Thursday, 12 June 2025

অজাতশত্ৰুৰ প্ৰসাদ

 




প্ৰথম দৃষ্টিত পুৰাতাত্বিক  ধ্বংসস্তূপ সমূহ নিৰ্জিত শিল ৰ অৱশিষ্ট ৰ বাহিৰে একো নহয়৷

কিন্তু তেনে বহু শিখণ্ডতেই লুকাই থাকে ইতিহাসৰ নিৰৱ স্মৃতিচিহ্ন। সময়ৰ লগত সেই স্মৃতি

ধূসৰিত হৈ পৰে কাহিনী হেৰাই যাই চিৰদিনৰ বাবে ৷ কিন্তু এতিয়াৰ সময়তো কিছু মানুহক অতীতে

আকৰ্ষিত কৰে -তেওঁলোকৰ সহায় হিচাপে তাৰে কিছুমান শিলাখণ্ডই লোককথা আৰু জন বিশ্বাসৰ

মিলত হৈ মিথকৰ সৃষ্টি হয়। তেনে কোনো আগন্তুকে যেতিয়া তেনে কোনো শিলা খণ্ডৰ ইতিহাস

বিচাৰ  কৰে তেতিয়া ধ্বংসাৱশেষবোৰ ইতিহাস আৰু লোককথাৰ সূতাৰ পৰা সৃষ্টি হোৱা

কল্পনাৰ টুকুৰাই এক নতুন কাহিনী হৈ পৰে। স্থানীয় গাইড সকল—আজি সামাজিক মাধ্যমত—

সত্য আৰু কল্পনা মিশ্ৰিত হৈ সম্পূৰ্ণ নতুন কাহিনী গঢ় লয় ৷

তেনে এক পুৰাতাত্বিক  ধ্বংসস্তূপ -বিহাৰৰ ৰাজগীৰ (ইতিহাসৰ দৃষ্টিত ৰাজগৃহ)নগৰত

পৰিলক্ষিত কৰিছিলোঁ আজিৰ পৰা চাৰি বছৰ আগতে , -স্থানীয়ৰ বহুতেই সেয়া কি নাজানে ,

ইন্টাৰনেট ই আজাশত্ৰুৰ প্ৰসাদ বুলি চিহ্নিত ৷

আজাতশত্ৰু বুদ্ধৰ যুগত স্বেচ্ছাচাৰী  আৰু নিৰ্যাতনৰ ভাৱমূৰ্তিৰ মগধ সম্ৰাট ৷ পিতৃ

বিম্বিসাৰক হত্যা কৰি সিংহাসনত উঠিছিল- খৃপু:৪৯০ মানত। বুদ্ধৰ সময়ৰ তেনে বহু জনশ্ৰুতিৰ পঢ়ি

আছিলোঁ , ভাবি আছিলোঁ আৰু তেতিয়াই অজাতশত্ৰুৰ নামৰ ধ্বংসস্তূপ তোৰ মুখামুখি হৈ শিহৰিত

হৈ পৰিছিলোঁ৷

আজিৰ দিনত, সি এক শিলা খণ্ড মাথো ৷ সেই মানবীয় অনুভবেৰে মই এটি অতি চুটি গল্প লিখিব

যত্ন কৰোঁতে গল্পটোৰ ভিতৰত তাত সোমাই পৰিল বিম্বিসাৰ , আজাতশত্ৰু, ৰাজগৃহ আৰু বহু

ভূখণ্ড (বানাৰস , কৌশল , বৈশালী) যাৰ এনে বহু শিলা খণ্ডৰ আঁৰৰ কাহিনীত মই কৰ্মস্থান আৰু

ইতিহাস আৰু যা্যাবৰি অভ্যাসৰ বাবে সোমাই পৰিছিলোঁ ৷ তাৰ বাবে সেই চুটি গল্পই -উপন্যাসিকা

আৰু যোৱা এটা বছৰত এক ধাৰাবাহিক পূৰ্ণ উপন্যাস হৈ পৰিছে৷

মাৰীচ - যি অসমীয়া মাহেকীয়া প্ৰকাশত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছে৷ দুদিন আগতে

ৰাজগীৰৰ (তেতিয়াৰ ৰাজগৃহ) অজাতশত্ৰুত প্ৰসাদৰ ধ্বংসাৱশেষৰ আগত থিয় হৈ আকৌ সেই

শিলবোৰলৈ চাইছিলোঁ, য’ত মাৰীচৰ বহু বাবে প্ৰেৰণা সঞ্চিত হৈ আছিল৷

Monday, 2 June 2025

মুদ্ৰাৰ ইতিহাস আৰু ইয়াৰ ভাৰত প্ৰবেশ




 

মুদ্ৰা আৱিষ্কাৰৰ আগত বিনিময় ব্যৱস্থা আছিল—অর্থাৎ, একে সামগ্ৰী বিনিময় কৰা৷   ধনৰ মান সংৰক্ষণ বা তুলনা কৰাৰ সুবিধা নাছিল।

এই সমস্যাৰ সমাধান হিচাপে, প্ৰায় খ্ৰীঃ পূঃ সপ্তম শতিকাত, লিদিয়া নামৰ প্ৰাচীন ৰাজ্য (আজিৰ তুৰ্কীত অৱস্থিত) বিশ্বৰ প্ৰথম মুদ্ৰাপ্ৰচলন হোৱা বুলি ধাৰ্য্য কৰা হয়। সেই মুদ্ৰাসমূহ স্বাভাৱিক সোণ-ৰুপৰ মিশ্ৰ ধাতুৰে নিৰ্মিত কৰি ৰজাই তাৰ মান নিশ্চিত কৰিছিল।

এই ধাৰণাটো তেতিয়াৰ গ্ৰীচ সভ্যতাই  গ্ৰহণ কৰি প্ৰধানকৈ ৰুপ আৰু কাঁহ ব্যৱহাৰকৰি নিজৰ মুদ্ৰা প্ৰচলন কৰে। লাহে লাহে এই নতুন প্ৰথাক সদাগৰ সকলে ব্যবহাৰ কৰিবলৈ লয় ৷  পাৰস্যৰ সম্ৰাট দাৰিয়াছ প্রথমে সোণৰ ডাৰিক আৰু ৰূপাৰ সিগ্লোই নামৰ মুদ্ৰা প্ৰচলন কৰিছিল। এই মুদ্ৰাসমূহ পশ্চিম আৰু মধ্য এচিয়াৰ বহু অঞ্চলত প্ৰচলিত হৈছিল, য’ত ভাৰতৰ মহাজনপদত ভুমুকি ধৰিব খুজিছিল এই নতুন প্ৰথাই ৷

আলেকজাণ্ডাৰে ভাৰত আক্রমণ কৰাৰ (খ্ৰীঃ পূঃ ৩২৬) বহু আগতেই ভাৰতীয় ব্যৱসায়ীয়ে পশ্চিম এচিয়া আৰু পারস্যৰ সৈতে বাণিজ্যিক যোগাযোগ কৰিছিল। এই ব্যৱসায়িক যোগাযোগৰ জৰিয়তে বিদেশী মুদ্ৰাৰ ধাৰণাই ভাৰতলৈ আহিছিল। তাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ মাজতো ধাতুৰ টুকুৰা ব্যৱহাৰ কৰি মুল্য প্ৰতিনিধিত্ব কৰাৰ ধাৰণা বিস্তৃত হ’ব ধৰিলে৷

প্ৰায় খ্ৰীঃ পূঃ ষষ্ঠ শতিকাত, উত্তৰ আৰু পূৱ ভাৰতত থকা মহাজনপদত নিজৰ মুদ্ৰা প্ৰচলন আৰম্ভ কৰে। এই মুদ্ৰাসমূহ  প্ৰথমে ৰূপৰ (য’ত সূৰ্য, জন্তু, গছ আদি বিভিন্ন প্ৰতীকেৰে)। এই মুদ্ৰাসমূহ বিদেশী মুদ্ৰাৰ অনুকৰণ নহয়, বরঞ্চ ভাৰতীয় সমাজ আৰু অৰ্থনীতি অনুসৰি নিজস্ব উন্নয়ন আছিল।

 

সেই সময়ত মহাজনপদত মগধ (ৰজা বিম্বিসাৰ-আজাতশত্ৰু, ৰাজধানী ৰাজগৃহ ), কৌশল (ৰজা-প্ৰসেনজিত), বৈশালী (ৰজা- লিচ্চবীৰাজ), কপিলাবস্তু (ৰজা- শুদ্ধোধন) আদিয়ে ৰাজ কৰিছিল ,

মহাজনপদত পৰিবৰ্তনৰ ধুমুহাৰ বাবে ডেকা বুঢ়া বহুতে সংসাৰ এৰি শ্ৰৱণ হৈ ঘুৰি ফুৰিছিল  নিৰন্তৰ  প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি 

এই শ্ৰৱণবোৰৰ মাজতেই শুদ্ধোধন ৰজাৰ পুতেক সিদ্ধাৰ্থয়ো অনাই বনাই ঘুৰি ফুৰিছিল 

এই পৰিবৰ্তনৰ সময়তে লিখা হৈছে ধাৰাবাহিক উপন্যাস -মাৰীচ --- মাহেকীয়া প্ৰকাশত 

কলিমতাৰ যাদুঘৰৰ ছবি তলত দিয়া হৈছে 

 











Wednesday, 29 November 2023

পাণবজাৰ




Ship of Theseus :ৰজাৰ এখন নাও আছিল৷ নাওখনৰ প্ৰতিতো অংশ এটা এটাকৈ সলনি কৰা হ’ল৷ প্ৰশ্ন হ’ল কোনতো সময়ত কোনটো অংশ সলনি কৰাৰ পিছত আগৰ নাওখন সলনি হৈ এখন নতুন নাও হৈ পৰিব?

 

পাণবজাৰৰ লগত এটা  নষ্টালজিয়া জড়িত হৈ আছে, বহু কাৰণৰ মাজত হল অসমৰ কিতাপ আৰু বৌদ্ধিকতাৰ লগত কেন্দ্ৰ হিচাপে থকা প্ৰতিস্থা৷ সেয়ে কিশোৰ অৱস্থাৰ পিছৰে পৰা  পাণ বজাৰৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ তেতিয়া বহুতৰেই গ্ৰন্থ এক আকৰ্ষণৰ কাৰক আছিল আনকি কিতাপ নপঢ়া মানুহৰ বাবেও অধ্যয়ন এটা আদৰ্শনীয় কাম বুলিয়েই মানি লৈছিল৷ পকেটত পাইছা নাথাকিলেও সেই সময়ত কিতাপৰ দোকান বা গ্ৰন্থ মেলাত কিতাপ ছাই পাত লুটিওৱাতোও এটা কাম বুলিয়েই ধৰি লৈছিলোঁ৷ দোকান কিতাপৰে থাহ খাই থাকে ,কিন্তু বিক্ৰেতাৰ মুখৰ বিৰক্তিৰ ভাৱতো হে অলপ ভয়ৰ কাৰক আছিল৷ বাতৰি কাকত বা কোনো আলোচনীত (নতুন হওক বা পুৰণি) কোনো  কিতাপ পঢ়িব লগীয়া যেন পালে নামতো ক’ৰবাত টুকি থওঁ আৰু পান বজাৰ যোৱাৰ ভাগ্য হলে দোকান বোৰৰ বিক্ৰেতা সমূহৰ মুখৰ বিৰক্তিৰ মাপ কাঠি চাই কোনো এজনক দয়ালু হব পাৰে বুলি ভাবি আগুৱাই যাই সেপ-ধুকি সোধা হয় 

“দাদা , _____ এই কিতাপখন হব নেকি?

বেছিভাগৰেই মুখৰ   অক্ষাংশ আৰু দ্ৰঘিমাংশ প্ৰকৃত কৰি উত্তৰ দিয়ে: নাই৷

কোনো কোনোৱে উত্তৰ দিয়াতো প্ৰয়োজনীয় বুলি নাভাবি উদাসিন ভাবে বাহিৰলৈ চাই থাকে

ভুলক্ৰমে যদি কিতাপখন সেই দোকানত আছিল , তেতিয়াহে বিক্ৰেতাজনে ধীৰে সুস্থিৰ তাক বিচাৰিবলৈ উঠাতো প্ৰয়োজনীয় বুলি ভাবিছিল৷

 

সেয়া নবৈৰ দশকৰ কথা৷ ইংৰাজী কিতাপ পোৱা দোকানবোৰৰ কথাবোৰতো আৰু বেলেগ, সোমাবই ভয় লাগে , ভিতৰলৈ সোমাই এখন কিতাপ মেলি ছোৱাতো দূৰৰ কথা (অবশ্যে মূল্য আৰু কিতাপ চোৰৰ প্ৰকোপ এই ভিন্ন ব্যৱহাৰৰ আঁৰৰ এটা কাৰণ হব পাৰে)

এদিন সাহস কৰি এখন নতুন আকৰ্ষণ থকা কিতাপ এখনৰ খবৰ ল’বলৈ অভিজাত দোকান খনৰ ভিতৰত সোমাই (সেপ ধুকি) সুধিলোঁ 

“৷৷৷৷৷ নামৰ কিতাপখন আছে নেকি?

“ কিনিবনে?”বিক্ৰেতাই  ভেকাহি মাৰি মোক ওলোটা প্ৰশ্ন কৰিলে৷ 

মোৰ কিতাপখন কিনাৰ উদ্দেশ্য (বা সামৰ্থ্য) নাছিল৷ মই মাথো বিচাৰিছিলোঁ কিতাপ খন এবাৰ চুই চোৱা, আগ কথাত কি লিখা আছে বা পাছপিনে কিতাপখনৰ বিষয়ে কি মিনি ৰিভিউ দিয়া আছে তাকে চাই নয়ন সুখ লোৱাহে৷

“নাই মই চাবহে বিচাৰিছিলোঁ৷ থতমত খাই কোনোমতে এইবুলি উত্তৰ দিলোঁ৷

“নাই নহব” ৷ মোৰ ফাট মেলা বসুমতী অৱস্থা৷

তেনেতে দোকান খনত এখন উচ্চ পদস্থ বিষয়াৰ আবিৰ্ভাব হল৷ কাপোৰে কানিয়ে খোজে কাতল চায়েই কব পাৰি বহু ডাঙৰ মানুহ  (আই এ এছ বা ই পি এছ ) হব৷ মুখ খোলাত গম পালো আনা অসমীয়া৷ তেওঁক দেখিয়েই বিক্ৰেতাজন উঠি গল আদৰণি জনাবলৈ৷

“চাৰ , xxx নামৰ লেখকজনৰ নতুন কিতাপখন আহিছে ৷

 তাৰ পিছত তেওঁলোকে নাম নুশুনা কোনো ফৰাচী বা স্পেনিছ লেখকৰ কোনো কিতাপৰ কথা পাতিব ধৰিলে৷ মই বেলটোৰ দৰে অলপ সময় ইফাল সিফাল কৰি এখনো কিতাপ স্পৰ্শ নকৰাকৈ ঘুৰি আহিলো কিছু সময় পিছত৷

 

সময় পৰিবৰ্তন হ’ল৷ DC court স্থানান্তৰিত হ’ল , কটন কলেজ ইউনিভাৰ্চিটি হল ম ভীৰ অকমাণ কমিল লগতে গ্ৰন্থৰ ব্যৱসায়ত আগতে থকা সেই সন্মানো কমিব ধৰিলে৷ যদিও লেখক ,প্ৰকাশক আৰু কিতাপৰ সংখ্যা বৃদ্ধি হৈছে গ্ৰন্থৰ লগত থকা আগৰ সেই x factor কিজানি নাই ( অৱশ্যে y আৰু z factor গ্ৰন্থৰ লগত আজিও জৰিত হৈ আছে)

 

এতিয়াও সময় পালে পান বজাৰলৈ যাওঁ ,হেৰুৱা নষ্টালজিয়া বিচাৰি৷  যিকোনো গলিৰেই নাযাওঁ কিয় দোকানৰ মানুহবোৰে আগতে সোধে- দাদা কি লাগে?

আৰু কোনোবা এখন দোকানত যদি কোনো কিতাপৰ কথা সোধা হল ভাবি চিন্তি  তাৰপিচত কব -আ সেইখন , এক মিনিট সময় ৰখিব, আমাৰ গুদামত আচে , মই এতিয়াই লৈ আহিম৷

তাৰপিছত প্ৰায় আধা ঘন্টা মান পিছত চাইকেলেৰে ভ তিয়াই গৈ মানুহজন পুনৰ আবিৰ্ভাব হয় গুদামৰ (!) পাৰা সেই কিতাপখন উদ্ধাৰ কৰি৷ তাৰ পিছত ১০ % ডিচকাউন্তত  ৰিচিপ্ট কটা আৰম্ভ কৰে৷

 

এয়াই পৰিবৰ্তন (Ship of Theseus)

 

বিদ্ৰ:  ওপৰৰ পৰ্যবেক্ষণ তো কেইদিন মান আগতে পাণবজাৰৰ উদীয়মান প্ৰকাশক বন্ধুক কৈছিলো৷ তেও হাঁহিছিল৷ পৰিবৰ্তনৰ গোটেই কাৰবাৰটোত তেও পঢ়ুৱৈ , ব্যৱসায়ৰ সহাৰিৰ প্ৰতি আশাবাদী৷ ইয়ো হয়তো prospective – মানে বটলতো আধা ভৰ্টি নে খালি তেনেধৰণৰ কথা৷ কিন্তু গিলাচতো খালি ভৰ্তিৰ মাজৰ এডাল স্পষ্ট ৰেখা জলজল পটপট হৈ আছে কিন্তু পাণ বজাৰৰ পৰিবৰ্তনৰ এই শৃংখলৰ ৰেখা দাল কত?     

Wednesday, 22 November 2023

দহ জন পঢ়ুৱৈ (Ship of Theseus)





মানুহে পঢ়িব পাহৰিলে নেকি ? হয়তো পাহৰা নাই , কিন্তু পৰিবৰ্তিত সময়ত  ৰুচিৰো পৰিবৰ্তন হৈছে৷ আগৰ দৰে পঢ়িবলৈ স্বভাৱগত ভাবে অ’হা স্তব্ধ সময়বোৰ আমাৰ হাতত নাই৷ দেওবাৰৰ দুপৰীয়া, পূজা বিহুৰ বন্ধৰ শেষ নোহোৱা সময় য’ত পূজা বিহু সংখ্যাৰ বিশেষ সাহিত্য আলোচনী নহ’লে পঢ়িম বুলি ভাবি থকা এখন মোটা কলেৱৰ কিতাপে সঙ্গী হৈ মনটোক  দৰকাৰ হোৱা কল্পনা চিন্তাৰ খোৰাক জগাইছিল৷

 

এতিয়া সেই সময়বোৰ কাঢ়ি লৈছে ছোছিয়েল মেডিয়াৰ সৰু সৰু ভিডিঅ নহ’লে ট্ৰফিক বা মলৰ অনৰ্গল কোলাহলে৷ চাকৰি আৰু জীৱনৰ আনবোৰ মেৰপেচতো আঁচেই ৷ 

 

পঢ়িম কেতিয়া ? পঢ়িম কি?

 

সেইবাবেই এখন কিতাপৰ প্ৰতি থকা মানুহৰ প্ৰত্যাশাত পঠন যোগ্যতা সোমাই পৰিল নেকি? এতিয়া পঠন যোগ্যতা মানে কি ?

উপমা হীন চুটি বাক্য, পোনপটীয়া উপস্থাপন , আৰু এক গতিশীল ভাৱ প্ৰকাশ তেনে এটা জনমত গঠন কৰাৰ প্ৰচেষ্টা চলি আছে৷ এনেধৰণৰ কথা খাদ্য প্ৰেমী সকলৰ মাজতো দেখা যায়৷ তুঁহ থকা আটা, উখোৱা চাউলত বা বাজৰাতকৈ   -ময়দাৰে বনোৱা ৰুটিৰ সোৱাদ বেছি জনপ্ৰিয় , তাৰমানে ই স্বাস্থ্যৰ বাবেও ভাল হব পাৰে নে?

কিন্তু যদি লেখকৰ ভাৱ প্ৰকাশত বহু প্ৰলেপ আছে যাক বুজিবলৈ সেই স্তৰৰ মনস্তাত্বিক অৱস্থাক আনুধাৱন কৰিব পাৰিব লাগিব তেন্তে কোনো পাঠকৰ সেই ভাৱনাৰ স্তৰলৈ গতি কৰাৰ সময় হ’বনে?

 

তেতিয়াই লেখক সকলৰ মাজত এই  লাখ টকীয়া সংশয় সোমাই পৰিছে :- যুগৰ আবাহনৰ মতে ভাৱ প্ৰকাশ কৰিব নে নিজৰ মনত থকা ভাব প্ৰকাশৰ মাধ্যমৰ সহায় ল’ব?

 

মোৰ প্ৰকাশিত দ্বিতীয় গ্ৰন্থখনৰ প্ৰকাশৰ পিছতো তেনে কিছু ভাৱ মনলৈ আহিছিল৷ মই মন কৰিছিলোঁ কিতাপখন সংগ্ৰহ কৰা বেছিভাগ মানুহেই মোক সাংঘাতিক ভাবে এৰাই চলাৰ চেষ্টা কৰা যেন ভাৱ হৈছিল৷ কাৰোবাক কিবা বেলেগ এটা কাৰণত ফোন কৰিলেও আন পিনৰ মানুহজনে মোক এৰাব খোজা ভাবতো প্ৰকট হৈ পৰে৷ সম্ভৱত মই কিতাপখন পঢ়িলে নে ? কেনে পালে ? এনে ধৰণৰ প্ৰশ্ন কৰিম বুলি নেকি? তেতিয়াৰ  এখন জনপ্ৰিয় অসমীয়া চিনেমাত এজন কবিৰ কমিক চৰিত্ৰ এটা আছিল , বাটে ঘাটে মানুহক ধৰি কবিতা শুনায় ,তাকে লৈ চহৰত কবিতাৰ সন্ত্ৰাস! প্ৰায় এবছৰলৈ এজন মানুহো বিচাৰি পোৱা নাছিলোঁ যি গ্ৰন্থখন পঢ়ি মোৰ লগত পঢ়ুৱৈৰ দৰে কথা পাতিছিল৷ কিতাপখন প্ৰকাশ হোৱাৰ  সাতমাহ মান পিছত  দুই এজন মানুহ পালো যাৰ লগত কথা পাতি বুজিলোঁ যে তেওঁলোকে পঢ়ি শেষ কৰিব পাৰিছে ,  ডায়েৰিৰ পাতত তেনে নামটো লিখি থোৱা হৈছিলোঁ , সংখ্যা হৈছিল গৈ ৬ নে ৭ জন!  পিছত নিজকে সান্তনা দিবলৈ মনোজ কুমাৰ গোস্বামীৰ বহু পঠিত পাছজন বন্ধুত মৃত্যুৰ সময়ত লগ দিয়া পাছ জন বন্ধুৰ দৰে ১০ জন পঢ়ুৱৈ হলেই গ্ৰন্থখনত দিয়া ১৫ বছৰীয়া কষ্ট সাৰ্থক হব বুলি নিজকে সান্তনা দিলোঁ৷

 

এই cliche প্ৰশ্নটোক আনুধাৱন কৰিলো -লেখকে লিখে কিয়? 

নিজৰ ভিতৰৰ তাৰণাক বাহিৰ কৰিবলৈ নে পঢ়ুৱৈ আৰু সমাজৰ পৰা বা: বা: ল’বলৈ? 

 

নিশ্চয়েই নিজৰ মনৰ তাৰণাক শব্দ আৰু বাক্যৰ ৰূপ দিবলৈ৷ কিন্তু তাতেই কাৰবাৰটো শেষ হৈ থকাতো উচিত নে? কিজানি নহয় ? সেয়ে বেছিভাগ  লেখকে বিছাৰে মানুহে তেওৰ কিতাপ পঢ়ক ,মতামত দিয়ক ৷ তাৰে কিছুমানে অধিকাৰ হিছাপে সোধে, কিছুমানে আকাৰে ইঙ্গীতে (আৰু সৰহ সংখ্যকেই কোনো ধৰণৰ criticism সহ্য কৰিব নোৱাৰে) কিন্তু এই  positive feedback (বা:বা:) টো লিখো কয় প্ৰশ্নতোৰ উত্তৰ নহয়৷  

তেনেহলে লেখকে লিখে কিয়?  

এদিন Country Music ৰ কিংবদন্তী জ’ন ডেনভাৰৰ এটা লাইভ কনচাৰ্টৰ ভিডিওত তেও মনৰ কথাটো কৈ দিয়া যেন লাগিল৷ তেও কৈছিল “  The purpose of my music is to communicate “

হয় , ঠিক কথা , কিন্তু সমস্যাটো হৈছে communication now a  days is full of noise ,  মানুহক দোষ দিলে কি হব মই নিজেই এই কোলাহলৰ চক্ৰ বেহুত জৰ্জৰিত৷  কিতাপ সংগ্ৰহ কৰো ,  পঢ়িবলৈ মনো যায় , কিন্তু কত সেই সময়  ? চাকৰি , সংসাৰ, ক্লান্তিৰ ভ্ৰমণ , অৱসাদ , তাৰ মাজত অকমাণ সময় পালে খঙ আৰু ক্ষোভবোৰ ফেচবুক , টুইটাৰ (মানে X ) অদিৰ অনৰ্গল আফিঙৰ সোৱাদত মদ-মত্ত হৈ ৰাতিলৈ ঊন্মত্ব গ্লাণিত নিদ্ৰাহীনতাত ভুগিব লগা হয়৷

তেনে এক সময়তে পঢ়িবলৈ লৈছিলোঁ -জালি কটা জুই 

অৱসাদ ভৰা মনেৰে কিতাপখন পঢ়িবলৈ লওঁ হয় , কিন্তু আগ বাঢ়িব নোৱাৰো , ভাষা চিকুন , কথনতো লেখকৰ নিজস্বতা আছে, হয়তো pulp fiction পঢ়ুৱৈৰ বাবে পঠন যোগ্যতাক লৈ প্ৰশ্ন আছে৷ সেই বাবেই মোৰ সিংহদ্বাৰ প্ৰকাশৰ পিছত আহা ভাৱবোৰ আহিবলৈ ধৰিলে৷ লেখকে নিস্তাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, লেখন বা গল্পবোৰো কোনো ধৰণৰ আসোঁৱাহ নাই, আকল সমস্যাতো হল যিতো গভীৰ ভাবলৈ লেখকে গতি কৰিছে সেই গভীৰতালৈ সোমাই পৰিবলৈ পঢ়ুৱৈ হিচাপে মোৰ নিস্তা , আগ্ৰহ বা সময়ৰ অভাৱ৷ 

এতিয়া মই নিছে পাঠক হিচাপে যদি serious হব নোৱাৰো মই পঢ়ুৱৈৰ পৰা seriousness কেনেকৈ দবী কৰিব পাৰো? 

দোষটো কাৰ ?

 

তেনেতে খবৰ পালো -   ২০২৩ বৰ্ষৰ ২৯ সংখ্যক 'মুনীন বৰকটকী সাহিত্য বঁটা' 'জাল কটা জুই' শীৰ্ষক চুটি গল্পৰ বাবে নয়ন জ্যোতি শৰ্মালৈ আগ বঢ়োৱা হৈছে৷ 

 

ওঁঠ টিপি হাহিলো হিলো – কাৰণ ২০১৬ চনৰ শেষত যেতিয়া সিংহদ্বাৰলৈ এই বটা আগবঢ়োৱা হৈছিল মোৰ মনলৈ আহিছিল এই গনিত ৷ বিচাৰক কোন নাজানোঁ , কিন্তু নিশ্চয় তিনিজন তো হব লাগে? বটাৰ বাবে নিৰ্বাচিত কৰিছে মানে তেওঁলোকে নিশ্চয় গ্ৰন্থখন পচিব পাৰিছে৷ মানে ৭+৩=১০ 

মোৰ সিংহদ্বাৰ লেখাৰ কাৰবাৰতো তাৰমানে বৃথা নগ’ল৷

 

 

 পলম কৈ হলেও নয়ন জ্যোতি শৰ্মালৈ অভিনন্দন ৷

 

 

বি দ্ৰ :এতিয়া ডায়েৰিত গণনা বাদ দিছোঁ ,  লিখি গলে কিজানি  ভালে সংখ্যক সংখ্যা একত্ৰিত হলে হয়৷ সমস্যাটোৰ হয়তো কোনো fool proof solution নাই, লেখকৰ দৰেই পঢ়ুৱৈ সকলো অৰ্ন্তমূখী, কিন্তু সেই দহজন পঢ়ুৱৈয়ে পঢ়ি অনুভৱ কৰা গ্ৰন্থ সুখনৰ কথা , আন মানুহক জনালে হয়তো পঢ়া কাৰবাৰতোৰ ধ্ৰুপদী গুনবোৰ আৰু কেইদিনমানলৈ বাছি থাকিব সক্ষম হব৷    


সিংহদ্বাৰ : আমাজন 

                ফ্লিপকাৰ্ট 

Sunday, 12 March 2023

টোগলক




নবৈৰ দশকত প্ৰথমবাৰ নাট্যকাৰ গিৰিশ কাৰ্নাডৰ লগত প্ৰথম পৰিচয় হৈছিল যযাতি পঢ়ি৷ তাৰ কিছুদিন পিছতে পঢ়িছিলোঁ টোগলক৷ গুৱাহাটী জীলা পুথিভঁৰালৰ সংগ্ৰহৰ পৰা৷ ইতিহাস আৰু কল্পনা মিলাই ডাঙৰ পৰিসৰৰ নাটকৰ কল্পনা কৰাৰ বাট মুকলি কৰি দিছিল টোগলকে৷ গিৰিশ কাৰ্নাডৰ প্ৰতি শ্ৰদ্ধা বাঢ়িছিল বহু কাৰণত – নাটক লিখা কিন্তু বিখ্যাত আন বহু কাৰণে৷ গণিতৰ ছাত্ৰ কিন্তু জ্ঞান আৰু কৰ্মক্ষেত্ৰ আন বহু ক্ষেত্ৰত বিস্তাৰিত তাৰ লগতে তেও ইংৰাজীত বা হিন্দীত নিলিখে -কিন্তু তেও লিখা নাটক অকল ভাৰততে নহয় বিশ্বৰ বহুতো থাইত মঞ্চস্থ হয়৷ অসম আন্দোলনৰ পিছৰ  ‘অসমীয়া জাতীয়তাবাদ(প্ৰগতিশীল) পৰিবেশত ডাঙৰ হোৱা বাবে সেই সময়ত ভাবিছিলোঁ এনে কথা অসমীয়া ভাষাৰ নাটকৰ বাবে কিয় হব নোৱাৰে৷ তেনে এটি সপোনেৰেই গিৰিশ কাৰ্নাডৰ কাম (নাট্য কৰ্ম, এক্টিভিজম, চিত্ৰনাট্য ) আজীৱন  অনুসৰণ কৰি আছিলোঁ৷   

 

তাৰ দহ বছৰ মনা পিছত যেতিয়া NSD repertory company এ এবাৰ গুৱাহাটীত নাটকখন মঞ্চস্থ কৰিছিল ,তাক চালো (তাৰ পিছত মন থাকিলেও নাটক চোৱাৰ সুবিধাই হোৱা নাই), তেতিয়া মানুহৰ মুখত নাটকৰ political subtext ৰ কথা আলোচনা হৈছিল , মই কিন্তু ইতিহাস, কাহিনী আৰু কল্পনা আৰু মঞ্চৰ কাৰিকৰি দিশ মন কৰিলো৷ 

 

মানুহজনৰ অনুসৰণ চলি থাকিল, বয়স হৈছিল যদিও শেষ সময়ৰ সাক্ষাৎকাৰ আদিৰ পৰা মনৰ ভিতৰৰ মানুহজন আধুনিক হৈয়েই থাকিল৷

মানুহজন এদিন নোহোৱা হল -আৰু এদিন বাটত পালো তেওঁৰ আত্মজীৱনী

২০২১ চনত -This life at play –

 

মনলৈ আহিল সেই যুগ সেই মানুহ নোহোৱাই হল নে মই নিজে হেৰাই গলো এই সহস্ৰাব্দৰ কোলাহলত?

 

নাটক চাবলৈ সময় নাই , কিতাপ পঢ়িবলৈ সময় নাই , চাকৰিৰ কামবোৰ শেষ কৰিবলৈ সময় নাই ---লাহে লাহে ভাবিবলৈ ,গোন্ধ ল’বলৈ একো কামলৈয়ে সময় নাই, কি হৈছে বাৰূ??, ভাবি আছিলোঁ আকৌ এবাৰ গিৰিশ কাৰ্নাড পঢ়িব লাগিব৷

 

জানুৱাৰী মাহত বেনাৰসীৰ আচ্চী ঘাটত ঘুৰি আছিলোঁ,  এখন কিতাপৰ দোকান দেখি সোমালোঁ-কিতাপ ছাবলৈ , বিচমিল্লা খানৰ চেহনাই বাজি আছিল , ইংৰাজী , হিন্দী ভাষাৰ বহু ভাল ভাল কিতাপৰ দম৷ বাহিৰত পোহাৰী , ভাঙুৰী , পৰ্যটক , আৰ্টিষ্ট আৰু কত ধৰণৰ মানুহ৷

মোক আচৰিত কৰি তাত অকৃতিম পঢ়ুৱৈও বহি আছিল ৷  এজনে মাটিত লেপেটকাৰি পঢ়ি আঁচে, দুজন ডেকা লৰাই দোকানীৰ লগত কোনোবা ইংৰাজ পণ্ডিতৰ আহিবলগীয়া (forthcoming) কিতাপ এখনৰ পাণ্ডুলিপি লৈ কিবা আলোচনা কৰি আঁচে ৷

দিন-কাল দেখি ভাব হৈছিল অকৃতিম পঢ়ুৱৈৰ শ্ৰণীতো নি:শেষ হোৱা বুলিয়েই ভাবিছিলোঁ৷ কিন্তু নহয় , আৰু আচৰিত ভাবে হাতলৈ আহিল টোগলক ৷ 

 

আকৌ এবাৰ পঢ়িলোঁ৷৷৷৷ এইবাৰ subtext বিচাৰি গলো , এওঁ টোগলক , নে তেও টোগলক ? কোন টোগলক ???

কিন্তু যিমানেই ভিতৰলৈ গলো সিমানেই শংকিত হলো , ভয় লাগিল আৰু শেষত উপলব্ধি কৰিলোঁ – মইহে সেই টোগলক ৷

Also read blog on Girish Karnard in English here