Wednesday 16 February 2022

এজন ডাক্তৰৰ কাহিনী


৭০ৰ দশকত আজিৰ দিনতোত (১৬ ফেব্ৰুৱাৰী) ঘটা এটি সাধাৰণ কাহিনী

ছবি- কাহিনীৰ চিকিৎসকজন (ডা বসন্ত ঠাকুৰীয়াৰ )নাতিয়েক প্ৰত্যুষ ঠাকুৰীয়াই ঘৰত সংগ্ৰীহ এখন তৈলচিত্ৰৰ কাথকলমেৰে অংকনৰ প্ৰয়াষ


সেই সময়ত ভাৰতত জৰুৰী কালীন অৱস্থা ছলি আছিল বাবে সম্ভৱত প্ৰচাৰ মাধ্যম বা চৰকাৰী চাকৰিয়াল সকলে ৰাজহুৱাকৈ কি ক’ও নি নক’ও তেনে ভাবত আছিল কিজানি ৷ আনহাতে সেই সময়তে small pox (বৰ-আই) নামৰ ভাইৰাছ বিধ সমূলঞ্চে ধ্বংস কৰাৰ পণ লৈছিল গোতেই পৃথিৱীয়ে মিলি৷ অসমত হাজাৰ-হাজাৰ বাংলাদেশৰ শৰণাৰ্থীয়ে এক অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা বাবে ভাইৰাচটো যাওঁ-যাওঁ কৈও এটা দুটা বৰ-আই আক্ৰান্ত শিশু ওলাই আছিল আৰু আজিৰ দৰেই ক’ৰবাত তেনে এজন ৰোগী ওলালেই প্ৰশাসনৰ ফালৰ পৰা হৈ ছৈ সৃষ্টি হৈছিল আনকি দুদিন মানতেই WHO ৰ ফালৰ পৰা বগা চাহাব আহি অসমৰ পাণ্ডৱ বৰ্জিত স্থললৈ স্থানীয় চিকিৎসকৰ লগত ধাৱমান হৈছিল৷ স্থানীয় চিকিৎসকক সেই সময়ত মানুহে বিশ্বাসো কৰিছিল, সন্মানো কৰিছিল ,আৰু এটা বৃহত্ এলেকাত এজন চিকিৎসকে সসন্মানে সেৱা কৰি গৈছিল৷ তেতিয়া মল, ইংৰাজী মাধ্যম , আদিৰ দৰে মহানগৰীয়া বেমাৰবোৰো নাছিল বাবে মফচলীয়া চহৰবোৰতেই বা সৰু গাঁওবোৰতো চিকিৎসক প্ৰশাসনিক বিষয়া ,অভিযন্তা সকলো হিন মান্যতা নোহোৱাকৈ বাস কৰাতো সাধাৰণ কথা আছিল৷
তেনে এক চহৰ আছিল ৰঙিয়া ,আৰু মই ক’ব খোজা চিকিৎসকজনক সকলোৱে ঠাকুৰীয়া ডাক্তৰ বুলি জানিছিল৷ ৰঙিয়া আৰু দাঁতিকাষৰীয়া (মানে আজিৰ গোতেই মহকুমাতো বুলিবই পাৰি) একমাত্ৰ চিকিৎসক৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সময়ত উপস্থিত থকাৰ উপৰিও দিনে ৰাতিয়ে ঘৰৰ দুৱাৰত খতখতায়েই থাকে৷ কেতিয়াবা দুৰ দূৰণিৰ পৰা ডাক্তৰ বাবুক নিব আহে ৰোগী আহিব নোৱাৰে বাবে৷ এম্বুলেঞ্চৰ কথাই নাহে , ৰাস্তা পদুলিও ভাল নহয় ,মানুহে গৰু গাৰী , ৰিক্সা আদিৰে হয় ডাক্তৰৰ ওচৰলৈ আহে নহ’লে ডাক্তৰক মাতি লৈ যায়৷ ডাক্তৰে ঘৰলৈ আহি চেলাইন, বেজী আদি দি ৰোগীক ভাল কৰাতো অসমৰ জনজীৱনৰ ইমানেই সাধাৰণ ঘটনা যে বহু অসমীয়া চলচিত্ৰ কাহিনী ভাগতো তেনে ঘটনা প্ৰায়েই দেখা গৈছিল৷ চোৰ ডকাইতৰ অত ত’ত ভয় আছিল যদিও সেই কথা ঠাকুৰীয়া ডাক্তৰৰ লগত প্ৰযোজ্য নহয় , তেওঁৰ মটৰ চাইকেলৰ শব্দৰ লগত গোটেই চহৰখনেই পৰিচিত৷
ধুক-ধুক শব্দ কৰি দিনে নিশাই তাৰ অবাধ বিচৰণ , কেতিয়াবা-কেতিয়াবা ৰাতি বেলি ওলাই গৈ মানুহজন পিছদিনা দুপৰীয়াহে আহি পায় , সেইবোৰ সাধাৰণ ঘটনা৷
তেনে সময়ৰ ঘটনা -ফাগুন মাহৰ প্ৰথম সপ্তাহ – সদায়ৰ দৰেই সেইদিনা খনো এজন মুমূৰ্ষ ৰোগীক বচাবলৈ ডাক্তৰজনৰ ঘৰলৈ এদল মানুহ আহিল , (দেউতাক?) যাওঁ-যাওঁ অবস্থা যেনে তেনে ঠাকুৰীয়া ডাক্তৰে আহিব লাগে ৷
“ মই আজি যাব নোৱাৰোঁ , মোৰ এই মাত্ৰ লৰা এটা হৈছে , মাক আৰু পুতেকক চাব লাগিব ৷
সেই সময়ত institutional delivery ৰ কথা তেনেকৈ নহৈছিল ৷ তাতে চিকিৎসকৰ ঘৰ,তৃতীয় সন্তান , ঘৰতে এটি পুত্ৰ সন্তানৰ জন্ম হল , আৰু কথাতো লৈ ঘৰখনৰ কোনো সিমান সুখী নহয় কিজানি ৷ আগৰ দুজনো লৰা , গতিকে সকলোৱে এজনী কন্যা সন্তানৰ বাবে বৰ আশা কৰিছিল, গতিকে লৰা হোৱাৰ বাবে সকলোৰে মনতো নিশ্চয়েই বেয়া৷ তাতে ইমান দায়িত্ব, লৰা দুটা ইফাল সিফাল দৌৰ দি আছে ,মাক আৰু নৱজাতক বিচনাত , ঘৰত আন মানুহো কোনো নাই
আনহাতে ৰোগীৰ সম্পৰ্কীয় সকল বহাৰ প’ৰা নুঠে -কিবা এটা কৰি হলেও আহক আৰু ডাক্তৰ বাবু ৷
তেতিয়া ডাক্তৰক লপা-থপা দিয়া কাৰবাৰতো নচলিছিল , আলহী বহি আছে , নৱজাতকে কে কেয়াই কান্দি আছে আৰু আলহী মানে ৰোগীৰ আত্মীয়সকল নুথেহে নুথে
ঠিক আছে বুলি ডাক্তৰজনে চিকিৎসালয়ৰ নাৰ্চ এগৰাকীক অনুৰোধ কৰিলে যে আপুনি মাক আৰু লৰাক কেইঘণ্টামান ছাই দিয়ক আৰু মই ওলাই ৰোগীজন চাই আহোঁ,
ডাক্তৰ চাহাব মটৰচাইকেল লৈ ৰোগীৰ ঘৰলৈ বুলি ওলাল যে ওলালেই -দোভাগ ৰাতিলৈ খা খবৰ নাই ৷
ৰাতি ঘুৰি আহিল -ৰোগীজনৰ কি হল , কোন আছিল সেইবোৰ কালৰ গৰ্ভত নোহোৱা হৈ পৰিল৷ আনকি সেই দিনাখন যে তেনে এটা ঘটনা হৈছিল তাক সকলোৱে পাহৰিলে৷
সময় আগবাঢ়িল – তাৰ কেইবছৰমান পিছতেই ডাক্তৰজন এক দুৰাৰোগ্য ৰোগত ভুগি ঢুকাল, সেয়া এক অন্য কাহিনী ৷
ডাক্তৰজনৰ বিষয়ে এনে বহু কথা এতিয়াও উদ্ঘাটন হৈ থাকে - ৰাইজৰ স্মৃতিপটতৰ পৰা৷ কিন্তু সময় বৰ দ্ৰুত গতিত আগবাঢ়িল ৷ নতুন নতুন ঘটনাৰাজিক মনত ৰাখিবলৈয়েই কিজানি স্মৈতিয়ে পুৰণি বহুকথা পাহৰিলৈ মগজুক প্ৰশিক্ষন দিয়ে, লাহে লাহে পাহৰিব ধৰে পুৰ্বৰ প্ৰতিবেশী, বন্ধু, সহপাঠী ,শিক্ষক আদি বহুতৰে কথা ৷ এই ঘটনাতোও বিস্মৃতিত বিলীন হব খোজোঁতেই ঘটনাতো ঘটাৰ প্ৰায় ৪৫ বছৰ পিচত ঠাকুৰীয়া ডাক্তৰৰ পত্নীয়ে সেইদিনাৰ ৰোগীৰ আত্মীয় সকলক লগ পালে এখন কুটুমৰ বিয়াত৷ চিনাকি পৰিচয় হোৱাত নামৰ আদান প্ৰদান হ’ল আৰু তেওলোকে গম পোৱাত - ঠাকুৰীয়া ডাক্তৰৰ নাম শুনিয়েই তেওঁলোকৰ মুখ উজ্জল হৈ উঠিল
“ঠাকুৰীয়া ডাক্তৰৰ পত্নী ?
তেওঁলোকে সেই ঘটনাতো উনুকিয়ালে ৷ বিয়াৰ ঘৰৰ সকলোকে চিনাকি কৰাই সেই ঘটনাৰ ৰোমন্থন কৰিলে -কেনেকৈ তেও নিজৰ সদ্যোজাত সন্তান এৰি তেওৰ ঘৰৰ মুমূৰ্ষ ৰোগীৰ জীৱন বচাইছিল , তাৰ বাবে তেওঁলোক কৃতজ্ঞতা বাৰে-বাৰে জনালে৷ নিষ্ঠাবান চিকিৎসকজন কম বয়সতে সৰু লৰা তিনিটাক এৰি মৃত্যু হোৱা বাবে দুখ প্ৰকাশ কৰিলে , আলঙে-আলঙে তেওঁলোকে খবৰ ৰাখিছিল যে লৰাকেইজনে কালক্ৰমত নিজৰ ভৰিৰ ওপৰত থিয় দিয়া খবৰতো তেওঁলোকৰ জ্ঞাত যদিও সকলো খবৰ ভালকৈ নাপায়৷ নোপোৱাৰো কথা, দুকুৰি পাচ বছৰ কম সময় নহয় ৷
সেইদিনা জন্ম হোৱা লৰাজনে কি কৰে এতিয়া ? আগ্ৰহেৰে সুধিলে
: সি (ৰাইজৰ বিপুল দাবী মানি ) চিকিৎসকেই হল , এতিয়া পাটনাত কাম কৰে
সেই নৱজাতকজন কোন আছিল ধৰিব পাৰিছেই ছাগে ?
দুইদিনমান আগতহে এই বিশেষ বিবৰণ গম পাই নৱজাতক জন গৌৰাবন্নিতও হল জনালে, আনন্দও লাভ কৰিলে




No comments:

Post a Comment