Sunday 1 December 2013

ক্ষুদ্র গল্প ১




নিজৰ চৌহদতেই খোজ কাঢ়োতে চকিদাৰে ধৰে 'কৰ মানুহ কলৈ যাৱ? আগদিনা খন গাড়ীৰে আহিছিলো সি চালাম দি কৈছিল 'সুপ্রভাত মহাশয়'।
___________


আন্দোলনৰ গতি লেহেমীয়া,পুৱাৰ পৰা সিহঁতে আছে হামিয়াই হিকঁতিয়াইআহিল টিভি
চেনেলবোৰ-নৈশ বাতৰি   মুখ্য খৱৰ আন্দোলনত উত্তাল ধৰণী 
___________

নাচিব নাজানো ,নৃত্য শিক্ষকে কলে ভৰিৰে ভাও দিয়া মোহৰা ধুম্রদন্ডিকা ,দুয়ু হাতেৰে দিয়া ভাও গামোচাৰে পিথি মচাৰ হৈ গল নাচ
________________
ইউ পিৰ ইউ টার্ণত মোৰ বাহনক খালে চুমা, পিচত গালি চিগনেল দিব নোৱাৰা? কলো ইন্দিকেটৰ জলিআছে চোন,উত্তৰ তোৰ হাত খন নাই নেকি?
_______________
সান্ধ্য ভ্রমণৰ সমস্যা :আগতে ভয় শিক্ষক পাও বুলি বাটত ,আজিকালি ভয় চাত্র,ছাত্রী পাও নেকি বাটত
_____________
সময় ধৰি ৰখা মেচিনটো চলাই বাহিৰলৈ চাই আছিলো।এজন আহিল, মোলৈ চাই কলে বা: কি সুন্দৰ চিত্রকর্ম !
_______________
গোমোঠা বৰবাবুক কামটোৰ বাবে অনুৰোধ তিনিমাহ ধৰি।আজি মোক দেখিয়েই ভেকাহি কি লাগে? কলো নিষ্ঠুৰ জীৱনৰ সংগ্রামত বিচাৰো মৰমৰ মাত এষাৰ
______________


লা গুৰু মানে ব্লেক কাও সৰুতে শুনা। দুখ লাগিছিল,আজি বাতৰিত পালো ৬০% ইংৰাজ ন প্রজন্মই নাজানে হেমলেতৰ ৰচক কোন বেয়া কথা কিন্তু ভাল লাগিল।
________

ভৱাওটো এটা কাম ,যদি পালো হয় এটা চাকৰি ভবাৰ কৰণে আৰু মাহলি ৬টা অঙ্কৰ দৰমহা!
_____________
টিভি ধাৰবাহিক চাই,বাতৰি পঢ়ি ভাবো মানুহবোৰ ইমান বেয়া।আজি হঠাতে মনত পৰিল ময়োতো মানুহ !

1 comment:

  1. Bhupen Hazarika recognized the power of small thing long long back ,much before twitter ,sms or other thing took over also read :
    http://bhaskarthakuria.blogspot.in/2012/11/blog-post.html

    ReplyDelete