Friday 20 October 2017

কামোৰ :-ঘৰত ভাল ন?





জনা সকলে জানে যে মই মানুহজন অলপ কামোৰ। বাকি যি নহওক মোৰ ইচ্ছাকৃত মুদ্ৰাদোষ কিছুমানে বন্ধুসকলক মাজে সময়ে যথেস্ট কামোৰ দি থাকিছিল। কলেজত পঢ়া কালত এটা মুদ্ৰা দোষ আছিল লগৰ বোৰক কৈ থাকো –“বিয়া খন পাতা আৰু”।আমি অৱশ্যে বুঢ়া কাললৈয়েই পঢ়িছিলোঁ,আৰু এম ডি পঢ়ি থকা কালত বেছিভাগ নহ’লেও বহুতো বন্ধু  বান্ধবী বিবাহিত আছিল।কেতিয়াবা ভুলতে সিঁহতকো কৈ পেলাইছিলোঁ-বিয়াখন পাতা আৰু।
এই যে ‘কামোৰ’ নামৰ অপশব্দতো (slang) চকুৰ আগতেই অসমীয়া ভাষাত সোমাইছিল। এই বাবে কৱ পাৰোঁ কাৰণ ১৯৮৯ চন মানৰ পৰা অসমীয়া ভাষাত ব্যৱহৃত বেছিভাগ অপশব্দৰ (slang!) ব্যৱহৃতজ্ঞান আহৰণ কৰিছিলোঁ।ঠিক তেনেতে দুটা সামাজিক ভাবে ব্যৱহাৰ কৰিব পৰা অপশব্দ ই আমাক আকর্ষিত কৰিব ধৰিলে ।
এটা – “কামোৰ”
আনতো “কাটি  খোৱা”
বাক্য ৰচনা এনেধৰণৰ হব:-এই ৰিটায়ার্ড বুঢ়া জনে তেওঁলোকৰ দিনৰ কথা কৈ মষ্ট কামোৰ দি আছিল –আৰু   আমি কোনোমতে কাটি খালো।
কোমোৰ বোৰৰ পৰা কাটি খাই খাই নিজে কেতিয়া কামোৰ হৈ পৰিলোঁ গমেই নাপাওঁতে কামোৰবোৰ বুমেৰাঙ হব ধৰিলে।
২০১০ মানলৈ লগৰ অধিকাংশই গ্রাহস্থ্ ধর্মত দীক্ষাল’লে ।মই দাঙ-বৰলা ।কিন্তু কামোৰ দিয়া মুদ্ৰাদোষটো আছেই ,গতিকে লগৰ কাৰোবাক যদি ভুলতে মুদ্ৰাদোষৰ কামোৰ দিও  -“বিয়াখন পাতা আৰু”
লগা লগ সিঁহতৰ ৰকেট লাঞ্চাৰ,গ্রনেড বোৰ আহি মোৰ পদুলিতেই পৰা হল।
দেখিলো যে কথা ভীষণ।
সেয়ে মই টেকটিক সলনি কৰিলোঁ:-
বিয়া খন পাতা আৰু বন্ধ কৰি সোধা আৰম্ভ কৰিলোঁ –“বাকি ঘৰত ভাল ন?”
এনেই এটা কামোৰ প্রশ্ন নহয় , কিন্তু একে লগে দুঘন্টা বহি থাকিলে যদি মাজে মাজে সোধা যায় –বাকি ঘৰত ভাল ন? তেতিয়া হলে উত্তৰ দিয়া জনে কামোৰ অনুভব কৰে।
তেনেকৈ তিনিদিন একে লগে লগ পাইছোঁ,প্রথম দিনা খন উত্তৰ দিলে দ্বিতীয় দিনাখন উত্তৰ দিলে –কিন্তু তৃতীয় দিনাখন যেতিয়া মই অভ্যাসবসত সোধোঁ –বাকি ঘৰত ভাল ন? উত্তৰ দিয়া জনৰ মাথা গৰম হৈ যায় আৰু মই মানুহতো কামোৰ হৈ পৰো।
কিন্তু এতিয়াও পাব্লিক একনলেজমেন্ট পোৱা নাই কাৰণ মোৰ আশে পাশে অসমীয়াত কথা পতা মানুহ নায়েই... , যি পাতো ঘৰতেই...
আজি ৰবিবাৰ। ঘৰত পাচলি নাই। গাড়ীখন লৈ ওলালোঁ। লৰাই গোটেই ঘৰটোত গৃহযুদ্ধৰ সৃষ্টি কৰি আছিল বাবে তাকো লগত ল’লো। চিট বে’ল্ট বান্ধি থলো যাতে জঁপিওৱা জপিওৱি নকৰে।
অভ্যাস শত তাকো সুধি পেলালোঁ –“বাকি ঘৰত ভাল ন?”
সি লগা লগ ৰঙা চকুৰে গালি দিলে
“দেটা ...ঘৰত বুলি কিয় সুধিছা ।আমি এতিয়া বাহিৰত আছো , গাড়ীত ভাল বুলি সোধা ।”
মই মনে মনে থাকিলোঁ।
সি আকৌ গালি দিবলৈ আৰম্ভ কৰিলে ...মই বোলো ভাই ,ভুল হল ,তোমাৰ গাড়ীত ভাল ন?
“হু ভাল ।” উত্তৰ আহিল