মুদ্ৰা আৱিষ্কাৰৰ আগত বিনিময় ব্যৱস্থা আছিল—অর্থাৎ, একে সামগ্ৰী বিনিময় কৰা৷ ধনৰ মান সংৰক্ষণ বা তুলনা কৰাৰ সুবিধা নাছিল।
এই সমস্যাৰ সমাধান হিচাপে, প্ৰায় খ্ৰীঃ পূঃ সপ্তম শতিকাত, লিদিয়া নামৰ প্ৰাচীন ৰাজ্য (আজিৰ তুৰ্কীত অৱস্থিত) বিশ্বৰ প্ৰথম মুদ্ৰাপ্ৰচলন হোৱা বুলি ধাৰ্য্য কৰা হয়। সেই মুদ্ৰাসমূহ স্বাভাৱিক সোণ-ৰুপৰ মিশ্ৰ ধাতুৰে নিৰ্মিত কৰি ৰজাই তাৰ মান নিশ্চিত কৰিছিল।
এই ধাৰণাটো তেতিয়াৰ গ্ৰীচ সভ্যতাই গ্ৰহণ কৰি প্ৰধানকৈ ৰুপ আৰু কাঁহ ব্যৱহাৰকৰি নিজৰ মুদ্ৰা প্ৰচলন কৰে। লাহে লাহে এই নতুন প্ৰথাক সদাগৰ সকলে ব্যবহাৰ কৰিবলৈ লয় ৷ পাৰস্যৰ সম্ৰাট দাৰিয়াছ প্রথমে সোণৰ ডাৰিক আৰু ৰূপাৰ সিগ্লোই নামৰ মুদ্ৰা প্ৰচলন কৰিছিল। এই মুদ্ৰাসমূহ পশ্চিম আৰু মধ্য এচিয়াৰ বহু অঞ্চলত প্ৰচলিত হৈছিল, য’ত ভাৰতৰ মহাজনপদত ভুমুকি ধৰিব খুজিছিল এই নতুন প্ৰথাই ৷
আলেকজাণ্ডাৰে ভাৰত আক্রমণ কৰাৰ (খ্ৰীঃ পূঃ ৩২৬) বহু আগতেই ভাৰতীয় ব্যৱসায়ীয়ে পশ্চিম এচিয়া আৰু পারস্যৰ সৈতে বাণিজ্যিক যোগাযোগ কৰিছিল। এই ব্যৱসায়িক যোগাযোগৰ জৰিয়তে বিদেশী মুদ্ৰাৰ ধাৰণাই ভাৰতলৈ আহিছিল। তাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰ মাজতো ধাতুৰ টুকুৰা ব্যৱহাৰ কৰি মুল্য প্ৰতিনিধিত্ব কৰাৰ ধাৰণা বিস্তৃত হ’ব ধৰিলে৷
প্ৰায় খ্ৰীঃ পূঃ ষষ্ঠ শতিকাত, উত্তৰ আৰু পূৱ ভাৰতত থকা মহাজনপদত নিজৰ মুদ্ৰা প্ৰচলন আৰম্ভ কৰে। এই মুদ্ৰাসমূহ প্ৰথমে ৰূপৰ (য’ত সূৰ্য, জন্তু, গছ আদি বিভিন্ন প্ৰতীকেৰে)। এই মুদ্ৰাসমূহ বিদেশী মুদ্ৰাৰ অনুকৰণ নহয়, বরঞ্চ ভাৰতীয় সমাজ আৰু অৰ্থনীতি অনুসৰি নিজস্ব উন্নয়ন আছিল।
সেই সময়ত মহাজনপদত মগধ (ৰজা বিম্বিসাৰ-আজাতশত্ৰু, ৰাজধানী ৰাজগৃহ ), কৌশল (ৰজা-প্ৰসেনজিত), বৈশালী (ৰজা- লিচ্চবীৰাজ), কপিলাবস্তু (ৰজা- শুদ্ধোধন) আদিয়ে ৰাজ কৰিছিল ,
মহাজনপদত পৰিবৰ্তনৰ ধুমুহাৰ বাবে ডেকা বুঢ়া বহুতে সংসাৰ এৰি শ্ৰৱণ হৈ ঘুৰি ফুৰিছিল নিৰন্তৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি
এই শ্ৰৱণবোৰৰ মাজতেই শুদ্ধোধন ৰজাৰ পুতেক সিদ্ধাৰ্থয়ো অনাই বনাই ঘুৰি ফুৰিছিল
এই পৰিবৰ্তনৰ সময়তে লিখা হৈছে ধাৰাবাহিক উপন্যাস -মাৰীচ --- মাহেকীয়া প্ৰকাশত
কলিমতাৰ যাদুঘৰৰ ছবি তলত দিয়া হৈছে
No comments:
Post a Comment