Monday 30 March 2015

অসমীয়া হাইকু 2 (アッサム語 俳句 )







দাবী বোৰ নো কি?
মাথো যাঁও আগুৱাই,
কাল-গর্ভত মিছিল
 ______



2



গঙ্গা তীৰত গেৰুৱা বিশ্রাম
বতাহত ঘাম শুকুৱা স্তব্ধ সময়,
হওঁ নেকি তেনে উদাসীন।


________






স্মৃতিৰ জল তৰংগ
ওপৰত নীলা চাদৰ- কুঁৱলীৰ
তলত এখন সুপ্ত চহৰ
টেহৰি ডেম :উত্তৰাখণ্ড ,এসময়ত ইয়াত এখন চহৰ আছিল







শীতত বনৰ গছজোপা যেন
ডৰ অনন্ত অপেক্ষাত পজ* ,বা
অন্ধ ও নাঙঠ, জীৱনৰ দৰে।
 

(পজ Waiting for Godot নামৰ নাটকখনৰ এটা চৰিত্র)




এন্টিক ঘড়ীৰো কাটা ঘুৰে
নাই গত্যন্তৰ কালৰ গতিৰ,দেখোঁ-
পুৰাতন আবর্জনাত নিজকে