Saturday 31 July 2021

অসমীয়া পডকাষ্ট অন্বেষণ


  


পডকাষ্ট কি তাক লৈ বন্ধুমহলত বেছিভাগেই সোধা বাবে জনাইছো যে ই এটা শ্ৰব্য মাধ্যম ৷ মানে ধৰক ব্যক্তিগত ই ৰেডিও ষ্টেশ্বন ৷ You Tube Channel বুলিয়েই ধৰক ৷ কিন্তু এয়া শ্ৰব্য মাধ্যম শুনিবহে পাৰিব ৷ গতিকে চকু কেইতাই অলপ আৰাম পায় আৰু লগতে আপুনি কৰি থকা কামতোও (পঢ়াগাড়ী চলোৱাভাত ৰন্ধা ইত্যাদি ) ব্যাঘাত নহয়৷ সেইবাবে বহুতেই তাক শুনিবলৈপৰিবেশন কৰিবলৈ ধৰিছে৷ গানকথাসাহিত্যগল্প ৰেচিপি , নিজৰ ধোল সাক্ষাৎকাৰ আলোচনা চব শুনিব পাৰি ৷ You Tube ৰ লগত থকা আনতো পাৰ্থক্য হল যে একে পডকাষ্ট বহুত APP ,ৱেবচাইতত উপলব্ধ হব পাৰে যেনে ধৰক Spotify , Apllepodcast Googlepodcast, Anchor  ইত্যাদি ,যেনে ধৰক বিবিধ ভাৰতীৰ গীতমালা গুৱাহাটীইম্ফল দিল্লী ৰেডিওৰ পৰা একেলগা শুনা ৷ বেছিসংখ্যক পডকাষ্ট বিনামুলীয়া৷

এটা দিন আছিল যে কেবল টিভিৰ দৰে এটা World space radio বুলি এটা ৰেডিও চাৰ্ভিচআৰু আমি এনে interestingমাধ্যমত আগ্ৰহী আছিলো বাবে খৰচ কৰি হলেও ভাল content ৰ বাবে তাৰ গ্ৰাহক আছিলো৷ কিন্তু -Video Killed the Radio girl … World space radio বৰ্তিব নোৱাৰিলে ৷

 

কিন্তু তাৰ প্ৰায় পাচ- দহ বছৰ মান পিছত পডকাষ্ট তেনে ৰুচিৰ মানুহৰ বাবে জনপ্ৰিয় হৈ পৰিল 

আগ্ৰহ আৰু creative খজুৱটীৰ বাবেই এটা #অন্বেষন বুলি অসমীয়া পোডকাষ্ট খুলিছোকামৰ হেছাত সিমান সময় পোৱা নাই যদিও খজুৱাইছে যেতিয়া উপাই নাই ৷ বিষয় হিচাপে আনৰ কিছুমান interesting কাম ৷

 

অসমীয়াত পডকাষ্ট আছে যদিও ভিন্নতা কম ,সেয়ে ই খুলিছিলো #অন্বেষন 

অসমীয়া কথা অসমৰ কথা তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় ভাবিবলৈ সময় নহয় , পাৰিলে নিজৰ ধোল নবজাও কাৰণ পৃথিৱীত বহূ মানুহেই বহু ভাল কাম কৰি আছে , সেইবিলাকৰ বিষয়েওতো আলোছনা হব লাগে 

আপোনাৰো যদি কিবা কৱ লগিয়া আছে মোৰ ইমেইলত যোগাযোগ কৰিব-

 

যি সকল ৰাইজ পডকাষ্ট মাধ্যমতোৰ বিষয়ে জানে তেওলোকে তলৰ লিঙকত সংযোগ কৰি #অন্বেষন  শুনিব পাৰে 

 

 

Spotify

Apllepodcast,

Googlepodcast

Anchor

 

 

 

 

 

  

Tuesday 20 July 2021

বিবৰ্তন





                                             Book Trailer Link

এই দুৰ্দিনৰ মাজতেই বহু বছৰৰ সহযোগিতাৰ পিছত অবশেষত প্ৰকাশ পাইছে


ই কাহিনী আফ্ৰিকাৰ বাহিৰত পৃথিৱীৰ প্ৰথম হত্যাকাৰীজনৰ
কঙ্গো ৰ ভিতৰৰ অবৈধ খনিত অপহৃত শিশুজনৰ  
কেচাইখাইটীৰ জীৱন্ত বলি বা তিৰাশীৰ তামোলপুৰীয়া ভুতৰ 
চাহাৰণপুৰত বাছত পোৱা এখন কটা হাতৰ, কৰবেটৰ বলিয়া হাতীৰ 
চিলিকন ভেলেীত সপোনৰ ভিতৰত আবদ্ধ বিজ্ঞানীৰ 
ভবিষ্যতৰ বাৰ কোডত আবদ্ধ পৃথিৱীৰ জনগণৰ

এখন চুটি গল্প (২০০৯-২০১৯ ) সংকলন
বেটুপাত ৰ বাবে ( ছবি : অপুৰ্ব ৰাজবংশী Apurba Rajbongshi , ৰুপাঙ্কণ : উদ্দীপ তালুকদাৰ Uddip Talukdarp ) ওচৰত অলেখ কৃতজ্ঞতা জনাইছো, আগ্ৰহী পঢ়ুৱৈয়ে সময় সুবিধা পালে পঢ়ি পঠন অভিজ্ঞতাৰ মিঠা-তিতা বোৰ অকপতে জনালে ঋণী হৈ ৰ’ম
প্ৰকাশক: পেপিৰাজ বুকছ এণ্ড বিয়ন্ড
পাণ বজাৰ, গুৱাহাটী
মুঠ পৃষ্ঠা :২৮২

আমাজনত উপলব্দ লিংক ইয়াত সংযোগ দিয়া হৈছে : আমাজন