অসমৰ আকাশৰ নেজাল তৰা |
‘পাচে ১৬৬৯ শকত আশ্বিত পাচদিন যাঁতে আকাশত নেজলগা তৰা ওলাইছিল, অমঙ্গলসুচক ।‘
শ্রীনাথ দুৱাৰা বৰবৰুৱা, তুংখুঙ্গীয়া
বুৰঞ্জী। (১৬৬৯ শক =১৭৩৮ খৃস্টাব্দ)
ইতিহাসৰ এক আবেদন
আছে ।যাৰ বাবে মই বাৰে বাৰে ইতিহাসত বর্তমানৰ সামন্তৰাল ঘটনা বিছাৰি যাও ।
যেনে
ধৰক কামখ্যা মন্দিৰৰ প্রঙ্গণ পালে মই প্রতিবাৰেই ভাবো :-বাকি লোককথা সচা হওক বা নহওক এয়া সচা কথা যে প্রায় হাজাৰ
বছৰ আগতে এই ঠাইত বহি এজন স্থানীয় ৰজাই তলৰ চহৰৰ
পৰা নিলাচলৰ গর্ভত অবস্থিত মন্দিৰলৈ এক বাট বনাইছিল যাৰ চিন এতিয়াও আছে
(তাক আমি মেখেলা উজোৱা পথ বুলি জানো) । এয়া সেই মন্দিৰ যত এজন স্থানীয় যোদ্ধা
বিদ্রোহী হৈ ধর্মান্তৰন পিচত এই মন্দিৰ ধ্ধংস কৰিব ওলাইছিল (তেওক আমি কালাপাহাৰ বুলি জানো),এইতো সেয়া
মন্দিৰ য’ত আহোম ৰজা ৰুদ্রসিংহ পশ্চিমীয়ৰ পৰা পুৰোহীত আনি ইয়াত স্থাপিত কৰিছিল যি পৰবর্তি সময়ত অসমৰ ৰাজনীতিত এক গভীৰ
প্রভাব ৰাখি গল।
মোৰ ‘নেজাল তৰা’ শির্ষক গল্প এটাৰ উৎসই হল
তুংখুঙিয়া বুৰঞ্জীৰ ওপৰৰ উক্তিটো যত এক নেজাল তৰাৰ আভির্ভাবে দেশৰ ভবিষ্যত অমঙ্গল
সুচোৱা বুজাব খুজি্ছে।
সেই সময়ৰ
ধাৰভাস্যকাৰ অন্ধবিশ্বাসী বুলি মই নাভাবো কিন্তু যিকোনো দেশপ্রমী বিজ্ঞ পুৰুষৰ দৰেই
তেও নিশ্চয় নিজৰ মনৰ ভাব সেই ভবিষ্যবাণীৰে লিপিবদ্ধ কৰিছিল
।
ইতিহাসৰ পাতত দেখা
যাব ঐতিহ্যমণ্ডিত আহোম শাসনৰ ঘাইখুটা লৰিবলৈ আৰম্ভ হৈছিল সেই সময়তে।তাৰ
পিচতেই আৰম্ভ হয় আমাৰ দুখ লগা ভয়াবহ ইতিহাস :কির্তিচন্দ্র বৰবৰুৱাৰ উঠ্ঠান , ১৭৬৯ প্রথম মোৱামৰিয়া বিদ্রোহ ,১৭৮২ দ্বীতিয়
মোৱামৰিয়া বিদ্রোহ যত গঢ়গাওৰ সকলো গৰিমাময় কিতৃস্তম্ভ ধ্ধংস হয়। দেশত আৰাজকতাৰ
আৰম্ভনি হয় ,১৭৮৬ তৃতিয় মোৱামৰিয়া বিদ্রোহ
যাক দমন কৰিবলে তিনিটা ভয়াবহ মাণ সেনাৰ আক্রমণ আসমীৰ জাতীয় ইতিহাসৰ অভিমানত এনে মাধমাৰ সোধায় যে তাৰ পৰা উদ্ধাৰ
পাবলৈ জাতীয় চেতনা আজিলৈ সক্ষম হোৱা নাই।
তেনেকুৱা হাজাৰ ঘটনা একে ধৰনেৰেই আমাৰ দেশত
আজিও হৈ আছে
উদাহৰণ হাজাৰ ওলাব (যেনে ধৰক আমি উক্ত গল্পটোৰ পটভুমিৰ ভুলবোৰ স্বাধীনতা
আন্দোলনত দোহাৰিছো তাৰ ভুলবোৰ ভাষা আনদোলনত ,বিদেশী আনদোলনত তাৰ পিচত
আলফা/এনদি্ফবি বিদ্রোহ ইত্যাদি ত দো্হাৰিয়েই আছো দোহাৰিয়েই আছো। এনেবোৰ বাৰংবাৰ
কৰা ভুলৰ পাহাৰে মাঠো এয়েই সুচাই যে আমি আমাৰ অতীতৰ ভুলবোৰৰ পৰা একো শিকা নাই।
নেজাল তৰা -অসমীয়া চুটি গল্প ,
লেখকৰ সংকলন -বিবৰ্তনত অৰ্ন্তভুক্ত
প্ৰকাশক : পেপিৰাজ ,
প্ৰাপ্তি :পাণবজাৰ পেপিৰাজ ,আমাজন লিঙ্ক:
No comments:
Post a Comment