Sunday, 25 October 2026

ঝাৰখণ্ডত টিঘিলঘিলনি আৰু কিছু অনুধাৱন৷

বিকাশ আৰু প্ৰকৃতি৷ 

ৰজা আৰু প্ৰজা

বৰ্ণ হিন্দু  আৰু জনজাতি৷

ঘনিভূত ৰ্ধূবিকৰণৰ  পৃথিবীত কেইদিনমান ঝাৰখণ্ডৰ কিছুমান ভিতৰুৱা গাও ঘুৰি চিৰন্তৰ দৈত্বতাৰ মাজতো বহুতৰে  সন্তুলিত সহবাসৰ সম্ভাবনা আছে দেখা যেন ভাৱ হল ৷ 

মোৰ ব্যক্তিগত চচিয়েল মেদিয়াত বেফিকৰ যাযাবৰী জীৱন এটাৰ আভাস বহুতে পায কিন্তু কথাটোত অলপ ওলোটা ৷ মোৰ ভাগৰ অগনন ভ্ৰমণবোৰৰ বেছিভাগেই  পেছাগত দায়বদ্ধতা  (professional commitment )  পঢ়া , পঢ়ুৱা , বা আৰু কিছু classified পেচাগত কাম  ভ্ৰমণ সমূহৰ মাজতে অকমান ইতিহাস বা প্ৰকৃতি থাকে যদিও জীৱন আৰু সময় এটা বাকছৰ পৰা আন এটা বাকছ লৈ ঘুৰি ফুৰা যেন লাগে বহু সময়ত ৷এই বাকছৰ পৰা বাহিৰ হবলৈয়ে পূজাৰ সময়ত  ঝাড়খণ্ডৰ কিছূ ভিতৰুৱা থাইলৈ বুলি সপৰিবাৰে ওলাইছিলো৷

 ৰাঁচীৰ পৰা নাতিদূৰত দূৰত  পাত্ৰাতুত থাকি (অইন এটা পোস্টত কৈছোৱেই ) নৱমীৰ দিনা লগত হলো জৰিয়াগঢ় নামৰ এখন গাওত আন কিছুমান অসমীয়া পৰিভ্ৰমী৷  আমাৰ স্কুলৰ পৰাই পৰা লগৰ নজৰুল - সমাজ আৰু শিক্ষাৰ পৃথিবীত কাম কৰি আহিছে , যোৱা দুটা দশকৰ পৰা ভাৰতৰ ভিন্ন থাইত থাকি  , কেইদিন মানৰ পৰা ৰাঁচীৰ কাষৰ ইটকি গাওৰ ওখন নামী ব্যক্তিগত বিশ্ববিদ্যলয়ত কাম কৰি আছে ৷  তাৰ জৰিয়তে লগ পালো  কিছু প্ৰতিশ্ৰুতি সম্পন্ন দেকা আৰু আদহীয়া মানুহ ৷পৰা দুঘন্টা মান গাঢ়ী ছলাই জাৰিয়াগৰহৰ পূৰণী ৰজাঘৰত নিনিশ বছৰৰ আদিক সময়ৰ পৰা চলি অহা পাৰিবাৰিক  দু্ৰ্গা পুজাত থাকি  স্থানিয পৰিস্থিতি আনুধাবন কৰাৰ সৰু সূবিধা এটা পালো ৷

তিনিশ বছৰ পুৰনী ৰাজভবন তো জহি খহি জাব ধৰিছিল যদিও নব প্ৰজন্মই  লৰা জনে  (বন্ধুৰ শিক্ষক সহকৰ্মী ডেকা শিক্ষক )তাক মেৰামতি কৰি নতুন কৰিবলৈ যো যা চলাইছে ৷ বাপেক ৰাজ্যৰ এক ধৰণে ৰজা- মানে সেই সাতশখন গাওৰ মুৰব্বি৷ কথাপাতোতে বহু বছৰ পূৰণী ৰজাঘৰৰ নাগবংসী কিছু কথাও জানলে ৷  অতি সাধাৰণ ভাবেই থাকে,  তাত ঘুৰি ফুৰা ভিন্ন জাতীৰ গাওবাসীৰ লগত আছৰনত সকলোৰে লগত অতি সহজ যৈন দেখা গল ৷ শুনা মতে তেও  ডেকা বয়সৰ সমাজিক স্থনীয় আস্টিত্বৰ বিষয়ত মধ্যম পন্থাৰে এখন inclusive গাওৰ গঠনত ভাগ লৈ আহিছে৷ তেওৰ আদহীয়া ককায়েকে মোক শ্ৰী অৰোবিন্দৰ দৰ্শন আৰু ভাৰতৰ বৰ্তমান পৰিস্থিত তেনে আদৰ্শ কিমান জৰুৰী তাকো কলে (মন কৰিব আমি ঝাৰখণ্ডৰ ভিতৰুৱা গাওত নাতি পুতিৰ লগত সাংসাৰিক জীৱন কতোৱা এজন অষ্টাদশী মানুহৰ লগত কথা পাতিছিলো )  

তাৰ মানে বাহিৰৰ মানুহৰ বাবে লগা binary বোৰৰ মাজতো সৌহাদ্যপুৰ্ণ সহবস্থান এতিয়াও সম্ভৱ?

অ – এই নবমিৰ দিনা গাওৰ ঘৰত বনোৱা পঠাৰ সোৱদত  ভাৰতৰ অভ্যন্তৰিন প্ৰাচ্য আৰু পাশ্যাত্যৰ মিলনো দেখা পালো ৷ এই কেইদিন উত্তৰ ভাৰতত আমিস খোৱাৰ কথাতো যঠেস্ত আসহজ ৷ আনহাতে বঙ্গ আৰু অসমত (আমি ডাঙৰ হোৱা দুখনৰ কথা কৈছো দেই – চিকেন চাউমিন , পৰ্ক মোমো , আদি পূজাৰ পেণ্ডেলৰ অপৰিহাৰ্য অঙ্গ) ৷ এই ক্ষেত্ৰত বিহাৰ আৰু জাৰখন্ত স্তিতি দুয়োপিনে সহবাস কৰা দেখা যায়৷

ঝাৰখণ্ড আপেক্ষিক ভাবে নতুন ৰাজ্য –( জাওবনৰ ঝাৰুৰ পৰা?) আৰু নিজক নতুনকৈ  আবিস্কাৰ কৰি আছে ৷ নিজৰ আদিবাসীৰ আস্তিত্বক বজাই ৰাখি  সময়ত লগে লগে এক খোলা মনৰ স্বভিমান ৰাখিও নিজত্ব বজাই ৰাখীব খোজাৰ কিছু উদাহৰণ দেখি ভাল লাগিল৷ 

খোৱা কথা ওলাইছে যেতিয়া সেই  অঞ্চলৰ পুৱাৰ জলপান ধুস্কা আৰু ঘূগনিৰ কথাও নোকোৱাকে নোৱাৰি ৷ দুঘন্টা গাঢ়ী ছলাই পাওতে ভোক বাৰুকৈয়ে লাগিছিল , গতিকে আপ্লুত হলো আৰু দূপৰীয়া গাওৰ পদ্ধতিৰে বনোৱা পথাৰ মাংসৰ সোৱাদেই বেলেগ ৷

গাওখনৰ কাশতে কাৰি নদী ৷ তালৈ গলো , প্ৰায় আধা কিলোমিটাৰ প্ৰকৃতিক আৰণ্যৰ মাজেৰে কোজ কাঢ়ি নদীখন দেখি  মন কৰিলো যে যিমান দুৰলৈ চাও সিমান দুৰলৈ আমাৰ দলতোৰ বাহিৰে এজনো মানুহ বা ঘৰ বা বিজূলীৰ তাৰ  দেখিবলৈ নাই , গছ আৰু নদী ৷ বহু দিনৰ মুৰত কিজানি এনে কথা পৰিলক্ষিত  হল ৷ (হয়তো সমস্যাতো মোৰ , অকল তেনে থাইতহে ঘুৰি ফুৰো যত চাৰিও পিনে উচ্চ আট্টালিকা , চাৰিওপিনে নিৰ্মানৰত ফ্লাই ওভাৰবোৰ আৰু ধুলি বালিৰ লগতে যানজত আৰু অনৰ্গল গাঢ়ীৰ পে পে শব্দ) 

 বন্ধুৰ লগৰ শিক্ষক দুজনমানৰ লগত শিক্ষা সমাজৰো কিছু কথা পতা হল , ব্যক্তিগত ভাবে মই শিক্ষক হিচাপে আজিৰ পঢ়া পঢ়োৱাৰ স্থৰ আৰু গভিৰতা দেখি বাৰুকৈয়ে চিনিকেল হৈ পৰিছো , কিন্তু বন্ধুৰ আৰু তেও লগৰীয়া শিক্ষক দুজনৰ optimism দেখিও  আপ্লুত হলো ৷  ভাব হৈছে শিক্ষকৰ ধাৰণাক আজিৰ সময়ে বাৰুকৈয়ে জোকাৰিব ধৰিছে ৷

 অসম/জাৰ্মানিৰ পৰা আহা  পৰা মীনাক্ষী বাইদেও আলোচনাত ভাগ লোৱাৰ বাহিৰেও মাজে মাজে বোৰ হব খোজা লৰা ছোৱালীৰ প্ৰাকৃতিৰ লগত পুনৰ জৰিত কৰা প্ৰক্ৰিয়া তোত সহায় কৰি আছিল ৷ 

তিনিদিনৰ এই যাযাবৰী যত্ৰাক যদি নিৰপেক্ষ সাৰাংস দিব লগিয়া হয় তেতিয়া হলে এইখিনি ইতিবাছক কথা মন কৰা যেন লাগিল

বিকাশৰ ধাৰণা আছে কিন্তু নিলৰ্জ ভাবে গছ গছনি কতাৰ বিৰুধ্ধৈ কিছু নিৰাপত্তাও আছে৷ 

নতুনকৈ আবিস্কাৰ কৰা জাতীয় স্বভিমান আছে -ইয়াৰ আধাৰ জনজাতীয় পৰম্পৰা  কিন্তু  জাতিগত/বাহিৰাগতৰ ধাৰণাতোকো  সেই ধাৰণাৰ লগত সহবাস কৰিব বিছৰিছে ৷

পৰ্য্যতনৰ বাবে লগা ব্যবস্থাবোৰ গঢ়ি উঠিছে , কিন্তু আনবোৰ পৰ্যটন ভুমিৰ দৰে  বজাৰ হৈ ঊঠা নাই এতিয়াও ৷ 

নিজৰ আদিবাসী ধাৰনাতোৰ লগত মানুহবোৰ , নাৰীসমুহে সৰু ডাঙৰ সকলো কাম মুৰ দাঙি কিন্তু বিদ্ৰোহী উপহাস এৰাই অগবঢ়া যেন লাগিল ৷

Friday, 2 October 2026

সোঁৱৰণী কুঁৱলীয়ে:ঠিকনা

২০২৬

১৯৮৩ (ছবি:১৯৮৭)

১৯৮৩ চনৰ অসম আৰ্হিৰ ঘৰটোৰ ছবিখন আমাৰ ঘৰত কেইদিনমান ভাড়াত থকা কলিকতাৰ এজন ভদ্ৰলোকে যোৱাৰ সময়ত আমাৰ হাতত গতাই গৈছিল, ১৯৮৭ মানত।

শৈশৱ তাতেই পাৰ হ'ল।ঘৰৰ সন্মুখৰ চোতালৰ পৰা দেখা পোৱা যায় মেঘালয়ৰ পাহাৰশ্ৰেণী, পিছফালৰ চোতালৰ পৰা নৰকাসুৰ পাহাৰ, দূৰৰ টিভি টাৱাৰ। পিছফালৰ চোতালখন সৰু-সুৰা এখন ক্ৰিকেট গ্ৰাউণ্ডো হৈ পৰিছিল। ফটা কাপোৰেৰে চিলাই বল বনাই খেলিছিলোঁ। বাটটোৰ নাম দেৱদাৰু পথ, কাৰণ বাটটোৰ দুয়োকাষে লাহে লাহে দেৱদাৰু গছ।

১৯৮৩ নে ৮৪ চনত প্ৰথমবাৰ গণেশগুৰীৰ পৰা আহি থাকোঁতে নাপাওঁ নাপাওঁ লাগিছিল। বহুদেৰি অহাৰ পিছত গণেশ মন্দিৰ, তাতে দুখনমান দোকান (পঞ্চজন্য হোটেল), তাৰ পিছত আৰু বহুদেৰি বাট। তাৰ পিছত দেৱদাৰু পথৰ মুখত দুখনমান দোকান, সেই বাটেৰেই ঘৰ। তাৰ পিছত এম এল এ হোষ্টেলৰ বাবে ন’ এণ্ট্ৰি। বাটটোত পুলিচ বহি থাকে। সেই বাটেৰেই খোজ কাঢ়ি আমি কেইজনমান মহাপুৰুষ লাষ্ট গে’টৰ ৰাজধানী প্ৰাক-প্ৰাথমিক বিদ্যালয়লৈ পঢ়িবলৈ গৈছিলোঁ (এতিয়া অধুনালুপ্ত)। আহোঁতে ঘোঁৰা গাড়ী পালে জপিয়াই উঠোঁ, নহ’লে ৱালৰ সিপিনে থকা এম এল এৰ ঘৰত থকা বগৰিত চেণ্ডেল মাৰি খাই আহোঁ। কেতিয়াবা কেতিয়াবা ন’ এণ্ট্ৰিৰ সন্মুখত থকা চি আৰ পি এফৰ কেইজনমানে ৰখাই কিবা হাঁহি-ৰগৰো কৰিছিল।

আশে-পাশে থকা বেছিভাগ সুউচ্চ অট্টালিকাৰ ভূমিত আমি হয় ক্ৰিকেট খেলিছিলোঁ, নহয় মল্লযুদ্ধ, আইচ-পাইচ, চোৰ-পুলিচ আদি খেলিছিলোঁ।

তাৰ পিছত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। দোকান-পোহাৰ অলপ বাঢ়িল। গণেশগুৰি আৰু গণেশ উদ্যানত বিহুত ভূপেন হাজৰিকা, খগেন মহন্তৰ পৰা জুবিন, জিতুললৈ সকলো। 

কিন্তু সমস্যা অলপ বাঢ়িছিল। সেই অঞ্চলৰ বেছিভাগ বয়োজ্যেষ্ঠ আৰু দোকানৰ মানুহেই আমাক নামে-ঘৰে জানিছিল। আৰু ইমানেই ভাল পাইছিল যে প্ৰায়ে ঘৰত, বাটত আমি কৰা নিষ্পাপ (!) ৰং-ধেমালিবোৰৰ সাক্ষী হোৱা মানুহবোৰে আখো দেখা হাল আহি  ঘৰত লগোৱা বাবে আমাৰ ওপৰত প]ৰায়ে  বা ১৪৪ ধাৰা মাজে মাজে লগোৱা হৈছিল। (Back to 80 and 90s)আনকি সেই সময়ত কেতিয়াবা কেতিয়াবা ব্লেক কেট আৰু নানা ধৰণৰ পুলিচেও বাটটোত নিষ্পাপভাৱে বহি থকা বাবে তেওঁলোকৰ হাতত থকা লাঠিৰে মাজে মাজে মাৰিবলৈ ধৰিলে।

(দূৰ)ভাগ্যক্ৰমে কটন আৰু মেডিকেলত ছিট পালোঁ। বাৰু, তেতিয়ালৈ ঘৰৰ পৰা গণেশগুৰিলৈ খোজ কাঢ়ি যাব পৰা বিধৰ আছিল।

 তেনেতে গণেশগুৰি ফ্লাই অভাৰ বনাবলৈ ধৰিলে। যান-জঁট আৰম্ভ হ'ল, যি হ'লেই! ২০০৩ চনত ডিব্ৰুগড় অভিমুখে গ'লোঁ।

তাৰ পিছত ইতিহাস।

ঘৰটোৱে আজি পুৰণি ইতিহাস বহন কৰি আছে যদিও যুগধৰ্মৰ লগতে survival ৰ বাবে নতুন ৰূপ ল'লে। এতিয়া সন্মুখত মেঘালয়ৰ পাহাৰ বা নৰকাসুৰ পাহাৰ দেখা নাপাওঁ। ছাদৰ ওপৰত উঠিলে কংক্ৰিট আৰু তাৰৰ মাজেৰে অৱশ্যে নৰকাসুৰ পাহাৰখন দেখা পাওঁ। কিন্তু তেতিয়া নৰকাসুৰ পাহাৰত গছ আছিল, মাজে মাজে শিয়াল আৰু ঘোং দেখা পোৱা গৈছিল। আৰু আজি...

Monday, 26 January 2026

অৱতাৰ

মাৰ্কিন ৰাষ্ট্ৰপতি কাণ্ড কাৰখানা দেখি There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মূখ্য অভিনেতা জন (Daniel Day-Lewis) ক্লাইমেক্সলৈ বাৰে বাৰে মনত পৰিছে ৰ সেই চৰিত্ৰটো — ক্ষমতাৰ শীৰ্ষত উঠি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই জুলীয়া সোণ বিচাৰি -তাক হস্তগত কৰি তেও চিঞৰিছিল “I am the third revelation.”
এনে লাগিছে যে পৃথিৱীখন নিজেই এটা metaphor হৈ পৰিছে। বিশ্বৰ ঘটনাবোৰ এনে ধৰণে আগবাঢ়িছে যেন ক্ষমতাই এতিয়া কেৱল শক্তি, আধিপত্য ৷ “হয় ল মোৰ বাট নহ’লে তই বৰবাদ” ধাৰণাত সকলো মেৰুৰ লোক খড়্গ হস্ত হৈ থাকে৷ বুদ্ধৰ মাজৰ বাট ধাৰণাতো লাহে লাহে নোহোৱাই হব ধৰিছে৷ অসমীয়া মাধ্যমত পঢ়িছিলোঁ , বেছি ইংৰাজী শব্দৰ
L Postino (The Postman) চিনেমাখন চাই থাকোঁতেই metaphor শব্দটোৰ গভীৰতা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ । মূলত প্ৰেমৰ কাহিনী, কিন্তু শব্দটোক গভীৰভাৱে অনুধাৱন কৰাইছিল! এই চিনেমাখনত ৫০ ৰ দশকত ৰাজনৈতিক কাৰণত নিৰ্বাসনত থকা বিখ্যাত কবি Pablo Neruda-ই এজন সাধাৰণ ডাক বাহকক কবিতাৰ উপমা বুজোৱাৰ চলেৰে দৰ্শকক প্ৰেম , উপমাৰ আৰু কবিতাৰ গভীৰতা চিনেমাৰ ভাষাৰে বুজাব ধৰিলে৷
কবিতাৰ সময় নোহোৱা হল – কিন্তু ৰিজাব পৰা বহু উদাহৰণ পোৱা গৈছে – কি মাৰ্কিন যুক্তৰাষ্ট্ৰ ( মিনিয়াপোলিচ) বা ইৰানৰ বাটত- এফালে চেপা উত্তেজনা সহ্য কৰিব নোৱাৰায়েই নে কি বাটলৈ ওলাই আহিছে আৰু ক্ষমতাৰ শিখৰত থকা জনে তাক দেশদ্ৰোহিতা বুলি নিশে:ষ কৰিব বিচাৰিছে ৷
পৃথিৱীখন পাগল হৈ গৈছেনে?
চাই থাকিলে, There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মানুহজন — Daniel Day-Lewis-ৰ সেই চৰিত্ৰটো — এতিয়া আৰু কল্পনাৰ দৰে নালাগে। চিনেমাখনত জুলীয়া সোণ খনিজ তেলৰ সন্ধান কৰা মানুহজনে চল বল কৌশলেৰে ক্ষমতা আৰু নিমন্ত্ৰণৰ শীৰ্ষত উঠি প্ৰতিনন্দীৰ মুৰত হাতুৰি মাৰি মাৰি চিঞৰিব ধৰিলে
“I am the third revelation.”
যেন ইতিহাস, ধৰ্ম আৰু নৈতিকতা সকলো তাৰ ওচৰতেই শেষ।
ইতিহাসৰ এটা ধৰিব পৰা চক্ৰত ঘূৰি থাকে প্ৰায় প্ৰতি ৭৫–১৫০ বছৰত?
এতিয়া সময়ৰ গতি তীব্ৰতৰ
আশা কৰোঁ, শেষটোও There Will Be Blood ৰ ধৰণৰেই হ’ব।
শেষত, নিজৰ বিজয়ৰ ধ্বংসাৱশেষৰ মাজত অকলশৰীয়া নায়ক জনে থিয় হৈ সি কয় —
“I’m finished.”
সম্ভৱতঃ এইটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ metaphor —
যেতিয়া উদ্দেশ্যৰ ঠাইত ক্ষমতা আহে,
সহানুভূতিৰ ঠাইত নিষ্কাশন আহে,
শেষটো ধুমুহাৰ দৰে নহয়…
শেষটো আহে খালী মন, শূন্যতা হৈ।

Sunday, 2 November 2025

মাৰীচ উপন্যাসৰ বিষয়ে চমু টোকা

কল্পনা , লোক শ্ৰুতি আৰু প্ৰকৃত ইতিহাস  মাজৰ ৰেখাডাল অতি ক্ষীণ -  সেয়ে দায়বদ্ধতা হিচাপে প্ৰকৃত ইতিহাস আৰু লোক শ্ৰুতি ৰ চৰিত্ৰবোৰ ইয়াতে উল্লেখ কৰাতো দৰকাৰ৷  মাৰীচ এক কল্প সাহিত্য-  ইতিহাস নহয়৷ যদিও  ইতিহাস আৰু লোককথাৰ বহু চৰিত্ৰ, সামাজিক পৰিস্থিতিয়ে উপন্যাসত ভূমুকি মাৰিছে  মাৰীচৰ মূল ঘটনা ভাগ কল্পনাপ্ৰসূত৷

উপন্যাসৰ  সচাঁ ঐতিহাসিক চৰিত্ৰ সমূহ হল- মহাৰাজ বিম্বিসাৰ , অজাতশত্ৰু , বৈশালীৰ যুৱৰাজদ্বয় -হ’ল- বিহল; কৌশলৰ ৰজা প্ৰসেনজিত ,  বৈশালীৰ নগৰবধু -অম্ৰপালী আৰু পটভূমিৰ পৰিমণ্ডল ত ঘুৰি ফুৰা কাপিল বস্তুৰ যুৱৰাজ সিদ্ধাৰ্থ যি কালক্ৰমত গৌতম বুদ্ধৰ নামেৰে জানাজাত হ’লগৈ ৷ বেছিভাগ কথা কালৰ গৰ্ভত হেৰাই পৰিছিল –৷ কিন্তু ১৮৩০ চনত জেমছ প্ৰিন্‌চেপ নামৰ এজন ইংৰাজ পণ্ডিতে  ভাৰতৰ ভিন্ন থাইৰ  শিলালিপিবোৰৰ অক্ষৰ গাঁথনি উদ্ধাৰ কৰিব সক্ষম হল ৷ তাৰপিচতে এলেক্সেণ্ডাৰ কানিংহাম নামৰ এজন নৃতত্ববিদে সাঁচি, সাৰনাথ, বুদ্ধগয়াৰ আদিত ধ্বংসস্তূপত পৰিণত হোৱা  কৃত স্তম্ভ সমূহত মহজনপদৰ হেৰুৱা কাহিনীক পুনৰ উদ্ধাৰ কৰোতেই উন্মোচিত হ’ল অশোক আৰু বুদ্ধৰ যুগৰ নানা পাহৰা কথা৷

 কিছুমান কথা লোক শ্ৰুতিৰ চলি আহাৰ দৰেই লেখা হৈছে -যেনে পাটৰাণীৰ সপোন,  অজাতশত্ৰু জন্ম পিতৃ হত্যা আদি৷ আনহাতে  মহাজন পদৰ গাঁথনি, সেই সময়ত মানুহৰ কেৱলীয়া শ্ৰৱণ হোৱাৰ হাবিয়াস, নগৰবধুৰ অম্ৰপালীৰ ৰুপৰ চৰ্চা  আদিৰ কথা পঢ়ি , শুনি  সেই সময়ৰ পট চিত্ৰ  মনত বহু আগৰে পৰা ভাহি আছিল৷ কৰ্মসূত্ৰত বহু বছৰ এই মহাজন পদৰ ভৌগলিক পটভূমি সমূহত  নিবাস আৰু  বিচৰণ কৰি শিলাখণ্ড বোৰ  চাক্ষুষ দৰ্শনৰ সময়ত  উপন্যাসৰ  চৰিত্ৰসমূহে মনত বাস্তৱৰ চৰিত্ৰে দৰে ঘুৰি ফুৰিব ধৰিছিল৷  কিন্তু  কোনো উপন্যাস লেখাৰ ধৃষ্ট সপোন কেতিয়াও দেখা নাছিলোঁ৷  পৰিকল্পনা আছিল এটা অতি চুটি গল্প ১২০০ৰ পৰা ১৫০০ শব্দৰ ভিতৰত ৷ সেই পৰিকল্পনাৰেই আৰম্ভ কৰা হ’ল মাৰীচ – কিন্তু অজানিতে মাৰিচৰ মায়াৰ প্ৰকোপ আৰু ‘প্ৰকাশ’ৰ সম্পাদক মণ্ডলীৰ উত্সাহত ই সঁচাকৈয়ে এখন  উপন্যাস হব ধৰিলে৷ পাঠকৰ সহৃদয়তাৰ বাবে অশেষ কৃতজ্ঞতা সকলোকে জনালোঁ৷

Thursday, 11 September 2025

কুকুৰ

যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ , ৫০০ -৯০০ শব্দৰ ৷ 

ইমান কম শব্দৰ ভিতৰত চুটি গল্প লিখাতো অতি কঠিন কাম৷  ২০২০ চনত এটা লিখিলোঁ বেলেগ এটি মেটাফৰ লৈ --- কোনোৱে বুজি নাপালে , কাৰো লগত কানেক্ট কিজানি কৰিব নোৱাৰিলে , আনহাতে বছৰত এটা গল্পৰ লিখিলেও যোৱা দহ বছৰত মই মন কৰিছো গল্পবোৰৰ দীঘল হ’বলৈ ধৰিছিল৷ 

উপন্যাস লিখাৰ সময় মোৰ নাই – দিনটোত ১২- ১৪ ঘন্টা কাম কৰো ভিন্ন বিষয়ত , ভাৰতৰ চুকে কোনে হাজাৰটা পেচা গত কামত যথেষ্ট চাপ লৈ ঘুৰিবও লগা হয় বাবে উপন্যাস লিখাৰ কল্পনা কৰাও ভুল মই যানো , গতিকে উপন্যাসৰ কল্পনাৰ পৰা দূৰতে থাকো ৷ সিংহদ্বাৰ নামৰ এখন উপন্যাস এখন মোৰ নামৰ লগত জৰিত হয় যদিও ই আচলতে  ১৫ বছৰীয়া পৰীক্ষামূলক গল্প প্ৰকল্পৰ সমাহাৰ৷ 

২০০২ মানত উপন্যাস লিখাৰ কথা ভাবিছিলোঁ যদিও -কেতিয়াও ইমান দীঘলীয়া সময়ৰ বাবে পৰম্পৰাগত উপন্যাস লিখাৰ ব্যাপাৰ তোক দূৰৰ পৰাই পৰি নমস্কাৰ কৰো কাৰণ লাহে লাগে পেচাগত কামৰ হেঁচা সৃজনিৰ তাড়নাৰ ওপৰত হাবি হব ধৰিলে –সেয়ে মৰিহৰি বছৰত এটা গল্প লিখিয়েই নিজকে সাৰ পানী দি চলাই যোৱা ক্ষান্ত আছিলোঁ৷

তেনেতে এক বছৰ আগতে মিহিৰ ডেউৰী দাদাৰ তাগিদাত দুবছৰ আগতে সেই কুকুৰ বিষয়ক গল্পটো লেখিব চেষ্টা কৰিছলোঁ প্ৰকাশ আলোচনীৰ বাবে - ,পাচ মাহত  পাচ হাজাৰ শব্দ হৈ গল কিন্তু কাহিনীতোৰ দহ শতাংশও  নহলগৈ৷  মিহিৰ দাৰ আগ্ৰহ আৰু কৃপাত গল্পটো উপন্যাসৰ ৰূপ ল’ব ধৰিলে আৰু যোৱা এবছৰতকৈও অধিক সময় মোৰ দিন-ৰাতি পেচাগত , মানসিক হেঁচাক খুচৰি একাকাৰ কৰিব ধৰিলে ৷ উপন্যাসৰ নাম #মাৰীচ , এতিয়ালৈ বাৰ খণ্ড প্ৰকাশ হৈছেগৈ, হয়তো ঈশ্বৰৰ কৃপা থাকিলেঅহা মাহত শেষ কৰিব পাৰিম ৷

এতিয়া কুকুৰ প্ৰসঙ্গলৈ ঘুৰি আহোঁ – উপন্যাস খনৰ যোৱা খণ্ডত (১২ নং ) যি কুকুৰৰ প্ৰসঙ্গ লৈ মই গল্প লেখাৰ কথাতো বহু বছৰৰ পৰা ভাবি আছিলো সেইতো ওলাই পৰিছে৷ আশাকৰো কিছু পাঠকে পঢ়িব পাৰিছে৷ এতিয়া মই মাথো তাৰ পিছৰ অংশ লেখি সিচঁৰিত কাহিনীটোৰ পৰিসমাপ্তি ঘটাব লাগে ৷  কি হব কেনেকৈ হব সকলো মই যানো -কিন্তু তাৰ লগে লগে সাংঘাতিক পেচাগত কামৰ হেঁচা, গোটেই ভাৰতৰ ইমুৰ সিমুৰ ঘুৰিব লগা হোৱাৰ লগতেই এটা বিমঙ্গলীয়া  ক্ৰিয়েটিঙ ব্লকে মোক হেচুকিব ধৰিছে ৷ সকলো লেখকৰে তেনেকুৱা হয় মাজে সময়ে  – লেখা তো বাদেই লেপটপ খুলিবই নোৱাৰা হৈছোঁ৷ 

পৰিত্ৰাণৰ বাবে  কিতাপ কেইখনমান কিনিলোঁ,কৰবাত হেড়োৱা চণ্দ ঘুৰাই পাৱেই বা !  এখন কিতাপৰ এটা স্তম্ভও মন লগাব পৰা নাই – দোষ কিতাপ কেইখনৰ নহয় , দোষ আজিৰ পৃথীবীৰ জীৱন শৈলীৰ ৷ এদিন পঢ়িম বুলি পেলাই থোৱা নতুন ক্ৰয়ৰ এখন কিতাপ আকৌ খুলি ল’লো - ফাইজ আহমেদ ফাইজৰ কবিতা৷  মই কবিতা পঢ়া বাদ দিছিলোঁ প্ৰায় যোৱা বিশ বছৰ আগতেই (দোষ পুনৰ মডাৰ্ণ জীৱন শৈলীয়ে আনি দিয়া কঠোৰতা )- কবিতাৰ ভিতৰলৈ সোমাবলৈ লগা সংবেনশীলতা মই  হেৰাই পেলাইছোঁ ৷ তাৰবাবেই কিজানি  কবিতাৰ পুথীৰ ব্যবসায় বৰ ভাল নহয় বুলি প]ৰকাশক সকলে কয় (আসম দেশততো যি কোনো পুথিৰেই ব্যবস্যায় ভাল নোহোৱাতো সকলোৰে মুখে মুখে)

কেতিয়াবা কবিতাৰ এটি শাৰিয়ে কাথত বনছাই গজাবলৈ সক্ষমতা ৰাখে  (কাচিত্ কেতিয়াবা! )– তেনেতে চকুত পৰিল ফাইজৰ  কুত্তে নামৰ কবিতাটোত ৷ পঢ়িয়েই অসমৰ অমূল্য বৰুৱাৰ কুকুৰ নামৰ কবিতাতো লৈ মনত পৰিল -১৯৯২ চনত পঢ়িছিলোঁ -কটন কলেজৰ একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে পঢ়া ৷ পঢ়ি এক শিহৰণ হৈছিল -কবিতাতো আৰু কবিৰ অতি কম বয়সতে ১৯৪৬ চনৰ কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হোৱা বুলি জানি৷ 

দুয়োটা কবিতা সমসাময়িক (৪০ৰ দশকৰ) – যদিও পৰবৰ্তী কালত ফাইজৰ কবিতাই  জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল , কবিতাৰ চুম্বকীয়  বিসম্বাদ ভাবধাৰাৰ বাবে তেও পাকিস্থানৰ মৌলবাদী তথা একনায়কত্ব বাদী শাসন ব্যৱস্থাই তেওঁক কাৰাগাৰ , দেশ  নিৰ্বাস  আদিতেই জীৱন গল ৷ 

ফাইজৰ কুত্তে আৰু  অমূল্য বৰুৱাৰ কুকুৰ (লগতে #মাৰীচৰ কুকুৰ) সাদৃশ্য কিছুমান মনলৈ আহিল ---- সেয়া প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ সময় – সেই পৰিবৰ্তনৰ সময়ত ভাৰত উপমহাদেশৰ পূৱ আৰু পশ্চিমৰ দুজন ডেকা কবিৰ মনৰ কথাৰ দুটি কবিতা বিষয়   কুকুৰ (বা …)

মনৰ কথাবোৰ ওকালি পেলাওঁ বুলি বহু দিনৰ মূৰত Macbook ৰ  কি পেদত অসমীয়া লিপি বোৰ খুলি  কৰি ল’লো৷

(আধুনিক জীৱনৰ পৰিহাস -খুব কম মানুহে হাতত কলম তুলি লয় আজিকালি )

তলত অমূল্য বৰুৱাৰ কুকুৰ ৰ লগতে ফাইজৰ কুত্তে গাঁঠি দিলোঁ৷  

কুকুৰ

অমূল্য বৰুৱা 

(১৯২২-১৯৪৬)

সউদল কুকুৰ

প্ৰত্যেকটো ৰাস্তাৰ

আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে

সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে

ৰস নাইকিয়া শুকান একোডোখৰ

জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;

নাইবা কোনোটোৰ মুখত

ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।

দুই-এটা ভাগ্যৱানৰ বাহিৰে

চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।

সিহঁতৰ পাছে পাছে ফুৰিছে

গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।

ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।

"অহিংসা পৰম ধৰম"

সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত

ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!

যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত

ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।

ক্ষুধাৰ তাড়না,

লোভৰ লেলাৱতি

আৰু চোকা দাঁতৰ কুট্ কুটনিত,

নীৰস হাড় আৰু লেকেটা চামৰাও হয়

সিহঁতৰ বাবে

সৰস আৰু 'প্ৰটিন'ৰ দৰে কোমল।

ইমান তৃপ্তি সিহঁতৰ!

দাঁতত পেলাই চোবোৱাৰ

নানা কৌণিক ভংগিমাৰে

সিহঁতে যেন আৰু জটিল কৰি দিয়ে

সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-

"আমি কেৱল খাবৰ বাবে জীছোঁ নে

আমি জীৱৰ বাবে খাইছো?"

কিন্তু, "খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা"

খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে

সিহঁতৰ অভাৱ!

জীৱৰ বাবে খাবলৈ

খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!

এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,

সিহঁত নিৰুপায়!

সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে

কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;

আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী

পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা

সকলোৱে যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ , ৫০০ -৯০০ শব্দৰ ৷ 

সকলোৱে সিহঁতক উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ – (১৯১১-১৯৮৪)

  উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ – (১৯১১-১৯৮৪): 

kuttey