Wednesday 22 October 2014

পাহৰা মানুহবোৰ





কিমান যে মানুহ লগ পাইছোঁ জীৱনটোত, আজিকালি অতবোৰ যোগাযোগৰ সাধন থকাৰ পিচটো কাৰ পধ্যেই সম্ভৱ নহয়। কিন্তু কিছুমান স্মৃতি লগত লৈ ফুৰা হয়। কিছুমান এনে মানুহৰ স্মৃতি যাৰ নাম মনত নাই, যাৰ মুখাৱয়ব পাহৰা গৈছে, বর্তমান কত আছে কি কৰিছে একো জনা নাজা, বহু ক্ষেত্রতটো মানুহজন এই সংসাৰত আছে নে নাই সেয়াও জনাটো সম্ভৱ নহয়। কিন্তু সেই মানুহ জনৰ লগত কটোৱা কিছুমান মিঠা সময় আমি কঢ়িয়াই ফুৰিছোঁ।  ৰাতিপুৱা হৈছে উঠিছোঁ আৰু  দৌৰিছোঁ, কিহৰ পিছত সেইটো হলে নাজানোঁ ,কিন্তু আমি সকলোৱেই অসম্ভৱ ভাবে ব্যস্ত। যিসকল মিত্রৰ লগত যোগাযোগ হ সেয়াও হয় সম্পূর্ৰ্ণ আধুনিক প্রযুক্তিৰ সহায়ত-মেচেজ ,লাইক ,হাই ,হেল্ল বছ। এনে লাগে যেন আমি সময়ৰ ওচৰত দাস হৈ পৰিছোঁ।
সেয়ে আজি সেই মানুহ বিলাকক মনত পেলাব বিচাৰিছোঁ যাক পাহৰিছোঁ হয় কিন্তু তেওঁৰ লগত কটোৱা বহুত সময় মনত আছে। আমাৰ সকলোৰে স্মৃতিৰ
মনিকূট এনে বহু লোক আছে নিশ্চয় কিন্তু আমাৰ হাতত তেওঁলোকক বিচাৰিবলৈ,তেওঁলোকৰ কথা ভাবিবলৈ সময় নাথাকে।
যেনে ধৰক এই সাধাৰণ শ্ৰেণীত ৰেল ভ্রমণ কৰোঁতে চিনাকি হোৱা মানুহবোৰ। আজিকালি মধ্যবিত্ত সকলে শীত তাপ নিয়ন্ত্রিত ৰেলত ভ্রমণ কৰে,কিন্তু ইয়াত যাত্রী সকলৰ মাজত সৌহাৰ্দ্দ মুঠেই নাথাকে। মানুহ আহে ,নিজৰ নিজৰ মবাইল ,টেবলেট ,আইপেদ বা কিতাপ  খুলি নিজৰ মাজতেই ব্যস্ত হৈ থাকে। যদি কিবা কৱ লগীয়া হয় সেয়া লাইটটো বন্ধ কৰিব নেকি?, কি ষ্টেচন পালো জাতীয় প্রশ্নতেই শেষ হয়,তাতোকৈ যদি কিবা কথা বার্তা হৈছে সেয়া নিশ্চয় কাজিয়া কৰিবলৈহে হৈছে জানি থব কিন্তু সেইটো সময়ত ৰেল ভ্রমণ আছিল সময় লৈ কৰা কাম ,সেইখিনি সময়ত আন সকলো যোগাযোগ বন্ধ অকল সহযাত্রী সকলেই আছিল যোগাযোগৰ একমাত্র মাধ্যম। উত্তৰ পূৱৰ বেছিভাগ যাত্রাই বহু দিনীয়া আছিল বাবে প্রতিটো যাত্রাতেই লগ পোৱা বন্ধু সকল আছিল স্মৰণীয়। এবাৰ চেন্নাই গৈছিলোঁ ,কাষত আছিল এটা পৰিয়াল,কণমানি জীয়েকৰ কিবা বেমাৰ দেখুৱাবলৈ গৈছিল। যাত্রা শেষ হোৱালৈ গোটেই পৰিয়ালটোৰ লগত এক বন্ধুত্তপুর্ণ পৰিবেশ গঢ়ি উঠিছিল। যাত্রাটো শেষ হোৱা সময়ত ফোন আৰু ঠিকনাও আদান প্রদান হৈছিল,তেতিয়া ভবাও হৈছিল পিছত কিজানি যোগাযোগো ৰখা হব ।কিন্তু সেয়া হৈ নুঠিল।
ঠিক তেনেদৰে এবাৰ বেনাৰসী আহিছিলোঁ গুৱাহাটীৰ পৰা। কাষৰ চিতত কেইজনমান আয়ুর্বেদিক মহাবিদ্যালয়ৰ ছাত্র। গোতেই বাটত বিনা টিকতৰ আসন খেপাৰু ,আৰু বিনা টিকতৰ মিলিটাৰীৰ তাণ্ডৱ আমি আতাই কেইজনে সিঁহতৰ লগত লাগি মেলি কোনোমতে নিজৰ আসন বাহাল ৰাখিলোঁ। দুদিন একেলগে আক্ৰমণকাৰী সকলৰ লগত যুঁজি আমি বেছ বন্ধ হৈ পৰিছিলোঁ। পিচত বালাসৰতো লগ পালো। তাৰ পিছত এবাৰ গ্রন্থমেলাত কিন্তু আজি? তেওঁলোকৰ নাম ধাম একো মনত নাই। মাঠোঁ মনত আছে সেই যাত্রাটোত সিঁহতৰ লগত কটোৱা সময়বোৰৰ কথা।
এনে ভ্রমণৰ আৰ লৈয়েই এসময়ত বহু ৰোমাণ্টিক উপন্যাস আৰু চিনেমাৰো সৃষ্টি হৈছিল ,হয়তো আজিও হয় কিছু পৰিমাণে কিন্তু তেনে ঘটনা সচা সচিকৈ ঘটাৰ সম্ভাৱনাহে দিনে দিনে কমি গৈছে।
আনহাতে বিয়া সভাবোৰ। লগৰ লৰাৰ বায়েক,ভনীয়েকৰ বিয়া হলে বন্ধু সকলে গোটেই ৰাতিটো থাকিবই লাগিব। দৰা আহে ,বিয়া হয় কেতিয়াবা শেষো হয় ,আন সকলো যায় গৈ। কিন্তু কেইজনমান এনেকুৱা থাকে যাৰ গাঁৰি ঘোৰা ,নাই গতিকে পুৱা বাছ চলালৈ জুই একুৰাৰ কাষত কুঁচি মুচি বহি থাকে। টোপনি ধৰে হয় কিন্তু জাৰ আৰু মহৰ উৎপাতৰ বাবে টোপনিয়াওঁ সম্ভৱ নহয়। সেয়ে গাঁজাখুৰী আৰম্ভ কৰি ৰাতিটো শেষ কৰিবলৈ লগ হয় কেইজনমান। তাৰে কিছুমান পুৰণি চি নাকী আৰু কিছুমান নতুন ।ৰাতি পুৱাও ৱালৈ সেই আড্ডা জমি উঠে ,সেইদিনা এনে ভাব হয় যেন এই ৰাতিটো কেতিয়াও নাপাহৰোঁ বহুদিন মনটো থাকে সেই ৰাতিটোৰ কথা ,পিচত পাহৰাও হয় ,কিন্তু দিন যোৱাৰ লগে লগে সেই ৰাতি চিনাকি হোৱা নতুন চিনাকিবোৰক পাহৰি পেলোৱা হয়।
কটন কলেজত পঢ়ি থকা সময়ত তাৰ কেন্টিনখন চলাইছিল বন্ধু নামেৰে লৰা কেইজনমানে। আচল নাম কি নাজানোঁ,কিন্তু  এহাল ভায়েক ককায়েক আছিল সিঁহতক বন্ধু বুলি সকলোৱে মাতিছিল। ক্লাছৰ মাজত সময় উলিয়াই বন্ধুৰ দোকানত পৰঠা খোৱা হৈছিল,তেলত ভজা পৰঠা(!),তাত মটৰ বা বুট আলুৰ তৰকাৰি সেইখিনিত অকণমান এল. এছ(পিচত গম পালো লোকেল চচ ,বিলাহী ,চেনি ,জলকীয়াৰে বনোৱা চাটনি)পিচত গম পালো বন্ধুই আৰু কেন্টিন নচলাই। তেতিয়াৰ জনপ্ৰিয় বন্ধু এতিয়া কত আছে নাজানোঁ ,ৰবাত লগ পালেও গম নাপাম এইজন সেইজনেই বন্ধু।
তেনেকৈ প্রাথমিক ,বিদ্যালয়ত ,কলেজত লগ পোৱা ভাল বন্ধু বহু, আজি মুখখনক মনত পেলাবলে টান পাও কেতিয়াবা।
কিছু সংখ্যক মানুহে হয়তো সেই সংস্পর্শটো ৰাখিব পাৰিছে (সঁচাই পাৰিছেনে?)
কিন্তু মোৰ বাবে বহুটো চিনাকি মুখ -কৰ মানুহ ,কত লগ হৈছিলোঁ ,কি কৰিছে.... সকলো ধুৰিত হৈ পৰিছে।
কেতিয়াবা ভাব হয় বাস্তৱৰ লগত ,শিপাৰ লগত থকা সংস্পর্শটো কিজানি কম হৈ গৈছে।
হয়তো বহুতৰেই অৱস্থা মোৰ দৰেই হৈ পৰিছে। অঁকাই পকাই সকলোতে আগবাঢ়ি শিপাহীন হৈ পৰা লতাৰ দৰে আগবাঢ়ি গৈ আছো ,তে কিবা পাইছোঁ শিপা গঢ়িব খুজিছোঁ কিন্তু কত আৰম্ভণি হৈছিল কত শেষ হৈছে তাৰ কোনো সন্ধান নাই।