Wednesday 29 November 2023

পাণবজাৰ




Ship of Theseus :ৰজাৰ এখন নাও আছিল৷ নাওখনৰ প্ৰতিতো অংশ এটা এটাকৈ সলনি কৰা হল৷ প্ৰশ্ন হল কোনতো সময়ত কোনটো অংশ সলনি কৰাৰ পিছত আগৰ নাওখন সলনি হৈ এখন নতুন নাও হৈ পৰিব?

 

পাণবজাৰৰ লগত এটা  নষ্টালজিয়া জড়িত হৈ আছেবহু কাৰণৰ মাজত হল সমৰ কিতাপ আৰু বৌদ্ধিকতাৰ লগত কেন্দ্ৰ হিচাপে থকা প্ৰতিস্থা৷ সেয়ে কিশোৰ অৱস্থাৰ পিছৰে পৰা  পাণ বজাৰৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ তেতিয়া বহুতৰেই গ্ৰন্থ এক আকৰ্ষণৰ কাৰক আছিল আনকি কিতাপ নপঢ়া মানুহৰ বাবেও অধ্যয়ন এটা আদৰ্শনীয় কাম বুলিয়েই মানি লৈছিল৷ পকেটত পাইছা নাথাকিলেও সেই সময়ত কিতাপৰ দোকান বা গ্ৰন্থ মেলাত কিতাপ ছাই পাত লুটিওৱাতোও এটা কাম বুলিয়েই ধৰি লৈছিলোঁ৷ দোকান কিতাপৰে থাহ খাই থাকে ,কিন্তু বিক্ৰেতাৰ মুখৰ বিৰক্তিৰ ভাৱতো হে অলপ ভয়ৰ কাৰক আছিল৷ বাতৰি কাকত বা কোনো আলোচনীত (নতুন হওক বা পুৰণি) কোনো  কিতাপ পঢ়িব লগীয়া যেন পালে নামতো কৰবাত টুকি থওঁ আৰু পান বজাৰ যোৱাৰ ভাগ্য হলে দোকান বোৰৰ বিক্ৰেতা সমূহৰ মুখৰ বিৰক্তিৰ মাপ কাঠি চাই কোনো এজনক দয়ালু হব পাৰে বুলি ভাবি আগুৱাই যাই সেপ-ধুকি সোধা হয় 

দাদা , _____ এই কিতাপখন হব নেকি?

বেছিভাগৰেই মুখৰ   অক্ষাংশ আৰু দ্ৰঘিমাংশ প্ৰকৃত কৰি উত্তৰ দিয়ে: নাই৷

কোনো কোনোৱে উত্তৰ দিয়াতো প্ৰয়োজনীয় বুলি নাভাবি উদাসিন ভাবে বাহিৰলৈ চাই থাকে

ভুলক্ৰমে যদি কিতাপখন সেই দোকানত আছিল তেতিয়াহে বিক্ৰেতাজনে ধীৰে সুস্থিৰ তাক বিচাৰিবলৈ উঠাতো প্ৰয়োনীয় বুলি ভাবিছিল৷

 

সেয়া নবৈৰ দশকৰ কথা৷ ইংৰাজী কিতাপ পোৱা দোকানবোৰৰ কথাবোৰতো আৰু বেলেগসোমাবই ভয় লাগে ভিতৰলৈ সোমাই এখন কিতাপ মেলি ছোৱাতো দূৰৰ কথা (বশ্যে মূল্য আৰু কিতাপ চোৰৰ প্ৰকোপ এই ভিন্ন ব্যৱহাৰৰ আঁৰৰ এটা কাৰণ হব পাৰে)

এদিন সাহস কৰি এখন নতুন আকৰ্ষণ থকা কিতাপ এখনৰ খবৰ লবলৈ অভিজাত দোকান খনৰ ভিতৰত সোমাই (সেপ ধুকি) সুধিলোঁ 

৷৷৷৷৷ নামৰ কিতাপখন আছে নেকি?

 কিনিবনে?বিক্ৰেতাই  ভেকাহি মাৰি মোক ওলোটা প্ৰশ্ন কৰিলে৷ 

মোৰ কিতাপখন কিনাৰ উদ্দেশ্য (বা সামৰ্থ্য) নাছিল৷ মই মাথো বিচাৰিছিলোঁ কিতাপ খন এবাৰ চুই চোৱাআগ কথাত কি লিখা আছে বা পাছপিনে কিতাপখনৰ বিষয়ে কি মিনি ৰিভিউ দিয়া আছে তাকে চাই নয়ন সুখ লোৱাহে৷

নাই মই চাবহে বিচাৰিছিলোঁ৷ থতমত খাই কোনোমতে এইবুলি উত্তৰ দিলোঁ৷

নাই নহব ৷ মোৰ ফাট মেলা বসুমতী অৱস্থা৷

তেনেতে দোকান খনত এখন উচ্চ পদস্থ বিষয়াৰ আবিৰ্ভাব হল৷ কাপোৰে কানিয়ে খোজে কাতল চায়েই কব পাৰি বহু ডাঙৰ মানুহ  (আই এ এছ বা ই পি এছ ) হব৷ মুখ খোলাত গম পালো আনা অসমীয়া৷ তেওঁক দেখিয়েই বিক্ৰেতাজন উঠি গল আদৰণি জনাবলৈ৷

চাৰ , xxx নামৰ লেখকজনৰ নতুন কিতাপখন আহিছে ৷

 তাৰ পিছত তেওঁলোকে নাম নুশুনা কোনো ফৰাচী বা স্পেনিছ লেখকৰ কোনো কিতাপৰ কথা পাতিব ধৰিলে৷ মই বেলটোৰ দৰে অলপ সময় ইফাল সিফাল কৰি এখনো কিতাপ স্পৰ্শ নকৰাকৈ ঘুৰি আহিলো কিছু সময় পিছত৷

 

সময় পৰিবৰ্তন হল৷ DC court স্থানান্তৰিত হল কটন কলেজ ইউনিভাৰ্চিটি হল ম ভী কমা কমিল লগতে গ্ৰন্থৰ ব্যৱসায়ত আগতে থকা সেই সন্মানো কমিব ধৰিলে৷ যদিও লেখক ,প্ৰকাশক আৰু কিতাপৰ সংখ্যা বৃদ্ধি হৈছে গ্ৰন্থৰ লগত থকা আগৰ সেই x factor কিজানি নাই ( অৱশ্যে আৰু z factor গ্ৰন্থৰ লগত আজিও জৰিত হৈ আছে)

 

এতিয়াও সময় পালে পান বজাৰলৈ যাওঁ ,হেৰুৱা নষ্টালজিয়া বিচাৰি৷  যিকোনো গলিৰেই নাযাওঁ কিয় দোকানৰ মানুহবোৰে আগতে সোধে- দাদা কি লাগে?

আৰু কোনোবা এখন দোকানত যদি কোনো কিতাপৰ কথা সোধা হল ভাবি চিন্তি  তাৰপিচত কব -আ সেইখন এক মিনিট সময় ৰখিবআমাৰ গুদামত আচে মই এতিয়াই লৈ আহিম৷

তাৰপিছত প্ৰায় আধা ঘন্টা মান পিছত চাইকেলেৰে ভ তিয়াই গৈ মানুহজন পুনৰ আবিৰ্ভাব হয় গুদামৰ (!) পাৰা সেই কিতাপখন উদ্ধাৰ কৰি৷ তাৰ পিছত ১০ % ডিচকাউন্তত  ৰিচিপ্ট কটা আৰম্ভ কৰে৷

 

এয়াই পৰিবৰ্তন (Ship of Theseus)

 

বিদ্ৰ:  ওপৰৰ পৰ্যবেক্ষণ তো কেইদিন মান আগতে পাণবজাৰৰ উদীয়মান প্ৰকাশক বন্ধুক কৈছিলো৷ তেও হাঁহিছিল৷ পৰিবৰ্তনৰ গোটেই কাৰবাৰটোত তেও পঢ়ুৱৈ ব্যৱসায়ৰ সহাৰিৰ প্ৰতি আশাবাদী৷ ইয়ো হয়তো prospective  মানে বটলতো আধা ভৰ্টি নে খালি তেনেধৰণৰ কথা৷ কিন্তু গিলাচতো খালি ভৰ্তিৰ মাজৰ এডাল স্পষ্ট ৰেখা জলজল পটপট হৈ আছে কিন্তু পাণ বজাৰৰ পৰিবৰ্তনৰ এই শৃংখলৰ ৰেখা দাল কত?     

No comments:

Post a Comment