Wednesday 18 August 2021

COVID আৰু হেৰুৱা সকল


Photo credit :Rohit Jawalkar @ unspalsh


অতি কম সময়ৰ ভিতৰতে আমি হেৰুৱাইছো অসমীয়া সমাজ জীৱন সাহিত্য ক্ষেত্ৰত বহুবছৰৰ পৰা আৰিহনা যোগাই যোৱা বহুজনক৷ লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰক সমাজৰেই বাটকতিয়া আছিল৷ সমাজ জীৱনত এই শুন্যতা আনুবৱ হৈ ৰব ৷ব্যক্তিগত ভাবে দুই এবাৰ লগ পাওতে তেওলোকে যোগোৱা উৎসাহ অনুপ্ৰেৰণাও মনত ৰব৷
আৰু বহুজনক হেৰুৱাইছো যোৱাকেইদিন মানৰ ভিতৰত৷ মোৰ ঘনিষ্ঠ পৰিষৰৰ ভিতৰতেই আয়ুশমান দত্ত ,সমবয়সীয়া অনুজীৱবিজ্ঞানী উৎপলা দেৱী (নন-কোভিড কিন্তু আপ্ৰত্যাশিত), আমাৰ গুাৱাহাটীৰ চুবুৰীৰ দৈনন্দিন জীৱনৰ ফতিক কলিতা খুড়া , লচকৰ খুড়ী, আনকি সমবয়সীয়া আনকি বহু কনিস্ত অনুজৰো যোৱা কেইদিনতেই আভাবনীয়ভাবে হেৰুৱাই পেলাইছো৷ আতাইবোৰে এক বুজাব নোৱাৰা শুন্যতা আনি দিছে৷ যুব সাংবাদিক আয়ুশমানক তেওৰ কিশোৰ অৱস্থাৰ পৰাই জানো৷ যেতিয়া চেন্টিনেলত কাম কৰিছিল উদ্যম আৰু সৃজনিশিলতাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিছিল৷ তাৰ পচিটিভ ,সংকতজনক আৰু হেৰুৱাৰ তিনিওতা খবৰ আতি ক্ষিপ্ৰভাবে আহিল৷
আৰু ব্যক্তিগত ভাৰতীয় প্ৰেক্ষাপতত ?
ডা টি এন ঢোল চাৰ , ভাৰতৰ আগশাৰীৰ ভাইৰলোজিষ্ট (মাইক্ৰবায়লজীৰ) , ভালেকেইবাৰমান পেচাগত কামত লগ পাওতে তেওৰ উৎসাহ আৰু উৎসাহী ৰুপ মনত পৰে (লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰৰ লেখীয়া)৷ বহু ভাইৰাচৰ লেবৰ ভিতৰত ধৰা পেলোৱাৰ কৌশলবোৰ তেৱেই প্ৰথম ভাৰতত প্ৰতিস্থা কৰিছিল৷ SARS-Cov2 নামৰ এটা ভাইৰাচ আহিল , আৰু তেও প্ৰথম কেইমাহতেই তাৰ কবলত পৰি আৰু ঘুৰি নাহিল৷
দুদিন মান আগলৈকে আমাৰ আনুস্থানত কাম কৰা সহকৰ্মীৰ (চিকিৎসাকৰ্মী) অৰ্ধেক কভিড-১৯ত সংক্ৰমিত আছিল,লাহে লাহে ঘুৰি আহিবলৈ ধৰিছে৷ তাৰে এজন কনিস্ত চিকিৎসক (ঘৰৰ একমাত্ৰ সন্তান ,বাপেক নাই) , প্ৰথম বৰ্ষৰ স্নাতোকত্তৰ হিচাপে নাম ভৰ্তি কৰিছিল এটা চুপাৰস্পেচিয়েলিতি বিভাগত৷ অতিমাৰি আৰম্ভ হোৱাত যোৱা এবছৰে অকল কোভিড সেৱাই কৰিলে , এটাও চুটি লোৱা নাছিল, কোভিড হ’ল , আই চি ইউ লৈ গৈ আৰু ঘুৰি নাহিল৷
আৰু চুবুৰীৰ বা সহকৰ্মী সকলৰ সকলৰ ,জনা নজনা বহু মানুহৰৰ হেৰুৱা বোৰতো আছেই৷
এয়া আকল মোৰেই নহয়, এতিয়া যাৰ লগতেই কথা নাপাতো প্ৰত্যেকৰে একে ভাৱনা৷ আমি এক অব্যক্ত হেৰোৱাৰ বেদনা লৈ ঘুৰি ফুৰিছো৷