Wednesday 18 February 2015

বক্সিং পেৰাডস্ক





সৰু থাকোঁতে চিনেমা এখন ভাল নে বেয়া সেইতো আমি নির্ধাৰিত কৰিছিলোঁ চিনেমাখনত ফাইট আছে নে নাই?যিহেতু কোনো এখন চিনেমাতেই প্রথমৰ পৰা শেষলৈ ফাইট থকাটো সম্ভৱ নহয় গতিকে বেছিভাগ চিনেমা ছাঁয়েই তাত অপৰ্য্যাপ্ত পৰিমাণৰ ফাইট নথকা বাবে আমি হতাশ হৈ পৰিছিলোঁ লগৰ এজনে সদায় আপত্তি কৰিছিল ফার্ষ্টৰ পৰা লাষ্টলৈ ফাইট থকা চিনেমা এখন চাব পালে সেয়া হৈ নুঠিল ,আনকি হলীউদৰ একচন ধর্মী চিনেমা সমূহতো কাহিনীৰ দৰাৰ থকা বাবে অলপ সময় হলেও ফাইট নো্হোৱাকৈ থাকে।
পিছলৈ যেতিয়া চিনেমাৰ ৰূপ ৰস আৱিস্কাৰ কৰিবলৈ ধৰিলোঁ তেতিয়া কিন্তু বেছিভাগ একচন ধর্মী চিনেমাৰেই কিচম বিধ বেয়া পোৱা হলো। মাথো দর্শকক শিহৰণ দিয়াৰ উদ্দেশ্যেই মানুহক নৃশংস ভাবে হত্যা কৰা (ভিলেইন বা এস্ক্ট্রাই হওক বাৰু) দামী গাড়ী বা ওখ অট্টালিকাত বিস্ফোৰণ কৰি ধ্বংসস্তূপলৈ পৰীনত কৰা বেছিভাগে্‌ই কাৰণ বিহীন হিংসা মোৰ ভাল নলগা হল। গতিকে তেনে চিনেমা পাৰোঁ মানে এৰাই চলা হলো।
ঠিক তেনেদৰেই খেলৰ ওপৰত বনোৱা চিনেমা চাই ভাল পাইছিলোঁ যদিও মুষ্টিযুদ্ধক খেল হিচাপে মানি লবলৈ মই টান পাও। খেলৰ নামত হিংসা, বিদ্বেষ ,ৰক্তপাত,মৃত্যু...... নাই বহুত হল। গতিকে বস্কিঙক বিষয় বস্তু কৰি বনোৱা চিনেমাবোৰো মই তেনে ধৰণৰেই হব বুলি পাৰোঁ মানে এৰাই চলিছিলোঁ কিন্তু দুখন চিনেমাই মোৰ ভাৱধাৰাক সলনি কৰিলে।
সেই দুখন হল The Cinderella Man  আৰু Million Dollar Baby, দুয়োখন চিনেমাই দুজন তেজ মঙহৰ মুষ্টিযোদ্ধাৰ ওপৰত আছিল যদিও চিনেমা দুখন কিন্তু সাংঘাতিক ভাবে মানৱীয়
 The Cinderella Man খন এজন পাৰিবাৰিক মানুহৰ ওপৰত, ২য় মহাযুদ্ধৰ পিছত গোটেই আমেৰিকাত জাতীয় অৰ্থনৈতিক দুর্যোগৰ সময়তেই নিজৰ পৰিয়ালক কেনেকৈ এটা আত্মগৌৰৱ ঘুৰাই আনিবলৈ মানুহজনে মুষ্ঠিযুদ্ধৰ সহায় লয়। আৰু তেওঁৰ সফলতা গোটেই আমেৰিকাৰ বাবেই এটা আদৰ্শ হৈ পৰে।
আনহাতে Million Dollar Baby যদিও এজন মুষ্টিযোদ্ধাৰ জীৱনৰ বিষয়ে চিনেমা খনত কেনেকৈ ঘuছিয়াব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই-চিনেমাখনৰ মূল শিক্ষাটোৱেই হল কেনেকৈ নিজক বছাব লাগে। নির্দেশক Clint Eastwood মানুহ জনো কেনে ভাবক,গোটেই জীৱন Western Cowboy Movie ৰ নায়ক হিচাপে থকা ভাবমুর্তিৰ বিপৰীতে তেও নির্দেশনা কৰা আটাইকেইখন চিনেমা আকৌ anti-Violence চিনেমা হিচাপেহে জনাজাত।
চিনেমাৰ সেইটোৱেই বাহাদুৰি, যদি ,যদি বনাব বিচৰা হয় তেনেহলে-প্রতিটো হিংসাৰ আৰতেই লুকাই থকা মানৱীয় প্ৰমূল্যবোধবোৰক দাঙি তুলিব পাৰি।
তেনেদৰে ভাবিব গলে মুষ্টিযোদ্ধাৰ ওপৰত নির্মিত ভাৰতীয় ছবি-মেৰি কম এখন অসফল চিনেমা যি আমাক নিৰুৎসাহ কৰিলে। চিনেমাখন মেৰীৰ জীৱনত বেছিভাগ দিশেই চুই গল যদিও মেৰী কম আৰত থকা মানুহজনীক দেখুৱাবলৈ কিছুমান প্রচলিত ক্লিছে(Cliché) ব্যৱহাৰ কৰিয়েই ক্ষান্ত থাকিল।