যদি কিবা এটা বস্তু তুমি আন্তৰেৰে বিছৰা
সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।।
এই বাক্যশাৰী হয়তো কৰবাত নহয় কৰাবাত
আপোনালোকে শুনিছে।হয় সাহৰুক খানৰ মুখত
উর্ডু শ্বায়েৰীৰ ৰুপত (ওম শান্তি ওম) নহলে
নাশ্বিৰুদ্দিন শ্বাহৰ মুখত এটি সাধাৰন চিনেমাৰ বছনৰ ৰুপত ( ইকবাল) ;কিন্তু পঢ়ুৱৈ সকলে কিজানি ধৰিব
পাৰিছে এয়া পাওলো কোৱেলহোৰ বিখ্যাত এলকেমিষ্ট
উপন্যাস খনৰ পৰা তুলি দিয়া উধৃতি । কৰবাত নহয় কৰবাত পৃথিৱীৰ বেছিভাগ মানুহেই এই বিখ্যাত কথাফাকি শুনি্ছে ,ব্যবহাৰ কৰিছে আৰু
তাৰে কিছুমানে হয়তো মনতো ৰাখিছে আৰু কিছুৱে
পাহৰিছে।।দর্শনৰ মানুহে হয়টো কব দর্শনত এই বাক্যশাৰী বহুদিনৰে পৰা এটা সর্বজন বিনীত সত্য (laws of attraction )-পাউলো
কোৱেইলহোই একো নতুন কথা আবিস্কাৰ কৰা নাই।অৱশ্যে আজি আমি এই সুত্রটোৰ উৎস কি তাক
বিচাৰ কৰিব যোৱা নাই কাৰণ আমি জানোই পৃথিবিখনত নতুন বুলিবলৈ কোনো সুত্র নাই যদি
আছে কিছুমান নিৰন্তৰ শৃঙ্খলৰ পুনৰআবৃত্তি
বেলেগ বেলেগ ৰুপত। তাৰে কিচুমান পুনৰআবৃত্তি হয় স্বাধীন চিন্তাৰ উৎসৰ পৰা ,যেনে
পাউলো কোৱালহোৰ সুত্র আৰু কিজানিবা দর্শন/পৰিসংখ্যাৰ laws of attraction ৰ এনে সাদৃশ্য আৰু কিছুমানৰ সৃস্টি হয়
অনুমতিহীন নকল কৰাৰ পৰা ।
আমাৰ মনৰ ভিতৰত ইতিবাচক আৰু নেতিবাচক দুয়ুজন
মহাপুৰুষ বহি আছে। আশাবাদী মনতোই বিছাৰে উক্ত কথাশাৰী ধ্রুবসত্য হওক আৰু মাথো প্রচুৰ আত্মবিশ্বাস আৰু কষ্টৰে যদি
আমি নিজৰ লক্ষস্থানলৈ আগবাঢ়ো এদিন নহয় এদিন সেই লক্ষস্থানত উপনিত হমেই।
কিন্তু দৈনন্দিন কামত প্রায়ে আমাৰ ওপৰৰ
বাক্যশাৰীৰ ওলোটাতোহে সচা হয় যেন লাগে ।মানে - যদি কিবা এটা বস্তু তুমি
আন্তৰেৰে বিছৰা সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।।।যেনে ধৰক আপুনি
লিখিব বিছাৰিছে –কলমটো বিছাৰি পোৱা নাই ,আপুনি ই মেইল এখন খুলিব লাগে
,ইন্টাৰনেটৰ লগত সংলগ্ণ হব পৰা নাই
,কাৰোবাক বহু জৰুৰী কথা এটা সুধিব ফোন কৰিছে :তেও ফোন উঠোৱা নাই কাৰণ তেও
আফিচত আছে, নহলে গঢ়ি চলাই আছে...মুঠতে যেতিয়া আপোনাৰ কামটো কৰাৰ মন সম্পুর্ণৰুপে শেষ হব,মনত ঠিক কৰি লব যে আপুনি
আৰু কামটো নকৰে তেতিয়াহে আপোনা আপুনি ওলাই
আহিব আপোনাৰ কলমটো ,ইন্টাৰেট যোগাযোগ ,বা তেতিয়া বাজিব ফোনত নোপোৱা বন্ধুৰ ফোন ’চৰি ভাই মিটিঙত আছিলো কিয় ফোন কৰিছিলানো তেতিয়া ?’ মুঠতে আপোনাৰ
সেই কামটো কৰা নহল।ইমানবোৰ দৈনন্দিন প্রমাণ থকাৰ পিচতো মই কেনেকে বিশ্বাস কৰিম যে
পথিৱীয়ে মোৰ পক্ষে ষৰযন্ত্র কৰিছে নে মোৰ বিপক্ষে ?
তেতিয়া আমি দোষো মার্ফি চাহিবক ।আলোচনাটোৰ
প্রথমশাৰী যেনেকৈ কোৱেলহোৰ ইতিবাচক বিখ্যাৎ বাক্য তেনেকৈয়েই মার্ফি হৈছে মোৰ দৰে
নেতিবাছক সকলৰ গুৰু ।মার্ফিৰ সুত্রই
কয় –যদি কিবা নহব লগা আছে
নহবই ।
নহলে গীতাৰ উদ্ধৃতিও নেতিবাছক হিচাপে লৈ কও –যে মই একো
কৰা নাই মই একো নকৰো , যি লিখা আছে সেয়া হবই । আইতাও কৈছিল –কপালৰ লিখন বাচা
.....।গতিকে একো কৰিব নালাগে ৰাতি হলে পানীটোপা খাই শুই থাকিলে হল - কাম কৰি ,আশা
কৰি একো লাভ নাই ?ভাগ্যত যি লিখা আছিল
সেয়াতো হবই।
এয়াই দর্শনৰ ওভতগোৰ(paradox) ।সময় সুবিধা পৰিস্থিতি
অনুসৰি এক সুচতুৰ ৰাজনীতিবিদৰ দৰে আমি আমাৰ মনৰ স্থিতি সলাও।কাম এটা ভালে
ভালে গলে আশাবাদি উধৃতি দিও আৰু যদি নহয় তেতয়া হলে কপাল,গীতা, নহলে মর্ফি চাহাবৰ
সুত্রক দোষো।কেতিয়াবা কেতয়াবা আমাৰ অস্পষ্ট স্তিতিক বিজ্ঞানৰ আপেক্ষিকতাৰ দোহাই কও :-পৃথিৱীৰ সকলো বস্তু –আপেক্ষিক !!!!!!! গতিকে সত্য একো নাই ,যদি আছে সিও আপেক্ষিক।মানে
আজি য সচা কাইলৈ সি কিজানি মিচা বুলিও প্রমানিত হব পাৰে।
হয়তো নির্মোহ ভাবে এনেবোৰ সুত্র বিশ্লেষন
কৰিব গলে সিয়েই আমাৰ আগত সাময়িকভাবে (আপেক্ষিক!) সত্য বুলি প্রমানিত হব ।
মানে প্রেম নাই ,জীৱনৰ অর্থ নাই , ভগবান নাই
, কোনো কামৰেই একো অর্থ নাই - তেনে এখন অপার্থিৱ সত্তা জানো অতি ভয়ঙ্কৰ নহয়
?তাৰমানে এই যে আশাবাদী শুত্রবোৰ আছে সেইবোৰ চব কেচুৱাক দিয়া ফুচুলনি ?
তেতিয়াই মনলৈ আহে সেই নিৰন্তৰ দ্যার্থতা –কি সচা কি মিছা
,কোনটোনো পথ লোৱা উচিত ।(এই মাজৰ ৰাজনিতীবিদৰ পথেই যদি লৈ থাকো তেনেহলে কতো গৈ যে
নাপাও সেয়া ধুৰুপ)
তেনেহলে আমি
ই কৰা উচিত? যিহেতু জীৱনত দিতীয়টো সুবিধা
পোৱা অসম্ভব গতিকে প্রথমতে তাৰ উত্তৰ জানিলে ভাল ।কিন্তু তাতেও এটা কথা- আজি যদি
ৰিজাল্ট জানোই তেনেহলে পৰীক্ষাৰ উত্তাপ কত থকিব ?গতিকে আমি আগতে তেনে পথ পাৰ হোৱা
কোনোবাৰ উদাহৰণ লোৱাৰ বাহিৰে কোনো উপাই নাই।
এই নেতিবাচক সুত্র বিলাক মানিলে কি হব পাৰে?
কিছুমান মানুহ আছে ,অতি
প্রতিভাবান কিন্তু লগতে স্বধ্বংসী –যেনে ধৰক এই ২৭ বছৰীয়া মৃতকৰদলটো - জীম মৰিচন ,জিমি
হেদ্রিক্ষ বা কিচুদিন আগৰ এমি ৱিনহাউচ ।সকলো পিনৰ প্রাচুর্য্যৰ বাহিৰে তেওলোকৰ
একোৰেই অভাৱ নছিল ।কিন্তু অতি নেতিবাচক সত্যৰ সন্ধানৰ ফল স্বৰুপে ২৭ বছৰ বয়সতে হয়
মদ বা আন কোনো নিসিদ্ধ দ্রব্যৰ নিচাৰ শিখৰত ২৭ৰ দেওনা এজনেইও পাৰ কৰিব নোৱাৰিলে।য
উক্ত উদাহৰনকেইতা অতি বিদেশি যেন লাগিছে ? এতিয়া
ধৰক দেশীয় উদাহৰণ দেখুৱাব গৈ খুটাত উঠা উদাহৰন দিব গলে ব্যক্তিগত আক্রমণ হৈ পৰিব গতিকে তেনেহলে নিজৰ চুবুৰিতে ডাঙৰ হোৱা
সৰু সুৰা নদাই ভাদাইলৈ মনত কৰা আৰম্ভ কৰিলো । অলপ বিচাৰিলেই এনে কিচুমান
পদুলিৰ উদাহৰণ অসমৰ প্রতিতো গলিতেই আপুনিও বিচাৰি পাব ।মই মোৰ ফালৰ পৰা উদাহৰন দিও
,গোপনীয়াতাৰ স্বার্থত সিহতৰ নাম নদাই আৰু ভদায়েই ৰাখো :-
আজিৰ পৰা এযুগ আগতে অসমৰ পদুলিয়ে পদুলিয়েই
কিছুমান দেকালৰাৰ আদ্দা গঢ়ি উঠিছিল।মোৰ চিনাকি নদাই ভদাই দুজনো এই কামৰ বাবে বিখ্যাত আছিল।আজি কাৰোবাৰ পইচা টানিলে, কাইলৈ কাৰোবাৰ চুলিত
টানিলে,মুঠতে নদাই আৰু ভদাই আহিলেই আঞ্চলটোত ত্রাসৰ সৃষ্টি হোৱা হল ।হয়তো সময়
আগবাঢ়াত নদাই ভদাইৰ এজন কৌটিপতিও হৈছিলগৈ ।কিন্তু এতিয়া যদি সিহতি কি কৰিছে চাব
যাও আমি দেখিম নদাই ভদাইৰ দৰে বছিভাগেই এতিয়া এই সংসাৰত নাই।আৰু যদি আছেও হয়তো
এনেভাবে ভাঙি পৰিছে যে সি একো কামৰ হৈ থকা নাই ।মোৰ চিনাকি নদাই বাছিতো আছে কিন্তু
লিভাৰৰ আৰু মধুমেহৰ সমস্যাত সি এতিয়া একো
খাৱ নোৱাৰে ।সেই নদায়েই এসময়ত কচাইৰ পঠা এটা দাঙি আনি অকলে তাৰ সিংহভাগ খাইছিল।
আৰু দেশি মদ ,বিদেশি মদ ,শিৱবাবাৰ প্রসাদ সকলো একেলগে গোগ্রাসে খাৱ পাৰিছিল।এতিয়া
সেই নাদায়ে পুৱা উঠি প্রানয়াম কৰে তাৰ পিচত পুতেকক স্কুলত থবলৈ যাব খোজে কিন্তু
পুতেক জীয়েকে সি গলে বেয়া পায় ,বাপেকটো মদার্ণ নহয় বাবে ........।আৰু ভদাই সি কত
আছে ,কি কৰিছে কোনো নাজানে ,কোনোৱে কয় কার্বি আঙলঙৰ স্কুল এখনত পঢ়াই ,কোনোৱে কয়
দিল্লীৰ কালাবাজাৰত কলা বেপাৰ কৰোতে কোনোবাই তাক চুৰি মাৰি জমুনা নদীত ওলাই
দিলে।এতিয়া যিখন বজাৰত নদাই ,ভদাইৰ নাম শুনিলে সকলোৱে ভয়ত উঠি দিছিল সেই বজাৰত
,সেই চুবুৰীত সিহতৰ বিষয়ে আজিকালি বেছিভাগে একোই নাজানে ।এযুগ পিচত নেতিবাচক বাটৰ
ৰজা মহাৰাজা সকল কোনো অস্তিত্তই নোহৱা হৈ পৰিল ।
এই
ইতিবাচক সুত্র বিলাক মানিলে কি হব পাৰে?
তেতিয়াহলে ইতিবাচক দিশত আগবঢ়া মানুহৰ উদাহৰণ বিচাৰো –যি বিশ্বাস কৰি আহিছে যদি কিবা এটা বস্তু
তুমি আন্তৰেৰে বিছৰা সমগ্র পৃথিৱীয়ে সেয়া তোমাক দিবলৈ ষৰয্ন্ত্র কৰিব ।।
আমি সাধাৰনতে চেলিব্রিতী
সকলক সফলতাৰ উদাহৰণ বুলি ধৰি ল্ব খোজো কাৰণ মাজে মাজে এনে লাগে এজন সাধাৰন মানুহে
বিচৰা সকলো এজন চেলিব্রিটিৰ আছে ।কিন্তু বেছি ভবাৰ
দৰকাৰেই নাই যিকোনো চেলিব্রিতীৰ ব্যক্তিগত জীৱনটোলৈ
চাও ভয় লগিব ধৰে ।কোনোবা ড্রাগ আসক্ত ,কাৰোবাৰ হয়তো বাৰে বাৰে নার্ভাছ ব্রেকডাইন
হয় ,আৰু বহুজনৰেই মৃত্যু অতি ভয় লগা বা
অকলশৰীয়া অবস্থাত।হয়টো তেওলোকে জীৱনত
লগাতকৈ অধিক পায় আৰু সেয়া ধৰিৰখাৰ প্রচেষ্টাতেই পিচৰ জীৱনচোৱা এনেভাবে এটি ভয়লগা
জীৱন জাপন কৰিব লগা হয় ।এয়াটো দুৰনীৰ ৰঙ...কাষ গৈ পালে দেখা পাও সকলো খেলি মেলি?
আমিবোৰ চিৰ অসোন্তোষীয়া -এইটো নাই ,সেইটো
নাই , ই মোক মাৰিছে ,সি মোক টানিছে তাকে ভাবি ভাবি নিজৰ ৰাক্তস্বাপ আৰু মধুমেহৰ
বাহিৰে আন কাৰো একো উপকাৰ কাৰা নাই।তেনেহলে এইধৰাত ইতিবাচক সুত্র মানি আছেনে কোনোৱে?
তেনেবোৰ কথা ভাবিয়েই এদিন গধুলি খোজ কাৰি আছিলো কর্মভুমি উত্তৰাখন্ডৰ সমভুমিত
;সমুখত শাৰিপাতি হিমালয়ৰ পর্বতৰাজি ।মই খোজকাঢ়িথকা বাটতোৰে তিনিশ কিলোমিটাৰ আগুৱাই
গলে পায় বদ্রীনাথ ,আৰু ধর্মপুঠীমতে তাৰপৰা আৰু আলপআগুৱাই গলে পায় স্বর্গ ।পঞ্চপান্ডৱে
সেইবাটেৰেই আগুৱাই পাইছিল বৈকুন্ঠধাম ।তেনেতে
বাটত লগ পালো জ্যোতিক । জ্যোতি মই কাম কৰি
থকা বিশ্ববিদ্যালয়খনৰ এজন সাধাৰন চকিদাৰ।তাৰ কাম হল শ্রেণী আৰম্ভ হোৱাৰ আগে আগে
মাইক , এল চি ডি প্রজেক্টৰ আদি
চলোৱা।উত্তৰাখন্ডৰ হাড কপোৱা শীতৰ আন্ধাৰ আতৰাৰ আগতেই সি শ্রেনীকোঠা খুলি
শিক্ষক আহাৰ লগে লগে হাহিমুখে কয় :নমস্কাৰ চাৰ মে মাহৰ দুপৰীয়া দুইবাজাটো যেতিয়া আন সকলোৱে মধ্যান্য ভোজনৰ
বিৰতি লৈ থাকে আৰু বাহিৰত জুইহেন বতাহ চলি
থাকোতেও জ্যোতিৰ মুখত সেই একেই হাহি দেখা পাও আৰু সি একেই উদ্যমেৰে কয় - নমস্কাৰ চাৰ। সেইদিনা গধুলি বাটত লগ পাও্তেও তাৰ মুখত সেই একেই হাহি, একেই নমস্কাৰ।লগতে সি কলে –আহক চাৰ চাহ খাই
যাওক বুলি ঘৰটো দেখালে :-আটোম টোকাৰি ঘৰ এটা
,বিজুলি ব্যাব্স্থা বা আন সকোলো দৈনন্দিন
জীৱনত লগা সা সুবিধা ঘৰটোত আছে ।পিচফালে বহুবিঘা মাটি তাত কুহিয়াৰ ,ঘেহু আদি খেতি
কৰে ,এবিঘা বেছিলেই কমেও বিচ লাখ পাব
,কিন্তু জ্যোতিয়ে নেবেছে।সি নিজৰ মাটিত
ৰিজর্ট হোৱাতকৈ নিজহাতে খেতি কৰাতহে বিশ্বাসী।
‘তেনেহলে আপুনি এইটো চাকৰি কিয় কৰি আছে,সকলো আছেই দেখোন ? মই
সুধিছিলো
‘কাম কৰাটো ডাঙৰ কথা চাৰ
.এই মাটি বেছি দুবছৰ আৰাম কৰি থাকিম তাৰপিচত কি হব ,লৰা ছোৱালীয়ে মদ ভাঙত ধৰিব
,পইচা শেষ হোৱাৰ পিচত কি কৰিম ? গতিকে মই লৰা ছোৱালীক নিজৰ কষ্টৰ পইচাৰে পঢ়ুৱাইছো
,খেতিবাটিও শিকাইছো যাতে ডাঙৰ হৈ নিজৰ ইচ্ছা আৰু সমর্থ্য মতে যি মন যায় কৰিব ,বাকি
ভগবানে ছব দিচেই দেখোন ।তাৱবাবে ভগবানৰ ওছৰত মই
চিৰকৃতজ্ঞ। ।মই বেচি পঢ়া শুনাও কৰা কিন্তু যি পাইছো তাতে সুখি..।যিখিনি নাই
সেইখিনি পাবলৈ কষ্ট কৰি আছো ।
আছল সুখী জ্যোটিৰ নিচিনা মানুহবোৰেই - মই মোৰ মনৰ কথা লগৰ এজনক কলো ‘ মুৰ নাই ,মুৰৰ বিষো নিাই।এতিয়া তাৰটো ইনকাম টেক্ছৰ চিন্তা
নাই লগৰ জনে মোৰ সুত্রটো লগালগ অগ্রাহ্য কৰিলে কিন্তু সেইটো কথা নহয় জ্যোতিৰ সপোনো
আছে পুতেক জীয়েকক প্রাইভেট স্কুলত পঢ়াই কিবা এটা কৰোৱা , খেতি আদিৰ পইচা জমা কৰি আইৱেত
ডাঙৰকৈ হোটেল এখন গতিকে তাৰ মুৰৰ বিষ
নিশ্ছয় আছে কিন্তু আমাৰ দৰে মানুহবোৰৰ লগত তুলনা কৰিলে জ্যোটিৰ এইকেইটা বস্ত নাই
যেন লাগিল লাগিল –মধুমেহ ,ৰক্টস্বাপ আৰু হিনমান্যতা ,.....।
_______________
উক্ত কথাফাকি লিখি উঠি মই মোক বহুদিনৰ পৰা
আমনি কৰি থকা প্রশ্নৰ উত্তৰ পোৱা বাবে সকাহ পোৱা যেন লাগিছিল আৰাম কৰাৰ আগতেই মনৰ মাজৰ বিদ্রোহী
বাবাই উলস্থুল লগোৱা আৰম্ভ কৰিয়েই দিলে - তোমাৰ অনুসিন্ধাম্তত ইতিবাচক সুত্র
বিলাক মানি চলিলে শেষলৈ কি হব পাৰে তাৰ
উত্তৰটোতো নাপালো ,ধৰা হল জ্যোটিৰ হোটেলখন এসময়ত খুলিলে সি কৌটিটকীয়া মানুহ হল তাৰপিচত? চেলিব্রিটি
সকলৰ দৰেই সপোন দিঠকত পৰিনত হোৱাৰ পিচত তাক ধৰি ৰখাৰ সমস্যাত স্বধংসী
যাত্রা আৰম্ভ হব নেকি ?
সচা কথা –সুত্রৰ বিৰুদ্ধে
অতি উত্তম যুক্তি।কিন্তু ইতিবাচক
পৰিমন্ডলৰেই প্রভাব নে কি নাজানো মোৰ
মূকেৰে ওলাই আহিল -ইয়াত শেষত কি হব সেই কথা নাহে destiny can never be
full stop… মোৰ বন্ধু ই নিৰন্তৰ চলিথকা বস্তু
যিদিনাই তুমি তাক এৰিবা সিয়ো তোমাক এৰিব ।গতিকে কোনটো পথ লোৱা সেইতো তোমাৰ কথা।
প্রকাশ : আমাৰ অসম ।
১ জুলাই ,২০১২ ,ৰবিবাৰ ,পৃষ্ঠা:৬
No comments:
Post a Comment