Tuesday 5 November 2013

তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা





কবিতাৰ প্রতি আগ্রহ বস্তুটোই অলপ ওলোটা ধর্মী (paradoxicl)দৈনন্দিন জীৱনত সাধাৰণ জনতাৰ ওচৰত কবিতাৰ প্রসঙ্গ উলিয়াওক,বেছিভাগ মানুহেই সেইটো আলোচনা এৰাই চলিব বিচাৰিব
অলপ বেছি হল নেকি?
তেলিয়া কথা বন্ধ কৰ
বেলগক বাদ দিয়ক মই নিজেই যেতিয়া কাৰোবাৰ মুখত সাধাৰণ অবস্থাত  অহৈতুক কবিতা কবিতা যেন লগা কথা শুনো ,বিশেষকৈ টি্ভি চিৰিয়েলত প্রেমৰ বচনত কিবা এটা লাজ লগাৰ দৰে হয়।নিশ্ছয় প্রশ্ন হব সর্বসাধাৰণৰ মাজত (যিসকলৰ সাহিত্য প্রীতি কম) বর্তমান যুগত কবিতাৰ অস্তিত্তই নাই?
ঠিক সেইতোও নহয় ।যিকোনো মানুহেই কবিতাৰ অস্তিত্ত উপলব্ধি কৰে  নির্জনতাৰ পৰত,সেই বিষয়টো বুজিব পৰা বন্ধুৰ লগত।তেনেহলে সমগ্র জনগনে কেতিয়া কবিৰ কথা গুণ গুণাই ?
মোৰ মতে অস্থিৰতাৰ পৰত: যেতিয়াই আবহাৱাৰ ইফাল সিফাল হয় তেতিয়াই কবিৰ কন্ঠ জনতাৰ কন্ঠ হৈ পৰে।
যেনে অসম আন্দোলনৰ ভৰপক সময়ত কবিতাৰ লগত দূৰ দুৰলৈ সম্পর্ক নথকা সকলেও চিয়ৰিছিল দেশ বুলিলে নেলাগে আদেশহলে বা মৃত্যুওটো এটা শিল্প
পাবলো নেৰুদা বা আন কবি সকলৰো সামুহিক জনপ্রিয়তাৰ আৰত সেই সময়ৰ আস্থিৰতা এটা মুল কাৰণ বুলি ধৰিব পাৰি।
অথবা আমেৰিকাৰ ভিয়েটনাম আক্রমণে আৰম্ভ কৰা সাংগীতিক আন্দোলনে বব ডিলানৰ কবিতা কবিতা লগা গান বোৰৰ জনপ্রিয়তাৰ আন এটা শিখৰ পাইছিলগৈ।
হাজাৰ বিজাৰ জনতাই একদৰে ভাবে মাথো এটা সময়ত যেতিয়া এক সামুহিক সমস্যাই তেওলোকক শংকিত কৰি তোলে।সাম্যবস্থাত কিন্তু মানুহ জাতিটোৰ স্বার্থপৰতাই এনে এটা স্থৰ পাইগৈ যে কবিতা কি মানৱতাৰ বাবেও মানুহৰ সময় নাথাকে।ধৰি আন মাৰি খাঁও এই নিতি লৈয়েই সকলোৱে আগবাঢ়ে।মানুহৰ এই স্বভাবটোক উদঙাই দিয়া শিল্পকর্ম  বহু ।তাৰে ভিতৰত ভবেন্দ্র নাথ শইকীয়া চাৰৰ নাটক নিলকন্থ বা ৰিট্টিক ঘটকৰ মেঘে থকা তৰাই মোক চুই গৈছিল।কিন্তু আজিকালি কবিতাত সমাজ ব্যবস্থাৰ বিষয়ে পষ্টমর্তেম খুব কম দেখ যায়।
মানুহৰ চৰিত্রক নিৰিক্ষন কৰা তেনে এটা উৎকৃষ্ট গানে প্রায়েই মোৰ কাণত গুণগুনাই আছিল।কবি চাহিৰ লুধিয়ানৱি ,মানুহ জনৰ জীৱন বিখ্যাত কবি আমৃতা প্রিতমৰ লগত তেওৰ প্রেম আতাইবোৰ ঘটনা কিবা উপণ্যাস উপন্যাস লগা ।
 যিখন ছবিত গানটো ব্যবহৃত হৈছিল সেইখন ছবিৰ নির্দেশক ,অভিনেতা গুৰুদ্ত্তৰ জীৱন কাহিনীও এনেকুৱা যে তাক যিকোনো শ্বেক্চপিয়েৰৰ বিয়োগান্তক নাটকতকৈ কম নহয়।  
ছবিখন প্যাচা
গানটো –‘য়ে দুনিয়া অগৰ মিল ভি জায়ে টো ক্যা হায়।
স্বার্থপৰতা,হিংসা আদিৰে ভৰা সমাজখনৰ মুখা খুলি উলি্‌ওৱা এটা কবিতা,সুন্দৰ সংগীত ,কন্ঠ, শিল্প সুলভ কেমেৰা  ,গুৰুদত্তৰ কৰুণ মুখ সকলো মিলি এক ক্লাছিক।
সেই সময়ৰ অস্থিৰতাক ধৰি ৰখা বাবে গানটো তেতিয়াটো জনপ্রিয় হৈছিলেই ইমান বছৰে সমাজৰ দশা বুজাবলৈ এতিবাও গানটো ব্যবহাৰ কৰা হয়
কি হল নাজানো বহুদিনৰ পৰা মনটোত টুকুৰীয়াই থকা গীতটোৰ ভাষাক বুজিবলৈয়েই মই অসমীয়ালৈ অনুবাদ কৰি পেলালো :
কথা এনে ধৰণৰ

এই অট্টালিকা,শেতেলী, খিতাপৰ বসুধা
এয়া মানুহৰ শত্রু সমাজৰ বসুধা
এয়া বৈভৱৰ ভোকত সংস্কাৰৰ বসুধা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

প্রতিটো দেহ আহত ,প্রতি আত্মা তৃষ্ণার্ত।
চাওনিত বিভ্রান্তি, উদাস অন্তৰ
এইখন বসুধা নে স্বার্থসিন্ধিৰ ব্রম্হান্ড 
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

মানুহৰ হাততেই মানুহ পুতলা
এয়া বসতি নে মৃত হাতুৰীৰ বসতি
ইয়াত জীৱনতকৈ মৃত্যু সস্তা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

যৌৱনত যাত্রা স্ত্রীগমনৰ বাটত
নবযৌৱনৰ সাজোন পৈণ্যৰ বজাৰৰ
প্রেম হৈ পৰে সামগ্রী বেপাৰ
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?


এই পৃথিৱী যত মানুহ মুল্যহীন
অনুগত্য একো নাই,বন্ধুত্ত একো নাই
যত প্রেম হৈ পৰে  মুল্যহীন
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
মোৰ সমুখৰ পৰা গুছোৱা এই পৃথিৱী
তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

এতিয়া কথা হল আজিকালি এনে বিষয়বস্তুৰ কবিতা ,গাণ নোলায় কিয়? তাৰ উত্তৰ এনে ধৰণৰ হব পাৰে:
১.বর্তমান সমাজব্যবস্থাৰ উন্নতি হৈছে (কিজানি হৈছেও কিন্তু কিন্তু ইমানো উন্নতি হোৱা নাই ,তাক অনুধাবন কৰিবলৈ ওপৰৰ গীততি আকৌ এবাৰ পঢ়ক ,গম পাব তাৰ প্রতিটো শব্দ আজিও নির্মম ভাবে সত্য)
২.আছলতে এনে লিখনি ওলায়েই আছে বর্তমান সময়ত পঢ়ুৱৈৰ অভাব (মানি লব নোৱাৰো কাৰণ কিতাপ ,গান ওলোৱা বন্ধটো হোৱা নাই।
৩.প্রতিভাৰ অভাব(হব পাৰে চাহিৰ লুধিয়ানভিৰ  দৰে কবি কম আছে ,কিন্তু তেনে বিসয় বস্তুৰ ওপৰত লিখিব পৰা দক্ষ গীতিকাৰ/কবি আজিও আছে
তেনেহলে কি নাই ?
জনগনৰ নাই মাথো আত্মবিশ্লেষন আৰু আত্ম শুদ্ধিৰ প্রতি আগ্রহ।চাৰিওপিনে উপভোগ কৰিবলৈ ইমান ভোগৰ সামগ্রী
সকলো ভোগত মদমত্ত
কবি কবিতা আৰু পাঠক সকলতো জনগনৰেই এজন!
গতিকে এই শাসনহীন অবস্থাত সকলোকে চলোৱাজনক কি বুলি অনুৰোধ কৰিম?