রিয় হোৱা আধুনিক নৃত্যই কিচু ভাল কামেই কৰিলে। (কাৰণ শিপা নামৰ বস্তটো কিবা প্রকাৰে জৰিত বুলি দেখুৱাব পাৰিলে প্রাইজ পুৱাটো খাটাঙ আছিল)
এতিয়া ধৰক আন বহু মাধ্যম ওলাইচে যত (ইন্টাৰনেটৰ ফেচবুক ,অর্কুট,ব্লগ ইট্যাদি....) আমি আমাৰ জাতীয় দায়িত্ত/ আবেগ/হিনমাণ্যতা  বা অহেতুক দাম্ভিকতা প্রকাশ কৰো (সেয়া স্বভাবগতও হব পৰে নহলে আনকিবাও হব পাৰে বা ) ।
সেয়াও আৰম্ভনিতে এনে লাগিছিল একসস্তিয়া প্রচাৰৰ  বাবে কৰা কোনো শ্রশাসনহীন আত্ম প্রচাৰ ।হয় ।বহুলোকৰ নগুৰ নাকুতিও হৈছে সস্তিয়া আবেগত পৰি নকবলগিয়া কথা কৈ ।কিন্তু এইতোওটো ভাবিব লাগিব যে তেনেবোৰ কাৰনতেই আমি আজি অসমীয়াত কন্পিইতাৰত লিখি আছো ,কিবা এটা জানিব মন গলে আমাৰ ভাষাটো ৱিকিপেডিয়াও আছে যিতো কেইদিনমান আগলৈ মাঠো সপোন হৈ আছিল। এ্‌ই সকলোবোৰৰ আৰতো (মোৰ বাবে ) এই আমনিদায়ক আবেগিক অহেতুক দাম্ভিকতা আৰু তাৰ ফলত সৃষ্টি হোৱা  জাতীয় হীণমান্যতাই হয়।
মই নিজকে সুধিলো তেনেহলে আপত্তি কত ?
হয়তো সমুদ্র মন্ঠনত অমৃতৰ আগতে আনকিছুমান অবঞ্ছিত বস্তটো ওলাবই .....।

Saturday 10 March 2012

এখণ স্বর্গৰ সন্ধানত :

স্বর্গ এইখনেই
জীৱনটো নৰকৰ আন এটা নাম বুলি আমি প্রায়ে আফচোচ কৰো।কথাটো হয়ো ,কাৰণ আমি বেছিভাগ সময় আমাৰ মাজৰ নৰকখন লৈয়েই ব্যস্ত হৈ থাকো ।কিন্তু চাব জানিলে আমি নিজৰ এই অসহনীয় জীৱণটোৰ ভিতৰতো বিচাৰি পাব পাৰো এক নতুন সত্তা,এখন নতুন স্বর্গ ।কথাটো আমি জানো্‌ও ,কিন্তু ইমান দিনে dark literature ভাল পোৱা বাবে সেই দিশটো লক্ষই কৰা বন্ধ কৰিছিলো।

কিছুদিন আগতে এখন চুইদিচ চিনেমা চালো নাম :- "Så som i himmelen"( As It Is in Heaven) ,চিনেমাখন এখন সৰু গাওৰ কথা দেখাইছে ,সৰু সৰু সমস্যাৰে সৰু গাওখনৰ অতি সাধাৰণ প্রবাসীসকল সুখী (বা দুখী) যেন লাগিছিল।তেনেতে গাওখনলৈ এজন প্রসিদ্ধ সঙ্গিতজ্ঞ আহে :-তেওৰ বিশ্বাস সংগীতে মানুহৰ মনৰ ভিতৰৰ বন্ধ খিৰিকিখন খুলিব সক্ষম হব পাৰিব লাগে ।

লাহে লাহে লাহে তেও সংগীতৰ মাধ্যমেৰে সকলোৰে (লগতে নিজৰো) সমস্যাবোৰৰ সমুখিন হব ধৰিলে ।গাওখনৰ এগৰাকী মহিলা গেব্রিয়েলা ,।ধুনিয়া শিল্পীসুলভ মহিলা গৰাকিৰ জীৱন নৰকলৈ পৰিবর্তন হৈ পৰিছিল মাতাল ,হিংস্র  গিৰিয়েকৰ অত্যাচাৰৰ বাবে।তাই ভাল গাণ গায়; কিন্তু গান গোৱাটো দুৰৰ কথা তাই হাঁহিবও নোৱাৰে গৃহস্থৰ অত্যাচাৰৰ কৰনে ।তেনেতে সংগীত্জ্ঞ জনে গেব্রিয়েলাৰ বাবে এটি গান লেখি তাত সুৰ দি গেব্রিয়েলাৰ দ্বাৰা গোৱায় ।চিনেমাখন প্রথম বাৰৰ বাবে চাই উঠি গেব্রিয়েলাৰ গাণে মোক অভিভুত কৰিলে।
মই আন্ধাৰৰ ৰজা (বুলি বহুজনে মোক কয়) ।কিন্তু চিনেমাখন চাই উঠি গানটোত কোৱাৰ দৰেই মোৰো মনত ভাব হল হয়;-স্বর্গ আমাৰ এই পৃথিৱীখনৰ এই  জীৱনটোতেই আছে ।আমি মাঠো তাক চাব জানিব লাগিব। 
গানটোত অন্তর্ণিহিত অনুপ্রেৰণাৰ বাবেই মই কব নোৱাৰাকৈ তাক অসমীয়ালৈ অনুবাদ কৰিলো :-
গানটো  এনে ধৰণৰ :-

এতিয়াহে  মাথো আপোন জীৱন মোৰ
অতি কম সময়ৰ বাবেহে  এই ক্ষণ এই ধৰাত
আকাক্ষাই মোক লৈ আহিলে ইয়ালে
যি মোৰ নাছিল আৰু মই যি মই পালো।


এই পথ মই নিজে বাছি লোৱা
শব্দৰ  পৰিসিমাৰ বাহিৰৰ মোৰ বিশ্বাসে
মোক  অকমান বাট দেখাই নিছে 
এখন স্বর্গলে  যি মই  কাহানিও নাই পোৱা।


মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।

এই জিয়াই থকা কেইদিন
নিজে বিচৰা মতে
মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।
জানি বুজি মই সক্ষম সফল
নিজৰ মাজৰ আপোনজনক হেৰোৱা নাই
মাথো মই নিদ্রাৰ মাজতে  হেৰাই গলো
কিজানি মোৰ সমুখত আন একো পথেই নাছিল
মাথো বাছি থাকাৰ আশাৰ বাহিৰে।
মই মাথো বিছাৰো- মই যি তাতে সুখী  হবলে
শক্তিশালী আৰু স্বাধীণ হবলে।
তিমিৰ ভাঙি দিন হোৱাটো চাক্ষুশ দেখিবলে
বাছি আছো কিয়নো জীৱনটো মাথো মোৰ
আৰু মই ভৱা স্বর্গখন ইয়াতেই আছিল
মই তাতেও কিজানি কৰবাত বিছাৰি পাম
আনুভব কৰিব খোজো যে মই জীৱণ জাপণ কৰিলো।

গানতো চাবলৈ :
 



Lyrics: Py Bäckman
Music: Stefan Nilson
It was Helen Sjöholm that was singing it.

Translated from English version in http://lyricstranslate.com