Monday, 30 January 2012

মোৰ গুৱাহাটী


গুৱাহাটীৰ এখন গোহাৰীৰ নমুনা
মোৰ চহৰ


গম নোপোৱাকৈয়েই মানু্হ প্রেমত পৰে নিজে ডাঙৰ হোৱা ঠাইখনৰ আৰু কেতিয়াবা কেতিয়াবা সেই প্রেমৰ ৰোমান্থনেই মানুহজনৰ পৰিচয় হৈ পৰে।উদাহৰণ বহু আছে যেনে ধৰক -আৰহান পামুক ।নবেল বিশাৰদ জনৰ লিখনিত বাৰে বাৰে ঘুৰি আহে তেওৰ শৈষৱৰ প্রেম ইষ্টানবুলৰ স্মৃতি।প্রজন্মৰ পিচত প্রজন্মৰ গৌৰৱময় বংশগত ইতিহাসৰ সৈতে ইষ্টানবুলতে জন্ম লৈ ,ডাঙৰ হৈ ,লঞ্ছিত আৰু বহিস্কৃত হোৱাৰ পিচতো ইষ্টানবুলৰ  পিচ পামুকে আৰু পামুকৰ পিচ ইষ্টানবুলে এৰা নাই ।আৰু এতিয়া ইমান বছৰৰৰ পৌণ পৌনিক  কচৰতৰ পিচত আমাৰ দৰে পঢ়ুৱৈৰ বাবে ইষ্টানবুল আৰু পামুক একার্থক শব্দ ৰুপে পৰিগনিত হৈছে।আমাৰ ভাৰত বর্ষতো এনেকুৱা উদাহৰণ বহু আছে ।
মই ব্যক্তিগতভাবে লগ পাই এনে প্রেমৰ অধিকাৰি বুলি অনুভব কৰা আন এজন জনপ্রিয় লেখক হল :- ৰাস্কিন বন্ড । মুছৌৰী আৰু ডেৰাদুনত ডাঙৰ হোৱা মানুহজন শৈষৱতে আংশিক অনাথ হৈছিল । পিচত দেশখন স্বাধীন হল। জন্মশুত্রে বগা তেজ লৈ ডাঙৰ হোৱা মানুহজন কুতুম সকলৰ উপদেশ মানি থিতাপি লাগিবলৈ ইংলেন্ডলৈও গৈছিল ।কিন্তু তিনিতা প্রজন্মৰ পৰা মানুহজনৰ তেজত প্রবাহিত হৈ আছিল হিমালয়ৰ প্রতি অনুৰাগ ।প্রবাসত (!) কেইদিনমান তাতে থাকিয়েই গম পালে যে পাহাৰৰ পৰা ,বন্ধুবোৰৰ পৰা ,আৰু ইয়াৰ আলু টিক্কী বোৰৰ পৰা আতৰি থকাতো অতি যন্ত্রনাদায়ক ।অন্তত মানুহজনে নিজকে চিনি পোৱা ৰাস্কিন বন্ড নামৰ মানুহজনৰ বাবে তাৰে সেই আচহুৱা জীৱন জাপন কৰাতো অসম্ভব। গতিকে প্রথম কেইবছৰৰ পইচাৰে ভাৰতলৈ বুলি জাহাজৰ টিকটৰ পইচাখিনি  জমা হোৱাৰ লগে লগেই তেও ঘৰমুখি হল।আৰু  সেই যে ঘুৰি আহিল আহিলেই :তাৰ পিচত ৰাস্কিন বন্ড মানেই আমি জানো হিমালয় আৰু ডেৰাদুন।
এই শিতান লিখোতা ওপৰত উ্ল্লেখিত সকলৰ দৰে মেধাৰ অধিকাৰি নহলেও নিজৰ বুলি ভবা চহৰ গুৱাহাটীৰ প্রতি প্রায় তেনে এটাই আকর্ষণ কঢ়িয়াই লৈ ফুৰিছো।  যোৱা দহবছৰে কর্মসু্ত্রে মই গুৱাহাটীৰ পৰা আতৰি আছো যদিও বছৰত এবাৰ বা দুবাৰ গুৱাহাটীলৈ আহি কিছুমান বস্তু দেখি তবধ মানো।তাৰে কিছুমান পৰিবর্তন আবশ্যে  গৌৰবৰ কাৰক হয়  কিন্তু ভালেখিনি অতি লাজলগা ধৰনৰ পৰিবর্তন ।
যেনে ধৰক সকলোৱেই ভাবে অসমীয়া মানুহবিলাক সহজ সৰল।ময়ো মানো (!),কিন্তু যোৱা দহবছৰত গুৱাহাটিৰ চুকে কোনে অতিস্থ ৰাইজে দেৱালত লিখিব লগিয়া হৈছে এনে কিছুমান লিখনি: সুসভ্য লোকে ট্রেফিক নিয়ম মানি চলে ,নহলে নিজৰ ঘৰৰ জাৱৰ জোঠৰ যতে ততে পেলাই প্রদুষণ সৃষ্টিৰ পৰা দুৰত থাকক, ৰাজহুৱা স্থাণত মাদক দ্রব্য সেৱণ কৰাৰ পৰা আতৰি থাকক   কিন্তু অলপ ঘুৰা ফুৰা কৰিলেই গমপাব অতিস্থ লিখনি বোৰে একো কামত অহা নাই।মানুহবোৰ দিনে দিনে বহু অসহনশীল আৰু কঠুৱা হৈ গৈছে।
হয়টো গোতেই পৃথিৱীয়েই কঠুৱা হৈ পৰিছে ,কিন্তু মোৰ চহৰ গুৱাহাটীত তেনে ঘটনা?
আপুনি মোৰ কথা মনা নাই ? এটা কাম কৰক প্রমাণ পাই যাব : যোৱা চাৰি বছৰৰ প্রকাশিত হোৱা বাতৰি কাকত সমুহৰ প্রথম দহদিনৰ বাতৰি খুলি লওক ,দেখিব প্রায় প্রতিদিনেই কমেও এটাকৈ লোহমর্ষক হত্যাকান্ড মহানগৰীতেই ঘতিছে ।ঘটনাবোৰো এনে যে আমি ক্রাইম ঠ্রিলাৰবোৰতো ইমান জঘণ্য কাহিনী কিজানি পঢ়িব পোৱা নাই। আমি সাধাৰনতে বাহিৰাগতৰ নামত অপৰাধবোৰ জাপি দিও ,কিন্তু ধৰা পৰা হত্যাকাৰী বোৰৰ নাম আৰু উপাধিসমুহ  লক্ষ কৰিব, অপৰাধী বোৰ  ভয়লগাভাবে স্থানীয়)।
আৰু দুটামান ব্যক্তিগত উদাহৰণ দিও : মই যোৱাবাৰ গুৱাহাটী গৈ পাইয়েই সন্ধিয়া চয় বজাত ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰলৈ আগুৱাই গলো।(দিশপুৰৰ পৰা ৰাজগঢ়) ,তেনেতে ,এজাক বৰষুন দিলে ।চাৰিওপিনে এনেকৈ পানী জমা হল যে ঘৰলৈ ঘুৰি আহাটো অসম্ভব হৈ পৰিল।
পানী খচি বহু কষ্টৰ পিচত ঘৰ আহি পালো ,ঘৰৰ পৰা পানী সিচি বাহিৰ কৰিলো :তাৰপিচত দেখো খাবলৈ পানী নাই।
     গোতেই কেইতা কাৰণৰ প্রতিকাৰৰ বাবেই বাবেই আমি :ডাঙৰ ডাঙৰ টিভি শ্বত চিয়ৰিছো ,নহলে সম্পাদকলৈ চিঠি লেখিচো ,বা  ব্লগ লিখি্ছো ।
কিন্তু দ কৈ ভাবিব গলে গম পাম যেন কৰবাত আমি কৰা দোষ,ভাবলেশহীনতা আদিৰ বাবেই আমাৰ মৰমৰ চহৰখন লাহে লাহে এখন প্রাণহীন :- কঠোৰ(নিস্ঠুৰ) মহানগৰীত পৰিগনিত হৈছে।কিছুমান পৰিবর্তন অসহনীয়।


অথাপিও ভাব হয় যিমানেই গালি নাপাৰো কিয় ,তথাপিও মোৰ চহৰ ,মোৰ চহৰেই ।
সেইবাৰ গুৱাহাটি ভ্রমণৰেই কথা : ডেৰাদুনলৈ ঘুৰি আহিবলে উৰাজাহাজত বহি আছিলো।স্বভাবগতভাবেই  ইমানবোৰ খঙ ৰাগ কৰি উঠিও যেতিয়া ঘুৰি আহিব ওলাইছো তেতিয়া মনটো বেয়া লাগি আহিল। উৰাজাহাজখনে ধেনুভৰিয়া পাকটো লওতে তলত জিলিকি আছিল  লুইতখন আৰু তাৰ কাষত দেখিলো মোৰ চহৰখন:-
ভাব হল:-
স্বপ্ন আৰু বাস্তৱ,বন্ধু আৰু শত্রু,সকলোৰেই এই চহৰ
জীৱনৰ প্রতিতো কোঁহত পিয়াহ ,অমৃত গৰলৰ মোৰ এই চহৰ।
এই চহৰ-মোৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ
এই চহৰ-মোৰ কর্ম,লক্ষ,সুখ আৰু যন্ত্রণাৰ
পলাই কলৈনো যাম?কিমননো দুৰ পাম
সুৰুয দুবে নদীত ভেজা দিয়া পাহাৰৰ শিখৰত
নিয়ন চাকি জ্বলে নৈৰ ইপাৰত(মাথো মোৰ চহৰত)।#
(# লেখকৰ যাত্রা কিতাপৰ চুটীৰ দিনলিপিৰ নামৰ চন্দত লিখা গল্পটোৰ কেইশাৰি মান; পৃষ্ঠা:১৯৮ ।)

No comments:

Post a Comment