Tuesday 8 November 2016

সিংহদ্বাৰলৈ মুনীন বৰকটকী বটা ২০১৬



১ নভেম্বৰ ,২০১৬ তাৰিখে বিভিন্ন বাতৰি কাকতত এই সন্দৰ্ভত বাতৰি প্রকাশ







Saturday 17 September 2016

সিংহদ্বাৰৰ পৰ্য্যালোচনা দৈনিক অসম ,১৬/০৯/২০১৬


লেখকৰ অসমীয়া উপন্যাস সিংহদ্বাৰৰ পৰ্য্যালোচনা :বিশ্বজ্যোতি চাংকাকতি ,দৈনিক অসম ,১৬/০৯/২০১৬

"..ভাস্কৰ ঠাকুৰীয়াৰ অপুর্ব সৃষ্টি “সিংহদ্বাৰ” ..
...লেখকে সম্পুর্ণ অগতানুগতিকভাবে ৰচনা কৰা উপন্যাস এই ‘সিংহদ্বাৰ’। সম্পুর্ণৰূপে ৰহস্যৰ মকৰাজাল মেলি লেখকে উপন্যাসখন ৰচনা কৰিছে যদিও এই উপন্যাসখন কিন্তু ৰহস্য কাহিনী নহয়।..সেয়ে এই উপন্যাসখন ‘ছিৰিয়াছ’ পাঠকৰ বাবেহে উপযোগী বুলি কব পাৰি..কাৰণ উপন্যাসখন পঢ়িলে যেতিয়ালৈকে নিজেই এটা চৰিত্র হৈ পৰা নাযায় তেতিয়ালৈ উপন্যাসখন কাৰো বোধগম্য নহব...সঁচা কথা কবলৈ গলে উপন্যাসৰ কাহিনী বুজি বিজিও শেষত বুজিব নোৱাৰা ধৰণৰ।জিলাপীৰ পাকৰ দৰে পথৰ মাজত পথ হেৰুৱাই পুণৰ আগৰ স্থানত উপনীত হৈ পদযাত্রী বিভ্রান্ত হৈ পৰে ঠিক তেনদৰেই এই উপন্যাসৰ কাহিনীয়েও পাঠকক কলৈ নিয়ে কোৱা টান..এই অগতানুগতিক উপন্যাসখনে ‘ছিৰিয়াছ’ পাঠকক ভিন্নধর্মী স্বাদ দিব বুলি আমি নিশ্চিত। "





Tuesday 30 August 2016

দৈনিক জনমভূমিত সিংহদ্বাৰৰ



দৈনিক জনমভূমিত সিংহদ্বাৰৰ ওপৰত আলোকপাত ,২৭/০৮/২০১৬ 

ঠাকুৰীয়াৰ গল্পবোৰ যে ‘অভিভূত কৰিব পৰা’  আৰু  ‘আনন্দদায়ক’ সেই কথা জনাৰ উপৰিও আৰু এটা কথা জানিবলৈ পাও যে তেও ‘নতুন গঢ়পিত দিব খুজিছে’; সেয়ে প্রশ্ন উথ্থাপন হৈছে ‘পাঠক সাজুনে’ বুলি।সদ্য প্রকাশিত ‘সিংহদ্বাৰ’তো পাঠকে নতুনত্বৰ সোৱাদ পাব। ...গল্পবোৰ যদিও স্বাধীন এইবোৰ কিন্তু সমান্তৰাল কথন শৈলীৰ উদাহৰণ।সেই চৰিত্রসমুহৰ ঘাত-প্রতিঘাতক একেদাল সূতাৰে বান্ধি প্রস্তুত কৰা হৈছে সিংহদ্বাৰ।
  


আমাৰ অসম কাকতত সিংহদ্বাৰৰ ওপৰত আলোকপাত

আমাৰ অসম ২০/০৮/২০১৬
মঞ্জুলা হাজৰিকা ভূঞাৰ সিংহদ্বাৰৰ ওপৰত আলোকপাত
অৱশেষত চৰিত্র সমুহে দুৱাৰ মুকলি কৰিলে-জীৱনৰ ,সৃজনিৰ।জীৱন কালতেই সকলো প্রশ্নৰে উত্তৰ পোৱাটো সম্ভৱ নহয়।তথাপি সিংহদ্বাৰৰ সিপাৰে আছে কিছু উত্তৰ।
সকলো লেখাতে নতুনত্ব আনিবলৈ প্রয়াস কৰা ..ঠাকুৰীয়াৰ এই উপন্যাস ৰচনা পদ্ধতিও প্রচলিত উপন্যাসতকৈ ব্যতিক্রম।..ভিন্নধর্মী উপন্যাস ‘সিংহদ্বাৰে’ পাঠকক এক আদেখা স্বার্গলৈ আমন্ত্রণ জনাব বুলি আশা ৰাখিছো। 



Thursday 28 July 2016

কপিৰাইটৰ আবদাৰ এখন ছবি আৰু কিছু অনুভৱ




 কনভাৰশ্বেচন উইথ গড- চিত্ৰকৰ সম্ভৱত নিকলাচ ৰ ‘ৰিকৰ 


চিত্রকলাৰ ওপৰত বহু মানুহৰ প্রধান অভিযোগতো হল-বুজি নাপায়। ময়ো বেছিভাগ ছবিৰেই গূঢ় কথা, মই বুজি নাপাওঁ বুলি কলে মিছা কোৱা নহব। কিন্তু বহু সময়ত কিছুমান ছবিৰ সৌন্দৰ্য্য বা অর্ন্তনিহিত অর্থই মোক আকর্ষিত কৰে। তেনে অৱস্থাত কেতিয়াবা সেই ছবিখনৰ বিষয়ে আৰু অলপ জানিবলৈ মই চেষ্টা কৰো ।এই চেষ্টা কৰাৰ প্রক্রিয়াতেই বহু উপলব্ধি হয়। কোনো চিত্রকলা বিশেষজ্ঞও মই নহওঁ। সেয়ে মোৰ উপলব্ধিবোৰ শৈক্ষিক বিশ্লেষনতকৈ ব্যক্তিগত উপলব্ধিহে। তেনে কিছুমান উপলব্ধিৰ কথা লিখিব ওলাইছোঁ।

বুজি নোপোৱা বুলি উপহাস কৰিলেও বহু সময়ত উপযুক্ত চিত্রকর্মই বিশ্বক চমক খুৱাই আছে কিয়?তাৰ মানে চিত্রকলাত কিবা এটা আছে যাক সর্ব সাধাৰণ ৰাইজে বুজিব পৰা নাই।এইক্ষেত্রতেই আছলতে স্কুলিয়া পাঠ্যক্রম,আৰু প্ৰতিষ্ঠিত বিজ্ঞ ৰাইজ তথা কলা সমালোচকৰ ৰ কৰণীয় আহি পৰে।
অসম দেশত অসমীয়া চিত্রকৰৰ মূল্যায়ন কমকৈ হয় আৰু ছবিৰ মূল্যায়নতো নোহোৱাৰ দৰেই। সদ্যহতে কিছুমান উদ্যমী যুৱ কলা সমালোচকৰ উদ্যোগত দুই এখন অসমৰ ছবিৰ সমালোচনা দেখা পোৱা আৰম্ভ হৈছে যদিও এই দিশত আমি আৰু বহু কৰিবলগীয়া নিশ্চয় আছে। তেনে আলোচনা হোৱা ছবি সমূহৰ ভিতৰত সর্বাধিক আলোচিত ছবিখন কিজানি বেণু মিশ্রৰ মৃত্যু। ইয়াৰ বাহিৰে দুই এখন  আঙুলিৰ মুৰত গণিব পৰা ছবিৰ বাহিৰে ভাল অসমীয়া ছবিক বিখ্যাত কৰা দায়িত্ব কিজানি কলা সমালোচক আৰু কলামোদী ৰাইজৰ।
 ইন্টাৰনেট আৰু বিশ্বায়নে যেনেকৈ বৰদলৈ ট্রফিৰ দৰে বিখ্যাত প্রতিযোগিতাও গৰুত্বহীন কৰি পেলাইছে তেনেকৈয়ে বিশ্বায়ন আৰু ইন্টাৰনেটৰ সুদূৰ প্রসাৰে উঠি অহা প্রতিভাশালী চিত্ৰকৰ সকলৰ বিকাশো ৰোধ কৰাৰ দেখা যায়। কাৰণ বিশ্বৰ শ্রেষ্ঠ ছবি সমূহ আমি কিটিপতে দেখা পাও আৰু মৌলিক কামৰ প্রতি আমাৰ সমীহ অতি কম।মানে মই কপি ৰাইটৰ কথা কৈছোসহজলভ্য বিনামূলীয়া উচ্চস্থৰৰ ছবি বা ভাস্কর্য্যৰ সহায়ত কলা ব্যবসায় আৰু কলা অনুধাবন এনেকৈয়েই চলি আছে।
উদাহৰণ স্বৰুপে ধৰি লওক আমাৰ আলোচনি,কিতাপ সমুহ।কাকত-আলোচনি আৰু কিতাপক এতিয়ালৈ মধ্যবিত্ত অসমীয়াৰ বৌধ্বিক স্পন্দন বুলিব পৰি। দেখা যায় বেছিভাগ অসমীয়া আলোচনী,বাতৰি কাকততেই অলঙ্কৰণৰ বাবে কোনো চিত্রকৰে কাম নকৰে। দুই এজনে ফ্রি লেঞ্চ হিচাপে এখন দুখন কার্টুন,বা ছবি আঁকি দিয়ে যদিও সৰহ সংখ্যক আলোচনীতেই ডি টিপি অপাৰেটৰ জনেই হল ডিজাইনাৰ তেও মাথো গুগল ইমেজত ছবিৰ সন্ধান কৰে ,তাৰপিচত ফটশ্বপৰ সহায়ত ছবিখন কাটি কুটি পেজ মেকাৰত ফাইনেল লে আউট বনাই। কেইদিন মান আগতে মই জাপানৰ বিখ্যাত কাহিনীকাৰ হাৰুকি মুৰাকামিৰ গল্প সংকলন এখন পঢ়ি আছিলোঁ। ভালকেইটা কাহিনীৰ মুখ্য চৰিত্র আছিল এনে কিছুমান চিত্ৰকৰ যি আলোচনী বা কিতাপৰ গ্রাফিক ডিজাইন কৰি এক ভাল জীৱন জাপন কৰি আহিছে।ই জাপানৰ চিত্রকৰ সকল সফল অবস্থাকেই বুজাই।হয় জাপান আমাতকৈ আগবঢ়া দেশ ,কিন্তু এই ইন্টাৰনেটত ভৰসা কৰি কপিৰাইটলৈ পিছ মুখ দি আত্মা হিন দেখনিয়াৰ আলোচনী,কিতাপ এখন চপোৱাতকৈ যদি এচাম প্ৰতিভাৱান চিত্রকৰক সংস্থাপন দিলে হয় হয়তো আমাৰ কলা সাহিত্যৰ গভীৰতা আৰু আগ বাঢ়িলে হয়। বিদেশতহে নালাগে ভাৰতৰো নাম কৰা ইংৰাজী আলোচনী ,বাতৰিকাকত সকলৰ চাৰুকলা বিভাগত চিত্ৰকৰ ,ফটোগ্ৰাফৰ ,আৰু গ্রাফিক ডিজাইনাৰ সকলে মিলিহে কাম কৰা দেখা যায়।
সদ্যহতে কিছুমান প্ৰতিভাৱান চিত্রকৰে অসমত নিজৰ প্রতিভাৰ বলত সুনাম আনিছে যদিও তাত প্রকাশক ,আলোচনী প্রতিস্থান সকলে ইমান অৰিহণা  জনাইছে সেইটোত মোৰ সন্দেহ আছে।
অৱশ্যে ইন্টাৰনেটৰ সুবিধাক নুই কৰিব নোৱাৰি। আগতে কিবা এটা জানিবলৈ কিমান যে কষ্ট কৰিব লাগিছিল। আজিকালি বছ ডা০ গুগলক সুধিলেই হয়। আগতে এনচা্ক্লপেডিয়া এখন জ্ঞান সন্ধানৰ বাবে বৰা দৰকাৰী বস্তু আছিল। ব্যৱসায়ত  এনচাইক্লপেডিয়া ব্রিটেনিকা এটা বিশ্বাসযোগ্য নাম। কিন্তু গুগল আৰু ৱিকিপেডিয়াৰ আবিৰ্ভাৱৰ পিছত এনচাইক্লপেডিয়া ব্রিটেনিকাই নিজৰ কাম বন্ধ কৰিব লগীয়া হল।সকলোৱে বিনা খৰচত অতি সোনকালে খৱৰ পোৱাটো ইন্টাৰনেটৰ ভাল কথা। কিন্তু তথ্যৰ বিকৃতিৰ বা ভুল তথ্যৰ প্রচাৰ আৰু তাৰ ব্যবসায়িক দিশটো ইয়াৰ আন এটা কুফল।
ছবি এখনৰ সন্ধানত মই সেই দিশতো বাৰুকৈ য়েই অনুভব কৰিব পাৰিছিলো।২০০৭ চনৰ পৰা ২০১ চন মানলৈ মই সমকালিন কলা ইতিহাসৰ বিষয়ে ভালে কিছু পঢ়া শুনা কৰিছিলোঁ মনৰ খজুৱতি মাৰিবলৈ ।ইন্টাৰনেটে তাত বহু সহায় কৰিছিল। তেনেতে মই ৰাছিয়াত জন্ম হৈ ভাৰতত দীৰ্ঘদিন কর্মজীৱন অতিবাহিত কৰা নিকলাচ ৰ ‘ৰিকৰ চিত্ৰশিল্পীৰ কথা গম পালো। আৰু তেতিয়া তেওঁৰ বিষয়ে য’তেই যি নাপাওঁ পঢ়িবলে ধৰিলোঁ। তেনেতে মই wikipainting নামৰ প্ৰজেক্টতো দেখিলো। তাতে নিকলাচ ৰ ‘ৰিকৰ  হাজাৰৰো অধিক ছবি আছে। মোৰ বাবে সেইতো ডাঙৰ কথা। তেনেতে মই উক্ত ছবি খন দেখা পালো: Conversation with God. , নিকলাচ ৰ’ৰিকৰৰ।
ছবিখনত কিশোৰ এজনে নির্জন আকাশলৈ চাই আছে। আকাশলৈ চাই কল্পনাৰ ঘোৰা চলোৱাতো মানৱ সভ্যতাৰ হাজাৰ বছৰীয়া পৰম্পৰা কিন্তু যোৱা কেইটামান দহকত আমি ইমান ব্যক্তি কেন্দ্ৰিক হৈ পৰিলোঁ যে আকাশলৈ চাই অনুভৱ কৰাৰ সময় নোহোৱা হল,বিশেষকৈ চহৰ বোৰত। ভাৰতবর্ষত সকলো মানুহেই আজি  হয় শাৰিৰীকভাৱে নহ’লে মানসিক ভাবে চহৰ মুখি। শীত তাপ অনুকূলিত ঘৰৰ চাটৰ তলত বহি টিভি ,স্মার্ট ফ’ন ,ঘৰুৱা কাম আদিৰ পৰা আমি আহৰি নাপাওঁ। ফ্লেট নামৰ বন্ধ কুঠৰীত বা তাৰ আশে পাশে থকা বহু হাজাৰ সংখ্যক মানুহে তো বিচাৰিলেও আকাশলৈ চাব নোৱাৰে। গম নোপোৱাকৈয়ে আমি প্রকৃতিৰ পৰা দূৰলৈ আহি আছো। এই কৃতিম জীৱনৰ বাবে কিজানি আমিয়েই দায়ী আৰু লাহে লাহে আমি তাৰ ফলাফল আমি ভোগ কৰা আৰম্ভ কৰিছোঁ। সংখ্যাধিক মানৱতাৰ স্খলন দেখি আমি সচকিত হৈছোঁ যদিও আমি ধৰিব পৰা নাই যে ইয়াৰ কাৰণ হাজাৰ বছৰীয়া প্রাকৃতিক সম্পর্ক উচ্ছেদ কৰি এক কৃতিম জীৱন নির্বাহ কৰাটো হব পাৰে।আজিকালি আকাশৰ লগত নির্জন মূহুর্ত কটোৱাৰ পৰা ময় বঞ্চিত বেছিভাগ সময়তেই সেয়ে শৈশৱৰ আকাশ চাই কৰা কল্পনাক বাৰে বাৰে মনত পৰে। Conversation with God ছবি খনত সেই শৈশৱৰ মই জনক বিচাৰি পাই মই আপ্লুত হৈছিলোঁ বাবে ছবিখন মোৰ লেপটপত সংগ্রহ কৰিলোঁ। সেই সময়তে মই এটি  সমান্তৰাল কাহিনীৰ শৃঙ্খলৰ লেখি চৰিত্রৰ মনো কষ্টৰ মাজত ককবকাই আছিলোঁ,আৰু এদিন চৰিত্রৰ সমস্যাৰ উত্তৰ হ নিকলাচ ৰ ‘ৰিকৰ ছবিখন আহিছিল। পৰবৰ্তী সময়ত সেই কাহিনীকেই তাই সিংহদ্বাৰ নামেৰে অসমীয়া উপন্যাস ৰূপত প্রকাশিত হল। উপন্যাসৰ গঠনৰ প্রক্রিয়াটোত চিত্রকলাৰ প্রবল ব্যৱহাৰ আছে ,আৰু ঘটনক্রমত সেই ছবিখন যথাবিধিমতে উপন্যাসখনত ব্যৱহাৰ কৰিবলে মন কৰিলোঁ। কেতিয়াবা (সদায় নহয়) দেখা যায় কিতাপত ব্যৱহৃত চিত্রকলাৰ কপিৰাইট সম্পর্কে বহু লেখক, প্রকাশক বেফিকৰ থাকে। মানে কিছুমানে ইন্টাৰনেটৰ পৰা ছবি উলিয়াই বেটুপাত বা আন ছবি ব্যৱহাৰ কৰে ,কিছুমানেতো আচল চিত্রকৰৰ নামেই নিদিয়ে, তেওঁলোকৰ বাবে কিজানি ফটশ্বপ ডিজাইনাৰ জনেই হল বেটুপাত শিল্পী। আৰু কিছুমানে চিত্রকৰৰ নাম প্রকাশ কৰিলেও অনুমতি লোৱাৰ কষ্ট নকৰে,চিত্রশিল্পৰ বাবে মাননি আদি দিয়াতো দূৰৰেই কথা। তাৰ বাবে মাজে মাজে চচিয়েল নেটৱৰ্কিং চাইটবোৰত বাকবিতণ্ডাও হোৱা দেখা পোৱা যায়।এনেবোৰ সমস্যাৰ বাবেই  কিছুদিন আগতে জয়ন্ত হাজৰিকাৰ স্মৃতিৰ এখন ছিডি উন্মোচন কৰিব গৈ জুবিন গার্গে সেই প্ৰকল্পটো বন্ধ কৰিবলগীয়া হল।এই ক্ষেত্রত বহুতৰে বহু মত থাকিব পাৰে কিন্তু মেহনতী শিল্পীৰ বাবে ই বাবে শুভ লক্ষন।
ভাৰতীয় কপিৰাইট নিতী অনুশৰী শিল্পীৰ মৃত্যুৰ ৬০ বছৰ পিছত ই কপিৰাইটৰ বান্ধোনৰ পৰা মুক্ত হয়।নিকলাচ ৰ ‘ৰিকৰ মৃত্যু ১৯৪৭ চনত হৈছিল সেই নিয়ম মতে আৰু এবছৰ  (সেই সময়ত পাচ ছয় বছৰ)আছে গতিকে অনুমতি লব লাগে।ৰুছিয়াৰ নিয়ম মতে ৫৪ বছৰ।(কপিৰাইট মুক্ট হল নেকি??)কিন্তু নিকলাচ ৰৰিকৰ নিশ্ব নাগৰিক কিন্তু পাচপর্ট ৰখিছিল ৰুছিয়াৰ আৰু তেওৰ বেছিভাগ ছবি ভাৰত/মার্কিন যুক্টৰাষ্ট্রত থকা সময়ত আকা। এইকথা মই ভালকৈয়েই জানো যে তেওঁৰ কোনো নাতি পৰিনাতি বর্তমান ভাৰতবর্ষত নাথাকে,আৰু অসম মুলুকত কেই হাজাৰমান মানুহে পঢ়া ক্ষুদ্র কিতাপ এখন লৈ কিজানি তেওঁলোকৰ কোনেও মুৰ নঘমাই। গতিকে যদি মই অনুমতি নোলোৱাকৈ ছবি এখন ছপাওঁ ,তেনেহ’লে হয়তো কোনোৱেই কথাটো গম নাপাব কোনো মোৰ ওপৰত মোকৰ্দমা কৰিবলৈ নাহে। তথাপিও যিহেতু ই নীতিবিৰুদ্ধ সেয়ে মই ইয়াৰ বাবে নিকলাচ ৰ ‘ৰিকৰ মিউজিয়াম ,নিউয়ৰ্ক আৰু মস্কো সহায় বিচাৰিলোঁ।গম পালো এতিয়ালৈ তেওৰ কপিৰাইতৰ ওপৰত আধিকাৰ থকা নাজ্য উত্তৰাধিকাৰি নাই যদিও মাজে সময়ে কর্ট কেছ ছলি থাকে। সেয়া ২০১২ৰ কথা ।মস্কোৰ পৰাতো কোনো উত্তৰ নাহিল ,কিন্তু নিউয়ৰ্কৰ মিউজিয়ামৰ পৰা উত্তৰ আহিল। মোৰ কিতাপখনৰ বাবে ব্যৱহাৰ কৰিবলৈ নিকলাচ ৰ ‘ৰিকৰ তিনিখন ছবি আছি আন ছবি কেইখন সম্পর্কে যথাৰীতি মতে ৰ ‘ৰিকৰ মিউজিয়ামৰ সঞ্চালক ডেনিয়েল এন্টিনে সহায়ো কৰিলে কিন্তু  কনভাৰশ্বেচন উইথ গড ছবিখন সম্পর্কে তেও সন্দিহান হৈ উঠিল। মই যেতিয়া তেওঁক কলো যে ছবিখন মই ৱিকি পেইণ্টিঙত দেখিছোঁ আৰু আমাজনত তাৰ প্ৰতিৰূপ ছবি বেচাও হয় নিকলাচ ৰ ‘ৰিকৰ ছবি বুলি।(আমাজন ডট কম,তেতিয়া আমাজন ভাৰতত ভালকৈ প্ৰবেশেই কৰা নাছিল)।ডেনিয়েল এন্টিন ডাঙৰীয়াই দুইদিনমান পিছত মোক জনালে যে তেও নিকলাচ ৰ ‘ৰিকৰ বেছিভাগ ছবিয়েই চিনি পায় আৰু তেওঁৰ মতে এইখন কিজানি তেওঁৰ ছবি নহয়। তেও লগতে এই বুলিও মত প্রকাশ কৰিলে যে “ইন্টাৰনেটক লৈ এয়াই সমস্যা”।
ছবিখন নিকলাচ ৰ ‘ৰিকৰ হয় নে নহয় জানিবলে মই ৱিকি পেইণ্টিঙলৈ লিখি পঠিয়ালোঁ, যে
আমেৰিকাৰ ‘ৰিকৰ মিউজিয়াম, নিৰ্দেশকে কৈছে কিজানি এইখন ৰ ‘ৰিকৰ ছবি নহয়। আপোনালোকে এই বিষয়ে কিবা তথ্য দিব পাৰিব নেকি?
ৱিকি পেইণ্টিঙৰ ফালৰ পৰা উত্তৰ আহিল :”যিহেতু  ৱিকি পেইণ্টিঙক এটা সামূহিক প্রকল্প গতিকে প্রতি খন ছবিৰ সকলো দিশ আমি পোহৰাব নোৱাৰিম। যিহেতু ছবিখনৰ সত সত্যতাৰ বিষয়ে সন্দেহৰ দিশ এটা পাইছোঁ সেয়ে সদ্যহতে আমি আমাৰ ৱেব চাইটৰ পৰা ছবিখন গুচাই থৈছোঁ। আগন্তুক দিনত ছবিখনৰ বিষয়ে কিবা কথা গম পালে আপোনাক জনাম”।তাৰ পিছ মই মন কৰিলোঁ-ছবিখন সম্পর্কে ই বিশ্বৰ মতি-গতি অলপ সলনি হল বেলেগ হল । সেই ছবিখন ৱিকি পেইণ্টিঙৰ পৰাতো নোহোৱা হলেই ,লাহে লাহে আমাজন বা চিত্রশিল্প বেচা যিকোনো ৱেবচাইটৰ পৰাই ছবিখন অন্তর্ধান হব  ধৰিলে পিছত মোৰ ভাব হল এই চিত্রকৰৰ নাম বিহীন ছবিখন মাথো মোৰ লেপটপতেই সোমাই থাকিব। বুজিব ধৰিলোঁ  “ইন্টাৰনেটক লৈ এয়াই সমস্যা”। কিন্তু তেতিয়ালৈ ছবিখন মোৰ কিতাপখনৰ অভিন্ন অঙ্গ হৈ পৰিছিল। গতিকে মই বিপদত পৰিলোঁ। এতিয়া কি কৰা যায়?
কিতাপৰ আঙ্গিক দিশতো লগত জৰিত চিত্রকৰৰ সকলৰ লগত আলোচনা কৰি এটা উপায় উলিওৱা হল। আমি সেই ছবিখন একে ৰূপে  ছপাই নিদি কোনো চিত্রকৰে ছবিখনৰ মলভাব ৰাখি আকৌ আঁকি উলিয়াই তেনেহ’লে এই কপি ৰাইত বা চিত্রকৰক অজান চিত্রকৰক কৃতিত্ব দিয়াৰ কথা নাথাকে। আৰু যিহেতু সম্ভৱত মূল চিত্ৰকৰজন হল নিকলাচ ৰ ‘ৰিকৰ কথাটো কিতাপখনত তেনেকৈয়ে উল্লেখ কৰিম।
ভবা মতে আমি আগবাঢ়িলোঁ ,ছবিখনত কিশোৰ এজনে আকাশলৈ চাই আছে।
আকাশ আৰু তৰা...হিমালয়ৰ পিচতে নিকলাচ ৰ ‘ৰিকৰ ছবিত এই দুটি বিষয় বাৰ বাৰে আহি থাকে। হিমাচলৰ কুলুত তেও গঠন কৰি যোৱা অনুস্থান -ঊর্শভতি আক্ষৰিক অৰ্থও পুঁৱতি নিশাৰ  তৰা। তেওঁৰ আন কেইখন মান বিখ্যাত ছবি আছিল The Star and the Hero , বা Spell new moon বা Urusvati  তো আকাশ আৰু তৰাৰ বাৰে বাৰে আহি আছিল 


                                               স্পেল নিউ মুন :নিকলাচ ৰ ‘ৰিকৰ



                                          ষ্টাৰ অফ ডা হিৰ-নিকলাচ ৰ ‘ৰিকৰ

সেইবোৰ ছবিত আকাশ আৰু তৰাবোৰ যেনেকৈ অঙ্কিত কৰিছিল  তেনে প্রণালী ৰেই অনুপ্ৰাণিত হৈ মোৰ প্রকল্পটোৰ  লগত জৰিত প্ৰতিভাৱান  চিত্ৰকৰ (ডা অপূর্ব ৰাজবংশী)য়ে আঁকি উলিয়ালে এখন সম্পুর্ণ নতুন ছবি-ঈশ্বৰৰ সতে বার্তালাপ। ছবিখনৰ আকাশ,বনানী,পথাৰ অসমৰ পটভূমিত আমি সেই শৈশৱত তৰা চাই কটোৱা আকাশ এখন মৌলিক মনোমোহা ছবি। ছবিৰ মূল কথা ,আকাশৰ ৰূপ,তৰাৰ ৰূপ,কিশোৰৰ প্রফাইল আদি আলোচনা কৰি ছবিখন সম্পুর্ণ হোৱালৈ প্রায় দুবছৰ লাগিল। আমি তিনিজন মানুহৰ বহু সময় গল ,দুজন চিত্রকৰৰ বহু বিনিদ্র ৰজনী অতিবাহিত হল। অৱশেষত এখন মন পুত মৌলিক ছবি প্রস্তুত হোৱা বাবে আমাৰ সকলোৰে মনটো ভাল লাগিল।



       কনভাৰশ্বেচন উইথ গড নামৰ ছৱিৰ পৰা অনুপ্রাণীত হৈ ডা অপূর্ব ৰাজবংশীয়ে অঁকা ছবি

প্ৰকল্পটো শেষ হোৱাৰ পিছত ডা গুগলত ছবিখন আকৌ বিচাৰি চালো-কিন্তু ৱিকি পেইন্টিঙ, বা আন ব্যবসায়িক ৱেব চাইটত ছবিখন আকৌ তেনেদৰেই নিকলাচ ৰ ‘ৰিকৰ কৃতিত্বৰে উজলি থকা দেখিলো।
চিত্ৰকৰ কোন?
সম্ভৱত নিকলাচ ৰ ‘ৰিকৰ।
ছবিখন কত আছে?
ৱিকি পেইণ্টিং উত্তৰ :মূল ছবিখন ধ্বংস প্রাপ্ত হৈছে।
সচাঁ নে?
ইন্টাৰনেটকলৈ ইয়েই সমস্যা? চব গম পায় ,কিন্তু বহু কথাৰ সতাসত্য ধৰিবই নোৱাৰি।