Showing posts with label নাটক. Show all posts
Showing posts with label নাটক. Show all posts

Sunday, 12 March 2023

টোগলক




নবৈৰ দশকত প্ৰথমবাৰ নাট্যকাৰ গিৰিশ কাৰ্নাডৰ লগত প্ৰথম পৰিচয় হৈছিল যযাতি পঢ়ি৷ তাৰ কিছুদিন পিছতে পঢ়িছিলোঁ টোগলক৷ গুৱাহাটী জীলা পুথিভঁৰালৰ সংগ্ৰহৰ পৰা৷ ইতিহাস আৰু কল্পনা মিলাই ডাঙৰ পৰিসৰৰ নাটকৰ কল্পনা কৰাৰ বাট মুকলি কৰি দিছিল টোগলকে৷ গিৰিশ কাৰ্নাডৰ প্ৰতি শ্ৰদ্ধা বাঢ়িছিল বহু কাৰণত  নাটক লিখা কিন্তু বিখ্যাত আন বহু কাৰণে৷ গণিতৰ ছাত্ৰ কিন্তু জ্ঞান আৰু কৰ্মক্ষেত্ৰ আন বহু ক্ষেত্ৰত বিস্তাৰিত তাৰ লগতে তেও ইংৰাজীত বা হিন্দীত নিলিখে -কিন্তু তেও লিখা নাটক অকল ভাৰততে নহয় বিশ্বৰ বহুতো থাইত মঞ্চস্থ হয়৷ সম আন্দোলনৰ পিছৰ  অসমীয়া জাতীয়তাবাদ(প্ৰগতিশীল) পৰিবেশত ডাঙৰ হোৱা বাবে সেই সময়ত ভাবিছিলোঁ এনে কথা অসমীয়া ভাষাৰ নাটকৰ বাবে কিয় হব নোৱাৰে৷ তেনে এটি সপোনেৰেই গিৰিশ কাৰ্নাডৰ কাম (নাট্য কৰ্মএক্টিভিজমচিত্ৰনাট্য ) আজীৱন  অনুসৰণ কৰি আছিলোঁ৷   

 

তাৰ দহ বছৰ মনা পিছত যেতিয়া NSD repertory company এ এবাৰ গুৱাহাটীত নাটকখন মঞ্চস্থ কৰিছিল ,তাক চালো (তাৰ পিছত মন থাকিলেও নাটক চোৱাৰ সুবিধাই হোৱা নাই)তেতিয়া মানুহৰ মুখত নাটকৰ political subtext ৰ কথা আলোচনা হৈছিল মই কিন্তু ইতিহাসকাহিনী আৰু কল্পনা আৰু মঞ্চৰ কাৰিকৰি দিশ মন কৰিলো৷ 

 

মানুহজনৰ অনুসৰণ চলি থাকিলবয়স হৈছিল যদিও শেষ সময়ৰ সাক্ষাৎকাৰ আদিৰ পৰা মনৰ ভিতৰৰ মানুহজন আধুনিক হৈয়েই থাকিল৷

মানুহজন এদিন নোহোৱা হল -আৰু এদিন বাটত পালো তেওঁৰ আত্মজীৱনী

২০২১ চনত -This life at play 

 

মনলৈ আহিল সেই যুগ সেই মানুহ নোহোৱাই হল নে মই নিজে হেৰাই গলো এই সহস্ৰাব্দৰ কোলাহলত?

 

নাটক চাবলৈ সময় নাই কিতাপ পঢ়িবলৈ ময় নাই চাকৰিৰ কামবোৰ শেষ কৰিবলৈ সময় নাই ---লাহে লাহে ভাবিবলৈ ,গোন্ধ লবলৈ একো কামলৈয়ে সময় নাইকি হৈছে বাৰূ??, ভাবি আছিলোঁ আকৌ এবাৰ গিৰিশ কাৰ্নাড পঢ়িব লাগিব৷

 

জানুৱাৰী মাহত বেনাৰসীৰ আচ্চী ঘাটত ঘুৰি আছিলোঁ,  এখন কিতাপৰ দোকান দেখি সোমালোঁ-কিতাপ ছাবলৈ বিচমিল্লা খানৰ চেহনাই বাজি আছিল ইংৰাজী হিন্দী ভাষাৰ বহু ভাল ভাল কিতাপৰ দম৷ বাহিৰত পোহাৰী ভাঙুৰী পৰ্যটক আৰ্টিষ্ট আৰু কত ধৰণৰ মানুহ৷

মোক আচৰিত কৰি তাত অকৃতিম পঢ়ুৱৈও বহি আছিল ৷  এজনে মাটিত লেপেকাৰি পঢ়ি আঁচেদুজন ডেকা লৰাই দোকানীৰ লগত কোনোবা ইংৰাজ পণ্ডিতৰ আহিবলগীয়া (forthcoming) কিতাপ এখনৰ পাণ্ডুলিপি লৈ কিবা আলোচনা কৰি আঁচে ৷

দিন-কাল দেখি ভাব হৈছিল কৃতিম পঢ়ুৱৈৰ শ্ৰণীতো নি:শেষ হোৱা বুলিয়েই ভাবিছিলোঁ৷ কিন্তু নহয় আৰু আচৰিত ভাবে হাতলৈ আহিল টোগলক ৷ 

 

আকৌ এবাৰ পঢ়িলোঁ৷৷৷৷ এইবাৰ subtext বিচাৰি গলো এওঁ টোগলক নে তেও টোগলক কোন টোগলক ???

কিন্তু যিমানেই ভিতৰলৈ গলো সিমানেই শংকিত হলো ভয় লাগিল আৰু শেষত উপলব্ধি কৰিলোঁ  মইহে সেই টোগলক ৷

Also read blog on Girish Karnard in English here 

Thursday, 27 January 2022

সূৰ্য্য চিকাৰ



 



আজি কিছুদিন ধৰি এখন নাটকৰ সম্ৰাট এজনৰ কথা খুব মনত পৰি ছে অভিনেতা নাট্যকাৰ উৎপল দত্তই লিখা নাটক এখনৰ৷ মোৰ মনত আছে সম্ৰাটৰ দেশত এজন শিক্ষকে শিকাই ফুৰিছিল যে পৃথিৱী চেপেটাপৃথিবী সূৰ্য্যৰ চাৰিওফালে ঘুৰে ৰজাই শিক্ষকজন মাতি পঠিয়ালে কথা পাতি ৰজাই ধৰিবও পাৰিলে যে শিক্ষকজনে সচাঁ কথা কৈছে৷ কিন্তু সত্য প্ৰচাৰ হলে প্ৰচলিত বহু ব্যৱস্থা ইফাল সিফাল হৈ পৰিব গতিকে ৰজাই প্ৰজাৰ সমুখত প্ৰমাণ কৰি দিলে যে শিক্ষকজনে মিছা কথা প্ৰচাৰ কৰি আছিল৷ কেনেকৈ কি একো মনত নাই৷ ২০০৭ চনত নতুন দিল্লীৰ NSD প্ৰাঙ্গণত নাটক চাব যাওঁতে সমুখৰ ষ্টলত কিনিছিলোঁ  Modern Indian Plays -Volume 3 (KN Kaushal)৷ হাবিব নভিৰ ৰতন থ্যাম ,অৰুণ শৰ্মা আদিৰ ভালেখিনি ভাল নাটক আছিল পঢ়ি ভালো লাগিছিল ৷ তাৰ পিছত আজি পোন্ধৰ বছৰ পিছত ভিতৰৰ কথাবোৰ বৰ এটা মনত নাই ৷

কিন্তু সেই বুদ্ধিমান সম্ৰাটজনৰ কথা ইমানেই মনত পৰিব  ধৰিলে যে কিতাপখন আকৌ মেলি ললো ৷ যদিও এই পোন্ধৰ বছৰ উত্তৰ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি ফুৰিছো কিতাপখন একো ক্ষতি নোহোৱাকৈ লগতে আছিল ৷ 

 

নাটকৰ নাম সূৰ্য্য চিকাৰ (#Hunting the Sun ),    উৎপল দত্তই লিখা৷ 

 

( মেলিনিয়েল বহুতে তেওঁক কমেডি হিন্দী চিনেমাৰ অভিনেতা হিচাপে জানিলেও  এই কথা কৈ থওঁ যে তেও এজন শেক্সপিয়াৰৰ নাটকৰ পণ্ডিত,  মৌলিক নাট্যকাৰ ,নাট্য কৰ্মী আৰু বহু কিবা -কিবি আছিল)

   

সম্ৰাট জন আছিল সমুদ্ৰ গুপ্ত আৰু পটভূমি অযোধ্যা এজন বুদ্ধ ভিক্ষু তথা শিক্ষক কালহানে প্ৰচাৰ কৰি ফুৰিছিল যে পৃথিবী ঘুৰনীয়াতেওঁৰ জনপ্ৰিয়তাই সাম্ৰাজ্যৰ মুধাফুটা সকলক বিবুদ্ধিত পেলাইছিল৷ এই কথা সত্য বুলি প্ৰমাণিত হলে ধৰ্মীয় সংস্থা সমূহভৃত্য আৰু মালিকৰ দুৰন্ত আৰু দেশৰ ওপৰত তেওঁলোকৰ অধিকাৰ সকলো বিধ্বস্ত হৈ পৰিব ৷ সেইবাবে ৰজাৰ কৰ্মচাৰী সকল আনহাতে ৰজা সমুদ্ৰ গুপ্ত বুদ্ধ ভিক্ষু সকলক কৰা দান দক্ষিণাৰ বাবে বিখ্যাত ৷ আন এটা সমস্যা হল দাস সকলক লৈ ৷ দেশখন চলে এক বুজন সংখ্যক শ্ৰমত দাসৰ ভৰষাত ৷ কিন্তু বহু দাস এই ভিক্ষু কালহানৰ নাস্তিক বিচাৰৰ দ্বাৰা আকৃষ্ট হৈছে যাক বাঢ়িবলৈ দিলে নিশ্চয় এক গণ বিদ্ৰোহ হব ৷ আনহাতে ৰাজকৰ্মচাৰী সকল ৰজাক লৈও সন্দিহান -ৰজাই দাস সকলৰ দুখ দুৰ্গতি লৈ কবিতা লেখে আনকি ভিক্ষু কালাহানৰ ব্যভিচাৰী শিক্ষাও সচাঁ বুলি ভবাতো ডাঙৰ কথা নহয়৷ তেনে স্থলত যি কোনো পৰিস্থিতিত তেওঁলোকৰ পানীত হাঁহ নচৰা হোৱা অৱস্থা৷ 

 

তেনে এক সময়তে ৰাজাই ভিক্ষু কালাহানক মাতি পঠিয়ালে ভিক্ষুয়ে তৰ্কৰে প্ৰমাণ কৰিলে যে পৃথিৱী ঘুৰনীয়া ,কিন্তু ৰাজকীয় কৰ্মচাৰী সকলে তাক মানি নললে ,আৰু ৰজাক ভিক্ষুক প্ৰা দণ্ডৰে ণ্ডিত কৰিবলৈ অনুৰোধ কৰে কিন্তু ৰজাই দুদিন মান সময়হে খোজে 

তাৰ পিছত ভিক্ষুৰ আশ্ৰমৰ আতাইতকৈ জনপ্ৰিয় ছাত্ৰী ইন্দ্ৰানীক গ্ৰেপ্তাৰ কৰি এই হেঁচা প্ৰয়োগ কৰা হয় যে ইন্দ্ৰানীয়ে বিচাৰত এই বুলি কয় যে পৃথিবীখন ঘুৰনীয়া আৰু ভিক্ষু কালহান এজন ধৰ্ষণকাৰি ৷ ইন্দ্ৰানীয়ে মানি নোলোৱাত ভিক্ষু কালাহনক এই খবৰ পঠিওৱা হয় যে তেও মানি লয় যে পৃথিবীখন ঘুৰনীয়া নহলে ইন্দ্ৰানীক হাতীৰে মহতিয়াই হত্যা কৰিব নিৰ্দেশ দিয়া হব ৷ ভিক্ষুজন ব্যথিত হল কিন্তু মানি নললে ৷ ফলত তেওঁকো বন্দী বনোৱা হল আৰু ৰজাৰ সেনানীয়ে তেওঁৰ সকলো গ্ৰন্থ জুইত পুৰি সাং কৰে৷ 

ভিক্ষু কালহান ইন্দ্ৰানী আদি জনপ্ৰিয় বৈজ্ঞানিক আৰু শিক্ষক  বন্দী হোৱা কথাই উমি উমি জলি থকা দাস সকলৰ বিদ্ৰোহত অগ্নি প্ৰদান কৰে কিছু সংখ্যক উচ্চ স্তৰৰ মানুহকো কালাহানৰ ব্যভিচাৰী শিক্ষাৰ দ্বাৰা নুপ্ৰাণিত কৰা যেন সন্দেহ হল৷

 

তেনেতে ৰজা ঘৰে এগৰাকী অভিসাৰিকাক সৈমান কৰালে যে তেও ৰাজহুৱা ভাৱে স্বীকাৰ কৰিব যে ভিক্ষু কালহান এজন ব্যভিচাৰী ব্যক্তি ,কিন্তু তেনেতে দাসসকলৰ কোনো এক চোৰাংচোৱাই হত্যা কৰে ৷ 

ইন্দ্ৰানীক হত্যা কৰা হয় হাতীৰে গছকাই৷ আৰু তেনে এক সময়তে ভিক্ষু কালহানৰ ৰাজহুৱা বিচাৰ ৰখা হয় ৷ হাজাৰ হাজাৰ মানুহ গোট খাই আৰু তাকে দেখি ৰাজকৰ্মচাৰী সকল ভয়ত পেপুৱা লাগে ৷

 

ৰজা সমুদ্ৰ গুপ্ত কিন্তু সমুদ্ৰৰ দৰেই শান্ত আৰু বেপৰোৱা৷

 

     

ৰজাই প্ৰজাৰ আগত ভিক্ষু কালহানক প্ৰস্তুত কৰি কয় যে -কালহান মৌন ব্ৰত ধাৰণ কৰিছে যদিও তেও এখন পত নামা লিখি ৰাইজক জনাইছে যে তেওঁৰ শিক্ষা ভুল আছিল আচলতে পৃথিৱীখন চেপেটা আৰু ব্ৰহ্মাণ্ডৰ মাজত পৃথিবীখন আছে তেওঁৰ ভুল শিকনিৰ বাবে তেও অনুতপ্ত৷

 

ৰজাই ভিক্ষু কালহানক কথা কলৈ অনুৰোধ জনা 

ভিক্ষু কালহানে ক্ষোভেৰে চিঞৰিব খোজে যদিও কোনো মাত নোলায় 

 

খুব সম্ভৱ তেওঁৰ জিভা কাঢ়ি লোৱা হৈছিল নহলে কোনো বিষ পান কৰোৱা হৈছিল ৷

 

ৰাজ দুন্দুভি বাজিব ধৰে ৷

 

ৰাজাই ভিক্ষু কালহানক ভগৱানৰ অৱতাৰ বুলি ঘোষিত কৰি তেওঁৰ চৰণ স্পৰ্শ কৰে৷

 

 

আকৌ পঢ়িলোঁ এবাৰ নাটক খন আকৌ ভাবিলোঁ কথাবোৰ ৷ বিশ্বাস এটি- তাক লৈ ভিন্ন জনৰ ভিন্ন স্থিতি ,তৰপ ভেদে সকলো বিভাজিত কিন্তু সম্ৰাটৰ বিশ্বাস আৰু কৰ্মৰাজিৰ মাষ্টাৰ ষ্ট্ৰোক সাধাৰণ মানুহতকৈ বহু গুণে ওপৰত ৷

Tuesday, 13 May 2014

মষ্টৰামৰ কাহিনী




দুদিনমান আগতে বাতৰি কাকতৰ কথাছবি সমীক্ষা শিতানত চিনেমাখনৰ ম কাহিনীটো পঢ়িলো।পঢ়িয়েই এনে লাগিল বর্তমানৰ যি ধৰণৰ বোলছবি বজাৰত চলে তাৰ ধৰণ কৰণ চাই ধৰি লব পাৰি যে চিনেমাখন বৰ এটা বেছি নচলে।কিজানি মোৰো চিনেমাখন চোৱাৰ সময় সুবিধা নহৱ।কিন্তু কাহিনী পঢ়ি সাম্প্রতিক সমাজৰ বিষয়ে মই ভাবি থকা বহু কথা চিনেমাখনৰ চৰিত্রটিত বিছাৰি পালো।
কাহিনীটো এনেকুৱা : নায়কজনৰ লিখক হোৱাৰ দুর্বাৰ বাসনা আছে তাৰবাবে তেওঁ চাকৰি এৰি পেশাদাৰি লেখক হোৱাৰ সিদ্ধান্ত ললে।কিজানি লেখক হিছাপে তেওঁৰ লিখা কাহিনীবোৰ ইমান নিম্ন পর্য্যায়ৰো নাছিল।কিন্তু বহু কষ্টৰ পিছতো কোনো প্রকাশকেই তেওঁৰ লিখনি প্রকাশ কৰিবলৈ ৰাজী নহল।সকলোকে লাগে ভোগবাদী বজাৰত চলা নিশ্চিত ফর্মুলা,যত বিক্রী হোৱাটো নির্ঘাট। সাহিত্য, জীৱন, দর্শণ বিষয়ক পণ্য যে বিক্রি হব তাৰ কি গ্যৰেন্টি আছে? লেখকৰ পৰিয়ালো আছে, ঘৰ চলোৱাটোও তেওঁৰ এটা ডাঙৰ দায়িত্ব, সেয়ে উপায় নাপায় অৱশেষত তেওঁ চদ্মনামেৰে যৌনগন্ধী সাহিত্য লেখিব ললে।এই যে বাছ-আস্থান বা ৰেইলৱে ষ্টেচন বোৰত ভৰি থাকে (বা আছিল,আজিকালি ইলেক্ট্রনি মাধ্যমে সিহতৰ বজাৰতো মাধমাৰ সোধাইছে)  –‘সবিতা ভাবী, প্রয়োজন ইত্যাদি ইত্যাদি।অতি কম সময়ৰ ভিতৰতেই তেওঁৰ এই যৌনগন্ধী সাহিত্যই অভুতপুর্ব সাফল্য লাভ কৰিলে।এতিয়া কথাটো হল তেওৰ লিখিত সাহিত্যই সফলতাটো লাভ কৰিলে কিন্তু সেয়াটো তেওঁৰ নামত নহয়।লেখকজনে মাথো লেখিছিলহে,পঢ়িছিলটো সমাজৰ মানুহবোৰেই।এটা সময়ত যেতিয়া মানুহবোৰে লেখকৰ এই পৰিচয়টো পালে তেতিয়া সেই একেই সমাজেই তাৰ লেখকজনক লেই লেই চেই চেই কৰিবলে ধৰিলে।
    এয়েই আজিৰ যুগৰ প্রতিজন লেখকৰ সমস্যা।ঠিক লেখকৰ সমস্যা বুলি কব নোৱাৰি প্রতিজন যুক্তিনিস্থ মানুহৰেই সমস্যা।বজাৰত কি চলে তাৰ এটা পুর্বধাৰণা বেছিভাগ প্রকাশকেই মনত লৈ ফুৰে।বজাৰক কি লাগে তাৰ কিন্তু কোনো সমীক্ষা নহয়।আৰু তাৰবাবেই সৃষ্টি হয় মষ্টৰামৰ। চিনেমা ,আমাৰ ভ্রাম্যমান থিয়েতাৰ,আলোচনী সকলোতেই সেই একে সমস্যা।আৰু এই ভোগবাদী মানশিকতাই এনে এক পৰিস্থিতিৰ সৃষ্টী কৰে যে আচল টেলেন্ট, আচল কলা আৰু বজাৰৰ প্রকৃত প্রয়োজননো কি এই প্রশ্ণ বহু দুৰতেই ৰয়গৈ।আনহাতে সাধাৰণ উপভোক্তাসকলৰ হাততো ইমান সময় নাই আৰু এইকন বৌদ্ধিক চিন্তাৰ অভাবো সকলোৰে মাজত বাৰুকৈয়েই পৰিলক্ষিত হয়।গতিকে সর্বসাধাৰণে বজাৰত যি পায় তাৰেই নিজৰ প্রয়োজন সমুহ পুর্ণ কৰে।বজাৰৰ কর্তা ধর্তা সকলে তাকেই বিচাৰে-বিনা কষ্টত উপভোক্তাসকলৰ ওপৰত পুর্ণ নিয়ন্ত্রণ।কোনোবাই যদি সোতৰ বিপৰিতে যাবও বিচাৰে তেতিয়া হলে তেও যাতে সেই কামত যাতে কৃতকর্য্য নহয় তাৰ খেয়াল ৰাখে সেই নিয়ন্ত্রক সকলে।
এইবোৰ বিষয়ত আমাৰ উপভোক্তা সকল সচেতন হোৱাতো আচল কথা।যেনে ধৰক তেওলোকে ভ্রাম্যমাণত হিন্দী ছবিৰ নির্লজ অনুকৰণ দেখাই যাব আৰু আমি চাই চাম। কাৰণ প্রযোজকে ভাবে দর্শকে ইয়াকেই বিচাৰে।এই কথা সচাঁনে মিছা তাক কোনোবাই ভাবেনে ? যদি সচা তেনেহলে কিজানি গোটেই জাতিটোই প্রায়চিত হব লাগে ।ইমান স্বাৱলম্বী উদ্যোগ এটাক তিল তিল কৰি মৃত্যু মুখলৈ থেলি দিয়াৰ বাবে আমি সকলোৱেই দায়ি।আৰু যদি সচা নহয় তেনেহলে কি কৰিলে এই সমস্যাৰ সমাধান হব সেইটো কতৃত্তৰক্ষী সকলক জনাব লাগে।হিন্দী চলচিত্র কিজানি ইমান সোনকালে নমৰে।সাহিত্যটো এজন দুজন মষ্টৰাম ওলালেও সকলো লেখকেই কিজানি মষ্টৰাম হৈ নপৰে।কিন্তু এইবোৰ কথা ভ্রাম্যমান উদ্যোগতটোত নাখাতিব।

চিনেমাখনত মষ্টৰামৰ যি সৃষ্টি হল তাত নায়কজনক দোষ দিয়াতকৈ কি কাৰণতনো এজন মষ্টৰামৰ সৃষ্টি হল তাক আমি আলোচনা নকৰো কিয়? বৌদ্ধিক চিন্তাত আমি ইমানেই তললৈ নামি গৈছো নেকি? হয়টো সমগ্র পৃথিৱীতেই সেই একেবোৰ সমস্যা দেখা গৈছে। দুদিনমান আগতে নিউয়র্কৰ পঢ়ুৱৈ গোষ্টিয়ে(New York Readers club) পঢ়াকামটোৰ হেৰোৱা গৌৰৱ পুনৰ ঘুৰাই আনিবলৈ টপলেচ হৈ পঢ়াৰ ছবি সম্রচাৰ কৰিছিল।তাৰমানে টপলেচ হোৱাটোহে শীতল(cool) কিন্তু পঢ়াটো নহয়!   বজাৰকেন্দ্রীক নিয়ন্ত্রনৰ ওচৰত আমি সকলোৱে হাৰ মানিবলৈ লৈছো? এয়া অবশ্চেই চিন্তনিয় কথা।কিন্তু এনেবোৰ কথা ভাবিবলৈ কাৰোবাৰ সময় হবনে?

Tuesday, 3 January 2012

ঐক্যতান -সমালোচনা -প্রত্যয়


ঐক্যতান -সমালোচনা -প্রত্যয়
সমালোচক : মনোৰম গগৈ ।
৯ জুলাই ,১৯৯৭।

মনোৰম  গগৈ : প্রত্যয়, ৯ জুলাই ,১৯৯৭ :সুৰ যদি হেৰাই যায়,থাকিবনে জীৱনৰ চন্দ ?
ভাস্কৰ ঠাকুৰীয়াই নাটকৰ ক্ষেত্রখনত দৃহ প্রদক্ষেপেৰে ভবিষ্যতৰ সম্ভাবনাৰ কথা ঘোষনা কৰিছে।ভাস্কৰে নাটকখনত কোনো গল্প কবলৈ চেষ্টা চলোৱা নাই।তাৰ পৰিবর্তে তেও সময়ৰ প্রয়োজনত শিল্পৰ মাধ্যমেৰে অতি প্রাসঙ্গিক বক্তব্যহে ডাঙি ধৰাৰ প্রয়াস কৰিছে।তাৰবাবে নাটকখনে মুখ্য অবলম্বন হিচাপে গ্রহণ কৰিছে সংগীতক।নাটকখনৰ এটি অতি তাৎপর্য্যপুর্ণ দিশ হল দৃষ্টিহীন লোকশিল্পী,শিশুশিল্পী ক নাটকৰ চৰিত্র হিচাপে উপস্থাপন কৰি গীত গাবলৈ সূবিধা দিয়া হৈছে।
 


ঐক্যতান-সমালোচনা -আমাৰ অসম

নাটক ঐক্যতান-সমালোচনা -আমাৰ অসম
প্রকাশ :১৭ জুলাই ,১৯৯৭
সমালোচক :সবিতা লহকৰ

এটি জার্মান সপোন-সমালোচনা -প্রতিদিনত

এটি জার্মান সপোন-সমালোচনা -প্রতিদিনত
সমালোচক -নিমানন্দ দাস


এটি জার্মান সপোন -সমালোচনা -আমাৰ অসমত

এটি জার্মান সপোন -
সমালোচনা -আমাৰ অসমত
সমালোচক -মাইনী মহন্ত।

এটি জার্মান সপোন-এখন অসমীয়া নাটকৰ সমালোচনা -অসম ট্রিব্যুনত

এটি জার্মান সপোন-এখন অসমীয়া নাটকৰ সমালোচনা
সমালোচনা :ভাস্কৰজ্যোতি বৰা,অসম  ট্রিব্যুনত,জুলাই ৫ ,২০০২



এটি জার্মাণ সপোন-এখন অসমীয়া নাটকৰ পুর্বভাষ :টেলিগ্রাফত


টেলিগ্রাফৰ প্রথম পৃষ্ঠাত পুর্বাভাষ
২০০২ চনৰ ১৭ জুন।
নাটক এটি জার্মান সপোন