Thursday, 27 January 2022

সূৰ্য্য চিকাৰ



 



আজি কিছুদিন ধৰি এখন নাটকৰ সম্ৰাট এজনৰ কথা খুব মনত পৰি আছে , অভিনেতা নাট্যকাৰ উৎপল দত্তই লিখা নাটক এখনৰ৷ মোৰ মনত আছে সম্ৰাটৰ দেশত এজন শিক্ষকে শিকাই ফুৰিছিল যে পৃথিৱী চেপেটা, পৃথিবী সূৰ্য্যৰ চাৰিওফালে ঘুৰে , ৰজাই শিক্ষকজন মাতি পঠিয়ালে , কথা পাতি ৰজাই ধৰিবও পাৰিলে যে শিক্ষকজনে সচাঁ কথা কৈছে৷ কিন্তু সত্য প্ৰচাৰ হলে প্ৰচলিত বহু ব্যৱস্থা ইফাল সিফাল হৈ পৰিব , গতিকে ৰজাই প্ৰজাৰ সমুখত প্ৰমাণ কৰি দিলে যে শিক্ষকজনে মিছা কথা প্ৰচাৰ কৰি আছিল৷ কেনেকৈ কি একো মনত নাই৷ ২০০৭ চনত নতুন দিল্লীৰ NSD প্ৰাঙ্গণত নাটক চাব যাওঁতে সমুখৰ ষ্টলত কিনিছিলোঁ  Modern Indian Plays -Volume 3 (KN Kaushal)৷ হাবিব তনভিৰ , ৰতন থ্যাম ,অৰুণ শৰ্মা আদিৰ ভালেখিনি ভাল নাটক আছিল , পঢ়ি ভালো লাগিছিল ৷ তাৰ পিছত আজি পোন্ধৰ বছৰ পিছত ভিতৰৰ কথাবোৰ বৰ এটা মনত নাই ৷

কিন্তু সেই বুদ্ধিমান সম্ৰাটজনৰ কথা ইমানেই মনত পৰিব  ধৰিলে যে কিতাপখন আকৌ মেলি ল’লো ৷ যদিও এই পোন্ধৰ বছৰ উত্তৰ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি ফুৰিছো কিতাপখন একো ক্ষতি নোহোৱাকৈ লগতে আছিল ৷ 

 

নাটকৰ নাম সূৰ্য্য চিকাৰ (#Hunting the Sun ),    উৎপল দত্তই লিখা৷ 

 

( মেলিনিয়েল বহুতে তেওঁক কমেডি হিন্দী চিনেমাৰ অভিনেতা হিচাপে জানিলেও  এই কথা কৈ থওঁ যে তেও এজন শেক্সপিয়াৰৰ নাটকৰ পণ্ডিত,  মৌলিক নাট্যকাৰ ,নাট্য কৰ্মী আৰু বহু কিবা -কিবি আছিল)

   

সম্ৰাট জন আছিল সমুদ্ৰ গুপ্ত আৰু পটভূমি অযোধ্যা , এজন বুদ্ধ ভিক্ষু তথা শিক্ষক কালহানে প্ৰচাৰ কৰি ফুৰিছিল যে পৃথিবী ঘুৰনীয়া, তেওঁৰ জনপ্ৰিয়তাই সাম্ৰাজ্যৰ মুধাফুটা সকলক বিবুদ্ধিত পেলাইছিল৷ এই কথা সত্য বুলি প্ৰমাণিত হলে ধৰ্মীয় সংস্থা সমূহ, ভৃত্য আৰু মালিকৰ দুৰন্ত আৰু দেশৰ ওপৰত তেওঁলোকৰ অধিকাৰ সকলো বিধ্বস্ত হৈ পৰিব ৷ সেইবাবে ৰজাৰ কৰ্মচাৰী সকল আনহাতে ৰজা সমুদ্ৰ গুপ্ত বুদ্ধ ভিক্ষু সকলক কৰা দান দক্ষিণাৰ বাবে বিখ্যাত ৷ আন এটা সমস্যা হল দাস সকলক লৈ ৷ দেশখন চলে এক বুজন সংখ্যক শ্ৰমৰত দাসৰ ভৰষাত ৷ কিন্তু বহু দাস এই ভিক্ষু কালহানৰ নাস্তিক বিচাৰৰ দ্বাৰা আকৃষ্ট হৈছে যাক বাঢ়িবলৈ দিলে নিশ্চয় এক গণ বিদ্ৰোহ হব ৷ আনহাতে ৰাজকৰ্মচাৰী সকল ৰজাক লৈও সন্দিহান -ৰজাই দাস সকলৰ দুখ দুৰ্গতি লৈ কবিতা লেখে , আনকি ভিক্ষু কালাহানৰ ব্যভিচাৰী শিক্ষাও সচাঁ বুলি ভবাতো ডাঙৰ কথা নহয়৷ তেনে স্থলত যি কোনো পৰিস্থিতিত তেওঁলোকৰ পানীত হাঁহ নচৰা হোৱা অৱস্থা৷ 

 

তেনে এক সময়তে ৰাজাই ভিক্ষু কালাহানক মাতি পঠিয়ালে , ভিক্ষুয়ে তৰ্কৰে প্ৰমাণ কৰিলে যে পৃথিৱী ঘুৰনীয়া ,কিন্তু ৰাজকীয় কৰ্মচাৰী সকলে তাক মানি নল’লে ,আৰু ৰজাক ভিক্ষুক প্ৰাণ দণ্ডৰে দণ্ডিত কৰিবলৈ অনুৰোধ কৰে , কিন্তু ৰজাই দুদিন মান সময়হে খোজে 

তাৰ পিছত ভিক্ষুৰ আশ্ৰমৰ আতাইতকৈ জনপ্ৰিয় ছাত্ৰী ইন্দ্ৰানীক গ্ৰেপ্তাৰ কৰি এই হেঁচা প্ৰয়োগ কৰা হয় যে ইন্দ্ৰানীয়ে বিচাৰত এই বুলি কয় যে পৃথিবীখন ঘুৰনীয়া আৰু ভিক্ষু কালহান এজন ধৰ্ষণকাৰি ৷ ইন্দ্ৰানীয়ে মানি নোলোৱাত ভিক্ষু কালাহনক এই খবৰ পঠিওৱা হয় যে তেও মানি লয় যে পৃথিবীখন ঘুৰনীয়া , নহ’লে ইন্দ্ৰানীক হাতীৰে মহতিয়াই হত্যা কৰিব নিৰ্দেশ দিয়া হব ৷ ভিক্ষুজন ব্যথিত হল কিন্তু মানি নল’লে ৷ ফলত তেওঁকো বন্দী বনোৱা হল আৰু ৰজাৰ সেনানীয়ে তেওঁৰ সকলো গ্ৰন্থ জুইত পুৰি সাং কৰে৷ 

ভিক্ষু কালহান ইন্দ্ৰানী আদি জনপ্ৰিয় বৈজ্ঞানিক আৰু শিক্ষক  বন্দী হোৱা কথাই উমি উমি জলি থকা দাস সকলৰ বিদ্ৰোহত অগ্নি প্ৰদান কৰে , কিছু সংখ্যক উচ্চ স্তৰৰ মানুহকো কালাহানৰ ব্যভিচাৰী শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত কৰা যেন সন্দেহ হল৷

 

তেনেতে ৰজা ঘৰে এগৰাকী অভিসাৰিকাক সৈমান কৰালে যে তেও ৰাজহুৱা ভাৱে স্বীকাৰ কৰিব যে ভিক্ষু কালহান এজন ব্যভিচাৰী ব্যক্তি ,কিন্তু তেনেতে দাসসকলৰ কোনো এক চোৰাংচোৱাই হত্যা কৰে ৷ 

ইন্দ্ৰানীক হত্যা কৰা হয় হাতীৰে গছকাই৷ আৰু তেনে এক সময়তে ভিক্ষু কালহানৰ ৰাজহুৱা বিচাৰ ৰখা হয় ৷ হাজাৰ হাজাৰ মানুহ গোট খাই আৰু তাকে দেখি ৰাজকৰ্মচাৰী সকল ভয়ত পেপুৱা লাগে ৷

 

ৰজা সমুদ্ৰ গুপ্ত কিন্তু সমুদ্ৰৰ দৰেই শান্ত আৰু বেপৰোৱা৷

 

     

ৰজাই প্ৰজাৰ আগত ভিক্ষু কালহানক প্ৰস্তুত কৰি কয় যে -কালহান মৌন ব্ৰত ধাৰণ কৰিছে যদিও তেও এখন শপত নামা লিখি ৰাইজক জনাইছে যে তেওঁৰ শিক্ষা ভুল আছিল , আচলতে পৃথিৱীখন চেপেটা আৰু ব্ৰহ্মাণ্ডৰ মাজত পৃথিবীখন আছে , তেওঁৰ ভুল শিকনিৰ বাবে তেও অনুতপ্ত৷

 

ৰজাই ভিক্ষু কালহানক কথা ক’ৱলৈ অনুৰোধ জনায় –

ভিক্ষু কালহানে ক্ষোভেৰে চিঞৰিব খোজে যদিও কোনো মাত নোলায় 

 

খুব সম্ভৱ তেওঁৰ জিভা কাঢ়ি লোৱা হৈছিল , নহ’লে কোনো বিষ পান কৰোৱা হৈছিল ৷

 

ৰাজ দুন্দুভি বাজিব ধৰে ৷

 

ৰাজাই ভিক্ষু কালহানক ভগৱানৰ অৱতাৰ বুলি ঘোষিত কৰি তেওঁৰ চৰণ স্পৰ্শ কৰে৷

 

 

আকৌ পঢ়িলোঁ এবাৰ নাটক খন , আকৌ ভাবিলোঁ কথাবোৰ ৷ বিশ্বাস এটি- তাক লৈ ভিন্ন জনৰ ভিন্ন স্থিতি ,তৰপ ভেদে সকলো বিভাজিত , কিন্তু সম্ৰাটৰ বিশ্বাস আৰু কৰ্মৰাজিৰ মাষ্টাৰ ষ্ট্ৰোক সাধাৰণ মানুহতকৈ বহু গুণে ওপৰত ৷

Friday, 17 December 2021

নিকলাচ ৰ ‘ৰিকৰ আৰু সিংহদ্বাৰ


 

নিকলাচ ৰ ‘ৰিকৰ (১৮৭৪-১৯৪৭) , জন্মসূত্ৰে ৰাছিয়াৰ যদিও জীৱনৰ সুদীৰ্ঘ চাৰিটা দশক তেও ভাৰতৰ কুলু ঘৰ কৰি লৈছিল৷ কুলুৰ নগ্গৰ চহৰৰ মানুহৰ বাবে তেও এতিয়াও মহৰ্ষি৷ সমগ্ৰ বিশ্বতে থকা অনুগামী সকলৰ মাজত তেও হিমালয়ৰ হাজাৰ বিজাৰ ছবি, তাৰ আগৰ সমগ্ৰ বিশ্বতে বিয়পি থকা ছবি ,গ্ৰন্থ, দৰ্শন আৰু বিখ্যাত পৰিয়ালৰ সদস্য চকলৰ বাবে জনা যাত (অন্তৰীক্ষৰ এটি তৰা এই বিখ্যাত পৰিয়ালৰ নামত উৎসৰ্গীত , তেওঁৰ পুত্ৰ  Svetoslav ৰ পদ্ম বটা বিজয়ী আৰু এটা বলিউড সম্পৰ্কও আছে )

 

মোৰ দ্বিতীয় গ্ৰন্থ -সিংহদ্বাৰ (ৰচনাকাল ২০০০- ২০১৩/১৪) নিকলাচ ৰ ‘ৰিকৰ জীৱন দৰ্শন আৰু ১৯২৩ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত প্ৰথম প্ৰদৰ্শন কৰা ছবিৰ শৃঙ্খল : চাংক্টাৰ প্ৰভাৱ আছে৷ সিংহদ্বাৰে ২০১৬ মুনিন বৰকটকী সাহিত্য বটা পোৱাৰ পিছত প্ৰায় এবছৰৰ ভিতৰতে গ্ৰন্থখন পাবলৈ নোহোৱা হল৷ আজি সুদীৰ্ঘ ৬ বছৰ পিছত পূৰ্বায়ণ প্ৰকাশনে কিতাপখনৰ ২য় প্ৰকাশ কৰি উলিয়াইছে ৷ সেই উপলক্ষে ৰৰিকৰ ৰ চাঙ্কটা শৃঙ্খল আৰু সিংহদ্বাৰৰ মাজৰ সম্পৰ্ক ৰূপে এই ভিডিও৷

Wednesday, 18 August 2021

COVID আৰু হেৰুৱা সকল


Photo credit :Rohit Jawalkar @ unspalsh


অতি কম সময়ৰ ভিতৰতে আমি হেৰুৱাইছো অসমীয়া সমাজ জীৱন সাহিত্য ক্ষেত্ৰত বহুবছৰৰ পৰা আৰিহনা যোগাই যোৱা বহুজনক৷ লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰক সমাজৰেই বাটকতিয়া আছিল৷ সমাজ জীৱনত এই শুন্যতা আনুবৱ হৈ ৰব ৷ব্যক্তিগত ভাবে দুই এবাৰ লগ পাওতে তেওলোকে যোগোৱা উৎসাহ অনুপ্ৰেৰণাও মনত ৰব৷
আৰু বহুজনক হেৰুৱাইছো যোৱাকেইদিন মানৰ ভিতৰত৷ মোৰ ঘনিষ্ঠ পৰিষৰৰ ভিতৰতেই আয়ুশমান দত্ত ,সমবয়সীয়া অনুজীৱবিজ্ঞানী উৎপলা দেৱী (নন-কোভিড কিন্তু আপ্ৰত্যাশিত), আমাৰ গুাৱাহাটীৰ চুবুৰীৰ দৈনন্দিন জীৱনৰ ফতিক কলিতা খুড়া , লচকৰ খুড়ী, আনকি সমবয়সীয়া আনকি বহু কনিস্ত অনুজৰো যোৱা কেইদিনতেই আভাবনীয়ভাবে হেৰুৱাই পেলাইছো৷ আতাইবোৰে এক বুজাব নোৱাৰা শুন্যতা আনি দিছে৷ যুব সাংবাদিক আয়ুশমানক তেওৰ কিশোৰ অৱস্থাৰ পৰাই জানো৷ যেতিয়া চেন্টিনেলত কাম কৰিছিল উদ্যম আৰু সৃজনিশিলতাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিছিল৷ তাৰ পচিটিভ ,সংকতজনক আৰু হেৰুৱাৰ তিনিওতা খবৰ আতি ক্ষিপ্ৰভাবে আহিল৷
আৰু ব্যক্তিগত ভাৰতীয় প্ৰেক্ষাপতত ?
ডা টি এন ঢোল চাৰ , ভাৰতৰ আগশাৰীৰ ভাইৰলোজিষ্ট (মাইক্ৰবায়লজীৰ) , ভালেকেইবাৰমান পেচাগত কামত লগ পাওতে তেওৰ উৎসাহ আৰু উৎসাহী ৰুপ মনত পৰে (লক্ষ্মীনন্দন বৰা চাৰ , হোমেন বৰগোহাঞি চাৰৰ লেখীয়া)৷ বহু ভাইৰাচৰ লেবৰ ভিতৰত ধৰা পেলোৱাৰ কৌশলবোৰ তেৱেই প্ৰথম ভাৰতত প্ৰতিস্থা কৰিছিল৷ SARS-Cov2 নামৰ এটা ভাইৰাচ আহিল , আৰু তেও প্ৰথম কেইমাহতেই তাৰ কবলত পৰি আৰু ঘুৰি নাহিল৷
দুদিন মান আগলৈকে আমাৰ আনুস্থানত কাম কৰা সহকৰ্মীৰ (চিকিৎসাকৰ্মী) অৰ্ধেক কভিড-১৯ত সংক্ৰমিত আছিল,লাহে লাহে ঘুৰি আহিবলৈ ধৰিছে৷ তাৰে এজন কনিস্ত চিকিৎসক (ঘৰৰ একমাত্ৰ সন্তান ,বাপেক নাই) , প্ৰথম বৰ্ষৰ স্নাতোকত্তৰ হিচাপে নাম ভৰ্তি কৰিছিল এটা চুপাৰস্পেচিয়েলিতি বিভাগত৷ অতিমাৰি আৰম্ভ হোৱাত যোৱা এবছৰে অকল কোভিড সেৱাই কৰিলে , এটাও চুটি লোৱা নাছিল, কোভিড হ’ল , আই চি ইউ লৈ গৈ আৰু ঘুৰি নাহিল৷
আৰু চুবুৰীৰ বা সহকৰ্মী সকলৰ সকলৰ ,জনা নজনা বহু মানুহৰৰ হেৰুৱা বোৰতো আছেই৷
এয়া আকল মোৰেই নহয়, এতিয়া যাৰ লগতেই কথা নাপাতো প্ৰত্যেকৰে একে ভাৱনা৷ আমি এক অব্যক্ত হেৰোৱাৰ বেদনা লৈ ঘুৰি ফুৰিছো৷

Saturday, 31 July 2021

অসমীয়া পডকাষ্ট অন্বেষণ


  


পডকাষ্ট কি তাক লৈ বন্ধুমহলত বেছিভাগেই সোধা বাবে জনাইছো যে ই এটা শ্ৰব্য মাধ্যম ৷ মানে ধৰক ব্যক্তিগত ই ৰেডিও ষ্টেশ্বন ৷ You Tube Channel বুলিয়েই ধৰক ৷ কিন্তু এয়া শ্ৰব্য মাধ্যম , শুনিবহে পাৰিব ৷ গতিকে চকু কেইতাই অলপ আৰাম পায় আৰু লগতে আপুনি কৰি থকা কামতোও (পঢ়া, গাড়ী চলোৱা, ভাত ৰন্ধা ইত্যাদি ) ব্যাঘাত নহয়৷ সেইবাবে বহুতেই তাক শুনিবলৈ, পৰিবেশন কৰিবলৈ ধৰিছে৷ গান, কথা, সাহিত্য, গল্প , ৰেচিপি , নিজৰ ধোল , সাক্ষাৎকাৰ , আলোচনা চ’ব শুনিব পাৰি ৷ You Tube ৰ লগত থকা আনতো পাৰ্থক্য হল যে একে পডকাষ্ট বহুত APP ,ৱেবচাইতত উপলব্ধ হব পাৰে যেনে ধৰক Spotify , Apllepodcast Googlepodcast, Anchor  ইত্যাদি ,যেনে ধৰক বিবিধ ভাৰতীৰ গীতমালা গুৱাহাটী, ইম্ফল , দিল্লী ৰেডিওৰ পৰা একেলগা শুনা ৷ বেছিসংখ্যক পডকাষ্ট বিনামুলীয়া৷

এটা দিন আছিল যে কেবল টিভিৰ দৰে এটা World space radio বুলি এটা ৰেডিও চাৰ্ভিচ, আৰু আমি এনে interestingমাধ্যমত আগ্ৰহী আছিলো বাবে খৰচ কৰি হলেও ভাল content ৰ বাবে তাৰ গ্ৰাহক আছিলো৷ কিন্তু -Video Killed the Radio girl … World space radio বৰ্তিব নোৱাৰিলে ৷

 

কিন্তু তাৰ প্ৰায় পাচ- দহ বছৰ মান পিছত পডকাষ্ট তেনে ৰুচিৰ মানুহৰ বাবে জনপ্ৰিয় হৈ পৰিল 

আগ্ৰহ আৰু creative খজুৱটীৰ বাবেই এটা #অন্বেষন বুলি অসমীয়া পোডকাষ্ট খুলিছো, কামৰ হেছাত সিমান সময় পোৱা নাই যদিও খজুৱাইছে যেতিয়া উপাই নাই ৷ বিষয় হিচাপে আনৰ কিছুমান interesting কাম ৷

 

অসমীয়াত পডকাষ্ট আছে যদিও ভিন্নতা কম ,সেয়ে ই খুলিছিলো #অন্বেষন 

অসমীয়া কথা , অসমৰ কথা , তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় , ভাবিবলৈ সময় নহয় , পাৰিলে নিজৰ ধোল নবজাও কাৰণ পৃথিৱীত বহূ মানুহেই বহু ভাল কাম কৰি আছে , সেইবিলাকৰ বিষয়েওতো আলোছনা হব লাগে 

আপোনাৰো যদি কিবা কৱ লগিয়া আছে মোৰ ইমেইলত যোগাযোগ কৰিব-

 

যি সকল ৰাইজ পডকাষ্ট মাধ্যমতোৰ বিষয়ে জানে তেওলোকে তলৰ লিঙকত সংযোগ কৰি #অন্বেষন  শুনিব পাৰে 

 

 

Spotify

Apllepodcast,

Googlepodcast

Anchor

 

 

 

 

 

  

Tuesday, 20 July 2021

বিবৰ্তন





                                             Book Trailer Link

এই দুৰ্দিনৰ মাজতেই বহু বছৰৰ সহযোগিতাৰ পিছত অবশেষত প্ৰকাশ পাইছে


ই কাহিনী আফ্ৰিকাৰ বাহিৰত পৃথিৱীৰ প্ৰথম হত্যাকাৰীজনৰ
কঙ্গো ৰ ভিতৰৰ অবৈধ খনিত অপহৃত শিশুজনৰ  
কেচাইখাইটীৰ জীৱন্ত বলি বা তিৰাশীৰ তামোলপুৰীয়া ভুতৰ 
চাহাৰণপুৰত বাছত পোৱা এখন কটা হাতৰ, কৰবেটৰ বলিয়া হাতীৰ 
চিলিকন ভেলেীত সপোনৰ ভিতৰত আবদ্ধ বিজ্ঞানীৰ 
ভবিষ্যতৰ বাৰ কোডত আবদ্ধ পৃথিৱীৰ জনগণৰ

এখন চুটি গল্প (২০০৯-২০১৯ ) সংকলন
বেটুপাত ৰ বাবে ( ছবি : অপুৰ্ব ৰাজবংশী Apurba Rajbongshi , ৰুপাঙ্কণ : উদ্দীপ তালুকদাৰ Uddip Talukdarp ) ওচৰত অলেখ কৃতজ্ঞতা জনাইছো, আগ্ৰহী পঢ়ুৱৈয়ে সময় সুবিধা পালে পঢ়ি পঠন অভিজ্ঞতাৰ মিঠা-তিতা বোৰ অকপতে জনালে ঋণী হৈ ৰ’ম
প্ৰকাশক: পেপিৰাজ বুকছ এণ্ড বিয়ন্ড
পাণ বজাৰ, গুৱাহাটী
মুঠ পৃষ্ঠা :২৮২

আমাজনত উপলব্দ লিংক ইয়াত সংযোগ দিয়া হৈছে : আমাজন

Sunday, 20 June 2021

পানী আৰু ভাইৰাচ



ভৰলু নদীত ক’ৰণা ! 

এই বাক্যশাৰিক মেটাফৰ হিচাপে লৈ আমি বিজ্ঞাণ ,সত্য ,ভয় ধাৰণা আদিক লৈ চলা খৱৰৰ গণ শংকাক লৈ আলোচনা কৰিব পাৰি৷ 

প্ৰথমতে মুল কযা , ভৰলু নদীত ক’ৰণা শংকাৰ বিষয় হয় নেকি? 

ভয়ৰ কাৰণ কিয় ? সেই সংক্ৰমণৰ বাহক হব? ঠিক ক’লেৰা, পলিও, তাইফইড আদিৰ দৰে৷   
হ’ব নালাগে৷ কিয় ? কাৰণ কি পদ্ধতিৰে ক’ৰণা ভাইৰাচ নদীৰ পানীত ধৰা পৰিছে , নিশ্ছয় RT-PCR. এতিয়া কথা হল RT-PCR এ ভাইৰাচ জীৱন্তে ধৰিব নোৱাৰে, তাৰ RNA তো হে ধৰিব পাৰে , জীৱিত অবস্থাত নহয়৷ ধৰা হল লাখটকিয়াত আজিৰ পৰা হাজাৰ বছৰ আগৰ ডাইনচৰৰ ফচিল এটা আবিস্কৃত হল ,তাৰ পৰা ডাইনচৰৰ DNA/RNA  RTPCR ত ধৰা পৰিল - সি বাৰু এইধৰনেৰে প্ৰকাশ কৰা হব- লাখটকীয়াত ডাইনচৰৰ আতঙ্ক?

হয় অতিমাৰিৰ আৰম্ভণিৰ পৰাই এই কথা গম পোৱা গৈছিল যে ভাইৰাচটো শৌচৰ পৰাও নিৰ্গত হয়, (RNA) ভালেমান দিনলৈ কিন্তু এতিয়ালৈ ভাইৰাচতো শৌচৰ পৰা জীবিত ভাবে কোনো -virus culture- কৰি সি খাদ্য বা পানীত আন মানুহলৈ সংক্ৰমণ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই৷ খুব সম্ভৱ তাত লিপিড এনভেলপ থকা বাবেই সি পাকস্থলীৰ নানা ধৰনৰ পাচক ৰসৰ প্ৰভাৱৰ বাবে বিচূৰ্ণ হয়? সেইবাবেই থু খেকাৰ ৰ পৰা সকলোৱে ( আতি কম থাইত হলেও যত ভাইৰাচ কালচাৰ কৰাৰ সুবিধা আছে ) ভাইৰাচতো জীবন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ 
মুল কথালৈ আহো ভৰলু নদীত ক’ৰণাৰ RNA কৰ পৰা আহিল , নিশ্চয় শৌচৰ পৰা৷  তাক লৈ ক’ৰণা সংক্ৰমিত বেচিকৈ হ’ব বুলি উদ্দিগ্ন হব লাগে নেকি?   নালাগে ওপৰত উল্লেখিত কৰাৰ কাৰনে ৷ 
কিনতু ই ভাল কথা নেকি ? নহয়
কিন্তু ভৰলুৰ পানী ভাল নে বেয়া জানীবলৈ আমি RT-PCR কৰিব লাগে নেকি ? চকু মেলি চালেই গম পাম যে নদীত চহৰৰ বেচিভাগৰে  শৌচৰ পানীবোৰ প্ৰবাহিত হৈছে , আৰু দূখৰ কথা যে সেই পানীয়ে বহুতৰে খোৱাপানী কলুশিত কৰাৰ সম্ভাবনাই নহয় , নিৰ্ঘাত কথা৷

গতিকে ইয়াৰ পৰা কৰণা (মানে SARS-CoV2 নামৰ ভাইৰাচতো যি বহুতকে COVID-19 বেমাৰ কৰিব পাৰে) সংক্ৰমণৰ শংকা কম যদিও তাতকৈ বহু বেছি ঘাটক সক্ষমতা থকা -কলেৰা , টাইটড, জনদিচ আদি হাজাৰবিধ অনুজীৱৰ কিন্তু কোনো  লেউলেৱাই ৰখি আছে৷ 

Monday, 17 June 2019

আবু





স্বাধীনতাৰ আগৰ অবিভক্ত কামৰূপ জিলাৰ বিশাল ব্রহ্মপুত্রৰ বিখ্যাত তাৰাবাৰীৰ ঘাটৰ এক চহকী ব্যবসায়ী পৰিয়ালত জন্ম গ্রহণ কৰা আইতাৰ মুখত তাৰাবাৰীৰ ঘাটৰ জাহাজৰ উকি ,চাহাব তথা দেশীয় সাউদৰ লঙ্গৰ , ব্রহ্মপুত্রৰ ধৌ আৰু বানপানীত সতুৰি পাৰ হোৱা কথাই সৌ কাহানীবাই ব্রহ্মপুত্রৰ বুকুত অধুনালুপ্ত হোৱা উন্নত অসমীয়া চহৰ তাৰাবাৰীৰ স্মৃতি সজীৱ কৰি ৰাইছিল। সেই তাৰাবাৰীৰ ঘাটত সতোৰাৰ অভ্যাসেৰেই আৰু উদ্দমৰ বাবেই সত্তৰ বছৰ বয়সতো পুখুৰীত পিছলি পৰা নাতিক সাতুৰি উদ্ধাৰ কৰা বা হৰিদ্বাৰৰ গঙ্গাৰ ঘাট বা পুৰীৰ সমুদ্রত সাতুৰি সাতুৰিও পৰিয়াল তথা সমুহ ৰাইজক আচর্য্যস্তম্ভিত কৰিছিল। কেইবাদশক যুৰি বিয়া সমুহত তাহানীৰ বহু পুৰণি বিয়ানাম লগাই সতেজ পৰিবেশ সৃষ্টি কৰাবাবেও তেখেতক সকলোৱে মনত পেলাব।   
পৰবর্তিকালত বৰপেটা জিলাৰ নগাওঁৰ সম্ভ্রান্ত চৌধুৰী  পৰিয়ালত বিবাহ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্রামৰ বহু গুৰুত্তপুর্ণ মুহুর্ত সক্রিয়ভাবে প্রত্যক্ষ কৰিছিল। স্বামী প্রয়াত হৃদয়ানন্দ চৌধুৰী  আৰু বৰজনা মহেন্দ্র মোহন চৌধুৰী ৰ (পাছত মুখ্যমন্ত্রী অসম) স্বাধিনতা আন্দোলনত সক্রিয়ভাবে অংশগ্রহন কৰাৰ বাবে ঘৰলৈ অসমৰ প্রায় সকলো আগশাৰীৰ স্বাধিনতা সংগ্রামীৰ আহজাহ আছিল আৰু স্বাধীনোত্তৰ কালত নগাওঁ অঞ্চলৰ শিক্ষা ,চিকিৎসা ,বাট পথ আদি প্রতিস্থাপিত কৰাৰ ঘৰখনৰ সামূহিক অৰিহনাৰ স্বাক্ষৰ তেওঁৰ বিস্ত্রিত জীৱনৰাসিয়ে বহন কৰিছিল।  ইয়াৰ উপৰিও অঞ্চলটোত হিন্দু মুছলমান আৰু সকলো জনগোষ্টীয় লোকেই বসবাস কৰা স্বত্তেও অঞ্চলটোৰ একতা আৰু শৈক্ষিক পৰিবেশ গঠনত আগভাগ লোৱা স্বামী হৃদয়ান্নদ চৌধুৰী ৰ মৃত্যুৰ পিছত অঞ্চলতোৰ সেই উন্নতি আৰু একতাৰ ধাৰাতো অব্যাহত ৰাখিবলৈ নিষ্ঠাৰে চেষ্টা কৰিছিল। বৰপেটা নগাওঁৰ ৰাস মন্দিৰ আৰু ৰাস উৎসবৰ সমুহ ৰাইজৰ সফলভাবে উমৈহতিয়া অংশগ্রহনতো তেখেতে আগভাগ লৈছিল।
যোৱা ২৩ জুলাই,২০১৯ সোমবাৰে বৰপেটা জিলাৰ নগাওঁত আমাৰ আইতা গুণৱালা চৌধুৰীৰ বার্ধক্যজনিত কাৰণত মৃত্যু ঘটে। অঞ্চলটোৰ নৱপ্রজন্ম তথা ভাৰতৰ ভিন্নপ্রান্তত থিতাপি লোৱা পৰিয়ালৰ সদস্য সমুহৰ বাবে অসমৰ বহু ঐতিহাসিক সন্ধিক্ষনৰ স্বাক্ষৰ বহন কৰা তেখেতৰ জীৱনৰ স্মৃতিৰ উৎসও আমাৰ আগৰ পৰা নোহোৱা হৈ পৰিল।     

ন দশকযোৰা সজীৱ স্মৃতিৰ পিছত পৰলোক প্রাপ্তি ঘটাৰ পিছত সেই সফল ধাৰা অব্যাহত কৰাৰ গুৰু দায়িত্ব অঞ্চলটোৰ তথা পৰিয়ালৰ নবপ্রজন্মৰ হাতত আহি পৰিছে।