Thursday 26 December 2013

ক্ষুদ্র গল্প ২




ফৰমুটিত সৰিছিল পনিয়ল,বগৰি,কলা জামু।বাৰী বোৰ এতিয়া কংক্রিতৰ অৰণ্য।ফৰমুটিত কেতিয়াবা  পৰে গ্রেনেড,আৰু সৰে জীৱন।
__________________
লুডুৰ বর্ডত সাপ আৰু জখলা,অলপ খেলি গম পালো খেলটোৰ নাম ভাৰতীয় টকা বণাম মার্কিন ডলাৰ।
__________________
তেওঁ বুজালে নোট পেড,আইপেডত পঢ়িবা কিতাপ,খৰছো কম,কঢ়িয়াবলৈও সুবিধা মই কলো সি জানো দিব পাৰে কিতাপৰ স্পর্শ,কিতাপৰ গোন্ধ?
_____________
সৰুকালিৰ চোৰ পুলিচ খেল।মই পুলিচ,বিচাৰিব লাগে চোৰ।গোটেই এলেকাতে বিচাৰি নাপালো লগৰ চোৰ জনক।পিচদিনা গম পালো সি আছিল ঘৰত, কৰি হমৱর্ক
___________
মিৰটত মম বিচাৰি পালো  মাথো fried ,দোচা বিচাৰি পালো চাওমিন দোচা,কাবাৱ বিচাৰি পালো চয়াবিন চিখ কাবাৱ। পিছদিনা আছিল নিৰামিশ খোৱাৰ পাল।ভাবিলো  veg chicken বিচাৰো নেকি?
______________________
কোমল ৰদৰ দলিচাত ঘাহ বন বোৰ সজীৱ হৈ উঠিছিলতাক চাই আছিল ছাগলী টোই ,আৰু পাঠাটোক মই ,আজৱ এই শক্তিৰ বৃত্ত  চাৱনিৰ চক্র।
_________


যোৱাবাৰ দেৱালিত জান্দি মুন্ডা খেলোতে পুলিচে ধৰিলে,খাৰ পাপাৰাজীয়ে নাম দিলে জুৱাৰী ।এইবাৰ দালাল ষ্ট্রীত (মুম্বাইত) ,ষ্টকৰ খেল খেলোতে সিহঁতেই নাম দিলে  দেশপ্রেমী
___________
মাটি খান্ডোতে ওলাল এটি মৃতদেহ,হয়তো কোনো শ্বহীদৰ।চিনাক্তকৰণৰ বাবে আহে বিদ্রোহী,আৰক্ষী আৰু সকলো জনগোষ্ঠীৰ জনতা।
_______________
                                          
চিন্তাৰ উৎসৱৰ পিচত চিন্তাৰ উদ্রেগজাগি উঠে তৰুণ তৰুণীৰ তেজ! Tehelka
_________
সংক্রমণৰ ভয়ত মানুহ এলাগী, কিজানি এলাগী এন্টিবায়টিক আক্রান্ত জীৱাণু।বিচাৰক ডাৰউইনৰ হাঁহি কলে যাৰে বল তাৰে চল।
__________
                           

1 comment:

  1. মই সুধিছিলো দেবতাৰ মন্দিৰৰ বাট কেনি? তাই আগবঢ়াই দিলে চকুলোৰে সেমেকা হাতখনি । হিৰুদা হিৰুদাৰ কবিতা ,কিজানি ক্ষুদ্র গল্পৰ ভ্রুণবোৰৰ প্রাৰম্ভিক প্রেৰণা

    ReplyDelete