Showing posts with label সোৱৰণী. Show all posts
Showing posts with label সোৱৰণী. Show all posts

Monday, 26 January 2026

অৱতাৰ





মাৰ্কিন ৰাষ্ট্ৰপতি কাণ্ড কাৰখানা দেখি There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মূখ্য অভিনেতা জন (Daniel Day-Lewis) ক্লাইমেক্সলৈ বাৰে বাৰে মনত পৰিছে ৰ সেই চৰিত্ৰটো — ক্ষমতাৰ শীৰ্ষত উঠি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই জুলীয়া সোণ বিচাৰি -তাক হস্তগত কৰি তেও চিঞৰিছিল “I am the third revelation.”
এনে লাগিছে যে পৃথিৱীখন নিজেই এটা metaphor হৈ পৰিছে। বিশ্বৰ ঘটনাবোৰ এনে ধৰণে আগবাঢ়িছে যেন ক্ষমতাই এতিয়া কেৱল শক্তি, আধিপত্য ৷ “হয় ল মোৰ বাট নহ’লে তই বৰবাদ” ধাৰণাত সকলো মেৰুৰ লোক খড়্গ হস্ত হৈ থাকে৷ বুদ্ধৰ মাজৰ বাট ধাৰণাতো লাহে লাহে নোহোৱাই হব ধৰিছে৷ অসমীয়া মাধ্যমত পঢ়িছিলোঁ , বেছি ইংৰাজী শব্দৰ
L Postino (The Postman) চিনেমাখন চাই থাকোঁতেই metaphor শব্দটোৰ গভীৰতা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ । মূলত প্ৰেমৰ কাহিনী, কিন্তু শব্দটোক গভীৰভাৱে অনুধাৱন কৰাইছিল! এই চিনেমাখনত ৫০ ৰ দশকত ৰাজনৈতিক কাৰণত নিৰ্বাসনত থকা বিখ্যাত কবি Pablo Neruda-ই এজন সাধাৰণ ডাক বাহকক কবিতাৰ উপমা বুজোৱাৰ চলেৰে দৰ্শকক প্ৰেম , উপমাৰ আৰু কবিতাৰ গভীৰতা চিনেমাৰ ভাষাৰে বুজাব ধৰিলে৷
কবিতাৰ সময় নোহোৱা হল – কিন্তু ৰিজাব পৰা বহু উদাহৰণ পোৱা গৈছে – কি মাৰ্কিন যুক্তৰাষ্ট্ৰ ( মিনিয়াপোলিচ) বা ইৰানৰ বাটত- এফালে চেপা উত্তেজনা সহ্য কৰিব নোৱাৰায়েই নে কি বাটলৈ ওলাই আহিছে আৰু ক্ষমতাৰ শিখৰত থকা জনে তাক দেশদ্ৰোহিতা বুলি নিশে:ষ কৰিব বিচাৰিছে ৷
পৃথিৱীখন পাগল হৈ গৈছেনে?
চাই থাকিলে, There Will Be Blood চিনেমাখনৰ তেল খনন কৰা মানুহজন — Daniel Day-Lewis-ৰ সেই চৰিত্ৰটো — এতিয়া আৰু কল্পনাৰ দৰে নালাগে। চিনেমাখনত জুলীয়া সোণ খনিজ তেলৰ সন্ধান কৰা মানুহজনে চল বল কৌশলেৰে ক্ষমতা আৰু নিমন্ত্ৰণৰ শীৰ্ষত উঠি প্ৰতিনন্দীৰ মুৰত হাতুৰি মাৰি মাৰি চিঞৰিব ধৰিলে
“I am the third revelation.”
যেন ইতিহাস, ধৰ্ম আৰু নৈতিকতা সকলো তাৰ ওচৰতেই শেষ।
ইতিহাসৰ এটা ধৰিব পৰা চক্ৰত ঘূৰি থাকে প্ৰায় প্ৰতি ৭৫–১৫০ বছৰত?
এতিয়া সময়ৰ গতি তীব্ৰতৰ
আশা কৰোঁ, শেষটোও There Will Be Blood ৰ ধৰণৰেই হ’ব।
শেষত, নিজৰ বিজয়ৰ ধ্বংসাৱশেষৰ মাজত অকলশৰীয়া নায়ক জনে থিয় হৈ সি কয় —
“I’m finished.”
সম্ভৱতঃ এইটোৱেই আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ metaphor —
যেতিয়া উদ্দেশ্যৰ ঠাইত ক্ষমতা আহে,
সহানুভূতিৰ ঠাইত নিষ্কাশন আহে,
শেষটো ধুমুহাৰ দৰে নহয়…
শেষটো আহে খালী মন, শূন্যতা হৈ।

Thursday, 12 June 2025

অজাতশত্ৰুৰ প্ৰসাদ

 




প্ৰথম দৃষ্টিত পুৰাতাত্বিক  ধ্বংসস্তূপ সমূহ নিৰ্জিত শিল ৰ অৱশিষ্ট ৰ বাহিৰে একো নহয়৷

কিন্তু তেনে বহু শিখণ্ডতেই লুকাই থাকে ইতিহাসৰ নিৰৱ স্মৃতিচিহ্ন। সময়ৰ লগত সেই স্মৃতি

ধূসৰিত হৈ পৰে কাহিনী হেৰাই যাই চিৰদিনৰ বাবে ৷ কিন্তু এতিয়াৰ সময়তো কিছু মানুহক অতীতে

আকৰ্ষিত কৰে -তেওঁলোকৰ সহায় হিচাপে তাৰে কিছুমান শিলাখণ্ডই লোককথা আৰু জন বিশ্বাসৰ

মিলত হৈ মিথকৰ সৃষ্টি হয়। তেনে কোনো আগন্তুকে যেতিয়া তেনে কোনো শিলা খণ্ডৰ ইতিহাস

বিচাৰ  কৰে তেতিয়া ধ্বংসাৱশেষবোৰ ইতিহাস আৰু লোককথাৰ সূতাৰ পৰা সৃষ্টি হোৱা

কল্পনাৰ টুকুৰাই এক নতুন কাহিনী হৈ পৰে। স্থানীয় গাইড সকলআজি সামাজিক মাধ্যমত

সত্য আৰু কল্পনা মিশ্ৰিত হৈ সম্পূৰ্ণ নতুন কাহিনী গঢ় লয় ৷

তেনে এক পুৰাতাত্বিক  ধ্বংসস্তূপ -বিহাৰৰ ৰাজগীৰ (ইতিহাসৰ দৃষ্টিত ৰাজগৃহ)নগৰত

পৰিলক্ষিত কৰিছিলোঁ আজিৰ পৰা চাৰি বছৰ আগতে , -স্থানীয়ৰ বহুতেই সেয়া কি নাজানে ,

ইন্টাৰনেট ই আজাশত্ৰুৰ প্ৰসাদ বুলি চিহ্নিত ৷

আজাতশত্ৰু বুদ্ধৰ যুগত স্বেচ্ছাচাৰী  আৰু নিৰ্যাতনৰ ভাৱমূৰ্তিৰ মগধ সম্ৰাট ৷ পিতৃ

বিম্বিসাৰক হত্যা কৰি সিংহাসনত উঠিছিলখৃপু:৪৯০ মানত। বুদ্ধৰ সময়ৰ তেনে বহু জনশ্ৰুতিৰ পঢ়ি

আছিলোঁ ভাবি আছিলোঁ আৰু তেতিয়াই অজাতশত্ৰুৰ নামৰ ধ্বংসস্তূপ তোৰ মুখামুখি হৈ শিহৰিত

হৈ পৰিছিলোঁ৷

আজিৰ দিনতসি এক শিলা খণ্ড মাথো ৷ সেই মানবীয় অনুভবেৰে মই এটি অতি চুটি গল্প লিখিব

যত্ন কৰোঁতে গল্পটোৰ ভিতৰত তাত সোমাই পৰিল বিম্বিসাৰ আজাতশত্ৰুৰাজগৃহ আৰু বহু

ভূখণ্ড (বানাৰস কৌশল বৈশালী) যাৰ এনে বহু শিলা খণ্ডৰ আঁৰৰ কাহিনীত মই কৰ্মস্থান আৰু

ইতিহাস আৰু যা্যাবৰি অভ্যাসৰ বাবে সোমাই পৰিছিলোঁ ৷ তাৰ বাবে সেই চুটি গল্পই -উপন্যাসিকা

আৰু যোৱা এটা বছৰত এক ধাৰাবাহিক পূৰ্ণ উপন্যাস হৈ পৰিছে৷

মাৰীচ - যি অসমীয়া মাহেকীয়া প্ৰকাশত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছে৷ দুদিন আগতে

ৰাজগীৰৰ (তেতিয়াৰ ৰাজগৃহ) অজাতশত্ৰুত প্ৰসাদৰ ধ্বংসাৱশেষ আগত থিয় হৈ আকৌ সেই

শিলবোৰলৈ চাইছিলোঁত মাৰীচৰ বহু বাবে প্ৰেৰণা সঞ্চিত হৈ আছিল৷

Monday, 2 June 2025

মুদ্ৰাৰ ইতিহাস আৰু ইয়াৰ ভাৰত প্ৰবেশ




 

মুদ্ৰা আৱিষ্কাৰৰ আগত বিনিময় ব্যৱস্থা ছিলঅর্থাৎএকে সামগ্ৰী বিনিময় কৰা৷   ধনৰ মান সংৰক্ষণ বা তুলনা কৰাৰ সুবিধা নাছিল

এই সমস্যাৰ সমাধান হিচাপেপ্ৰায় খ্ৰীঃ পূঃ সপ্তম শতিকাতলিদিয়া নামৰ প্ৰাচীন ৰাজ্য (আজিৰ তুৰ্কীত অৱস্থিত) বিশ্বৰ প্ৰথম মুদ্ৰাপ্ৰচলন হোৱা বুলি ধাৰ্য্য কৰা হয়। সেই মুদ্ৰাসমূহ স্বাভাৱিক সোণ-ৰুপৰ মিশ্ৰ ধাতুৰে নিৰ্মিত কৰি ৰজাই তাৰ মান নিশ্চিত কৰিছিল

এই ধাৰণাটো তেতিয়াৰ গ্ৰীচ সভ্যতাই  গ্ৰহণ কৰি প্ৰধানকৈ ৰুপ আৰু কাঁহ ব্যৱহাৰকৰি নিজৰ মুদ্ৰা প্ৰচলন কৰে। লাহে লাহে এই নতুন প্ৰথাক সদাগৰ সকলে ব্যবহাৰ কৰিবলৈ লয় ৷  পাস্যৰ সম্ৰাট দাৰিয়াছ প্রথমে সোণৰ ডাৰিক আৰু ৰূপাৰ সিগ্লোই নামৰ মুদ্ৰা প্ৰচলন কৰিছিল। এই মুদ্ৰাসমূহ পশ্চিম আৰু মধ্য এচিয়াৰ বহু অঞ্চলত প্ৰচলিত হৈছিলত ভাৰতৰ মহাজনপদত ভুমুকি ধৰিব খুজিছিল এই নতুন প্ৰথাই ৷

আলেকজাণ্ডাৰে ভাৰত আক্রমণ কৰাৰ (খ্ৰীঃ পূঃ ৩২৬) বহু আগতেই ভাৰতীয় ব্যৱসায়ীয়ে পশ্চিম এচিয়া আৰু পারস্যৰ সৈতে বাণিজ্যিক যোগাযোগ কৰিছিল। এই ব্যৱসায়িক যোগাযোগৰ জৰিয়তে বিদেশী মুদ্ৰাৰ ধাৰণাই ভাৰতলৈ আহিছিল। তাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ মাজতো ধাতুৰ টুকুৰা ব্যৱহাৰ কৰি মুল্য প্ৰতিনিধিত্ব কৰাৰ ধাৰণা বিস্তৃত হব ধৰিলে

প্ৰায় খ্ৰীঃ পূঃ ষষ্ঠ শতিকাতউত্তৰ আৰু পূৱ ভাৰতত থকা মহাজনপদ নিজৰ মুদ্ৰা প্ৰচলন আৰম্ভ কৰে। এই মুদ্ৰাসমূহ  প্ৰথমে ৰূপৰ (ত সূৰ্যজন্তুগছ আদি বিভিন্ন প্ৰতীকেৰে)। এই মুদ্ৰাসমূহ বিদেশী মুদ্ৰাৰ অনুকৰণ নহয়বরঞ্চ ভাৰতীয় সমাজ আৰু অৰ্থনীতি অনুসৰি নিজস্ব উন্নয়ন আছিল

 

সেই সময়ত মহাজনপদত মগধ (ৰজা বিম্বিসাৰ-আজাতশত্ৰু, ৰাজধানী ৰাজগৃহ ), কৌশল (ৰজা-প্ৰসেনজিত), বৈশালী (ৰজা- লিচ্চবীৰাজ), কপিলাবস্তু (ৰজা- শুদ্ধোধন) আদিয়ে ৰাজ কৰিছিল ,

মহাজনপদত পৰিবৰ্তনৰ ধুমুহাৰ বাবে ডেকা বুঢ়া বহুতে সংসাৰ এৰি শ্ৰৱণ হৈ ঘুৰি ফুৰিছিল  নিৰন্তৰ  প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি 

এই শ্ৰৱণবোৰৰ মাজতেই শুদ্ধোধন ৰজাৰ পুতেক সিদ্ধাৰ্থয়ো অনাই বনাই ঘুৰি ফুৰিছিল 

এই পৰিবৰ্তনৰ সময়তে লিখা হৈছে ধাৰাবাহিক উপন্যাস -মাৰীচ --- মাহেকীয়া প্ৰকাশত 

কলিমতাৰ যাদুঘৰৰ ছবি তলত দিয়া হৈছে 

 











Wednesday, 29 November 2023

পাণবজাৰ




Ship of Theseus :ৰজাৰ এখন নাও আছিল৷ নাওখনৰ প্ৰতিতো অংশ এটা এটাকৈ সলনি কৰা হল৷ প্ৰশ্ন হল কোনতো সময়ত কোনটো অংশ সলনি কৰাৰ পিছত আগৰ নাওখন সলনি হৈ এখন নতুন নাও হৈ পৰিব?

 

পাণবজাৰৰ লগত এটা  নষ্টালজিয়া জড়িত হৈ আছেবহু কাৰণৰ মাজত হল সমৰ কিতাপ আৰু বৌদ্ধিকতাৰ লগত কেন্দ্ৰ হিচাপে থকা প্ৰতিস্থা৷ সেয়ে কিশোৰ অৱস্থাৰ পিছৰে পৰা  পাণ বজাৰৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ তেতিয়া বহুতৰেই গ্ৰন্থ এক আকৰ্ষণৰ কাৰক আছিল আনকি কিতাপ নপঢ়া মানুহৰ বাবেও অধ্যয়ন এটা আদৰ্শনীয় কাম বুলিয়েই মানি লৈছিল৷ পকেটত পাইছা নাথাকিলেও সেই সময়ত কিতাপৰ দোকান বা গ্ৰন্থ মেলাত কিতাপ ছাই পাত লুটিওৱাতোও এটা কাম বুলিয়েই ধৰি লৈছিলোঁ৷ দোকান কিতাপৰে থাহ খাই থাকে ,কিন্তু বিক্ৰেতাৰ মুখৰ বিৰক্তিৰ ভাৱতো হে অলপ ভয়ৰ কাৰক আছিল৷ বাতৰি কাকত বা কোনো আলোচনীত (নতুন হওক বা পুৰণি) কোনো  কিতাপ পঢ়িব লগীয়া যেন পালে নামতো কৰবাত টুকি থওঁ আৰু পান বজাৰ যোৱাৰ ভাগ্য হলে দোকান বোৰৰ বিক্ৰেতা সমূহৰ মুখৰ বিৰক্তিৰ মাপ কাঠি চাই কোনো এজনক দয়ালু হব পাৰে বুলি ভাবি আগুৱাই যাই সেপ-ধুকি সোধা হয় 

দাদা , _____ এই কিতাপখন হব নেকি?

বেছিভাগৰেই মুখৰ   অক্ষাংশ আৰু দ্ৰঘিমাংশ প্ৰকৃত কৰি উত্তৰ দিয়ে: নাই৷

কোনো কোনোৱে উত্তৰ দিয়াতো প্ৰয়োজনীয় বুলি নাভাবি উদাসিন ভাবে বাহিৰলৈ চাই থাকে

ভুলক্ৰমে যদি কিতাপখন সেই দোকানত আছিল তেতিয়াহে বিক্ৰেতাজনে ধীৰে সুস্থিৰ তাক বিচাৰিবলৈ উঠাতো প্ৰয়োনীয় বুলি ভাবিছিল৷

 

সেয়া নবৈৰ দশকৰ কথা৷ ইংৰাজী কিতাপ পোৱা দোকানবোৰৰ কথাবোৰতো আৰু বেলেগসোমাবই ভয় লাগে ভিতৰলৈ সোমাই এখন কিতাপ মেলি ছোৱাতো দূৰৰ কথা (বশ্যে মূল্য আৰু কিতাপ চোৰৰ প্ৰকোপ এই ভিন্ন ব্যৱহাৰৰ আঁৰৰ এটা কাৰণ হব পাৰে)

এদিন সাহস কৰি এখন নতুন আকৰ্ষণ থকা কিতাপ এখনৰ খবৰ লবলৈ অভিজাত দোকান খনৰ ভিতৰত সোমাই (সেপ ধুকি) সুধিলোঁ 

৷৷৷৷৷ নামৰ কিতাপখন আছে নেকি?

 কিনিবনে?বিক্ৰেতাই  ভেকাহি মাৰি মোক ওলোটা প্ৰশ্ন কৰিলে৷ 

মোৰ কিতাপখন কিনাৰ উদ্দেশ্য (বা সামৰ্থ্য) নাছিল৷ মই মাথো বিচাৰিছিলোঁ কিতাপ খন এবাৰ চুই চোৱাআগ কথাত কি লিখা আছে বা পাছপিনে কিতাপখনৰ বিষয়ে কি মিনি ৰিভিউ দিয়া আছে তাকে চাই নয়ন সুখ লোৱাহে৷

নাই মই চাবহে বিচাৰিছিলোঁ৷ থতমত খাই কোনোমতে এইবুলি উত্তৰ দিলোঁ৷

নাই নহব ৷ মোৰ ফাট মেলা বসুমতী অৱস্থা৷

তেনেতে দোকান খনত এখন উচ্চ পদস্থ বিষয়াৰ আবিৰ্ভাব হল৷ কাপোৰে কানিয়ে খোজে কাতল চায়েই কব পাৰি বহু ডাঙৰ মানুহ  (আই এ এছ বা ই পি এছ ) হব৷ মুখ খোলাত গম পালো আনা অসমীয়া৷ তেওঁক দেখিয়েই বিক্ৰেতাজন উঠি গল আদৰণি জনাবলৈ৷

চাৰ , xxx নামৰ লেখকজনৰ নতুন কিতাপখন আহিছে ৷

 তাৰ পিছত তেওঁলোকে নাম নুশুনা কোনো ফৰাচী বা স্পেনিছ লেখকৰ কোনো কিতাপৰ কথা পাতিব ধৰিলে৷ মই বেলটোৰ দৰে অলপ সময় ইফাল সিফাল কৰি এখনো কিতাপ স্পৰ্শ নকৰাকৈ ঘুৰি আহিলো কিছু সময় পিছত৷

 

সময় পৰিবৰ্তন হল৷ DC court স্থানান্তৰিত হল কটন কলেজ ইউনিভাৰ্চিটি হল ম ভী কমা কমিল লগতে গ্ৰন্থৰ ব্যৱসায়ত আগতে থকা সেই সন্মানো কমিব ধৰিলে৷ যদিও লেখক ,প্ৰকাশক আৰু কিতাপৰ সংখ্যা বৃদ্ধি হৈছে গ্ৰন্থৰ লগত থকা আগৰ সেই x factor কিজানি নাই ( অৱশ্যে আৰু z factor গ্ৰন্থৰ লগত আজিও জৰিত হৈ আছে)

 

এতিয়াও সময় পালে পান বজাৰলৈ যাওঁ ,হেৰুৱা নষ্টালজিয়া বিচাৰি৷  যিকোনো গলিৰেই নাযাওঁ কিয় দোকানৰ মানুহবোৰে আগতে সোধে- দাদা কি লাগে?

আৰু কোনোবা এখন দোকানত যদি কোনো কিতাপৰ কথা সোধা হল ভাবি চিন্তি  তাৰপিচত কব -আ সেইখন এক মিনিট সময় ৰখিবআমাৰ গুদামত আচে মই এতিয়াই লৈ আহিম৷

তাৰপিছত প্ৰায় আধা ঘন্টা মান পিছত চাইকেলেৰে ভ তিয়াই গৈ মানুহজন পুনৰ আবিৰ্ভাব হয় গুদামৰ (!) পাৰা সেই কিতাপখন উদ্ধাৰ কৰি৷ তাৰ পিছত ১০ % ডিচকাউন্তত  ৰিচিপ্ট কটা আৰম্ভ কৰে৷

 

এয়াই পৰিবৰ্তন (Ship of Theseus)

 

বিদ্ৰ:  ওপৰৰ পৰ্যবেক্ষণ তো কেইদিন মান আগতে পাণবজাৰৰ উদীয়মান প্ৰকাশক বন্ধুক কৈছিলো৷ তেও হাঁহিছিল৷ পৰিবৰ্তনৰ গোটেই কাৰবাৰটোত তেও পঢ়ুৱৈ ব্যৱসায়ৰ সহাৰিৰ প্ৰতি আশাবাদী৷ ইয়ো হয়তো prospective  মানে বটলতো আধা ভৰ্টি নে খালি তেনেধৰণৰ কথা৷ কিন্তু গিলাচতো খালি ভৰ্তিৰ মাজৰ এডাল স্পষ্ট ৰেখা জলজল পটপট হৈ আছে কিন্তু পাণ বজাৰৰ পৰিবৰ্তনৰ এই শৃংখলৰ ৰেখা দাল কত?     

Saturday, 5 March 2022

মাষ্টৰৰ গল্প: জীৱনৰ শিক্ষক সকল আৰু এখন সংকলন

 



হাতত পালেহি -'মাষ্টৰৰ গল্প' (বনলতা প্ৰকাশ)
অসীম চুতীয়া লৈ ধন্যবাদেৰে
শিক্ষক বিষয়ক বহ গল্পকাৰৰ গল্পৰ লগতে আমাৰ গল্প -'পেণ্ডুলাম' (প্ৰথম প্ৰকাশ গল্প বিশেষ, পিছত আমাৰ সংকলন #বিৱৰ্তন ৰো অংশ (প্ৰকাশক :পেপিৰাজ, গুৱাহাটী, বৰ্ণ, পেপিৰাজ আৰু অমাজনত উপলব্ধ)
শিক্ষক সকলে নানা ধৰণে অমাৰ মনৰ উৎসূকতাৰ ফিৰিঙতি জগাই আহিছে
দেৰিকৈ হলেও মা শিক্ষয়ত্ৰী আছিল -গুৱাহাটী অন্ধ বিদ্যালয়ৰ
তেতিয়া এনে বিশেস বিদ্যালয়ৰ বিশেষ শিক্ষা পদ্ধতিৰ নানা সমস্যা ওচৰেৰে দেখিছো, স্কুলখন আধা প্ৰদেশিক আছিল আৰু বাকি ভেঞ্চাৰ , মাই প্ৰথম সম্পুৰ্ণ দৰমাহা কিজানি মই এম ডি দিগ্ৰী পোৱা ৰ পিছতহে কিজানী (মানে মই নিজে শিক্ষক হোৱাৰ পিছত )আৰু তাৰ কিছুদিন পিছতে অৱসৰ গ্ৰহণ কৰিছিল৷
মোৰ জীৱনৰ শিক্ষক সকল
ৰঙিয়াৰ দাতি কাষৰিয়া দ্বাৰকুচি নামৰ গাওত স্কুলত নাম লগোৱাৰ দুদিন পিছতেই গুৱাহাটীলৈ আহিছিলো , তাৰ অৱসৰ প্ৰাপ্ত হেড পণ্ডিত (মুখখন মনত নাই , মাধৱ কলিতা চাৰ?) জনে আহি ঘৰত বোলে কৈছিল - 'লৰা অৰ্টিষ্ট হ'ব'৷
নহলো বাৰু কিন্তু কিজানি কথাসাৰে উৎসাহিত কৰিলে
প্ৰথমিক বিদ্যলয়ত আমাৰ দিনত পিটিএম নামৰ বস্তুবিধ নাছিল বাৰু , কিন্তু যি মুলা বাঢ়ে--- মোৰ প্ৰতিভাৰ ট্ৰেইটবোৰ (কলিবোৰ!) দেখি তাৰ আতাইতকৈ বিখ্যাত চাৰ হাবিদ তালুকদাৰ (ৰাজধানী প্ৰাক প্ৰাথমিক বিদ্যালয়,দিশপুৰ এতিয়া তাত স্কুলখন নাই) দুবাৰ মান মাক বিদ্যলয়লৈ মাতি পঠিয়াব লগা হৈছিল৷ ( তাৰ পিছত ঘৰত দুদিনিয়া কাৰ্য্যসূচীৰে পিঠিত ঔ পৰাতো মনত ভালকৈয়েই আছে)
তাৰ পিছত উচ্চতৰ মাধ্যমিক (গোপাল বড়ো বিদ্যালয় , গনেশগুৰি): তাৰ প্ৰায় প্ৰতিজন শিক্ষকৰে লগত নানা স্মৃতি আছে৷ স্বৰ্গীয়াৰী চাৰ, টুনি ,মন্দিৰা বাইদেউ, আদি
তাৰ ভিতৰত অধৰ পাঠক চাৰৰ জ্যামিতি বুজোৱাত ব্যবহাৰ কৰা দীঘল বেট(ৰ কোব) আৰু ধুতি পৰিহিত মানুহজনৰ চাইকেলেৰে অহাযোৱা কৰা দৃশ্য, কবিন দাস চাৰৰ ধেমেলীয়া কথা মনত আছে৷
হাইস্কুলত স্বভাৱৰ মূলাদালো ভালকৈয়েই বাঢ়িছিল যেন পাও৷ লৰাৰ মতিগতি দেখি -সবিতা গোহাই বাইদেউ এবাৰ একাৰসৰীয়াকৈ মাতি বহু কথা বুজোৱা মনত আছে ৷
কিন্তু স্কুলৰ ত্ৰাস- মায়াৰানী কাকতি বাইদেউৰ কথা বিশেষ ভাবে উল্লেখ কৰিব লাগিব -সৰহ সংখ্যক সহপাঠীৰ দৰেই বাইদেউৰ চৰ কেইতা বৰ বিশেষ আছিল৷ হঠাত কৰবাৰ পৰা আহি পৰে - গোটেই শ্ৰেণীত কাহ পৰি জীন যোৱা অবস্থা আৰু তাৰ পিচত দুই চেকেণ্ড মান আন্ধাৰৰ আঁৰত তৰা কেইতামান ওলাই আহে ৷৷ মোৰ লগত বাইদেউৰ সম্পৰকতো আৰু গভীৰ আছিল গোপাল বড়োতো পিটিএম নামৰ বস্তুতো নথকাকৈয়ে এবাৰ মাক মাতি আনি মোৰ গুণানুকীৰ্তন কৰা হৈছিল৷ আৰু স্কুল এৰা সময়ত গম নপোৱাকৈয়েই মই বিদ্যালয়ৰ ছাত্ৰ সন্থা আৰু মায়াৰানী বাইদেউৰ মাজৰ এটা খেলিমেলী সোমাই পৰিৰিছিলো৷ স্কুলৰ দিন শেষ- মেত্ৰিকৰ দুদিনমান আগতে শুনিলো বিদ্যলয়ৰ নেতা কিছুমানে বাইদেউৰ বিৰুদ্ধে ধৰ্ণা দিছে , পিছত গম পালো ধৰ্ণাৰ আঁৰত ছাত্ৰনেতা আৰু বাইদেউৰ মাজত মোৰ কিবা এটা প্ৰবন্ধ লৈ হোৱা মতালাপৰ বাবে হৈছিল ৷ মই কথাতো সিমান ভাল পোৱা নাছিলো ,কিন্তু কি হল কিয় হল তাৰ ভিতৰতো সোমাব নোৱাৰিলো কাৰণ তাৰ দুদিন মান পিছতে মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হল ৷ পিছতো বাউদেউক লগ ধৰাৰ সাহস নহল,
এতিয়া ভাৱো যে মই মানুহটো কিজানী বাঘৰ আগতেল খোৱা ধৰণৰেই আছিলো ,নহলে ইমানবোৰ ঘটনা হয়নে ?
অবশ্যেই শিক্ষক সকলৰ লগত অকল সংঘৰ্ষই যে হৈছিল তেনে নহয় -অমাক দশম শ্ৰেণীত গনিত পঢ়াইছিল সিং চাৰে (তেও সেইদিনৰ গণিতৰ অতি বিখ্যাত শিক্ষক)৷ মই শ্ৰেণীত দিয়া মনোযোগৰ বাবেই চাৰ বাইদেউ সকলে মোৰ নামতো আন কাৰণতহে উল্লেখ কৰিছিল , কিন্তু এদিন সিং চাৰে সকলোৰে আগত মোৰ নাম ললে "এই ভাস্কৰে জ্যামিতিবোৰ বৰ বেলেগ ধৰণেৰে কৰেহে ইয়াৰ ৰিজাল্ট বৰ ভাল হব লাগে"
মই প্ৰশংসা নিবিছাৰিছিলো,আৰু শ্ৰেণীকোথাত শিশু সুলভ ধেমেলীয়া কামবোৰত অধিক আগ্ৰহৰ বাবে প্ৰশংসাৰ যোগ্যও নাছিলো কিজানি ৷ কিন্তু চাৰে কৰা এই ঘোষনাই মোৰ আত্মবিশ্বাস বঢ়াইছিল৷
মোক লৈ শিক্ষক সকলৰ শংকা পিছত কটন মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নাম লগোৱাৰ পিছত উপশম হোৱাৰ কথা বেছিভাগ চাৰ বাইদেউকে লগ পাওতে গম পাইছিলো যদিও মায়াৰানী বাইদেইক লগ ধৰাৰ সাহস গোটাব পৰা নাছিলো ,বহুদিন, যেতিয়া পিছত সাহস গোটোৱা হল তেতিয়ালৈ বাউদেউ গুৱাহাটী এৰি কলৈ গল গম নাপালো৷
তাৰ পিছত কটন মহাবিদ্যালয়ত নাম লগাই মই অসমৰ আটাইতকৈ চোকা লৰা আৰু ইয়াৰ পিছত মই এনে কিছু কাম কৰিম যে -আন সকলো মোৰ আগত ম্লান হৈ ৰব এনে এটা অহং ভাব মনত লব ধৰিছিল৷ সি অতি সোনকালে চূৰমাৰ হল বাৰু৷ কটনত ৰাসায়ন বিজ্ঞানত সত্যেন চৌধুৰী চাৰৰ ব্যক্তিত্ত আৰু পবিত্ৰ বৰগোহাঞি চাৰৰ পদাৰ্থ বিজ্ঞানৰ গভীৰতাই চিন্তাত ভাল প্ৰভাব পেলাব ধৰিলে , পদাৰ্থবিজ্ঞানেতো এনে প্ৰভাবিত কৰিলে যে ভাবিছিলো তাৰ ভিতৰতে সোমাম
কিন্তু সোমালো চিকিৎসা মহাবিদ্যালয়ত
প্ৰায় ১৪ বছৰ মান চিকিৎসা বিজ্ঞানৰ ছাত্ৰই হৈ থাকিলো , তাৰ পিছত চিকিৎসা মহাবিদ্যালয়ত শিক্ষক হৈ সোমালো যদিও গম পালো মই আজীৱন ছাত্ৰই হয়৷ এতিয়া নিজকে শিক্ষক বুলি কব পৰা হোৱাত সমুখৰ ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা , সিহতৰ লগত থকা জেনেৰশ্বন গেপ , আদি দেখিলে মনত পৰে নিজৰ ছাত্ৰ জীবনৰ কথা , সমস্যাবোৰ কিজানি মই সহজতে ধৰিব পাৰো মোৰ নিজা বিশেষ আভিজ্ঞতা ৰ পৰা ৷
ধিটিঙালি কৰা কেইজনৰ বাবে মই যম পুৰুষ
আজি কালি পাঠদান কৰা পদ্ধতিৰ ব্যাপক পৰিবৰ্তন হৈছে , বেছিভাগ system student centric ,
মানে ছাত্ৰ-ছাত্ৰীয়ে নিৰ্ণায়ণ কৰিব পাৰিব শিক্ষকক ইত্যাদি ইত্যাদি
লগৰ বোৰে গৰ গৰাই উঠে :কিয় হব
মই ভাবো -বালীলৈ যিপাত সূগ্ৰীবলৈও ,,,,,,,
বিদ্ৰ : ফটো তো আপলোদ কৰি শেষ কৰিম বুলি ভাবোতে মনৰ আগৰৰ শিক্ষক সকল আহিব ধৰিলে কি পেডৰ আখৰ বোৰ হৈ , গতিকে বানান কি হব গুৰুত্ত নিদয়াকৈ টাইপকৰি গলো তেখেত সকলৰ স্মৃতিবোৰ

Wednesday, 16 February 2022

এজন ডাক্তৰৰ কাহিনী


৭০ৰ দশকত আজিৰ দিনতোত (১৬ ফেব্ৰুৱাৰী) ঘটা এটি সাধাৰণ কাহিনী

ছবি- কাহিনীৰ চিকিৎসকজন (ডা বসন্ত ঠাকুৰীয়াৰ )নাতিয়েক প্ৰত্যুষ ঠাকুৰীয়াই ঘৰত সংগ্ৰীহ এখন তৈলচিত্ৰৰ কাথকলমেৰে অংকনৰ প্ৰয়াষ


সেই সময়ত ভাৰতত জৰুৰী কালীন অৱস্থা ছলি আছিল বাবে সম্ভৱত প্ৰচাৰ মাধ্যম বা চৰকাৰী চাকৰিয়াল সকলে ৰাজহুৱাকৈ কি ক’ও নি নক’ও তেনে ভাবত আছিল কিজানি ৷ আনহাতে সেই সময়তে small pox (বৰ-আই) নামৰ ভাইৰাছ বিধ সমূলঞ্চে ধ্বংস কৰাৰ পণ লৈছিল গোতেই পৃথিৱীয়ে মিলি৷ অসমত হাজাৰ-হাজাৰ বাংলাদেশৰ শৰণাৰ্থীয়ে এক অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা বাবে ভাইৰাচটো যাওঁ-যাওঁ কৈও এটা দুটা বৰ-আই আক্ৰান্ত শিশু ওলাই আছিল আৰু আজিৰ দৰেই ক’ৰবাত তেনে এজন ৰোগী ওলালেই প্ৰশাসনৰ ফালৰ পৰা হৈ ছৈ সৃষ্টি হৈছিল আনকি দুদিন মানতেই WHO ৰ ফালৰ পৰা বগা চাহাব আহি অসমৰ পাণ্ডৱ বৰ্জিত স্থললৈ স্থানীয় চিকিৎসকৰ লগত ধাৱমান হৈছিল৷ স্থানীয় চিকিৎসকক সেই সময়ত মানুহে বিশ্বাসো কৰিছিল, সন্মানো কৰিছিল ,আৰু এটা বৃহত্ এলেকাত এজন চিকিৎসকে সসন্মানে সেৱা কৰি গৈছিল৷ তেতিয়া মল, ইংৰাজী মাধ্যম , আদিৰ দৰে মহানগৰীয়া বেমাৰবোৰো নাছিল বাবে মফচলীয়া চহৰবোৰতেই বা সৰু গাঁওবোৰতো চিকিৎসক প্ৰশাসনিক বিষয়া ,অভিযন্তা সকলো হিন মান্যতা নোহোৱাকৈ বাস কৰাতো সাধাৰণ কথা আছিল৷
তেনে এক চহৰ আছিল ৰঙিয়া ,আৰু মই ক’ব খোজা চিকিৎসকজনক সকলোৱে ঠাকুৰীয়া ডাক্তৰ বুলি জানিছিল৷ ৰঙিয়া আৰু দাঁতিকাষৰীয়া (মানে আজিৰ গোতেই মহকুমাতো বুলিবই পাৰি) একমাত্ৰ চিকিৎসক৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সময়ত উপস্থিত থকাৰ উপৰিও দিনে ৰাতিয়ে ঘৰৰ দুৱাৰত খতখতায়েই থাকে৷ কেতিয়াবা দুৰ দূৰণিৰ পৰা ডাক্তৰ বাবুক নিব আহে ৰোগী আহিব নোৱাৰে বাবে৷ এম্বুলেঞ্চৰ কথাই নাহে , ৰাস্তা পদুলিও ভাল নহয় ,মানুহে গৰু গাৰী , ৰিক্সা আদিৰে হয় ডাক্তৰৰ ওচৰলৈ আহে নহ’লে ডাক্তৰক মাতি লৈ যায়৷ ডাক্তৰে ঘৰলৈ আহি চেলাইন, বেজী আদি দি ৰোগীক ভাল কৰাতো অসমৰ জনজীৱনৰ ইমানেই সাধাৰণ ঘটনা যে বহু অসমীয়া চলচিত্ৰ কাহিনী ভাগতো তেনে ঘটনা প্ৰায়েই দেখা গৈছিল৷ চোৰ ডকাইতৰ অত ত’ত ভয় আছিল যদিও সেই কথা ঠাকুৰীয়া ডাক্তৰৰ লগত প্ৰযোজ্য নহয় , তেওঁৰ মটৰ চাইকেলৰ শব্দৰ লগত গোটেই চহৰখনেই পৰিচিত৷
ধুক-ধুক শব্দ কৰি দিনে নিশাই তাৰ অবাধ বিচৰণ , কেতিয়াবা-কেতিয়াবা ৰাতি বেলি ওলাই গৈ মানুহজন পিছদিনা দুপৰীয়াহে আহি পায় , সেইবোৰ সাধাৰণ ঘটনা৷
তেনে সময়ৰ ঘটনা -ফাগুন মাহৰ প্ৰথম সপ্তাহ – সদায়ৰ দৰেই সেইদিনা খনো এজন মুমূৰ্ষ ৰোগীক বচাবলৈ ডাক্তৰজনৰ ঘৰলৈ এদল মানুহ আহিল , (দেউতাক?) যাওঁ-যাওঁ অবস্থা যেনে তেনে ঠাকুৰীয়া ডাক্তৰে আহিব লাগে ৷
“ মই আজি যাব নোৱাৰোঁ , মোৰ এই মাত্ৰ লৰা এটা হৈছে , মাক আৰু পুতেকক চাব লাগিব ৷
সেই সময়ত institutional delivery ৰ কথা তেনেকৈ নহৈছিল ৷ তাতে চিকিৎসকৰ ঘৰ,তৃতীয় সন্তান , ঘৰতে এটি পুত্ৰ সন্তানৰ জন্ম হল , আৰু কথাতো লৈ ঘৰখনৰ কোনো সিমান সুখী নহয় কিজানি ৷ আগৰ দুজনো লৰা , গতিকে সকলোৱে এজনী কন্যা সন্তানৰ বাবে বৰ আশা কৰিছিল, গতিকে লৰা হোৱাৰ বাবে সকলোৰে মনতো নিশ্চয়েই বেয়া৷ তাতে ইমান দায়িত্ব, লৰা দুটা ইফাল সিফাল দৌৰ দি আছে ,মাক আৰু নৱজাতক বিচনাত , ঘৰত আন মানুহো কোনো নাই
আনহাতে ৰোগীৰ সম্পৰ্কীয় সকল বহাৰ প’ৰা নুঠে -কিবা এটা কৰি হলেও আহক আৰু ডাক্তৰ বাবু ৷
তেতিয়া ডাক্তৰক লপা-থপা দিয়া কাৰবাৰতো নচলিছিল , আলহী বহি আছে , নৱজাতকে কে কেয়াই কান্দি আছে আৰু আলহী মানে ৰোগীৰ আত্মীয়সকল নুথেহে নুথে
ঠিক আছে বুলি ডাক্তৰজনে চিকিৎসালয়ৰ নাৰ্চ এগৰাকীক অনুৰোধ কৰিলে যে আপুনি মাক আৰু লৰাক কেইঘণ্টামান ছাই দিয়ক আৰু মই ওলাই ৰোগীজন চাই আহোঁ,
ডাক্তৰ চাহাব মটৰচাইকেল লৈ ৰোগীৰ ঘৰলৈ বুলি ওলাল যে ওলালেই -দোভাগ ৰাতিলৈ খা খবৰ নাই ৷
ৰাতি ঘুৰি আহিল -ৰোগীজনৰ কি হল , কোন আছিল সেইবোৰ কালৰ গৰ্ভত নোহোৱা হৈ পৰিল৷ আনকি সেই দিনাখন যে তেনে এটা ঘটনা হৈছিল তাক সকলোৱে পাহৰিলে৷
সময় আগবাঢ়িল – তাৰ কেইবছৰমান পিছতেই ডাক্তৰজন এক দুৰাৰোগ্য ৰোগত ভুগি ঢুকাল, সেয়া এক অন্য কাহিনী ৷
ডাক্তৰজনৰ বিষয়ে এনে বহু কথা এতিয়াও উদ্ঘাটন হৈ থাকে - ৰাইজৰ স্মৃতিপটতৰ পৰা৷ কিন্তু সময় বৰ দ্ৰুত গতিত আগবাঢ়িল ৷ নতুন নতুন ঘটনাৰাজিক মনত ৰাখিবলৈয়েই কিজানি স্মৈতিয়ে পুৰণি বহুকথা পাহৰিলৈ মগজুক প্ৰশিক্ষন দিয়ে, লাহে লাহে পাহৰিব ধৰে পুৰ্বৰ প্ৰতিবেশী, বন্ধু, সহপাঠী ,শিক্ষক আদি বহুতৰে কথা ৷ এই ঘটনাতোও বিস্মৃতিত বিলীন হব খোজোঁতেই ঘটনাতো ঘটাৰ প্ৰায় ৪৫ বছৰ পিচত ঠাকুৰীয়া ডাক্তৰৰ পত্নীয়ে সেইদিনাৰ ৰোগীৰ আত্মীয় সকলক লগ পালে এখন কুটুমৰ বিয়াত৷ চিনাকি পৰিচয় হোৱাত নামৰ আদান প্ৰদান হ’ল আৰু তেওলোকে গম পোৱাত - ঠাকুৰীয়া ডাক্তৰৰ নাম শুনিয়েই তেওঁলোকৰ মুখ উজ্জল হৈ উঠিল
“ঠাকুৰীয়া ডাক্তৰৰ পত্নী ?
তেওঁলোকে সেই ঘটনাতো উনুকিয়ালে ৷ বিয়াৰ ঘৰৰ সকলোকে চিনাকি কৰাই সেই ঘটনাৰ ৰোমন্থন কৰিলে -কেনেকৈ তেও নিজৰ সদ্যোজাত সন্তান এৰি তেওৰ ঘৰৰ মুমূৰ্ষ ৰোগীৰ জীৱন বচাইছিল , তাৰ বাবে তেওঁলোক কৃতজ্ঞতা বাৰে-বাৰে জনালে৷ নিষ্ঠাবান চিকিৎসকজন কম বয়সতে সৰু লৰা তিনিটাক এৰি মৃত্যু হোৱা বাবে দুখ প্ৰকাশ কৰিলে , আলঙে-আলঙে তেওঁলোকে খবৰ ৰাখিছিল যে লৰাকেইজনে কালক্ৰমত নিজৰ ভৰিৰ ওপৰত থিয় দিয়া খবৰতো তেওঁলোকৰ জ্ঞাত যদিও সকলো খবৰ ভালকৈ নাপায়৷ নোপোৱাৰো কথা, দুকুৰি পাচ বছৰ কম সময় নহয় ৷
সেইদিনা জন্ম হোৱা লৰাজনে কি কৰে এতিয়া ? আগ্ৰহেৰে সুধিলে
: সি (ৰাইজৰ বিপুল দাবী মানি ) চিকিৎসকেই হল , এতিয়া পাটনাত কাম কৰে
সেই নৱজাতকজন কোন আছিল ধৰিব পাৰিছেই ছাগে ?
দুইদিনমান আগতহে এই বিশেষ বিবৰণ গম পাই নৱজাতক জন গৌৰাবন্নিতও হল জনালে, আনন্দও লাভ কৰিলে