আজি কিছুদিন ধৰি এখন নাটকৰ সম্ৰাট এজনৰ কথা খুব মনত পৰি আছে , অভিনেতা নাট্যকাৰ উৎপল দত্তই লিখা নাটক এখনৰ৷ মোৰ মনত আছে সম্ৰাটৰ দেশত এজন শিক্ষকে শিকাই ফুৰিছিল যে পৃথিৱী চেপেটা, পৃথিবী সূৰ্য্যৰ চাৰিওফালে ঘুৰে , ৰজাই শিক্ষকজন মাতি পঠিয়ালে , কথা পাতি ৰজাই ধৰিবও পাৰিলে যে শিক্ষকজনে সচাঁ কথা কৈছে৷ কিন্তু সত্য প্ৰচাৰ হলে প্ৰচলিত বহু ব্যৱস্থা ইফাল সিফাল হৈ পৰিব , গতিকে ৰজাই প্ৰজাৰ সমুখত প্ৰমাণ কৰি দিলে যে শিক্ষকজনে মিছা কথা প্ৰচাৰ কৰি আছিল৷ কেনেকৈ কি একো মনত নাই৷ ২০০৭ চনত নতুন দিল্লীৰ NSD প্ৰাঙ্গণত নাটক চাব যাওঁতে সমুখৰ ষ্টলত কিনিছিলোঁ Modern Indian Plays -Volume 3 (KN Kaushal)৷ হাবিব তনভিৰ , ৰতন থ্যাম ,অৰুণ শৰ্মা আদিৰ ভালেখিনি ভাল নাটক আছিল , পঢ়ি ভালো লাগিছিল ৷ তাৰ পিছত আজি পোন্ধৰ বছৰ পিছত ভিতৰৰ কথাবোৰ বৰ এটা মনত নাই ৷
কিন্তু সেই বুদ্ধিমান সম্ৰাটজনৰ কথা ইমানেই মনত পৰিব ধৰিলে যে কিতাপখন আকৌ মেলি ল’লো ৷ যদিও এই পোন্ধৰ বছৰ উত্তৰ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি ফুৰিছো কিতাপখন একো ক্ষতি নোহোৱাকৈ লগতে আছিল ৷
নাটকৰ নাম সূৰ্য্য চিকাৰ (#Hunting the Sun ), উৎপল দত্তই লিখা৷
( মেলিনিয়েল বহুতে তেওঁক কমেডি হিন্দী চিনেমাৰ অভিনেতা হিচাপে জানিলেও এই কথা কৈ থওঁ যে তেও এজন শেক্সপিয়াৰৰ নাটকৰ পণ্ডিত, মৌলিক নাট্যকাৰ ,নাট্য কৰ্মী আৰু বহু কিবা -কিবি আছিল)
সম্ৰাট জন আছিল সমুদ্ৰ গুপ্ত আৰু পটভূমি অযোধ্যা , এজন বুদ্ধ ভিক্ষু তথা শিক্ষক কালহানে প্ৰচাৰ কৰি ফুৰিছিল যে পৃথিবী ঘুৰনীয়া, তেওঁৰ জনপ্ৰিয়তাই সাম্ৰাজ্যৰ মুধাফুটা সকলক বিবুদ্ধিত পেলাইছিল৷ এই কথা সত্য বুলি প্ৰমাণিত হলে ধৰ্মীয় সংস্থা সমূহ, ভৃত্য আৰু মালিকৰ দুৰন্ত আৰু দেশৰ ওপৰত তেওঁলোকৰ অধিকাৰ সকলো বিধ্বস্ত হৈ পৰিব ৷ সেইবাবে ৰজাৰ কৰ্মচাৰী সকল আনহাতে ৰজা সমুদ্ৰ গুপ্ত বুদ্ধ ভিক্ষু সকলক কৰা দান দক্ষিণাৰ বাবে বিখ্যাত ৷ আন এটা সমস্যা হল দাস সকলক লৈ ৷ দেশখন চলে এক বুজন সংখ্যক শ্ৰমৰত দাসৰ ভৰষাত ৷ কিন্তু বহু দাস এই ভিক্ষু কালহানৰ নাস্তিক বিচাৰৰ দ্বাৰা আকৃষ্ট হৈছে যাক বাঢ়িবলৈ দিলে নিশ্চয় এক গণ বিদ্ৰোহ হব ৷ আনহাতে ৰাজকৰ্মচাৰী সকল ৰজাক লৈও সন্দিহান -ৰজাই দাস সকলৰ দুখ দুৰ্গতি লৈ কবিতা লেখে , আনকি ভিক্ষু কালাহানৰ ব্যভিচাৰী শিক্ষাও সচাঁ বুলি ভবাতো ডাঙৰ কথা নহয়৷ তেনে স্থলত যি কোনো পৰিস্থিতিত তেওঁলোকৰ পানীত হাঁহ নচৰা হোৱা অৱস্থা৷
তেনে এক সময়তে ৰাজাই ভিক্ষু কালাহানক মাতি পঠিয়ালে , ভিক্ষুয়ে তৰ্কৰে প্ৰমাণ কৰিলে যে পৃথিৱী ঘুৰনীয়া ,কিন্তু ৰাজকীয় কৰ্মচাৰী সকলে তাক মানি নল’লে ,আৰু ৰজাক ভিক্ষুক প্ৰাণ দণ্ডৰে দণ্ডিত কৰিবলৈ অনুৰোধ কৰে , কিন্তু ৰজাই দুদিন মান সময়হে খোজে
তাৰ পিছত ভিক্ষুৰ আশ্ৰমৰ আতাইতকৈ জনপ্ৰিয় ছাত্ৰী ইন্দ্ৰানীক গ্ৰেপ্তাৰ কৰি এই হেঁচা প্ৰয়োগ কৰা হয় যে ইন্দ্ৰানীয়ে বিচাৰত এই বুলি কয় যে পৃথিবীখন ঘুৰনীয়া আৰু ভিক্ষু কালহান এজন ধৰ্ষণকাৰি ৷ ইন্দ্ৰানীয়ে মানি নোলোৱাত ভিক্ষু কালাহনক এই খবৰ পঠিওৱা হয় যে তেও মানি লয় যে পৃথিবীখন ঘুৰনীয়া , নহ’লে ইন্দ্ৰানীক হাতীৰে মহতিয়াই হত্যা কৰিব নিৰ্দেশ দিয়া হব ৷ ভিক্ষুজন ব্যথিত হল কিন্তু মানি নল’লে ৷ ফলত তেওঁকো বন্দী বনোৱা হল আৰু ৰজাৰ সেনানীয়ে তেওঁৰ সকলো গ্ৰন্থ জুইত পুৰি সাং কৰে৷
ভিক্ষু কালহান ইন্দ্ৰানী আদি জনপ্ৰিয় বৈজ্ঞানিক আৰু শিক্ষক বন্দী হোৱা কথাই উমি উমি জলি থকা দাস সকলৰ বিদ্ৰোহত অগ্নি প্ৰদান কৰে , কিছু সংখ্যক উচ্চ স্তৰৰ মানুহকো কালাহানৰ ব্যভিচাৰী শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত কৰা যেন সন্দেহ হল৷
তেনেতে ৰজা ঘৰে এগৰাকী অভিসাৰিকাক সৈমান কৰালে যে তেও ৰাজহুৱা ভাৱে স্বীকাৰ কৰিব যে ভিক্ষু কালহান এজন ব্যভিচাৰী ব্যক্তি ,কিন্তু তেনেতে দাসসকলৰ কোনো এক চোৰাংচোৱাই হত্যা কৰে ৷
ইন্দ্ৰানীক হত্যা কৰা হয় হাতীৰে গছকাই৷ আৰু তেনে এক সময়তে ভিক্ষু কালহানৰ ৰাজহুৱা বিচাৰ ৰখা হয় ৷ হাজাৰ হাজাৰ মানুহ গোট খাই আৰু তাকে দেখি ৰাজকৰ্মচাৰী সকল ভয়ত পেপুৱা লাগে ৷
ৰজা সমুদ্ৰ গুপ্ত কিন্তু সমুদ্ৰৰ দৰেই শান্ত আৰু বেপৰোৱা৷
ৰজাই প্ৰজাৰ আগত ভিক্ষু কালহানক প্ৰস্তুত কৰি কয় যে -কালহান মৌন ব্ৰত ধাৰণ কৰিছে যদিও তেও এখন শপত নামা লিখি ৰাইজক জনাইছে যে তেওঁৰ শিক্ষা ভুল আছিল , আচলতে পৃথিৱীখন চেপেটা আৰু ব্ৰহ্মাণ্ডৰ মাজত পৃথিবীখন আছে , তেওঁৰ ভুল শিকনিৰ বাবে তেও অনুতপ্ত৷
ৰজাই ভিক্ষু কালহানক কথা ক’ৱলৈ অনুৰোধ জনায় –
ভিক্ষু কালহানে ক্ষোভেৰে চিঞৰিব খোজে যদিও কোনো মাত নোলায়
খুব সম্ভৱ তেওঁৰ জিভা কাঢ়ি লোৱা হৈছিল , নহ’লে কোনো বিষ পান কৰোৱা হৈছিল ৷
ৰাজ দুন্দুভি বাজিব ধৰে ৷
ৰাজাই ভিক্ষু কালহানক ভগৱানৰ অৱতাৰ বুলি ঘোষিত কৰি তেওঁৰ চৰণ স্পৰ্শ কৰে৷
আকৌ পঢ়িলোঁ এবাৰ নাটক খন , আকৌ ভাবিলোঁ কথাবোৰ ৷ বিশ্বাস এটি- তাক লৈ ভিন্ন জনৰ ভিন্ন স্থিতি ,তৰপ ভেদে সকলো বিভাজিত , কিন্তু সম্ৰাটৰ বিশ্বাস আৰু কৰ্মৰাজিৰ মাষ্টাৰ ষ্ট্ৰোক সাধাৰণ মানুহতকৈ বহু গুণে ওপৰত ৷
No comments:
Post a Comment