নবৈৰ দশকত প্ৰথমবাৰ নাট্যকাৰ গিৰিশ কাৰ্নাডৰ লগত প্ৰথম পৰিচয় হৈছিল যযাতি পঢ়ি৷ তাৰ কিছুদিন পিছতে পঢ়িছিলোঁ টোগলক৷ গুৱাহাটী জীলা পুথিভঁৰালৰ সংগ্ৰহৰ পৰা৷ ইতিহাস আৰু কল্পনা মিলাই ডাঙৰ পৰিসৰৰ নাটকৰ কল্পনা কৰাৰ বাট মুকলি কৰি দিছিল টোগলকে৷ গিৰিশ কাৰ্নাডৰ প্ৰতি শ্ৰদ্ধা বাঢ়িছিল বহু কাৰণত – নাটক লিখা কিন্তু বিখ্যাত আন বহু কাৰণে৷ গণিতৰ ছাত্ৰ কিন্তু জ্ঞান আৰু কৰ্মক্ষেত্ৰ আন বহু ক্ষেত্ৰত বিস্তাৰিত তাৰ লগতে তেও ইংৰাজীত বা হিন্দীত নিলিখে -কিন্তু তেও লিখা নাটক অকল ভাৰততে নহয় বিশ্বৰ বহুতো থাইত মঞ্চস্থ হয়৷ অসম আন্দোলনৰ পিছৰ ‘অসমীয়া জাতীয়তাবাদ(প্ৰগতিশীল) পৰিবেশত ডাঙৰ হোৱা বাবে সেই সময়ত ভাবিছিলোঁ এনে কথা অসমীয়া ভাষাৰ নাটকৰ বাবে কিয় হব নোৱাৰে৷ তেনে এটি সপোনেৰেই গিৰিশ কাৰ্নাডৰ কাম (নাট্য কৰ্ম, এক্টিভিজম, চিত্ৰনাট্য ) আজীৱন অনুসৰণ কৰি আছিলোঁ৷
তাৰ দহ বছৰ মনা পিছত যেতিয়া NSD repertory company এ এবাৰ গুৱাহাটীত নাটকখন মঞ্চস্থ কৰিছিল ,তাক চালো (তাৰ পিছত মন থাকিলেও নাটক চোৱাৰ সুবিধাই হোৱা নাই), তেতিয়া মানুহৰ মুখত নাটকৰ political subtext ৰ কথা আলোচনা হৈছিল , মই কিন্তু ইতিহাস, কাহিনী আৰু কল্পনা আৰু মঞ্চৰ কাৰিকৰি দিশ মন কৰিলো৷
মানুহজনৰ অনুসৰণ চলি থাকিল, বয়স হৈছিল যদিও শেষ সময়ৰ সাক্ষাৎকাৰ আদিৰ পৰা মনৰ ভিতৰৰ মানুহজন আধুনিক হৈয়েই থাকিল৷
মানুহজন এদিন নোহোৱা হল -আৰু এদিন বাটত পালো তেওঁৰ আত্মজীৱনী
২০২১ চনত -This life at play –
মনলৈ আহিল সেই যুগ সেই মানুহ নোহোৱাই হল নে মই নিজে হেৰাই গলো এই সহস্ৰাব্দৰ কোলাহলত?
নাটক চাবলৈ সময় নাই , কিতাপ পঢ়িবলৈ সময় নাই , চাকৰিৰ কামবোৰ শেষ কৰিবলৈ সময় নাই ---লাহে লাহে ভাবিবলৈ ,গোন্ধ ল’বলৈ একো কামলৈয়ে সময় নাই, কি হৈছে বাৰূ??, ভাবি আছিলোঁ আকৌ এবাৰ গিৰিশ কাৰ্নাড পঢ়িব লাগিব৷
জানুৱাৰী মাহত বেনাৰসীৰ আচ্চী ঘাটত ঘুৰি আছিলোঁ, এখন কিতাপৰ দোকান দেখি সোমালোঁ-কিতাপ ছাবলৈ , বিচমিল্লা খানৰ চেহনাই বাজি আছিল , ইংৰাজী , হিন্দী ভাষাৰ বহু ভাল ভাল কিতাপৰ দম৷ বাহিৰত পোহাৰী , ভাঙুৰী , পৰ্যটক , আৰ্টিষ্ট আৰু কত ধৰণৰ মানুহ৷
মোক আচৰিত কৰি তাত অকৃতিম পঢ়ুৱৈও বহি আছিল ৷ এজনে মাটিত লেপেটকাৰি পঢ়ি আঁচে, দুজন ডেকা লৰাই দোকানীৰ লগত কোনোবা ইংৰাজ পণ্ডিতৰ আহিবলগীয়া (forthcoming) কিতাপ এখনৰ পাণ্ডুলিপি লৈ কিবা আলোচনা কৰি আঁচে ৷
দিন-কাল দেখি ভাব হৈছিল অকৃতিম পঢ়ুৱৈৰ শ্ৰণীতো নি:শেষ হোৱা বুলিয়েই ভাবিছিলোঁ৷ কিন্তু নহয় , আৰু আচৰিত ভাবে হাতলৈ আহিল টোগলক ৷
আকৌ এবাৰ পঢ়িলোঁ৷৷৷৷ এইবাৰ subtext বিচাৰি গলো , এওঁ টোগলক , নে তেও টোগলক ? কোন টোগলক ???
কিন্তু যিমানেই ভিতৰলৈ গলো সিমানেই শংকিত হলো , ভয় লাগিল আৰু শেষত উপলব্ধি কৰিলোঁ – মইহে সেই টোগলক ৷
No comments:
Post a Comment