Labels
- উন্মুক্ত চিন্তা (3)
- এটি জার্মান সপোন (4)
- ঐক্যতান (4)
- ক্ষুদ্র গল্প (3)
- গল্প (11)
- চিনেমা (7)
- নাটক (9)
- নিকলাচ ৰ’ৰিকৰৰ (4)
- ফিৰঙতি (3)
- বেবেৰবাঙ (3)
- যাত্রা (5)
- সত্যানুসন্ধান (3)
- সাক্ষৎকাৰ (2)
- সিংহদ্বাৰ (20)
- স্থিৰ চিত্র আৰু হাইকু (2)
Monday, 26 January 2026
অৱতাৰ
Thursday, 12 June 2025
অজাতশত্ৰুৰ প্ৰসাদ
প্ৰথম দৃষ্টিত পুৰাতাত্বিক ধ্বংসস্তূপ সমূহ নিৰ্জিত শিল ৰ অৱশিষ্ট ৰ বাহিৰে একো নহয়৷
কিন্তু তেনে বহু শিখণ্ডতেই লুকাই থাকে ইতিহাসৰ নিৰৱ স্মৃতিচিহ্ন। সময়ৰ লগত সেই স্মৃতি
ধূসৰিত হৈ পৰে কাহিনী হেৰাই যাই চিৰদিনৰ বাবে ৷ কিন্তু এতিয়াৰ সময়তো কিছু মানুহক অতীতে
আকৰ্ষিত কৰে -তেওঁলোকৰ সহায় হিচাপে তাৰে কিছুমান শিলাখণ্ডই লোককথা আৰু জন বিশ্বাসৰ
মিলত হৈ মিথকৰ সৃষ্টি হয়। তেনে কোনো আগন্তুকে যেতিয়া তেনে কোনো শিলা খণ্ডৰ ইতিহাস
বিচাৰ কৰে তেতিয়া ধ্বংসাৱশেষবোৰ ইতিহাস আৰু লোককথাৰ সূতাৰ পৰা সৃষ্টি হোৱা
কল্পনাৰ টুকুৰাই এক নতুন কাহিনী হৈ পৰে। স্থানীয় গাইড সকল—আজি সামাজিক মাধ্যমত—
সত্য আৰু কল্পনা মিশ্ৰিত হৈ সম্পূৰ্ণ নতুন কাহিনী গঢ় লয় ৷
তেনে এক পুৰাতাত্বিক ধ্বংসস্তূপ -বিহাৰৰ ৰাজগীৰ (ইতিহাসৰ দৃষ্টিত ৰাজগৃহ)নগৰত
পৰিলক্ষিত কৰিছিলোঁ আজিৰ পৰা চাৰি বছৰ আগতে , -স্থানীয়ৰ বহুতেই সেয়া কি নাজানে ,
ইন্টাৰনেট ই আজাশত্ৰুৰ প্ৰসাদ বুলি চিহ্নিত ৷
আজাতশত্ৰু বুদ্ধৰ যুগত স্বেচ্ছাচাৰী আৰু নিৰ্যাতনৰ ভাৱমূৰ্তিৰ মগধ সম্ৰাট ৷ পিতৃ
বিম্বিসাৰক হত্যা কৰি সিংহাসনত উঠিছিল- খৃপু:৪৯০ মানত। বুদ্ধৰ সময়ৰ তেনে বহু জনশ্ৰুতিৰ পঢ়ি
আছিলোঁ , ভাবি আছিলোঁ আৰু তেতিয়াই অজাতশত্ৰুৰ নামৰ ধ্বংসস্তূপ তোৰ মুখামুখি হৈ শিহৰিত
হৈ পৰিছিলোঁ৷
আজিৰ দিনত, সি এক শিলা খণ্ড মাথো ৷ সেই মানবীয় অনুভবেৰে মই এটি অতি চুটি গল্প লিখিব
যত্ন কৰোঁতে গল্পটোৰ ভিতৰত তাত সোমাই পৰিল বিম্বিসাৰ , আজাতশত্ৰু, ৰাজগৃহ আৰু বহু
ভূখণ্ড (বানাৰস , কৌশল , বৈশালী) যাৰ এনে বহু শিলা খণ্ডৰ আঁৰৰ কাহিনীত মই কৰ্মস্থান আৰু
ইতিহাস আৰু যা্যাবৰি অভ্যাসৰ বাবে সোমাই পৰিছিলোঁ ৷ তাৰ বাবে সেই চুটি গল্পই -উপন্যাসিকা
আৰু যোৱা এটা বছৰত এক ধাৰাবাহিক পূৰ্ণ উপন্যাস হৈ পৰিছে৷
মাৰীচ - যি অসমীয়া মাহেকীয়া প্ৰকাশত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছে৷ দুদিন আগতে
ৰাজগীৰৰ (তেতিয়াৰ ৰাজগৃহ) অজাতশত্ৰুত প্ৰসাদৰ ধ্বংসাৱশেষৰ আগত থিয় হৈ আকৌ সেই
শিলবোৰলৈ চাইছিলোঁ, য’ত মাৰীচৰ বহু বাবে প্ৰেৰণা সঞ্চিত হৈ আছিল৷
Monday, 2 June 2025
মুদ্ৰাৰ ইতিহাস আৰু ইয়াৰ ভাৰত প্ৰবেশ
মুদ্ৰা আৱিষ্কাৰৰ আগত বিনিময় ব্যৱস্থা আছিল—অর্থাৎ, একে সামগ্ৰী বিনিময় কৰা৷ ধনৰ মান সংৰক্ষণ বা তুলনা কৰাৰ সুবিধা নাছিল।
এই সমস্যাৰ সমাধান হিচাপে, প্ৰায় খ্ৰীঃ পূঃ সপ্তম শতিকাত, লিদিয়া নামৰ প্ৰাচীন ৰাজ্য (আজিৰ তুৰ্কীত অৱস্থিত) বিশ্বৰ প্ৰথম মুদ্ৰাপ্ৰচলন হোৱা বুলি ধাৰ্য্য কৰা হয়। সেই মুদ্ৰাসমূহ স্বাভাৱিক সোণ-ৰুপৰ মিশ্ৰ ধাতুৰে নিৰ্মিত কৰি ৰজাই তাৰ মান নিশ্চিত কৰিছিল।
এই ধাৰণাটো তেতিয়াৰ গ্ৰীচ সভ্যতাই গ্ৰহণ কৰি প্ৰধানকৈ ৰুপ আৰু কাঁহ ব্যৱহাৰকৰি নিজৰ মুদ্ৰা প্ৰচলন কৰে। লাহে লাহে এই নতুন প্ৰথাক সদাগৰ সকলে ব্যবহাৰ কৰিবলৈ লয় ৷ পাৰস্যৰ সম্ৰাট দাৰিয়াছ প্রথমে সোণৰ ডাৰিক আৰু ৰূপাৰ সিগ্লোই নামৰ মুদ্ৰা প্ৰচলন কৰিছিল। এই মুদ্ৰাসমূহ পশ্চিম আৰু মধ্য এচিয়াৰ বহু অঞ্চলত প্ৰচলিত হৈছিল, য’ত ভাৰতৰ মহাজনপদত ভুমুকি ধৰিব খুজিছিল এই নতুন প্ৰথাই ৷
আলেকজাণ্ডাৰে ভাৰত আক্রমণ কৰাৰ (খ্ৰীঃ পূঃ ৩২৬) বহু আগতেই ভাৰতীয় ব্যৱসায়ীয়ে পশ্চিম এচিয়া আৰু পারস্যৰ সৈতে বাণিজ্যিক যোগাযোগ কৰিছিল। এই ব্যৱসায়িক যোগাযোগৰ জৰিয়তে বিদেশী মুদ্ৰাৰ ধাৰণাই ভাৰতলৈ আহিছিল। তাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ মাজতো ধাতুৰ টুকুৰা ব্যৱহাৰ কৰি মুল্য প্ৰতিনিধিত্ব কৰাৰ ধাৰণা বিস্তৃত হ’ব ধৰিলে৷
প্ৰায় খ্ৰীঃ পূঃ ষষ্ঠ শতিকাত, উত্তৰ আৰু পূৱ ভাৰতত থকা মহাজনপদত নিজৰ মুদ্ৰা প্ৰচলন আৰম্ভ কৰে। এই মুদ্ৰাসমূহ প্ৰথমে ৰূপৰ (য’ত সূৰ্য, জন্তু, গছ আদি বিভিন্ন প্ৰতীকেৰে)। এই মুদ্ৰাসমূহ বিদেশী মুদ্ৰাৰ অনুকৰণ নহয়, বরঞ্চ ভাৰতীয় সমাজ আৰু অৰ্থনীতি অনুসৰি নিজস্ব উন্নয়ন আছিল।
সেই সময়ত মহাজনপদত মগধ (ৰজা বিম্বিসাৰ-আজাতশত্ৰু, ৰাজধানী ৰাজগৃহ ), কৌশল (ৰজা-প্ৰসেনজিত), বৈশালী (ৰজা- লিচ্চবীৰাজ), কপিলাবস্তু (ৰজা- শুদ্ধোধন) আদিয়ে ৰাজ কৰিছিল ,
মহাজনপদত পৰিবৰ্তনৰ ধুমুহাৰ বাবে ডেকা বুঢ়া বহুতে সংসাৰ এৰি শ্ৰৱণ হৈ ঘুৰি ফুৰিছিল নিৰন্তৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি
এই শ্ৰৱণবোৰৰ মাজতেই শুদ্ধোধন ৰজাৰ পুতেক সিদ্ধাৰ্থয়ো অনাই বনাই ঘুৰি ফুৰিছিল
এই পৰিবৰ্তনৰ সময়তে লিখা হৈছে ধাৰাবাহিক উপন্যাস -মাৰীচ --- মাহেকীয়া প্ৰকাশত
কলিমতাৰ যাদুঘৰৰ ছবি তলত দিয়া হৈছে
Wednesday, 29 November 2023
পাণবজাৰ
Ship of Theseus :ৰজাৰ এখন নাও আছিল৷ নাওখনৰ প্ৰতিতো অংশ এটা এটাকৈ সলনি কৰা হ’ল৷ প্ৰশ্ন হ’ল কোনতো সময়ত কোনটো অংশ সলনি কৰাৰ পিছত আগৰ নাওখন সলনি হৈ এখন নতুন নাও হৈ পৰিব?
পাণবজাৰৰ লগত এটা নষ্টালজিয়া জড়িত হৈ আছে, বহু কাৰণৰ মাজত হল অসমৰ কিতাপ আৰু বৌদ্ধিকতাৰ লগত কেন্দ্ৰ হিচাপে থকা প্ৰতিস্থা৷ সেয়ে কিশোৰ অৱস্থাৰ পিছৰে পৰা পাণ বজাৰৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ তেতিয়া বহুতৰেই গ্ৰন্থ এক আকৰ্ষণৰ কাৰক আছিল আনকি কিতাপ নপঢ়া মানুহৰ বাবেও অধ্যয়ন এটা আদৰ্শনীয় কাম বুলিয়েই মানি লৈছিল৷ পকেটত পাইছা নাথাকিলেও সেই সময়ত কিতাপৰ দোকান বা গ্ৰন্থ মেলাত কিতাপ ছাই পাত লুটিওৱাতোও এটা কাম বুলিয়েই ধৰি লৈছিলোঁ৷ দোকান কিতাপৰে থাহ খাই থাকে ,কিন্তু বিক্ৰেতাৰ মুখৰ বিৰক্তিৰ ভাৱতো হে অলপ ভয়ৰ কাৰক আছিল৷ বাতৰি কাকত বা কোনো আলোচনীত (নতুন হওক বা পুৰণি) কোনো কিতাপ পঢ়িব লগীয়া যেন পালে নামতো ক’ৰবাত টুকি থওঁ আৰু পান বজাৰ যোৱাৰ ভাগ্য হলে দোকান বোৰৰ বিক্ৰেতা সমূহৰ মুখৰ বিৰক্তিৰ মাপ কাঠি চাই কোনো এজনক দয়ালু হব পাৰে বুলি ভাবি আগুৱাই যাই সেপ-ধুকি সোধা হয়
“দাদা , _____ এই কিতাপখন হব নেকি?
বেছিভাগৰেই মুখৰ অক্ষাংশ আৰু দ্ৰঘিমাংশ প্ৰকৃত কৰি উত্তৰ দিয়ে: নাই৷
কোনো কোনোৱে উত্তৰ দিয়াতো প্ৰয়োজনীয় বুলি নাভাবি উদাসিন ভাবে বাহিৰলৈ চাই থাকে
ভুলক্ৰমে যদি কিতাপখন সেই দোকানত আছিল , তেতিয়াহে বিক্ৰেতাজনে ধীৰে সুস্থিৰ তাক বিচাৰিবলৈ উঠাতো প্ৰয়োজনীয় বুলি ভাবিছিল৷
সেয়া নবৈৰ দশকৰ কথা৷ ইংৰাজী কিতাপ পোৱা দোকানবোৰৰ কথাবোৰতো আৰু বেলেগ, সোমাবই ভয় লাগে , ভিতৰলৈ সোমাই এখন কিতাপ মেলি ছোৱাতো দূৰৰ কথা (অবশ্যে মূল্য আৰু কিতাপ চোৰৰ প্ৰকোপ এই ভিন্ন ব্যৱহাৰৰ আঁৰৰ এটা কাৰণ হব পাৰে)
এদিন সাহস কৰি এখন নতুন আকৰ্ষণ থকা কিতাপ এখনৰ খবৰ ল’বলৈ অভিজাত দোকান খনৰ ভিতৰত সোমাই (সেপ ধুকি) সুধিলোঁ
“৷৷৷৷৷ নামৰ কিতাপখন আছে নেকি?
“ কিনিবনে?”বিক্ৰেতাই ভেকাহি মাৰি মোক ওলোটা প্ৰশ্ন কৰিলে৷
মোৰ কিতাপখন কিনাৰ উদ্দেশ্য (বা সামৰ্থ্য) নাছিল৷ মই মাথো বিচাৰিছিলোঁ কিতাপ খন এবাৰ চুই চোৱা, আগ কথাত কি লিখা আছে বা পাছপিনে কিতাপখনৰ বিষয়ে কি মিনি ৰিভিউ দিয়া আছে তাকে চাই নয়ন সুখ লোৱাহে৷
“নাই মই চাবহে বিচাৰিছিলোঁ৷ থতমত খাই কোনোমতে এইবুলি উত্তৰ দিলোঁ৷
“নাই নহব” ৷ মোৰ ফাট মেলা বসুমতী অৱস্থা৷
তেনেতে দোকান খনত এখন উচ্চ পদস্থ বিষয়াৰ আবিৰ্ভাব হল৷ কাপোৰে কানিয়ে খোজে কাতল চায়েই কব পাৰি বহু ডাঙৰ মানুহ (আই এ এছ বা ই পি এছ ) হব৷ মুখ খোলাত গম পালো আনা অসমীয়া৷ তেওঁক দেখিয়েই বিক্ৰেতাজন উঠি গল আদৰণি জনাবলৈ৷
“চাৰ , xxx নামৰ লেখকজনৰ নতুন কিতাপখন আহিছে ৷
তাৰ পিছত তেওঁলোকে নাম নুশুনা কোনো ফৰাচী বা স্পেনিছ লেখকৰ কোনো কিতাপৰ কথা পাতিব ধৰিলে৷ মই বেলটোৰ দৰে অলপ সময় ইফাল সিফাল কৰি এখনো কিতাপ স্পৰ্শ নকৰাকৈ ঘুৰি আহিলো কিছু সময় পিছত৷
সময় পৰিবৰ্তন হ’ল৷ DC court স্থানান্তৰিত হ’ল , কটন কলেজ ইউনিভাৰ্চিটি হল ম ভীৰ অকমাণ কমিল লগতে গ্ৰন্থৰ ব্যৱসায়ত আগতে থকা সেই সন্মানো কমিব ধৰিলে৷ যদিও লেখক ,প্ৰকাশক আৰু কিতাপৰ সংখ্যা বৃদ্ধি হৈছে গ্ৰন্থৰ লগত থকা আগৰ সেই x factor কিজানি নাই ( অৱশ্যে y আৰু z factor গ্ৰন্থৰ লগত আজিও জৰিত হৈ আছে)
এতিয়াও সময় পালে পান বজাৰলৈ যাওঁ ,হেৰুৱা নষ্টালজিয়া বিচাৰি৷ যিকোনো গলিৰেই নাযাওঁ কিয় দোকানৰ মানুহবোৰে আগতে সোধে- দাদা কি লাগে?
আৰু কোনোবা এখন দোকানত যদি কোনো কিতাপৰ কথা সোধা হল ভাবি চিন্তি তাৰপিচত কব -আ সেইখন , এক মিনিট সময় ৰখিব, আমাৰ গুদামত আচে , মই এতিয়াই লৈ আহিম৷
তাৰপিছত প্ৰায় আধা ঘন্টা মান পিছত চাইকেলেৰে ভ তিয়াই গৈ মানুহজন পুনৰ আবিৰ্ভাব হয় গুদামৰ (!) পাৰা সেই কিতাপখন উদ্ধাৰ কৰি৷ তাৰ পিছত ১০ % ডিচকাউন্তত ৰিচিপ্ট কটা আৰম্ভ কৰে৷
এয়াই পৰিবৰ্তন (Ship of Theseus)
বিদ্ৰ: ওপৰৰ পৰ্যবেক্ষণ তো কেইদিন মান আগতে পাণবজাৰৰ উদীয়মান প্ৰকাশক বন্ধুক কৈছিলো৷ তেও হাঁহিছিল৷ পৰিবৰ্তনৰ গোটেই কাৰবাৰটোত তেও পঢ়ুৱৈ , ব্যৱসায়ৰ সহাৰিৰ প্ৰতি আশাবাদী৷ ইয়ো হয়তো prospective – মানে বটলতো আধা ভৰ্টি নে খালি তেনেধৰণৰ কথা৷ কিন্তু গিলাচতো খালি ভৰ্তিৰ মাজৰ এডাল স্পষ্ট ৰেখা জলজল পটপট হৈ আছে কিন্তু পাণ বজাৰৰ পৰিবৰ্তনৰ এই শৃংখলৰ ৰেখা দাল কত?
Saturday, 5 March 2022
মাষ্টৰৰ গল্প: জীৱনৰ শিক্ষক সকল আৰু এখন সংকলন
Wednesday, 16 February 2022
এজন ডাক্তৰৰ কাহিনী
| ছবি- কাহিনীৰ চিকিৎসকজন (ডা বসন্ত ঠাকুৰীয়াৰ )নাতিয়েক প্ৰত্যুষ ঠাকুৰীয়াই ঘৰত সংগ্ৰীহ এখন তৈলচিত্ৰৰ কাথকলমেৰে অংকনৰ প্ৰয়াষ |
