Friday, 2 October 2026

সোঁৱৰণী কুঁৱলীয়ে:ঠিকনা

২০২৬

১৯৮৩ (ছবি:১৯৮৭)



১৯৮৩ চনৰ অসম আৰ্হিৰ ঘৰটোৰ ছবিখন আমাৰ ঘৰত কেইদিনমান ভাড়াত থকা কলিকতাৰ এজন ভদ্ৰলোকে যোৱাৰ সময়ত আমাৰ হাতত গতাই গৈছিল, ১৯৮৭ মানত।

শৈশৱ তাতেই পাৰ হ'ল।ঘৰৰ সন্মুখৰ চোতালৰ পৰা দেখা পোৱা যায় মেঘালয়ৰ পাহাৰশ্ৰেণী, পিছফালৰ চোতালৰ পৰা নৰকাসুৰ পাহাৰ, দূৰৰ টিভি টাৱাৰ। পিছফালৰ চোতালখন সৰু-সুৰা এখন ক্ৰিকেট গ্ৰাউণ্ডো হৈ পৰিছিল। ফটা কাপোৰেৰে চিলাই বল বনাই খেলিছিলোঁ। বাটটোৰ নাম দেৱদাৰু পথ, কাৰণ বাটটোৰ দুয়োকাষে লাহে লাহে দেৱদাৰু গছ।

১৯৮৩ নে ৮৪ চনত প্ৰথমবাৰ গণেশগুৰীৰ পৰা আহি থাকোঁতে নাপাওঁ নাপাওঁ লাগিছিল। বহুদেৰি অহাৰ পিছত গণেশ মন্দিৰ, তাতে দুখনমান দোকান (পঞ্চজন্য হোটেল), তাৰ পিছত আৰু বহুদেৰি বাট। তাৰ পিছত দেৱদাৰু পথৰ মুখত দুখনমান দোকান, সেই বাটেৰেই ঘৰ। তাৰ পিছত এম এল এ হোষ্টেলৰ বাবে ন’ এণ্ট্ৰি। বাটটোত পুলিচ বহি থাকে। সেই বাটেৰেই খোজ কাঢ়ি আমি কেইজনমান মহাপুৰুষ লাষ্ট গে’টৰ ৰাজধানী প্ৰাক-প্ৰাথমিক বিদ্যালয়লৈ পঢ়িবলৈ গৈছিলোঁ (এতিয়া অধুনালুপ্ত)। আহোঁতে ঘোঁৰা গাড়ী পালে জপিয়াই উঠোঁ, নহ’লে ৱালৰ সিপিনে থকা এম এল এৰ ঘৰত থকা বগৰিত চেণ্ডেল মাৰি খাই আহোঁ। কেতিয়াবা কেতিয়াবা ন’ এণ্ট্ৰিৰ সন্মুখত থকা চি আৰ পি এফৰ কেইজনমানে ৰখাই কিবা হাঁহি-ৰগৰো কৰিছিল।

আশে-পাশে থকা বেছিভাগ সুউচ্চ অট্টালিকাৰ ভূমিত আমি হয় ক্ৰিকেট খেলিছিলোঁ, নহয় মল্লযুদ্ধ, আইচ-পাইচ, চোৰ-পুলিচ আদি খেলিছিলোঁ।

তাৰ পিছত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। দোকান-পোহাৰ অলপ বাঢ়িল। গণেশগুৰি আৰু গণেশ উদ্যানত বিহুত ভূপেন হাজৰিকা, খগেন মহন্তৰ পৰা জুবিন, জিতুললৈ সকলো। 

কিন্তু সমস্যা অলপ বাঢ়িছিল। সেই অঞ্চলৰ বেছিভাগ বয়োজ্যেষ্ঠ আৰু দোকানৰ মানুহেই আমাক নামে-ঘৰে জানিছিল। আৰু ইমানেই ভাল পাইছিল যে প্ৰায়ে ঘৰত, বাটত আমি কৰা নিষ্পাপ (!) ৰং-ধেমালিবোৰৰ সাক্ষী হোৱা মানুহবোৰে আখো দেখা হাল আহি  ঘৰত লগোৱা বাবে আমাৰ ওপৰত প]ৰায়ে  বা ১৪৪ ধাৰা মাজে মাজে লগোৱা হৈছিল। (Back to 80 and 90s)আনকি সেই সময়ত কেতিয়াবা কেতিয়াবা ব্লেক কেট আৰু নানা ধৰণৰ পুলিচেও বাটটোত নিষ্পাপভাৱে বহি থকা বাবে তেওঁলোকৰ হাতত থকা লাঠিৰে মাজে মাজে মাৰিবলৈ ধৰিলে।

(দূৰ)ভাগ্যক্ৰমে কটন আৰু মেডিকেলত ছিট পালোঁ। বাৰু, তেতিয়ালৈ ঘৰৰ পৰা গণেশগুৰিলৈ খোজ কাঢ়ি যাব পৰা বিধৰ আছিল।

 তেনেতে গণেশগুৰি ফ্লাই অভাৰ বনাবলৈ ধৰিলে। যান-জঁট আৰম্ভ হ'ল, যি হ'লেই! ২০০৩ চনত ডিব্ৰুগড় অভিমুখে গ'লোঁ।

তাৰ পিছত ইতিহাস।

ঘৰটোৱে আজি পুৰণি ইতিহাস বহন কৰি আছে যদিও যুগধৰ্মৰ লগতে survival ৰ বাবে নতুন ৰূপ ল'লে। এতিয়া সন্মুখত মেঘালয়ৰ পাহাৰ বা নৰকাসুৰ পাহাৰ দেখা নাপাওঁ। ছাদৰ ওপৰত উঠিলে কংক্ৰিট আৰু তাৰৰ মাজেৰে অৱশ্যে নৰকাসুৰ পাহাৰখন দেখা পাওঁ। কিন্তু তেতিয়া নৰকাসুৰ পাহাৰত গছ আছিল, মাজে মাজে শিয়াল আৰু ঘোং দেখা পোৱা গৈছিল। আৰু আজি...


 

No comments:

Post a Comment