Saturday 29 November 2014

অসমীয়া হাইকু:১ アッサム語 俳句



 

১.

কহুৱা @NH57,Meerut
 
 
 

ৰাজপথত কহুৱা

বিস্মৃতিৰ এটি প’ল’

ঘৰলৈ বহুদূৰ

 

২.

পখিলা@ Near Srinagar,Uttarakhand
 



লেটাৰ পৰা পখিলা।

ৰাতি বাৰিষাৰ পিছত,

ৰিক্ত মনৰ ৰূপান্তৰ।

৩.


@Ganeshguri,,Assam on 30th October on a fateful day

 

প্রচণ্ড শব্দ

সর্পিল ধোঁৱাৰ গ্রাস

স্তম্ভিত ভগৱান

 

৪.

দাপোন,@Hrishikesh
 

বিপৰীত দিশে প্রতিবিম্ব

ওলোটা; আপেক্ষিক দূৰত্বত।

অগ্রসৰ জীৱনৰ দৰে।

 

৫.

আকাশ বন্তি@ Hrishikesh
 

ওপৰলৈ চাই ৰওঁ

আকাশ বন্তি উৰি যায়

পথাৰবোৰ কেনি গল?

 

৬.

টুপি @Mousuri
 

ঠেঁটুৱৈ লগা জাৰত

একা জলি ৰ’দৰ লুকাভাকু

পিন্ধি লোৱা টুপী জীৱনৰ

 

হাইকু কি জানিবলৈ তলত ক্লিক কৰক :

১.অসমীয়া (ৱিকি সংযোগ)

২.ইংৰাজী (ৱিকি সংযোগ  )

 

 

স্থিৰ চিত্র আৰু হাইকু

Tuesday 11 November 2014

ক্ষুদ্র গল্প ৩







ভাবিছোঁ এই গৰু ,কুকুৰ ,কল ,আটাইবোৰ পৃথিৱীৰ পৰা নোহোৱাই হৈ যাব নেকি?কণমানি বোৰে দেখোন সিঁহতক -কাওঁ,দগ,বানানা বুলিহে মাতে।
______
সাগৰ তীৰত বহি ভাবো,কত বাৰু শেষ হয় এই সাগৰ?হয়তো ভূমণ্ডলৰ সিটো পাৰে সাগৰৰ আনটো পাৰত বহি আন কোনো এজনেও ভাবি আছে একে কথা।
______
খঙবোৰ যদি ধৰি ৰাখিব পাৰিলোঁ হেতেন
হয়তো কেইটামান আণৱিক বোমৰ মালিক হলোঁহেঁতেন
_______
আলহী: ঘৰটো দেখোন বিধ্বস্ত , গৃহস্থৰ কিবা কাজিয়া লাগিছিল নেকি?
গিৰি হত :নহয় ,কণমানি ওঠৰ মাহ হৈছে ,সি নতুন-নতুন কিটিপ শিকি আছে।
_____
মাকে অনুবীক্ষণেৰে চাই বিচাৰে  কিট-পতঙ্গ, ৰসায়নবিদে পুত্রই কয় তাতোকৈ ক্ষুদ্র অনু .পৰমাণু। তাতোকৈ ক্ষুদ্র কি? পদার্থ বিজ্ঞানী দেউতাকৰ ভাৱ সম্ভৱত হিগচ বছন? কিন্তু  সৌৰ জগত, নীহাৰিকা ,হাতী-পটি তাৰ বাহিৰত কি?