Showing posts with label চিনেমা. Show all posts
Showing posts with label চিনেমা. Show all posts

Monday, 26 January 2026

অৱতাৰ





মাৰ্কিন ৰাষ্ট্ৰপতি কাণ্ড কাৰখানা দেখি There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মূখ্য অভিনেতা জন (Daniel Day-Lewis) ক্লাইমেক্সলৈ বাৰে বাৰে মনত পৰিছে ৰ সেই চৰিত্ৰটো — ক্ষমতাৰ শীৰ্ষত উঠি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই জুলীয়া সোণ বিচাৰি -তাক হস্তগত কৰি তেও চিঞৰিছিল “I am the third revelation.”
এনে লাগিছে যে পৃথিৱীখন নিজেই এটা metaphor হৈ পৰিছে। বিশ্বৰ ঘটনাবোৰ এনে ধৰণে আগবাঢ়িছে যেন ক্ষমতাই এতিয়া কেৱল শক্তি, আধিপত্য ৷ “হয় ল মোৰ বাট নহ’লে তই বৰবাদ” ধাৰণাত সকলো মেৰুৰ লোক খড়্গ হস্ত হৈ থাকে৷ বুদ্ধৰ মাজৰ বাট ধাৰণাতো লাহে লাহে নোহোৱাই হব ধৰিছে৷ অসমীয়া মাধ্যমত পঢ়িছিলোঁ , বেছি ইংৰাজী শব্দৰ
L Postino (The Postman) চিনেমাখন চাই থাকোঁতেই metaphor শব্দটোৰ গভীৰতা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ । মূলত প্ৰেমৰ কাহিনী, কিন্তু শব্দটোক গভীৰভাৱে অনুধাৱন কৰাইছিল! এই চিনেমাখনত ৫০ ৰ দশকত ৰাজনৈতিক কাৰণত নিৰ্বাসনত থকা বিখ্যাত কবি Pablo Neruda-ই এজন সাধাৰণ ডাক বাহকক কবিতাৰ উপমা বুজোৱাৰ চলেৰে দৰ্শকক প্ৰেম , উপমাৰ আৰু কবিতাৰ গভীৰতা চিনেমাৰ ভাষাৰে বুজাব ধৰিলে৷
কবিতাৰ সময় নোহোৱা হল – কিন্তু ৰিজাব পৰা বহু উদাহৰণ পোৱা গৈছে – কি মাৰ্কিন যুক্তৰাষ্ট্ৰ ( মিনিয়াপোলিচ) বা ইৰানৰ বাটত- এফালে চেপা উত্তেজনা সহ্য কৰিব নোৱাৰায়েই নে কি বাটলৈ ওলাই আহিছে আৰু ক্ষমতাৰ শিখৰত থকা জনে তাক দেশদ্ৰোহিতা বুলি নিশে:ষ কৰিব বিচাৰিছে ৷
পৃথিৱীখন পাগল হৈ গৈছেনে?
চাই থাকিলে, There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মানুহজন — Daniel Day-Lewis-ৰ সেই চৰিত্ৰটো — এতিয়া আৰু কল্পনাৰ দৰে নালাগে। চিনেমাখনত জুলীয়া সোণ খনিজ তেলৰ সন্ধান কৰা মানুহজনে চল বল কৌশলেৰে ক্ষমতা আৰু নিমন্ত্ৰণৰ শীৰ্ষত উঠি প্ৰতিনন্দীৰ মুৰত হাতুৰি মাৰি মাৰি চিঞৰিব ধৰিলে
“I am the third revelation.”
যেন ইতিহাস, ধৰ্ম আৰু নৈতিকতা সকলো তাৰ ওচৰতেই শেষ।
ইতিহাসৰ এটা ধৰিব পৰা চক্ৰত ঘূৰি থাকে প্ৰায় প্ৰতি ৭৫–১৫০ বছৰত?
এতিয়া সময়ৰ গতি তীব্ৰতৰ
আশা কৰোঁ, শেষটোও There Will Be Blood ৰ ধৰণৰেই হ’ব।
শেষত, নিজৰ বিজয়ৰ ধ্বংসাৱশেষৰ মাজত অকলশৰীয়া নায়ক জনে থিয় হৈ সি কয় —
“I’m finished.”
সম্ভৱতঃ এইটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ metaphor —
যেতিয়া উদ্দেশ্যৰ ঠাইত ক্ষমতা আহে,
সহানুভূতিৰ ঠাইত নিষ্কাশন আহে,
শেষটো ধুমুহাৰ দৰে নহয়…
শেষটো আহে খালী মন, শূন্যতা হৈ।

Sunday, 8 May 2022

হীৰাক_ৰাজাৰ দেশত মগজ ধুলাই



 

 

লিখা পঢ়া কৰে যি আনাহাৰে মৰে সি-

জনাৰ কোনো শেষ নাই ,নাৰ চেষ্টা বৃথা সেই

 

ৰাজকবিৰ কবিতা মুখে মুখে

ৰজাই মানে যিমান বেছি জানে সিমান কম মানে!

দেশত কিতাপনো কিয় লাগে 

দিয়া জলাই সবকে

 

 

হীৰাক_ৰাজাৰ দেশত :

 

হীৰক ৰজাৰ দেশত বহু হীৰাৰ খনীৰজাৰ বহু ধণ কাৰণ হীৰাৰ খনীৰ পৰা ওলোৱা সকলো হীৰাৰ মালিক তেওৰাজ্সভা জ্ঞাণী গুনী সভাসদেৰে ভৰা বিচক্ষণ পৰামৰ্শ দিয়া মন্ত্ৰীগণ বৈজ্ঞানিক ৰজাৰ গুন গোৱা কবি আৰু কি নাই

ৰাজসভাত সাধাৰণ প্ৰজাৰ ফৰিয়াদ শুনা নীয়ম আছে কিন্তু সিমান লোক ৰাজসভালৈ সহায় বিচাৰি নাহে

কেতিয়াবা আহে এক খেতিয়ক খেতিয়াকৰ ভৰাল উদঙ খাজানা মাফ কৰিবলৈ আনুৰোধ জনাব

কেতিয়াবা আহে খনীত কাম কৰা বনুৱাৰ নৰক স্বৰুপ জীবনৰ কথা কবলৈ

ৰজাৰ লগত আছে বিখ্যাত বৈজ্ঞানিক -তাৰ বিশেষ যন্ত্ৰ -তাত সোমালেই হৈ যায় মগজ ধূলাই

আহি আছে হীৰক ৰাজ্যৰ হীৰক জয়ন্তী

বাটৰ কাষৰ গান গোৱা মগনীয়াৰো হৈ যায় #মগজ ধুলাই

 

 

জ্ঞান বিতৰন কৰিবলৈ যোৱা শিক্ষকজন পালাতক – বিচাৰি পালেই তেওৰো হব মগজ ধুলাই


আজিৰ পৃথিৱীত মগজ ধুলাইৰ কাৰখানা বহু আছে কিন্তু  

 

 

 

 

সত্যজিত ৰায়ৰ মোল মই বহু পিছৰ বয়সত বুজিবলৈ ধৰিলো মানৰ আগতে ,তেওৰ ৰহস্য আৰু শিশু ছবিবোৰৰ মোল আৰু পিছত৷ ২০১৩ৰ পৰা চিনেমা চোৱা হবিটোৰ লগতো সম্পৰ্ক কমিল ৷

এনেকৈ নহব বুলি সময় সুবিধা উলিয়াই আকৌ কেতিয়াবা চিনেমা চোৱা কৰিছোকাহিনী নে কথকতাৰ কলা (craft) তেনে ধৰণৰ দণ্ড নথকাকৈ ২মে জন্মদিন বুলি তাকে চালো৷

হীৰক_ৰাজাৰ_দেশে

Belated_Birthay

# Centenary_year 

#Satyajit_Ray

#100_Years_of_Ray

#সত্যজিত ৰায়

 

Saturday, 5 February 2022

ৰাজহাঁহৰ গান




ৰাজহাঁহৰ গান 

 

Devabrat Das 

 

লেখকৰ ইষ্টাইলেৰে 

 

 

#Swansong: ট্ৰেইলাৰ:  মাইকেল কেইন অৱসৰ প্ৰাপ্ত হেয়াৰড্ৰেচাৰনিজৰ কামলৈ ঘুৰি আহেকিন্তু চিনেমাখনৰ ট্ৰেইলৰতো গোলাপী ৰঙৰ আখৰফেশ্বন শ্বৰ নিছিনা কাপোৰ আৰু  বিটচকু প সংগীতৰ বেকগ্ৰাউণ্ড স্কৰ!  নাই, চিনেমাখন মোৰ ভাল লগা বিধৰ নহমেলিনিয়েল বোৰৰ বাবে বনোৱা-মনলৈ আহিল৷ 

মেলিনিয়েল কিবা বেলেগ প্ৰজাতি নেকি নে মই বুঢ়া হলো ?

দুদিন মান আগত বহু বছৰৰ মুৰত লগৰ সৌৰভক লগ পালো -এ ঘন্টাৰ বাবে মই কলো মোৰ ফ্ৰোজেন চ ল্ডাৰৰ কথা আৰু চুগাৰৰ কথা ,সি কলে তাৰ ভৰিৰ বিষ আৰু ভাগৰ আৰু ঠাণ্ডা  লগা কথা তাৰপিচত দুয়োজন ঘৰাঘৰি৷ মন কৰিছো সম বয়সৰ বেছিভাগেইকোৱা কৰিছে

আগতে যিবোৰ কাম দুঘন্টাত কৰিছিলোঁ আজিকালি সেয়া কৰিবলৈ চাৰি ঘন্টা লগা হৈছে’   

খুব ভাগৰ লাগে অজিকালি’

কি হৈছে মিড লাইফ ক্ৰাইছিছ ??  কবিড ফেটিগ ???

তাকে ভাঙিবলৈ আকৌ চিনেমা চোৱা অভ্যাস কৰিব খুজিছোঁ ২০১২ মানলৈ চিনেমাৰ পৃথিবীত কি হৈ আছিল খৰ ৰাখিছিলোঁ৷ তাৰপিচত বাদ পৰিল  যে পৰিলেই কাম বাঢ়িলসংসাৰ বাঢ়িলসময় কমিল , চিনেমাৰ ধৰন কৰনো সলনি হৱ ধৰিলে৷   তেনেকৈ তো নহব সেয়ে বহু দেৰিকৈ হলেও OTT ললো ২০২১ ত ,৷ সময়ৰ লগত যুজী দুখন মান চিনেমা চালো ,তাতেই লগ পাইছিলো  #Swansong নামৰ চিনেমাখনৰ ট্ৰেইলাৰ আৰু এদিন এই কিতাপখন হাতত পৰিল -ৰাজহাঁহৰ গান

ৰাজহাঁহৰ গান ?

লেখকে বুজাব খুজিছে -এয়াই শেষ আৰু ,বহুত হল আৰু নোৱাৰোঁ ,এইখন শেষ সংকলন -আৰু এইতো নামৰ গল্পতো মোৰ শেষ গল্প ৷ যেনেকৈ তেণ্ডুলকাৰ আদিৰ দৰে খেলুৱৈয়ে খেলৰ আগতে কৈ দিয়ে যে এইখন মোৰ শেষ আন্তৰাষ্ট্ৰীয় খেল হব তেনে ধৰৰ কাৰবাৰ৷ কথাতো বৰ এটা ভাল নাপালোঁ ৷

 

গ্ৰন্থখন মেলি আকৌ আচৰিত হোৱাৰ পাল  প্ৰথম পৃষ্ঠাতে লিখা আছিল 

 

ড০ মীনাক্ষী বৰকটকী

ড০ মৃণাল কলিতা 

ডা০ ভাস্কৰ ঠাকুৰীয়ালৈ 

ৰাজহাঁহৰ গান গ্ৰন্থখন 

এই তিনিজন আপোনজনলৈ চেনেহশলাগ আৰু আগ্ৰহেৰে 

-     দেবু দা 

   (দেৱব্ৰত দাস)

মই কিয়

বছৰত এটা মান গল্প ওলায় যেতিয়া মোকো গল্পকাৰ বুলিব পাৰি  বাৰু  কিন্তু তাৰ বাহিৰে মই নিজে অনুজীৱচেমিনাৰ ,এন্টিবায়টিক, ফাইল আৰু সংসাৰৰ মাজত সাহিত্যৰ জগতৰ ধূমকেতুৰ দৰে মাজে-মাজে হে সোমাব চেষ্টা চালাও৷ হানহাতে গ্ৰন্থখনৰ লেখকে এতিয়া কম লিখে যদি এতিয়া সন্মানেৰে লোৱা নামবোৰৰ ভিতৰত আহে তেওঁৰ নাম মোতকৈ বহু অগ্ৰজ,  তেনে এজন জনপ্ৰিয়তাৰ শিখৰত থকা গল্পকাৰ দেৱব্ৰত দাসৰ  তথাকথিত শেষ গ্ৰন্থখন মোৰ নামত????  

 

গল্পবোৰ :

 

কিতাপখনৰ গল্পবোৰ হল -গল্প লিখাৰ গল্প দেৱব্ৰত দাসৰ গল্পবোৰৰ ষ্টাইল  মই শ্যাম বেনগালৰ সূৰজ কা সাতৱা ঘোৰা নামৰ চিনেমা খনৰ  দৰে  (১৯৯২) পাও -এটা গল্পৰ ভিতৰত আন এটা গল্প; তাৰ ভিতৰত আন এটা আৰু সকলোকে এজন কথকে লগ লগাই থাকে অভিনেতা ৰজত কাপুৰে অতি সুন্দৰ অভিনয় কৰিছিল তাত৷ সেই সময়ত কাৰোবাৰ লগত গল্পৰ বিষয়ে আলোচনা কৰোঁতে কৈছিল যে হিন্দী লেখক ধৰ্মবীৰ ভাৰতী যাৰ গল্পৰ আধাৰত চিনেমাখন কৰা হৈছিল  গল্পবোৰো দেবু দাৰ গল্পবোৰৰ দৰে ৷ যিহেতু মই হিন্দী সাহিত্য নুৰণ নকৰো সেয়ে তাতকৈ সেই বিষয়ে বেছি কব নোৱাৰিম ৷ কিন্তু চিনেমাখনৰ দৰেই গল্পবোৰত গলপকাৰে প্ৰথম পুৰুষতকিছুমান মানুহ লগ পায় গল্পকাৰ মাথো প্রতক্ষদর্শী -লগত সদাই ধৰ্ম পত্নী আৰু তাৰ পিছত কাহিনীলৈ সোমাই আহে কিছুমান ইন্টাৰেষ্টিং মানুহ আৰু ইন্টাৰেষ্টিং মানুহবোৰৰ অভিজ্ঞতাৰ পৰাই ওলাই আহে গল্প৷ কেতিয়াবা কোনো ,উকিল ,কেতিয়াবা বন্ধু কিন্তু সূৰজ কা সাতৱা ঘোৰাৰ দৰেই এটা চৰিত্ৰৰ বহু গল্পত প্ৰবেশ ঘটে -সেয়া হল মাণিকদা ৷

মাণিক ৰহমাআকৰ্ষণীয় ব্যক্তিত্ব ! চিলিমত হোঁপ দি লেখকৰ প্লটবোৰ এনালাইজ কৰে -তাৰপিচত নিজৰ বিশাল অভিজ্ঞতাৰ পৰা যোৰ লগাই গল্পৰ বিভিন্ন টুকুৰাবোৰ৷ লেখকৰ সৃষ্টিৰ মুল প্ৰেৰণা ৷

Writers Block? Creative Death? Sabbatical? 

গোটেইকেইটা শব্দই মোৰ চিন্তাৰ প্ৰিয় বিষয় হযতো বেমাৰ (শব্দ!) তিনিটাৰ কোনতো বেমাৰত  মই নিজে আক্ৰান্ত তাক মই  অনুধাৱন কৰি থাকো সমৰ লেখা মেলা জগত খনৰ সকলো খবৰ ৰাখিব নোৱাৰোঁ যদিও মূলত কি কি হৈ আছে তাৰ সাৰাংশ জানো৷ তেতিয়াই দুবছৰ মান আগতে অনুভৱ হৈছিল দেবু দাই লেখা কমাইছে বা বাদ দিছে সেয়ে পৰোক্ষ ভাবে খবৰ লোৱাৰ ভাও ধৰি লেখা মেলাৰ কথা বাহিৰৰ পৰা টুকুৰিয়াই চাইছিলোঁ 

নাই হে মই বাদ দিছোঁ সেইবিলাক 

ইমান কষ্ট কৰিব নোৱাৰি

তাতকৈ চিনেমা চাও নেটফ্লিক্সত ৷

সৌজন্যতাবসত তাৰ পিছত আৰু নোসোধোঁ কিন্তু এই দীঘলীয়া বিৰতিৰ আৰৰ কথা জানিবলৈ তেওৰ আনুমতি সপেক্ষে কথাতোৰ ভিতৰলৈ সোমাব মন আছিল  SKC শেষৰ পিনেও এনে কিছু কথাৰেই মানুহৰ প্ৰশ্নৰ উত্তৰবোৰ দিছিল৷ যোৱা বছৰ  মই নিজে ক্ৰিয়েটিভ ব্লক বন্ধ কৰিবলৈ পডকাষ্ট এটা খুলিলোঁ তাতে এই বিষয়টো লৈ কথা পাতিম বুলি ঠিৰাঙ কৰিলোঁ কিন্তু এই কভিড, সেই ব্যক্তিগত কাম ৰাতি সাত বজাত ঘৰ আহি পাই একো কৰবিলৈয়েই বল নাথাকে দেখোন  (মিড লাইফ ??) 

সেয়া হৈ নুঠিল ,বা এতিয়ালৈ হোৱাই নাই   

 

ব্যক্তিগত :

২০০ মানত ইতি নামৰ এটা শৃঙ্খল দৈনিক জনসাধাৰণৰ ৰবিবাৰৰ পৰিপুৰিকা ইত্যাদিত ওলাইছিল ধাৰাবাহিক ভাবে সম্পাদক -দিগন্ত ওজা মানুহে ভাল পাইছিল তেতিয়াই এদিন দেবুদাৰ ফোন আহিল  ইতি ভাল পোৱা বুলি কলে৷ তেতিয়া মন সাতখন আঠখন হল চেলিব্ৰিটি ৰাইতাৰে ভাল পোৱা বুলি কৈছে , কি লাগে আৰূ? তাৰপিচত মোৰ প্ৰথম গ্ৰন্থ যাত্ৰাৰ প্ৰকাশৰ বাবেও দেবু দাই আখৰ প্ৰকাশৰ কমল মেধিৰ লগত চিনাকি কৰাই দিছিল   যাত্ৰা সফল হোৱা বুলিয়েই আজি কব পাৰো দ্বিতীয় গ্ৰন্থ সিংহদ্বাৰৰ উন্মোচনতো তেও আহিছিল ৷ মই নিজে দিল্লী , ডেৰাডুন ,মিৰাট দিল্লী, ভাৰতপুৰত পাটনা আদিত তিঘিলঘিলাই ফুৰিছো  দুৰণিত থাকিলেও কেতিয়াবা ভ্ৰমনত লগ পাইছো , লগ ধৰি একেলগে এসাঁজ খাইছিলোঁ , তেনেবোৰ কাৰণত লগত এটা ভাল সম্পৰ্ক নিশ্চয় আছে কিন্তু তথাকথিত  শেষ  গ্ৰন্থ উচৰ্গা ?? নাই হজম হোৱা নাই 

এটা কথা মই সন্দেহ কৰিছিলোঁ দুটা মান কথাত কিজানি তেওঁৰ স্বাভিমানত আঘাত কৰা নাইতো ?

১৷ দুটামান বিশেষ বটাত তেওঁৰ নাম বহুবাৰ আহি আহি চপা হোৱা নাই (অবশ্যে বটাকেইটাৰ এতিয়া আগৰ সে পবিত্ৰ তা নাই)

২৷ নতুন প্ৰজন্মৰ লেখকক সকলে তেওঁক দিব লগা সন্মান দিয়া নাই নেকি?

 

১ নং সমস্যাতো মোৰ কব লগীয়া নাইকিন্তু ২নংতোত কৰবাত ময়ো নাইতো বৰ্তমান যদিও নিজেই মি লাইফ ক্ৰাইছিচ নে কত ভুগিছোঁ তাক ভাবি পাৰাপাৰ পোৱা নাই তথাপিও এটা সময় ছিল যত মই ভাবিছিলোঁ যে আৰু দুবছৰৰ ভিতৰত মই চয়তান ভগতৰ বিক্ৰি আৰু ৰুশ্বদীয়ে পোৱা কাল্ট ষ্টেতাচ দুয়ুতাৰ অধিকাৰী হম৷ যদিও মনৰ সেই গোপন কথা যাতে কোনো গম নাপায় তাক লৈ তি (double) সচেতন আছিলো তথাপিও কিজানি কৰবাত ৱিকিলিকৰ দৰে ভিতৰৰ চয়তান বাহিৰেই হৈছিলেই ??

হোৱাৰ সম্ভাৱনা কম বাৰু কিন্তু মইহে মোৰ গেৰেন্টি দিব পাৰিমআন মেলিনিয়েলবোৰৰ সিঁহতৰ কথাবোৰ আমেৰিকান ৰেপাৰবোৰৰ দৰে -তই এটা কবি মই পাচত কম৷

নাজানোঁ ,গল কথা গল আকৌ কভিড আহিল হস্পিটালত কামেই কাম লৰা ছোৱালী দুটাকো সময় বৰ কম দিব পাৰোঁ ,তথাপিও মাজে-মাজে মনকে ভিতৰৰ ৰুশ্বদী আৰু চয়তান ভগতৰ ম্যুটেন্টতো জাগিব খোজে ,তেতিয়া কিবা কিবি লেখো 

 

মেটাফৰ  :

 

মাইকেল কেইনৰ swan song নাছালোঁ কিন্তু  উপহাৰ পোৱা ৰাজহাঁহৰ গান পঢ়িলোঁজুকিয়াই ললোসঙকলনখনৰ শেষ গল্প -ৰাজহাঁহৰ গাণ ৰ লগত মনৰ মত নিমিলিল- মণিক ৰহমানৰ মৃত্যু হলকভিদত

তাৰমানে লেখকৰ গল্পৰ প্ৰেৰণা উৎসৰ মৃত্যু হলমই আৰু নিলিখোঁ ,নেটফ্লিক্স চাই আৰামত বাকিখিনি সময় কটাই দিম৷৷৷

ণিক ৰহমান সচাঁ চৰিত্ৰ নে লেখকৰ কল্পনাৰ ৰজত কাপুৰ সেয়া মই নাজানোঁ৷

যদি সচাঁ চৰিত্ৰ আৰু তেওঁৰ সঁচাকৈয়ে কভিদত মৃত্যু হৈছিল তেনেহলে তেওঁৰ নামত এটা গল্প নহয় এখন উপন্যাস লেখিব লাগিছিল

লেখকে তেওঁক বাচি থাকোঁতেই মাৰি পেলালে সেয়া অতি অনৈতিক কথা 

আৰু যদি লেখকে মেটাফৰ হিচাপে তেওঁৰ সৃষ্টি  নিকদাক মাৰিলে তেনেহলে আমি সেই মেটফৰৰ লগত সন্মত নহয় বা তাক বেছি ট্ৰেজিক বুলি মানিম

 

Youth :

 

Midlife crisis, কভিড ফেটিগ যিয়েই নোবোলোঁ তাক ভাঙিব লৈয়েই সময় পালে চিনেমাৰ পৃথিবীখন আকৌ ভুমুকি মাৰিব চেষ্টা কৰিলোঁএই মেলিনিয়েল বোৰৰ উত্পাতত চিনেমাৰ ভাষাই সলনি হৈ গৈছেনতুন চিনেমা কেইখনমান চাই আকৌ পুৰণি চিনেমা কিছুমান চাব ৰিলোমোৰ আগৰ ফেভাৰিট -পুৱ ইউৰোপৰ Suicidal tendency থকা চিনেমাবোৰৰ পৰা কিন্তু এইবাৰ আঁতৰি থাকিব যত্ন কৰিলোঁ ৷ 

সেয়ে মাইকেল কেইনৰ Youth নামৰ চিনেমাখনত চকু পৰিল মাইকেইল কেইন -মূল সুতীৰ ভাল ইংৰাজী চিনেমাৰ পাৰ্টেক্ট ইংলিচ জেনটেলমেনভাল আভিনেতা ৷

তেৱোঁ বুঢ়া হৈছে বাৰুকৈয়ে চিনেমাৰ পটভুমি চুইজাৰলেণ্ডৰ হলিডে হোটেল এখন , বহুতো প্ৰাক্তন বিশ্ব বিখ্যাত মানুহে ইয়াত সময় নিৰ্বাহ কৰে -সকলোৱে নিজৰ খ্যাতিৰ সময় অতিক্ৰম কৰিছে  মাৰানাৰ দৰে তাৰকাৰ মেদ বহুল বিলাসিতাচুপাৰহীৰ চৰিত্ৰত আভিনয় কৰি খ্যাতিৰ শিখৰত থকা কিন্তু নিজে সেই কোনো সৃষ্টিশিলতা নথকা চৰিত্ৰটোক ঘিন কৰা এজন অভিনেতানিজকে হেতাই পেলোৱা পোৱা এজন চিত্ৰনিৰ্মাতা আৰু মাইকেল কেইন তাত অৱসৰ বিনোদনৰ বাবে আছে ৷ চিনেমাখনত মাইকেল কেইনৰ চৰিত্ৰতো এসময়ত বিখ্যাত সঙ্গীতজ্ঞ আছিলতিয়া আবসৰপ্ৰাপ্ত ,

পেৰিচৰ পৰা আত্মজীৱনীৰ বাবে এজেন্ট আহে -ঘুৰাই পঠিয়াইঘৈনিয়েকক বহু বছৰ লগ ধৰা নাই আৰু তাৰ বাবে জীয়েকে কুতুৰি থাকে৷ আনকি ৱাকিঙহাম পেলেচৰ পৰা যুবৰাজ চাৰ্লচৰ জন্মদিনত সংগীত পৰিচালনা কৰিবলে অনুৰোধ আহোঁতেও একেই উত্তৰ -not interested due to personal reason 

ৰাণীয়ে পুনৰ অনুৰোধ কৰে সেই একেই  উত্তৰ not interested due to personal reason 

কি personal reason?

পাৰ্চনেল মানে তাক মানুহৰ লগত আলোচনা কৰিব পাৰি নেকি ?

চিনেমাখনত নানা তৰপৰ সৃজনীশীল মানুহৰ creative , block , creative death , passing the golden days আৰু সৃষ্টিৰ তাড়নাৰ ভিতৰত দৰ্শকক লৈ যোৱা হৈছিল 

মাইকেল কেইনে পাইন গছৰ মাজে আহা বতাহ , চকলেটৰ ৰেপাৰৰ শব্দ , পথাৰৰ গাইবোৰৰ গলত বন্ধা ঘন্টা ধ্বণীৰ মাজত সঙ্গীতৰ স্বৰলিপি বিচাৰি অছিল কিন্তু তেও সেই সংগীতৰ জগতলৈ ঘুৰি নোযোৱাতো বদ্ধপৰিকৰ৷

এটা আবেগপূৰ্ণ সময়ত তেও কৈ পেলায় যে তেও ৱাকেঙহাম পালেচত ৰানীৰ আতিথ্যত পৰিবেশন কৰিব নোৱাৰাৰ আৰত আছে তেও পত্নীৰ পতি থকা -ভালপোৱা 

শেষত চিকিৎসকে তেওঁক কয় যে তেওঁৰ কোনো ধৰনৰ বেমাৰ নাই -তেও বয়সত যদি তেওঁৰ সমুখত কিহবাই অপেক্ষা কৰি আছে সেয়া হল যৌৱন৷ চিনেমাখন শেষ হয় মাইকেল কেইনে বৃদ্দাশ্ৰমত শিলৰ দৰে বহি থকা তেওঁৰ পত্নীক লগ ধৰা আৰু তাৰ পিছত ৱাকিঙহাম পেলচত তেওঁৰ বিখ্যাত সংগীত -simple song পৰিবেশন কৰাত৷

 

উপসংহাৰ : 

চিনেমাখন চাই উঠি ভবা কথাবোৰ আন এটা ধৰণেৰে বিশ্লেষণ কৰিবলৈ বিচাৰিলোঁ৷ মোৰ সিদ্ধান্ত দুটা ভুল আছে  এটা এই মেলিনিয়েল বোৰৰ প্ৰতি থকা মোৰ ভয় যাৰ বাবে কিজানি মাজে-মাজে ঘৃণাৰো ভাব প্ৰকাশ কৰিছিলোঁ সেয়া শুদ্ধ নহয়৷

কটনত পঢ়ি থাকোঁতে এবাৰ লক্ষধৰ চৌধুৰীৰ ভাষণ এটা উপভোগ কৰাৰ সৌভাজ্ঞ হৈছিল ৷ তেওঁৰ বিখ্যাত উক্তি জীৱন জুখিবা বন্ধুৰে চকুপানীৰে “ নহয় ইমানেই খুহুতিয়াকৈ কৈছিল যে হাঁহি-হাঁহি বাগৰি পৰিছিলোঁ-হয়তেও মোতকৈ বহুগুণে ডেকা ৷ আৰু সৃষ্টিৰ বাবে স্বঘোষিত অৱসৰ সদাই অৱসৰ হব নোৱাৰে৷ চিনেমাখনত সঙ্গীতজ্ঞজনৰ সংগীতৰ পৰা আতৰি থকাৰ আৰত কিবা এটা কাৰণ আছিল তযাপিও তেওৰ ভিতৰৰ  সঙ্গিতজ্ঞজন মৰি যোৱা নাছিল ৷ শেষত তেও বাধা নেওচি পুনৰ যৌবনপ্ৰাপ্তি কৰিলে৷

আৰু প্ৃথমতে দিয়া এই শচীন টেণ্ডুলকাৰৰ উদাহৰণতো ভুল তাতকৈ ইমৰান খানৰ কথা নাপাতোঁ কিয় - অৱসৰৰ পিছত ৰাষ্ট্ৰপতিআনুৰোত ক্ৰিকেটলৈ ঘুৰি আহিল দেশক বিশ্বকাপ জিকালে ,তাৰপিচত পাকিস্থানক টাটা মেমৰিয়েল দৰে খন কেন্সাৰ হস্পিটাল দিলে ,তাৰ পিছত ৰাজনীতি ,তাৰ পিছত বিবাহ ৷৷৷৷

জীৱন চলি যাকে নতুন-নতুন ৰূপত 

ণিক দা বাৰু মৰিলকিন্তু লেখকে ইমাৰান খান বা  youth চিনেমাখনৰ মাইকেল কেইনৰ আন কিবা ধৰনেৰে নতুন ৰাজহাঁহৰ স্বৰলিপি লেখিব নোৱাৰনে