Sunday 12 March 2023

টোগলক




নবৈৰ দশকত প্ৰথমবাৰ নাট্যকাৰ গিৰিশ কাৰ্নাডৰ লগত প্ৰথম পৰিচয় হৈছিল যযাতি পঢ়ি৷ তাৰ কিছুদিন পিছতে পঢ়িছিলোঁ টোগলক৷ গুৱাহাটী জীলা পুথিভঁৰালৰ সংগ্ৰহৰ পৰা৷ ইতিহাস আৰু কল্পনা মিলাই ডাঙৰ পৰিসৰৰ নাটকৰ কল্পনা কৰাৰ বাট মুকলি কৰি দিছিল টোগলকে৷ গিৰিশ কাৰ্নাডৰ প্ৰতি শ্ৰদ্ধা বাঢ়িছিল বহু কাৰণত  নাটক লিখা কিন্তু বিখ্যাত আন বহু কাৰণে৷ গণিতৰ ছাত্ৰ কিন্তু জ্ঞান আৰু কৰ্মক্ষেত্ৰ আন বহু ক্ষেত্ৰত বিস্তাৰিত তাৰ লগতে তেও ইংৰাজীত বা হিন্দীত নিলিখে -কিন্তু তেও লিখা নাটক অকল ভাৰততে নহয় বিশ্বৰ বহুতো থাইত মঞ্চস্থ হয়৷ সম আন্দোলনৰ পিছৰ  অসমীয়া জাতীয়তাবাদ(প্ৰগতিশীল) পৰিবেশত ডাঙৰ হোৱা বাবে সেই সময়ত ভাবিছিলোঁ এনে কথা অসমীয়া ভাষাৰ নাটকৰ বাবে কিয় হব নোৱাৰে৷ তেনে এটি সপোনেৰেই গিৰিশ কাৰ্নাডৰ কাম (নাট্য কৰ্মএক্টিভিজমচিত্ৰনাট্য ) আজীৱন  অনুসৰণ কৰি আছিলোঁ৷   

 

তাৰ দহ বছৰ মনা পিছত যেতিয়া NSD repertory company এ এবাৰ গুৱাহাটীত নাটকখন মঞ্চস্থ কৰিছিল ,তাক চালো (তাৰ পিছত মন থাকিলেও নাটক চোৱাৰ সুবিধাই হোৱা নাই)তেতিয়া মানুহৰ মুখত নাটকৰ political subtext ৰ কথা আলোচনা হৈছিল মই কিন্তু ইতিহাসকাহিনী আৰু কল্পনা আৰু মঞ্চৰ কাৰিকৰি দিশ মন কৰিলো৷ 

 

মানুহজনৰ অনুসৰণ চলি থাকিলবয়স হৈছিল যদিও শেষ সময়ৰ সাক্ষাৎকাৰ আদিৰ পৰা মনৰ ভিতৰৰ মানুহজন আধুনিক হৈয়েই থাকিল৷

মানুহজন এদিন নোহোৱা হল -আৰু এদিন বাটত পালো তেওঁৰ আত্মজীৱনী

২০২১ চনত -This life at play 

 

মনলৈ আহিল সেই যুগ সেই মানুহ নোহোৱাই হল নে মই নিজে হেৰাই গলো এই সহস্ৰাব্দৰ কোলাহলত?

 

নাটক চাবলৈ সময় নাই কিতাপ পঢ়িবলৈ ময় নাই চাকৰিৰ কামবোৰ শেষ কৰিবলৈ সময় নাই ---লাহে লাহে ভাবিবলৈ ,গোন্ধ লবলৈ একো কামলৈয়ে সময় নাইকি হৈছে বাৰূ??, ভাবি আছিলোঁ আকৌ এবাৰ গিৰিশ কাৰ্নাড পঢ়িব লাগিব৷

 

জানুৱাৰী মাহত বেনাৰসীৰ আচ্চী ঘাটত ঘুৰি আছিলোঁ,  এখন কিতাপৰ দোকান দেখি সোমালোঁ-কিতাপ ছাবলৈ বিচমিল্লা খানৰ চেহনাই বাজি আছিল ইংৰাজী হিন্দী ভাষাৰ বহু ভাল ভাল কিতাপৰ দম৷ বাহিৰত পোহাৰী ভাঙুৰী পৰ্যটক আৰ্টিষ্ট আৰু কত ধৰণৰ মানুহ৷

মোক আচৰিত কৰি তাত অকৃতিম পঢ়ুৱৈও বহি আছিল ৷  এজনে মাটিত লেপেকাৰি পঢ়ি আঁচেদুজন ডেকা লৰাই দোকানীৰ লগত কোনোবা ইংৰাজ পণ্ডিতৰ আহিবলগীয়া (forthcoming) কিতাপ এখনৰ পাণ্ডুলিপি লৈ কিবা আলোচনা কৰি আঁচে ৷

দিন-কাল দেখি ভাব হৈছিল কৃতিম পঢ়ুৱৈৰ শ্ৰণীতো নি:শেষ হোৱা বুলিয়েই ভাবিছিলোঁ৷ কিন্তু নহয় আৰু আচৰিত ভাবে হাতলৈ আহিল টোগলক ৷ 

 

আকৌ এবাৰ পঢ়িলোঁ৷৷৷৷ এইবাৰ subtext বিচাৰি গলো এওঁ টোগলক নে তেও টোগলক কোন টোগলক ???

কিন্তু যিমানেই ভিতৰলৈ গলো সিমানেই শংকিত হলো ভয় লাগিল আৰু শেষত উপলব্ধি কৰিলোঁ  মইহে সেই টোগলক ৷

Also read blog on Girish Karnard in English here