Monday 17 June 2019

আবু





স্বাধীনতাৰ আগৰ অবিভক্ত কামৰূপ জিলাৰ বিশাল ব্রহ্মপুত্রৰ বিখ্যাত তাৰাবাৰীৰ ঘাটৰ এক চহকী ব্যবসায়ী পৰিয়ালত জন্ম গ্রহণ কৰা আইতাৰ মুখত তাৰাবাৰীৰ ঘাটৰ জাহাজৰ উকি ,চাহাব তথা দেশীয় সাউদৰ লঙ্গৰ , ব্রহ্মপুত্রৰ ধৌ আৰু বানপানীত সতুৰি পাৰ হোৱা কথাই সৌ কাহানীবাই ব্রহ্মপুত্রৰ বুকুত অধুনালুপ্ত হোৱা উন্নত অসমীয়া চহৰ তাৰাবাৰীৰ স্মৃতি সজীৱ কৰি ৰাইছিল। সেই তাৰাবাৰীৰ ঘাটত সতোৰাৰ অভ্যাসেৰেই আৰু উদ্দমৰ বাবেই সত্তৰ বছৰ বয়সতো পুখুৰীত পিছলি পৰা নাতিক সাতুৰি উদ্ধাৰ কৰা বা হৰিদ্বাৰৰ গঙ্গাৰ ঘাট বা পুৰীৰ সমুদ্রত সাতুৰি সাতুৰিও পৰিয়াল তথা সমুহ ৰাইজক আচর্য্যস্তম্ভিত কৰিছিল। কেইবাদশক যুৰি বিয়া সমুহত তাহানীৰ বহু পুৰণি বিয়ানাম লগাই সতেজ পৰিবেশ সৃষ্টি কৰাবাবেও তেখেতক সকলোৱে মনত পেলাব।   
পৰবর্তিকালত বৰপেটা জিলাৰ নগাওঁৰ সম্ভ্রান্ত চৌধুৰী  পৰিয়ালত বিবাহ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্রামৰ বহু গুৰুত্তপুর্ণ মুহুর্ত সক্রিয়ভাবে প্রত্যক্ষ কৰিছিল। স্বামী প্রয়াত হৃদয়ানন্দ চৌধুৰী  আৰু বৰজনা মহেন্দ্র মোহন চৌধুৰী ৰ (পাছত মুখ্যমন্ত্রী অসম) স্বাধিনতা আন্দোলনত সক্রিয়ভাবে অংশগ্রহন কৰাৰ বাবে ঘৰলৈ অসমৰ প্রায় সকলো আগশাৰীৰ স্বাধিনতা সংগ্রামীৰ আহজাহ আছিল আৰু স্বাধীনোত্তৰ কালত নগাওঁ অঞ্চলৰ শিক্ষা ,চিকিৎসা ,বাট পথ আদি প্রতিস্থাপিত কৰাৰ ঘৰখনৰ সামূহিক অৰিহনাৰ স্বাক্ষৰ তেওঁৰ বিস্ত্রিত জীৱনৰাসিয়ে বহন কৰিছিল।  ইয়াৰ উপৰিও অঞ্চলটোত হিন্দু মুছলমান আৰু সকলো জনগোষ্টীয় লোকেই বসবাস কৰা স্বত্তেও অঞ্চলটোৰ একতা আৰু শৈক্ষিক পৰিবেশ গঠনত আগভাগ লোৱা স্বামী হৃদয়ান্নদ চৌধুৰী ৰ মৃত্যুৰ পিছত অঞ্চলতোৰ সেই উন্নতি আৰু একতাৰ ধাৰাতো অব্যাহত ৰাখিবলৈ নিষ্ঠাৰে চেষ্টা কৰিছিল। বৰপেটা নগাওঁৰ ৰাস মন্দিৰ আৰু ৰাস উৎসবৰ সমুহ ৰাইজৰ সফলভাবে উমৈহতিয়া অংশগ্রহনতো তেখেতে আগভাগ লৈছিল।
যোৱা ২৩ জুলাই,২০১৯ সোমবাৰে বৰপেটা জিলাৰ নগাওঁত আমাৰ আইতা গুণৱালা চৌধুৰীৰ বার্ধক্যজনিত কাৰণত মৃত্যু ঘটে। অঞ্চলটোৰ নৱপ্রজন্ম তথা ভাৰতৰ ভিন্নপ্রান্তত থিতাপি লোৱা পৰিয়ালৰ সদস্য সমুহৰ বাবে অসমৰ বহু ঐতিহাসিক সন্ধিক্ষনৰ স্বাক্ষৰ বহন কৰা তেখেতৰ জীৱনৰ স্মৃতিৰ উৎসও আমাৰ আগৰ পৰা নোহোৱা হৈ পৰিল।     

ন দশকযোৰা সজীৱ স্মৃতিৰ পিছত পৰলোক প্রাপ্তি ঘটাৰ পিছত সেই সফল ধাৰা অব্যাহত কৰাৰ গুৰু দায়িত্ব অঞ্চলটোৰ তথা পৰিয়ালৰ নবপ্রজন্মৰ হাতত আহি পৰিছে।