Showing posts with label সমালোচনা. Show all posts
Showing posts with label সমালোচনা. Show all posts

Monday, 26 January 2026

অৱতাৰ





মাৰ্কিন ৰাষ্ট্ৰপতি কাণ্ড কাৰখানা দেখি There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মূখ্য অভিনেতা জন (Daniel Day-Lewis) ক্লাইমেক্সলৈ বাৰে বাৰে মনত পৰিছে ৰ সেই চৰিত্ৰটো — ক্ষমতাৰ শীৰ্ষত উঠি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই জুলীয়া সোণ বিচাৰি -তাক হস্তগত কৰি তেও চিঞৰিছিল “I am the third revelation.”
এনে লাগিছে যে পৃথিৱীখন নিজেই এটা metaphor হৈ পৰিছে। বিশ্বৰ ঘটনাবোৰ এনে ধৰণে আগবাঢ়িছে যেন ক্ষমতাই এতিয়া কেৱল শক্তি, আধিপত্য ৷ “হয় ল মোৰ বাট নহ’লে তই বৰবাদ” ধাৰণাত সকলো মেৰুৰ লোক খড়্গ হস্ত হৈ থাকে৷ বুদ্ধৰ মাজৰ বাট ধাৰণাতো লাহে লাহে নোহোৱাই হব ধৰিছে৷ অসমীয়া মাধ্যমত পঢ়িছিলোঁ , বেছি ইংৰাজী শব্দৰ
L Postino (The Postman) চিনেমাখন চাই থাকোঁতেই metaphor শব্দটোৰ গভীৰতা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ । মূলত প্ৰেমৰ কাহিনী, কিন্তু শব্দটোক গভীৰভাৱে অনুধাৱন কৰাইছিল! এই চিনেমাখনত ৫০ ৰ দশকত ৰাজনৈতিক কাৰণত নিৰ্বাসনত থকা বিখ্যাত কবি Pablo Neruda-ই এজন সাধাৰণ ডাক বাহকক কবিতাৰ উপমা বুজোৱাৰ চলেৰে দৰ্শকক প্ৰেম , উপমাৰ আৰু কবিতাৰ গভীৰতা চিনেমাৰ ভাষাৰে বুজাব ধৰিলে৷
কবিতাৰ সময় নোহোৱা হল – কিন্তু ৰিজাব পৰা বহু উদাহৰণ পোৱা গৈছে – কি মাৰ্কিন যুক্তৰাষ্ট্ৰ ( মিনিয়াপোলিচ) বা ইৰানৰ বাটত- এফালে চেপা উত্তেজনা সহ্য কৰিব নোৱাৰায়েই নে কি বাটলৈ ওলাই আহিছে আৰু ক্ষমতাৰ শিখৰত থকা জনে তাক দেশদ্ৰোহিতা বুলি নিশে:ষ কৰিব বিচাৰিছে ৷
পৃথিৱীখন পাগল হৈ গৈছেনে?
চাই থাকিলে, There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মানুহজন — Daniel Day-Lewis-ৰ সেই চৰিত্ৰটো — এতিয়া আৰু কল্পনাৰ দৰে নালাগে। চিনেমাখনত জুলীয়া সোণ খনিজ তেলৰ সন্ধান কৰা মানুহজনে চল বল কৌশলেৰে ক্ষমতা আৰু নিমন্ত্ৰণৰ শীৰ্ষত উঠি প্ৰতিনন্দীৰ মুৰত হাতুৰি মাৰি মাৰি চিঞৰিব ধৰিলে
“I am the third revelation.”
যেন ইতিহাস, ধৰ্ম আৰু নৈতিকতা সকলো তাৰ ওচৰতেই শেষ।
ইতিহাসৰ এটা ধৰিব পৰা চক্ৰত ঘূৰি থাকে প্ৰায় প্ৰতি ৭৫–১৫০ বছৰত?
এতিয়া সময়ৰ গতি তীব্ৰতৰ
আশা কৰোঁ, শেষটোও There Will Be Blood ৰ ধৰণৰেই হ’ব।
শেষত, নিজৰ বিজয়ৰ ধ্বংসাৱশেষৰ মাজত অকলশৰীয়া নায়ক জনে থিয় হৈ সি কয় —
“I’m finished.”
সম্ভৱতঃ এইটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ metaphor —
যেতিয়া উদ্দেশ্যৰ ঠাইত ক্ষমতা আহে,
সহানুভূতিৰ ঠাইত নিষ্কাশন আহে,
শেষটো ধুমুহাৰ দৰে নহয়…
শেষটো আহে খালী মন, শূন্যতা হৈ।

Sunday, 7 April 2019

অমিতাভ ঘোষৰ হাঙ্গৰী টাইড আৰু এটা শগুন



সমাজিক ভাবে এজন মানুহে নিজকে যিমানেই  ভদ্র বা ৰাজনৈতিক ভাবে নিৰপেক্ষ নেদেখুৱাওঁ কিয় আমি সকলোৱেই কম-বেছি পৰিমাণে পক্ষপাত দুষ্ট আৰু নিজৰ মতবাদৰ পৰিসৰৰ ভিতৰতেই সোমাই ৰৱ খোজে। মোৰো মনত তেনে বহু চিন্তা আছে যাক মই সযতনে লুকুৱাই ৰাখোঁ কাৰণ মই জানো এই মতবাদৰ আৰত মোৰ নিজা ব্যক্তিস্বাৰ্থও জৰিত আছে। অসমীয়া আলোচনীত হোৱা ইংৰাজী কিতাপৰ প্ৰবন্ধবোৰৰ আৰতো মোৰ মনত তেনে কিছুমান বিবেচনা আছে যাক মই লুকুৱাই ৰাখিছিলোঁ। ‘প্রকাশ’ৰ ফালৰ পৰা গ্রন্থ বিশেষ সংখ্যাত ইংৰাজী গ্রন্থ এখনৰ বিষয়ে লেখিবলৈ সুবিধা পোৱাত সেই বিষয়টোৰ বন্ধ তলাটো খোল খালে আৰু সেইবাবেই এই লেখা। 
বহু দিনে মোৰ মনত চলি থকা প্রশ্নটো এনেধৰণৰ  অসমীয়া আলোচনীত ইংৰাজী গ্ৰন্থৰ সমালোচনা হয় ?
পক্ষপাতদুষ্ট মনটোই উত্তৰত এই কেইটা বাখ্যা দাঙি ধৰে:
১. অসমীয়া গ্রন্থ সমালোচনা কৰাটো এটি অতি স্পৰ্শকাতৰ বিষয়। অভিমানী লেখক আৰু কিছু ব্যৱহাৰিক সমস্যাৰ বাবে এটা গ্রন্থ সমালোচনাৰ গঠন (structure) কিতাপৰ মূল কথা, কিছু ভাল উক্তি, আৰু পাশ্চাত্যৰব্যৱহাৰিক ধাৰা এটাৰ লগত গ্ৰন্থখনৰ কি মিল আছে তাক আলোচনা কৰা হোৱাৰ পিছত কিছু প্ৰশংসা আৰু পিছত এটা বা দুটা বাক্যতেই কিতাপৰ বিয়োগাত্মক দিশবোৰ আলোচনা কৰি শেষ কৰা হয়। সাম্প্রতিক পৰিস্থিতিৰ বাবে তাতকৈ গভীৰলৈ গলে সমস্যাও আহিব পাৰে বুলি কিছু সচেতন সমালোচকে ইংৰাজী গ্ৰন্থৰ সমালোচনা লেখি বিতর্কৰ পৰাও দূৰত থাকিব বিচাৰে
২. ইংৰাজী প্রকাশন গোষ্ঠী সমূহে ব্যৱসায়ৰ জ্ঞান আৰু ধাৰণাৰ সুচতুৰ প্ৰয়োগেৰে গ্রন্থ প্রচাৰ কৰাৰ বাবে বহু গ্ৰন্থইগ্ৰন্থপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বহু সদ্য প্রকাশিত গ্রন্থ বহুচৰ্চিত (বা বিতৰ্কিত) বিষয়কলৈ উপস্থাপন কৰা বাবে ৰাইজৰ মাজত কিতাপখনেউৎসুক তাৰ সৃষ্টি কৰে আৰু তেনে সময়তেই গ্ৰন্থখনৰ ওপৰত লেখা প্রকাশ হলে আলোচনী বা বাতৰি কাকতখনে সমসাময়িক  খা খৱৰ দি থকাৰ কৃতিত্ব আহৰণ কৰে (আৰু লগতে বহুজাতিক ইংৰাজী প্রকাশন গোষ্ঠীয়েও বিনামূলীয়া প্রচাৰ পায়।)
৩. বেছিভাগ সময়তেই সেই নির্বাচিত লেখাৰ কিতাপখন প্ৰতিস্থিত লেখকে লিখা ভাল কিতাপেই হয় যেতিয়া নিবন্ধটোৰ লেখক আৰু পাঠক বিতর্কৰ বাহিৰত থাকে।
৪.  অসমীয়া পাঠকক আন্তৰাষ্ট্ৰীয় সাহিত্যৰ লগত পৰিচয় কৰাই দিয়া।
 প্রকাশ হোৱা প্রবন্ধসমূ্ৰ মুল কাৰণ ৪ নং কাৰণতো মুখ্য কাৰণ হয় বুলি সকলোৱে মানি ল’ব, কিন্তু এই আলোচনাত মই মোৰ মনৰ ভিতৰৰ পক্ষপাত দুষ্ট  দিশটোৰহে উপস্থাপন কৰি তাৰ যুক্তিযুক্ততাৰ পাঠকৰ মনত প্ৰক্ষেপ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সেইবাবেই ‘প্রকাশ’ দিয়া এই সুযোগৰ পুর্ণ ব্যৱহাৰ কৰিবলৈ  মই অমিতাভ ঘোষৰ The Hungry Tide   (২০০৪,Herper Colins ,৪০০ পৃষ্ঠা )গ্ৰন্থখন বাচি ল’লো।  কিতাপখন মই ২০০৬ চনত উপহাৰ হিচাপে পাইছিলোঁ আৰু পঢ়ি তাৰ গুণাত্মক দিশবোৰ লৈ অনুপ্ৰাণিত হৈছিলোঁ যদিও কিছুমান কথাত অসুবিধাও হৈছিল আৰু খূৱ সম্ভৱ এই চিন্তাৰৰ মূল বীজ মনত তেতিয়াই ৰোপণ হৈছিল। ইতিমধ্যে অমিতাভ ঘোষ ভাৰতীয় মূলৰ ইংৰাজী লেখক সমূহৰ মাজত এজন উজ্জল নক্ষত্ৰ হিচাপে প্ৰতিস্থিত হৈ পৰিছে। গতিকে উক্ত উল্লেখিত ৩ নং নিয়ম (প্ৰতিস্থিত লেখক , সমাদৃত গ্রন্থ বিতর্কৰ উৰ্ধত) তেওঁৰক্ষেত্ৰতোপ্ৰযোজ্যউপন্যাসখনত বহু গুণাত্বক দিশ আছে কিন্তু যিহেতু আজি মই মোৰ ভিতৰৰ উপপাদ্যতো হে প্রমাণ কৰাৰ প্ৰয়াস কৰিম সেয়ে পোনপটীয়াকৈ মূল কাহিনীটোলৈ আগবাঢ়োঁ আহক।
মূল কাহিনী : বঙালী মূলৰ মাৰ্কিন যুৱতী পিয়ালী ৰয় পেচাত সমুদ্রীয়-জীৱবিজ্ঞানী (marine biologist ) পিয়ালী বিলুপ্ত প্রায় নদীৰ প্ৰজাতি –ইৰাৱতী ড’লফিনৰ সন্ধানত সুন্দৰ বনলৈ আহাৰ পথত তেও লগ পায় কানাই দত্তক। কানাই দিল্লীৰ ব্যৱসায়ী আৰু সুন্দৰবন ত বাস কৰা নিজৰ বয়সীয়া ল আত্মীয়ৰ আহ্বানত সুন্দৰ বনলৈ আহিছে। ভাৰত -বাংলাদেশৰ কল্পিত বিভাজন ৰেখাৰ মাজত অৱস্থিত সুন্দৰবন পানী ,অৰণ্য আৰু মোহনাৰ মাজত মানুহৰ এক স্বকীয়স্থিতি আছে। পিয়ালীৰ ভাষাৰ সমস্যাৰ বাবে পিছত কানাই দোভাষীৰো কাম কৰিব লগীয়া হয়। তাৰ পিছত সুন্দৰ বনৰ ঘন- অৰণ্য , মোহনাৰ অন্তহীন জলৰাশী ঘঁৰিয়াল আৰু জন্তু-জানোৱাৰ আৰু ঢেঁকিয়াপতিয়াৰ মাজত হেৰাই পৰি পিয়ালীৰ সহচৰ হয় নদীৰ মানুহ ফকিৰৰ। দুয়োৰে মাজত ভাষাৰ ব্যৱধান থাকিলেও নদী আৰু পানীৰ প্রতি থকা আকৰ্ষণৰ বাবে দুয়ো সেই ইৰাৱতীড’লফিন সন্ধানত আগ বাঢ়োঁতেই উপন্যাসখনত খোল খাই সুন্দৰ বনৰ জনবিশ্বাস আৰু তাৰ ইতিহাস।      
ইয়াত মই অনুধাৱন কৰা সমস্যা সমূহ এনে ধৰণৰ-
আৰম্ভণি : চিনেমা/উপন্যাসৰ প্রাথমিকতে হিৰ আৰু হিৰোইনেৰে’ল (কেতিয়াবা উৰাজাহাজ)ৰ নির্জন দবাত লগ হয়, কথা হয় তাৰ পিছত কাহিনী আগ বাঢ়ে। কথকতাৰ ইতিহাসত এনে কাহিনী কিমান বাৰ নিৰ্মাণ হৈছে আপুনি হিচাপ কৰিব পাৰিবনে? আনকি লিখাৰ কোনো ধৰণৰ অভিজ্ঞতা নথকা মানুহক বাটত ধৰি যদি হিৰ আৰু হিৰোইনৰ চিনাকি পর্বনিৰ্মাণ কৰিব দিয়া হয় অধিক সংখ্যক লোকেই কিজানি তেনে এটা পৰিস্থিতি সৃষ্টি কৰাৰ উপদেশেই দিব
সামৰণি : উপন্যাসখনৰ ক্লাইমেক্চত পিয়ালীয়ে ইৰাৱতীড’লফিনৰ মোহনাৰ কোনো এটা সূঁতিত বিচাৰি পালে যদিও পানীৰ মাজৰ ধুমুহা আৰু দুর্ঘটনাৰ বাবে সেই ঠাইৰ বাট হেৰাই পেলাইছিল। তাৰমানে সেই দূর্স্পাপ্য প্ৰানীটোৰ সন্ধান চিৰদিনৰ বাবে হেৰাই গল ?
 কিন্তু তেনে নহ’ল;  কাৰণ পিয়ালীৰ লগত আছিল এটা জিপিএচ আৰু তাইৰ লেপটপৰ সেই জিপিএছটোৰ চফ্টৱেৰততোসময় ভেদে পিয়ালীৰ প্রতিটো দিনৰ প্রতিটো স্থিতি সুৰক্ষিত কৰি ৰাখিছিল। হয়তো ২০০৪ আগত ই ৰোমাঞ্চকৰ ক্লাইমেক্চ আছিল, কিন্তু বর্তমান ই এক অতি সাধাৰণ ঘটনা হৈ পৰিছে। ২০০৭ চনত পঢ়োঁতেই জিপিএচ নামৰ এটা যন্ত্ৰৰ সাম্যক আভাষ মোৰো আছিল , গতিকে উপন্যাসৰ আৰম্ভণিতেই যেতিয়া পিয়ালীৰ হাতত সেই যন্ত্ৰটোঅৱস্থিতি গম পোৱা হৈছিল তেতিয়া তাৰ সম্ভাব্যব্যৱহাৰ কি হব পাৰে তাকো আগতেই অনুধাৱন কৰিব পৰা হৈছিল।
উপ কাহিনী : প্রথম পাঠত উপন্যাসৰ আটাইতকৈ ভাল পোৱা অংশ আছিল ইয়াৰ উপ কাহিনী দুটা। এটা হল সুন্দৰ বনৰ অৰণ্যৰ হিন্দু মুছলিম দুয়োটা সম্রদায়ে মনা বন বিবিৰ আখ্যান  আৰু ইংৰাজী ব্যৱসায়ী ডেনিয়েল হেমিল্টনৰ (১৮৬০-১৯৩৯) প্ৰচেষ্টাতসুন্দৰবন ত গঢ়ি উঠা সৰ্বসম সমাজখনৰ স্মৃতি। কিন্তু সেই সময়তেই মই কিছুমান অৰণ্যপ্রেমী মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছিলোঁ। ভাৰতবৰ্ষৰপ্ৰতিখন অৰণ্য ভ্রমণ কৰা মানুহকেইজনে অমিতাভ ঘোষৰ নাম শুনা নাই ,কিতাপো পঢ়া নাই কিন্তু সুন্দৰবন ভ্রমণ আৰু তাৰ মানুহৰ লগত থকা সম্পৰ্কৰ বাবে বনবিবী আৰু সুন্দৰ বনক আপোন কৰা ইংৰাজজনৰ বিষয়ে কিতাপত বৰ্ণনা কৰাৰ দৰেই হুবহু জ্ঞান থকা গম পালো। তেওঁলোকৰ লগত থকা সুন্দৰবন সম্পৰ্কৰ কিতাপতো তেনে কিছু কথাই উল্লেখ আছিল। সুন্দৰভাৱে উপস্থাপন হৈছে যদিও মনত ভাৱ হল সেই উপ কাহিনীত কোনো নতুনত্ব নাই। উপন্যাসৰ আন এটা উপ কাহিনী হল  ১৯৭৯ চনত সুন্দৰ বনৰথিতাপি লোৱা অবৈধ জন বসতিৰ ওপৰত চৰকাৰে কৰা  মরিচঝাঁপি গণহত্যাৰ ওপৰত। সেই বিষয়ে মোৰ জ্ঞান নাছিল। পিছত ইন্টাৰনেট খুচৰি গম পালো বহু বঙালীৰ স্মৃতিত সেই কাহিনী আছে। সেই উপ কাহিনীতো লেখকে ফ্লেশ্ববেক পদ্ধতিত উপন্যাসৰ মাজে মাজে উত্থাপন কৰিছে কানাই উদ্ধাৰ কৰা ডায়েৰিৰ পাথৰ দ্বাৰা। ইয়াৰ বাবে মূল কাহিনীটোৰপ্ৰবাহ ব্যাধিত হোৱা যেন ভাৱ হল।
চৰিত্ৰসমূহ : মূল প্রটাগনিষ্ট পিয়ালী হল বঙালী মূলৰ মাৰ্কিনছাত্ৰী আৰু উপন্যাসখন পিয়ালীৰ দৃষ্টি ভঙ্গীৰে লিখা হৈছে। চেতন ভগতৰ আগতে ভাৰতীয় মূলৰ বেছিভাগ লেখকৰ উপন্যাসত ইউৰোপ আমেৰিকাৰ পাঠকক আত্মীয়তা কৰা প্ৰচেষ্টাৰ অংশ হিচাপে হয় প্রটাগনিষ্ট নহ’লে আন পৰিস্থিতি ইউৰোপ/আমেৰিকাই চিনাক্ত কৰিব পৰা ঘটনা প্ৰবাহ এটা অনুসৰণ কৰা কথাতো  (ইয়ে কিতাপখনৰ ডিষ্টরিবুশ্বনক নিশ্চয় সহায় কৰিব! ) মনে বহু দিনৰ পৰা লক্ষ কৰি আহিছে। সেইতো কোনো ধৰণৰ পাপ নহয়। আজিৰ যুগত প্ৰতিজন শিক্ষিত ভাৰতীয়ৰ বিশ্লেষণৰ দৃষ্টীভঙ্গীৰেই পাশ্চাত্যকৰণ হৈ গৈছে। হাংগৰী টাইডৰ একমাত্র মুখ্য চৰিত্র যিয়ে প্ৰকৃতসুন্দৰ বনৰ অভ্যন্তৰৰ প্ৰতিনিধিত্ব কৰিব পাৰে সেয়া হল –ফকিৰ। উপন্যাসখনত প্ৰকৃতসুন্দৰ বনৰ মৌলিক বৰ্ণনা পোৱা গল হয় যদিহে কাহিনীতো ফকিৰৰ দ চকুৰে লিখা হল হয়। কিন্তু সেয়া সম্ভৱ নহয় কাৰণ লেখকে ফকিৰৰ জীৱন নির্বাহ কৰা নাই। কৰিছে পিয়লীৰ দৰে এক আধুনিক জীৱন। ফকিৰৰ দৰে মানুহবোৰৰ লগত বার্তালাপ কৰিছে হয় কিন্তু সিঁহতৰ এজন হৈ পৰা নাই। আৰু পৰিলেও তাৰ সমুখত বাধা হৈ নিজৰ বুদ্ধিমত্তা (intellect ) ফকিৰ আৰু পিয়লীৰ প্ৰকৃতি প্রেম একেই যদিও বুদ্ধিমত্তাৰ (গতিকে চিন্তাৰ সৰলতাৰ) আকাশ পাতাল প্ৰভেদ ইয়াৰ বাবেই কিজানি কিতাপখনত আহৰণ কৰা অনুভৱ first hand   পর্য্যবেক্ষনৰ জিয়া কাহিনী নহৈ এটা ৰোমাণ্টিকSummer read হে হৈ পৰিল। আৰু হয়তো হয়তো সুন্দৰ বনৰপর্য্যটনৰ বাবে এটা ভাল বিজ্ঞাপন হল।
উপন্যাসখনৰ বহুতো ভাল দিশো আছে (মই এতিয়া ১ নং ফর্মুলা ওলোটাকৈ ব্যৱহাৰ কৰিম, মানে ভালখিনি দুটামান শাৰিতেই সামৰিম) । কিতাপখন পঢ়িও গম পোৱা যায় যে ইয়াক লিখিবলৈ লেখকে বহু পৰিশ্ৰম,ভ্রমণ আৰু অধ্যয়ন কৰিছে। সেইতো সৰহভাগ অসমীয়া লেখকে নকৰে বুলি এটা বদনাম বহুদিনৰ পৰাই উত্থাপিত হৈ আহিছে। এই সহজলভ্য কাৰ্য্যপদ্ধতিএৰি খোজা অসমীয়া লেখক সকলৰ বাবে এই উপন্যাসক এক আর্হি উদাহৰণ হ’ব পাৰে। আন হাতে  কিতাপখন ভাষা , সুন্দৰবন তাৰ অৰণ্য ,মোহনাৰ উপস্থাপনৰ বাবে ইয়াৰ বিষয়ে অলপো জ্ঞান নথকা মানুহ (যেনে মই) , ভ্রমণ বা ভ্রমণ কাহিনী অনুৰাগী পাঠক , নষ্টালজিক বঙালী ভদ্ৰলোক আদিৰ বাবে কিতাপখন নিশ্চয় অতি সুখ পথ্য হব। মোৰ বাবেও হয় । কিন্তু অমিতাভ ঘোষৰ দৰে প্ৰতিস্থিত বিদ্যান লোকৰ পৰা মোৰ প্ৰত্যাশা অলপ বেছি যেন বোধ হয়।
পুনৰ মূল কথালৈ আহোঁ মোৰ অসমীয়া আলোচনীত ইংৰাজী সাহিত্যৰ সমালোচনা হোৱাত একো আপত্তি নাই কিন্তু সেই প্ৰৱন্ধৰ প্রকাশৰ আৰত উক্ত উল্লেখিত কাৰণ নং ১,, থাকিব নালাগে। আৰু ৩ নং সুত্র (প্রতিস্থিত বিদেশী লেখক সমালোচনাৰ উর্ধত)  সদায় সত্য নহবও পাৰে আৰু তাক সত্য বুলি ধৰি ল’লে এক অহেতুক হীনমন্যতাৰ সৃষ্টি হয় যি সাহিত্যৰ সমালোচনাৰ ধাৰণাৰো বিৰুদ্ধাচৰণ কৰেতাকে উপস্থাপন কৰিবলৈ গৈ হাংগৰী টাইডক উদাহৰণ হিচাপে লোৱা হল কাৰণ -শগুনৰ শাওত বুঢ়া গৰুৱেই নমৰে যেতিয়া হালোৱা বলধৰ নো কি গৰজ পৰিব?

Published in Prakash_January 2019
\

Saturday, 10 November 2012

Q পৰিঘটনা



হিন্দী চিনেমাৰ পৰা ,ধাৰাবাহিক বোৰলৈ আৰু ধাৰাবাহিকবোৰৰ পৰা ২৪ x ৭ বাতৰি চেনেল সমুহলৈ এটা দৃশ্য শ্রব্য কিটিপ বহুব্যবহৃত হৈ আহিছে ।তাৰ কোনো নাম নাই সেয়ে মই কিটিপটোৰ নাম দিছো- কিউ ?
মানে হিন্দী শব্দ কিয় ?
উক্ত চিনেমা,ধাৰাবাহিক বা নিউজ চেনেল সমুহত যেতিয়াই যিকোনো ধৰনৰ যিকোনো প্রশ্ন হয় যেনে :-
বেইমানীৰে পইচা কিয় ঘটিব লাগে?
ইমান বছৰ মোক এৰি কিয় গুছি গৈছিলা?
চুইচ বেঙ্কৰ পইচাবোৰ চৰাকাৰে কিয় ঘুৰাই আনিব নোৱাৰে?

আতাইবোৰ প্রশ্ণৰ পিচত তিনি চাৰিটা কেমেৰা বিভিণ্ণ ডিগ্রীৰ কোণ কৰি তিব্রগতিত যুম হব আৰোপী নহলে আৰোপকর্তাৰ মুখলৈ ।ধ্‌ধনী বিভাগে নেপঠ্যৰ পৰা শব্দ দিব চিউ ,চিউ !
যিকোনো চেনেল নাচাওক ঘন্টাত তিনিবাৰ চাৰিবাৰ দেখাপাব এই কিয় প্রৰিঘটনা  মানে মই কৈ আহা  Q (why) Phenomenon !

এনেকৈ অসম বা অসমৰ সাহিত্যৰ কথা ভাবিলে মোৰ মনতো বহু প্রশ্ণৰ কিউ ফেনোমেনৰ বোমাবর্ষণ আৰম্ভ হৈ যায় প্রশ্নবোৰ এনে ধৰণৰ
১. অসমৰ পৰা ইমান কম অনুবাদ কিয় হয় ?
২.অসমৰ সাহিত্যৰ কির্তি  ব্রম্হপুত্র উপত্যকাৰ  বাহিৰলৈ ওলাই নাহে কিয়?
৩.অসমত কোনো লিখাক নিজৰ জীৱিকা কৰি লব নোৱাৰে কিয়?
কিয় কিয় কিয়
মাণে
কিউ কিউ কিউ 
এনেকুৱা আৰু হাজাৰটা প্রশ্ণ আছে যাৰ প্রগলভতাত আপুনি হাঁহিব বুলি মই কাকো নকওৱেই ।
এনেকুৱা নহয় যে মোৰ সমস্যাবোৰ অকল অসমৰ সাহিত্য-চক্রৰ লগতহে মোৰ কিউ ফেনোমেন বহুজাতিক প্রকাশন প্রক্রিয়াটোৰ ওপৰতো তেনেকুৱা হাজাৰটা  কিউ ফেনোমেনৰ বোমাবর্ষন চলি থাকে।সেইবোৰ এক,দুই ,তিনি কৰি আলোচনা নকৰি তাৰ সাৰাংস আপোনালোকক জনাব বিচাৰিছো :-
এই কথাটো মানিব লাগিব যে এই আন্তৰাষ্ট্রীয় প্রকাশন গোষ্টি সমুহ অতি শক্তিশালি গতিকে ইচ্চা কৰিলে তেওলোকে সাধাৰণ শ্রেণীৰ সাহিত্যকো অতি জনপ্রিয় সাহিত্যলৈ পৰিবর্তন কৰিব পাৰে আৰু যিহেতু খ্যাতি ,পুৰস্কাৰ ,আন্তৰাষ্ট্রীয় প্রকাশ আৰু অনুবাদ সকোলোবোৰ তেওলোকৰ হাতত থাকে গতিকে ৰাজ্যিক পর্য্যায়ৰ লিখনি ,সাহিত্য ,সকলোবোৰ আমাৰ নিজৰ ঘৰতে বিখ্যাত হৈ থাকে ।ভাষাবোৰৰ উন্নতিৰ বাবে থকা চৰকাৰি গোষ্টি(যেনে সাহিত্য একাডমি) আদিকো দোষ দিব নোৱাৰি কাৰণ এইবোৰে নিজৰ ক্ষমতা ,সীমাবদ্ধতা হিচাপে কিবা কিবি কৰি আছে যদিও সেয়া পর্য্যাপ্ত নহয় আৰু থলুৱা ভাবে আমাৰ  আন্তৰাজ্যিক সপোনবোৰ উদাসহীন।যেনে ধৰক ইংৰাজী প্রকাশন গোষ্ঠীবোৰে আমাৰ থলুৱা ভাষাৰ উন্নতীৰ বাবে কৰণীয় খিনি কৰা নাই ।আমি তেওলোকক কি দোষ দিম কাৰণ সেই দায়িত্তটো আচলতে তেওলোকৰ নহয় আমাৰহে। আৰু ৰাজ্যিক ভাবে অসম,পশ্ছিম বঙ্গ,কেৰেলা আদিত থলুৱা সাহিত্য বেছ জনপ্রীয় ।কিন্তু আমাৰ পৰস্পৰৰ মাজত সংস্পর্ষ  অতি কম বাবে জাতীয় সাহিত্য জাতীয়ই হৈ থাকে আন্তৰাষ্ট্রীয় হোৱাটো দুৰৰেই কথা ৰাষ্ট্রীয় পর্য্যয়েই গৈ নাপায় সেইবোৰ। 
বাকিটো বাদ দিয়ক এতিয়ালৈ আমাৰ অনলাইন কিতাপ বেছাৰ  ব্যবস্থাই অতি দুখজনক ।
এই সাহিত্য-মহোৎসববোৰ যে হয় তাত আচলতে আমি আমাৰ ৰাজ্যিক সহিত্যবোৰতনো কি হৈ আছে ,কোননো আমাৰ পথ প্রদর্শক,  আমাৰ উঠি অহা সাহিত্য কোন দিশে ধাবমান সেইবোৰ কথা আলোচনা হব লাগে ,কিন্তু সেয়া হৈ নুঠে ।তেনেকুৱা দুই এটি প্রচেষ্টা হৈ পৰে কোনোবা চিনেমা অভিনেতা বা বোলছবি অভিনেতাৰ ফটো ফিচাৰ।
আনপিনে দেশৰ বিখ্যাত সাহিত্য মহোৎসৱবোৰৰ(জয়পুৰ ,মুম্বাই ইত্যাদি) কর্ম পদ্ধতিবোৰ দেখি ভাব হয় সেইবোৰো ইংৰাজী প্রকাশক গোষ্ঠী সমুহৰ  ব্যবসায়িক লক্ষ সমুহ পুৰা কৰিবলৈহে পালন কৰা হয় ।ভাবিআছিলো যদি এনেকুৱা স্বাধিন জনপ্রিয় সাহিত্য মহোৎসব যদি এনেবোৰ আঞ্চলিক সাহিত্যৰ গণাগুণ আলোচনা কৰা যায় তেতিয়া হলে হয়তো উৎসুক মানু্বোৰে গম পাব কত কি হৈ আছে ।তেনেতে দেখিলো আহাবছৰ জয়পুৰসাহিত্য মহোৎসবৰ এটা বিশেষ শিতান হব ভাৰতী্য় ভাষাৰ লিখনী।
ভাল লাগিল :বাতৰিতো মনপুতি পঢ়িবলৈ ধৰিলো :- উৎসবত এইবাৰ ১৬টা ভাৰতীয় ভাষাৰ ওপৰত চর্চা হব ।বা: মই আৰু গুৰুত্ত দি পঢ়ি গলো কি কি নো ভাষাৰ ওপৰত হব  –দেখিলো –হিন্দী ,উর্দূ ,ৰাজস্থানী ,তামিল,তেলেগু,ভোজপুৰী ,মৈঠালী ,পাঞ্জাৱী,বেঙ্গলী ,মালায়লম,গুজৰাটী ,চিন্ধী,কানাডা আৰু কাশ্মীৰী .....অলপ সময় ৰখি আকৌ পঢ়িলো কিজানি প্রথম বাৰত অসমীয়া শব্দটো মই নেদেখিলোই ,দুবাৰ তিনিবাৰটো যেতি্য়া দেখা নাপালো তেতিয়াহে মনত আৰম্ভ হল Q ফেনোমেনোন ।
দুখৰ কথা এইবোৰ কথা উনুকিয়াবলৈ বেছিভাগ প্রচাৰ মাধ্যমতেই সাহিত্যৰ বাবে এজন আচুতিয়া বলিষ্ঠ সাম্পাদক নাই যি  অকল সাহিত্যৰ শিতানহে চায়।এইবিলাক কথা উল্লেখ কৰি প্রগতিশীল পৰিবর্তণৰ বাতাবৰণ আনিব পাৰে ।দেখা যায় একে কেইজন মানুহেই ৰাজনিতি, সামজবিজ্ঞাণ ,মানস্তত্ত সকলোতে মত প্রকাশ কৰে ।গতিকে সাহিত্য বিভাগ হৈ পৰে বাতৰিৰ বিভাগ অমুকে এখন কিতাপ উন্মোচন কৰিলে ,তমুকৰ কিতাপত ইমানটা গল্প আছে ।বৰ বেছি সৰু সুৰা বিতর্ক থাকে যেনে :-এই সংকলনখনত কেইজনমান স্বনমধন্য মানুহৰ নাম নাই আৰু বহুজন পাবত গজা সাহিত্যিকে প্রাধাণ্য পাইছে ।তাতকৈ বেছি আন একো আমি কৰিব পৰা নাই।কিন্তু সাহিত্যক উৎজাপণৰ ক্ষেত্রত
মোৰ মনৰ ভিতৰৰ সহস্র জনে মোক প্রশ্ণ কৰি ‌উঠিল :
কিউ ,কিউ কিউ?
(কেমেৰা জুম
নেপঠ্যত শব্দ চ্যুউ .......)

Wednesday, 24 October 2012

সাঁকো



বৈসাদৃশ্য যিমানেই নাথাকক কিয় , যিকোনো ভাষাকেই আমি কেতিয়াও অগ্রহ্য কৰিব নোৱাৰো ।তেনে স্থলত আজিৰ যুগত আন্তৰাষ্ট্রীয় পর্য্যায়ত প্রধান ভাষাৰুপে পৰিগনিত হৈছে ইংৰাজী ভাষা।সেই কথাটো ভাল পাও বেয়া পাও বেলেগ কথা কিন্তু তাক অ্গার্হ্য কৰাটো প্রায় অসম্ভব ।বিশেষকৈ আমাৰ  দৰে চালুকীয়া ৰাজ্যৰ বাবে ইংৰাজীত উচ্চমানৰ চর্চা ,অনুবাদ অতি জৰুৰী ।
কি কাৰণে নাজানো অসমত ভাষাচর্চাৰ প্রকৃয়াটো এফলীয়া ।মানে হয় ইংৰাজী নহলে অসমীয়া ,দুয়ুটাও এ হব পাৰে বহুতে নাভাবেই-পঢ়ুৱৈৰ  শতাংশ উলিয়াব গলে ভাব হব।মিলচ এন্ড বুন পঢ়া এজনে কিজানি সফুঁৰাৰ নাম শুনা নাই ,আৰু ভাইচ ভার্চা।
গতিকে ইংৰাজীত সুদক্ষ বহুজনে নাজেনেই আমাৰ ঘৰৰ কথাবোৰৰ বিষয়ে অজ্ঞাত আৰু নিজৰ ঘৰৰ কথাত পন্ডিত সকল ইংৰাজী মনৰ কথা সব্যস্ত কৰাত উদাসহীন বা সময়হীন। অথাপিও সমস্যা নহলে হয় যদি আমাৰ মাজত কেইখনমান ভাল সাঁকো থাকিল হয়।ভালকৈ মন কৰিলে দেখিব এই মিলচ এ্ড বুন্ড পঢ়া আৰু সফুঁৰা পঢ়া সকলৰ মাজত ,চলিহা অনুৰাগি আৰু চেল্ডনভ ক্তৰ মাজত কোনো ধৰনৰ মতৰ আদান প্রদানেই নহয়।এজন অনুৰাগিয়ে  যদি তেওলোকৰ প্রিয় লেখকৰ বিষয়ে কিবা কয়  আনজনে ধৰিবই নোৱাৰে যে বাকিজনে কি কৈ আছে।এখন ভৌগলিক পৰিসীমাৰ ভিতৰতেই  দুখন বেলেগ পৃথিৱী!
বহু ক্ষেত্রত ইজনে সিজনৰ কথা বিশেষ একো নাজানে বাবে দুয়ুপক্ষ  সমুখা সমুখি হলে  কাজিয়া  বা  ভুলবুজাবুজি হোৱাৰ আকাংক্ষা বেছি হয়।
সাঁকো নথকা নহয় ,কিন্তু সংখ্যাত তেনেই তাকৰ।আবুল লেইচ , দত্তবৰুৱা আদিৰ দৰে সফল জনপ্রিয় অনুবাদক আৰু অনুবাদো  কম আজিকালি ।
গতিকে আমাৰ কাহিনীবোৰ আমি নিজকেই কও ,তাৰ বিশুদ্ধতাৰ তৃপ্তিত হাতচাপৰি মাৰো আৰু দুদিন পিচত পাহৰি যাও।কবলৈ গলে প্রায় কুৱাৰ ভিতৰৰ কাৰবাৰ ।যেনেকৈ  গাঢ়ি এখন আৰু  চাইকেল এখনৰ খুন্ডা খুন্ডি হলে আমি কথাটো কিনো হল কেনেকৈনো হল  নজনাকৈয়ে ধৰি লও যে দোষটো গাঢ়িচালকজনৰ  আৰু দৰকাৰ হলে  আগুৱাই গৈ দুটা গোঢ় লাঠিও সোধাই দিও ,ঠিক তেনেকৈয়েই অসমত ইংৰাজী লিখাৰ কথা ওলালে  আমি অসমৰ বাবাএ সি জৰুৰী নহয় বুলি আলোচনাৰ বাহিৰত ৰাখো। বহু ক্ষেত্রত কও  বিক্রম চেথৰ ছুইতেবল বইৰ  পইচা আৰু খ্যাতিৰ বিষয়টো ( মানে কিতাপখনৰ প্রচাৰৰৰ দ্বাৰা লাভ কৰা  ) জনপ্রীয় হোৱাৰ  পিচত  আমি কোৱা হলো অসমীয়াই ইংৰাজীত লিখে পইচা আৰু খ্যাতিৰ বাবে । 
 এজন অসমীয়া লেখকৰ ৰচনা মই পঢ়ি আহিছো (যদিও কেতিয়াও লগ পোৱা নাই) যি লিখি আছে বিক্রম চেঠৰ আভির্ভাৱৰ বহুদিন আগৰে পৰা।গতিকে পইচা  বা খ্যাতিৰ বাবে তেও ইংৰাজীত লিখাটো সচা হব নোৱাৰে কাৰণ অসমীয়া পঢ়ুৱৈয়ে বহুতে লিখনিৰ কথা যিমান জানিব লাগে সিমানটো নাজানেই বহুজনেটো তেওৰ নামেই শুনা নাই।অসমৰ ভিতৰত তেওৰ দৰে মানুহজনৰ গুৰুত্ত আৰু বহুত বেছি হোৱাৰ দৰকাৰ ।
আহোম স্বর্গদেও সকলৰ সকলৰ প্রথম হিন্দু ৰিতি নীতি মনা ৰজাজনৰ  আৰৰ কাহিনীটো, অসমত চাহ কেনেকৈ আহিল তাৰ কাহিনীটো ,ব্রম্হপুত্রৰ উৎপত্তি কৰ পৰা হৈছিল তাক জানিবলৈ চাহাব বিলাকৰনো কিমান মুৰৰ খজুৱটি হৈছিল এইবোৰৰ বিষয়ে সঠিককৈ  তথ্য  সহকাৰে বহুদিন আগৰে পৰা  ইংৰাজীত লেখি(অসমৰ কথা পথিৱীৰ বাবে) আহিছে।ৰাষ্ট্রীয় আৰু আন্তৰৰাষ্ট্রীয় পর্য্যায়ত যঠেষ্ট  কির্টিও আর্জিচে।ভাৰতৰ প্রায় বেচিবোৰ প্রকাশকেই তেওৰ কিতাপ প্রকাশ কৰিছে  সাহিত্য একাডেমিয়েই হওক বা ৰুপাই হওক ।তেওৰ কিতাপ পৃথিৱীৰো বহু ভাষালৈ অনুদিতও হৈছে এনে চেক,ৰুছ ,জাপান ইত্যাদি ;কিন্তু আছৰিত ভাবে অসমীয়ালৈ তেওৰ কিতাপ আজিলৈ অনুবাদ হোৱা নাই  ।গতিকে আমাৰ কাহিনীবোৰ বাহিৰত প্রচাৰ কৰিবলৈ তেওৰ অবদান কিজানি অসমীয়া ভাষাত চর্চাকৰা  লেখকসকলতকৈ বেছি।ভাবকচোন মার্কুৱে ,কুন্ডেৰা ,ট্লষ্টই আদি সকলোৱে ইংৰাজীত নিলিখিচিল কিন্তু অনুবাদকৰ সাকোঁত উঠি তেওলোকৰ লিখনিয়ে পৃথিৱীৰ সকলোৰে মনৰ মাজলৈ প্রবেশ কৰিছে। 
তেওৰ  বিখ্যাত কিতাপ চা গৰম ,ব্রম্হপুত্র আদিৰ প্রকাশভঙ্গী আৰু জ্ঞাণ আৰু মৌলিকতাক লৈ অতি সুপাথ্য কিতাপ।অকল অসমীয়া ভাষাৰ পঢ়ুৱৈ সকলে ঘৰত থাকিও তেওৰ  কিতাপবোৰৰ এইকাৰনেই  সোৱাদ লব পৰা নাই   কাৰণ তেওলোকে অৰুপ কুমাৰ দত্তৰ  বিষয়ে অজ্ঞ আৰু অসমত সেঁতুৰ অবিহনে মানুহৰ সমস্তিবোৰ হৈ আছে একো একোটা দ্বীপ।