পডকাষ্ট কি তাক লৈ বন্ধুমহলত বেছিভাগেই সোধা বাবে জনাইছো যে ই এটা শ্ৰব্য মাধ্যম ৷ মানে ধৰক ব্যক্তিগত ই ৰেডিও ষ্টেশ্বন ৷ You Tube Channel বুলিয়েই ধৰক ৷ কিন্তু এয়া শ্ৰব্য মাধ্যম , শুনিবহে পাৰিব ৷ গতিকে চকু কেইতাই অলপ আৰাম পায় আৰু লগতে আপুনি কৰি থকা কামতোও (পঢ়া, গাড়ী চলোৱা, ভাত ৰন্ধা ইত্যাদি ) ব্যাঘাত নহয়৷ সেইবাবে বহুতেই তাক শুনিবলৈ, পৰিবেশন কৰিবলৈ ধৰিছে৷ গান, কথা, সাহিত্য, গল্প , ৰেচিপি , নিজৰ ধোল , সাক্ষাৎকাৰ , আলোচনা চ’ব শুনিব পাৰি ৷ You Tube ৰ লগত থকা আনতো পাৰ্থক্য হল যে একে পডকাষ্ট বহুত APP ,ৱেবচাইতত উপলব্ধ হব পাৰে যেনে ধৰক Spotify , Apllepodcast Googlepodcast, Anchor ইত্যাদি ,যেনে ধৰক বিবিধ ভাৰতীৰ গীতমালা গুৱাহাটী, ইম্ফল , দিল্লী ৰেডিওৰ পৰা একেলগা শুনা ৷ বেছিসংখ্যক পডকাষ্ট বিনামুলীয়া৷
এটা দিন আছিল যে কেবল টিভিৰ দৰে এটা World space radio বুলি এটা ৰেডিও চাৰ্ভিচ, আৰু আমি এনে interestingমাধ্যমত আগ্ৰহী আছিলো বাবে খৰচ কৰি হলেও ভাল content ৰ বাবে তাৰ গ্ৰাহক আছিলো৷ কিন্তু -Video Killed the Radio girl … World space radio বৰ্তিব নোৱাৰিলে ৷
কিন্তু তাৰ প্ৰায় পাচ- দহ বছৰ মান পিছত পডকাষ্ট তেনে ৰুচিৰ মানুহৰ বাবে জনপ্ৰিয় হৈ পৰিল
আগ্ৰহ আৰু creative খজুৱটীৰ বাবেই এটা #অন্বেষন বুলি অসমীয়া পোডকাষ্ট খুলিছো, কামৰ হেছাত সিমান সময় পোৱা নাই যদিও খজুৱাইছে যেতিয়া উপাই নাই ৷ বিষয় হিচাপে আনৰ কিছুমান interesting কাম ৷
অসমীয়াত পডকাষ্ট আছে যদিও ভিন্নতা কম ,সেয়ে ই খুলিছিলো #অন্বেষন
অসমীয়া কথা , অসমৰ কথা , তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় , ভাবিবলৈ সময় নহয় , পাৰিলে নিজৰ ধোল নবজাও কাৰণ পৃথিৱীত বহূ মানুহেই বহু ভাল কাম কৰি আছে , সেইবিলাকৰ বিষয়েওতো আলোছনা হব লাগে
আপোনাৰো যদি কিবা কৱ লগিয়া আছে মোৰ ইমেইলত যোগাযোগ কৰিব-
যি সকল ৰাইজ পডকাষ্ট মাধ্যমতোৰ বিষয়ে জানে তেওলোকে তলৰ লিঙকত সংযোগ কৰি #অন্বেষন শুনিব পাৰে
No comments:
Post a Comment