Showing posts with label সিংহদ্বাৰ. Show all posts
Showing posts with label সিংহদ্বাৰ. Show all posts

Wednesday, 22 November 2023

দহ জন পঢ়ুৱৈ (Ship of Theseus)





মানুহে পঢ়িব পাহৰিলে নেকি হয়তো পাহৰা নাই কিন্তু পৰিবৰ্তিত সময়ত  ৰুচিৰো পৰিবৰ্তন হৈছে৷ আগৰ দৰে পঢ়িবলৈ স্বভাৱগত ভাবে অ’হা স্তব্ধ সময়বোৰ আমাৰ হাতত নাই৷ দেওবাৰৰ দুপৰীয়াপূজা বিহুৰ বন্ধৰ শেষ নোহোৱা সময় যত পূজা বিহু সংখ্যাৰ বিশেষ সাহিত্য আলোচনী নহলে পঢ়িম বুলি ভাবি থকা এখন মোটা কলেৰ কিতাপে সঙ্গী হৈ মনটোক  দৰকাৰ হোৱা কল্পনা চিন্তাৰ খোৰাক জগাইছিল৷

 

এতিয়া সেই সময়বোৰ কাঢ়ি লৈছে ছোছিয়েল মেডিয়াৰ সৰু সৰু ভিডিঅ নহলে ট্ৰফিক বা মলৰ অনৰ্গল কোলাহলে৷ চাকৰি আৰু জীৱনৰ আনবোৰ মেৰপেতো আঁচেই ৷ 

 

পঢ়িম কেতিয়া পঢ়িম কি?

 

সেইবাবেই এখন কিতাপৰ প্ৰতি থকা মানুহৰ প্ৰত্যাশাত পঠন যোগ্যতা সোমাই পৰিল নেকিএতিয়া পঠন যোগ্যতা মানে কি ?

উপমা হীন চুটি বাক্যপোনপটীয়া উপস্থাপন আৰু এক গতিশীল ভাৱ প্ৰকাশ তেনে এটা জনমত গঠন কৰাৰ প্ৰচেষ্টা চলি আছে৷ এনেধৰণৰ কথা খাদ্য প্ৰেমী সকলৰ মাজতো দেখা যায়৷ তুঁহ থকা আটাউখোৱা চাউলত বা বাজৰাতকৈ   -ময়দাৰে বনোৱা ৰুটিৰ সোৱাদ বেছি জনপ্ৰিয় তাৰমানে ই স্বাস্থ্যৰ বাবেও ভাল হব পাৰে নে?

কিন্তু যদি লেখকৰ ভাৱ প্ৰকাশত বহু প্ৰলেপ আছে যাক বুজিবলৈ সেই স্তৰৰ মনস্তাত্বিক অৱস্থাক আনুধান কৰিব পাৰিব লাগিব তেন্তে কোনো পাঠকৰ সেই ভাৱনাৰ স্তৰলৈ গতি কৰাৰ সময় হবনে?

 

তেতিয়াই লেখক সকলৰ মাজত এই  লাখ টকীয়া সংশয় সোমাই পৰিছে :- যুগৰ আবাহনৰ মতে ভাৱ প্ৰকাশ কৰিব নে নিজৰ মনত থকা ভাব প্ৰকাশৰ মাধ্যমৰ সহায় ল?

 

মোৰ প্ৰকাশিত দ্বিতীয় গ্ৰন্থখনৰ প্ৰকাশৰ পিছতো তেনে কিছু ভাৱ মনলৈ আহিছিল৷ মই মন কৰিছিলোঁ কিতাপখন সংগ্ৰহ কৰা বেছিভাগ মানুহেই মোক সাংঘাতিক ভাবে এৰাই চলাৰ চেষ্টা কৰা যেন ভাৱ হৈছিল৷ কাৰোবাক কিবা বেলেগ এটা কাৰণত ফোন কৰিলেও আন পিনৰ মানুহজনে মোক এৰাব খোজা ভাবতো প্ৰকট হৈ পৰে৷ সম্ভৱত মই কিতাপখন পঢ়িলে নে কেনে পালে এনে ধৰণৰ প্ৰশ্ন কৰিম বুলি নেকিতেতিয়াৰ  এখন জনপ্ৰিয় অসমীয়া চিনেমাত এজন কবিৰ কমিক চৰিত্ৰ এটা আছিল বাটে ঘাটে মানুহক ধৰি কবিতা শুনায় ,তাকে লৈ চহৰত কবিতাৰ সন্ত্ৰাস! প্ৰায় এবছৰলৈ এজন মানুহো বিচাৰি পোৱা নাছিলোঁ যি গ্ৰন্থখন পঢ়ি মোৰ লগত পঢ়ুৱৈৰ দৰে কথা পাতিছিল৷ কিতাপখন প্ৰকাশ হোৱাৰ  সাতমাহ মান পিছত  দুই এজন মানুহ পালো যাৰ লগত কথা পাতি বুজিলোঁ যে তেওঁলোকে পঢ়ি শেষ কৰিব পাৰিছে ,  ডায়েৰিৰ পাতত তেনে নামটো লিখি থোৱা হৈছিলোঁ সংখ্যা হৈছিল গৈ ৬ নে ৭ জন!  পিছত নিজকে সান্তনা দিবলৈ মনোজ কুমাৰ গোস্বামীৰ বহু পঠিত পাছন বন্ধুত মৃত্যুৰ সময়ত লগ দিয়া পাছ জন বন্ধুৰ ৰে ১০ জন পঢ়ুৱৈ হলেই গ্ৰন্থখনত দিয়া ১৫ বছৰীয়া কষ্ট সাৰ্থক হব বুলি নিজকে সান্তনা দিলোঁ৷

 

এই cliche প্ৰশ্নটোক আনুধান কৰিলো -লেখকে লিখে কিয়

নিজৰ ভিতৰৰ তাণাক বাহিৰ কৰিবলৈ নে পঢ়ুৱৈ আৰু সমাজৰ পৰা বা: বা: লবলৈ

 

নিশ্চয়েই নিজৰ মনৰ তাণাক শব্দ আৰু বাক্যৰ ৰূপ দিবলৈ৷ কিন্তু তাতেই কাৰবাৰটো শেষ হৈ থকাতো উচিত নেকিজানি নহয় সেয়ে বেছিভাগ  লেখকে বিছাৰে মানুহে তেওৰ কিতাপ পঢ়ক ,মতামত দিয়ক ৷ তাৰে কিছুমানে অধিকাৰ হিছাপে সোধে, কিছুমানে আকাৰে ইঙ্গীতে (আৰু সৰহ সংখ্যকেই কোনো ধৰণৰ criticism সহ্য কৰিব নোৱাৰে) কিন্তু এই  positive feedback (বা:বা:) টো লিখো কয় প্ৰশ্নতোৰ উত্তৰ নহয়৷  

তেনেহলে লেখকে লিখে কিয়?  

এদিন Country Music ৰ কিংবদন্তী জন ডেনভাৰৰ এটা লাইভ কনচাৰ্টৰ ভিডিওত তেও মনৰ কথাটো কৈ দিয়া যেন লাগিল৷ তেও কৈছিল   The purpose of my music is to communicate 

হয় ঠিক কথা কিন্তু সমস্যাটো হৈছে communication now a  days is full of noise ,  মানুহক দোষ দিলে কি হব মই নিজেই এই কোলাহলৰ চক্ৰ বেহুত জৰ্জৰিত৷  কিতাপ সংগ্ৰহ কৰো ,  পঢ়িবলৈ মনো যায় কিন্তু কত সেই সময়  চাকৰি সংসাৰক্লান্তিৰ ভ্ৰমণ অৱসাদ তাৰ মাজত কমা সময় পালে খঙ আৰু ক্ষোভবোৰ ফেচবুক টুইটাৰ (মানে ) অদিৰ অনৰ্গল আফিঙৰ সোৱাদত মদ-মত্ত হৈ ৰাতিলৈ ঊন্মত্ব গ্লাণিত নিদ্ৰাহীনতাত ভুগিব লগা হয়৷

তেনে এক সময়তে পঢ়িবলৈ লৈছিলোঁ -জালি কটা জুই 

অৱসাদ ভৰা মনেৰে কিতাপখন পঢ়িবলৈ লওঁ হয় কিন্তু আগ বাঢ়িব নোৱাৰো ভাষা চিকুন কথনতো লেখকৰ নিজস্বতা আছেহয়তো pulp fiction পঢ়ুৱৈৰ বাবে পঠন যোগ্যতাক লৈ প্ৰশ্ন আছে৷ সেই বাবেই মোৰ সিংহদ্বাৰ প্ৰকাশৰ পিছত আহা ভাৱবোৰ আহিবলৈ ধৰিলে৷ লেখকে নিস্তাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছেলেখন বা গল্পবোৰো কোনো ধৰৰ আসোঁৱাহ নাইআকল সমস্যাতো হল যিতো গভীৰ ভাবলৈ লেখকে গতি কৰিছে সেই গভীৰতালৈ সোমাই পৰিবলৈ পঢ়ুৱৈ হিচাপে মোৰ নিস্তা আগ্ৰহ বা সময়ৰ অভাৱ৷ 

এতিয়া মই নিছে পাঠক হিচাপে যদি serious হব নোৱাৰো মই পঢ়ুৱৈৰ পৰা seriousness কেনেকৈ দবী কৰিব পাৰো? 

দোষটো কাৰ ?

 

তেনেতে খবৰ পালো -   ২০২৩ বৰ্ষৰ ২৯ সংখ্যক 'মুনীন বৰকটকী সাহিত্য বঁটা' 'জাল কটা জুইশীৰ্ষক চুটি গল্পৰ বাবে নয়ন জ্যোতি শৰ্মালৈ আগ বঢ়োৱা হৈছে৷ 

 

ওঁঠ টিপি হাহিলো হিলো  কাৰ ২০১৬ চনৰ শেষত যেতিয়া সিংহদ্বাৰলৈ এই বটা আগবঢ়োৱা হৈছিল মোৰ মনলৈ আহিছিল এই গনি ৷ বিচাৰক কোন নাজানোঁ কিন্তু নিশ্চয় তিনিজন তো হব লাগেবটাৰ বাবে নিৰ্বাচিত কৰিছে মানে তেওঁলোকে নিশ্চয় গ্ৰন্থখন পচিব পাৰিছে৷ মানে ৭+৩=১০ 

মোৰ সিংহদ্বাৰ লেখাৰ কাৰবাৰতো তাৰমানে বৃথা নগল৷

 

 

 পলম কৈ হলেও নয়ন জ্যোতি শৰ্মালৈ অভিনন্দন ৷

 

 

বি দ্ৰ :এতিয়া ডায়েৰিত গনা বাদ দিছোঁ ,  লিখি গলে কিজানি  ভালে সংখ্যক সংখ্যা একত্ৰিত হলে হয়৷ সমস্যাটোৰ হয়তো কোনো fool proof solution নাই, লেখকৰ দৰেই পঢ়ুৱৈ সকলো অৰ্ন্তমূখী, কিন্তু সেই দহজন পঢ়ুৱৈয়ে পঢ়ি অনুভৱ কৰা গ্ৰন্থ সুখনৰ কথা , আন মানুহক জনালে হয়তো পঢ়া কাৰবাৰতোৰ ধ্ৰুপদী গুনবোৰ আৰু কেইদিনমানলৈ বাছি থাকিব সক্ষম হব৷    


সিংহদ্বাৰ : আমাজন 

                ফ্লিপকাৰ্ট 

Friday, 17 December 2021

নিকলাচ ৰ ‘ৰিকৰ আৰু সিংহদ্বাৰ


 

নিকলাচ ৰ ‘ৰিকৰ (১৮৭৪-১৯৪৭) জন্মসূত্ৰে ৰাছিয়াৰ যদিও জীৱনৰ সুদীৰ্ঘ চাৰিটা দশক তেও ভাৰতৰ কুলু ঘৰ কৰি লৈছিল৷ কুলুৰ নগ্গৰ চহৰৰ মানুহৰ বাবে তেও এতিয়াও মহৰ্ষি৷ সমগ্ৰ বিশ্বতে থকা অনুগামী সকলৰ মাজত তেও হিমালয়ৰ হাজাৰ বিজাৰ ছবিতাৰ আগৰ সমগ্ৰ বিশ্বতে বিয়পি থকা ছবি ,গ্ৰন্থদৰ্শন আৰু বিখ্যাত পৰিয়ালৰ সদস্য চকলৰ বাবে জনা যাত (অন্তৰীক্ষৰ এটি তৰা এই বিখ্যাত পৰিয়ালৰ নামত উৎসৰ্গীত তেওঁৰ পুত্ৰ  Svetoslav ৰ পদ্ম বটা বিজয়ী আৰু এটা বলিউড সম্পৰ্কও আছে )

 

মোৰ দ্বিতীয় গ্ৰন্থ -সিংহদ্বাৰ (ৰচনাকাল ২০০০- ২০১৩/১৪) নিকলাচ ৰ ‘ৰিকৰ জীৱন দৰ্শন আৰু ১৯২৩ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত প্ৰথম প্ৰদৰ্শন কৰা ছবিৰ শৃঙ্খল : চাংক্টাৰ প্ৰভাৱ আছে৷ সিংহদ্বাৰে ২০১৬ মুনিন বৰকটকী সাহিত্য বটা পোৱাৰ পিছত প্ৰায় এবছৰৰ ভিতৰতে গ্ৰন্থখন পাবলৈ নোহোৱা হল৷ আজি সুদীৰ্ঘ ৬ বছৰ পিছত পূৰ্বায় প্ৰকাশনে কিতাপখনৰ ২য় প্ৰকাশ কৰি উলিয়াইছে ৷ সেই উপলক্ষে ৰৰিকৰ ৰ চাঙ্কটা শৃঙ্খল আৰু সিংহদ্বাৰৰ মাজৰ সম্পৰ্ক ৰূপে এই ভিডিও৷

Wednesday, 22 March 2017

মানপত্র মুনীন বৰকটকী সাহিত্য বঁটা,২০১৬


বটাঁ


মানপত্র


 

 

মানপত্র

মুনীন বৰকটী সাহিত্য বঁটা,২০১৬
ডা ভাস্কৰ ঠাকুৰীয়া

প্রিয়বৰেষু
সু-সাহিত্যিক, সমালোচক, সাংবাদিক মুনীন বৰকটকী (১৯১৫-৯৩) ৰ পবিত্র
স্মৃতিত স্থাপিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা ২০১৬ বর্ষৰ
মুনীন বৰকটকী সাহিত্য বটা আপোনাৰ সিংহদ্বাৰ শীর্ষক উপন্যাসৰ বাবে
আপোনালৈ আগবঢ়াবলৈ পাই আমি আনন্দিত।
আমাৰ সাহিত্যত নতুন পোহৰসন্ধানী সাহিত্য সৃষ্টিৰ প্রতিশ্রুতি বহন কৰিছে
আপোনাৰ-সিংহদ্বাৰ এ।প্রচলিত ধাৰণাৰ পৰা আঁতৰি নতুন আংগিক-প্রকৃতিৰে
গঢ় দি কাহিনীকক সম্ভৱনাময়  নেৰেটিভ কৰাৰ প্রয়াস হিচাপে সিংহদ্বাৰ
ব্যতিক্রম।অন্তর্মুখী যাত্রিকৰ এক আপোচবিহীন অভিব্যক্তি এই উপন্যাস। সৃষ্টি
স্বাধীন,লেখক মাথোঁ চাৰোগেট মাতৃ ধাৰণাতদৃহভাবে বিশ্বাসী আপুনি। চিত্র উপন্যাসৰ কিছু উপাদান সংযোজন,চিহ্ণাত্মক পৰিবেশনৰ মাজেৰে আপুনি উপন্যাসখনক অন্য এক আয়তন দান কৰিছে।উত্তৰ আধুনিক উপন্যাসৰ বহুবোৰ
লক্ষণেৰে সমৃদ্ধ আপোনাৰ উপন্যাসৰ কাহিনীভাগৰ কথা আয়োজনত বিভিন্ন অসোঁৱাহ চকুত পৰিলেও এই বৌদ্ধিক প্রচেষ্টা নি:সন্দেহে প্রশংসনীয়।
২০১৬ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজেতা হিচাপে আপোনাক আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ।আশকৰোঁ আপোনাৰ সাহিত্য সাধনা
ধাৰাবাহিক,গভিৰতৰ আৰু দায়িত্বশীল কৰাত পুৰস্কাৰটিয়ে কিঞ্চিৎ হলেও
অনুপ্রৰণা যোগাব। আন্তৰিক প্রীতি আৰু শুভকামনাৰে
মুনীন বৰকটকী ন্যাসৰ হৈ

ৰেনুকাদেৱী বৰকটকী
পঞ্চবটী,গোপিনাথ বৰদলৈ পথ
শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩
২৭ ফাগুন,১৯৩৮ শকাব্দ (১১ মার্চ,২০১৭ খ্রীষ্টাব্দ)



Saturday, 17 September 2016

সিংহদ্বাৰৰ পৰ্য্যালোচনা দৈনিক অসম ,১৬/০৯/২০১৬


লেখকৰ অসমীয়া উপন্যাস সিংহদ্বাৰৰ পৰ্য্যালোচনা :বিশ্বজ্যোতি চাংকাকতি ,দৈনিক অসম ,১৬/০৯/২০১৬

"..ভাস্কৰ ঠাকুৰীয়াৰ অপুর্ব সৃষ্টি “সিংহদ্বাৰ” ..
...লেখকে সম্পুর্ণ অগতানুগতিকভাবে ৰচনা কৰা উপন্যাস এই ‘সিংহদ্বাৰ’। সম্পুর্ণৰূপে ৰহস্যৰ মকৰাজাল মেলি লেখকে উপন্যাসখন ৰচনা কৰিছে যদিও এই উপন্যাসখন কিন্তু ৰহস্য কাহিনী নহয়।..সেয়ে এই উপন্যাসখন ‘ছিৰিয়াছ’ পাঠকৰ বাবেহে উপযোগী বুলি কব পাৰি..কাৰণ উপন্যাসখন পঢ়িলে যেতিয়ালৈকে নিজেই এটা চৰিত্র হৈ পৰা নাযায় তেতিয়ালৈ উপন্যাসখন কাৰো বোধগম্য নহব...সঁচা কথা কবলৈ গলে উপন্যাসৰ কাহিনী বুজি বিজিও শেষত বুজিব নোৱাৰা ধৰণৰ।জিলাপীৰ পাকৰ দৰে পথৰ মাজত পথ হেৰুৱাই পুণৰ আগৰ স্থানত উপনীত হৈ পদযাত্রী বিভ্রান্ত হৈ পৰে ঠিক তেনদৰেই এই উপন্যাসৰ কাহিনীয়েও পাঠকক কলৈ নিয়ে কোৱা টান..এই অগতানুগতিক উপন্যাসখনে ‘ছিৰিয়াছ’ পাঠকক ভিন্নধর্মী স্বাদ দিব বুলি আমি নিশ্চিত। "





Tuesday, 30 August 2016

দৈনিক জনমভূমিত সিংহদ্বাৰৰ



দৈনিক জনমভূমিত সিংহদ্বাৰৰ ওপৰত আলোকপাত ,২৭/০৮/২০১৬ 

ঠাকুৰীয়াৰ গল্পবোৰ যে ‘অভিভূত কৰিব পৰা’  আৰু  ‘আনন্দদায়ক’ সেই কথা জনাৰ উপৰিও আৰু এটা কথা জানিবলৈ পাও যে তেও ‘নতুন গঢ়পিত দিব খুজিছে’; সেয়ে প্রশ্ন উথ্থাপন হৈছে ‘পাঠক সাজুনে’ বুলি।সদ্য প্রকাশিত ‘সিংহদ্বাৰ’তো পাঠকে নতুনত্বৰ সোৱাদ পাব। ...গল্পবোৰ যদিও স্বাধীন এইবোৰ কিন্তু সমান্তৰাল কথন শৈলীৰ উদাহৰণ।সেই চৰিত্রসমুহৰ ঘাত-প্রতিঘাতক একেদাল সূতাৰে বান্ধি প্রস্তুত কৰা হৈছে সিংহদ্বাৰ।