Showing posts with label বেবেৰবাঙ. Show all posts
Showing posts with label বেবেৰবাঙ. Show all posts

Saturday, 10 March 2012

এখণ স্বর্গৰ সন্ধানত :

স্বর্গ এইখনেই
জীৱনটো নৰকৰ আন এটা নাম বুলি আমি প্রায়ে আফচোচ কৰো।কথাটো হয়ো ,কাৰণ আমি বেছিভাগ সময় আমাৰ মাজৰ নৰকখন লৈয়েই ব্যস্ত হৈ থাকো ।কিন্তু চাব জানিলে আমি নিজৰ এই অসহনীয় জীৱণটোৰ ভিতৰতো বিচাৰি পাব পাৰো এক নতুন সত্তা,এখন নতুন স্বর্গ ।কথাটো আমি জানো্‌ও ,কিন্তু ইমান দিনে dark literature ভাল পোৱা বাবে সেই দিশটো লক্ষই কৰা বন্ধ কৰিছিলো।

কিছুদিন আগতে এখন চুইদিচ চিনেমা চালো নাম :- "Så som i himmelen"( As It Is in Heaven) ,চিনেমাখন এখন সৰু গাওৰ কথা দেখাইছে ,সৰু সৰু সমস্যাৰে সৰু গাওখনৰ অতি সাধাৰণ প্রবাসীসকল সুখী (বা দুখী) যেন লাগিছিল।তেনেতে গাওখনলৈ এজন প্রসিদ্ধ সঙ্গিতজ্ঞ আহে :-তেওৰ বিশ্বাস সংগীতে মানুহৰ মনৰ ভিতৰৰ বন্ধ খিৰিকিখন খুলিব সক্ষম হব পাৰিব লাগে ।

লাহে লাহে লাহে তেও সংগীতৰ মাধ্যমেৰে সকলোৰে (লগতে নিজৰো) সমস্যাবোৰৰ সমুখিন হব ধৰিলে ।গাওখনৰ এগৰাকী মহিলা গেব্রিয়েলা ,।ধুনিয়া শিল্পীসুলভ মহিলা গৰাকিৰ জীৱন নৰকলৈ পৰিবর্তন হৈ পৰিছিল মাতাল ,হিংস্র  গিৰিয়েকৰ অত্যাচাৰৰ বাবে।তাই ভাল গাণ গায়; কিন্তু গান গোৱাটো দুৰৰ কথা তাই হাঁহিবও নোৱাৰে গৃহস্থৰ অত্যাচাৰৰ কৰনে ।তেনেতে সংগীত্জ্ঞ জনে গেব্রিয়েলাৰ বাবে এটি গান লেখি তাত সুৰ দি গেব্রিয়েলাৰ দ্বাৰা গোৱায় ।চিনেমাখন প্রথম বাৰৰ বাবে চাই উঠি গেব্রিয়েলাৰ গাণে মোক অভিভুত কৰিলে।
মই আন্ধাৰৰ ৰজা (বুলি বহুজনে মোক কয়) ।কিন্তু চিনেমাখন চাই উঠি গানটোত কোৱাৰ দৰেই মোৰো মনত ভাব হল হয়;-স্বর্গ আমাৰ এই পৃথিৱীখনৰ এই  জীৱনটোতেই আছে ।আমি মাঠো তাক চাব জানিব লাগিব। 
গানটোত অন্তর্ণিহিত অনুপ্রেৰণাৰ বাবেই মই কব নোৱাৰাকৈ তাক অসমীয়ালৈ অনুবাদ কৰিলো :-
গানটো  এনে ধৰণৰ :-

এতিয়াহে  মাথো আপোন জীৱন মোৰ
অতি কম সময়ৰ বাবেহে  এই ক্ষণ এই ধৰাত
আকাক্ষাই মোক লৈ আহিলে ইয়ালে
যি মোৰ নাছিল আৰু মই যি মই পালো।


এই পথ মই নিজে বাছি লোৱা
শব্দৰ  পৰিসিমাৰ বাহিৰৰ মোৰ বিশ্বাসে
মোক  অকমান বাট দেখাই নিছে 
এখন স্বর্গলে  যি মই  কাহানিও নাই পোৱা।


মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।

এই জিয়াই থকা কেইদিন
নিজে বিচৰা মতে
মই অনুভব কৰিব বিছাৰো যে মই বাছি আছো।
জানি বুজি মই সক্ষম সফল
নিজৰ মাজৰ আপোনজনক হেৰোৱা নাই
মাথো মই নিদ্রাৰ মাজতে  হেৰাই গলো
কিজানি মোৰ সমুখত আন একো পথেই নাছিল
মাথো বাছি থাকাৰ আশাৰ বাহিৰে।
মই মাথো বিছাৰো- মই যি তাতে সুখী  হবলে
শক্তিশালী আৰু স্বাধীণ হবলে।
তিমিৰ ভাঙি দিন হোৱাটো চাক্ষুশ দেখিবলে
বাছি আছো কিয়নো জীৱনটো মাথো মোৰ
আৰু মই ভৱা স্বর্গখন ইয়াতেই আছিল
মই তাতেও কিজানি কৰবাত বিছাৰি পাম
আনুভব কৰিব খোজো যে মই জীৱণ জাপণ কৰিলো।

গানতো চাবলৈ :
 



Lyrics: Py Bäckman
Music: Stefan Nilson
It was Helen Sjöholm that was singing it.

Translated from English version in http://lyricstranslate.com

Monday, 30 January 2012

মোৰ গুৱাহাটী


গুৱাহাটীৰ এখন গোহাৰীৰ নমুনা
মোৰ চহৰ


গম নোপোৱাকৈয়েই মানু্হ প্রেমত পৰে নিজে ডাঙৰ হোৱা ঠাইখনৰ আৰু কেতিয়াবা কেতিয়াবা সেই প্রেমৰ ৰোমান্থনেই মানুহজনৰ পৰিচয় হৈ পৰে।উদাহৰণ বহু আছে যেনে ধৰক -আৰহান পামুক ।নবেল বিশাৰদ জনৰ লিখনিত বাৰে বাৰে ঘুৰি আহে তেওৰ শৈষৱৰ প্রেম ইষ্টানবুলৰ স্মৃতি।প্রজন্মৰ পিচত প্রজন্মৰ গৌৰৱময় বংশগত ইতিহাসৰ সৈতে ইষ্টানবুলতে জন্ম লৈ ,ডাঙৰ হৈ ,লঞ্ছিত আৰু বহিস্কৃত হোৱাৰ পিচতো ইষ্টানবুলৰ  পিচ পামুকে আৰু পামুকৰ পিচ ইষ্টানবুলে এৰা নাই ।আৰু এতিয়া ইমান বছৰৰৰ পৌণ পৌনিক  কচৰতৰ পিচত আমাৰ দৰে পঢ়ুৱৈৰ বাবে ইষ্টানবুল আৰু পামুক একার্থক শব্দ ৰুপে পৰিগনিত হৈছে।আমাৰ ভাৰত বর্ষতো এনেকুৱা উদাহৰণ বহু আছে ।
মই ব্যক্তিগতভাবে লগ পাই এনে প্রেমৰ অধিকাৰি বুলি অনুভব কৰা আন এজন জনপ্রিয় লেখক হল :- ৰাস্কিন বন্ড । মুছৌৰী আৰু ডেৰাদুনত ডাঙৰ হোৱা মানুহজন শৈষৱতে আংশিক অনাথ হৈছিল । পিচত দেশখন স্বাধীন হল। জন্মশুত্রে বগা তেজ লৈ ডাঙৰ হোৱা মানুহজন কুতুম সকলৰ উপদেশ মানি থিতাপি লাগিবলৈ ইংলেন্ডলৈও গৈছিল ।কিন্তু তিনিতা প্রজন্মৰ পৰা মানুহজনৰ তেজত প্রবাহিত হৈ আছিল হিমালয়ৰ প্রতি অনুৰাগ ।প্রবাসত (!) কেইদিনমান তাতে থাকিয়েই গম পালে যে পাহাৰৰ পৰা ,বন্ধুবোৰৰ পৰা ,আৰু ইয়াৰ আলু টিক্কী বোৰৰ পৰা আতৰি থকাতো অতি যন্ত্রনাদায়ক ।অন্তত মানুহজনে নিজকে চিনি পোৱা ৰাস্কিন বন্ড নামৰ মানুহজনৰ বাবে তাৰে সেই আচহুৱা জীৱন জাপন কৰাতো অসম্ভব। গতিকে প্রথম কেইবছৰৰ পইচাৰে ভাৰতলৈ বুলি জাহাজৰ টিকটৰ পইচাখিনি  জমা হোৱাৰ লগে লগেই তেও ঘৰমুখি হল।আৰু  সেই যে ঘুৰি আহিল আহিলেই :তাৰ পিচত ৰাস্কিন বন্ড মানেই আমি জানো হিমালয় আৰু ডেৰাদুন।
এই শিতান লিখোতা ওপৰত উ্ল্লেখিত সকলৰ দৰে মেধাৰ অধিকাৰি নহলেও নিজৰ বুলি ভবা চহৰ গুৱাহাটীৰ প্রতি প্রায় তেনে এটাই আকর্ষণ কঢ়িয়াই লৈ ফুৰিছো।  যোৱা দহবছৰে কর্মসু্ত্রে মই গুৱাহাটীৰ পৰা আতৰি আছো যদিও বছৰত এবাৰ বা দুবাৰ গুৱাহাটীলৈ আহি কিছুমান বস্তু দেখি তবধ মানো।তাৰে কিছুমান পৰিবর্তন আবশ্যে  গৌৰবৰ কাৰক হয়  কিন্তু ভালেখিনি অতি লাজলগা ধৰনৰ পৰিবর্তন ।
যেনে ধৰক সকলোৱেই ভাবে অসমীয়া মানুহবিলাক সহজ সৰল।ময়ো মানো (!),কিন্তু যোৱা দহবছৰত গুৱাহাটিৰ চুকে কোনে অতিস্থ ৰাইজে দেৱালত লিখিব লগিয়া হৈছে এনে কিছুমান লিখনি: সুসভ্য লোকে ট্রেফিক নিয়ম মানি চলে ,নহলে নিজৰ ঘৰৰ জাৱৰ জোঠৰ যতে ততে পেলাই প্রদুষণ সৃষ্টিৰ পৰা দুৰত থাকক, ৰাজহুৱা স্থাণত মাদক দ্রব্য সেৱণ কৰাৰ পৰা আতৰি থাকক   কিন্তু অলপ ঘুৰা ফুৰা কৰিলেই গমপাব অতিস্থ লিখনি বোৰে একো কামত অহা নাই।মানুহবোৰ দিনে দিনে বহু অসহনশীল আৰু কঠুৱা হৈ গৈছে।
হয়টো গোতেই পৃথিৱীয়েই কঠুৱা হৈ পৰিছে ,কিন্তু মোৰ চহৰ গুৱাহাটীত তেনে ঘটনা?
আপুনি মোৰ কথা মনা নাই ? এটা কাম কৰক প্রমাণ পাই যাব : যোৱা চাৰি বছৰৰ প্রকাশিত হোৱা বাতৰি কাকত সমুহৰ প্রথম দহদিনৰ বাতৰি খুলি লওক ,দেখিব প্রায় প্রতিদিনেই কমেও এটাকৈ লোহমর্ষক হত্যাকান্ড মহানগৰীতেই ঘতিছে ।ঘটনাবোৰো এনে যে আমি ক্রাইম ঠ্রিলাৰবোৰতো ইমান জঘণ্য কাহিনী কিজানি পঢ়িব পোৱা নাই। আমি সাধাৰনতে বাহিৰাগতৰ নামত অপৰাধবোৰ জাপি দিও ,কিন্তু ধৰা পৰা হত্যাকাৰী বোৰৰ নাম আৰু উপাধিসমুহ  লক্ষ কৰিব, অপৰাধী বোৰ  ভয়লগাভাবে স্থানীয়)।
আৰু দুটামান ব্যক্তিগত উদাহৰণ দিও : মই যোৱাবাৰ গুৱাহাটী গৈ পাইয়েই সন্ধিয়া চয় বজাত ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰলৈ আগুৱাই গলো।(দিশপুৰৰ পৰা ৰাজগঢ়) ,তেনেতে ,এজাক বৰষুন দিলে ।চাৰিওপিনে এনেকৈ পানী জমা হল যে ঘৰলৈ ঘুৰি আহাটো অসম্ভব হৈ পৰিল।
পানী খচি বহু কষ্টৰ পিচত ঘৰ আহি পালো ,ঘৰৰ পৰা পানী সিচি বাহিৰ কৰিলো :তাৰপিচত দেখো খাবলৈ পানী নাই।
     গোতেই কেইতা কাৰণৰ প্রতিকাৰৰ বাবেই বাবেই আমি :ডাঙৰ ডাঙৰ টিভি শ্বত চিয়ৰিছো ,নহলে সম্পাদকলৈ চিঠি লেখিচো ,বা  ব্লগ লিখি্ছো ।
কিন্তু দ কৈ ভাবিব গলে গম পাম যেন কৰবাত আমি কৰা দোষ,ভাবলেশহীনতা আদিৰ বাবেই আমাৰ মৰমৰ চহৰখন লাহে লাহে এখন প্রাণহীন :- কঠোৰ(নিস্ঠুৰ) মহানগৰীত পৰিগনিত হৈছে।কিছুমান পৰিবর্তন অসহনীয়।


অথাপিও ভাব হয় যিমানেই গালি নাপাৰো কিয় ,তথাপিও মোৰ চহৰ ,মোৰ চহৰেই ।
সেইবাৰ গুৱাহাটি ভ্রমণৰেই কথা : ডেৰাদুনলৈ ঘুৰি আহিবলে উৰাজাহাজত বহি আছিলো।স্বভাবগতভাবেই  ইমানবোৰ খঙ ৰাগ কৰি উঠিও যেতিয়া ঘুৰি আহিব ওলাইছো তেতিয়া মনটো বেয়া লাগি আহিল। উৰাজাহাজখনে ধেনুভৰিয়া পাকটো লওতে তলত জিলিকি আছিল  লুইতখন আৰু তাৰ কাষত দেখিলো মোৰ চহৰখন:-
ভাব হল:-
স্বপ্ন আৰু বাস্তৱ,বন্ধু আৰু শত্রু,সকলোৰেই এই চহৰ
জীৱনৰ প্রতিতো কোঁহত পিয়াহ ,অমৃত গৰলৰ মোৰ এই চহৰ।
এই চহৰ-মোৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ
এই চহৰ-মোৰ কর্ম,লক্ষ,সুখ আৰু যন্ত্রণাৰ
পলাই কলৈনো যাম?কিমননো দুৰ পাম
সুৰুয দুবে নদীত ভেজা দিয়া পাহাৰৰ শিখৰত
নিয়ন চাকি জ্বলে নৈৰ ইপাৰত(মাথো মোৰ চহৰত)।#
(# লেখকৰ যাত্রা কিতাপৰ চুটীৰ দিনলিপিৰ নামৰ চন্দত লিখা গল্পটোৰ কেইশাৰি মান; পৃষ্ঠা:১৯৮ ।)

Tuesday, 24 January 2012

টকলা চর্দাৰ বা স্বৰচিত লোকগীত



আজি অসমীয়া বাতৰি কাকত এখনত  এটা বাকচৰ ভিতৰৰ(!) বাতৰি দেখি শৈশৱৰ হাহি উঠা ঘটনা এটা মনত পৰিল।
কিবা এটা বাহাগী উৎসব (আদৰনী ,বৈতৰনী , বিদায় ,পাহৰনী বা তেনে ধৰনৰ) চলি আছিল ।তেনেতে এজন মানুহ মঞ্চত উঠিল ;নেপথ্য নাৰীকন্থৰ  ঘোষণা :এয়া মঞ্চত শ্রীমান......ৰ লোকগীত । বৰলে বিন্ধা  পানীলাওৰ  জালীৰ দৰে মুখখনৰ গায়ক এজন মঞ্চত আৰু ঘোষণা কৰিলে মই এতিয়া আপোনাৰ আগত স্বৰচিত লোকগীত পৰিবেশন কৰিম ।
মোৰ বয়স তেতিয়া চয় বা সাত ,তেওৰ বাক্যতোৰ ব্যঙ্গতা /মুর্খতাৰ গুৰুত্ত মই তেতিয়া বুজিব  পৰা নাছিলো। আচৰিতভাবে তাত জমা হোৱা বেছিভাগ দর্শকেই মোৰ দৰে ভাবলেশহীন হৈ মঞ্চলৈ চাই থাকিল ;নহলে নিজৰ নিজৰ চানাচুৰ ভজা খোৱাত  ব্যস্ত হৈ গল।
মাঠো মোক লৈ যোৱা দাদা সকল আৰু মাহতেহে উচ্চস্বৰে হাহিব ধৰিলে।প্রথমতেতো মই ভাবিছিলো কিয়নো হাহিছে সিহতে ।মানুহজনে গান লিখিছে ভাল হে কথা ।সময় আগবাঢ়িল অলপ চলপ বুজিলো কথাবোৰ..
তাৰপিচত ইমান বছৰে  স্বৰচিত লোকগীতৰ ঘটনাটো  আমাৰ কেইজনমানৰ বাবে ব্যক্তিগত কৌতুকৰ মাইলৰ খুতি হিচাপে পৰিগনিত হৈছে।

আজি বাতৰি কাকতৰ বাতৰিতোৰ শিৰোণামা আছিল গোৱালপৰীয়া লোকগীতৰ স্বৰলিপি প্রকাশ !!!
(অসমৰ পৰা প্রায় দুহেজাৰ কিলোমিটাৰ দুৰত থাকো যদিও দেশৰ বা ৱাতৰি বাবে ই পেপাৰবোৰ এবাৰ খোলো)
মোৰ শৈষৱৰ সেই ব্যঙ্গাত্মক ঘটনাটো মনত পৰিল।
লোকগীতৰ স্বৰলিপি ?
মানে ধৰক :-
চুট টাই পিন্ধা হিপ্পী।
বা টকলা চর্দাৰ!
অনাসক্ত মদাহী .....
লোকগীত ,আৰু তাৰ ব্যাকৰণ .........।
মানুহৰ মাজত লালিত পালিত গানবোৰক আমি এনেয়েই বহু কাৰনত নাকি লগাব গৈ আছো ,অলপ হবও লাগিব তাতে এয়া মুক্ত ভাব প্রকাশৰ যুগ ।
কিন্তু স্বৰলিপিৰে নাকি লগাব খোজাতো স্বৰচিত লোকগীতৰ দৰেই লির্লজভাবে হাস্যস্পদ ।
লোকগীত মানে স্বত:স্ফুর্ত আৰু স্বাধীন ।