Saturday, 30 June 2012

জীৱনৰ সূত্র




যদি কিবা এটা বস্তু তুমি আন্তৰেৰে বিছৰা সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।
এই বাক্যশাৰী হয়তো কৰবাত নহয় কৰাবাত আপোনালোকে শুনিছে।হয়  সাহৰুক খানৰ মুখত উর্ডু শ্বায়েৰীৰ ৰুপত (ওম শান্তি ওম)  নহলে নাশ্বিৰুদ্দিন শ্বাহৰ মুখত এটি সাধাৰন চিনেমাৰ বছনৰ ৰুপত  ( ইকবাল) ;কিন্তু পঢ়ুৱৈ সকলে কিজানি ধৰিব পাৰিছে এয়া পাওলো কোৱেলহোৰ বিখ্যাত এলকেমিষ্ট উপন্যাস খনৰ পৰা তুলি দিয়া উধৃতি । কৰবাত নহয় কৰবাত পৃথিৱীৰ বেছিভাগ মানুহেই  এই বিখ্যাত কথাফাকি শুনি্ছে ,ব্যবহাৰ কৰিছে আৰু তাৰে  কিছুমানে হয়তো মনতো ৰাখিছে আৰু কিছুৱে পাহৰিছে।।দর্শনৰ মানুহে হয়টো কব দর্শনত এই বাক্যশাৰী  বহুদিনৰে পৰা এটা সর্বজন বিনীত সত্য (laws of attraction )-পাউলো কোৱেইলহোই একো নতুন কথা আবিস্কাৰ কৰা নাই।অৱশ্যে আজি আমি এই সুত্রটোৰ উৎস কি তাক বিচাৰ কৰিব যোৱা নাই কাৰণ আমি জানোই পৃথিবিখনত নতুন বুলিবলৈ কোনো সুত্র নাই যদি আছে কিছুমান নিৰন্তৰ শৃঙ্খলৰ পুনৰআবৃত্তি  বেলেগ বেলেগ ৰুপত। তাৰে কিচুমান পুনৰআবৃত্তি হয় স্বাধীন চিন্তাৰ উৎসৰ পৰা ,যেনে পাউলো কোৱালহোৰ সুত্র আৰু কিজানিবা দর্শন/পৰিসংখ্যাৰ laws of attraction ৰ এনে সাদৃশ্য  আৰু কিছুমানৰ সৃস্টি হয় অনুমতিহীন নকল কৰাৰ পৰা ।
আমাৰ মনৰ ভিতৰত ইতিবাচক আৰু নেতিবাচক দুয়ুজন মহাপুৰুষ বহি আছে। আশাবাদী মনতোই বিছাৰে উক্ত কথাশাৰী ধ্রুবসত্য হওক  আৰু মাথো প্রচুৰ আত্মবিশ্বাস আৰু কষ্টৰে যদি আমি নিজৰ লক্ষস্থানলৈ আগবাঢ়ো এদিন নহয় এদিন সেই লক্ষস্থানত উপনিত হমেই। 
কিন্তু দৈনন্দিন কামত প্রায়ে আমাৰ ওপৰৰ বাক্যশাৰীৰ ওলোটাতোহে সচা হয় যেন লাগে ।মানে - যদি কিবা এটা বস্তু তুমি আন্তৰেৰে বিছৰা সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।যেনে ধৰক আপুনি লিখিব বিছাৰিছে কলমটো বিছাৰি পোৱা নাই ,আপুনি ই মেইল এখন খুলিব লাগে ,ইন্টাৰনেটৰ লগত সংলগ্ণ হব পৰা নাই  ,কাৰোবাক বহু জৰুৰী কথা এটা সুধিব ফোন কৰিছে :তেও ফোন উঠোৱা নাই কাৰণ তেও আফিচত আছে, নহলে গঢ়ি চলাই আছে...মুঠতে যেতিয়া আপোনাৰ কামটো কৰাৰ মন  সম্পুর্ণৰুপে শেষ হব,মনত ঠিক কৰি লব যে আপুনি আৰু কামটো নকৰে  তেতিয়াহে আপোনা আপুনি ওলাই আহিব আপোনাৰ কলমটো ,ইন্টাৰেট যোগাযোগ ,বা তেতিয়া বাজিব ফোনত নোপোৱা বন্ধুৰ ফোন চৰি ভাই মিটিঙত আছিলো  কিয় ফোন কৰিছিলানো তেতিয়া ? মুঠতে আপোনাৰ সেই কামটো কৰা নহল।ইমানবোৰ দৈনন্দিন প্রমাণ থকাৰ পিচতো মই কেনেকে বিশ্বাস কৰিম যে পথিৱীয়ে মোৰ পক্ষে ষৰযন্ত্র কৰিছে নে মোৰ বিপক্ষে ?
তেতিয়া আমি দোষো মার্ফি চাহিবক ।আলোচনাটোৰ প্রথমশাৰী যেনেকৈ কোৱেলহোৰ ইতিবাচক বিখ্যাৎ বাক্য তেনেকৈয়েই মার্ফি হৈছে মোৰ দৰে নেতিবাছক সকলৰ গুৰু ।মার্ফিৰ সুত্রই  কয়  যদি কিবা নহব লগা আছে নহবই
নহলে গীতাৰ উদ্ধৃতিও নেতিবাছক হিচাপে লৈ কও যে মই একো কৰা নাই মই একো নকৰো , যি লিখা আছে সেয়া হবই আইতাও কৈছিল কপালৰ লিখন বাচা .....গতিকে একো কৰিব নালাগে ৰাতি হলে পানীটোপা খাই শুই থাকিলে হল - কাম কৰি ,আশা কৰি  একো লাভ নাই ?ভাগ্যত যি লিখা আছিল সেয়াতো হবই।
এয়াই দর্শনৰ  ওভতগোৰ(paradox) সময় সুবিধা পৰিস্থিতি অনুসৰি এক সুচতুৰ ৰাজনীতিবিদৰ দৰে আমি আমাৰ মনৰ স্থিতি সলাও।কাম এটা ভালে ভালে গলে আশাবাদি উধৃতি দিও আৰু যদি নহয় তেতয়া হলে কপাল,গীতা, নহলে মর্ফি চাহাবৰ সুত্রক দোষো।কেতিয়াবা কেতয়াবা আমাৰ অস্পষ্ট স্তিতিক  বিজ্ঞানৰ আপেক্ষিকতাৰ দোহাই  কও :-পৃথিৱীৰ সকলো বস্তু আপেক্ষিক !!!!!!!  গতিকে সত্য একো নাই ,যদি আছে সিও আপেক্ষিক।মানে আজি য সচা কাইলৈ সি কিজানি মিচা বুলিও প্রমানিত হব পাৰে।
হয়তো নির্মোহ ভাবে এনেবোৰ সুত্র বিশ্লেষন কৰিব গলে সিয়েই আমাৰ আগত সাময়িকভাবে (আপেক্ষিক!) সত্য বুলি প্রমানিত হব ।
মানে প্রেম নাই ,জীৱনৰ অর্থ নাই , ভগবান নাই , কোনো কামৰেই একো অর্থ নাই - তেনে এখন অপার্থিৱ সত্তা জানো অতি ভয়ঙ্কৰ নহয় ?তাৰমানে এই যে আশাবাদী শুত্রবোৰ আছে সেইবোৰ চব কেচুৱাক দিয়া ফুচুলনি ?
তেতিয়াই মনলৈ আহে সেই নিৰন্তৰ দ্যার্থতা কি সচা কি মিছা ,কোনটোনো পথ লোৱা উচিত(এই মাজৰ ৰাজনিতীবিদৰ পথেই যদি লৈ থাকো তেনেহলে কতো গৈ যে নাপাও সেয়া ধুৰুপ
            তেনেহলে আমি ই কৰা উচিত? যিহেতু  জীৱনত দিতীয়টো সুবিধা পোৱা অসম্ভব গতিকে প্রথমতে তাৰ উত্তৰ জানিলে ভাল ।কিন্তু তাতেও এটা কথা- আজি যদি ৰিজাল্ট জানোই তেনেহলে পৰীক্ষাৰ উত্তাপ কত থকিব ?গতিকে আমি আগতে তেনে পথ পাৰ হোৱা কোনোবাৰ উদাহৰণ লোৱাৰ বাহিৰে কোনো উপাই নাই।
          এই নেতিবাচক সুত্র বিলাক মানিলে  কি হব পাৰে?
            কিছুমান মানুহ আছে ,অতি প্রতিভাবান কিন্তু লগতে স্বধ্বংসী যেনে ধৰক এই ২৭ বছৰীয়া মৃতকৰদলটো - জীম মৰিচন ,জিমি হেদ্রিক্ষ বা কিচুদিন আগৰ এমি ৱিনহাউচ ।সকলো পিনৰ প্রাচুর্য্যৰ বাহিৰে তেওলোকৰ একোৰেই অভাৱ নছিল ।কিন্তু অতি নেতিবাচক সত্যৰ সন্ধানৰ ফল স্বৰুপে ২৭ বছৰ বয়সতে হয় মদ বা আন কোনো নিসিদ্ধ দ্রব্যৰ নিচাৰ শিখৰত ২৭ৰ দেওনা এজনেইও পাৰ কৰিব নোৱাৰিলে।য উক্ত উদাহৰনকেইতা অতি বিদেশি যেন লাগিছে ? এতিয়া  ধৰক দেশীয় উদাহৰণ দেখুৱাব গৈ খুটাত উঠা উদাহৰন দিব গলে  ব্যক্তিগত আক্রমণ  হৈ পৰিব গতিকে তেনেহলে নিজৰ চুবুৰিতে ডাঙৰ হোৱা সৰু সুৰা নদাই ভাদাইলৈ মনত কৰা আৰম্ভ কৰিলো ।  অলপ বিচাৰিলেই এনে কিচুমান পদুলিৰ উদাহৰণ অসমৰ প্রতিতো গলিতেই আপুনিও বিচাৰি পাব ।মই মোৰ ফালৰ পৰা উদাহৰন দিও ,গোপনীয়াতাৰ স্বার্থত সিহতৰ নাম নদাই আৰু ভদায়েই ৰাখো :-
আজিৰ পৰা এযুগ আগতে অসমৰ পদুলিয়ে পদুলিয়েই কিছুমান দেকালৰাৰ আদ্দা গঢ়ি উঠিছিল।মোৰ চিনাকি নদাই ভদাই দুজনো  এই কামৰ বাবে বিখ্যাত আছিল।আজি  কাৰোবাৰ পইচা টানিলে, কাইলৈ কাৰোবাৰ চুলিত টানিলে,মুঠতে নদাই আৰু ভদাই আহিলেই আঞ্চলটোত ত্রাসৰ সৃষ্টি হোৱা হল ।হয়তো সময় আগবাঢ়াত নদাই ভদাইৰ এজন কৌটিপতিও হৈছিলগৈ ।কিন্তু এতিয়া যদি সিহতি কি কৰিছে চাব যাও আমি দেখিম নদাই ভদাইৰ দৰে বছিভাগেই এতিয়া এই সংসাৰত নাই।আৰু যদি আছেও হয়তো এনেভাবে ভাঙি পৰিছে যে সি একো কামৰ হৈ থকা নাই ।মোৰ চিনাকি নদাই বাছিতো আছে কিন্তু লিভাৰৰ আৰু মধুমেহৰ সমস্যাত  সি এতিয়া একো খাৱ নোৱাৰে ।সেই নদায়েই এসময়ত কচাইৰ পঠা এটা দাঙি আনি অকলে তাৰ সিংহভাগ খাইছিল। আৰু দেশি মদ ,বিদেশি মদ ,শিৱবাবাৰ প্রসাদ সকলো একেলগে গোগ্রাসে খাৱ পাৰিছিল।এতিয়া সেই নাদায়ে পুৱা উঠি প্রানয়াম কৰে তাৰ পিচত পুতেকক স্কুলত থবলৈ যাব খোজে কিন্তু পুতেক জীয়েকে সি গলে বেয়া পায় ,বাপেকটো মদার্ণ নহয় বাবে ........আৰু ভদাই সি কত আছে ,কি কৰিছে কোনো নাজানে ,কোনোৱে কয় কার্বি আঙলঙৰ স্কুল এখনত পঢ়াই ,কোনোৱে কয় দিল্লীৰ কালাবাজাৰত কলা বেপাৰ কৰোতে কোনোবাই তাক চুৰি মাৰি জমুনা নদীত ওলাই দিলে।এতিয়া যিখন বজাৰত নদাই ,ভদাইৰ নাম শুনিলে সকলোৱে ভয়ত উঠি দিছিল সেই বজাৰত ,সেই চুবুৰীত সিহতৰ বিষয়ে আজিকালি বেছিভাগে একোই নাজানে ।এযুগ পিচত নেতিবাচক বাটৰ ৰজা মহাৰাজা সকল কোনো অস্তিত্তই নোহৱা হৈ পৰিল ।

এই ইতিবাচক সুত্র বিলাক মানিলে কি হব পাৰে?
তেতিয়াহলে  ইতিবাচক দিশত আগবঢ়া মানুহৰ উদাহৰণ  বিচাৰো যি বিশ্বাস কৰি আহিছে যদি কিবা এটা বস্তু তুমি আন্তৰেৰে বিছৰা সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।
আমি সাধাৰনতে চেলিব্রিতী সকলক সফলতাৰ উদাহৰণ বুলি ধৰি ল্‌ব খোজো কাৰণ মাজে মাজে এনে লাগে এজন সাধাৰন মানুহে বিচৰা সকলো এজন চেলিব্রিটিৰ আছে ।কিন্তু বেছি ভবাৰ দৰকাৰেই নাই যিকোনো চেলিব্রিতীৰ ব্যক্তিগত জীৱনটোলৈ চাও ভয় লগিব ধৰে ।কোনোবা ড্রাগ আসক্ত ,কাৰোবাৰ হয়তো বাৰে বাৰে নার্ভাছ ব্রেকডাইন হয় ,আৰু বহুজনৰেই মৃত্যু  অতি ভয় লগা বা অকলশৰীয়া  অবস্থাতহয়টো তেওলোকে জীৱনত লগাতকৈ অধিক পায় আৰু সেয়া ধৰিৰখাৰ প্রচেষ্টাতেই পিচৰ জীৱনচোৱা এনেভাবে এটি ভয়লগা জীৱন জাপন কৰিব লগা হয়এয়াটো দুৰনীৰ ৰঙ...কাষ গৈ পালে দেখা পাও সকলো খেলি মেলি?
আমিবোৰ চিৰ অসোন্তোষীয়া -এইটো নাই ,সেইটো নাই , ই মোক মাৰিছে ,সি মোক টানিছে তাকে ভাবি ভাবি নিজৰ ৰাক্তস্বাপ আৰু মধুমেহৰ বাহিৰে আন কাৰো একো উপকাৰ কাৰা নাই।তেনেহলে এইধৰাত ইতিবাচক সুত্র মানি আছেনে কোনোৱে? তেনেবোৰ কথা ভাবিয়েই এদিন গধুলি খোজ কাৰি আছিলো কর্মভুমি উত্তৰাখন্ডৰ সমভুমিত ;সমুখত শাৰিপাতি  হিমালয়ৰ পর্বতৰাজি  ।মই খোজকাঢ়িথকা বাটতোৰে তিনিশ কিলোমিটাৰ আগুৱাই গলে পায় বদ্রীনাথ ,আৰু ধর্মপুঠীমতে তাৰপৰা আৰু আলপআগুৱাই গলে পায় স্বর্গ ।পঞ্চপান্ডৱে সেইবাটেৰেই  আগুৱাই পাইছিল বৈকুন্ঠধাম ।তেনেতে বাটত  লগ পালো জ্যোতিক । জ্যোতি মই কাম কৰি থকা বিশ্ববিদ্যালয়খনৰ এজন সাধাৰন চকিদাৰ।তাৰ কাম হল শ্রেণী আৰম্ভ হোৱাৰ আগে আগে মাইক , এল চি ডি প্রজেক্টৰ আদি  চলোৱা।উত্তৰাখন্ডৰ হাড কপোৱা শীতৰ আন্ধাৰ আতৰাৰ আগতেই সি শ্রেনীকোঠা খুলি শিক্ষক আহাৰ লগে লগে হাহিমুখে কয় :নমস্কাৰ চাৰ মে মাহৰ দুপৰীয়া  দুইবাজাটো যেতিয়া আন সকলোৱে মধ্যান্য ভোজনৰ বিৰতি লৈ থাকে আৰু বাহিৰত জুইহেন বতাহ  চলি থাকোতেও জ্যোতিৰ মুখত সেই একেই হাহি দেখা পাও আৰু সি একেই উদ্যমেৰে কয়  - নমস্কাৰ চাৰ। সেইদিনা গধুলি বাটত লগ  পাও্তেও তাৰ মুখত সেই একেই হাহি,  একেই নমস্কাৰ।লগতে সি কলে আহক চাৰ চাহ খাই যাওক বুলি ঘৰটো দেখালে :-আটোম টোকাৰি ঘৰ এটা ,বিজুলি ব্যাব্স্থা বা  আন সকোলো দৈনন্দিন জীৱনত লগা সা সুবিধা ঘৰটোত আছে ।পিচফালে বহুবিঘা মাটি তাত কুহিয়াৰ ,ঘেহু আদি খেতি কৰে  ,এবিঘা বেছিলেই কমেও বিচ লাখ পাব ,কিন্তু জ্যোতিয়ে নেবেছে।সি  নিজৰ মাটিত ৰিজর্ট হোৱাতকৈ নিজহাতে খেতি কৰাতহে বিশ্বাসী।
তেনেহলে আপুনি  এইটো চাকৰি কিয় কৰি আছে,সকলো আছেই দেখোন ? মই সুধিছিলো
কাম কৰাটো ডাঙৰ কথা চাৰ .এই মাটি বেছি দুবছৰ আৰাম কৰি থাকিম তাৰপিচত কি হব ,লৰা ছোৱালীয়ে মদ ভাঙত ধৰিব ,পইচা শেষ হোৱাৰ পিচত কি কৰিম ? গতিকে মই লৰা ছোৱালীক নিজৰ কষ্টৰ পইচাৰে পঢ়ুৱাইছো ,খেতিবাটিও শিকাইছো যাতে ডাঙৰ হৈ নিজৰ ইচ্ছা আৰু সমর্থ্য মতে যি মন যায় কৰিব ,বাকি ভগবানে ছব দিচেই দেখোন ।তাৱবাবে ভগবানৰ ওছৰত মই  চিৰকৃতজ্ঞ। ।মই বেচি পঢ়া শুনাও কৰা কিন্তু যি পাইছো তাতে সুখি..।যিখিনি নাই সেইখিনি পাবলৈ কষ্ট কৰি আছো ।
আছল সুখী জ্যোটিৰ নিচিনা মানুহবোৰেই - মই মোৰ মনৰ কথা লগৰ এজনক কলো  মুৰ নাই ,মুৰৰ বিষো নিাই।এতিয়া তাৰটো ইনকাম টেক্‌ছৰ চিন্তা নাই লগৰ জনে মোৰ সুত্রটো লগালগ অগ্রাহ্য কৰিলে কিন্তু সেইটো কথা নহয় জ্যোতিৰ সপোনো আছে পুতেক জীয়েকক প্রাইভেট স্কুলত পঢ়াই কিবা এটা কৰোৱা , খেতি আদিৰ পইচা জমা কৰি আইৱেত ডাঙৰকৈ হোটেল এখন  গতিকে তাৰ মুৰৰ বিষ নিশ্ছয় আছে কিন্তু আমাৰ দৰে মানুহবোৰৰ লগত তুলনা কৰিলে জ্যোটিৰ এইকেইটা বস্ত নাই যেন লাগিল লাগিল মধুমেহ ,ৰক্টস্বাপ আৰু হিনমান্যতা ,.....।
_______________
উক্ত কথাফাকি লিখি উঠি মই মোক বহুদিনৰ পৰা আমনি কৰি থকা প্রশ্নৰ উত্তৰ পোৱা বাবে সকাহ পোৱা  যেন লাগিছিল আৰাম কৰাৰ আগতেই মনৰ মাজৰ বিদ্রোহী বাবাই উলস্থুল লগোৱা আৰম্ভ কৰিয়েই দিলে - তোমাৰ অনুসিন্ধাম্তত ইতিবাচক  সুত্র বিলাক মানি চলিলে  শেষলৈ কি হব পাৰে তাৰ উত্তৰটোতো নাপালো ,ধৰা হল জ্যোটিৰ হোটেলখন এসময়ত খুলিলে সি কৌটিটকীয়া  মানুহ হল তাৰপিচত? চেলিব্রিটি সকলৰ দৰেই সপোন দিঠকত পৰিনত হোৱাৰ পিচত তাক ধৰি ৰখাৰ সমস্যাত স্বধংসী যাত্রা আৰম্ভ হব নেকি ?
সচা কথা সুত্রৰ বিৰুদ্ধে অতি  উত্তম যুক্তি।কিন্তু ইতিবাচক পৰিমন্ডলৰেই প্রভাব নে কি নাজানো  মোৰ মূকেৰে ওলাই আহিল -ইয়াত শেষত কি হব সেই কথা  নাহে  destiny can never be full stop মোৰ বন্ধু ই  নিৰন্তৰ চলিথকা বস্তু যিদিনাই তুমি তাক এৰিবা সিয়ো তোমাক এৰিব ।গতিকে কোনটো পথ লোৱা সেইতো তোমাৰ কথা।

  প্রকাশ : আমাৰ অসম ।
১ জুলাই ,২০১২ ,ৰবিবাৰ ,পৃষ্ঠা:৬

Friday, 13 April 2012

জীৱনৰ বিজ্ঞান - বাটাৰফ্লাই এফেক্ট




নিউটনৰ প্রথম সুত্রটো মনত আছে নে ? প্রতিতো চলন্ত বস্তুই চলি থাকিব বিছাৰে আৰু গতিশিল সত্তা্ই  গতিত থাকিব বিছাৰে ।যেতিয়ালৈ বাহিৰৰ কোনোবাই তাক দকা হকা দি তাৰ স্ধিতাবস্থা সলনি কৰিবলে সামর্থ নহয়। সেয়াই জতা।
জীৱনো বিজ্ঞানেই।পদার্থ বিজ্ঞানৰ বিজ্ঞানৰ প্রতিতো সুত্রৰ আৰতে বিচাৰিব জানিলে আমি পাও জীৱনৰ নির্মোহ দর্শণ।  জীবনৰ পৰিঘটনাবোৰ সুত্রৰ সীমাত পৰিসীমাৰে আমি নিশ্চয় বান্ধি ৰাখিব নোৱাৰো।কিন্তু  যদি পদার্থ বিজ্ঞানৰ উপপাদ্যবোৰৰ চলকবোৰত প্রকৃত জীবনৰ উপমাৰে ৰিজাও (যেনে ধৰক জীৱন=E ,m= সত্তা  c= পৰিবর্তনশিলতা)  সেই উপপাদ্যবোৰ হৈ পৰিব নির্মোহ সত্য (অহ ঠিক সত্য নহয় ,সত্যৰ দৰে কিয়নো পৃথিৱীৰ সকলো বস্তু আপেক্ষিক)।
  পদার্থ বিজ্ঞানতেই  অস্তিত্তৰ অসহনীয় প্রশ্ণবোৰৰ উত্তৰ পাব পাৰো নেকি ?
এই যে প্রায়ে আমনি কৰে :মই কোন ,কি লেগে মোক ,কোন মই ,কলৈ আহিছো ,কলৈ যাম ? বা কিয় ?
তেনেতে পদার্থ বিজ্ঞানৰ এটি সুত্রই মোক বাৰুকৈয়েই আকর্ষিত কৰিলে :সুত্রটোই কয়   প্রতিটো ঘটনা এটি শৃংখলৰ অংশ।মানে এই যে ইয়াত পখিলাটো উৰিছে ,তাৰ কম্পনেও সৃষ্টি কৰিব পাৰে এটি ধুমুহা।ইয়েইটো বাটাৰফ্লাই এফেক্ট ।মানে এই কোলাহলভৰা  (Chaos  theory ) পৃথিৱীত সত্যৰ উৎস যদি বিছাৰিব খুজিছো তেনেহলে প্রতিতো ঘটনাৰ আৰত কিবা এটি কাৰণ,প্রতিতো কামৰেই কিবা নহয় কিবা এটি ফলাফল আছে ।বাটাৰফ্লাই এফেক্ট  সহজ ভাষাত বুজাবলৈ এনেকৈয়ে কৈছে বিজ্ঞানীসকলে। (চাওক ভাষা নিউটনৰ সুত্রৰ লগতো মিলে আৰু পুৰাণ ,গীতাৰ শ্লোকৰ লগতো মিলে) ,
দৈনদন্তিন জীৱন ঘটি থকা ঘটনাবোৰো যেনে যি হৈ আছে যেনেকৈ হৈ আছে তেনেকৈয়েই চলি থাকিব ।মৰা জনে বাৰে  বাৰে  মৰি থাকিব , মাৰাোতাই মাৰি থাকিব। কোনো ভাবলেশহীন ।
কিন্তু যেতিয়া আমি সৰু এটা ধনাত্মক পদক্ষেপ লও তাৰপিচত  কৰবাত ,হয়তো আমি গম নোপোৱাকৈয়েই কাৰোবাৰ সজ পৰিবর্তনো হব পাৰে।তাকে আমি বাটাৰফ্লই এফেক্ট বুলিব পাৰো নেকি?
মোৰ এটা গল্প বাটাৰফ্লাই এফেক্টত তাকেই ভবা হৈছে :-আফ্রিকা মহাদেশত হোৱা পখিলাৰ কম্পনৰ প্রভাব ভাৰতত হব পাৰে নে?

Wednesday, 4 April 2012

অতীতক নাজাবা পাহৰি


অসমৰ আকাশৰ নেজাল তৰা




পাচে ১৬৬৯ শকত আশ্বিত পাচদিন যাঁতে আকাশত নেজলগা তৰা ওলাইছিল, অমঙ্গলসুচক ।
 শ্রীনাথ দুৱাৰা বৰবৰুৱা, তুংখুঙ্গীয়া বুৰঞ্জী। (১৬৬৯ শক =১৭৩৮ খৃস্টাব্দ)

ইতিহাসৰ এক আবেদন আছে ।যাৰ বাবে মই বাৰে বাৰে ইতিহাসত বর্তমানৰ সামন্তৰাল ঘটনা বিছাৰি যাও ।
            যেনে ধৰক কামখ্যা মন্দিৰৰ প্রঙ্গণ পালে মই প্রতিবাৰেই ভাবো :-বাকি লোককথা  সচা হওক বা নহওক এয়া সচা কথা যে প্রায় হাজাৰ বছৰ আগতে এই ঠাইত বহি এজন স্থানীয় ৰজাই তলৰ চহৰৰ  পৰা নিলাচলৰ গর্ভত অবস্থিত মন্দিৰলৈ এক বাট বনাইছিল যাৰ চিন এতিয়াও আছে (তাক আমি মেখেলা উজোৱা পথ বুলি জানো) । এয়া সেই মন্দিৰ যত এজন স্থানীয় যোদ্ধা বিদ্রোহী হৈ ধর্মান্তৰন পিচত এই মন্দিৰ ধ্ধংস কৰিব ওলাইছিল  (তেওক আমি কালাপাহাৰ বুলি জানো),এইতো সেয়া মন্দিৰ যত আহোম ৰজা ৰুদ্রসিংহ পশ্চিমীয় পৰা পুৰোহীত আনি ইয়াত স্থাপিত কৰিছিল যি পৰবর্তি সময়ত অসমৰ ৰাজনীতিত এক গভীৰ প্রভাব ৰাখি গল। 
মোৰ নেজাল তৰা শির্ষক গল্প এটাৰ উৎসই হল তুংখুঙিয়া বুৰঞ্জীৰ ওপৰৰ উক্তিটো যত এক নেজাল তৰাৰ আভির্ভাবে দেশৰ ভবিষ্যত অমঙ্গল সুচোৱা বুজাব খুজি্ছে।
সেই সময়ৰ ধাৰভাস্যকাৰ অন্ধবিশ্বাসী বুলি মই নাভাবো কিন্তু যিকোনো দেশপ্রমী বিজ্ঞ পুৰুষৰ দৰেই তেও নিশ্চয় নিজৰ মনৰ ভাব সেই ভবিষ্যবাণীৰে লিপিবদ্ধ কৰিছিল ।

ইতিহাসৰ পাতত দেখা যাব ঐতিহ্যমণ্ডিত আহোম শাসনৰ ঘাইখুটা লৰিবলৈ আৰম্ভ হৈছিল সেই সময়তে।তাৰ পিচতেই আৰম্ভ হয় আমাৰ দুখ লগা ভয়াবহ ইতিহাস :কির্তিচন্দ্র বৰবৰুৱাৰ উঠ্ঠান , ১৭৬৯ প্রথম মোৱামৰিয়া বিদ্রোহ ,১৭৮২ দ্বীতিয় মোৱামৰিয়া বিদ্রোহ যত গঢ়গাওৰ সকলো গৰিমাময় কিতৃস্তম্ভ ধ্ধংস হয়। দেশত আৰাজকতাৰ আৰম্ভনি হয়  ,১৭৮৬ তৃতিয় মোৱামৰিয়া বিদ্রোহ যাক দমন কৰিবলে তিনিটা ভয়াবহ মাণ সেনাৰ আক্রমণ আসমীৰ জাতীয় ইতিহাসৰ  অভিমানত এনে মাধমাৰ সোধায় যে তাৰ পৰা উদ্ধাৰ পাবলৈ জাতীয় চেতনা আজিলৈ সক্ষম হোৱা নাই।
তেনেকুৱা হাজাৰ ঘটন একে ধৰনেৰেই আমাৰ দেশত আজিও হৈ আছে
উদাহৰণ হাজাৰ ওলাব (যেনে ধৰক আমি উক্ত গল্পটোৰ পটভুমিৰ ভুলবোৰ স্বাধীনতা আন্দোলনত দোহাৰিছো তাৰ ভুলবোৰ ভাষা আনদোলনত ,বিদেশী আনদোলনত তাৰ পিচত আলফা/এনদি্ফবি বিদ্রোহ ইত্যাদি ত দো্হাৰিয়েই আছো দোহাৰিয়েই আছো। এনেবোৰ বাৰংবাৰ কৰা ভুলৰ পাহাৰে মাঠো এয়েই সুচাই যে আমি আমাৰ অতীতৰ ভুলবোৰৰ পৰা একো শিকা নাই



নেজাল তৰা -অসমীয়া চুটি গল্প , 
লেখকৰ সংকলন -বিবৰ্তনত অৰ্ন্তভুক্ত 
প্ৰকাশক : পেপিৰাজ ,
প্ৰাপ্তি :পাণবজাৰ পেপিৰাজ ,আমাজন লিঙ্ক: 
  

Monday, 26 March 2012

ঘৰৰ মুর্গী ....


Holy Smokeৰ পষ্টাৰ আজাৰ বিজাৰ কিন্তু  অসমীয়া চিনেমাখনৰ ছৱি পবলে নাই

কিছুদিন আগতে আমি জাতীয় হীনমণ্যতাৰ  কথা আলোচনা কৰি আছিলো ।কথাটো হয় ঘৰৰ মুর্গীৰ ,প্রতিবেশীৰ পত্নী ইত্যাদী দৰে ফকৰা যোজনা কিজানি তাৰবাবেই চলি আছে।
১৯৯৭ চনত এখন অসমীয়া  চিনেমা চাইছিলো মুক্তিলাভ কৰাৰ তিনিদিন নে চাৰিদিনৰ দিনাখন।সকলো দিশৰ পৰা চিনেমাখনৰ পৰিপক্ক উপস্থাপন দেখি চাই উঠিয়েই ব্যক্তিগতভাবে মই অভিভুত হৈছিলো ।আৰু যিহেতু মই বিশ্বাস কৰো যে ভাল চিত্রনাট্য এখন চিনেমাৰ ভেটি স্বৰুপ সেই প্রসংশাৰ সিংহভাগ মই চিত্রনাত্যকাৰক দিছিলো ।কিন্তু অলপ দুখো লাগিছিল ,কাৰণ তৃতীয় দিনাৰ প্রথম দর্শনিত দর্শকৰ সংখ্যা পচিশৰ বেছি নহয় ।কেইদিনমান পিচতে হলৰ পৰা চিনেমাখন নোহোৱা হল।
কেইতিমান ৰাষ্ট্রীয় পুৰস্কাৰ পালে,আৰু বহু চিনে মহোৎসবত  জদিও চিনেমাখন সমাদৃত হল মোৰ দৃহ বিশ্বাস প্রযোজকে কিজানি নিজৰ ধন সম্পুর্ণভাবে ঘুৰাই নাপালে ।
হয় ;যে আর্ট চিনেমাৰ বাবে হাজাৰ হাজাৰ দর্শক নাই।কিন্তু দুই কৌটি (সেই সময়ত অসমৰ আনুমানিক জনসংখ্যা ) লোকে বসবাসকৰা ৰাজ্যখনত অন্তত কেইটামান হলত চিনেমাখন এসপ্তাহ অন্তত চলিব লাগিছিল।
তেনে নহল।
মোৰ চিনেমাখন আন্তৰাষ্ট্রীয় পর্য্যায়ৰ যেন লাগিছিল .উৎসাহেৰে লগৰ এজন চিনেমাপ্রেমীক কথাটো  কলো। সি একে বাক্যৰে উত্তৰ দিলে :-এহ অসমৰ লেভেল । (জাতীয়হীনমণ্যতা! )
  গল কথা গুছিল।
দুবছৰ পিচত এখন বিগ বাজেট হলিউদ চিনেমা ওলাল নাম Holy smokeটাইটানিক খ্যাত কেট ৱিনছলেটজও আছে তাত।কাইনীটো এনেকুৱা :ভাৰত ভ্রমনলৈ আহি এক ৰুঠ বেৰন নামৰ এক বিদেশিনী এক গুৰুৰ প্রভাবত  পৰি সন্যাসী হৈ পৰে আৰু তাকে দেখি তাইৰ পিতৃ মাতৃয়ে গুৰুৰ প্রভাবৰ পৰা তাইক বছাবলৈ এজন পেচাদাৰি  মানুহৰ সহায় বিছাৰে।সময় আগবঢ়াৰ লগে লগে সিহত দুয়ুৰে প্রতি কামভাব জাগে ......।...প্লটটো চিনাকি চিনাকি লাগিছেনে ? হয় ৰাগ বিৰাগ নামৰ অসমীয়অ চিনামাখনৰ লগত প্লটটো একে ।ঘটনাটো কিজানি কাকতলীয় ।(কিজানি নহয় !) ৰাগবিৰাগে নিশ্চয় নকল কৰা নাই কাৰন ৰাগ-বিৰাগ দুবছৰ আগতেই মুক্তি পাইছে ) ।যি কি নহওক  ৰাগবিৰাগ চিনেখন চালে আমি তাৰ চৰিত্রসমুহৰ সমস্যা উপলব্ধী কৰিব পাৰিম ,কিন্তু Holy smoke সেইটো হৈ নুঠিল ।মানে Holy smokeৰ চিত্রনাট্যতকৈ ৰাগ বিৰাগৰ চিত্রনাট্য বহু ভাল:-বিশ্বাস নকৰে যদি নিজে চাই লব দুয়ুখন চিনেমা)
আগতেই কোৱা হৈছে  Holy smoke বিগ বাজেট হলিউদৰ চিনেমা ,কিন্তু  উপভোগ কৰি উঠি নতুনত্ত দেখিব ৰাগ বিৰাগতহে । কিজানি পৰিচালক আৰু প্রয়াত ফটো্গ্রাফাৰ মৃনাল কান্তি দাসে তেনেকুৱা কেমেৰা ,লাইটআৰু পইচা পোৱা নাছিল তথাপিও এই উন্নত প্রদর্শন ।
অ ; কামউত্তেজক দৃশ্যত অবশ্ব্যে Holy smoke ৰাগবিৰাগতকৈ আগত আছে ।কিন্ত সেয়া চাবলৈ দৰকাৰ হলে আমি আন নাম নোহোৱা চিনেমা চাম ,বোলচবি চোৱাৰ দৰকাৰ কিজানি নহব ।
সেই একে চি্ত্রনাত্যকাৰৰ আন এখন চবিৰ বিষয় বস্তু আছিল কবিতা :-আৰু অন্তত চিত্রনাট্যহিচাপে এইখনো এখন সম্পুর্ণ সফল চিত্রনাট্য ।
আজি ৰাগ বিৰাগ ওলোৱাৰ পোন্ধৰ বছৰ হৈছেহে ,কিন্তু চিনেমাখণৰ বিষয়ে কতো একো পাবলৈ নাই ।কিজানি কিছুমান চিনেমাৰসিকৰ বাদে চিনেমাখন আজি পাহৰনীৰ গর্ভত ।
আমাৰ ভাষাত এনে বিষয়ত চিনেমা কৰাৰ সাহস মানুহে কৰিব পাৰে সেয়া ডাঙৰ কথা সেয়া জানো আমাৰ জাতীয় গৌৰবৰ কাৰণ হব নোৱাৰে?

Thursday, 22 March 2012

মন্ঠন


ছবিখণ ৱিকিপেডিয়াৰ পৰা লয় হয় ।কিন্তু সহজলভ্য বাবে নহয় কপিৰাইট মুক্ত বাবেহে

মোৰ ভাব অসমত জন্ম গ্রহণ কৰি ইয়াৰ মাটিত ডাঙৰ দীঘল হোৱাৰ লগতে স্বভাবগত ভাবে জন্ম হয় দেশপ্রেম আৰু দুটা অবাঞ্চিত জাতীয় দোষ:

১. আবেগিক অহেতুক দাম্ভিকতা (আৰু তাৰ ফলত সৃষ্টি হোৱা)
২. জাতীয় হীণমান্যতা
বুজিবলে দিকদাৰি হৈছে? উদাহৰণ দি বুজাব গলে বহু উদাহৰণ পাম ,কিন্তু উপমা হিচাপে মই দুটামানহে উদাহৰণহে তলত আলোচনা কৰিম ।
আবেগিক অহেতুক দাম্ভিকতা:
অসমত মাজে সময়ে দেখা পাব এনে কিছুমান বাতৰি লৈ হুলস্থুল হৈ আছে যাৰ কোনো বাস্তবিক ভেটিয়েই নায় ।যেনে :
১.এদিন সকলো স্থানীয় বাতৰি কাকতত ওলাল অসমীয়া যুবকক চফ্তৱেৰ আবিস্কাৰৰ বাবে নোকয়া কম্পেনিৰ ডাঙৰ শলাগ ।সকলো অসমীয়াই বাতৰিতো পঢ়ি গৌৰৱত আবেগ বিহ্বল ।পিচত গম পোৱা গল বাতৰিতোৱেই ভুৱা ।

২. শিৰোনামা ২ :- পপ শিল্পী চাকিৰা শংকৰদেৱৰ ফেন!

৩.শিৰোনামা ৩ :বাৰাক ওবামা বিহু শুনি অভিভুত

বিশ্ব বা ভাৰত  কি অসমৰ পতভুমিতেই বাতৰিবোৰ আচলতে বাতৰিয়েই নহয় তেনেকুৱা ঘটনা সচৰাচৰ দেখা পোৱা যায় অসমৰ সংবাদ পত্র আৰু ইলেক্টনিক মাধ্যমত ।
এনেকুৱা বাতৰিৰ প্রাধাণ্যতাৰ যদি কাৰণ বিছৰা যায় আমি হয়তো বিছাৰি পাম আমাৰ দুই নম্বৰ জাতীয় দোষ সেয়া হল  হল জাতীয় হিন মাণ্যতা
অসমীয়া বুলিলেই আমি এটা  পৰিষৰৰ বাহিৰত ভাবিব নোৱাৰো ,গতিকে কোনোবা স্বজনে যদি কলিকাতা বা আটলান্টাত সৰু কাম এটা কৰিলেই (আলহীক কিটি পার্টিলৈ মাতাৰ দৰে খৱৰবোৰো) সেয়া খৱৰ হৈ পৰে আৰু তাক পঢ়ি আমি বহুজনে আমাৰ আবেগিক অহেতুক দাম্ভিকতাত গদগদ হও।
হয় আমি যিমানেই আমি অসমীয়া নহও দুখীয়া  বুলি ফোপজহী নামাৰো কিয় ।ভিতৰুৱাকৈ আছলতে  জাতীয় হিন মাণ্যতাত ভুগি আছো।যেনে

১.অসমীয়া চিনেমা ,অসমীয়া গান ,আমি যিমানেই নকও মনৰ ভিতৰত আমি মানি লৈছো আমি বলিউদতকৈ পিছপৰা (আচলতে তেনে নহবও পাৰে)।

২.অসমৰ হস্পিতাল/মেডিকেল কলেজ  চেন্নাই, দিল্লীৰ হস্পিতালতকৈ পিচপৰা।(আছলতে কথাটো ১০০% শুদ্ধ নহয় ,মই অসমৰ মেডিকেল কলেজত পঢ়া-,নার্ছিঙ হোমতো কাম কৰা আৰু বাহিৰৰ হস্পিতাল মেডিকেল কলেজত পঢ়োৱা/কাম কৰাৰ অভিজ্ঞতাৰ পৰা কৈছো)

৩. অসমীয়া কিতাপ ? (লেখকৰ) ধনগত লাভৰ ক্ষেত্রৰ ফালৰ আমি পিচ পৰি থাকিব পাৰো ।কিন্তু গুণগত ক্ষেত্রত অসমীয়া কিতাপ বুলিলে ইমান হতাশাজনক পৰিস্থিতি কিজানি নহয় ।কিন্তু জাতিগত হিনমান্যতাই এনেবোৰ কথা ভাবিবই নিদিয়ে আমাক।
 
কিন্তু লগে লগে এই কথাটোও আমিয়েই ভাবিব লাগিব যে :-এতিয়ালৈ বিশ্বস্থৰত অসমৰ  সত্তা  গৌৰৱউজ্জল বুলি সন্তনা লভাৰ কোনো কথাই থাকিব‌ই নোৱাৰে ।এটা জাতিৰ চিনাকি বা গৌৰবৰ কাৰণ মাঠো কেইতামান মাইলৰ খুটি আহি পায়েই (যেনে :এটা ৰাষ্ট্রীয় নিউজ চেনেলৰ  প্রধান বা ,এজন সকলোৱে ভাল পোৱা  গায়ক , বা এইমচ জাতিয় চিকিৎসালয়ৰ প্রধাণ অসমীয়া হওতেই) উন্নতিৰ শিখৰ আহি পোৱা বুলি যদি তৃপ্তিৰ নিশপালি দি থাকিলে কেনেকে হব ?
ভাবি চাওক বিশ্ব কি গোতেই ভাৰতৰ সকলোৱে চিনি পোৱা কোনোবা অসমৰ খেলুৱৈ,লেখক,কিতাপ,চিনেমা,ৰাজনিতীবিদ আমাৰ আছেনে?  নাই ?
সেইটো দকৈ ভাবিবলে গলে সকলোৰে আৰম্ভ হয়  জাতীয় হীণমান্যতা ,এইফেৰা আৰু মাৰত্মকভাবে ঋণাত্মক
যেতিয়া এনেকুৱা ভাববোৰ হলে আমাৰ যিখিনি সম্পদ আছে সেইখিনিকলৈও সন্দেহ আৰম্ভ হয় ,
বহু বস্তু আমাৰ আছে হয় কিন্তু সেয়া অসমৰ পৰিচয় হৈ পৰা নাই :
ভাল প্রচাৰ আৰু পর্য্যতন বিজ্ঞাপনৰ বাবে বাহিৰৰ সকলোৱে কেৰেলাৰ চাহ বাগিচা/ বা বাগিছাৰ ছবী দেখিছে ।কিন্তু অসমৰ চাহ /গডৰ কথা কিজানি শুনিছেহে ,কিন্তু ভালকৈ নাজানে ।আছৰিত ভাবে  বেচিভাগ খাৰ খাই ডাঙৰ হোৱা অসমীয়াইও বাহিৰা কোনোবাই যদি অসমৰ বিষয়ে সুধে আমি ভালকৈ কব নোৱাৰো।
কথাটো বেয়া হয় কিন্তু আমি কলেজত থকা দিনবোৰত কথাবোৰ আৰু ভংঙ্কৰ আছিল।যেনে ধৰক ১৯৯৫ৰ পৰা ১৯৯৮লৈ যেতিয়া মই এটা চার্ভে  কৰি গম পাইছিলো ইংৰাজী মাধ্যমৰ :৭০ % ই ভবেন্দ্র নাথ শইকীয়াৰ নাম শুণা নাই আৰ আছৰিতভাবে অসমীয়া মাধ্যমৰো ৩০% ই তেওৰ নাম শুনা নাই।(গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মোৰ তলৰ আটাইকেইজনক সুধী কথাটোৰ সতাসত্য জানিব পৰিব যে মই ধপোৱা নাই)।
সেয়া শতাংশ আজিকালি কিজানি বাঢ়িব। (মানে ধনাত্মক পৰিবর্তন) কাৰণ কি হব পাৰে?
যোৱা দুটা দহকত বহু ধনাত্মক পৰিবর্তন ঘতিছে।তাৰ আৰত নিশ্ছয় ইন্টাৰনেট ,আধুনিক নৃত্য ,অসমীয়া ইলেক্ট্রনিক মাধ্যম এফ এম ৰেডিও, ইত্যাদিৰ বাবেই হব ,যিতো ভাল কথা।আৰম্ভনিতে মই অলপ সন্দিহান আচিলো কিন্তু এতিয়া ভাবিছো চব ভালৰ কাৰনেই হৈছিল।
যেনে ধৰক আধুনিক নৃত্য :এই বস্তুতো চল্টি হবলৈ আৰম্ভ হৈ জনপ্রিয় হোৱা নাই তেতিয়ালৈ । বস্তুতো মই বৰ বেয়া পাইছিলো ,টেপত গান বজাব আৰু হওকে নহওকে লৰা ছোৱালিবোৰে নাছিব  ।কিন্তু পিচৰফালে এনে লাগিল আধুনিক নৃত্য জনপ্রিয় হোৱাৰ লগে লগে :-হেৰাব ধৰা গান ,নৃত্য মানু্বোৰো আমি মনত পেলাব ধৰিলো।কাৰণ ৯০ৰ দহকত ৰেডিও(মানে গিতিমালিকা বা কল্পতৰু হেৰাই গৈছিল আৰু জাতিয় ভাষাত টিভিৰ জনপ্রিয়তা শেষ হৈ গৈছিল।)গতিকে FM আৰু আসমীয়া প্রাইভেট তেলিভিচন আহাৰ আগতে আমাৰ গানবোৰ ,সাজপাৰ বোৰ ,আৰু কিছু ক্ষেত্রত লোক নৃত্তও সেইকেইদিন অসম্ভব ভাবে জনপ্রিয় হোৱা আধুনিক নৃত্যই কিচু ভাল কামেই কৰিলে। (কাৰণ শিপা নামৰ বস্তটো কিবা প্রকাৰে জৰিত বুলি দেখুৱাব পাৰিলে প্রাইজ পুৱাটো খাটাঙ আছিল)
এতিয়া ধৰক আন বহু মাধ্যম ওলাইচে যত (ইন্টাৰনেটৰ ফেচবুক ,অর্কুট,ব্লগ ইট্যাদি....) আমি আমাৰ জাতীয় দায়িত্ত/ আবেগ/হিনমাণ্যতা  বা অহেতুক দাম্ভিকতা প্রকাশ কৰো (সেয়া স্বভাবগতও হব পৰে নহলে আনকিবাও হব পাৰে বা ) ।
সেয়াও আৰম্ভনিতে এনে লাগিছিল একসস্তিয়া প্রচাৰৰ  বাবে কৰা কোনো শ্রশাসনহীন আত্ম প্রচাৰ ।হয় ।বহুলোকৰ নগুৰ নাকুতিও হৈছে সস্তিয়া আবেগত পৰি নকবলগিয়া কথা কৈ ।কিন্তু এইতোওটো ভাবিব লাগিব যে তেনেবোৰ কাৰনতেই আমি আজি অসমীয়াত কন্পিইতাৰত লিখি আছো ,কিবা এটা জানিব মন গলে আমাৰ ভাষাটো ৱিকিপেডিয়াও আছে যিতো কেইদিনমান আগলৈ মাঠো সপোন হৈ আছিল। এ্‌ই সকলোবোৰৰ আৰতো (মোৰ বাবে ) এই আমনিদায়ক আবেগিক অহেতুক দাম্ভিকতা আৰু তাৰ ফলত সৃষ্টি হোৱা  জাতীয় হীণমান্যতাই হয়।
মই নিজকে সুধিলো তেনেহলে আপত্তি কত ?
হয়তো সমুদ্র মন্ঠনত অমৃতৰ আগতে আনকিছুমান অবঞ্ছিত বস্তটো ওলাবই .....।

Saturday, 10 March 2012

এখণ স্বর্গৰ সন্ধানত :

স্বর্গ এইখনেই
জীৱনটো নৰকৰ আন এটা নাম বুলি আমি প্রায়ে আফচোচ কৰো।কথাটো হয়ো ,কাৰণ আমি বেছিভাগ সময় আমাৰ মাজৰ নৰকখন লৈয়েই ব্যস্ত হৈ থাকো ।কিন্তু চাব জানিলে আমি নিজৰ এই অসহনীয় জীৱণটোৰ ভিতৰতো বিচাৰি পাব পাৰো এক নতুন সত্তা,এখন নতুন স্বর্গ ।কথাটো আমি জানো্‌ও ,কিন্তু ইমান দিনে dark literature ভাল পোৱা বাবে সেই দিশটো লক্ষই কৰা বন্ধ কৰিছিলো।

কিছুদিন আগতে এখন চুইদিচ চিনেমা চালো নাম :- "Så som i himmelen"( As It Is in Heaven) ,চিনেমাখন এখন সৰু গাওৰ কথা দেখাইছে ,সৰু সৰু সমস্যাৰে সৰু গাওখনৰ অতি সাধাৰণ প্রবাসীসকল সুখী (বা দুখী) যেন লাগিছিল।তেনেতে গাওখনলৈ এজন প্রসিদ্ধ সঙ্গিতজ্ঞ আহে :-তেওৰ বিশ্বাস সংগীতে মানুহৰ মনৰ ভিতৰৰ বন্ধ খিৰিকিখন খুলিব সক্ষম হব পাৰিব লাগে ।

লাহে লাহে লাহে তেও সংগীতৰ মাধ্যমেৰে সকলোৰে (লগতে নিজৰো) সমস্যাবোৰৰ সমুখিন হব ধৰিলে ।গাওখনৰ এগৰাকী মহিলা গেব্রিয়েলা ,।ধুনিয়া শিল্পীসুলভ মহিলা গৰাকিৰ জীৱন নৰকলৈ পৰিবর্তন হৈ পৰিছিল মাতাল ,হিংস্র  গিৰিয়েকৰ অত্যাচাৰৰ বাবে।তাই ভাল গাণ গায়; কিন্তু গান গোৱাটো দুৰৰ কথা তাই হাঁহিবও নোৱাৰে গৃহস্থৰ অত্যাচাৰৰ কৰনে ।তেনেতে সংগীত্জ্ঞ জনে গেব্রিয়েলাৰ বাবে এটি গান লেখি তাত সুৰ দি গেব্রিয়েলাৰ দ্বাৰা গোৱায় ।চিনেমাখন প্রথম বাৰৰ বাবে চাই উঠি গেব্রিয়েলাৰ গাণে মোক অভিভুত কৰিলে।
মই আন্ধাৰৰ ৰজা (বুলি বহুজনে মোক কয়) ।কিন্তু চিনেমাখন চাই উঠি গানটোত কোৱাৰ দৰেই মোৰো মনত ভাব হল হয়;-স্বর্গ আমাৰ এই পৃথিৱীখনৰ এই  জীৱনটোতেই আছে ।আমি মাঠো তাক চাব জানিব লাগিব। 
গানটোত অন্তর্ণিহিত অনুপ্রেৰণাৰ বাবেই মই কব নোৱাৰাকৈ তাক অসমীয়ালৈ অনুবাদ কৰিলো :-
গানটো  এনে ধৰণৰ :-

এতিয়াহে  মাথো আপোন জীৱন মোৰ
অতি কম সময়ৰ বাবেহে  এই ক্ষণ এই ধৰাত
আকাক্ষাই মোক লৈ আহিলে ইয়ালে
যি মোৰ নাছিল আৰু মই যি মই পালো।


এই পথ মই নিজে বাছি লোৱা
শব্দৰ  পৰিসিমাৰ বাহিৰৰ মোৰ বিশ্বাসে
মোক  অকমান বাট দেখাই নিছে 
এখন স্বর্গলে  যি মই  কাহানিও নাই পোৱা।


মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।

এই জিয়াই থকা কেইদিন
নিজে বিচৰা মতে
মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।
জানি বুজি মই সক্ষম সফল
নিজৰ মাজৰ আপোনজনক হেৰোৱা নাই
মাথো মই নিদ্রাৰ মাজতে  হেৰাই গলো
কিজানি মোৰ সমুখত আন একো পথেই নাছিল
মাথো বাছি থাকাৰ আশাৰ বাহিৰে।
মই মাথো বিছাৰো- মই যি তাতে সুখী  হবলে
শক্তিশালী আৰু স্বাধীণ হবলে।
তিমিৰ ভাঙি দিন হোৱাটো চাক্ষুশ দেখিবলে
বাছি আছো কিয়নো জীৱনটো মাথো মোৰ
আৰু মই ভৱা স্বর্গখন ইয়াতেই আছিল
মই তাতেও কিজানি কৰবাত বিছাৰি পাম
আনুভব কৰিব খোজো যে মই জীৱণ জাপণ কৰিলো।

গানতো চাবলৈ :
 



Lyrics: Py Bäckman
Music: Stefan Nilson
It was Helen Sjöholm that was singing it.

Translated from English version in http://lyricstranslate.com

Monday, 30 January 2012

মোৰ গুৱাহাটী


গুৱাহাটীৰ এখন গোহাৰীৰ নমুনা
মোৰ চহৰ


গম নোপোৱাকৈয়েই মানু্হ প্রেমত পৰে নিজে ডাঙৰ হোৱা ঠাইখনৰ আৰু কেতিয়াবা কেতিয়াবা সেই প্রেমৰ ৰোমান্থনেই মানুহজনৰ পৰিচয় হৈ পৰে।উদাহৰণ বহু আছে যেনে ধৰক -আৰহান পামুক ।নবেল বিশাৰদ জনৰ লিখনিত বাৰে বাৰে ঘুৰি আহে তেওৰ শৈষৱৰ প্রেম ইষ্টানবুলৰ স্মৃতি।প্রজন্মৰ পিচত প্রজন্মৰ গৌৰৱময় বংশগত ইতিহাসৰ সৈতে ইষ্টানবুলতে জন্ম লৈ ,ডাঙৰ হৈ ,লঞ্ছিত আৰু বহিস্কৃত হোৱাৰ পিচতো ইষ্টানবুলৰ  পিচ পামুকে আৰু পামুকৰ পিচ ইষ্টানবুলে এৰা নাই ।আৰু এতিয়া ইমান বছৰৰৰ পৌণ পৌনিক  কচৰতৰ পিচত আমাৰ দৰে পঢ়ুৱৈৰ বাবে ইষ্টানবুল আৰু পামুক একার্থক শব্দ ৰুপে পৰিগনিত হৈছে।আমাৰ ভাৰত বর্ষতো এনেকুৱা উদাহৰণ বহু আছে ।
মই ব্যক্তিগতভাবে লগ পাই এনে প্রেমৰ অধিকাৰি বুলি অনুভব কৰা আন এজন জনপ্রিয় লেখক হল :- ৰাস্কিন বন্ড । মুছৌৰী আৰু ডেৰাদুনত ডাঙৰ হোৱা মানুহজন শৈষৱতে আংশিক অনাথ হৈছিল । পিচত দেশখন স্বাধীন হল। জন্মশুত্রে বগা তেজ লৈ ডাঙৰ হোৱা মানুহজন কুতুম সকলৰ উপদেশ মানি থিতাপি লাগিবলৈ ইংলেন্ডলৈও গৈছিল ।কিন্তু তিনিতা প্রজন্মৰ পৰা মানুহজনৰ তেজত প্রবাহিত হৈ আছিল হিমালয়ৰ প্রতি অনুৰাগ ।প্রবাসত (!) কেইদিনমান তাতে থাকিয়েই গম পালে যে পাহাৰৰ পৰা ,বন্ধুবোৰৰ পৰা ,আৰু ইয়াৰ আলু টিক্কী বোৰৰ পৰা আতৰি থকাতো অতি যন্ত্রনাদায়ক ।অন্তত মানুহজনে নিজকে চিনি পোৱা ৰাস্কিন বন্ড নামৰ মানুহজনৰ বাবে তাৰে সেই আচহুৱা জীৱন জাপন কৰাতো অসম্ভব। গতিকে প্রথম কেইবছৰৰ পইচাৰে ভাৰতলৈ বুলি জাহাজৰ টিকটৰ পইচাখিনি  জমা হোৱাৰ লগে লগেই তেও ঘৰমুখি হল।আৰু  সেই যে ঘুৰি আহিল আহিলেই :তাৰ পিচত ৰাস্কিন বন্ড মানেই আমি জানো হিমালয় আৰু ডেৰাদুন।
এই শিতান লিখোতা ওপৰত উ্ল্লেখিত সকলৰ দৰে মেধাৰ অধিকাৰি নহলেও নিজৰ বুলি ভবা চহৰ গুৱাহাটীৰ প্রতি প্রায় তেনে এটাই আকর্ষণ কঢ়িয়াই লৈ ফুৰিছো।  যোৱা দহবছৰে কর্মসু্ত্রে মই গুৱাহাটীৰ পৰা আতৰি আছো যদিও বছৰত এবাৰ বা দুবাৰ গুৱাহাটীলৈ আহি কিছুমান বস্তু দেখি তবধ মানো।তাৰে কিছুমান পৰিবর্তন আবশ্যে  গৌৰবৰ কাৰক হয়  কিন্তু ভালেখিনি অতি লাজলগা ধৰনৰ পৰিবর্তন ।
যেনে ধৰক সকলোৱেই ভাবে অসমীয়া মানুহবিলাক সহজ সৰল।ময়ো মানো (!),কিন্তু যোৱা দহবছৰত গুৱাহাটিৰ চুকে কোনে অতিস্থ ৰাইজে দেৱালত লিখিব লগিয়া হৈছে এনে কিছুমান লিখনি: সুসভ্য লোকে ট্রেফিক নিয়ম মানি চলে ,নহলে নিজৰ ঘৰৰ জাৱৰ জোঠৰ যতে ততে পেলাই প্রদুষণ সৃষ্টিৰ পৰা দুৰত থাকক, ৰাজহুৱা স্থাণত মাদক দ্রব্য সেৱণ কৰাৰ পৰা আতৰি থাকক   কিন্তু অলপ ঘুৰা ফুৰা কৰিলেই গমপাব অতিস্থ লিখনি বোৰে একো কামত অহা নাই।মানুহবোৰ দিনে দিনে বহু অসহনশীল আৰু কঠুৱা হৈ গৈছে।
হয়টো গোতেই পৃথিৱীয়েই কঠুৱা হৈ পৰিছে ,কিন্তু মোৰ চহৰ গুৱাহাটীত তেনে ঘটনা?
আপুনি মোৰ কথা মনা নাই ? এটা কাম কৰক প্রমাণ পাই যাব : যোৱা চাৰি বছৰৰ প্রকাশিত হোৱা বাতৰি কাকত সমুহৰ প্রথম দহদিনৰ বাতৰি খুলি লওক ,দেখিব প্রায় প্রতিদিনেই কমেও এটাকৈ লোহমর্ষক হত্যাকান্ড মহানগৰীতেই ঘতিছে ।ঘটনাবোৰো এনে যে আমি ক্রাইম ঠ্রিলাৰবোৰতো ইমান জঘণ্য কাহিনী কিজানি পঢ়িব পোৱা নাই। আমি সাধাৰনতে বাহিৰাগতৰ নামত অপৰাধবোৰ জাপি দিও ,কিন্তু ধৰা পৰা হত্যাকাৰী বোৰৰ নাম আৰু উপাধিসমুহ  লক্ষ কৰিব, অপৰাধী বোৰ  ভয়লগাভাবে স্থানীয়)।
আৰু দুটামান ব্যক্তিগত উদাহৰণ দিও : মই যোৱাবাৰ গুৱাহাটী গৈ পাইয়েই সন্ধিয়া চয় বজাত ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰলৈ আগুৱাই গলো।(দিশপুৰৰ পৰা ৰাজগঢ়) ,তেনেতে ,এজাক বৰষুন দিলে ।চাৰিওপিনে এনেকৈ পানী জমা হল যে ঘৰলৈ ঘুৰি আহাটো অসম্ভব হৈ পৰিল।
পানী খচি বহু কষ্টৰ পিচত ঘৰ আহি পালো ,ঘৰৰ পৰা পানী সিচি বাহিৰ কৰিলো :তাৰপিচত দেখো খাবলৈ পানী নাই।
     গোতেই কেইতা কাৰণৰ প্রতিকাৰৰ বাবেই বাবেই আমি :ডাঙৰ ডাঙৰ টিভি শ্বত চিয়ৰিছো ,নহলে সম্পাদকলৈ চিঠি লেখিচো ,বা  ব্লগ লিখি্ছো ।
কিন্তু দ কৈ ভাবিব গলে গম পাম যেন কৰবাত আমি কৰা দোষ,ভাবলেশহীনতা আদিৰ বাবেই আমাৰ মৰমৰ চহৰখন লাহে লাহে এখন প্রাণহীন :- কঠোৰ(নিস্ঠুৰ) মহানগৰীত পৰিগনিত হৈছে।কিছুমান পৰিবর্তন অসহনীয়।


অথাপিও ভাব হয় যিমানেই গালি নাপাৰো কিয় ,তথাপিও মোৰ চহৰ ,মোৰ চহৰেই ।
সেইবাৰ গুৱাহাটি ভ্রমণৰেই কথা : ডেৰাদুনলৈ ঘুৰি আহিবলে উৰাজাহাজত বহি আছিলো।স্বভাবগতভাবেই  ইমানবোৰ খঙ ৰাগ কৰি উঠিও যেতিয়া ঘুৰি আহিব ওলাইছো তেতিয়া মনটো বেয়া লাগি আহিল। উৰাজাহাজখনে ধেনুভৰিয়া পাকটো লওতে তলত জিলিকি আছিল  লুইতখন আৰু তাৰ কাষত দেখিলো মোৰ চহৰখন:-
ভাব হল:-
স্বপ্ন আৰু বাস্তৱ,বন্ধু আৰু শত্রু,সকলোৰেই এই চহৰ
জীৱনৰ প্রতিতো কোঁহত পিয়াহ ,অমৃত গৰলৰ মোৰ এই চহৰ।
এই চহৰ-মোৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ
এই চহৰ-মোৰ কর্ম,লক্ষ,সুখ আৰু যন্ত্রণাৰ
পলাই কলৈনো যাম?কিমননো দুৰ পাম
সুৰুয দুবে নদীত ভেজা দিয়া পাহাৰৰ শিখৰত
নিয়ন চাকি জ্বলে নৈৰ ইপাৰত(মাথো মোৰ চহৰত)।#
(# লেখকৰ যাত্রা কিতাপৰ চুটীৰ দিনলিপিৰ নামৰ চন্দত লিখা গল্পটোৰ কেইশাৰি মান; পৃষ্ঠা:১৯৮ ।)