এনেই চাৱ গলে গণতন্ত্ৰৰ বিকল্প নাই , কিন্তু আমি জানো যে গণতন্ত্ৰৰ সমস্যাও বহু, অধিকাংশ লোকৰ ভাল পোৱা বেয়া পোৱাৰওপৰতেই নিয়মবোৰ বনোৱা হয়, আৰু নিয়মৰ বাবে আন বহু সম্ভাৱনাৰ বিকাশ বন্ধ হোৱাৰ উপক্ৰম হয়৷ সাধাৰণ জনতাৰ বাবেকেইটামান প্ৰচলিত
মাপ-কাঠী হৈ পৰে ভাল বেয়াৰ মানদণ্ড নিৰ্ণয় কৰাৰ একমাত্ৰ উপায়৷
সংগীততো তেনে কেইটিমান মুষ্টিমেয় ভাৱধাৰাৰ প্ৰভাব চলে৷ কি কাৰণত উষা মংগেশকাৰ , সুমন কল্যাণপুৰ , গীতা দত্ত আদিৰ দৰেমাতবোৰ ঘৰে-ঘৰে ভাহি ন’হালৈ বহুজনে বহু কথা কয়৷
অসমীয়া সংগীতৰ উদাহৰণ ল’বলৈ গলে আশীৰ দশকৰ শেষ ভাগত মিউজিক মেকাৰচৰ উদ্যোগত জিতুল
সণোৱালৰ সংগীতৰ নতুন লহৰে অসমীয়া গানৰ ভাবধাৰাত নতুনত্ব আনি দিলে৷ তাৰ পিছত এন কে
প্ৰডকাশ্বনৰ প্ৰযোজনাত জুবিন নামৰ যি প্ৰহেলিকা আহিল সি অসমীয়া গান ব্যৱসায়ৰ ধাৰাই
সলাই দিলে ৷ গানৰ প্ৰসাৰ হল , প্ৰচাৰ হল , প্ৰচুৰ ব্যৱসায় হল ,পিছত অংগৰাগ মহন্তৰ নতুন
ধাৰায়ো তাৰ লগত লগ দিলে৷ কিন্তু সেই বহু প্ৰচলিত কথা সুৰ ধ্বনি ৰ ৰমৰমীয়া ব্যৱসায়ৰ মাজত
মানুহৰ কাণে আন কোনো ধৰণৰ অসমীয়া সংগীত প্ৰচাৰৰ বাটো অগ্ৰাহ্য কৰিব ধৰিলে৷ গানবোৰ
বহু অৰ্থত একঘেয়ামী হব ধৰিলে ৷ মানুহবোৰে প্ৰকৃত তেই সেই একে ধৰনৰ সংগীত শুনিব বিচাৰে ,
নে সংগীতজ্ঞবোৰে নতুনক আকোৱালি ল’ব নুখুজে নে আন কিবা ?
: হয় ল মোৰ বাট, নহ’লে তই বৰবাদ?
কথাটো কিজানি তেনে নহয় ৷ কেইজনমান লোকেৰে চলা এই ব্যৱসায়ততো বহু প্ৰতিস্থা আৰু ধনবল
জৰিত আছে , যাৰ বাবে এক নতুন ধৰনৰ ধাৰা মানি ল’ব টান পায় আৰু সেই বাবেই বেলেগ ধৰণেৰে
ভৱা ,কাম কৰা সৰু গোট বিলাকে নিজৰ মত প্ৰকাশ কৰাৰ সুবিধা নাপায়৷ আৰু যদি কোনোবাই চেষ্টা
কৰে তেনেহ’লে তাক সকলোৱে হেয় প্ৰতিপন্ন কৰিবলৈ সৰহভাগ লোকে তত্পৰ হয় ৷ ই গানৰ
ক্ষেত্ৰতেই নহয় সমাজৰ প্ৰতিতো স্তৰতেই সত্য- আনকি গণতন্ত্ৰৰ দৰে ভাল অনুস্থানতো এই
ঘটনাৰ পাৰ্শ্বক্ৰিয়া আমি দেখা পাও৷
কিন্তু প্ৰকৃতিৰ নিয়ম – কোনো ধাৰণাই স্থায়ী নহয় , যি ওপৰলৈ যায় সি তললৈও নামি আহে৷
সংগীতৰ ক্ষেত্ৰটো তেনেবোৰ উঠান পতন আমি দেখা পাই আছো৷ চাৰিওপিনে বলীউডৰ
আধিপত্যৰ পিছত ৯০ৰ দশকত নামি আহিছিল মিউজিক ভিডিওৰ যুগ , বিড্ডূ , আৰু বহু
পৰীক্ষামূলক সংগীত শিল্পীৰ প্ৰচেষ্টাত আৰু মাল্টি বহুজাতিক সংস্থা সমূহৰ পইচাৰ বলত
এক নতুন ধৰণৰ সংগীত জনপ্ৰিয় হব ধৰিলে আৰু সময়ৰ সোঁতত সিও একঘেয়ামী আৰু
পক্ষপাত দুষ্ট বা নেপোটিজম ৰোগত আক্ৰান্ত হৱ ধৰিলে৷ আৰু চক্ৰাকাৰ উত্থান পতন আগৰ দৰেই
চলি থাকিব ধৰিলে৷
সেয়া আছিল গণতন্ত্ৰৰ বেয়া দিশ -কিন্তু ভাল দিশতো হল যে নিৰ্দিষ্ট সময়ত সকলো
ভাৱধাৰাৰেই উত্থান হব ধৰে ( উচিত সময়ত উচিত থাইত উপস্থিত থকা যোগ্য ব্যক্তিৰ ভাগ্য
ৰাতিৰ ভিতৰতেই সলনি হোৱাৰ ইতিহাস বহু আছে)৷ গণতন্ত্ৰীকৰণ কাৰণেই ভিন্ন ধৰনৰ
সংগীতৰ ধাৰা আৰু তাৰ আগ্ৰহী পৃথিবীৰ চুকে কোনে আছে – লুচিআন পাভৰটি, আবেদা
পাৰভিনৰ দৰেই জ্যাজ, RNB ৰ পৰা K প’পলৈ সকলোৰে গ্ৰাহক আছে , ইমান দিনে শ্ৰোতাৰ
কাষলৈ লৈ আনাৰ সমস্যা থাকিলেও সদ্যহতে বহু ধৰণৰ এপ আৰু দ্ৰুত গতিৰ ইন্টাৰনেটৰ কৃপাত
সংগীতৰ গণতন্ত্ৰ বহুমুখী হৈছে আৰু তাৰ বাবেই এজাক স্বাধীন সংগীত শিল্পী আৰু শ্ৰোতাৰ
সৃষ্টি হৈছে কোনো বাহুবলী কৃপা অবিহনে ৷ ই এক সুখবৰ ৷ Independent music genre ৰ
প্ৰতীক কুহাড, সিন্ধু মূছৱালা আদিৰ সংগীত আজি পৃথিবীৰ প্ৰতিতো প্ৰান্তত মানুহৰ ঘৰে-ঘৰে
বাজে৷
এতিয়া আহোঁ অসমীয়া সংগীত জগতত কি হৈ আছে ,
নিশ্চয়েই অসমীয়া সংগীতত বলীউদৰ দৰে ধন পৰিসৰ নাই বাবে সৰু সূৰা পৰীক্ষা-নিৰীক্ষা সকলোৱে কৰি আছে , সকলো ধৰনৰ প্ৰচাৰমাধ্যমত ৷ গতিকে independent Music ৰ মাধ্যমবোৰৰ সহযোগিতাও (ইূট্যুৱ, স্পটিফাই, আদি) সকলোৱে লৈছে৷ কিন্তু চিন্তাৰ
পৰিসৰত নতুনত্ব নথকা বাবে বেছিভাগ সংগীতেই ইটোৰ পৰা সিতো বিশেষ ভাবে পৃথক নহয়
যেন ভাব হয়৷ বহুদিন যেন নতুন একো ওলাই আহা নাই তেনে ভাব হৈ আছিল
তেনেতে দুজনমান শিল্পীৰ সংগীত আজি বহু দিনৰ পৰা মন কৰিব লগীয়া , ভিৰৰ পৰা বহু পৃথক ,
সম্পূৰ্ণ নতুন মাত, নতুন সূৰ আৰু প্ৰচেষ্টা ,
প্ৰথমজন হল -অলকেশ দত্ত
ইূত্যুবত ওলোৱাৰ বহু বছৰ পিছত আবিষ্কাৰ কৰি শিহৰিত হৈ পৰিছিলোঁ, কন্ঠৰ গভীৰতা আৰু
সংগীতৰ ধৰণ আৰু গানৰ কথা দেখি , গানটো আছিল
“ৰাজপথেৰে যদি ৰজা যায়, সুখৰে চাইৰেন বজাই
অলকেশৰ কন্ঠত Meat loaf বা Smoky ৰ vocal ৰ প্ৰভাব এটা আছে , কিন্তু সেই
Genre তো ভালপোৱা সকলৰ বাহিৰেও লোকসংগীত ভাল পোৱা, বা নতুন ধৰণৰ কথা ভাল পোৱা
মানুহ সকলে নিশ্চয়েই ভাল পাব বা ভাল পাই আহিছে৷
আনজন হল ধৃতিমান ডেউৰী ৷ এটা গান যদি কোনো এটা মাৰ্কিন Country hit আনটো হল সুকীয়া
অসমীয়া নতুন সংগীত
আজি বহু বছৰৰ পৰাই ওপৰৰ শিল্পী দুজনে সংগীত চৰ্চা কৰি আহিছে , কিন্তু অসমৰ তথাকথিত সংগীত পৰিসৰত তেওঁলোকৰ বিষয়েকাঞ্চিত কেতিয়াবাহে আলোচনাহয় ৷ই দূখৰ কথা ৷ আমি সৰু থাকোঁতেও কেইজনমান ভিন্ন ধৰণৰ সংগীত শিল্পীয়ে অসমত
নাম কৰিবলৈ চেষ্টা কৰি আছিল ৷দুটামান নাম মনত পৰে যেনে ফ্ৰেনচইচ ৰষ্টী , প্ৰসেন জীত ফাংচ৷
আশীৰ দশকতেই ৰষ্টীয়ে প্ৰহেলিকা নামেৰে অতি বেলেগ ধৰনৰ কেছেট উলিয়াইছিল৷ নিশ্চয় নিভাঁজ
পৰিসৰৰ সংগীতৰ লগত পৰিচিত অসমীয়া শ্ৰোতাৰ বাবে তেওঁৰ এলবামতো বৰ আচহুৱা আছিল৷
বহুতে হাঁহিছিলোঁ৷ তাৰ পিছত ৰষ্টীয়ে একো সংগীত কৰা মই শুনা নাই আৰু যোৱা বছৰ শুনিলোঁ যে
ৰস্টীয়ে আত্মহত্যা কৰিলে ৷
সেইবাবে গণতন্ত্ৰত সকলোৰে সমান অধিকাৰ থাকিলেও শ্ৰোতাৰো নিজৰ বেয়া পোৱাৰ
লগতে ভালপোৱা গানৰ শিল্পী সমূহকো মুকলি মনেৰে জনোৱাত আতি দৰকাৰী ৷ এই কথা লেখক-
পঢ়ুৱৈ,চিত্ৰনিৰ্মাতা-দৰ্শক, বা ৰাজনৈতিক নেতা -ভোটাৰৰ লগতো প্ৰযোজ্য৷ independent
Music ৰ আহিলা সমূহ যেনে ধৰক you tube, Spotify, Facebook বা পৰ্টেল সমূহত বহুজনৰ
বহু তৰপীয়া ইচ্ছা সোমাই আছে ৷ সেয়ে Independent Assamese (Northeast)
Music, independent মানে মুক্ত হৈ থাকিবলৈ শ্ৰোতাই ইজনে সিজনক কত কি হৈ আছে, কি ভাল
গান ওলাইছে তাক জানিবলৈ দিয়াতো বৰ দৰকাৰ৷
বাকি পৃথিৱীৰ বাবেও একেই কথা প্ৰযোজ্য
শিল্পী দুগৰাকীৰ দুটি ভিডিওৰ লিংক তলত দিয়া হৈছে