Sunday 20 June 2021

পানী আৰু ভাইৰাচ



ভৰলু নদীত ক’ৰণা ! 

এই বাক্যশাৰিক মেটাফৰ হিচাপে লৈ আমি বিজ্ঞাণ ,সত্য ,ভয় ধাৰণা আদিক লৈ চলা খৱৰৰ গণ শংকাক লৈ আলোচনা কৰিব পাৰি৷ 

প্ৰথমতে মুল কযা , ভৰলু নদীত ক’ৰণা শংকাৰ বিষয় হয় নেকি? 

ভয়ৰ কাৰণ কিয় ? সেই সংক্ৰমণৰ বাহক হব? ঠিক ক’লেৰা, পলিও, তাইফইড আদিৰ দৰে৷   
হ’ব নালাগে৷ কিয় ? কাৰণ কি পদ্ধতিৰে ক’ৰণা ভাইৰাচ নদীৰ পানীত ধৰা পৰিছে , নিশ্ছয় RT-PCR. এতিয়া কথা হল RT-PCR এ ভাইৰাচ জীৱন্তে ধৰিব নোৱাৰে, তাৰ RNA তো হে ধৰিব পাৰে , জীৱিত অবস্থাত নহয়৷ ধৰা হল লাখটকিয়াত আজিৰ পৰা হাজাৰ বছৰ আগৰ ডাইনচৰৰ ফচিল এটা আবিস্কৃত হল ,তাৰ পৰা ডাইনচৰৰ DNA/RNA  RTPCR ত ধৰা পৰিল - সি বাৰু এইধৰনেৰে প্ৰকাশ কৰা হব- লাখটকীয়াত ডাইনচৰৰ আতঙ্ক?

হয় অতিমাৰিৰ আৰম্ভণিৰ পৰাই এই কথা গম পোৱা গৈছিল যে ভাইৰাচটো শৌচৰ পৰাও নিৰ্গত হয়, (RNA) ভালেমান দিনলৈ কিন্তু এতিয়ালৈ ভাইৰাচতো শৌচৰ পৰা জীবিত ভাবে কোনো -virus culture- কৰি সি খাদ্য বা পানীত আন মানুহলৈ সংক্ৰমণ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই৷ খুব সম্ভৱ তাত লিপিড এনভেলপ থকা বাবেই সি পাকস্থলীৰ নানা ধৰনৰ পাচক ৰসৰ প্ৰভাৱৰ বাবে বিচূৰ্ণ হয়? সেইবাবেই থু খেকাৰ ৰ পৰা সকলোৱে ( আতি কম থাইত হলেও যত ভাইৰাচ কালচাৰ কৰাৰ সুবিধা আছে ) ভাইৰাচতো জীবন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ 
মুল কথালৈ আহো ভৰলু নদীত ক’ৰণাৰ RNA কৰ পৰা আহিল , নিশ্চয় শৌচৰ পৰা৷  তাক লৈ ক’ৰণা সংক্ৰমিত বেচিকৈ হ’ব বুলি উদ্দিগ্ন হব লাগে নেকি?   নালাগে ওপৰত উল্লেখিত কৰাৰ কাৰনে ৷ 
কিনতু ই ভাল কথা নেকি ? নহয়
কিন্তু ভৰলুৰ পানী ভাল নে বেয়া জানীবলৈ আমি RT-PCR কৰিব লাগে নেকি ? চকু মেলি চালেই গম পাম যে নদীত চহৰৰ বেচিভাগৰে  শৌচৰ পানীবোৰ প্ৰবাহিত হৈছে , আৰু দূখৰ কথা যে সেই পানীয়ে বহুতৰে খোৱাপানী কলুশিত কৰাৰ সম্ভাবনাই নহয় , নিৰ্ঘাত কথা৷

গতিকে ইয়াৰ পৰা কৰণা (মানে SARS-CoV2 নামৰ ভাইৰাচতো যি বহুতকে COVID-19 বেমাৰ কৰিব পাৰে) সংক্ৰমণৰ শংকা কম যদিও তাতকৈ বহু বেছি ঘাটক সক্ষমতা থকা -কলেৰা , টাইটড, জনদিচ আদি হাজাৰবিধ অনুজীৱৰ কিন্তু কোনো  লেউলেৱাই ৰখি আছে৷