Tuesday 12 April 2016

বসন্ত উচৱ


নিকলাচ ৰৰিকৰৰ বসন্ত উচৱ অপেৰাৰ মঞ্চসজ্যাৰ বাবে কৰা চিত্রশিল্প




সিংহদ্বাৰ উপন্যাসৰ লগত জৰিত অন্ধকাৰ সত্যৰ পৰা পোহৰৰ আন্ধাৰৰ পৰা পোহৰলৈ আহোতে নিকলাচ ৰৰিকৰৰ জীৱন আৰু আদর্শৰ দ্বাৰা প্রভাৱিত হৈছে।আমি নিকলাচ ৰৰিকৰক চিত্রকৰ হিচাপে জানো যদিও তেওৰ আন এটি সফল পৰিচয় মঞ্চসজ্যা সৃজক হিচাপেও আছে।মঞ্চ সজ্যাত  চিত্রকলাৰ  প্রয়োগৰ সম্পৰিক্ষাত ইউৰোপৰ থিয়েতাৰক দৃশ্যাৱলিক তেও এক নতুন ৰূপ দিছিল।
যোৱা শতিকাৰ প্রথম দহকত নিকলাচ ৰৰিকৰ ইতিমধ্যেই ৰুচিয়াৰ অগ্রজ আৰু প্রভাৱশালী চিত্রশিল্পী হিচাপে প্রতিস্থিত আছিল।পৰিবর্তনশীল ৰুচিয়াৰ ৰাজনৈতিক অমিলমিলৰ বাবে তেও ৰুচিয়া এৰাৰ সিদ্ধান্ত লয়।ৰুচিয়াৰ বাহিৰত শিল্পী হিচাপে প্রথম কাম হাতত লৈছিল থিয়েতাৰৰ মঞ্চসজ্যা।আৰু কিছুদিনৰ ভিতৰতেই থিয়েতাৰৰ দৃশ্যপটত এক বিপ্লৱৰ সূচনা কৰে।
Rites of spring ৰুচিয়াৰ সঙ্গীতজ্ঞ Igor Stravinsky অমৰ সৃষ্টি আৰু অপূর্ব মঞ্চসজ্যাৰে অপেৰা হিচাপে ইউৰোপৰ ভিন্ন মঞ্চত উপস্থাপন কৰাৰ পিছত নাটকখনে অভুতপুর্ব সাফল্যৰ লভিবলৈ সক্ষম হৈছিল।
Rites of spring ৰ সঙ্গীতৰ একাংশ সিংহদ্বাৰৰ প্রচাৰ ভিডিওতো ব্যবহাৰ হৈছে।
ভিডিওটো চাবলৈ ওপৰৰ সংযোগ সূত্রত ক্লিক কৰক : সিংহদ্বাৰ ভিডিও।

No comments:

Post a Comment