Monday, 26 January 2026

অৱতাৰ

মাৰ্কিন ৰাষ্ট্ৰপতি কাণ্ড কাৰখানা দেখি There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মূখ্য অভিনেতা জন (Daniel Day-Lewis) ক্লাইমেক্সলৈ বাৰে বাৰে মনত পৰিছে ৰ সেই চৰিত্ৰটো — ক্ষমতাৰ শীৰ্ষত উঠি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই জুলীয়া সোণ বিচাৰি -তাক হস্তগত কৰি তেও চিঞৰিছিল “I am the third revelation.”
এনে লাগিছে যে পৃথিৱীখন নিজেই এটা metaphor হৈ পৰিছে। বিশ্বৰ ঘটনাবোৰ এনে ধৰণে আগবাঢ়িছে যেন ক্ষমতাই এতিয়া কেৱল শক্তি, আধিপত্য ৷ “হয় ল মোৰ বাট নহ’লে তই বৰবাদ” ধাৰণাত সকলো মেৰুৰ লোক খড়্গ হস্ত হৈ থাকে৷ বুদ্ধৰ মাজৰ বাট ধাৰণাতো লাহে লাহে নোহোৱাই হব ধৰিছে৷ অসমীয়া মাধ্যমত পঢ়িছিলোঁ , বেছি ইংৰাজী শব্দৰ
L Postino (The Postman) চিনেমাখন চাই থাকোঁতেই metaphor শব্দটোৰ গভীৰতা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ । মূলত প্ৰেমৰ কাহিনী, কিন্তু শব্দটোক গভীৰভাৱে অনুধাৱন কৰাইছিল! এই চিনেমাখনত ৫০ ৰ দশকত ৰাজনৈতিক কাৰণত নিৰ্বাসনত থকা বিখ্যাত কবি Pablo Neruda-ই এজন সাধাৰণ ডাক বাহকক কবিতাৰ উপমা বুজোৱাৰ চলেৰে দৰ্শকক প্ৰেম , উপমাৰ আৰু কবিতাৰ গভীৰতা চিনেমাৰ ভাষাৰে বুজাব ধৰিলে৷
কবিতাৰ সময় নোহোৱা হল – কিন্তু ৰিজাব পৰা বহু উদাহৰণ পোৱা গৈছে – কি মাৰ্কিন যুক্তৰাষ্ট্ৰ ( মিনিয়াপোলিচ) বা ইৰানৰ বাটত- এফালে চেপা উত্তেজনা সহ্য কৰিব নোৱাৰায়েই নে কি বাটলৈ ওলাই আহিছে আৰু ক্ষমতাৰ শিখৰত থকা জনে তাক দেশদ্ৰোহিতা বুলি নিশে:ষ কৰিব বিচাৰিছে ৷
পৃথিৱীখন পাগল হৈ গৈছেনে?
চাই থাকিলে, There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মানুহজন — Daniel Day-Lewis-ৰ সেই চৰিত্ৰটো — এতিয়া আৰু কল্পনাৰ দৰে নালাগে। চিনেমাখনত জুলীয়া সোণ খনিজ তেলৰ সন্ধান কৰা মানুহজনে চল বল কৌশলেৰে ক্ষমতা আৰু নিমন্ত্ৰণৰ শীৰ্ষত উঠি প্ৰতিনন্দীৰ মুৰত হাতুৰি মাৰি মাৰি চিঞৰিব ধৰিলে
“I am the third revelation.”
যেন ইতিহাস, ধৰ্ম আৰু নৈতিকতা সকলো তাৰ ওচৰতেই শেষ।
ইতিহাসৰ এটা ধৰিব পৰা চক্ৰত ঘূৰি থাকে প্ৰায় প্ৰতি ৭৫–১৫০ বছৰত?
এতিয়া সময়ৰ গতি তীব্ৰতৰ
আশা কৰোঁ, শেষটোও There Will Be Blood ৰ ধৰণৰেই হ’ব।
শেষত, নিজৰ বিজয়ৰ ধ্বংসাৱশেষৰ মাজত অকলশৰীয়া নায়ক জনে থিয় হৈ সি কয় —
“I’m finished.”
সম্ভৱতঃ এইটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ metaphor —
যেতিয়া উদ্দেশ্যৰ ঠাইত ক্ষমতা আহে,
সহানুভূতিৰ ঠাইত নিষ্কাশন আহে,
শেষটো ধুমুহাৰ দৰে নহয়…
শেষটো আহে খালী মন, শূন্যতা হৈ।

Sunday, 2 November 2025

মাৰীচ উপন্যাসৰ বিষয়ে চমু টোকা

কল্পনা লোক শ্ৰুতি আৰু প্ৰকৃত ইতিহাস  মাজৰ ৰেখাডাল অতি ক্ষীণ -  সেয়ে দায়বদ্ধতা হিচাপে প্ৰকৃত ইতিহাস আৰু লোক শ্ৰুতি ৰ চৰিত্ৰবোৰ ইয়াতে উল্লেখ কৰাতো দৰকাৰ৷  মাৰীচ এক কল্প সাহিত্য-  ইতিহাস নহয়৷ যদিও  ইতিহাস আৰু লোককথাৰ বহু চৰিত্ৰসামাজিক পৰিস্থিতিয়ে উপন্যাসত ভূমুকি মাৰিছে  মাৰীচৰ মূল ঘটনা ভাগ কল্পনাপ্ৰসূত৷

উপন্যাসৰ  সচাঁ ঐতিহাসিক চৰিত্ৰ সমূহ হল- মহাৰাজ বিম্বিসাৰ অজাতশত্ৰু বৈশালীৰ যুৱৰাজদ্বয় -হল- বিহলকৌশলৰ ৰজা প্ৰসেনজিত ,  বৈশালীৰ নগৰবধু -অম্ৰপালী আৰু পটভূমিৰ পৰিমণ্ডল ত ঘুৰি ফুৰা কাপিল বস্তুৰ যুৱৰাজ সিদ্ধাৰ্থ যি কালক্ৰমত গৌতম বুদ্ধৰ নামেৰে জানাজাত হলগৈ ৷ বেছিভাগ কথা কালৰ গৰ্ভত হেৰাই পৰিছিল ৷ কিন্তু ১৮৩০ চনত জেমছ প্ৰিন্‌চেপ নামৰ এজন ইংৰাজ পণ্ডিতে  ভাৰতৰ ভিন্ন থাইৰ  শিলালিপিবোৰৰ অক্ষৰ গাঁথনি উদ্ধাৰ কৰিব সক্ষম হল ৷ তাৰপিচতে এলেক্সেণ্ডাৰ কানিংহাম নামৰ এজন নৃতত্ববিদে সাঁচিসাৰনাথবুদ্ধগয়াৰ আদিত ধ্বংসস্তূপত পৰিণত হোৱা  কৃত স্তম্ভ সমূহত মহজনপদৰ হেৰুৱা কাহিনীক পুনৰ উদ্ধাৰ কৰোতেই উন্মোচিত হল অশোক আৰু বুদ্ধৰ যুগৰ নানা পাহৰা কথা৷

 কিছুমান কথা লোক শ্ৰুতিৰ চলি আহাৰ দৰেই লেখা হৈছে -যেনে পাটৰাণীৰ সপোন,  অজাতশত্ৰু জন্ম পিতৃ হত্যা আদি৷ আনহাতে  মহাজন পদৰ গাঁথনিসেই সময়ত মানুহৰ কেৱলীয়া শ্ৰৱণ হোৱাৰ হাবিয়াসনগৰবধুৰ অম্ৰপালীৰ ৰুপৰ চৰ্চা  আদিৰ কথা পঢ়ি শুনি  সেই সময়ৰ পট চিত্ৰ  মনত বহু আগৰে পৰা ভাহি আছিল৷ কৰ্মসূত্ৰত বহু বছৰ এই মহাজন পদৰ ভৌগলিক পটভূমি সমূহত  নিবাস আৰু  বিচৰণ কৰি শিলাখণ্ড বোৰ  চাক্ষুষ দৰ্শনৰ সময়ত  উপন্যাসৰ  চৰিত্ৰসমূহে মনত বাস্তৱৰ চৰিত্ৰে দৰে ঘুৰি ফুৰিব ধৰিছিল৷  কিন্তু  কোনো উপন্যাস লেখাৰ ধৃষ্ট সপোন কেতিয়াও দেখা নাছিলোঁ৷  পৰিকল্পনা ছিল এটা অতি চুটি গল্প ১২০০ৰ পৰা ১৫০০ শব্দৰ ভিতৰত ৷ সেই পৰিকল্পনাৰেই আৰম্ভ কৰা হল মাৰীচ  কিন্তু জানিতে মাৰিৰ মায়াৰ প্ৰকোপ আৰু প্ৰকাশৰ সম্পাদক মণ্ডলীৰ উত্সাহত ই সঁচাকৈয়ে এখন  উপন্যাস হব ধৰিলে৷ পাঠকৰ সহৃদয়তাৰ বাবে অশেষ কৃতজ্ঞতা সকলোকে জনালোঁ৷

Thursday, 11 September 2025

কুকুৰ

যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ ৫০০ -৯০০ শব্দৰ ৷ 

ইমান কম শব্দৰ ভিতৰত চুটি গল্প লিখাতো অতি কঠিন কাম৷  ২০২০ চনত এটা লিখিলোঁ বেলেগ এটি মেটাফৰ লৈ --- কোনোৱে বুজি নাপালে কাৰো লগত কানেক্ট কিজানি কৰিব নোৱাৰিলে আনহাতে বছৰত এটা গল্পৰ লিখিলেও যোৱা দহ বছৰত মই মন কৰিছো গল্পবোৰৰ দীঘল হবলৈ ধৰিছিল৷ 

উপন্যাস লিখাৰ সময় মোৰ নাই  দিনটোত ১২- ১৪ ঘন্টা কাম কৰো ভিন্ন বিষয়ত ভাৰতৰ চুকে কোনে হাজাৰটা পেচা গত কামত যথেষ্ট চাপ লৈ ঘুৰিবও লগা হয় বাবে উপন্যাস লিখাৰ কল্পনা কৰাও ভুল মই যানো গতিকে উপন্যাসৰ কল্পনাৰ পৰা দূৰতে থাকো ৷ সিংহদ্বাৰ নামৰ এখন উপন্যাস এখন মোৰ নামৰ লগত জৰিত হয় যদিও ই আচলতে  ১৫ বছৰীয়া পৰীক্ষামূলক গল্প প্ৰকল্পৰ সমাহাৰ৷ 

২০০২ মানত উপন্যাস লিখাৰ কথা ভাবিছিলোঁ যদিও -কেতিয়াও ইমান দীঘলীয়া সময়ৰ বাবে পৰম্পৰাগত উপন্যাস লিখাৰ ব্যাপাৰ তোক দূৰৰ পৰাই পৰি নমস্কাৰ কৰো কাৰণ লাহে লাগে পেচাগত কামৰ হেঁচা সৃজনি তাড়নাৰ ওপৰত হাবি হব ধৰিলে সেয়ে মৰিহৰি বছৰত এটা গল্প লিখিয়েই নিজকে সাৰ পানী দি চলাই যোৱা ক্ষান্ত আছিলোঁ৷

তেনেতে এক বছৰ আগতে মিহিৰ ডেউৰী দাদাৰ তাগিদাত দুবছৰ আগতে সেই কুকুৰ বিষয়ক গল্পটো লেখিব চেষ্টা কৰিছলোঁ প্ৰকাশ আলোচনীৰ বাবে - ,পাচ মাহত  পাচ হাজাৰ শব্দ হৈ গল কিন্তু কাহিনীতোৰ দহ শতাংশও  হলগৈ৷  মিহিৰ দাৰ আগ্ৰহ আৰু কৃপাত গল্পটো উপন্যাসৰ ৰূপ লব ধৰিলে আৰু যোৱা এবছৰতকৈও ধিক সময় মোৰ দিন-ৰাতি পেচাগত মানসিক হেঁচাক খুচৰি একাকাৰ কৰিব ধৰিলে ৷ উপন্যাসৰ নাম #মাৰীচ এতিয়ালৈ বাৰ খণ্ড প্ৰকাশ হৈছেগৈ, হয়তো ঈশ্বৰৰ কৃপা থাকিলেঅহা মাহত শেষ কৰিব পাৰিম ৷

এতিয়া কুকুৰ প্ৰসঙ্গলৈ ঘুৰি আহোঁ  উপন্যাস খনৰ যোৱা খণ্ডত (১২ নং ) যি কুকুৰৰ প্ৰসঙ্গ লৈ মই গল্প লেখা কথাতো বহু বছৰৰ পৰা ভাবি আছিলো সেইতো ওলাই পৰিছে৷ আশাকৰো কিছু পাকে পঢ়িব পাৰিছে৷ এতিয়া মই মাথো তাৰ পিছৰ অংশ লেখি সিচঁৰিত কাহিনীটোৰ পৰিসমাপ্তি ঘটাব লাগে ৷  কি হব কেনেকৈ হব সকলো মই যানো -কিন্তু তাৰ লগে লগে সাংঘাতিক পেচাগত কামৰ হেঁচাগোটেই ভাৰতৰ ইমুৰ সিমুৰ ঘুৰিব লগা হোৱাৰ লগতেই এটা বিমঙ্গলীয়া  ক্ৰিয়েটিঙ ব্লকে মোক হেচুকিব ধৰিছে ৷ সকলো লেখকৰে তেনেকুৱা হয় মাজে সময়ে   লেখা তো বাদেই লেপটপ খুলিবই নোৱাৰা হৈছোঁ৷ 

পৰিত্ৰাণৰ বাবে  কিতাপ কেইখনমান কিনিলোঁ,কৰবাত হেড়োৱা চণ্দ ঘুৰাই পাৱেই বা !  এখন কিতাপৰ এটা স্তম্ভও মন লগাব পৰা নাই  দোষ কিতাপ কেইখনৰ নহয় দোষ আজিৰ পৃথীবীৰ জীৱন শৈলীৰ ৷ এদিন পঢ়িম বুলি পেলাই থোৱা নতুন ক্ৰয়ৰ এখন কিতাপ আকৌ খুলি ললো ফাইজ আহমেদ ফাইজৰ কবিতা৷  মই কবিতা পঢ়া বাদ দিছিলোঁ প্ৰায় যোৱা বিশ বছৰ আগতেই (দোষ পুনৰ মডাৰ্ণ জীৱন শৈলীয়ে আনি দিয়া কঠোৰতা )- কবিতাৰ ভিৰলৈ সোমাবলৈ লগা সংবেনশীলতা মই  হেৰাই পেলাইছোঁ ৷ তাৰবাবেই কিজানি  কবিতাৰ পুথীৰ ব্যবসায় বৰ ভাল নহয় বুলি প]ৰকাশক সকলে কয় (আসম দেশততো যি কোনো পুথিৰেই ব্যবস্যায় ভাল নোহোৱাতো সকলোৰে মুখে মুখে)

কেতিয়াবা কবিতাৰ এটি শাৰিয়ে কাথত বনছা গজাবলৈ সক্ষমতা ৰাখে  (কাচিত্ কেতিয়াবা! ) তেনেতে চকুত পৰিল ফাইজৰ  কুত্তে নামৰ কবিতাটো ৷ পঢ়িয়েই অসমৰ মূল্য বৰুৱাৰ কুকুৰ নামৰ কবিতাতো লৈ মনত পৰিল -১৯৯২ চনত পঢ়িছিলোঁ -কটন কলেজৰ একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে পঢ়া ৷ পঢ়ি এক শিহৰণ হৈছিল -কবিতাতো আৰু কবিৰ তি কম বয়সতে ১৯৪৬ চনৰ কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হোৱা বুলি জানি৷ 

দুয়োটা কবিতা সমসাময়িক (৪০ৰ দশকৰ)  যদিও পৰবৰ্তী কালত ফাইজৰ কবিতাই  জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল কবিতাৰ চুম্বকীয়  বিসম্বাদ ভাবধাৰাৰ বাবে তেও পাকিস্থানৰ মৌলবাদী তথা একনায়কত্ব বাদী শাসন ব্যৱস্থাই তেওঁক কাৰাগাৰ দেশ  নিৰ্বাস  আদিতেই জীৱন গল ৷ 

ফাইজৰ কুত্তে আৰু  অমূল্য বৰুৱাৰ কুকুৰ (লগতে #মাৰীচৰ কুকুৰ) সাদৃশ্য কিছুমান মনলৈ আহিল ---- সেয়া প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ সময়  সেই পৰিবৰ্তনৰ সময়ত ভাৰত উপমহাদেশৰ পূৱ আৰু পশ্চিমৰ দুজন ডেকা কবিৰ মনৰ কথাৰ দুটি কবিতা বিষয়   কুকুৰ (বা …)

মনৰ কথাবোৰ ওকালি পেলাওঁ বুলি বহু দিনৰ মূৰত Macbook ৰ  কি পেদত অসমীয়া লিপি বোৰ খুলি  কৰি ললো৷

(আধুনিক জীৱনৰ পৰিহাস -খুব কম মানুহে হাতত কলম তুলি লয় আজিকালি )

তলত অমূল্য বৰুৱাৰ কুকুৰ ৰ লগতে ফাইজৰ কুত্তে গাঁঠি দিলোঁ৷  

কুকুৰ

অমূল্য বৰুৱা 

(১৯২২-১৯৪৬)

সউদল কুকুৰ

প্ৰত্যেকটো ৰাস্তাৰ

আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে

সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে

ৰস নাইকিয়া শুকান একোডোখৰ

জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;

নাইবা কোনোটোৰ মুখত

ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।

দুই-এটা ভাগ্যৱানৰ বাহিৰে

চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।

সিহঁতৰ পাছে পাছে ফুৰিছে

গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।

ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।

"অহিংসা পৰম ধৰম"

সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণহিংসামত্ত সমাজত

ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!

যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত

ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।

ক্ষুধাৰ তাড়না,

লোভৰ লেলাৱতি

আৰু চোকা দাঁতৰ কুট্ কুটনিত,

নীৰস হাড় আৰু লেকেটা চামৰাও হয়

সিহঁতৰ বাবে

সৰস আৰু 'প্ৰটিন'ৰ দৰে কোমল।

ইমান তৃপ্তি সিহঁতৰ!

দাঁতত পেলাই চোবোৱাৰ

নানা কৌণিক ভংগিমাৰে

সিহঁতে যেন আৰু জটিল কৰি দিয়ে

সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-

"আমি কেৱল খাবৰ বাবে জীছোঁ নে

আমি জীৱৰ বাবে খাইছো?"

কিন্তু, "খোৱাপিয়া আৰু স্ফূৰ্তি কৰা"

খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে

সিহঁতৰ অভাৱ!

জীৱৰ বাবে খাবলৈ

খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!

এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,

সিহঁত নিৰুপায়!

সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে

কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;

আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী

পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা

সকলোৱে যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ ৫০০ -৯০০ শব্দৰ ৷ 

সকলোৱে সিহঁতক উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ  (১৯১১-১৯৮৪)

  উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ  (১৯১১-১৯৮৪): 

kuttey