মানুহে পঢ়িব পাহৰিলে নেকি ? হয়তো পাহৰা নাই , কিন্তু পৰিবৰ্তিত সময়ত ৰুচিৰো পৰিবৰ্তন হৈছে৷ আগৰ দৰে পঢ়িবলৈ স্বভাৱগত ভাবে অ’হা স্তব্ধ সময়বোৰ আমাৰ হাতত নাই৷ দেওবাৰৰ দুপৰীয়া, পূজা বিহুৰ বন্ধৰ শেষ নোহোৱা সময় য’ত পূজা বিহু সংখ্যাৰ বিশেষ সাহিত্য আলোচনী নহ’লে পঢ়িম বুলি ভাবি থকা এখন মোটা কলেৱৰ কিতাপে সঙ্গী হৈ মনটোক দৰকাৰ হোৱা কল্পনা চিন্তাৰ খোৰাক জগাইছিল৷
এতিয়া সেই সময়বোৰ কাঢ়ি লৈছে ছোছিয়েল মেডিয়াৰ সৰু সৰু ভিডিঅ নহ’লে ট্ৰফিক বা মলৰ অনৰ্গল কোলাহলে৷ চাকৰি আৰু জীৱনৰ আনবোৰ মেৰপেচতো আঁচেই ৷
পঢ়িম কেতিয়া ? পঢ়িম কি?
সেইবাবেই এখন কিতাপৰ প্ৰতি থকা মানুহৰ প্ৰত্যাশাত পঠন যোগ্যতা সোমাই পৰিল নেকি? এতিয়া পঠন যোগ্যতা মানে কি ?
উপমা হীন চুটি বাক্য, পোনপটীয়া উপস্থাপন , আৰু এক গতিশীল ভাৱ প্ৰকাশ তেনে এটা জনমত গঠন কৰাৰ প্ৰচেষ্টা চলি আছে৷ এনেধৰণৰ কথা খাদ্য প্ৰেমী সকলৰ মাজতো দেখা যায়৷ তুঁহ থকা আটা, উখোৱা চাউলত বা বাজৰাতকৈ -ময়দাৰে বনোৱা ৰুটিৰ সোৱাদ বেছি জনপ্ৰিয় , তাৰমানে ই স্বাস্থ্যৰ বাবেও ভাল হব পাৰে নে?
কিন্তু যদি লেখকৰ ভাৱ প্ৰকাশত বহু প্ৰলেপ আছে যাক বুজিবলৈ সেই স্তৰৰ মনস্তাত্বিক অৱস্থাক আনুধাৱন কৰিব পাৰিব লাগিব তেন্তে কোনো পাঠকৰ সেই ভাৱনাৰ স্তৰলৈ গতি কৰাৰ সময় হ’বনে?
তেতিয়াই লেখক সকলৰ মাজত এই লাখ টকীয়া সংশয় সোমাই পৰিছে :- যুগৰ আবাহনৰ মতে ভাৱ প্ৰকাশ কৰিব নে নিজৰ মনত থকা ভাব প্ৰকাশৰ মাধ্যমৰ সহায় ল’ব?
মোৰ প্ৰকাশিত দ্বিতীয় গ্ৰন্থখনৰ প্ৰকাশৰ পিছতো তেনে কিছু ভাৱ মনলৈ আহিছিল৷ মই মন কৰিছিলোঁ কিতাপখন সংগ্ৰহ কৰা বেছিভাগ মানুহেই মোক সাংঘাতিক ভাবে এৰাই চলাৰ চেষ্টা কৰা যেন ভাৱ হৈছিল৷ কাৰোবাক কিবা বেলেগ এটা কাৰণত ফোন কৰিলেও আন পিনৰ মানুহজনে মোক এৰাব খোজা ভাবতো প্ৰকট হৈ পৰে৷ সম্ভৱত মই কিতাপখন পঢ়িলে নে ? কেনে পালে ? এনে ধৰণৰ প্ৰশ্ন কৰিম বুলি নেকি? তেতিয়াৰ এখন জনপ্ৰিয় অসমীয়া চিনেমাত এজন কবিৰ কমিক চৰিত্ৰ এটা আছিল , বাটে ঘাটে মানুহক ধৰি কবিতা শুনায় ,তাকে লৈ চহৰত কবিতাৰ সন্ত্ৰাস! প্ৰায় এবছৰলৈ এজন মানুহো বিচাৰি পোৱা নাছিলোঁ যি গ্ৰন্থখন পঢ়ি মোৰ লগত পঢ়ুৱৈৰ দৰে কথা পাতিছিল৷ কিতাপখন প্ৰকাশ হোৱাৰ সাতমাহ মান পিছত দুই এজন মানুহ পালো যাৰ লগত কথা পাতি বুজিলোঁ যে তেওঁলোকে পঢ়ি শেষ কৰিব পাৰিছে , ডায়েৰিৰ পাতত তেনে নামটো লিখি থোৱা হৈছিলোঁ , সংখ্যা হৈছিল গৈ ৬ নে ৭ জন! পিছত নিজকে সান্তনা দিবলৈ মনোজ কুমাৰ গোস্বামীৰ বহু পঠিত পাছজন বন্ধুত মৃত্যুৰ সময়ত লগ দিয়া পাছ জন বন্ধুৰ দৰে ১০ জন পঢ়ুৱৈ হলেই গ্ৰন্থখনত দিয়া ১৫ বছৰীয়া কষ্ট সাৰ্থক হব বুলি নিজকে সান্তনা দিলোঁ৷
এই cliche প্ৰশ্নটোক আনুধাৱন কৰিলো -লেখকে লিখে কিয়?
নিজৰ ভিতৰৰ তাৰণাক বাহিৰ কৰিবলৈ নে পঢ়ুৱৈ আৰু সমাজৰ পৰা বা: বা: ল’বলৈ?
নিশ্চয়েই নিজৰ মনৰ তাৰণাক শব্দ আৰু বাক্যৰ ৰূপ দিবলৈ৷ কিন্তু তাতেই কাৰবাৰটো শেষ হৈ থকাতো উচিত নে? কিজানি নহয় ? সেয়ে বেছিভাগ লেখকে বিছাৰে মানুহে তেওৰ কিতাপ পঢ়ক ,মতামত দিয়ক ৷ তাৰে কিছুমানে অধিকাৰ হিছাপে সোধে, কিছুমানে আকাৰে ইঙ্গীতে (আৰু সৰহ সংখ্যকেই কোনো ধৰণৰ criticism সহ্য কৰিব নোৱাৰে) কিন্তু এই positive feedback (বা:বা:) টো লিখো কয় প্ৰশ্নতোৰ উত্তৰ নহয়৷
তেনেহলে লেখকে লিখে কিয়?
এদিন Country Music ৰ কিংবদন্তী জ’ন ডেনভাৰৰ এটা লাইভ কনচাৰ্টৰ ভিডিওত তেও মনৰ কথাটো কৈ দিয়া যেন লাগিল৷ তেও কৈছিল “ The purpose of my music is to communicate “
হয় , ঠিক কথা , কিন্তু সমস্যাটো হৈছে communication now a days is full of noise , মানুহক দোষ দিলে কি হব মই নিজেই এই কোলাহলৰ চক্ৰ বেহুত জৰ্জৰিত৷ কিতাপ সংগ্ৰহ কৰো , পঢ়িবলৈ মনো যায় , কিন্তু কত সেই সময় ? চাকৰি , সংসাৰ, ক্লান্তিৰ ভ্ৰমণ , অৱসাদ , তাৰ মাজত অকমাণ সময় পালে খঙ আৰু ক্ষোভবোৰ ফেচবুক , টুইটাৰ (মানে X ) অদিৰ অনৰ্গল আফিঙৰ সোৱাদত মদ-মত্ত হৈ ৰাতিলৈ ঊন্মত্ব গ্লাণিত নিদ্ৰাহীনতাত ভুগিব লগা হয়৷
তেনে এক সময়তে পঢ়িবলৈ লৈছিলোঁ -জালি কটা জুই
অৱসাদ ভৰা মনেৰে কিতাপখন পঢ়িবলৈ লওঁ হয় , কিন্তু আগ বাঢ়িব নোৱাৰো , ভাষা চিকুন , কথনতো লেখকৰ নিজস্বতা আছে, হয়তো pulp fiction পঢ়ুৱৈৰ বাবে পঠন যোগ্যতাক লৈ প্ৰশ্ন আছে৷ সেই বাবেই মোৰ সিংহদ্বাৰ প্ৰকাশৰ পিছত আহা ভাৱবোৰ আহিবলৈ ধৰিলে৷ লেখকে নিস্তাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, লেখন বা গল্পবোৰো কোনো ধৰণৰ আসোঁৱাহ নাই, আকল সমস্যাতো হল যিতো গভীৰ ভাবলৈ লেখকে গতি কৰিছে সেই গভীৰতালৈ সোমাই পৰিবলৈ পঢ়ুৱৈ হিচাপে মোৰ নিস্তা , আগ্ৰহ বা সময়ৰ অভাৱ৷
এতিয়া মই নিছে পাঠক হিচাপে যদি serious হব নোৱাৰো মই পঢ়ুৱৈৰ পৰা seriousness কেনেকৈ দবী কৰিব পাৰো?
দোষটো কাৰ ?
তেনেতে খবৰ পালো - ২০২৩ বৰ্ষৰ ২৯ সংখ্যক 'মুনীন বৰকটকী সাহিত্য বঁটা' 'জাল কটা জুই' শীৰ্ষক চুটি গল্পৰ বাবে নয়ন জ্যোতি শৰ্মালৈ আগ বঢ়োৱা হৈছে৷
ওঁঠ টিপি হাহিলো হিলো – কাৰণ ২০১৬ চনৰ শেষত যেতিয়া সিংহদ্বাৰলৈ এই বটা আগবঢ়োৱা হৈছিল মোৰ মনলৈ আহিছিল এই গনিত ৷ বিচাৰক কোন নাজানোঁ , কিন্তু নিশ্চয় তিনিজন তো হব লাগে? বটাৰ বাবে নিৰ্বাচিত কৰিছে মানে তেওঁলোকে নিশ্চয় গ্ৰন্থখন পচিব পাৰিছে৷ মানে ৭+৩=১০
মোৰ সিংহদ্বাৰ লেখাৰ কাৰবাৰতো তাৰমানে বৃথা নগ’ল৷
পলম কৈ হলেও নয়ন জ্যোতি শৰ্মালৈ অভিনন্দন ৷
বি দ্ৰ :এতিয়া ডায়েৰিত গণনা বাদ দিছোঁ , লিখি গলে কিজানি ভালে সংখ্যক সংখ্যা একত্ৰিত হলে হয়৷ সমস্যাটোৰ হয়তো কোনো fool proof solution নাই, লেখকৰ দৰেই পঢ়ুৱৈ সকলো অৰ্ন্তমূখী, কিন্তু সেই দহজন পঢ়ুৱৈয়ে পঢ়ি অনুভৱ কৰা গ্ৰন্থ সুখনৰ কথা , আন মানুহক জনালে হয়তো পঢ়া কাৰবাৰতোৰ ধ্ৰুপদী গুনবোৰ আৰু কেইদিনমানলৈ বাছি থাকিব সক্ষম হব৷
সিংহদ্বাৰ : আমাজন
No comments:
Post a Comment