প্ৰথম দৃষ্টিত পুৰাতাত্বিক ধ্বংসস্তূপ সমূহ নিৰ্জিত শিল ৰ অৱশিষ্ট ৰ বাহিৰে একো নহয়৷
কিন্তু তেনে বহু শিখণ্ডতেই লুকাই থাকে ইতিহাসৰ নিৰৱ স্মৃতিচিহ্ন। সময়ৰ লগত সেই স্মৃতি
ধূসৰিত হৈ পৰে কাহিনী হেৰাই যাই চিৰদিনৰ বাবে ৷ কিন্তু এতিয়াৰ সময়তো কিছু মানুহক অতীতে
আকৰ্ষিত কৰে -তেওঁলোকৰ সহায় হিচাপে তাৰে কিছুমান শিলাখণ্ডই লোককথা আৰু জন বিশ্বাসৰ
মিলত হৈ মিথকৰ সৃষ্টি হয়। তেনে কোনো আগন্তুকে যেতিয়া তেনে কোনো শিলা খণ্ডৰ ইতিহাস
বিচাৰ কৰে তেতিয়া ধ্বংসাৱশেষবোৰ ইতিহাস আৰু লোককথাৰ সূতাৰ পৰা সৃষ্টি হোৱা
কল্পনাৰ টুকুৰাই এক নতুন কাহিনী হৈ পৰে। স্থানীয় গাইড সকল—আজি সামাজিক মাধ্যমত—
সত্য আৰু কল্পনা মিশ্ৰিত হৈ সম্পূৰ্ণ নতুন কাহিনী গঢ় লয় ৷
তেনে এক পুৰাতাত্বিক ধ্বংসস্তূপ -বিহাৰৰ ৰাজগীৰ (ইতিহাসৰ দৃষ্টিত ৰাজগৃহ)নগৰত
পৰিলক্ষিত কৰিছিলোঁ আজিৰ পৰা চাৰি বছৰ আগতে , -স্থানীয়ৰ বহুতেই সেয়া কি নাজানে ,
ইন্টাৰনেট ই আজাশত্ৰুৰ প্ৰসাদ বুলি চিহ্নিত ৷
আজাতশত্ৰু বুদ্ধৰ যুগত স্বেচ্ছাচাৰী আৰু নিৰ্যাতনৰ ভাৱমূৰ্তিৰ মগধ সম্ৰাট ৷ পিতৃ
বিম্বিসাৰক হত্যা কৰি সিংহাসনত উঠিছিল- খৃপু:৪৯০ মানত। বুদ্ধৰ সময়ৰ তেনে বহু জনশ্ৰুতিৰ পঢ়ি
আছিলোঁ , ভাবি আছিলোঁ আৰু তেতিয়াই অজাতশত্ৰুৰ নামৰ ধ্বংসস্তূপ তোৰ মুখামুখি হৈ শিহৰিত
হৈ পৰিছিলোঁ৷
আজিৰ দিনত, সি এক শিলা খণ্ড মাথো ৷ সেই মানবীয় অনুভবেৰে মই এটি অতি চুটি গল্প লিখিব
যত্ন কৰোঁতে গল্পটোৰ ভিতৰত তাত সোমাই পৰিল বিম্বিসাৰ , আজাতশত্ৰু, ৰাজগৃহ আৰু বহু
ভূখণ্ড (বানাৰস , কৌশল , বৈশালী) যাৰ এনে বহু শিলা খণ্ডৰ আঁৰৰ কাহিনীত মই কৰ্মস্থান আৰু
ইতিহাস আৰু যা্যাবৰি অভ্যাসৰ বাবে সোমাই পৰিছিলোঁ ৷ তাৰ বাবে সেই চুটি গল্পই -উপন্যাসিকা
আৰু যোৱা এটা বছৰত এক ধাৰাবাহিক পূৰ্ণ উপন্যাস হৈ পৰিছে৷
মাৰীচ - যি অসমীয়া মাহেকীয়া প্ৰকাশত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছে৷ দুদিন আগতে
ৰাজগীৰৰ (তেতিয়াৰ ৰাজগৃহ) অজাতশত্ৰুত প্ৰসাদৰ ধ্বংসাৱশেষৰ আগত থিয় হৈ আকৌ সেই
শিলবোৰলৈ চাইছিলোঁ, য’ত মাৰীচৰ বহু বাবে প্ৰেৰণা সঞ্চিত হৈ আছিল৷
No comments:
Post a Comment